• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, December 11, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

44. ফুলিবলে’ পোৱা হ’লে !

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

(মৰমৰ ভাই অৰুণৰ মৃত্যুত)
(১)
সংসাৰৰ বিচিত্ৰ মহিমা

কেনেকৈনো বুজোঁ বাৰু !
মৰমৰ ভাই তোক সিদিনাহে দেখা,

RelatedPosts

‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025

পুনু কাহানিকে’ তোক লগ পাম বুলি

নৌ ভাবোঁতেই
দুয়োৰে মাজতে আঁকি দিলে বিধাতাই

নেপাবলৈ দেখা তোৰ মৰমৰ মুখখনি

নিদাৰুণ হিয়াভগা মৰণৰ ঘোৰ ক’লা ৰেখা,

এই জীৱনত আৰু ক’ত পাম দেখা !!

জীৱনত মাধুৰী বিলাই
অন্তৰত মৰম সুমাই
গঢ়িছিল সুশোভন ভ্ৰাতৃ-প্ৰণয় মন্দিৰ

স্নেহৰ মহীৰে তাত অলঙ্কাৰ লিখা

গুচি গ’ল কিয় বাৰু ?
দিগন্তৰ পোহৰৰ স’তে মিলিবলে’

ৰাখি ই কৰুণ স্মৃতি,
আৰু মাথোঁ অৰুণ নামটি তোৰ

অন্তৰত মোৰ,
উজ্জ্বল দীপিতিমান

মৰম ভাষাৰে পূৰ

শুভ্ৰ পুণ্যলিখা
ভাই তোক সিদিনাহে দেখা

হলি মোৰ ! বিধাতাৰ কিনো ভাগ্যলিখা ৷

প্ৰাণত জ্বলিছে বন্ধু ! অসহনি ব্যথা মোৰ

সহোঁ কেনেকৈ মই, সহোঁ কেনেকৈ ?
চকুত উপচি মোৰ পৰিছে শতধা লো

ৰাখোঁ কেনেকৈ মই, ৰাখোঁ কেনেকৈ ?
মনত গুমৰি মোৰ উঠিছে কৰুণ স্মৃতি

হিয়াত কৰিছে শোকে তাণ্ডৱ নৰ্ত্তন,
তোৰ ছবিয়ে মোৰ কল্পনা কৰিছে ৰুদ্ধ

ধুঁৱলি-কুঁৱলি দেখোঁ গোটেই ভুৱন ৷
মনে মনে থাকিলে উচুপি

শোকেই গ’লে ডেইপুৰি
তোক আৰু নাপাওঁ ঘূৰাই,
এই কথাকে মই নুবুজোঁ দেখোন ঐ

কোনে বাৰু দিবনো বুজাই ?
দেখিছনে তই বাৰু কেনেকৈ মই

বহি আছোঁ উৰুঙা হিয়াৰে
আমন-জিমনকৈ লগৰীয়া হেৰুৱাই,
ফুৰিছনে তই বাৰু কাষে কাষে মোৰ

বতাহৰ মাজে মাজে লুকাই লুকাই ?
হে চিৰ নীৰৱ প্ৰিয় !
হে চিৰ মৌন বন্ধু !
হে চিৰকুমাৰ
চিৰঅভিমানী মোৰ
মৰমৰ ভাই !
এদিন আছিলোঁ আমি

থাকিম অ’ চিৰদিনলৈ
গঁথা দুয়ো হিয়াই হিয়াই
অ’ মোৰ সোণামুৱা ভাই ৷
প্ৰণয়-অঙ্কুৰ কলি অন্তৰত মোৰ

ফুলিছে দুকুল ভৰি
স্মৃতিৰ সৌৰভপূৰ্ণ ফুল বিতোপন,
দিনৰ দিনটো মই ৰেণুৰ সৌৰভ সানো

গোটেই অঙ্গতে মোৰ
মোৰ জীৱনত তোৰ স্মৃতি সুশোভন !
প্ৰাণে মাথোঁ কান্দি উঠে আকুলি-বিকুলিকৈ

সোণ মোৰ কেতিয়ানো দিবি দৰিশন ;
স্মৃতিৰ সুৰভিবোৰে অন্তৰ দেশত

বিয়পি ফুৰিছে অই অলেখ যোজন ৷
কি স্নিগ্ধ কৰুণাভৰা অশ্ৰুমালা

কৰিছে সৃজন,
উত্তপ্ত প্ৰাণত মোৰ বৰষিছে কাৰুণ্যৰ

শান্তিয়নী পানী
বৰষিব গোটেই জীৱন ,
জোন- বেলি থাকে মানে

নিছিগক
তোৰে মোৰে মধুৰ বন্ধন ৷
কিয় সানি দিলি বন্ধু !

জীৱনত কৰুণতা
কিয় জ্বালি গ’লি বাৰু নীলা জুইকুৰা !

কি মধুৰ দহন বন্ধু কৰি গলি দান ,
ভাল পাওঁ বুলিয়েনো দিলি তই এনে ব্যথা

তোৰ ইনো কেনে অভিমান !!
কোন দিনা কোন জনমত

কোন দিনা কোন ভুৱনত

কোন দিনা দিবি মোক দেখা …
চিৰনীৰৱ কণ্ঠৰ তোৰ

নীৰৱতা ভাঙি বাৰু
কোন দিনা পাতিবিনো কথা ?
গুচাবি কাহানি বাৰু হিয়াত গুমৰি থকা

অসহনি ব্যথা ….
কোন কাহানিনো কবি কথা !

কালৰ সোঁতত উটি

সাগৰ-বননি পাৰ হৈ
সুদূৰ প্ৰবাসী মই
দূৰ প্ৰবাসত আহি পাতিলোঁ থানিকা ,
কেনেকৈনো পাহৰিম
তোৰ সি চকুলোধাৰি
দুগালেদি বোৱা
অ’ সোণামুৱা !
সেই দিনা বিদায়ৰ দিনা ,

সেই দিনা সন্ধিয়া বেলিকা ৷
হে প্ৰিয় ! আজি তই কোন আলোকত ,

জ্যোতিৰ্ম্ময় সবিতাৰ
বিশ্ব ঢৌৱাই নিয়া
কিৰণৰ ঢৌৱে ঢৌৱে
নৃত্য তই কৰিছনে বাৰু হৰষত ?
সূৰুযৰ সতে তই আহ নেকি

দিনৌ দিনৌ ,
চাবলৈ পুৰণি পৃথিৱীখনি

পিবলৈ কৰুণাৰ মউ
আহ নেকি দিনৌ দিনৌ ?
সৌৱা নীলা সাগৰৰ বহল বুকত

বেলিৰ পোহৰে আহি

কৰিছে ধেমালি ,
সৌৱা প্ৰৱালৰ দ্বীপে সাগৰত

পাতে দীপাৱলী ,
সাগৰতলিত সেই জিলিকিছে

মুকুতাৰ মণি ,
দীপ্তিৰ পোহৰ মেলি
মাণিকৰ তাতে খেলিমেলি
আহিছনে চাবলৈ তাৰে ধেমালি ?

(২)

ফুল মাজত তই নিজকে আৱৰি

নন্দনৰ পাৰিজাত গোট গাৱে আঁৰি ,
দেৱতা বিহৰা বন তোৰে ঘৰ-বাৰী

ভাও তই দিছ নেকি হই বনমালী ,

লগৰীয়া হ’ল তোৰ দেৱতাৰ

ল’ৰা-ছোৱালী ৷
যা বন্ধু ! পূৰ্ণ হোক ইচ্ছা তোৰ

গুচক পিয়াহ ঘোৰ ৷
মোৰ সপোনৰ কথা

তোলে’ হ’ল মুকলি দিঠক ,
মই কিন্তু ভ্ৰমি ভ্ৰমি দেশ-দেশান্তৰ

অচিনাকি মানুহৰ কাণে কাণে ক’ম ,
আহিলহেঁতেন সি সৰু ভাই মোৰ

চাবলৈ তহঁতক
তই অভিমান কৰি এৰি যোৱা জগতক ৷

পাহৰিব নোৱাৰোঁ অঁ তোক

তয়ো যেন নেপাহৰ মোক

মনত পেলাই তোৰ

মৰতৰ মৰম সাচোঁতাটিক ৷
সপোনত কৰিহি অ’

মৰমৰ কথা
পাহৰাই শোক ,
য’তেই বিহৰ তই

আহিবি মাজে মাজে তই
মুহূৰ্ত্তলৈ এৰি দিব্যলোক ৷
চাই ফুৰোঁতেই তই

বিশ্বব্ৰহ্মাণ্ডৰ
গ্ৰহে গ্ৰহে তৰাই তৰাই ,
আনিবি অ’ কাকতৰ টোপোলাটি

ভৰাই ভৰাই ,
নানান নৱীন বিৱৰণ

শুনি শুনি হ’ম মই তেনেই বিভোল ৷

আৰু তই আনিবি অ’ তোৰ

টোকাৰীৰ তাঁৰত সুমাই
অভিনৱ বিচিত্ৰ দেৱাসুৰৰ কল্লোল ,
বোৱাবিহি প্ৰাণত এদিন

সেই চিৰশ্ৰুতি-মনোহৰ
ফটিকৰ শুভ্ৰ সঙ্গীতৰ জোল ৷
কল্পনাতে মাথোঁ মই শুনিব

পাৰিছোঁ অ’
সেই মহাসঙ্গীতৰ ৰোল !
আছিল সি পদুমৰ কলি,
সেউজীয়া বনৰ মাজৰ
দূৰ-সলিলত
ক’ৰবাত সুৰভি দিবলে’
ক’ৰবাত ফুলিবলে’
ক’ৰবাত হাঁহিবলে’ গুচি গ’লগৈ ৷
আধাফুটা হাঁহিৰে সি
কৈছিল মিচিকি কিচিকি
সময় আহিলে মই ফুলিম আপুনি
সুৰভি বিলাই যাম মাততে মই ৷
কোনোবা স্বৰ্গৰ দেৱীৰ

বুকুৰ মালাৰে সিবা
চিৰ-আমৰণ কোনো বিতোপন ফুল

নাই তাৰ তুল ,
দেৱী আহি পৃথিৱীলে’ চাওঁতেই

ছাঁয়াবাজী
কোনোবা সৰি যোৱা ফুল ৷
সেইহে হবলা মনত পৰোঁতে পুনু

হঠাতে এদিন আহি
নৌ ফুলোঁতেই ,
য’ৰ বস্তু ত’লে বুলি

আলফুলকৈ লৈ গ’লগৈ ,
ফুলিবলে’ পোৱা হ’লে
বোৱালেহেঁতেন সি
সুৰভিৰ নৈ ৷ *

[* “ ৺ অৰুণকুমাৰ আগৰৱালা কবিৰ বৰদেউতাক, ‘প্ৰতিমা’ৰ খনিকৰ চন্দ্ৰকুমাৰ মাজুপুতেক ৷ এওঁ অকালতে আত্মঘাতী হৈ জীৱন-লীলা সামৰে ৷ জ্যোতিপ্ৰসাদ ৰচিত ‘চন্দ্ৰকুমাৰ’ গ্ৰন্থ দ্ৰষ্টব্য ৷” ]

Jump to section

44. ফুলিবলে’ পোৱা হ’লে !

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 44 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

‘কা’: মই লিখিম কাৰ নাম?
Poetry

‘কা’: মই লিখিম কাৰ নাম?

by Anjan Sarma
December 9, 2025
0

'কা': মই লিখিম কাৰ নাম? অঞ্জন শৰ্মা কংগ্ৰেছৰ দিনত 'আই-এম-ডি-টি' জাপি দিওতেতুমি চীৎকাৰ কৰিছিলা অসমৰ পৰা অবৈধ বিদেশী ধৰ্ম নিৰ্বিশেষেবহিষ্কাৰ...

Read moreDetails
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

October 19, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 28, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

September 23, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d