বাৰিষাৰ বৰষুণ,
কিনো কৱ গুণগুণ
কিনো গাৱ ৰুণৰুণ
কি বজাৱ জুন্জুন্
বাৰিষাৰ বৰষুণ
আকাশত পাখি মেলি
উৰি ফুৰা আশাই
জীৱনৰ
সপোনৰ
কয়নে কিবা কথা
ধাৰাসাৰে
নামি অহা ভাষাই ভাষাই৷
তোৰ বিননিত মই
এটি শবদীয়া ভাষা
বাৰে বাৰে শুনো
তাকে লেখি তাকে পঢ়ি শুনো৷
জিৰজিৰ নতুন
ঝৰঝৰ নৰুন
কৰকৰ নতুন
ধৰধৰ নতুন
গছ-বন নতুন
ফুল-ফল নতুন
তাকে দিয়
তাকে কৱ
বাৰিষাৰ বৰষুণ
কিৰিষিৰ বৰষুণ
হৰিষৰ বৰষুণ
বাৰিষাৰ বৰষুণ৷৷


















