• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

ৰেজাউল কৰিম

by Anjan Sarma
November 4, 2023
in Travel, Inspiration
Reading Time: 3 mins read
0
ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত
Share on FacebookShare on TwitterShare on LinkedIn

ঝাৰগ্ৰামৰ আশ্ৰম

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

কলিকতালৈ আহি ক’তনো ফুৰিবলৈ যাম তাকেই ভাবি আছিলোঁ। কিন্তু মকবুল ইছলাম চাহাবে আগতেই ঠাই ঠিক কৰি থৈছিল। তেওঁ কলে যে ঝাৰগ্ৰামত এখন আশ্ৰম আছে তালৈ মোক লৈ যাব।

আশ্ৰম বুলি শুনি মনটো ভাল লাগি গ’ল। কাৰণ মই কেতিয়াও আশ্ৰমত থাকি পোৱা নাই। কিন্তু এটা সময়ত মনটো অলপ কোচ খায়ো গৈছিল যেতিয়া শুনিছিলোঁ যে ঠাই টুকুৰা এটা সময়ত মাওবাদী উপদ্ৰুত এলেকা আছিল। 

আমি এক জুন তাৰিখে steel express ফাষ্ট ট্ৰেইনেৰে আহি ৰাতি চাৰে আঠমান বজাত আশ্ৰম পালোঁ। আহোতে মকবুল চাহাবে এটা তৰমুজ, কিছু ফলমূল,কিছু মিঠাই আৰু আন কিছু বস্তু কিনি লৈছিল। আশ্ৰমৰ পৰা এখন গাড়ী পঠিয়াই দিছিল।

মই দেখিলো গাড়ীৰ ড্ৰাইভাৰে তেওঁক চিনি পায়। গাড়ীখন গৈ আশ্ৰম পোৱাত তেখেত ভিতৰলৈ সোমাই গ’ল আৰু গেৰুৱা বসন পিন্ধি থকা সন্যাসী এগৰাকীক ‘মা প্ৰণাম ‘ বুলি চৰণ স্পৰ্শ কৰিলে। কাষতে মই বুৰ্বকৰ দৰে থিয় দি থাকিলোঁ। কাৰণ এইখন কি আশ্ৰম আৰু আশ্ৰমৰ নিয়ম নীতি কি মই নাজানিছিলোঁ।

অলপ সময়ৰ ভিতৰত আশ্ৰমৰ কেবাগৰাকী ‘মা‘ আহি সমগ্ৰ পৰিবেশটো উখল মাখল কৰি তুলিলে, যেন বহুদিনৰ মূৰত ঘৰলৈ কোনো আপোনজন আহিছে।

এনেতে তেখেতে প্ৰণাম কৰা গৌৰী মায়ে হাতত এটা ডাঙৰ কেক লৈ টেবুল এখনত থৈ ক’লে যে ফেচবুকৰ পৰা তেওঁলোকে গম পাইছে যে আজি মকবুল চাহাবৰ জন্মদিন। গতিকে সকলোৱে মিলি আজি তেওঁৰ জন্মদিন পালন কৰিবলৈ এটা নিৰামিষ কেক অৰ্ডাৰ কৰি আনিছে। মকবুল ইছলাম যিহেতু নিৰামিষভোজী গতিকেই নিৰামিষ কেক।

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

সমগ্ৰ ঘটনাত আমি আচৰিত হোৱাৰ পাল। কাৰণ মকবুল ইছলামে দিনত মোক এবাৰো কোৱা নাছিল যে আজি তেওঁৰ জন্মদিন। আনকি তেখেতসকলকো মকবুল ইছলামে তেওঁৰ জন্মদিন সম্পৰ্কে একো কোৱা নাছিল । জন্মদিন পতা হবই যেতিয়া মকবুল চাহাবে ক’লে যে কেক কাটি নহয় তৰমুজ কাটিহে জন্মদিন পালন কৰিব। কিন্তু কেকটোও সকলোৱে ভগাই খাব।

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

তৰমুজ আৰু কেক কটা হ’ল কিন্তু Happy Birthday বোলা নহ’ল। তাৰ সলনি তৰমুজ আৰু কেকৰ টুকুৰা কেইটামান এখন কাঁহীত লৈ বাবাক আগবঢ়াই দিয়া হ’ল। বাবা হ’ল আশ্ৰম খনৰ প্ৰতিষ্ঠাতা  স্বামী শৰ্বানন্দ। আনুমানিক 1946 চন মানত এই আশ্ৰমখন তেখেতে প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আৰু ৰামকৃষ্ণ মিছনৰ এসময়ৰ উপসভাপতি স্বামী শৰ্বানন্দই মহিলা সকলৰ শিক্ষা আৰু  উত্তৰণৰ বাবে সুকীয়াকৈ সাৰদাপীঠ কন্যা গুৰুকুল আশ্ৰম প্ৰতিষ্ঠা কৰে। 

আমি এইখন কন্যা গুৰুকুলৰ আলহী । মকবুল ইছলাম চাহাবে তেওঁৰ জন্মদিনৰ তৰমুজ আৰু কেক সকলোকে ভগাই দিলে। গুৰুকুলৰ ছাত্ৰী নিবাসত প্ৰায় দুশ গৰাকী ছাত্ৰী থাকে। বেছিভাগেই আদিবাসী সম্প্ৰদায়ৰ। বৰ্তমান ছাত্ৰীৰ সংখ্যা তাকৰ। সকলোৱে শাৰী পাতি তৰমুজ আৰু কেক লৈছে। লগে লগে প্ৰত্যেকেই মকবুল ইছলামৰ চৰণ স্পৰ্শ কৰিছে। এয়া গুৰু পৰম্পৰা। সকলোৱেই মকবুল চাহাবক গুৰুৰ আসনত ৰাখিছে। 

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত
আশ্ৰম খনত স্কুল

ঝৰগ্ৰাম নক্সাল অধ্যুষিত এলেকা। এসময়ত ঠাইখনত কোনোৱেই সুৰক্ষিত অনুভব কৰা নাছিল। ব্যতিক্ৰম আছিল এইখন আশ্ৰম। কাৰণ আশ্ৰমখনে  আদিবাসী পৰিয়ালৰ ছোৱালীৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আশ্ৰম খনত স্কুল আছে।  ছাত্ৰীৰ সংখ্যা হাজাৰৰ অধিক। বেছিভাগেই আদিবাসী। 

আশ্ৰমখনৰ মূল পৰিচালনাৰ ভাৰ যি কেইগৰাকী ‘মা’ৰ ওপৰত তাৰ ভিতৰত অন্যতম হৈছে  গৌৰী মা, গীতা মা, প্ৰয়াস মা আৰু মলী মা। গৌৰী মা উচ্চ শিক্ষিতা। ইকনমিক্সৰ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এ পাছ কৰা। স্বৰ্ণ মেডেল প্ৰাপক এই গৰাকী নাৰীয়ে কেৱল সমাজ সেৱাৰ কাৰণেই সন্যাস ধৰ্ম গ্ৰহণ কৰি যুৱতীকালত অকলেই এইখন আশ্ৰম লৈ গুচি আহিছিল। এতিয়া এখেত আশ্ৰমখনৰ সচিব।

গীতা মা আশ্ৰমৰ সভানেত্ৰী। তেখেত আশ্ৰম খনৰ বয়সীয়াল ব্যক্তি। প্ৰয়াস মা এগৰাকী অভিযন্তা। সমাজৰ সেৱাৰ বাবে সংসাৰ ধৰ্ম ত্যাগ কৰিছে। মলী মা আশ্ৰম খনৰ ব্যৱস্থাপনাৰ লগত জড়িত। 

মকবুল চাহাবে কৈছিল যে ইয়াত তেখেতৰ এগৰাকী কন্যা আছে। কন্যাৰ নাম কৃষ্ণা। মাক সৰুতে ঢুকাইছে। পিতৃৰ স্নেহৰ পৰা বঞ্চিত। পেহীয়েকৰ স্নেহৰ দ্বাৰা লালিত পালিত। সংস্কৃতৰ স্নাতকোত্তৰ। আশ্ৰমত থাকি বি এড কৰি আছে।

কৃষ্ণাই আহি মকবুল চাহাবক দীৰ্ঘ দি সেৱা কৰি মোকো সেৱা কৰিলে। মই এই পৰিস্থিতিৰ বাবে সাজু নাছিলোঁ। মকবুল চাহাবে কৃষ্ণাক পিতৃৰ দৰে স্নেহ কৰে। সমগ্ৰ দৃশ্য ৰাজীয়ে মোক অভিভূত কৰি পেলালে। মই যেন এখন বেলেগ পৃথিৱীত প্ৰৱেশ কৰিলোঁ। 

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

আশ্ৰমৰ সকলোৰে অলিখিত পৰামৰ্শদাতা হৈছে মকবুল ইছলাম। এইখন আশ্ৰমত দুনিশা কটাই উভতি অহাৰ পৰত সকলোৰে প্ৰশ্ন ‘ আৰু দুদিনমান থকাত অসুবিধা কি ‘। 

গৌৰী মাৰ আব্দাৰ, কলিকতালৈ আহিলে আশ্ৰমলৈ আহিবলৈ নাপাহৰিব। গীতা মাৰ প্ৰশ্ন ‘ আবাৰ কখন আসবে ‘ ?

এই প্ৰশ্নটোৰ আঁৰৰ মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত। এই অভিজ্ঞতা অনন্য।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal
Travel

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

by TARA KUMAR ANGDEMBE
June 29, 2026
0

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal TARA KUMAR ANGDEMBE ​Imagine standing on a vast, endless carpet...

Read moreDetails
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…

Tathā-agata

May 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d