• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

43. নৱবিপ্লৱী কবি জাগে

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

প্ৰথম উচ্ছ্বাস :

নৱজীৱনৰ অৰুণ অগ্নিস্নাত

RelatedPosts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

June 19, 2025
শিহু সুৰক্ষা আৰু মিচিং লোককথা

শিহু সুৰক্ষা আৰু মিচিং লোককথা

June 19, 2025
We love life as much as we can

We love life as much as we can

April 30, 2025

নৱবিপ্লৱী কবি জাগে

আলোক আশিস মাগে

আগ্বেয়গিৰি সম—-

ভোহাৰি-বিদাৰি-ভাঙি-বিস্ফোৰি পৃথিৱীৰ গৰ্ভ

জাগে বিদ্ৰোহী কবি উদ্গৰি অগণিত

অগ্নি-স্ফুলিঙ্গ ৷

আকাশ-পৱন জুৰি জুই-ধোঁৱা ধূলি-বালি

সিঁচৰি বিচৰি

দিয়ে জ্বলন্ত অঙ্গ,

বিচ্ছ্বৰি দিশে দিশে

আকাশে আকাশে—

তাৰ শিখা উল্লাস

তাৰ প্ৰিয় দহন-বিলাস ৷

অনাগত পৃথিৱীৰ জীৱনৰ জননীৰূপা

যি মহাপঙ্কই

হিয়াভগা কান্দোনৰে

আউলী-বাউলী হৈ

প্ৰকাশৰ বাবে উদ্বাউলী,

সেই মহাপঙ্কৰ পিয়াহৰ জুই শুহি

কালৰ জলধি ভেদি

অনল কলম সম কৰি উঠি হাঁহি ফুলি

পাহিয়ে পাহিয়ে লিখা সোণজুই-পানীৰে

বিপ্লৱী কবিতাৱলী ৷

শতাব্দী শতাব্দী ধৰি পাৰস্যবাদী

সভ্যতাৰ—

গছকত

খছকত

জহি খহি গৈ,

নিৰাশাৰ পঙ্কত

অনশনত

মৌন মূঁছ-কঁছ হৈ,

সন্ত্ৰাসিত যি জনতা যুগে যুগে

দুখ-বেদনাৰে ভৰা

কাঁইটীয়া

সঙ্কোচৰ লাজুকী বনতে আছে ক্ষীণ

প্ৰাণে শুই ;

তাৰ

ইকৰা পাতেৰে সজা ভগাছিগা

গোঁসাই-ঘৰত

মাটিৰ থাপনাতে

জ্বল মোৰ ফিৰিঙতি

হৈ সোণ-জুই—

তাৰ

তেল নথকা চাকিত

তয়েই শলিতা হৈ জ্বলি থাক, জ্বলি থাক

অনিৰ্ব্বাপিত ৷

অশ্ৰুত অগীত যি ব্যক্তিৰ দুখিতৰ গানে

আলোকৰ ধ্বনি শুনি

প্ৰকাশ বিচাৰি ফুৰি

গুমৰি গুমৰি বুকু ধুনে—

আশাৰ যি অৰচিত ৰাগে

সুৰচিত হুৰত সঞ্চাৰ মাগে,

মুক্তি, মুক্তি বুলি আশাত কৰিছে ঘনে

ৰোহত কামুৰি ওঁঠ

নিচুক নহওঁ বুলি

উচুপি উঠিছে মনে মনে ;

অযোজিত ছন্দই

অনাহক তালে

নৱহিল্লোলে

আনন্দ কম্পনে

উন্মাদ আলোড়নে

ভূমিকম্প আনে

ক্ষণে ক্ষণে

দুৰ্দ্দম গান-সুৰ

অদম্য ছন্দ

অপ্ৰকাশ বেদনাৰে মহাবিক্ষুব্ধ,

মোৰ কণ্ঠ বৃক্ষ ফালি আজি অনিৰুদ্ধ

আজি মহাজাগৰণ প্ৰয়াসী

পূৰ্ণপ্ৰকাশ অভিলাসী ৷

আপোন গানেৰে মই আপুনি মতলীয়া

আপোনাৰ সুৰত বলিআয়

আপুনিয়ে গাঁথি যোৱা ছন্দে-বিছন্দে

জুই-দেওধাই উঠি খলকিছোঁ বিশ্ব মহানন্দে ৷

সুৰত ঝলসিছে বিজুলিৰ দ্যুতি

গানে গানে উন্মেষে প্ৰতিভাৰ জ্যোতি

পাৰ ভাঙো ভাঙো কৰি

সীমান্ত উছলি

হ’ব খোজে কক্ষচ্যুতি ৷

মই অদভূত ছান্দিক

বিচিত্ৰ মাত্ৰিক

ময়ে মহামানৱৰ নৱতম যজ্ঞৰ নৱাগত

অগ্নিহোত্ৰী

কেন্দ্ৰীভূত য’ত

সমাগত

অলিখিত

গানৰ দীপনেৰে সুৰৰ জ্বলনেৰে

সুন্দৰ স্ফুটনেৰে ভাব পীড়নেৰে দু:খৰ দহনেৰে

দহি দহি জ্বলি পুৰি

জ্বালামুখী কবি মই অশ্ৰুত কীৰ্ত্তি ৷

দ্বিতীয় উচ্ছ্বাস :

নৱবিপ্লৱী কবি জাগে

আগ্নেয়গিৰি সম

আপোনাৰ জ্যোতিৰেই আপুনি উদ্ভাসে

আপোনাৰে বুকু ফালি

দিয়ে ঢালি

কবিতাৰ বান—

ছন্দ-বৰ্ণ-সুৰ-লয়-তান

গান

তপত তেজৰ দৰে বৈ যায়

লগে লগে লৈ যায়

ফুটন্ত প্ৰাণ

সঞ্জীৱনৰ অভিযান ৷

পৃথিৱীৰ গৰ্ভত

গলিত সোণৰ আছে তপ্ত সাগৰ,

তাতে জহিখহি গৈ উতলি

উতলি আছে

অতীতৰ সভ্যতাৰ

কনক নগৰ ;

হীৰা-মণি-মুকুতাও

গলি পমি আছে তাতে

আছে কীৰ্ত্তি মাৰ যোৱা

যত দানৱৰ

যক্ষৰ, ৰক্ষৰ,

দেৱতা, অসুৰৰ

আৰু

মানৱৰ ;

কত ভাব, কত ভাষা

আশা-নিৰাশা

কলিতে মৰহি যোৱা নুফুলা পাহি,

অকালতে চকু মুদা অকুমাৰী

ৰূপহীৰ নুফুটা হাঁহি,

মেল খোৱা মনীষাৰ প্ৰতীভাৰ

বাজোঁ কি নাবাজোঁতে

নহাকৈয়ে উভতিলে

কিবাৰ অভিমানেৰে

সি সুৰ বাণী

সাজোঁতেই ভাগি যোৱা যতবোৰ

প্ৰথিৱীৰ নবজোৱা বাঁহী ;

হাঁহিবলে’, মাতিবলে’, ফুলিবলে’, নাচিবলে’

নৱ নৱ ভঙ্গে ধেমালি খেলিবলে’

বিকাশত প্ৰকাশিবলে’

আলোকৰ চুম্বন

স্পৰ্শন মাগি

সৃষ্টিৰ পুলকত অবগাহি ;

আলোকৰ বিৰহত

আধাফুটা সৃষ্টিয়ে

কান্দি শুই আছিলে যি মাটিৰ বুকত

জীৱনৰ অধিকাৰ

বিচাৰে আহি ৷

লক্ষ বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত

ছাঁৰ আন্ধাৰত

যি প্ৰাণীয়ে তেল আৰু

শলিতা যোগায়

এদিনলে’ প্ৰদীপৰ পোহৰ নাপায়,

গছাৰ তলৰ সেই শিল-ধূলি-

বালিতেই

জীৱনৰ বিননি বিনায়

জীৱনৰ প্ৰকাশ নাপায়

উপজি পচি মৰি যায়,

জেকা কেলুকীয়া তাৰ

শেলুকীয়া বোকাতেই

জহি পচি যায়

ৰ’দৰ নেদেখা মুখ অৰণ্য-গৰ্ভৰ

ওখ বন-বিটপীৰ

ঢাক খাই

উশাহ নাপায়

মৰি যোৱা উদ্ভিদপ্ৰায় ৷

মোৰ কবিতাই

সিহঁতৰ কান্দোনৰ ৰোল শুনি

তালৈকে যায়,

বিভৎস সি দিঠকত

ছন্দ হেৰুৱাই,

থোকাথুকিকৈ

বেদনাৰ পীড়নত

বেসুৰীয়া সুৰত

ইনাই বিনায় ৷

বিকৃত ছন্দত

বিকৃত জীৱনৰ

জ্বলিছে স্বৰূপ

মহত্ত্বাভিমানীক কৰি বিদ্ৰূপ ৷

ফুলৰাণী কবিতাই

ফুল-মালা ছিঙি-ভাঙি

সোণ-হীৰা-কেৰুমণি

দলিয়াই—

হ’গৈ আতুৰা সেৱিকা,

লীলায়িত ছন্দ এৰি থৈ গঢ়ি ল’লে

নৱতম ছন্দ বাস্তাৱিকা ৷

সেই মন্বন্তৰৰ যত

সঞ্চিত অপূৰণ প্ৰকাশৰ আশা

অতৃপ্ত কামনাই

অলব্ধ কামনাই

অশ্ৰুসীমিত বেদনাই সমাধান

বিচাৰিছে

নিষ্পেষিতৰ আজি মহাসমস্যাই

প্ৰচণ্ড বজ্ৰ হানি বিচাৰিছে ভাষা

সেইহে জাগিছে যত

মোৰ কণ্ঠ উচ্ছলি—

আগ্নেয়গিৰি গৰ্ভ সমুত্থিত

লেলিহান শিখা সমান ৷

আজি মোৰ গন্ধকগন্ধা আগ্ন্যুৎপাৎ

পৃথিৱীৰ উৎকট অবিচাৰ

বীভৎস অন্যায়

ধুই লৈ যাওক সেই বহ্নি-বন্যাই,

তলাতল, দ্বিতল

সপ্তবিংশতল

পাৰস্যবাদীৰ

অন্দৰমহল

ইঙ্গিততে হোক ভস্মসাৎ ৷

শৃঙ্খলিত যত

মানৱীয় অধিকা হৃত

আলোকৰ পৰা বঞ্চিত

জীৱনৰ মন্থনত উঠা অমৃতৰ

গোন্ধতো নাপায়

কেৱল বিষকে খায়,

বিষাক্ত ৰাগীতে জৰ্জ্জৰিত

সেই কণ্ঠ ৰুদ্ধ য’ত

ভাৰবাহী জনতাৰ ;

বৃত্ৰাসুৰীয় সভ্যতাৰ

নিষ্ঠুৰ আঘাতত

মূৰ্চ্ছা হৈ পৰি থকা

হৃদয়ৰ দেৱতাই

ইন্দ্ৰই—

আজি জন-দধীচিৰ অস্থি-বজ্ৰ লৈ

সঞ্জীৱিত হৈ

জিনি জয় মহত্বৰ

অসুৰক কৰক নিপাত

দানৱীয় অধিকাৰ কৰি উৎখাৎ ৷

নতুন বেলিয়ে আজি

নতুন পোহৰ দি

উজ্বলায় নৱধৰিত্ৰী,

নৱ জনজীৱনৰ

জাগিছে নবীন বেদ

ঝঙ্কৃত দেশে দেশে নতুন গায়ত্ৰী

নতুন সুৰৰে গা নৱনিৰ্ম্মিত সাম-গান ৷

তৃতীয় উচ্ছ্বাস :

নৱবিপ্লৱী কবি জাগে

বাস্তৱ সত্য চাবলৈ

গাবলৈ অভিনৱ দৃষ্টি মাগে,

আগ্নেয়গিৰি সম

উদ্ভটি, উদ্গাৰি আন্ধাৰত কান্দি থকা

দলিতৰ, শোষিতৰ কাহিনী—

তিতিক্ষাচ্যুত হৈ আহে যত

উগ্ৰ বুভুক্ষাত জ্বলিপুৰি ডেই যোৱা

জীয়াতে মৰি থাকি

প্ৰেত হোৱা কাহিনী ৷

সিহঁতৰ ক্ষত-বিক্ষত যত অঙ্গৰ

বৈ আহে ৰক্ত-নিঝৰ্ৰ,

আচম্বিতে মোৰ

কবিতাৰ ফুলনিলে’

সেই তপ্ত তেজত তিয়াই,

মোৰ এই লেখনীৰে

লিখি যাওঁ ৰক্তলেখা—

তাতে ঢৌ খেলি যায়—

আজি নৱ-প্ৰভাতৰ জ্যোতি-শিখা ৷

Jump to section

43. নৱবিপ্লৱী কবি জাগে

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 43 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত
Poetry

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

by Editor
June 19, 2025
0

বিষ্ণু ৰাভা,আজি জালিকটা ৰ’দ তোমাৰ ছবিত বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত বিষ্ণু ৰাভা, মাটিৰে সাজি...

Read moreDetails
শিহু সুৰক্ষা আৰু মিচিং লোককথা

শিহু সুৰক্ষা আৰু মিচিং লোককথা

June 19, 2025
We love life as much as we can

We love life as much as we can

April 30, 2025
নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

April 27, 2025
এইবোৰ ভাবি চাবৰ ব’হাগে বতৰ কিজানি!

এইবোৰ ভাবি চাবৰ ব’হাগে বতৰ কিজানি!

April 21, 2025
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 15, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12778 shares
    Share 5111 Tweet 3194
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    596 shares
    Share 238 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1608 shares
    Share 643 Tweet 402
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1278 shares
    Share 511 Tweet 320
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3224 shares
    Share 1290 Tweet 806
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5661 shares
    Share 2264 Tweet 1415
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2249 shares
    Share 900 Tweet 562
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    206 shares
    Share 82 Tweet 52
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d