• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

ৰেজাউল কৰিম

by Admin
December 15, 2022
in Travel, Inspiration
Reading Time: 2 mins read
0
ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত
Share on FacebookShare on TwitterShare on LinkedIn

ঝাৰগ্ৰামৰ আশ্ৰম

ৰেজাউল কৰিম

কলিকতালৈ আহি ক’তনো ফুৰিবলৈ যাম তাকেই ভাবি আছিলোঁ। কিন্তু মকবুল ইছলাম চাহাবে আগতেই ঠাই ঠিক কৰি থৈছিল। তেওঁ কলে যে ঝাৰগ্ৰামত এখন আশ্ৰম আছে তালৈ মোক লৈ যাব।

আশ্ৰম বুলি শুনি মনটো ভাল লাগি গ’ল। কাৰণ মই কেতিয়াও আশ্ৰমত থাকি পোৱা নাই। কিন্তু এটা সময়ত মনটো অলপ কোচ খায়ো গৈছিল যেতিয়া শুনিছিলোঁ যে ঠাই টুকুৰা এটা সময়ত মাওবাদী উপদ্ৰুত এলেকা আছিল। 

RelatedPosts

Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
মাজুলীৰ টেকেলি

মাজুলীৰ টেকেলি

January 26, 2023
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

January 23, 2023

আমি এক জুন তাৰিখে steel express ফাষ্ট ট্ৰেইনেৰে আহি ৰাতি চাৰে আঠমান বজাত আশ্ৰম পালোঁ। আহোতে মকবুল চাহাবে এটা তৰমুজ, কিছু ফলমূল,কিছু মিঠাই আৰু আন কিছু বস্তু কিনি লৈছিল। আশ্ৰমৰ পৰা এখন গাড়ী পঠিয়াই দিছিল। মই দেখিলো গাড়ীৰ ড্ৰাইভাৰে তেওঁক চিনি পায়। গাড়ীখন গৈ আশ্ৰম পোৱাত তেখেত ভিতৰলৈ সোমাই গ’ল আৰু গেৰুৱা বসন পিন্ধি থকা সন্যাসী এগৰাকীক ‘মা প্ৰণাম ‘ বুলি চৰণ স্পৰ্শ কৰিলে। কাষতে মই বুৰ্বকৰ দৰে থিয় দি থাকিলোঁ। কাৰণ এইখন কি আশ্ৰম আৰু আশ্ৰমৰ নিয়ম নীতি কি মই নাজানিছিলোঁ।

অলপ সময়ৰ ভিতৰত আশ্ৰমৰ কেবাগৰাকী ‘মা‘ আহি সমগ্ৰ পৰিবেশটো উখল মাখল কৰি তুলিলে, যেন বহুদিনৰ মূৰত ঘৰলৈ কোনো আপোনজন আহিছে। এনেতে তেখেতে প্ৰণাম কৰা গৌৰী মায়ে হাতত এটা ডাঙৰ কেক লৈ টেবুল এখনত থৈ ক’লে যে ফেচবুকৰ পৰা তেওঁলোকে গম পাইছে যে আজি মকবুল চাহাবৰ জন্মদিন। গতিকে সকলোৱে মিলি আজি তেওঁৰ জন্মদিন পালন কৰিবলৈ এটা নিৰামিষ কেক অৰ্ডাৰ কৰি আনিছে। মকবুল ইছলাম যিহেতু নিৰামিষভোজী গতিকেই নিৰামিষ কেক।

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

সমগ্ৰ ঘটনাত আমি আচৰিত হোৱাৰ পাল। কাৰণ মকবুল ইছলামে দিনত মোক এবাৰো কোৱা নাছিল যে আজি তেওঁৰ জন্মদিন। আনকি তেখেতসকলকো মকবুল ইছলামে তেওঁৰ জন্মদিন সম্পৰ্কে একো কোৱা নাছিল । জন্মদিন পতা হবই যেতিয়া মকবুল চাহাবে ক’লে যে কেক কাটি নহয় তৰমুজ কাটিহে জন্মদিন পালন কৰিব। কিন্তু কেকটোও সকলোৱে ভগাই খাব।

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

তৰমুজ আৰু কেক কটা হ’ল কিন্তু Happy Birthday বোলা নহ’ল। তাৰ সলনি তৰমুজ আৰু কেকৰ টুকুৰা কেইটামান এখন কাঁহীত লৈ বাবাক আগবঢ়াই দিয়া হ’ল। বাবা হ’ল আশ্ৰম খনৰ প্ৰতিষ্ঠাতা  স্বামী শৰ্বানন্দ। আনুমানিক 1946 চন মানত এই আশ্ৰমখন তেখেতে প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আৰু ৰামকৃষ্ণ মিছনৰ এসময়ৰ উপসভাপতি স্বামী শৰ্বানন্দই মহিলা সকলৰ শিক্ষা আৰু  উত্তৰণৰ বাবে সুকীয়াকৈ সাৰদাপীঠ কন্যা গুৰুকুল আশ্ৰম প্ৰতিষ্ঠা কৰে। 

আমি এইখন কন্যা গুৰুকুলৰ আলহী । মকবুল ইছলাম চাহাবে তেওঁৰ জন্মদিনৰ তৰমুজ আৰু কেক সকলোকে ভগাই দিলে। গুৰুকুলৰ ছাত্ৰী নিবাসত প্ৰায় দুশ গৰাকী ছাত্ৰী থাকে। বেছিভাগেই আদিবাসী সম্প্ৰদায়ৰ। বৰ্তমান ছাত্ৰীৰ সংখ্যা তাকৰ। সকলোৱে শাৰী পাতি তৰমুজ আৰু কেক লৈছে। লগে লগে প্ৰত্যেকেই মকবুল ইছলামৰ চৰণ স্পৰ্শ কৰিছে। এয়া গুৰু পৰম্পৰা। সকলোৱেই মকবুল চাহাবক গুৰুৰ আসনত ৰাখিছে। 

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত
আশ্ৰম খনত স্কুল

ঝৰগ্ৰাম নক্সাল অধ্যুষিত এলেকা। এসময়ত ঠাইখনত কোনোৱেই সুৰক্ষিত অনুভব কৰা নাছিল। ব্যতিক্ৰম আছিল এইখন আশ্ৰম। কাৰণ আশ্ৰমখনে  আদিবাসী পৰিয়ালৰ ছোৱালীৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আশ্ৰম খনত স্কুল আছে।  ছাত্ৰীৰ সংখ্যা হাজাৰৰ অধিক। বেছিভাগেই আদিবাসী। 

আশ্ৰমখনৰ মূল পৰিচালনাৰ ভাৰ যি কেইগৰাকী ‘মা’ৰ ওপৰত তাৰ ভিতৰত অন্যতম হৈছে  গৌৰী মা, গীতা মা, প্ৰয়াস মা আৰু মলী মা। গৌৰী মা উচ্চ শিক্ষিতা। ইকনমিক্সৰ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এ পাছ কৰা। স্বৰ্ণ মেডেল প্ৰাপক এই গৰাকী নাৰীয়ে কেৱল সমাজ সেৱাৰ কাৰণেই সন্যাস ধৰ্ম গ্ৰহণ কৰি যুৱতীকালত অকলেই এইখন আশ্ৰম লৈ গুচি আহিছিল। এতিয়া এখেত আশ্ৰমখনৰ সচিব। গীতা মা আশ্ৰমৰ সভানেত্ৰী। তেখেত আশ্ৰম খনৰ বয়সীয়াল ব্যক্তি। প্ৰয়াস মা এগৰাকী অভিযন্তা। সমাজৰ সেৱাৰ বাবে সংসাৰ ধৰ্ম ত্যাগ কৰিছে। মলী মা আশ্ৰম খনৰ ব্যৱস্থাপনাৰ লগত জড়িত। 

মকবুল চাহাবে কৈছিল যে ইয়াত তেখেতৰ এগৰাকী কন্যা আছে। কন্যাৰ নাম কৃষ্ণা। মাক সৰুতে ঢুকাইছে। পিতৃৰ স্নেহৰ পৰা বঞ্চিত। পেহীয়েকৰ স্নেহৰ দ্বাৰা লালিত পালিত। সংস্কৃতৰ স্নাতকোত্তৰ। আশ্ৰমত থাকি বি এড কৰি আছে। কৃষ্ণাই আহি মকবুল চাহাবক দীৰ্ঘ দি সেৱা কৰি মোকো সেৱা কৰিলে। মই এই পৰিস্থিতিৰ বাবে সাজু নাছিলোঁ। মকবুল চাহাবে কৃষ্ণাক পিতৃৰ দৰে স্নেহ কৰে। সমগ্ৰ দৃশ্য ৰাজীয়ে মোক অভিভূত কৰি পেলালে। মই যেন এখন বেলেগ পৃথিৱীত প্ৰৱেশ কৰিলোঁ। 

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

আশ্ৰমৰ সকলোৰে অলিখিত পৰামৰ্শদাতা হৈছে মকবুল ইছলাম। এইখন আশ্ৰমত দুনিশা কটাই উভতি অহাৰ পৰত সকলোৰে প্ৰশ্ন ‘ আৰু দুদিনমান থকাত অসুবিধা কি ‘। 

গৌৰী মাৰ আব্দাৰ, কলিকতালৈ আহিলে আশ্ৰমলৈ আহিবলৈ নাপাহৰিব। গীতা মাৰ প্ৰশ্ন ‘ আবাৰ কখন আসবে ‘ ?

এই প্ৰশ্নটোৰ আঁৰৰ মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত। এই অভিজ্ঞতা অনন্য।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Must Visit Places in Jammu
Travel

Must Visit Places in Jammu

by Admin
January 30, 2023
0

Must Visit Places in Jammu AGRITA CHHIBBER Agrita Chhibber Raja Jambu Lochan was the one who established this district named...

Read more
মাজুলীৰ টেকেলি

মাজুলীৰ টেকেলি

January 26, 2023
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

January 23, 2023
Holy Shrine of Shri Mata Vaishno Devi

Holy Shrine of Shri Mata Vaishno Devi

January 20, 2023
green pasture

Tour Guide to Must Visit Places in Kashmir

January 18, 2023
light city road people

A Day in Luxembourg

January 17, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: