• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

টাইটানিকৰ স্মৃতি বিজড়িত ৰূপৰ পানীয় আধাৰৰ মূল্য ১ লাখ মাৰ্কিন ডলাৰ

দিলীপ দৈমাৰী

by Anjan Sarma
July 8, 2022
in Special Report
Reading Time: 2 mins read
0
টাইটানিকৰ স্মৃতি বিজড়িত ৰূপৰ পানীয় আধাৰৰ মূল্য ১ লাখ মাৰ্কিন ডলাৰ
Share on FacebookShare on TwitterShare on LinkedIn

টাইটানিক

দিলীপ দৈমাৰী 

টাইটানিকৰ স্মৃতিযুক্ত যিকোনো সামগ্ৰী আজিও অমূল্য। যোৱা ৪ বছৰ পূৰ্বে টাইটানিকৰপৰা উদ্ধাৰ হোৱা এটা কাপ বিক্ৰী হৈছিল ২ লাখ ডলাৰত। আৰু এটি ৰূপৰ পানীয় আধাৰ বিক্ৰী হ’ল ১ লাখ মাৰ্কিন ডলাৰত, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৭৫ লাখ টকাত।

RelatedPosts

Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026

এই ৰূপৰ পানীয় আধাৰটোৰ সৈতে জড়িত হৈ আছে দীঘলীয়া ইতিহাস। পানীয় পাত্ৰটোত সম্ভৱতঃ ব্ৰেণ্ডি ৰখা হৈছিল। পাত্ৰটোৰ মালিক আছিল হেলেন চাৰ্চিল কেণ্ডি। বিশেষজ্ঞসকলে জনোৱা অনুসৰি টাইটানিকত বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে সুকীয়া কোঠা, সুকীয়া ক্ষেত্ৰ, সুকীয়া বিলাসিতাৰ ব্যৱস্থা আছিল।

হেলেন আছিল প্ৰথম শ্ৰেণীৰ যাত্ৰী। হেলেন চাৰ্চিল কেণ্ডি আছিল ইংলেণ্ডৰ ‍‘চাৰ্চিল ব্ৰাদার্ছ’ নামৰ তৎকালীন বস্ত্ৰ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ মালিক। আৰ্থিক স্বচ্ছলতাৰ লগতে বিলাসিতাৰ বাবেও ‍‘চাৰ্চিল ব্ৰাদাৰ্ছ’ৰ সৈতে যুক্ত পৰিয়ালটো আছিল বিশ্ববন্দিত। গতিকে এনে এক পৰিয়ালৰ সৈতে ৰূপৰ পানীয় আধাৰ থকাটো স্বাভাৱিক।

helen
হেলেন চাৰ্চিল কেণ্ডি

কিন্তু সেই পানীয় আধাৰটো আছিল অভিশপ্ত। ছাউদাম্পটনৰপৰা নিউ ইয়ৰ্কৰ উদ্দেশ্যে টাইটানিকে যাত্ৰা আৰম্ভ কৰিছিল ১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে। ১৫ এপ্ৰিলত এই বিশাল জাহাজখনে গন্তব্যস্থানত উপনীত হোৱাৰ দিন আছিল। কিন্তু ১৪ এপ্ৰিল, ১৯১২ চনৰ নিশা ১১ বাজি ৪০ মিনিটত টাইটানিকে বৰফখণ্ডত যেতিয়া খুন্দা মাৰে, তেতিয়া হেলেনে ব্ৰেণ্ডিৰ পিয়লাত চুমা দি আছিল।

মৃত্যু একেবাৰে দুৱাৰডলিত উপস্থিত হোৱা বুলি গম পাই তেওঁ প্ৰিয় সম্পদ ৰূপৰ আধাৰটো উপহাৰ দিছিল সাধাৰণ শ্ৰেণীৰ যাত্ৰী মেকি বেনেটক। তেওঁৰ উদ্দেশ্য আছিল এয়ে যে নিজৰ মৃত্যু হ’লেও যাতে ৰূপৰ আধাৰটো অক্ষত হৈ থাকে!

helen1
ৰূপৰ আধাৰটো

অথচ ভাগ্যৰ কি নিৰ্মম পৰিহাস, ১৫ এপ্ৰিল তাৰিখে যেতিয়া ডুবন্ত টাইটানিকৰ ধ্বংসাৱশেষৰপৰা উদ্ধাৰ কাম আৰম্ভ হয়, তেতিয়া বেনেটৰ নিথৰ শৰীৰ উদ্ধাৰ হৈছিল ডুবন্ত জাহাজৰ ওপৰতেই। অথচ সেই সময়ৰ ৫৩ বছৰৰ হেলেনে ‍‘লাইফ জেকেট’ পিন্ধি জাপ দি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় (যদিও তেওঁৰ ভৰিৰ গোৰোহা ভাঙিছিল)।

১৯১৩ চনত, অর্থাৎ টাইটানিকৰ সলিল সমাধিৰ আঠমাহ পিছত ব্ৰিটেইনৰ প্ৰশাসনে সেই ৰূপৰ পানীয় আধাৰটোৰ মালিক বেনেট বুলি ভাবিয়েই তেওঁৰ ঘৰত সামগ্ৰীবিধ দি থৈ আহিছিল। কাৰণ বেনেটৰ মৃতদেহৰ কাষতেই সামগ্ৰীবিধ উদ্ধাৰ হৈছিল। টাইটানিকৰ সলিল সমাধিৰ ১ বছৰ পিছত ব্ৰিটেইনৰ বাতৰি-কাকতবোৰত অভিশপ্ত ১৪ এপ্ৰিলৰ স্মৃতিচাৰণ হৈছিল আৰু অইন বহুতৰ সৈতে হেলেনেও স্মৃতিচাৰণ কৰিছিল।

titanic
টাইটানিক

হেলেনে বেনেট সম্পৰ্কে বেছি শব্দ খৰচ নকৰি ৰূপৰ সামগ্ৰীবিধৰ বিষয়েই বেছিকৈ লিখিছিল। হেলেনৰ সেই লেখা পঢ়িয়েই বেনেটৰ পত্নীয়ে ৰূপৰ আধাৰটো ওভতাই দিবলৈ ব্যগ্ৰ হৈ পৰে। অৱশেষত ৰূপৰ সামগ্ৰীবিধ হেলেনৰ হাতলৈ আহে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সৈন্যসকলক বিভিন্ন প্ৰকাৰে হেলেনে সহায় কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ শতবৰ্ষ উপলক্ষে হেলেনৰ জিম্মাত থকা কেইপদমান দুষ্প্ৰাপ্য সামগ্ৰীৰ ছবিও প্ৰকাশ কৰা হৈছিল। আৰু তেতিয়াই ৰূপৰ পানীয় আধাৰৰ ছবিও ৰাজহুৱা হৈছিল।

হেলেনৰ ৯০ বছৰ বয়সত, ১৯৪৯ চনত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে ৰূপৰ সেই আধাৰটোৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু অৱশেষত পৰিয়ালে ২৩.০৮.২০১৫ তাৰিখে নিলাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লণ্ডনৰ বিলাসবহুল মিউজিয়াম ‍‘এছ-এছ-চিটি’ত সেই অভিশপ্ত ৰূপৰ পাত্ৰটো ১ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হয় ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: টাইটানিকলণ্ডন
Anjan Sarma

Anjan Sarma

Related Posts

Holi2
Culture

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

by Tonoy Chakraborty
March 4, 2026
0

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion TONOY CHAKRABORTY The Holi festival, celebrated across India as...

Read moreDetails
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d