টকা পিছল খোৱা নাই; ডলাৰ হে শক্তিশালী হৈছে !
কাকলি দাস
“টকাই পিছল খাই পৰা নাই বা ছিটিকি যোৱা নাই, ডলাৰ হে শক্তিশালী হৈছে”, নিৰ্মলা সীতাৰমণে এনেদৰে কোৱাৰ পিছতেই ‘মিম’ প্ৰচাৰ হ’বলৈ ধৰিলে – “মই পৰীক্ষাত ফেইল কৰা নাছিলো, ইনভিজিলেটৰে উত্তীৰ্ণ নম্বৰতকৈ কম দিলে”, “টাইটানিক ডুবি যোৱা নাছিল; পানীৰ হে দোষ আছিল”, “আমি মেচখনত পৰাস্ত হোৱা নাছিলো, বিপৰীত দলটোহে জয়ী হৈছিল”, আৰু বহুতো!
এইবোৰৰ কিবা যুক্তি আছেনে?
বিত্তমন্ত্ৰীৰ এই বক্তব্যক মানুহে উপহাস কৰিছিল, আৰু এনেধৰণৰ উদ্ভত যুক্তিৰ কথা মনত পেলাইছিল – সেই যে এসময়ত নৰেন্দ্ৰ মোডীয়ে কৈছিল – “আচলতে বতৰ ঠাণ্ডা নহয়, কিন্তু বয়সৰ বাবে মানুহৰ ঠাণ্ডাৰ প্ৰতি সহনশীলতা হ্ৰাস পাইছে। একেদৰে জলবায়ুও সলনি হোৱা নাই, আমিহে সলনি হৈছো।” (লাহে ধীৰে হাত চাপৰি দিয়ক)
নিৰ্মলা সীতাৰমণে যি কৈছে, সেয়া কাৰিকৰীভাৱে শুদ্ধ নে ভুল? আচলতে তেওঁ যুক্তিগত আৰু কাৰিকৰীভাৱে শুদ্ধ। কিন্তু চকুত লগাতকৈও অইন বিষয় বেছি আছে!
যদি নিৰ্মলা সীতাৰমণ বিৰোধী পক্ষত থাকিলহেতেন , তেন্তে এনেধৰণৰ এটা বক্তব্যক তেওঁ নিজেই ঠাট্টা কৰিলেহেতেন। আচলতে তেওঁ আগতে বিৰোধী হৈ থকাৰ সময়ত টকাৰ ওপৰত মন্তব্য কৰিছিল।
ডলাৰ শক্তিশালী হৈছে নেকি?
শুকুৰবাৰে ১ আমেৰিকান ডলাৰ আছিল ৮২.৩৫ টকা, আৰু হয়তো তললৈ নামিব – ডলাৰ নিঃসন্দেহে অবিৰতভাৱে শক্তিশালী হৈ আছে। ১ জানুৱাৰীত ৭৪.৫০ টকাৰ পৰা অক্টোবৰ মাহত ৮২ টকালৈ বৃদ্ধি পাইছে টকাৰ বিপৰীতে ডলাৰ। মন কৰিবলগীয়া যে সকলো ডাঙৰ মুদ্ৰা – ইউৰো, ব্ৰিটিছ পাউণ্ড, অষ্ট্ৰেলিয়ান ডলাৰ, জাপানীজ য়েন – ডলাৰৰ বিপৰীতে দুৰ্বল হৈ পৰিছে। ডলাৰ সূচকাংক ৯% বৃদ্ধি পাইছে (২০ বছৰৰ ভিতৰত সৰ্বোচ্চ)। সেয়েহে ডলাৰ যে শক্তিশালী হৈ উঠিছে তাত কোনো সন্দেহ নাই।
ডলাৰ কিয় শক্তিশালী হৈছে?
কাৰণ আমেৰিকাৰ অৰ্থনীতি আন অৰ্থনীতিতকৈ মৌলিকভাৱে শক্তিশালী। আমেৰিকাৰ চাকৰিৰ বজাৰে স্থিতিস্থাপকতা দেখুৱাইছে, উচ্চ মুদ্ৰাস্ফীতিৰ পিছতো উত্থান ঘটিছে, সেৱা খণ্ডৰ বৃদ্ধি আদি – এই সকলোবোৰ কাৰকে তেওঁলোকৰ বৃদ্ধিৰ কাহিনীত সহায় কৰিছে। মহামাৰীৰ মাজতে সহায়ৰ পিছত ফেডাৰেল ৰিজাৰ্ভ চিষ্টেমে বৃদ্ধি কৰিছে সুতৰ হাৰ। অৰ্থাৎ অতিৰিক্ত লিকুইডিটি চুহি লোৱা হৈছে, সেয়েহে ডলাৰৰ মূল্য বৃদ্ধি পাইছে।
ইয়াত, ভাৰতত একেধৰণৰ ব্যৱস্থা কিয় নিশ্চিত কৰা হোৱা নাই?
এফালে আমি কওঁ যে ভাৰত সকলো উদীয়মান অৰ্থনীতিৰ মাজত এক উজ্জ্বল স্থান, আৰু এফালে আমি মন্তব্য কৰোঁ – ডলাৰ শক্তিশালী হৈ আছে, আমি দুৰ্বল নহয়। ভণ্ডামিৰো এটা সীমা আছে!
আনতকৈ টকাৰ অৱস্থা ভাল নেকি?
হয়, কিছু পৰিমাণে। ১ ছেপ্টেম্বৰত কোৰিয়ান ইউয়ান/ব্ৰিটিছ পাউণ্ড, অষ্ট্ৰেলিয়াৰ তুলনাত টকাৰ মূল্য ২.৬% লৈ হ্ৰাস পাইছে। ডলাৰ, ছুইডিছ ক্ৰ’না/ চাইনিজ ইউয়ান, ফিলিপাইন পেছ’ যিবোৰৰ মূল্য ক্ৰমে ৬%, ৪.৮%, ৪.১-৪.৬% লৈ হ্ৰাস পাইছে। আন মুদ্ৰাৰ মূল্য USD ৰ বিপৰীতে টকাতকৈ দুগুণ বা তিনিগুণলৈ হ্ৰাস পাইছে।
গতিকে, পৃথিৱীৰ আন মুদ্ৰাবোৰতকৈ আমাৰ অৱস্থা তুলনামূলকভাৱে ভাল, তাত কোনো সন্দেহ নাই। কিন্তু, আমি ক্ষুধা সূচকাংকতো তুলনামূলকভাৱে ভাল – আমি আফগানিস্তানতকৈ ভাল – গতিকে, ই সহায় কৰেনে?
পাহৰি নাযাব যে আমেৰিকাৰ বাবে ২% বৃদ্ধি ভাল কাৰণ ই এক অতি বৃহৎ অৰ্থনীতি – আমাৰ বাবেও একে আদৰ্শ নহয়।
টকা কিয় পিছলি পৰিল?
সঁচা কথাটো হ’ল, টকা দুৰ্বল হৈ পৰিছে– গতিকে আমি আমাৰ অহংকাৰ এৰি দিব লাগিব৷
মুদ্ৰাৰ মূল্য হ্ৰাস ৰোধ কৰাৰ প্ৰয়াসেৰে ২০২১ চনৰ অক্টোবৰ মাহত ৬৪২ বিলিয়ন ডলাৰৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহত ৫৩২ বিলিয়ন ডলাৰলৈ ফৰেক্স ৰিজাৰ্ভ যথেষ্ট হ্ৰাস পাইছে।
টকা সুস্থিৰ কৰাৰ স্বাৰ্থত আৰ বি আইয়ে ব্যয় কৰিলে ১১০ বিলিয়ন ডলাৰ। তথাপিও ১ মাৰ্চৰ ভিতৰত ১ আমেৰিকান ডলাৰ ৮৪/৮৫ ভাৰতীয় টকা পৰ্যন্ত হ’ব পাৰে।
(ৰাজনীতিক একাষৰীয়া কৰি ৰাখি) মাৰ্চ মাহৰ ভিতৰত টকাৰ মূল্য কিয় কমিছে আৰু কিয় অধিক পিছলি পৰিব পাৰে?
টকাৰ পতনৰ কাৰণ
• বৃদ্ধি পোৱা খাৰুৱা তেলৰ মূল্য
• উচ্চ বাণিজ্যিক ঘাটি
• বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস কৰা
• বিদেশী মূলধনৰ বহিঃপ্ৰবাহ
ওপৰৰ সকলোবোৰ কাৰণ বুজিব লাগে বা লক্ষ্য ৰাখিব লাগে।
কাৰণ যেতিয়া ডলাৰৰ জনপ্ৰিয়তা বৃদ্ধি পায়, তেতিয়া বিনিয়োগকাৰীসকলেও ইয়াৰ অংশ হ’ব বিচাৰে, ইয়াক এটা নিৰাপদ বিনিয়োগ বুলি গণ্য কৰে। আৰু ভাৰতৰ দৰে উদীয়মান অৰ্থনীতিবোৰ অধিক অস্থিৰ, গতিকে ধন বিনিয়োগকাৰীয়ে টানি আনে। কিন্তু ভিয়েটনামৰ মুদ্ৰাৰ মূল্য ১% হ্ৰাস পাইছে, আনহাতে আমাৰ মুদ্ৰাৰ মূল্য ১০% হ্ৰাস পাইছে।
কিয়?
দ্বিতীয়তে, যেতিয়া বিনিয়োগকাৰীয়ে টকা টানি আনে তেতিয়া ভাৰতৰ টকাৰ মূল্য হ্ৰাস পায়। বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে (এফপিআই) ২৩ বিলিয়ন ডলাৰ বিক্ৰী কৰিলে – কিয়?
ভাৰতীয় বজাৰে ৰিটাৰ্ণ দিব বুলি আশা কৰি এইখিনি বিনিয়োগ কৰা হৈছিল। নেট ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টে কুশ্বন দিয়ে। কিন্তু, সামগ্ৰিকভাৱে এই মুহূৰ্তত বিনিয়োগকাৰীৰ মনোভাৱ অনুকূল নহয় – ভাৰত অনুকূল গন্তব্যস্থান নহয়।
তৃতীয়তে, টকাৰ মূল্য যেতিয়া হ্ৰাস পায়, খাৰুৱা তেল ক্ৰয় কৰাটো অধিক ব্যয়বহুল হৈ পৰে। সেইটোৱে মুদ্ৰাটোক আৰু অধিক দুৰ্বল কৰি তোলে। আমি সকলোৱে জানো যে খাৰুৱা তেলৰ মূল্যই অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলায়।
আমাৰ মুদ্ৰাৰ সৈতে জড়িত দুটা মিছা কথা বাতিল কৰা উচিত –
প্ৰথমটো মিছা, “২০১৩ চনৰ দুৰ্ঘটনাটো চৰকাৰৰ ভুলৰ বাবেই হৈছিল, কিন্তু ই অৱনতি নহয়”। ২০১৩ চনত টকা একেধৰণৰ কাৰণতে ক্ৰমাৎ দুৰ্বল হৈছিল, অৱশ্যে আন অৰ্থনীতিসমূহৰ অৱস্থা ভাল হৈছিল, কিন্তু কাৰণসমূহ একেই আছিল – আমদানিৰ পৰা ডলাৰৰ চাহিদাৰ উত্থান, মূলধনৰ বাহিৰলৈ ওলোৱা, পৰিমাণগত শিথিলতাত আনৱাইণ্ডিং, উচ্চ আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্য, চলিত একাউণ্টৰ ঘাটি, আৰু আৰ বি আইৰ নিয়ন্ত্ৰণৰ ব্যৰ্থ প্ৰচেষ্টা পতনশীল টকা।
এটা তীব্ৰ পাৰ্থক্য আছে – সেই সময়ত এই ধৰণৰ যুক্তি ব্যৱহাৰ কৰা হোৱা নাছিল যে “টকাই নিজৰ স্বাভাৱিক গতিপথ বিচাৰি পাইছে” (সীতাৰমনৰ এটা বক্তব্য)। এই মন্তব্যবোৰ আগতে ব্যৱহাৰ হোৱা নাছিল – এতিয়াহে হৈছে। বহুতো অৰ্থনৈতিক কাৰকে টকাক প্ৰভাৱিত কৰে, কিছুমান নিয়ন্ত্ৰণত আৰু কিছুমানে নহয়। মহামাৰী আৰু যুদ্ধৰ দৰে ঘটনাবোৰ অভাৱনীয় কাৰক, আমি এই সময়বোৰত নিজকে শক্তিশালী আৰু স্থিতিস্থাপক কৰি ৰাখিব লাগিব।
টকাৰ ওপৰত যি ৰাজনীতি ২০১৪ চনৰ আগতে বিজেপিয়ে ব্যৱহাৰ কৰিছিল, এতিয়া পূৰ্ণ চক্ৰ আহি পৰিছে, অন্ততঃ ৰাজনীতিত। নৰেন্দ্ৰ মোদীয়েই ২০১৪ চনৰ আগতে তদানীন্তন চৰকাৰক অৱনতি ঘটা অৰ্থনীতি সন্দৰ্ভত এনেধৰণৰ বক্তব্যৰে সমালোচনা কৰিছিল- “Ineffective clueless leadership worsens an already bad scenario”, “dollar strengthening while rupee weakening is not good for country” ইত্যাদি, আৰু এতিয়া, এতিয়া… দায়িত্ব প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ ওপৰতেই আছে, কিন্তু তেওঁ বধিৰ আৰু বোবাৰ অভিনয় কৰি আছে।
দ্বিতীয় মিছা, টকা দুৰ্বল হ’লে ৰপ্তানি উদ্যোগ বহু পৰিমাণে লাভৱান হ’ব। এইটো সঁচা যে টকাৰ মূল্য হ্ৰাস হ’লে কিছুমান ৰপ্তানিকাৰকে সুবিধা ল’ব৷ কিন্তু, ভাৰত এখন নেট আমদানিকাৰক দেশ হোৱাৰ বাবে ইয়াৰ যথেষ্ট লোকচান হয়, তেল, গেছ, কেঁচামাল আদিৰ দৰে ক্ৰয় কৰাত আৰু মূলধনী নিবিড় উদ্যোগবোৰে হিট লয়।
গহনা অটোম’বাইল আদিত ব্যৱহৃত কেঁচামাল যদি ব্যয়বহুল হয়, তেন্তে শেষৰ উৎপাদন ব্যাপক হ’ব আৰু ৰপ্তানিও ফলপ্ৰসূভাৱে ব্যয়বহুল হ’ব।
ভাৰতত যিকোনো প্ৰকাৰে ব্যৱসায়িক সামগ্ৰী ৰপ্তানি ৯ মাহৰ ভিতৰত কম হৈছে, অৰ্থাৎ আগষ্ট মাহত ৩৩.৯২ বিলিয়ন ডলাৰ। সকলো মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে, গতিকে প্ৰতিযোগিতামূলক সুবিধা নাই।
ইয়াৰ প্ৰভাৱ ভাৰতত কেনেকুৱা হয়?
• মুদ্ৰাস্ফীতি বৃদ্ধি – টকাৰ মূল্য হ্ৰাসৰ প্ৰভাৱ – ৮০%তকৈ অধিক খাৰুৱা তেল আমদানি কৰা হয় – যিয়ে মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব।
• দামী সামগ্ৰী – আমদানি কৰা সামগ্ৰী যেনে ইলেক্ট্ৰনিকছ – লেপটপ, ফ্ৰীজ, ফোন, টিভি, ছ’লাৰ পেনেল আদি সকলো ব্যয়বহুল হ’ব, কাৰণ টকাৰ মূল্য হ্ৰাস পায়।
• ব্যয়বহুল শিক্ষা আৰু ভ্ৰমণ – বিদেশ ভ্ৰমণৰ বাবে ব্যয়বহুল হ’ব, শিক্ষাৰ খৰচো বৃদ্ধি পাব।
• ষ্টক মাৰ্কেটৰ অস্থিৰতা – বজাৰত বিনিয়োগ অধিক সঘনাই উঠা-নমা কৰিব।
• ব্যয়বহুল ঋণ – বিদেশী ঋণ পৰিশোধ কৰিলে ব্যয়বহুল হ’ব।
• বাণিজ্যিক ঘাটি – কিন্তু, আটাইতকৈ আচৰিত কথাটো হ’ল ভাৰতৰ বাণিজ্যিক ঘাটি ৮৮% বৃদ্ধি পাইছে – বিত্তীয় বৰ্ষ ২২ত ১৯২.৪১ বিলিয়ন ডলাৰ। মোটামুটিভাৱে অনুমান কৰিলে – ৪০০ বিলিয়ন ডলাৰৰ সামগ্ৰী বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল, কিন্তু এখন দেশ হিচাপে আমদানি আছিল ৬০০ বিলিয়ন ডলাৰ। এতিয়া ২০০ বিলিয়ন ডলাৰৰ ঘাটি কোনে পৰিষ্কাৰ কৰিব? এনে অৰ্থনীতি কেনেকৈ শক্তিশালী হ’ব?
সেইবাবেই, টকাৰ মূল্য দিনক দিনে হ্ৰাস পাইছে৷ অতি বৃহৎ বাণিজ্যিক ঘাটি বৃদ্ধি পোৱা অৰ্থনীতিৰ বাবে আদৰ্শ নহয়।
• ৰেমিটেন্স অৰ্থনীতি – ৮৭ বিলিয়ন ডলাৰেৰে ভাৰতে ২০২১ চনত চীনক পৰাস্ত কৰি শীৰ্ষ ৰেমিটেন্স লাভ কৰে।
সমাধান
প্ৰথমতে, সমস্যাটো স্বীকাৰ কৰক, যে অৰ্থনীতি বিপদত পৰিছে – এইটোৱেই ডাঙৰ পদক্ষেপ। এতিয়া বহু অৰ্থনীতিতকৈ ভাৰতৰ অৱস্থা ভাল হোৱাটো এটা সত্য, কিন্তু বিত্তীয় বৰ্ষত সংস্থাসমূহে বৃদ্ধিৰ পূৰ্বাভাস কৰ্তন কৰিছে। ‘মেক ইন ইণ্ডিয়া‘ক নতুন ৰূপ দিয়াৰ প্ৰয়োজন আছে – যিটো আজিলৈকে কেৱল ‘জুমলাবাজী‘ৰ বাহিৰে আন একো নহয়।
• উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
• শ্ৰম নিবিড় উদ্যোগত মনোনিৱেশ কৰা। ভাৰত গোলকীয় সামগ্ৰীৰ কেন্দ্ৰ হ’ব লাগিব, যেনেকৈ বাংলাদেশ বস্ত্ৰৰ হাব হৈ পৰিল। ইণ্ডিয়া ইনকৰ্পৰেশ্যনে দেশত কিয় বিনিয়োগ কৰা নাই বুলি নিজেই প্ৰশ্ন কৰিছিল নিৰ্মলা সীতাৰমণে।
• কৰ সন্ত্ৰাসবাদ বন্ধ কৰক। কথোপকথন বৃদ্ধি কৰিব লাগিব, অহংকাৰ ৰোধ কৰিব লাগিব – ৰাজনীতি কম আৰু কৰ সন্ত্ৰাসবাদ কম।
• ৰাজনীতি কম, অৰ্থনীতি বেছি। অন্যথা চীনৰ লগত থাকিব বিদেশী কোম্পানী।
• অনুকূল ব্যৱসায়িক পৰিৱেশ – ভয় নোহোৱাকৈ আৰু অধিক স্বাধীনতাৰে।
[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)