• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

63. লাচিতৰ আহ্বান

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

সৌৱা—

শৰাইঘাট ;

প্ৰশস্ত

নিমাত ।

ৰামসিংহ বীৰ

বিজয়ৰ গৰৱেৰে উন্নত শিৰ,

পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ

লৈ আহে

দম্ভালি দম্ভালি

ভাৰতবিজয়ী অভিযান ।

অলৰ-অচৰ মোৰ

বজ্ৰপাথৰ

অস্থিত আহি আহি হানিছে আঘাত

প্ৰতিঘাত পাই

হতবীৰ্য্য সিংহ সম

যায়

শতমুখে অসমীয়া যুঁজাৰুৰ

গৌৰৱ গায় ।

সৌৱা—

মোৰ নীলাচল সম

বুকুৰ পটাত

অস্ত্ৰাঘাত ব্যৰ্থ হ’ল,

সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ

বিজয়ীবাহিনী উৎখাৎ ।

সৌৱা—

শৰাইঘাট,

প্ৰশস্ত

নিমাত ।

নিমাত ? নিমাত ? নহয় নিমাত,

দেশ ৰাখ, দেশ ৰাখ বুলি

উঠে শুন অৰ্ব্বুদ মাত ।

প্ৰতিধ্বনি

উঠে তাৰ

অসমীয়া নবীনৰ

তপত হিয়াত,

সিৰাই সিৰাই

অগ্নিপাত ।

আসুৰীয়

বিজ্ঞানৰ

ঘৰ্ষন-গৰ্জ্জন

ভেদি আহে

শুন সৌ

শৰাইঘাটৰ

বজ্ৰভাষী সিংহনাদ,

শতাব্দী সুপ্তিৰ ছিঙ্‌ ভাঙ্‌

লোহাৰ শৃঙ্খল

এদিনলে’ হ’ উশৃঙ্খল

লুইততে

জহি যাওক

জড়-অৱসাদ,

সিংহৰ পোৱালি তই

নবীন অসমীয়া

সুঘোষিত কৰ তোৰ

অধিকাৰবাদ,

বিপ্লৱী তূৰ্য্য-নিনাদ ।

সৌৱা—

শৰাইঘাট,

প্ৰশান্ত

নিমাত

লক্ষ লক্ষ অসমীয়া

নবীনৰ

বক্ষ ঝৰি ঝৰি

ৰঙা তেজ কলিজাৰ

নিজৰি নিজৰি

অসমীৰ চৰণ ধুৱাই

শৰাইঘাটৰ সৌ

বালি-মাটিয়ে

আছে মিল খাই ।

নবীনৰ তেজ-পানী পাই

গজালি সঁজালি আহে

ন-যুঁজাৰুৱে হাঁহে

জীৱন-যুঁজৰ বাৰ্ত্তা পাই

শকতিৰ শঙ্খ বজায় ।

বুৰঞ্জী বিদাৰি তই

মোক চা, নিজকে চা

বান্ধি লৈ সাহ,

যন্ত্ৰযুগৰ নৱ

মন্ত্ৰ ফুকাৰি তই

শঙ্কা পেলাই দি

আগবাঢ়ি আহ ।

নতুন দিনৰ অসমীয়া

যুগে যুগে হবি তই

শৰাইঘটীয়া,

তোৰ দেশ ৰাখিবলে’

গঢ়ি গঢ়ি লবি তই

নতুন হিলৈ

চিৰজয়ী হবি তই

মাভৈ মাভৈ ।

মোমাই দুখণ্ড কৰা

তৰোৱাল এতিয়াও লই

তহঁতৰ কাষে কাষে

ঘূৰি ফুৰি

বিৰাজিছোঁ

শকতিৰ সূৰ্য্য সম মই

নাই ভয়, হ’ব তোৰ জয় ।

কোন তই ?

কোন তই

দাসত্ব পিন্ধি

স্বৰ্ণময়

মোহমণিবন্ধ

অৱসাদক্লিষ্ট

নিৰাশাৰে বুকু ধুনি

কুতৰ্কমুগ্ধ,

দেখিও নেদেখি একো

হই আছ অন্ধ ?

দৈন্য-বিপদ পৰান্মুখ

কৰ্ম্মবিমুখ

কোন তই কাপুৰুষ মূৰ্খ দুৰ্ম্মুখ ?

শৰাইঘটীয়া সৈন্যদল !

নাই তেন্তে কি তোৰ

আপোনাৰ বিশ্বাস অটল ?

সাৰ কৰি

মাথোঁ

ভোগ-সুখ

কৰ্ত্তব্যৰ নহলি সন্মুখ,

মোমাইতামুলী গড়ে

প্ৰত্যক্ষ কৰিলে যি

জননী ৰক্ষাৰ বাবে ভৈৰৱ শক্তি,

জনা নাই তই জানো

আকৌ তাৰেই হ’ব পুনৰাবৃত্তি ?

তেজপিয়া তৰোৱালে

ৰাম তৰোৱালে

একেই তেজকে পিব

ঝলসি শক্তি দিব

যুগে কাল-কালে ।

সন্মুখ থিয় দিব আহি হাঁহি

ভালে ভালে ।

কোনে ক’লে নাই ?

কোনে ক’লে নাই

গদাপাণি নাই ?

সৌৱা তোৰ গদাপাণি

ঘোষিছে বজ্ৰবাণী

ভৈয়ামে ভৈয়ামে ফুৰি অনাই বনাই—

কৰ্ত্তব্যৰ যজ্ঞ জ্বালি

ত্যাগৰ মহাযোগী

ল’ৰা-তিৰোতা সঁপি

শক্তিমন্ত্ৰ জপি,

আছে বাট চাই

পৰ্ব্বতৰ গুহাত সোমাই,

দেশৰ কল্যাণৰূপী

আশা-কল্পনাই

মনৰ ডালিমী হৈ

নিৰাশাৰ বন ভেদি

ভৈয়ামলে’ বৈ অহা

মন-জুৰিটিৰ

পাৰে পাৰে

নাচি নাচি

সঞ্জীৱনী গায়ত্ৰী

শুনায় ।

ৰুদ্ধ বীৰ্য্য গদাপাণি হ’ব উদ্বুদ্ধ

অত্যাচাৰী লালুকৰ

সপোন চূৰ্ণ কৰি

উজ্বলিব অসমত

ৰুদ্ৰসিংহৰূপে

নিৰ্ম্মল শুদ্ধ

পূৰ্ব্বভাৰত জ্ঞানবৃদ্ধ ।

Jump to section

63. লাচিতৰ আহ্বান

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 63 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d