মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
আৰু দুজনী – নাক জিলিকা চকু টেলেকা
তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী
এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
কথা পাতে টাকুট্ টাকুট্ কুট্
এটাই ক’লে – “পুট্, পুট্, পুট্”
ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ”
মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি।
চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
কোটোক কোটোক ঘোটোক কৰি
ভূত পোৱালি জাপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি
মই, তই যে কৱ –
ভূতে বোলে ল’ৰা ধৰি খায়
পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।
বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে ভয় নাই।
Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir
Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...
Read moreDetails






