• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, December 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

by Anjan Sarma
August 7, 2021
in Cultural, Jyoti Prasad Agarwala, Jyoti Prasad Agarwala Poems
Reading Time: 98 mins read
0
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড
Share on FacebookShare on TwitterShare on LinkedIn
Jump to section

9. অসমীয়া ছোৱালীৰ উক্তি

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’

প্ৰাগজ্যোতিকা মই

কামৰূপিকা মই

RelatedPosts

‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025

নিজৰা লাস্যময়ী

ময়ে অসমীৰ

ময়ে ভাৰতীৰ

ছোৱালী কবিতাময়ী ৷

মোৰ শিৰত সেন্দুৰ-সোণ

কপালত মই ফোট লৈ

পিন্ধো

নীলা আকাশৰ জোন ৷

হৃদয়ত মোৰ থৌকিবাথৌ

কত লুইতৰ ঢউ,

নিতে সাৰ পায়

নিতে মাৰ যায়

মাণিকিমধুৰী মউ ৷

নগা পৰ্ব্বতৰ নীলা ছায়াছবি

সাহিত্য-বননিৰ

ময়েই লখিমী

মনৰ ডালিমী

কল্পনা-ফুলনিৰ ৷

আলাসে আলাসে ফুৰোঁ,

পাহাৰে-ভৈয়ামে

মৰম বিচাৰি

কেঁচাসোণ বুলি লৰোঁ ৷

ময়েই নাগিনী

ছুঘ্ৰেনূ ঘ্ৰিনোজা

গাইডালু ময়েই

বিপ্লৱী ময়েই,

মুক্তিৰ জুই জ্বলাই ময়েই

বন্দীশাললৈ যাওঁ ;

নিজৰ দুখতে

নিজে বুকু ধুনি,

মোৰ কলিজাৰ

জুইৰে নিজেই

নিজকেই পুৰি

নিজৰে আয়ুস খাওঁ ৷

উপেক্ষিছোঁ মহাকাল,

মোৰ গুণ শুনি

বন্দনা গাই

ভাৰতৰ মহামনীষী কোঁৱৰ

মুগ্ধ জৱহৰলাল ৷

ময়ে ভাৰতৰ

শিৰৰ শিপিনী

ময়ে ফুলতী তৰা

কত চানেকীৰে

সূতাৰে-গুণাৰে

বাছি যাওঁ মনদৰা ৷

মহাত্মা মোহনে

স্বৰাজ-ফাকিৰে

দেখিয়ে

মাকোটি ধৰা,

ক’লে-আইদেউ,

আটকধুনীয়া

ব’ইছা খনীয়া

সোণ-সপোনৰে

মৰমৰে বনকৰা ;

পাঁজিসেৰীয়া

কাজী আঙুলিৰে

স্বৰাজৰ চৰ্‌কা

গূৰোৱা আইদেউ,

ভাৰতৰ

গৰকা ধৰা ৷

ময়েই ‘শেৱালী’

কাৰেঙৰ লিগিৰী

সেৱাতেই নিমগন,

সুন্দৰৰ মই

চিৰসেৱাতেই

অৰ্পিছোঁ প্ৰাণ-মন ৷

সেৱাৰ বাতৰি

বুকুতে সুঁৱৰি

মৰমৰে গীত গাওঁ,

সেৱা-শেৱালিৰ

নিৰ্ম্মালি লৈ

নিজৰাত উটি যাওঁ ৷

ময়ে সেৱাৰূপী

সেৱা-শেৱালিৰে ফুল

সুৰভিতে মোৰ ‘সুন্দৰ’ বিয়াকুল ৷

চুপহি মেলি যে চায়

পাহি ছিঙি ছিঙি

কেশৰে কেশৰে

ৰেণু ফালি ফালি হায় ;

গন্ধকোষ

বিচাৰি গৈয়ো

শেষৰ শেষ নাপায় ৷

ময়ে সুৰভিময়ী, ময়েই সেৱাময়ী

ময়েই সত্যব্ৰতা

ময়েই শুচিব্ৰতা

অনিতা-বিনীতা,

বজ্ৰ-মনেৰে

মায়া-মোহ কাটি

গুলী লওঁ মই বুকু পাতি

আই অসমীৰ গাঁৱৰ জীয়ৰী

বুকুৰ তেজেৰে বুৰঞ্জী বোলাই

ময়েই কনকলতা

ময়েই মুক্তিব্ৰতা ৷

ময়েই মহাসতী

অন্তৰত পূজোঁ পতি

পশু-শকতিৰ অভিযান অত্যাচাৰ

ৰোধি, গচকি, দমাওঁ শত্ৰু

দুৰ্জ্জয় দুৰ্নিবাৰ ;

জীন্‌ পৰি যায়

মূক হৈ যায়

অস্ত্ৰৰ এই

নিলাজ ঝনৎকাৰ ৷

বিষাক্ত বিষধৰ

মনৰ শিলত

খোট মাৰি মাৰি

উফৰি পৰিল

কঁপি কঁপি থৰ থৰ

স্বাৰ্থান্ধ বৰ্ব্বৰ ৷

ময়েই হৈমৱতী,

শত ধুমুহাৰ শত আলোড়নে

মহা আন্ধাৰৰ লক্ষ আঘাতে

নোৱাৰে টলাব মতি,

নিতে স্নান কৰি আৰুণালোকত,

অচল অৰুন্ধতী

অজেয়া ময়েই, ময়েই জয়মতী ৷

ময়ে প্ৰকৃতিস্বৰূপা

শ্যামলা বন – ৰাণী,

পূৰ্ব্বভাৰতী মণি

বিচিত্ৰৰূপা,

ৰঙা, নীলা, সেউজীয়া

সুমথিৰা বেঙুনীয়া

জীৱনৰ বহ্নিস্বৰূপা ৷

ক্ষণিকে ক্ষণিকে মই

ৰূপতেই ৰূপ ঢালি

ৰূপতেই ৰূপ ফালি

ৰূপাভ্ৰ ভেদি মই

জ্বলোঁ হৈ কাঞ্চনজঙ্ঘা,

দিক্‌চক্ৰবাল জিনি

কপালৰ জিলিকিনি

নিয়তি উলঙ্ঘা মই অমৃত-সঙ্ঘা ৷

ময়ে জননী কোলাত বহি

পিয়াহ-পীযুষ খাওঁ

কুনিমুনি

অকমানি বালিকা

দেউতাৰ

মৰমৰ নিজৰাৰ

পাৰে পাৰে

নাচি-বাগি

ফুৰোঁ হই

সৰগৰ কলিকা ৷

কুমাৰী দুলড়ী ময়ে

অক্ষতা সচকিতা

ফুলোঁ নে নুফুলিঁকৈ

প্ৰকাশলে’ ৰৈ থকা

সমাগত যৌৱন কলিকা ৷

পূৰ্ণবিকাশা ময়ে

পীনপয়োধৰা

যৌৱনৰূপা,

বিবিধ অঙ্গৰাগে

শৃঙ্গাৰ-প্ৰসাধন সজ্জা

বিভূতি বিভূষিতা

অলঙ্কৃতা মই

ৰতিৰূপা

ৰস-ৰূপ অৰ্ণবজা ৷

প্ৰণয়-কুহক মায়া-ছাঁয়া

বিস্তাৰি

জ্বম্ভন মন্ত্ৰ ফুকাৰি

জিল্‌মিল্‌ ওৰণিৰে

গুলপীয়া গাল ঢাকি

চুমো নে নুচুমোকৈ

বিৰিঙাওঁ লজ্জা ৷

কটাক্ষ হানি ময়ে

শিয়ৰাওঁ প্ৰণয়ীৰ

অস্থিমজ্জা,

স্খলিত-দলিত, স্থিতপ্ৰজ্ঞ, জিতেন্দ্ৰিয়

ত্ৰিভুবন যৌৱন সমজ্যা ৷

ময়ে ভাৰ্য্যা

ময়ে মৃদুহাসিনী

ময়ে মৃদুভাষিনী

লৱনু-কুমলীয়া

লাৱনী দেহাৰে মোৰ

ৰচি দিওঁ

নন্দন বনফুল-শয্যা ৷

চিত্ৰলেখা

ময়ে চিত্ৰলেখিকা

কোমলৰো কুমলীয়া বালিকা

বৰ্ণ-ছন্দ-সুৰ-মালিকা ৷

কণ্ঠৰ সুৰাৱলী

সকলো বিলাই মই

হওঁ চিৰৰিক্তা

সুন্দৰ পূজি পুনু

নৱ নৱ সুৰেৰে হওঁ অভিষিক্তা

ঘূৰি ঘূৰি ৰিক্তা

ঘূৰি ঘূৰি ৰিক্তা ৷

ঊষাৰ হাঁহিতে

উন্মেষি

নিজৰ সৌন্দৰ্য্য মই

নিজেই বিচাৰি যাওঁ

সোণৰ সন্ধিয়ালে’,

তৰঙ্গ-লীলায়িত ভঙ্গ লয়লাসী

ঝন্‌কিত কঙ্কন, কিঙ্কিনী ৰোলে

গুঞ্জৰি মুঞ্জৰি

ৰুণুক-জুনিক ঝুন্‌ বোলে,

ঝঙ্কৃত চৰণ-নেপুৰ

দিগন্ত ধ্বনি তাৰ

মুখৰিত ললিত-বলিত মধু বিজুলী-সুৰ ৷

তালে

তালে

তাৰ

দিগঙ্গনা নাচে,

নাচে সুৰবালা,

আকাশ-পৃথিৱী নাচে

ত্ৰিভুবনবালা

জোন-বেলি দীপাৱলীমালা ৷

মই

অমৃতছন্দা

মুক্তাপ্ৰপাত সমা

অলকানন্দা,

ভাঙি দিওঁ আত্মাৰ

অলস-বিলস মোহতন্দ্ৰা,

মই

মূৰ্চ্চনা

উত্তৰমন্দ্ৰা ৷

ময়েই ঊষা

অমলা-ধৱলা

উদ্ভাসি পূৰ্ব্বাচল

ময়েই শুকুলা আলোক-কমল

সৰোৰূহ শতদল ৷

অনাঘ্ৰাত মই

আলোক সুৰভি

জ্যোতিৰভ্যুদয় দুন্দুভি

মন্দ্ৰ বজাই যাওঁ,

সন্ধ্যা

ললিতা

কান্তাৰ দৰে

যমুনা-গঙ্গা ত্ৰিবেণীৰ ধাৰে

উচ্ছল জল

উৎস উছলি,

বিয়পিম মই আকাশ ঢৌৱাই

বৈ যাম মই পৃথিৱী শুৱাই

নাচি যাম মই খলক লগাই

বাৰিষাৰ নৈ

বিয়াকুল হৈ

বিবসনা মই

আলোকৰ নৱধল

জ্যোতিৰূপা জল-মল্‌ ৷

নৱজগতৰ

ময়েই জ্যোতিকা

শুভ্ৰ-কনক কিৰণমালিকা

কল্যাণী মই

মহাকল্যাণৰ

ময়েই স্বস্তিকা ৷

দেশে দেশে যাম

সাগৰে-নগৰে

অন্তৰে-প্ৰান্তৰে

গাঁৱে-ভূঞে যাম

কুটিৰে-ভুবনে

তিনি ভুবনৰ

হৃদয়ে হৃদয়ে

মন্দিৰে-মছ্‌জিদে

মই

জ্বলাম অগ্নি-বাতি,

মহামনীষাৰ

জ্যোতিসম্ভূতা

ময়েই স্বৰ্গজ্যোতি

মই ভ্ৰন্তিৰ ধ্ৰুবজ্যোতি ৷

নৱজীৱনৰ

নৱআলোকৰ

অগ্নি-অমৃত জ্বালি,

মোৰ গৰ্ভতেই

আহি থিত দিয়ে

মহাপ্ৰতিভাৰ

প্ৰচণ্ড অংশুমালী ৷

কক্ষত মোৰ

শোভিছে ইন্দ্ৰ, মহাজ্ঞানেন্দ্ৰ

তাৰকা-চন্দ্ৰজ্যোতিষ্ক অৰ্কমালা,

প্ৰভাত কিৰণ সুৰধুনী

অগ্ৰগামিনী

ময়েই অগ্ৰবালা ৷

মোৰ অন্তৰ যায় জ্বলি

বন্ধন যায় খুলি

কোনে প্ৰতিভা কৰিলি মুকলি ?

প্ৰাণ কৰে আকুলি-বিকলি ৷

কোন তই

নৱ ৰবি

প্ৰাগ্‌জ্যোতিষৰ কবি !

শ্বেত বীণা ঝঙ্কাৰি

গায়ত্ৰী ওঙ্কাৰি

আনি দিলি প্ৰাণলৈ মহাজাগৰণ,

গৰ্ভভেদী মোৰ

ইকি শিহৰণ !

জাগিলোঁ ভাঙি-ছিঙি

ভোঁহাৰি-বিদাৰি মই

শতাব্দী সুপ্তিৰ

শিলা আৱৰণ ৷

মোৰেই লগতে জাগ

অযুত নিযুত যত

আজিও যি সুপ্তি মগন,

নৱালোকৰ তানে, গন্ধে, বৰ্ণে, গানে

আজি হ’ল নাৰীৰ বোধন ৷

জাগ আজি অসমৰ আকাশ অৱনী,

জাগ আজি অসমৰ গাভৰু শুৱনী

জাগা আজি পূৰ্ব্বধৰিত্ৰী

জাগা আজি অসমা বিদুষীবালা

লীলাৱতী, খনা, জনা, মৈত্ৰী ৷

জাগ অ’ শৈলমালা

জাগ পৰ্ব্বতীয়া বালা

জাগ ভৈয়ামৰ সোণ-ধান,

আহাঁ তুমি স্বৰ্ণধ্বজ অসমীয়া

নৱীন জোৱান !

উচ্ছল

সুচ্ছল

লুইতৰ ৰূপজল

গোসাঁনী খোজেৰে গৈ,

সাগৰ-তীৰ্থ কৰে

এৰি নীলাচল

পাৰ হৈ যায় সন্ধ্যাচল,

সেইদৰে আজি মই

জগত-তীৰ্থলৈ যাম,

কৰি সমদল

জ্ঞানৰ বাহিনী লৈ প্ৰতাপী প্ৰবল ৷

আজি মোৰ আলোকযাত্ৰা,

স্বৰ্ণধ্বজা মই

জগতৰ

পদূলিয়ে

যাব মোৰ নৱশোভাযাত্ৰা;

অসমীয়া ছোৱালীৰ

আলোকৰ বাটে বাটে

বহু শতাব্দীৰ পিছে

হ’ব জয়যাত্ৰা ৷

হিন্দুকুমাৰী ময়ে

দিলোঁ আজি মঙ্গল উৰুলি

লাগি য’ক দেশে দেশে

উদুলি-মুদুলি ৷

জয়শিৰী, জ্ঞানশিৰী, সত্যশিৰী,

ধনশিৰী, মনশিৰী, সুবৰ্ণশিৰী,

সোণপাহী, বনপাহী, সেউতী, মালতী,

আইকণ, আইদেউ, যত পুষ্পৱতী,

অমলা, সুমলা, ময়ে নলিনীবালা

বজাওঁ শঙ্খ ময়ে

লওঁ গন্ধমালা ৷

মন্দিৰে মন্দিৰে

ধূপ-দীপ চন্দনেৰে

জ্বলাই নতুন এক চাকি

দেওধনী হৈ নাচি,

আলোকৰ আৰিছোঁ আৰতি

জাগা—- জাগা পূৰ্ব্ব-ভাৰতী !

ময়ে ইছ্‌লামীবালা

বুকুত শোভিছে মোৰ

কোৰাণ-ছৰিফৰ

কহিনুৰ মালা ৷

জুবিদা-জুলেখা ময়ে

ময়ে মনিৰুণ,

সেঁওতাত উজ্বলিছে

প্ৰতিভাৰ সোণ ৷

মাইজান, সোণজান

অকমাণিজান ময়ে মোতিজান

দিছোঁহি আজান

দিছোঁহি আজান ৷

নামাজ নমিতা মই

ৰম্‌জানব্ৰতা মই

লুইতৰ পাৰতেই

ফুলাই তুলিম মোৰ

অতিকে আপোন

আৰৱীয় জোনালীৰ

সোণালী সপোন ;

অসমীয়া জীৱনৰ

ময়ে ন-জোন ৷

ময়ে ন-জোন ৷

নতুন দিনৰ বাবে

নতুন পোহৰ হাঁহে

ময়ে সেই নতুনৰ বাঁতি

কুৰ্নিছ কৰি ময়ে

নতুনৰ আলোকক

আনিছোঁ মাতি

আনিছোঁ মাতি

সৌ বেলি বাঁতি ৷

ঘৰে ঘৰে

বজোৱা ছেতাৰ,

একতাৰা

বহুতাৰা

সহস্ৰবাৰ ৷

মিনাৰে মিনাৰে চৰে সোণোৱালী ভাতি,

মছ্‌জিদ-দৰগাই

দীপাৱলী পাতি

দিয়া, দিয়া লাখো মমবাতি

মই ইছ্‌লাম-জ্যোতি ৷

উলুপী ময়েই

ময়েই লাইছাপী

সুকণ্ঠী ময়েই

কণ্ঠকলাপী,

ৰাগ-ৰাগিনীৰ

আলাপ-বিলাপ

আভোগ সঞ্চাৰি

গুঞ্জৰি থাকোঁ

মুঞ্জৰি উঠে ললিতকুঞ্জ

সুৰতে শিঁহৰি,

মধুমল্লাৰ বেহাগী সোহাগী

সুৰ নাগপাশে গই

অৰ্জ্জুন বীৰকো

বান্ধি-ছাটি মোৰ চৰণত দিলে থৈ ৷

বব্ৰুবাহন মোৰ সন্তানেই

পৃথিৱীজিতকো জিনি

জিলিকিছে বীৰমণি

মণিপুৰিকা মই

লাস্যতে মোৰ হাস্য নিজৰে

নৃত্য-মুগ্ধ যত কোঁৱৰৰ

চিৰ-নমস্যা মই ৷

বেউলা ময়েই

মুহিলোঁ মহাকাল,

মহাসাধনাৰ দীপ্তিয়ে মোৰ

শোভিছে শুভ্ৰ ভাল

জিনিলোঁ মহাকাল ৷

মৰণে চৰণধূলি লৈ গ’ল,

স্বামী লখিন্দাৰ সঞ্জিৱিত হ’ল

সতীৰ সত্য-সবিতা প্ৰকাশ দেখি

পিনাক্‌পানিৰ ডম্বৰুৱে থাকে

মনে মনে তাল লেখি ;

দিয়ে মহাকালে

স্বামীক আয়ুস

প্ৰাণৰ নৃত্য দেখি ৷

কুণ্ডিলপানীৰ

ময়েই ৰুক্মিণী

শ্যামৰ বাঁহীটি শুনি

ৰিণিকি ৰিণি,

থাকোঁ গুণি গুণি

গুমৰি গুমৰি থাকোঁ

নভোনীল জুইৰেই

বাসনা পুৰি ৷

শ্যামৰ

চৰণৰ

নেপুৰৰ

শুনি থাকোঁ

ৰুন্‌জুননি

জুন্‌জুননি ;

সোণৰ সি বাঁহীটিৰ

ভুবন ভুলোৱা সেই

নিছিগা ধাৰেৰে বোৱা

অনন্ত সুৰৰ

অমৃতধ্বনি ৷

আকুল ই মৰমৰ

তুতি-মিনতি

পুৱাই ওলায়হি

কৃষ্ণমণি

নবীন দূৰ্ব্বদল সম অনুপম,

নবেন্দু সুন্দৰ শ্যাম ৷

পৰ্ব্বত-পাহাৰী

ভৈয়াম নগৰী

সকলো সামৰি

মোৰ

হিমাদ্ৰি প্ৰদেশী ৰূপ

পূৰ্ব্বভাৰতীৰূপী হৈ মই

ধৰিছোঁ ভাৰতী ৰূপ

মোৰ জাগিছে বিশ্বৰূপ ৷

হিমাদ্ৰি চৰণৰ

সেউজী অৰণ্যৰ

মহানিৰ্জ্জনত

তপস্যাৰ বাল্মীকি-বনত,

দূৰ্দ্দম বসন্ত জাগে

মহাপ্ৰতিভাৰ সমাগম

ভেদি শাস্ত্ৰ আগম-নিগম ৷

সেই গহনৰ

মহাতপ:ক্লিষ্ট এক

শৈল-শিখৰৰ

বক্ষ ঝৰি

নামে এক আলোক-সম্পাত

এক মহাজ্যোতি প্ৰপাত ৷

জ্ঞানসিক্ত

শুক্ল ঐৰাৱত

সদ্যস্নাত হৈ তাতে

সমৃদ্ধ বেগেৰে আহি

মোক তুলি ল’লেহি শিৰত

মই আজি

মই আজি নবালোক-কুঞ্জৰ বাহিনী

জন-গণ-জগ-মন তীৰ্থগামিনী ৷

আহাঁ, আহাঁ, আহাঁ তেন্তে

অসমৰ নবীন জোৱান !

চৌষষ্টি

শ্বেত হয়

জুৰি লৈ

চৌষষ্টি কলাৰ

ত্যাগৰ গাণ্ডীৱ লৈ

অস্ত্ৰ লৈ মহা সাধনাৰ ৷

স্বৰ্ণধ্বজ

ৰথখন

নিয়া আগে আগে

সংঘত বেগে ;

আহাঁ যত পণ্ডিত সমাজ

আহাঁ যত জ্ঞান অধিৰাজ,

মৌলানা, মৌলবী আহাঁ

পিন্ধি লৈ পোহৰৰ তাজ

ব’লা লগে-ভাগে

শেত হয়যুক্ত ৰথ যায় আগে আগে ৷

আহাঁ যত নৃত্যকুশলী,

আহাঁ যত

সুৰ বনমালী,

চিত্ৰলিখিকা আৰু

শিল্পী-শিপিনী,

আহাঁ যত জ্ঞান-কৃষ্ণকান্ত

আহাঁ যত মেধা মনীষা-বাণীকান্ত

বিজ্ঞান-লখিমী আহাঁ

আহাঁ যত

সাহিত্যৰ

সুমন্ত শ্ৰীমন্ত

সুকান্ত শ্ৰীকান্ত

ব’ৰাগীৰ বীণ লৈ বীণ-ব’ৰাগীও আহাঁ

ব’লা ভাগে ভাগে

নবীনৰ ৰথ যায়, সৌৱা আগে আগে ৷

আহাঁ যত

অগ্ৰগামিনী

অগ্ৰবালা

অসমৰ ধ্যানৰতা বিদুষীবালা

পিন্ধি লৈ চিন্তাৰ মুকুতামালা ৷

আহাঁ যত কলাবিশাৰদ

বিশাৰদ সুৰদ

সঙ্গীত-নাৰদ,

আহাঁ চিত্ৰকৰ

কাৰুকৰ, খনিকৰ

নাট্য-সূত্ৰধৰ,

আহাঁ শিলাকঊটিবৃন্দ

অসমীয়া স্থপতিৰ

নবীন ভাস্কৰ আহাঁ

আহাঁ আহাঁ ৰূপৰ কোঁৱৰ

আহাঁ যত পুত্ৰ অসমৰ ৷

আয়তী

নামতী আহাঁ

বিহুৱতী কুঁৱৰীসকল !

কবিকুল শিৰোমণি

মহাকবি আহাঁ তুমি,

ছন্দৰ মালা পিন্ধি

ফুলাই কবিতাফুল অমল-নিৰ্ম্মল,

সমদল শোভা কৰি

সুবৰ্ণৰ শৰায়ে শৰায়ে ধল ধল

সুফুলিত হোৱা আজি

লাখো লাখ

প্ৰতিভাৰ বিকাশ কমল ৷

সকলো সমাজ ব’লা

নিজা নিজা

বিশিষ্ট সাজে

বিবিধৰ মাজে মাজে

বিচিত্ৰ সুন্দৰৰ

একসুৰা বাঁহীটি বাজে ৷

মুক্ত কৰা আজি

সুপ্তসুৰা গ্ৰামময়

সপ্ততন্দ্ৰা

মহাশ্বেত বীণাখনি

সঞ্জীৱনীমন্দ্ৰা !

সমুদ্ৰৎফুল্লিত

আঙুলি বুলোৱা

আই পঙ্কজনেত্ৰী,

মুগ্ধ-বিমুগ্ধ কৰি

সমস্ত ধৰিত্ৰী ৷

গায়ন-বায়ন উঠা,

উঠা ওজাপালি !

গলি-জটাজাল ফালি

বোৱাঁ সুৰ-গঙ্গা

উলঙ্গ অঙ্গা

কঁপি কঁপি

আনি দিয়া ৰূপ ভূমিকম্প,

অলিয়া-বলিয়া হৈ

মাৰা জগজম্প ৷

জীৱন মৰণ ভুলি

বিজুলী নাচনী

উঠা দেওধনী,

শ্ৰোণীভাৰ

ধৰণৰ আঘাতৰ

মন্ত্ৰতে উৰি

ছন্দৰ তৰা য’ক

উফৰি উফৰি ৷

দুন্দুভি বেণু-বীণা

মৰুৰুলী-শঙ্খ

তুলি লোৱা লাসে লাসে

অভিনৱ ভঙ্গ ৷

মন্দিৰা, খোল-তাল

বোৱাঁ, বোৱাঁ ভোৰতাল,

ৰজন্‌জনাই যাওক

আকাশ-পাতাল

কৰি তালফাল ৷

ঢাক-ঢোল জয়-ঢোল

যত অঙ্গোপাঙ্গ

বজোৱা মৃদঙ্গ ৷

শঙ্কৰী-সাহিত্যৰ

হীৰা-জহৰত

নীলমণি পদ্মৰাগ

মণি-মৰকত

ইন্দ্ৰধেনু যেন

জ্বলে বাখৰত

স্ফটিক পাতেৰে চোৱা

সোণৰ কাঠিৰে বোৱা

কাষে কাষে ধৰা বৰজাপি,

সূৰ্য্যমণ্ডলৰ দৰে

চৌভিতি উজ্বলাই

জল্‌মল্‌ জল্‌মল্‌

থ’ক কঁপি কঁপি

ৰত্নময় জাপি ৷

ব’লা সমদল

উখল-মাখল

কৰি টলমল্‌ সাতোখন সাগৰৰ জল ৷

আলোক ঐৰাৱত

গজেন্দ্ৰবাহিনী মই,

ময়ে কামৰূপা

হ’লো জ্যোতিৰূপা ৷

আজি মোৰ

আলোকযাত্ৰা,

স্বৰ্ণধ্বজা মই

জগতৰ পদূলিয়ে

যায় মোৰ

মহা শোভাযাত্ৰা,

অসমীয়া ছোৱালীৰ

জোনাকী বাটেদি

আজি

মঙ্গলযাত্ৰা

পূৰ্ব্বভাৰতী জয়

জয়-জয়কাৰ,

অৰুণ কিৰণ জ্যোতি

কৰিছোঁ প্ৰচাৰ

কৰিছোঁ প্ৰচাৰ

কৰিছোঁ প্ৰচাৰ ৷

Jump to section

9. অসমীয়া ছোৱালীৰ উক্তি

  • 1. অ’ মোৰ ধুনীয়া গাঁও
  • 2. অক’মানি ছোৱালী
  • 3. অকণমানিৰ প্ৰাৰ্থনা
  • 4. অকণিৰ সপোন
  • 5. অক্কণমানি ল’ৰা
  • 6. অক’মান ল’ৰা
  • 7. অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
  • 8. অবুজ মাতৰ বিবুজ বাতৰি
  • 9. অসমীয়া ছোৱালীৰ উক্তি
  • 10. অসমীয়া ডেকাৰ উক্তি
  • 11. অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা
  • 12. অসমৰ নবীন জোৱানৰ সঙ্কল্প
  • 13. আজি জনতাৰ নবীন চেতনা
  • 14. আজি জাগ্ৰত ভাৰত
  • 15. আজিৰ কবিতা তাই
  • 16. আধুনিক কবিতা তাই
  • 17. আন্ধাৰৰ মাজে মাজে
  • 18. আহ অ’ অকণি আহ
  • 19. ঊষাৰ কোলাত গৈ
  • 20. ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী-১)
  • 21. এতোৱাৰ দেওবাৰ জিৰণিৰ বাৰ (এতোৱাৰী)
  • 22. এশৰাই বাসনাৰ ফুল (গণেশ গগৈৰ কবিতা)
  • 23. কনকলতা
  • 24. কবি মই
  • 25. কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
  • 26. কুক্‌ কুক্‌
  • 27. কুমাৰ মোহন
  • 28. কুম্পুৰ সপোন
  • 29. কেজেনা কেজেনা
  • 30. কেতেকীৰ পাহি যেন নিমজ
  • 31. কেলেই লাগিছে অনন্ত জীৱন
  • 32. কোন সোণ সপোনৰ
  • 33. গাঁৱৰ জীয়ৰী
  • 34. গান্ধীকথা শুনিবলে’ (ভলণ্টিয়াৰৰ দুখ )
  • 35. চিত্ৰলেখা (সখি চিত্ৰলেখা)
  • 36. জনতাৰ আহ্বান
  • 37. জ্যোতি-শঙ্খ
  • 38. থাকি দিনৰে দিনটো ৰৈ
  • 39. ন-জোৱান-ই-হিন্দ
  • 40. নতুন
  • 41. নতুন অকণমানিৰ গান
  • 42. নিতে নৱ প্ৰকাশৰ
  • 43. নৱবিপ্লৱী কবি জাগে
  • 44. ফুলিবলে’ পোৱা হ’লে !
  • 45. বাস্তৱৰ কেন্দ্ৰত শিল্পী (ছবি অঁকা শিল্পী নহওঁ মই)
  • 46. বিদ্ৰোহী কবি প্ৰসন্নলাল
  • 47. বিশ্বশিল্পী
  • 48. মই অক্লেদ্য মই অচ্ছেদ্য
  • 49. মই ইয়াৰে সাধক
  • 50. মনমা
  • 51. ময়ে শূদ্ৰ
  • 52. মহামানৱ (মহাভাৰতত উপনিষদৰ দিনত)
  • 53. মহাশূদ্ৰ
  • 54. মা ! মই এটা মা (ফুলকুঁৱৰী)
  • 55. মা, আজি মই (কুম্পুৰ সপোন)
  • 56. মাক আৰু সোণ
  • 57. মুক্তি (আমাৰ মুক্তি কিমান দূৰ)
  • 58. মোৰ অন্তৰ যায় জ্বলি
  • 59. মোৰ অহংকাৰৰ সংজ্ঞা
  • 60. মোৰ সুৰৰ চুমাত
  • 61. মৰ্ম্মে মৰ্ম্মে মোৰ
  • 62. যতীন্দ্ৰ-কবিতা
  • 63. লাচিতৰ আহ্বান
  • 64. লুইতৰ পাৰৰ বৰেচহৰ
  • 65. শিল্পী মই
  • 66. শিল্পী মই – ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)
  • 67. ষ্ট্ৰিম লাইনড্‌ কাৰ
  • 68. সাৱধান, সাৱধান
  • 69. সৌৱা সুৱাগী সৰোজ নলিনী
  • 70. হে মৃত্যু নমস্কাৰ!
  • 71. ৰবীন্দ্ৰনাথ
  • 72. ৰেডিঅ’
Page 9 of 72
Previous 123456789101112131415161718192021222324252627282930313233343536373839404142434445464748495051525354555657585960616263646566676869707172 Next

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: Jyoti Prasad AgarwalaJyoti Prasad Agarwala Poems
Anjan Sarma

Anjan Sarma

Related Posts

‘কা’: মই লিখিম কাৰ নাম?
Poetry

‘কা’: মই লিখিম কাৰ নাম?

by Anjan Sarma
December 9, 2025
0

'কা': মই লিখিম কাৰ নাম? অঞ্জন শৰ্মা কংগ্ৰেছৰ দিনত 'আই-এম-ডি-টি' জাপি দিওতেতুমি চীৎকাৰ কৰিছিলা অসমৰ পৰা অবৈধ বিদেশী ধৰ্ম নিৰ্বিশেষেবহিষ্কাৰ...

Read moreDetails
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

October 19, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 28, 2025
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

September 23, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d