• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

10. অসমীয়া ডেকাৰ উক্তি

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

শক্তি পুত্ৰ মই

ভক্তি বুকুত লই

RelatedPosts

Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026

মুক্তি প্ৰয়াসী হই

অৰ্জ্জুন মই, গাণ্ডীবী মই,

ময়েই ধনঞ্জয়— মৃত্যু কৰিছোঁ জয় ;

ময়ে অসমৰ

ময়ে ভাৰতৰ

ময়ে ডেকা ল’ৰা অগ্নিময় ৷

ময়ে ভাৰতৰ নবীন সূৰ্য্য

পূৰ্ব্বাচলত বজাওঁ তূৰ্য্য্

মোৰ পোহৰৰ গানে

আকাশে আকাশে, দেশে মহাদেশে

মুগ্ধ কৰিব আলোক যাত্ৰী

শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি

কৰিম জগত জয়

নবীন সূৰ্য্য মই ৷

উপচি আহিব পোহৰৰ ধল

লুইতৰ দৰে ফেনে – ফোটোকাৰে

ফেনিল শুভ্ৰ জ্যোতি – প্ৰপাতৰ জল ৷

হাতীপটীয়েদি ঐৰাবাটেদি

কত নগৰৰ আলি–গলিয়েদি

কত মেধাবীৰ মহামনীষীৰ

মনৰ মাজেদি

কবীন্দ্ৰ জিনি হ’ম

মহামনীষাৰ মহাসাগৰত ৰ’ম ৷

মই লিখা গানে

আলোকে আলোকে

নতুন বাতৰি কৈ,

আলোকৰ এক মহাসঙ্গীত

তুলিব পৃথিৱীময় ৷

তেজ-মঙহৰ

মাতৃজনাৰ

কোলাত জনম লৈ,

দেশ-জননীৰ মহান কোলাত

লীন হৈ যাওঁ মই ৷

উদয় শৈল-গৰ্ভ বিদাৰি

অৰুণ দীপ্তিময়

ব্যাপে যেনেকৈ

গ্ৰাম-মহাগ্ৰাম

পৃথিৱীময়,

ক্ৰমে ক্ৰমে ক্ৰমে

উঠি উদ্ভাসি

সিঁচি যাওঁ মই

কিৰণৰাশি

ৰঙচুৱা হৈ সন্ধিয়া

সোণালীকৈ ৷

মৃত্যুসাগৰ পাৰ হৈ যাওঁ

নতুন পুৱাৰ নতুন বাতৰি লৈ

নতুনৰ জ্যোতি হৈ,

থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ

জনমে জনমে ঘূৰি ঘূৰি আহোঁ

মোৰ স্বদেশলৈ ৷

ময়েই ধনঞ্জয়—-

ময়ে অসমৰ

ময়ে ভাৰতৰ

ময়ে ডেকা ল’ৰা অগ্নিময় ৷

ময়ে কাৰুকৰ

ময়ে খনিকৰ

ময়েই চিত্ৰকৰ

গঢ়ি যাওঁ মনোহৰ,

সুৰ অপৰূপ

কত নৱৰূপ

ময়েই ৰূপকোঁৱৰ ৷

ময়েই স্বদেশ

ময়েই বিদেশ

মই নানা দেশ

সাতো মহাদেশ

সাতোবাৰ ঘূৰি-ফুৰি,

জ্ঞানৰ মাণিক-মুকুতা আনিম

অঞ্জলি ভৰি ভৰি ৷

কামৰূপা মোৰ

সুৱদিসুৰীয়া

অসমীয়া ভাষা

জগত-সভালৈ যাব,

উজ্জ্বল

সুজ্জ্বল

কহিনুৰ পিন্ধি

হাঁহি জ্যোতিৰূপা হ’ব ৷

ময়ে অসমীয়া

প্ৰাগ্‌জ্যোতিষৰ,

ময়ে অসমীয়া শোণিতপুৰৰ

নবীন যুগৰ

কুমাৰ ভাস্কৰ মই,

ময়ে অসমীয়া শৰাইঘাটৰ

চোকা-তৰোৱাল লওঁ লাচিতৰ,

মোমাইতামুলী গড়

দুৰ্জ্জয় অগ্নিগড় ময়েই

নাই মোৰ সমসৰ ৷

ময়েই খাছীয়া

মই জয়ন্তীয়া

ডফলা-আবৰ-অঁকা,

ময়ে চিংফৌ

ভৈয়ামৰ মিৰি

সোৱণশিৰীয়া ডেকা,

বিজয়ী আহোম কছাৰী-কোঁচৰ

মেছৰ কুমাৰ মই

ৰাজবংশী ৰাভা

কপালত জ্বলে শত গৌৰৱ আভা ৷

মই—

লালুং-চুটিয়া

লুচাই-মিকিৰ-গাৰো,

মিছিমি-খাম্‌তি

নগা-আঙ্গামী বীৰ,

পৰ্ব্বতে-পাহাৰে

জ্বলিছে উচ্চ শিৰ ৷

সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা

চাহ-বাগিচাৰ ময়েই বনুৱা

ন-অসমীয়া মৈমনছিঙীয়া

থলুৱা নেপালী

নৃত্য-কুশলী মণিপুৰীয়া মই ৷

মই—

কত পৰ্ব্বতৰ

কত ভৈয়ামৰ

শত নিজৰাৰ ধাৰ,

হিলদল ভাঙি

ৰৈ আহি আহি

বৰলুইতত

হৈ যাওঁ একাকাৰ ৷

মই—

যন্ত্ৰযুগৰ মোহন মন্ত্ৰ ল’ম

মন-বিমানৰ ময়েই সাৰথি হ’ম,

বিজুলী-ৰথৰ মহাৰথী মই

জীৱনৰ ৰণ্‌জিৎ

বিদাৰিম মই সমাজতন্ত্ৰ

ৰচিম নতুন মানৱ-তন্ত্ৰ

বিজ্ঞান স্বৰ্গজিৎ

মই জ্ঞানৰ ইন্দ্ৰজিৎ

মই ধৰিছোঁ নতুন ৰূপ

জ্বালি নৱজীৱনৰ ধূপ

আলোকৰ শিখা লিখি কপালত

থিয় হলোঁ মই নীলাচলত

অবিচলিত হৈ

অসমীয়া ডেকা মই ৷

আকাশীনেত্ৰে বিশ্বজগত চাই

হুঙ্কাৰি মই ঘোষিলোঁ অধিকাৰ

মই যে শক্তিমান,

তূণ ভৰি ললোঁ দিব্য অস্ত্ৰ

পিন্ধি ললোঁ মই ত্যাগৰ বস্ত্ৰ

সন্ধান মোৰ নহয় ব্যৰ্থ

সব্যসাচি ধৰিলোঁ ধনুৰ্ব্বাণ

ময়েই হিন্দু

ময়েই মুছলমান

ময়েই ন-জোৱান ৷

মোৰ ভগৱান মন্দিৰে-মছ্‌জিদে

ভগৱান মোৰ নামঘৰে ঘৰে

অন্তৰে বাহিৰে,

মোৰ ভগৱান নৈয়ে বনে বনে

গীতা-কোৰাণেৰে, বাইবেলেৰে

কত গ্ৰন্থেৰে মই

সকলো ধৰ্ম্মৰ মৰ্ম্ম

বুকুত লৈ,

প্ৰণমিছোঁ মই

প্ৰাৰ্থনা-নামাজ

লোৱাহে জ্যোতিৰ্ম্ময় !

জয় তোমাৰেই

জয় তোমাৰেই

জয় তোমাৰেই

জয় ৷

Jump to section

10. অসমীয়া ডেকাৰ উক্তি

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 10 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

Holi2
Culture

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

by Tonoy Chakraborty
March 4, 2026
0

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion TONOY CHAKRABORTY The Holi festival, celebrated across India as...

Read moreDetails
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
only one brown cat in meditation in a lonely place

ধ্যানী মেকুৰী, বৰাগী মেকুৰী আদিৰ সাধু

February 4, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d