• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

টাইটানিকৰ স্মৃতি বিজড়িত ৰূপৰ পানীয় আধাৰৰ মূল্য ১ লাখ মাৰ্কিন ডলাৰ

দিলীপ দৈমাৰী

by Anjan Sarma
July 8, 2022
in Special Report
Reading Time: 2 mins read
0
টাইটানিকৰ স্মৃতি বিজড়িত ৰূপৰ পানীয় আধাৰৰ মূল্য ১ লাখ মাৰ্কিন ডলাৰ
Share on FacebookShare on TwitterShare on LinkedIn

টাইটানিক

দিলীপ দৈমাৰী 

টাইটানিকৰ স্মৃতিযুক্ত যিকোনো সামগ্ৰী আজিও অমূল্য। যোৱা ৪ বছৰ পূৰ্বে টাইটানিকৰপৰা উদ্ধাৰ হোৱা এটা কাপ বিক্ৰী হৈছিল ২ লাখ ডলাৰত। আৰু এটি ৰূপৰ পানীয় আধাৰ বিক্ৰী হ’ল ১ লাখ মাৰ্কিন ডলাৰত, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৭৫ লাখ টকাত।

RelatedPosts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
The Mystery of Mayong: What’s Hiding in India’s Magic Village? (2)

The Mystery of Mayong : What’s Hiding in India’s Magic Village? (3)

July 8, 2025

এই ৰূপৰ পানীয় আধাৰটোৰ সৈতে জড়িত হৈ আছে দীঘলীয়া ইতিহাস। পানীয় পাত্ৰটোত সম্ভৱতঃ ব্ৰেণ্ডি ৰখা হৈছিল। পাত্ৰটোৰ মালিক আছিল হেলেন চাৰ্চিল কেণ্ডি। বিশেষজ্ঞসকলে জনোৱা অনুসৰি টাইটানিকত বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে সুকীয়া কোঠা, সুকীয়া ক্ষেত্ৰ, সুকীয়া বিলাসিতাৰ ব্যৱস্থা আছিল।

হেলেন আছিল প্ৰথম শ্ৰেণীৰ যাত্ৰী। হেলেন চাৰ্চিল কেণ্ডি আছিল ইংলেণ্ডৰ ‍‘চাৰ্চিল ব্ৰাদার্ছ’ নামৰ তৎকালীন বস্ত্ৰ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ মালিক। আৰ্থিক স্বচ্ছলতাৰ লগতে বিলাসিতাৰ বাবেও ‍‘চাৰ্চিল ব্ৰাদাৰ্ছ’ৰ সৈতে যুক্ত পৰিয়ালটো আছিল বিশ্ববন্দিত। গতিকে এনে এক পৰিয়ালৰ সৈতে ৰূপৰ পানীয় আধাৰ থকাটো স্বাভাৱিক।

helen
হেলেন চাৰ্চিল কেণ্ডি

কিন্তু সেই পানীয় আধাৰটো আছিল অভিশপ্ত। ছাউদাম্পটনৰপৰা নিউ ইয়ৰ্কৰ উদ্দেশ্যে টাইটানিকে যাত্ৰা আৰম্ভ কৰিছিল ১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে। ১৫ এপ্ৰিলত এই বিশাল জাহাজখনে গন্তব্যস্থানত উপনীত হোৱাৰ দিন আছিল। কিন্তু ১৪ এপ্ৰিল, ১৯১২ চনৰ নিশা ১১ বাজি ৪০ মিনিটত টাইটানিকে বৰফখণ্ডত যেতিয়া খুন্দা মাৰে, তেতিয়া হেলেনে ব্ৰেণ্ডিৰ পিয়লাত চুমা দি আছিল।

মৃত্যু একেবাৰে দুৱাৰডলিত উপস্থিত হোৱা বুলি গম পাই তেওঁ প্ৰিয় সম্পদ ৰূপৰ আধাৰটো উপহাৰ দিছিল সাধাৰণ শ্ৰেণীৰ যাত্ৰী মেকি বেনেটক। তেওঁৰ উদ্দেশ্য আছিল এয়ে যে নিজৰ মৃত্যু হ’লেও যাতে ৰূপৰ আধাৰটো অক্ষত হৈ থাকে!

helen1
ৰূপৰ আধাৰটো

অথচ ভাগ্যৰ কি নিৰ্মম পৰিহাস, ১৫ এপ্ৰিল তাৰিখে যেতিয়া ডুবন্ত টাইটানিকৰ ধ্বংসাৱশেষৰপৰা উদ্ধাৰ কাম আৰম্ভ হয়, তেতিয়া বেনেটৰ নিথৰ শৰীৰ উদ্ধাৰ হৈছিল ডুবন্ত জাহাজৰ ওপৰতেই। অথচ সেই সময়ৰ ৫৩ বছৰৰ হেলেনে ‍‘লাইফ জেকেট’ পিন্ধি জাপ দি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় (যদিও তেওঁৰ ভৰিৰ গোৰোহা ভাঙিছিল)।

১৯১৩ চনত, অর্থাৎ টাইটানিকৰ সলিল সমাধিৰ আঠমাহ পিছত ব্ৰিটেইনৰ প্ৰশাসনে সেই ৰূপৰ পানীয় আধাৰটোৰ মালিক বেনেট বুলি ভাবিয়েই তেওঁৰ ঘৰত সামগ্ৰীবিধ দি থৈ আহিছিল। কাৰণ বেনেটৰ মৃতদেহৰ কাষতেই সামগ্ৰীবিধ উদ্ধাৰ হৈছিল। টাইটানিকৰ সলিল সমাধিৰ ১ বছৰ পিছত ব্ৰিটেইনৰ বাতৰি-কাকতবোৰত অভিশপ্ত ১৪ এপ্ৰিলৰ স্মৃতিচাৰণ হৈছিল আৰু অইন বহুতৰ সৈতে হেলেনেও স্মৃতিচাৰণ কৰিছিল।

titanic
টাইটানিক

হেলেনে বেনেট সম্পৰ্কে বেছি শব্দ খৰচ নকৰি ৰূপৰ সামগ্ৰীবিধৰ বিষয়েই বেছিকৈ লিখিছিল। হেলেনৰ সেই লেখা পঢ়িয়েই বেনেটৰ পত্নীয়ে ৰূপৰ আধাৰটো ওভতাই দিবলৈ ব্যগ্ৰ হৈ পৰে। অৱশেষত ৰূপৰ সামগ্ৰীবিধ হেলেনৰ হাতলৈ আহে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সৈন্যসকলক বিভিন্ন প্ৰকাৰে হেলেনে সহায় কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ শতবৰ্ষ উপলক্ষে হেলেনৰ জিম্মাত থকা কেইপদমান দুষ্প্ৰাপ্য সামগ্ৰীৰ ছবিও প্ৰকাশ কৰা হৈছিল। আৰু তেতিয়াই ৰূপৰ পানীয় আধাৰৰ ছবিও ৰাজহুৱা হৈছিল।

হেলেনৰ ৯০ বছৰ বয়সত, ১৯৪৯ চনত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে ৰূপৰ সেই আধাৰটোৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু অৱশেষত পৰিয়ালে ২৩.০৮.২০১৫ তাৰিখে নিলাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লণ্ডনৰ বিলাসবহুল মিউজিয়াম ‍‘এছ-এছ-চিটি’ত সেই অভিশপ্ত ৰূপৰ পাত্ৰটো ১ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হয় ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: টাইটানিকলণ্ডন
Anjan Sarma

Anjan Sarma

Related Posts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood
Climate Change

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

by Kakali Das
July 9, 2025
0

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood Kakali Das Kakali Das Close your eyes for a...

Read moreDetails
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
The Mystery of Mayong: What’s Hiding in India’s Magic Village? (2)

The Mystery of Mayong : What’s Hiding in India’s Magic Village? (3)

July 8, 2025
Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

Comparative Legal Analysis of the Role of Artificial Intelligence in Human Rights Protection

July 8, 2025
নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

July 7, 2025
স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?

July 6, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d