জানো জানো জানো বন্ধু
মোৰ, সকলো গানৰ আলাপন
মোৰ, সকলো সুৰৰ সকলো বিলাপন
নবাভিনৱ গুঞ্জন
কুঞ্জন
ছন্দৰ মোৰ
বিৰহ নিশাৰ
আকুল উদ্যাপন
সকলো এদিন সকলো হব
তোতেই সমাপন৷
তোতেই সমাপন৷
চিৰ আন্ধাৰ আঁতৰি যোৱা
কোনোবা অৰুণ পুৱা
ফেনে ফোটোকাৰে
উতলি উঠিব
জিনিব আলোক-ছাঁয়া
মোৰ চিৰজীৱনৰ সকলো ভালপোৱা৷
বিশ্ববিয়পা ৰামধেনু হৈ
ফুলিব মোৰ
জ্বলিব মোৰ মন
মোৰ, সকলো গন্ধৰ
অন্ধ দৰ্শনৰ
ব্যাকুলতাই
আকুলতাই
বিচাৰি ফুৰে
তোৰেই পৰশন
তোৰেই দৰশন
সকলো এদিন, সকলো এদিন
তোতেই সমাপন৷
জানো জানো জানো বন্ধু!

















