• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

জয় স্বৰ্গদেউৰ জয় !

ASSAMESE Section / Literature

by Anjan Sarma
October 7, 2025
in ASSAMESE SECTION, Humor, Literature, Short Stories
Reading Time: 3 mins read
0
জয় স্বৰ্গদেউৰ জয় !
Share on FacebookShare on TwitterShare on LinkedIn

জয় স্বৰ্গদেউৰ জয় !

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

ডেটল আৰু ফেনাইলৰ গোন্ধত হতবাক হৈ পৰিছে বীজাণুবোৰ।আটাইবোৰ টিউবলাইট সক্ৰিয় হৈছে। চৌদিশে এক উলাহৰ পৰিৱেশ। নিশাটোৰ ভিতৰতেই চূণ-কাম সমাপ্ত কৰা বেৰবোৰে চকুত ছাট মাৰি ধৰিছে। ‘কৰিডৰ’টোত ইমূৰৰ পৰা সিমূৰলৈ পাৰি দিয়া হৈছে ৰঙা কাৰ্পেট।কাৰ্পেটখনৰ দুয়োকাষে ডালিয়া, হাচনাহানা, গোলাপ ফুলেৰে জাতিষ্কাৰ ‘টাব’।

দৌৰাদৌৰি, লৰা-ধপৰা, নিউজ চেনেলবোৰৰ ঈৰ্ষণীয় ব‍্যস্ততা, অধীক্ষকৰ তীক্ষ্ণ পৰিদৰ্শন, কণী-পেষ্ট্ৰি-কল-আপেলৰ সমন্বয়ৰে প্ৰস্তুত কৰা পেকেট লান্সৰ গণনা, নাই আজি চাধাৰুৱে চূণ মচা খুঁটা, ধূলি-পিক-থুই-চিগাৰেটৰ টুকুৰা-ৰজনীগন্ধা-তুলসীৰ খালী পেকেট, নাই কদাকাৰ লেতেৰা-পেতেৰা পৰিৱেশ; কোনে আজি ক’ব পাৰিব এই কথা যে এইখন এনে এখন চিকিৎসালয়-য’ত নাথাকে মাহৰ পিছত মাহ ধৰি কপাহ, বেন্ডেজ,ঔষধ, ফেনাইল, ৰবৰৰ হাতমোজা, ৰোগীৰ পথ‍্য, ব্লেড্!

জয় স্বৰ্গদেউৰ জয়কোনে আজি ক’ব পাৰিব এই কথা যে শৌচাগাৰত পানীৰ অভাৱত চিকিৎসালয়ৰ বাহিৰে ভিতৰে অনবৰতে পোৱা যায় বীভৎস দুৰ্গন্ধ!

আজি স্বৰ্গদেউৰ জন্মদিন। আজিৰ এই শুভ দিনটোতেই চিকিৎসালয়ত থকা সকলো ৰোগীক জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে স্বৰ্গদেউৱে পেকেট লান্স বিতৰণ কৰিব। সেয়ে কাৰো গাত তত্ নাই। খোপাত তগৰ-মালতী-ৰজনীগন্ধা নুগুজিলেও নাৰ্চকেইগৰাকীও হৈ পৰিছে ৰচকী ৰাংঢালী পখিলী।

কোনোবাই ফ্লেক্স এখনো আঁৰি দিছে-‘স্বৰ্গদেউৰ জন্মদিন উপলক্ষে আমাৰ শুভেচ্ছা জনালো।’ ফ্লেক্সত থকা ছৱিখনত স্বৰ্গদেউৱে জিয়াজী ছ‍্যুটিঙৰ মডেলৰ দৰে প’জ দি হাঁহি আছে, সুন্দৰ চেহেৰা, যেন এইমাত্ৰ বাকলি গুচোৱা এটি হাঁহৰ সম্পূৰ্ণ সিদ্ধ কণী-ছৱিখনলৈ ৰ’ লাগি চাই আছে কেইবাগৰাকীও বয়স ভাটি দিয়া নাৰ্চকে ধৰি নতুনকৈ চাকৰি পোৱা দুজনীমানেও। তেওঁলোকৰো হাতে হাতে ফুলৰ থোপা। অপেক্ষা কৰিছে সেই সোণোৱালী ক্ষণলৈ…….

RelatedPosts

Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025
গ্ৰহণী ৰোগ

গ্ৰহণী ৰোগ

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025

নিৰ্দিষ্ট সময়তেই গা-ৰক্ষী, ক’লা মেকুৰী, মুখ্য সচিব, আধা ডজন অ’-এছ-ডি, ব‍্যক্তিগত সচিব, স্বৰ্গদেউৰ সোণ-ৰূপৰ মুখেৰে নিৰ্গত হোৱা বাণী বাণীৱদ্ধ কৰিবলৈ সদা তৎপৰ হৈ থকা এজন বিশেষ অমাত‍্য, এজনী ৰাংঢালী সুন্দৰী অপ্সৰাসদৃশ বিধায়িকা, ইত‍্যাদিৰে পৰিৱেষ্টিত হৈ স্বৰ্গদেউৱে চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰি মুখত অনবৰতে বিৰাজি থকা হাঁহিৰে হাত জোকাৰি জোকাৰি তেওঁক আদৰণি জনোৱাসকলৰ পৰা আগবঢ়োৱা ফুলৰ থোপাবোৰ গ্ৰহণ কৰিলে আৰু চিকিৎসালয়ৰ অধীক্ষকৰ মুখৰপৰা ভক্তি সহকাৰে নিৰ্গত হোৱা কথাবোৰ শুনি শুনি মূৰ দুপিয়াই দুপিয়াই স্বৰ্গদেউৰ সমদল আগবাঢ়িল চিকিৎসালয়ৰ ভিতৰলৈ।

জয় স্বৰ্গদেউৰ জয়

ৰঙা কাৰ্পেটত খোজ দি দি ফুলৰ টাব, চিকুণ বেৰবোৰ চাই চাই স্বৰ্গদেউ গৈ আছে, গৈ আছে….আচম্বিতে ঘটনাটো ঘটিল! কোনেও তৰ্কিবকে নোৱাৰিলে। ৰৈ গ’ল সমদল। লগে লগে ক’লামেকুৰীবোৰে আৰু গা-ৰক্ষীসকলে আক্ৰমণ কৰিবলৈ উদ‍্যত হোৱাৰ লগে লগে কোমল অন্তৰৰ বিধায়িকা বাইদেৱে তেওঁলোকক হাত ডাঙি নিৰস্ত কৰিলে, আৰু স্বয়ং স্বৰ্গদেউৱেও মূৰ দুপিয়াই পাটগাভৰুসদৃশ বিধায়িকাক সমৰ্থন কৰিলে।

ঘটনাৰ বিৱৰণ এনেদৰে দিব লাগিব: গা-ৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সকলো বাধা আওকাণ কৰি চিকিৎসালয়ৰ ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা দৌৰি আহি এগৰাকী আউলি-বাউলি অৱস্থাৰ মহিলাই স্বৰ্গদেউৰ পদযুগলত খামোচ মাৰি ঢলি পৰিল আৰু বিনাবলৈ ধৰিলে।

স্বৰ্গদেউ আৰু বিধায়িকা হতবুদ্ধি, বিস্মিত, কিংকৰ্তব‍্যবিমূঢ়। একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত এগৰাকী দুৰ্ভগীয়া মহিলাই পুত্ৰৰ জীৱনদানৰ বাবে গৌতম বুদ্ধৰ চৰণত দীঘল দি যিদৰে ইনাই-বিনাই গছৰ পাত সৰুৱাইছিল বুলি আমি সৰুতে পুথিত পঢ়িছিলো, ঠিক তেনেদৰেই (এই ঘটনাটোৰ ‘এক্সক্লুছিভ’ সম্প্ৰচাৰ নিউজ চেনেলত প্ৰচাৰ হৈ আছে দেই…) বিনাই বিনাই মহিলাগৰাকীয়েও কৈ গ’ল……

“হে অনাথৰ নাথ, হে অন্নহীনৰ অন্নদাতা, হে ভাগ‍্যবিধাতা, হে নায়ক, হে পূৰ্বদেশৰ গৌৰৱৰবি, হে ধীমান, হে কালজয়ী, হে পাহাৰ-ভৈয়ামৰ সেতু, হে নমামী, আজি আপুনি এই অভাগিনীক দয়া কৰক, অন‍্যথাই মই আজি এই পৱিত্ৰ তথা মহান দিনটোতেই প্ৰাণত‍্যাগ কৰিম-পেকেট লান্স মুখত নিদিয়াকৈয়েই।”

মহিলাগৰাকীৰ চকুৰ পানীৰে কাৰ্পেট সিক্ত হোৱা দেখি বিধায়িকাৰ অন্তৰ কুমলিল।তেওঁ মহিলাগৰাকীক নিজহাতেৰে সাৱট মাৰি থিয় কৰাম বুলি ভাবিছিল যদিও সেয়া নকৰি নাৰ্ছৰ হতুৱাই থিয় কৰালে আৰু ক’লে-“বিতত নহ’ব। আমাৰ সকলোৰে চেনেহৰ স্বৰ্গদেউৰ জন্মদিনৰ দৰে পৰম শুভ দিনত আজি আপোনাক মই কথা দিছো বাইদেউ, স্বৰ্গদেউৰ সাধ‍্যৰ ভিতৰুৱা কাম হ’লে আপোনাৰ কাম কৰি দিবলৈ কাৰ্পণ‍্য কৰা নহ’ব, নে কি কয় ছাৰ?”

King 1

এনেদৰে কৈ বিধায়িকাই স্বৰ্গদেউৰ পিনে চোৱাৰ লগে লগেই স্বৰ্গদেৱে হাঁহি হাঁহি মূৰ দুপিয়ালে। লগে লগে প্ৰচন্ড গৰমত এছাটি জুৰ মলয়া বোৱাৰ দৰেই মুখ্য সচিবকে ধৰি সকলো বিষয়াবৰ্গ, গুণমুগ্ধ, মুক্ত চিন্তাবিদ, নিৰাপত্তাৰক্ষী (ক’লা মেকুৰীবোৰে নাহাঁহে দেই), চিকিৎসক, নাৰ্ছ-সকলোৰে গোমোঠা মুখবোৰতো বিৰিঙি উঠিল হাঁহি আৰু হাঁহি-শব্দহীন; আৰু সেই হাঁহিৰেই সকলোটিয়ে যেন স্বৰ্গদেউ আৰু বিধায়িকাৰ শলাগ ল’লে।…….

এতিয়া বিধায়িকাৰ অনুৰোধমৰ্মে মহিলাগৰাকীৰ যিটো কাম স্বৰ্গদেৱে কৰি দিব লাগিব, সেই কামটো এনেধৰণৰ-আজি ১০ দিনমানৰ আগতে মহিলাগৰাকীয়ে এহাল যঁজা সন্তান জন্ম দিছিল। স্বাভাৱিক প্ৰসৱ। কিন্তু দুখ:দায়ক ঘটনা এয়েই যে সন্তানহাল পেটে পেটে জোৰা লাগি আছে। সন্তানহাল একেবাৰেই স্বাভাৱিক, নিপোটল, কিন্তু পেটে পেটে জোৰা লাগি থকা হেতুকে এটাক অকলে কোলাত ল’ব নোৱাৰি, স্তনপান কৰাবলৈও অসুবিধা।

কান্দোনত ভাঙি পৰিল মহিলাগৰাকী। কপালত চপৰিয়াই চপৰিয়াই মহিলাগৰাকীয়ে চিকিৎসকসকলক শাও দিবলৈ আৰম্ভ কৰিলে। মহিলাগৰাকীৰ বিশ্বাস-সন্তান জন্ম দিয়াৰ পূৰ্বে, আঠমাহ ধৰি চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক যিবোৰ লিকটা ঔষধ খাবলৈ দিছিল, সেইবোৰে পেটৰ ভিতৰত ‘ফেবিকল’ জাতীয় আঠাৰ কাম কৰা বাবেই সন্তানহাল জোৰা লাগি গ’ল। সকলো দোষ চিকিৎসকৰ। গতিকে চিকিৎসকে ভালে ভালে সন্তানহালৰ জোৰা খুলি দিবই লাগিব।

মহিলাগৰাকীৰ এনেবোৰ কথাই চিকিৎসকসকলক স্বাভাৱিকতে ক্ষুণ্ণ কৰিলেও তেওঁলোকে যোৱা ১০ দিনে বুজাবলৈ চেষ্টা কৰিলে যে বৰ্তমান একো কৰা সম্ভৱ নহয় আৰু সকলো পৰমপিতা ভগৱানৰ হাতত, চিকিৎসকে কৰিবলগীয়া একো নাই। কিন্তু মহিলাগৰাকী কাৰো যুক্তিত পতিয়ন যোৱা ভকতনী নহয়। হুলস্থূলীয়া পৰিৱেশ, বিকট বিননি, শাওপাত…..

যোৱা ১০ দিনে মহিলাগৰাকী সকলোৰে বাবে হৈ পৰিছে মূৰৰ বিষৰ কাৰণ। সেইগৰাকী মহিলাই আজি স্বৰ্গদেউৰ পদযুগলত ঢলি পৰি ভিক্ষা মাগিছে। মহিলাগৰাকীৰ দৃঢ় বিশ্বাস, স্বৰ্গদেউ আৰু বিধায়িকাই কিবা নহয় কিবা কৰি হ’লেও তেওঁৰ সন্তানহালৰ উপকাৰ সাধন কৰিব।

বিধাতাৰ লীলা কোনেও বুজিকে নাপায়। স্বৰ্গদেৱে সকলো কথা ধৈৰ্যসহকাৰে শুনিলে আৰু মহিলাগৰাকীৰ কোঠালৈ আগুৱাই গ’ল।

King 2

তালৈ গৈ স্বৰ্গদেৱে দেখিলে যে মন মুহি নিয়া দুটি দেৱশিশু বিছনাত শুই আছে, দুয়োৰে পেটে পেটে জোৰা।স্বৰ্গদেৱে মহিলাগৰাকীৰ ফালে চাই মিচিকিয়াই হাঁহিলে আৰু ক’লে-” ভনী, মোৰ জন্মদিনৰ দিনা এনে এক শুভ কাম কৰিবলৈ পাই মই পৰম সুখী। কাৰণ ইতিমধ্যে বহুতৰে জোৰা সোলোকাই সোলোকাই ক্ষমতাত থাকিবলৈ সমৰ্থ হোৱাসকলৰ সান্নিধ্যৰ ফলত গুপুত মন্ত্ৰৰে মই নিজৰো বহুবছৰৰ কঠিনতম জোৰা সোলোকাই আজিৰ স্থিতিলৈ আহিবলৈ সক্ষম হৈছো আৰু মইও বহুতৰে জোৰা সোলোকাই দিব পৰা হৈ বিভিন্ন ঠাইত বহুতৰ জোৰা সোলোকাই সোলোকাই “অভিজ্ঞ জোৰাসোলোকোৱা” হিচাপে ভাৰতভূমিত জাকতজিলিকা হৈ পৰিছো যদিও কোনোদিনে এনেদৰে জোৰা লাগি থকা সন্তান এহালৰ জোৰা সোলোকাই পোৱা নাছিলো। আজি এনে এক ঐতিহাসিক কাম কৰিবলৈ পাই মই পৰম সুখ অনুভৱ কৰিছো। ধৈৰ্য ধৰা ভনী, মই কামটো কৰি দিম।”

স্বৰ্গদেউ সন্তানহালৰ ফালে আগবাঢ়িল আৰু সকলোকে বিস্ময়াভিভূত কৰি সন্তানহাল বিধায়িকাৰ কোলাত তুলি দিলে। কোঠাটোত তেতিয়া কাঁহ পৰি জীণ যোৱা অৱস্থা। এইবাৰ স্বৰ্গদেৱে এটি কেচুঁৱাৰ কাণত ফুচ্ফুচাই কিবা ক’লে (গুপুত মন্ত্ৰ), তাৰপিছত অইনটো কেচুঁৱাৰ কাণতো ফুচ্ফুচাই কিবা ক’লে।

সময় যেন স্তব্ধ হৈ গ’ল।

চিকিৎসা বিজ্ঞানৰ সমস্ত জ্ঞান-তত্ত্ব-তথ‍্য–সকলোকে বুঢ়া আঙুলি দেখুৱাই পেটে পেটে জোৰা লাগি থকা সন্তানহালৰ জোৰাটো নিমিষতে খুলি গ’ল। সকলোকে স্তম্ভিত কৰি দুয়োটা সন্তান পৃথক হৈ পৰিল।

Twin babies 1

অভাৱনীয় আনন্দত হিয়া মথি ওলাই অহা চকুলো মচি হাঁহি হাঁহি, কান্দি কান্দি মহিলাগৰাকী পুনৰ স্বৰ্গদেউৰ চৰণত ঢলি পৰিল।

সকলোৱে সমস্বৰে কৈ উঠিল-

জয় স্বৰ্গদেউৰ জয়।

জয় স্বৰ্গদেউৰ জয়।।

বিধায়িকা স্বৰ্গদেউৰ ফালে আগবাঢ়ি গ’ল, আৰু…….

(ছে:, এনে সময়তে পৰা ফোনটো আহিব লাগেনে….সাৰ পাই গ’লো নহয়!)

Twin Babies

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: জয় স্বৰ্গদেউৰ জয়
Anjan Sarma

Anjan Sarma

Related Posts

Mahabahu – Special Issue
Special Report

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

by Anjan Sarma
November 14, 2025
0

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান ! 175+ Years Of Media in Assam অঞ্জন শৰ্মা অঞ্জন শৰ্মা অসমৰ সংবাদ জগতৰ ঐতিহাসিক...

Read moreDetails
গ্ৰহণী ৰোগ

গ্ৰহণী ৰোগ

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

November 10, 2025
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

November 10, 2025
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

November 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    134 shares
    Share 54 Tweet 34
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d