• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

-পেইম থি গোহাঁই

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা
Share on FacebookShare on TwitterShare on LinkedIn

-পেইম থি গোহাঁই |

টাইফাকেসকল বৰ্তমান অসমত বসবাস কৰা অন্যতম ক্ষুদ্ৰ জনগোষ্ঠী। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইখনমান গাঁৱত বসবাস কৰা তেওঁলোকৰ জনসংখ্যা মাত্ৰ প্ৰায় দুহেজাৰ। দুহেজাৰ জনসংখ্যাৰে আধুনিক বিশ্বত অস্তিত্ব সংগ্ৰামত ব্যস্ত হ’ব লগাটো সঁচাকৈয়ে এক বেদনাদায়ক কথা। নিজা সাংস্কৃতিক বৈশিষ্ট্যখিনি অটুট ৰাখিবৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশেদি বৃহৎ শক্তিসমূহৰ সচেতন অথবা অৱচেতন হেঁচাৰ বিৰুদ্ধে তেওঁলোকে যোৱা সময়ছোৱাত অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈ আহিছে। লিপিবদ্ধ তথ্য অনুসৰি ১৭৭৫ চনত তেওঁলোক অসমলৈ প্ৰব্ৰজন কৰিছিল। প্ৰব্ৰজন কৰাৰ দিনৰেপৰা স্থায়ীভাৱে বসতি স্থাপনৰ বাবে টাইফাকেসকলে নিৰন্তৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হৈছে। যাৰবাবে বিগত সময়ছোৱাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহিছে তেওঁলোক। উত্তৰ-পূৰ্বাঞ্চলত টাইফাকেসকলৰ বসতি স্থাপনৰ ইতিহাস অধ্যয়ন কৰিলেও দেখা যায় যে তেওঁলোকে সময় আৰু পৰিৱেশ অনুৰূপে মিলি লৈ বসবাস কৰিবলৈ প্ৰয়াস কৰি আহিছে।

ঐতিহাসিক পৰিক্ৰমা আৰু টাইফাকেসকলৰ অৱস্থানঃ টাইফাকেসকলৰ ইতিহাস ধৰি ৰখা দুখন পুথি বৰ্তমানে তেওঁলোকৰ সমাজত পোৱা যায়। সেই দুখন পুথি হ’ল— ‘লিক্ খৌখুন’ (ৰাজবংশাৱলী) আৰু ‘লিক্ খৌমৌং’ (জাতীয় বুৰঞ্জী)। এই দুয়োখন পুথিত অসমলৈ প্ৰব্ৰজনৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সময়লৈকে জাতীয় জীৱনৰ আৰু ৰাজবংশৰ নানা উত্থান-পতনৰ বিৱৰণ পোৱা যায়।

টাইফাকেসকলৰ জীৱন সংগ্ৰামৰ ঐতিহাসিক পৰিক্ৰমা অসমৰ লগত যুক্ত হৈছে ১৭৭৫ চনৰ সময়ৰপৰা। সেই সময়ছোৱাতেই টাইফাকেসকল বৰ্তমান উত্তৰ ম্যানমাৰৰ হৌকং উপত্যকাৰপৰা পাটকাই অতিক্ৰম কৰি অসমভূমিত প্ৰৱেশ কৰিছিল আৰু বৰ্তমান অৰুণাচলৰ ‘নংতাও’ নামে ঠাইত বসবাস কৰিছিল। ৰাজনৈতিক বিপৰ্যয়, অৰ্থনৈতিক, সামাজিক, প্ৰাকৃতিক দুৰ্যোগ আদি নানা কাৰণত ১৭৭৫ চনত টাইফাকেসকলে নিজৰ ৰাজ্য এৰি পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰি প্ৰথমতে অৰুণাচলৰ ‘নংতাও’ নামে ঠাইত বসতি স্থাপন কৰে। ‘নংতাও’ত থকা কালছোৱাত টাইফাকেসকলে খামতি আৰু চিংফৌসকলৰ সান্নিধ্যলৈ আহিছিল আৰু তেওঁলোকৰ লগত পাৰস্পৰিক সহযোগিতাৰে বসবাস কৰিছিল। ১৭৯৭ চনত শদিয়াখোৱা গোহাঁইৰ খামতিসকলে কৰা বিদ্ৰোহৰ সময়ত বিদ্ৰোহ দমন কৰিবলৈ অহা আহোম সেনাই খামতিসকলৰ লগতে সমিলমিলে বসবাস কৰা টাইফাকেসকলক তেতিয়াৰ আহোম ৰাজধানী যোৰহাটৰ সমীপৰ দিচৈ নদীৰ পাৰত (বৰ্তমান ককিলামুখত) সংস্থাপিত কৰে। তাতো তেওঁলোক স্থানীয় বাসিন্দাৰ সৈতে বসবাস কৰিবলৈ চেষ্টা কৰিছিল। দিচৈত থকা সময়ছোৱাতেই মানৰ আক্ৰমণ সংঘটিত হয়। বুৰঞ্জীৰ তথ্য মতে আক্ৰমণৰ শেহত ম্যানমাৰলৈ (তেতিয়াৰ ব্ৰহ্মদেশ) উভতি যোৱাৰ সময়ত মান সেনাৰ লগত অহা টাইমূলৰ সৈন্যসকলে টাইফাকেসকলক চিনি পাই পুনৰ নিজৰ দেশলৈ উভতি যাবলৈ নিৰ্দেশ দি যায়। টাইফাকেসকলেও ১৮১৭ চনত মান সৈন্যৰ সৈতে উভতি গৈ বৰ্তমান অৰুণাচলৰ ‘নামচিক’ পায়গৈ। কিন্তু ‘নামচিক’ পোৱাৰ লগে লগে বাৰিষা আৰম্ভ হোৱাত বাট-পথ দুৰ্গম আৰু নানা প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰি মান সেনাপতিৰ সন্মতি সাপেক্ষে টাইফাকেসকল নামচিকতে থাকি যায়। তাৰ পিছত ফাকেসকল ‘মান’ দেশলৈ ঘূৰি যোৱা হৈ নুঠিল। পৰৱৰ্তী সময়ত সমগ্ৰ অসমেই ব্ৰিটিছৰ অধীনলৈ যোৱাত টাইফাকেসকলো পুনৰ ভৈয়ামলৈ নামি আহে আৰু ১৮২৮ চন মানত বুঢ়ীদিহিং নদীৰ পাৰত মাৰ্ঘেৰিটাৰ সমীপত ইংথং নামে ঠাইত নিজাকৈ গাঁও স্থাপন কৰে। তাতেই টাইফাকেসকল পুনৰ চিংফৌসকলৰ সংস্পৰ্শলৈ আহে। ইংথঙৰপৰা সামান্য উজাই টাইফাকেসকল ১৮৩০ চনত বৰফাকে গাঁও প্ৰতিষ্ঠা কৰে। তাত বসবাস কৰা এচামে ১৮৫০ বৰ্ষৰ সময়ছোৱাত বুঢ়ীদিহিং নদীয়েদি ভটিয়াই আহি নাহৰকটীয়াৰ সমীপৰ নামফাকে আৰু টিপামত গাঁও পাতি বসতি স্থাপন কৰে। পৰৱৰ্তী সময়ত এই গাঁৱৰপৰা গৈ অন্য টাইফাকে গাঁওসমূহ প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান টাইফাকে জনগোষ্ঠীয়ে বসবাস কৰা গাঁওসমূহ হৈছে— নাহৰকটীয়াৰ সমীপৰ নামফাকে আৰু টিপামফাকে, মাৰ্ঘেৰিটাৰ সমীপৰ বৰফাকে, মান ম’, নংলাই, লংফাকে, লিডুৰ সমীপৰ মৌংলাং, টিৰাপ গেটৰ সমীপৰ নিংগাম আৰু জাগুনৰ সমীপৰ ফানেং আদি। তাৰ বাহিৰেও অৰুণাচলত বিক্ষিপ্তভাৱে অন্য জনগোষ্ঠীৰ সৈতে টাইফাকেসকল বসবাস কৰি আছে।

টাইফাকেসকলৰ সমাজ জীৱনঃ টাইফাকেসকল বৌদ্ধধৰ্মাৱলম্বী। ফলত দেখা যায় সাম্প্ৰতিক সময়ত তেওঁলোকৰ সমাজ জীৱনৰ বৌদ্ধ দৰ্শনৰ নানা দিশ প্ৰতিফলিত হৈছে। তেওঁলোকে পালন কৰা উৎসৱ আৰু অন্যান্য অনুষ্ঠানতো তাৰ প্ৰতিফলন ঘটিছে। সেই দৃষ্টিৰে টাইফাকেসকলৰ উৎসৱ দুটা ভাগত ভগাব পাৰি— লোক-উৎসৱ আৰু ধৰ্মীয় উৎসৱ। অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ বহুখিনিও পূৰ্বতে লোক পৰম্পৰাৰেই চলি আহিছিল। যিবোৰ উৎসৱ-অনুষ্ঠানৰ লোক পৰম্পৰা আৰু ধৰ্মীয় ৰীতিৰ সমন্বয় ঘটিছে সেইবোৰৰ ভিতৰত হ’ল— ‘পয় চাং কেন’, (বহাগ বিহুৰ সময়ত), ‘পয় অকৱা’ (আহিনৰ পূৰ্ণিমাত), ‘পয় কানট’ সাংঘা’ (অকৱাৰ এমাহৰ পিছত), ‘পয় মাইক’ চুম ফাই’ (মাঘ মাহৰ পূৰ্ণিমাত), ‘পয় নৌন চি’ (ফাগুনৰ পূৰ্ণিমাত) আৰু বছৰৰ বিভিন্ন সময়ত পাতিব পৰা ‘পয় কাত্থিং’, ‘পেত মোন চি হেইং’, ‘পয় মৌ হেইং’, ‘পয় খাম চাং’ মাংকালা (ঘৰৰ মংগল কামনা কৰি কৰা ঘৰুৱা অনুষ্ঠান) আদি। তাৰ বিপৰীতে এতিয়াও তেওঁলোকৰ সমাজত কিছুমান লোক পৰম্পৰা প্ৰচলিত হৈ আহিছে। যিবোৰত বৌদ্ধ ভিক্ষুৰ প্ৰয়োজন নহয় আৰু ধৰ্মীয় পৰম্পৰাৰে অনুশীলন কৰা নহয়। তাৰ ভিতৰত— ‘হংখন’ (ৰোগীক আৰোগ্য কৰা বিশেষ অনুষ্ঠান), শিশুৰ নামকৰণ অনুষ্ঠান, বিবাহ অনুষ্ঠান আদি। তদুপৰি তেওঁলোকৰ মাজত এতিয়াও ‘চাও চৌ’ (জাতি তথা গাঁওখনৰ সকলো অপশক্তিৰপৰা ৰক্ষা কৰা শক্তি)ৰ বিশ্বাস কৰে আৰু বছৰত দুবাৰ তাৰ পূজা-অৰ্চনা কৰা হয়। আনহাতে প্ৰতি আঠদিনৰ মূৰে মূৰে ‘গেনা’ (টাইফাকে ভাষাত ‘ৱান কাম’) পালন কৰাটোও টাইফাকে সমাজ জীৱনৰ অন্যতম বৈশিষ্ট্য। এই দুটা দিনত পথাৰত হাল বোৱা, মাটি খন্দা, দা-কুঠাৰ আদিৰ কাম কৰা আৰু পুৱা-গধূলি বেছি হাই-উৰুমি নকৰা আনকি উক্ত দুদিনত বিশেষ হাই-উৰুমি নকৰা আনকি উক্ত দুদিনত ৰাজহুৱা আৰু ঘৰুৱা উৎসৱ অনুষ্ঠান আয়োজিত নকৰা কাৰ্যই ‘গেনা’ দিনৰ গুৰুত্বৰ কথা অনুমান কৰিব পাৰি। গতিকে দেখা যায় বৰ্তমান টাইফাকেসকলৰ মাজত ধৰ্মীয় পৰম্পৰা তথা ভাবনাই যেনে স্থান লাভ কৰিছে অনুৰূপ ধৰণেৰে গুৰুত্ব লাভ কৰি আছে লোক পৰম্পৰাসমূহো।

খাদ্যাভ্যাসৰ ক্ষেত্ৰতো টাইফাকেসকলৰ সুকীয়া বৈশিষ্ট্য আছে। তেওঁলোকে জাতীয় খাদ্য হিচাপে খোৱা খাদ্যসমূহৰ ভিতৰত — ‘পা চৌম’ (টেঙা মাছ) (এইবিধ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ এসপ্তাহৰ প্ৰয়োজন হয়), ‘পা-চা’ (কেঁচা উৰিয়াম পাতৰ সৈতে তৈয়াৰ কৰা মাছৰ জোল), ‘খাও হ” (টোপোলা ভাত), ‘খাও লাম’ (চুঙাভাত), ‘খাও পুক’ (এবিধ পিঠা), ‘পেং হ’খান’ (এবিধ পিঠা), পা-পুক (তৰকাৰি বিশেষ), ‘পাকাত চৌম’ (লাইশাকৰ টেঙা) আদি। এইবিলাকৰ প্ৰস্তুত প্ৰণালী আন জনগোষ্ঠীৰ সৈতে নিমিলে। এইখিনিৰ লগতে তেওঁলোকৰ দৈনন্দিন খাদ্য সামগ্ৰীৰ তালিকাত বনৰীয়া শাক-পাচলি ব্যৱহাৰ কৰে। সেইবোৰৰ ভিতৰত হ’ল— মেছাকী (খাংখা), মেডেলুৱা (পালাপ মৌন), মেজেঙা (কান জাং), তেজমুৰী (নাম হম), মানিমুনি (পানাং), তিতাকচি (পানিত), নেফাফু (খিকাই), উৰিয়াম গছৰ পাত (খুমফাত) আদি।

এইবোৰৰ বাহিৰেও যিবোৰ স্বকীয় বৈশিষ্ট্যৰ বাবে টাইফাকেসকলক পৃথকে আলোচনা কৰিব পাৰি, সেইবোৰ হ’ল— স্বকীয় সাজপাৰ আৰু সেইবোৰ নিজে বোৱা আৰু ৰং কৰা পদ্ধতি, যেনে— ‘ফা’ (লুঙি), ‘চিন’ (মেখেলা), ‘নাংৱাত’ (বিবাহিত মহিলাই বুকুত পিন্ধা মেঠনি), ‘ফা ফ’ক’ (অবিবাহিতা মহিলাই লোৱা চাদৰ), ‘নাংৱাত পজুং’ (বিয়াৰ সময়ত কইনাই মুগাৰে প্ৰস্তুত কৰা আৰু বুকুত পিন্ধা কাপোৰ), ফাহু (বয়োজ্যেষ্ঠসকলে মূৰত লোৱা পাগুৰি) আদি।

অসমত যিবোৰ জনগোষ্ঠীয়ে এতিয়াও চাংঘৰৰ পৰম্পৰা ধৰি ৰাখিছে তাৰ নিৰ্মাণৰ শৈলী আৰু ব্যৱহাৰ সকলো ক্ষেত্ৰতে কিছুমান নিৰ্দিষ্ট পাৰ্থক্য দেখা যায়। আনহাতে, জনগোষ্ঠীটোৰ সাংস্কৃতিক জীৱনৰ অংগ হিচাপে পৰিগ্ৰহ লাভ কৰাৰ অন্তত চাংঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো বহু নীতি-নিয়ম মানি চলিবলগীয়া হয়। টাই ভাষাত চাংঘৰক কোৱা হয় ‘হৌনহাং’ (হৌন অৰ্থাৎ ঘৰ, হাং অৰ্থাৎ চাং)। টাইফাকেসকলৰ চাংঘৰ সাধাৰণতে সাতটা স্তৰ থাকে। অৰ্থাৎ মাটিত পোতা খুঁটাৰপৰা মানুহ বহিব পৰা, থাকিব পৰা অৱস্থালৈকে সাতটা বিভিন্ন স্তৰ থাকে। সেইখিনি হ’ল যথা— প্ৰথম স্তৰত খুঁটা (চাও), তাৰ ওপৰত দ্বিতীয় স্তৰত ভীম কাঠ (হোন) এই কাঠখিনিয়ে এটা খুঁটাৰ স’তে আনটো খুঁটাক সংযোগ কৰে। তৃতীয় স্তৰত ভীমকাঠখিনিক সংযোগ কৰি প্ৰায় দুই ফুট বহলকৈ গুৰিবাঁহ পাৰি দিয়া হয়। ইয়াক টাই ভাষাত কোৱা হয় ‘হৌন ফাং’। চতুৰ্থ স্তৰত বাঁহডালৰ বিপৰীতে প্ৰায় ছয় ইঞ্চিৰ আঁতৰে আঁতৰে কিছু পৰিমাণে সৰু আকাৰৰ বাঁহ পাৰি দিয়া হয়। ইয়াক কোৱা হয় ‘টৌং। পঞ্চম স্তৰত এই বাঁহডালৰ বিপৰীত দিশেদি বাঁহ চাৰি বা ছফালকৈ ফালি তাক চাৰিৰপৰা ছয় ইঞ্চিৰ আঁতৰে আঁতৰে কামি পাৰি দিয়া হয়। তাক কোৱা হয় ‘কেপ’। ষষ্ঠ স্তৰত বহিব পৰাকৈ উপযুক্ত কৰি বাঁহক সৰু সৰুকৈ ফালি বহলকৈ মেলি (চেচালি) দিয়া হয়। তাক টাই ভাষাত কোৱা হয় ‘ফাক’। সপ্তম স্তৰত ‘ফাক’ৰ ওপৰত পাটী পাৰি বহিব পৰাকৈ প্ৰস্তুত কৰি তোলা হয়। টাইফাকে সমাজৰ চাংঘৰ নিৰ্মাণ কৰিলে আৱশ্যকীয়ভাৱে এই সাতটা পৰ্যায়ৰ মাজেৰে নিৰ্মাণ কৰিব লাগে। আনহাতে, চাংঘৰৰ খুঁটাবোৰ মুঠ তিনিটা ভাগত ভাগ কৰি লৈ সেইমতে পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হয়। সেইবোৰ হ’ল ‘চাও ফি নাম’ (মূল খুঁটা এই খুঁটা পুতি ঘৰ নিৰ্মাণৰ আনুষ্ঠানিকতা আৰম্ভ কৰা হয়), ‘চাও পেক’ (ঘৰৰ অন্যান্য খুঁটাবোৰ) আৰু ‘চাও চম’ (বাৰাণ্ডাৰ খুঁটা) অনুৰূপ ধৰণেৰে চাংঘৰৰ অন্যান্যবোৰৰো ‘লাংখা’, টকৌ পাতখিনি য’ত চোওৱা হয় সেয়া ‘ক্যেপ’ আৰু ‘কেপ’ যাৰ ওপৰত বন্ধা হয় তাক ‘কণ’ বোলা হয়। এনেদৰে প্ৰত্যেকৰেই পৃথক নাম থাকে। তদুপৰি ঘৰৰ ব্যৱহাৰ, কোঠালিবোৰৰ ব্যৱহাৰ, ঘৰ সজোৱাৰ ধৰণ আদি অনুসৰিও ভিন্ন নাম দিয়া হয়। আলহী-অতিথিক আপ্যায়ন কৰিবৰ বাবে ‘কান নক’, শোৱা কোঠা ব্যৱহাৰ কৰাখিনিক ‘কাননন’ ৰান্ধনিঘৰক ‘হৌন তাংখাও’, প্ৰাৰ্থনাগৃহ হিচাপে ‘খক্ তাং চম’ আদি। সেই সকলোবোৰ ব্যৱস্থাৱলী ৰাখিহে চাংঘৰৰ পৰিকল্পনা তথা নিৰ্মাণ কৰা দেখা যায়। সাধাৰণভাৱে টাইফাকে সমাজৰ পৰম্পৰাগত চাংঘৰসমূহ দুটাঘৰ একত্ৰে সমান্তৰালকৈ নিৰ্মাণ কৰা হয়। ইয়াৰে এটা মূলঘৰ হিচাপে আৰু আনটো ৰান্ধনিঘৰ হিচাপে ব্যৱহাৰ কৰা হয়। মূলঘৰত চ’ৰাঘৰ, খোৱা-কোঠালিতে ৰান্ধনিঘৰত ৰন্ধা-মেলা, খোৱা-মেলাকে ধৰি অন্যান্য ঘৰুৱা কাম-কাজৰ বাবে ব্যৱস্থা কৰা দেখা যায়। বৰ্তমান অৱস্থাত চাংঘৰৰ নিৰ্মাণশৈলী কিছু পৰিৱৰ্তন হোৱা দেখা যায়। বৰ্তমান অৱস্থাত চাংঘৰ নিৰ্মাণশৈলীৰ কিছু পৰিৱৰ্তন হোৱা দেখা গৈছে যদিও মূল যি ব্যৱস্থাৱলী সেইবোৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। টাইফাকেসকলৰ চাংঘৰৰ অন্য এক বৈশিষ্ট্যপূৰ্ণ অংগ হ’ল মুকলি চাঙৰ ব্যৱস্থা। ইয়াক টাই ভাষাত ‘চ্ছান’ কোৱা হয়। এই চাঙৰ ওপৰত কোনো ধৰণৰ চালি তথা বেৰ দিয়া নহয়। সাধাৰণতে চাঙৰ ওপৰতে কাঁহী-বাটি ধুবলৈ, বিভিন্ন সামগ্ৰী শুকুৱাবলৈ, মুকলি আকাশৰ তলত বহি পৰিয়ালৰ স’তে আলাপ কৰিবলৈ, তিতা কাপোৰ-কানি শুকুৱাবলৈ ইত্যাদি বিভিন্ন কাম-কাজ চাঙৰ ওপৰতে সমাপনৰ সুবিধাৰ বাবে ‘চ্ছান’ৰ ব্যৱস্থা কৰা হয়। প্ৰত্যেক চাংঘৰতে এখন বা দুখন ‘চ্ছান’ৰ ব্যৱস্থা কৰা দেখা যায়। প্ৰসংগতে উল্লেখ কৰিব পাৰি যে অতীততে ‘চ্ছান’তে বেছিভাগ লোককাহিনী, প্ৰবাদ, গীতসমূহ সৃষ্টি হৈছিল। ‘চ্ছান’ত বহি বয়োজ্যেষ্ঠসকলে কণ কণ শিশুসকলক নীতিশিক্ষামূলক লোকগীত, সাধু আদি শুনাইছিল। যিবোৰ আজিও তেওঁলোকৰ সমাজত ‘খাম্ নন্ চ্ছান’ (চ্ছানত শুই/জিৰণি গোৱা গীত) নামে পৰিচিত।

টাইফাকে লোক-সংস্কৃতিৰ সৈতে ধৰ্মৰ সমন্বয় ঘটোৱা এটি মাধ্যম হ’ল টাইফাকে ভাষাৰ পুথিসমূহ। লিখিত ৰূপত পুথি লিখাৰ পৰম্পৰা চলি অহাৰপৰা বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক বিভিন্ন বিষয়ৰ পুথি লিখা হৈছে। ইয়াৰ ভিতৰত ধৰ্মৰ লগত সম্পৰ্ক থকা বিষয়, যেনে—জাতক কথা, বুদ্ধৰ নীতি-শিক্ষাৰ কথা, ত্ৰিপিটকৰ বিভিন্ন অংশৰ অনুবাদ, ধৰ্মীয় নীতি-শিক্ষাৰ লগত যুক্ত কিংবদন্তি আদি ব্যাখ্যা কৰা পুথিৰ সংখ্যাই সৰ্বাধিক। ইয়াৰ উপৰি ৰামায়ণ আৰু মহাভাৰতৰ টাই অনুবাদো টাইফাকেসকলৰ সমাজত সংৰক্ষিত হৈ আছে। সেইফালৰপৰা ক’ব পাৰি অতীতৰেপৰা টাইফাকেসকলক পুথি অনুবাদ আদি বিষয়টো ধৰ্মীয় চেতনাই পৃষ্ঠপোষকতা কৰি আহিছে। বেছিভাগ পুথি বৌদ্ধ বিহাৰসমূহত ৰখাৰ ব্যৱস্থা আৰু পুথিদানৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত থকা অগাধ বিশ্বাস, সকলো দানতকৈ পুথি দানৰদ্বাৰা বেছি পুণ্য লাভ কৰিব পাৰি— এনে ধৰণৰ জনবিশ্বাসেই পুথিক ধৰ্মৰ স’তে প্ৰায় একাকাৰ কৰি ৰাখিছে। গতিকে ক’ব পাৰি টাইফাকে সমাজত টাই ভাষা শিকা, পঠনৰ অভ্যাস কৰা, লিখিবলৈ শিকা, টাই ভাষাত কথা পতা আদিবোৰো কোনো সংশয় নোহোৱাকৈ চলি আছে ধৰ্ম আৰু ধৰ্মীয় চেতনাৰ আৱেশৰ ছত্ৰছায়াতে।

টাইফাকেসকলৰ বহু হস্তনিৰ্মিত কাৰুকাৰ্যত ধৰ্মীয় ভাবনাৰ চাব লক্ষ্য কৰা যায়। তেওঁলোকে নিৰ্মাণ কৰা ‘ওপ’, ‘পান’ আদিবোৰ দক্ষিণ-পূব এছিয়াৰ বৌদ্ধ গেগুদাৰ আৰ্হিৰ প্ৰভাৱ আছে। তদুপৰি বৰ্তমান প্ৰচলিত অন্যতম বাদ্যযন্ত্ৰ ‘কেচে’ৰো পোনপটীয়াকৈ বৌদ্ধ সংস্কৃতিৰেই দান।

অনাগত দিনৰ স্বপ্নঃ সংগ্ৰাম আৰু সমস্যাঃ সাংস্কৃতিক জীৱনৰ দৃষ্টিৰে টাইফাকেসকলে একপ্ৰকাৰ পৰিপূৰ্ণ জীৱন অতিবাহিত কৰি থকা যেন লাগিলেও অনেক সমস্যা আৰু সংগ্ৰামেৰে ভাৰাক্ৰান্তও হৈ আহিছে। যাৰ পৰিণতিত জনগোষ্ঠীটোৱে যিভাৱেৰে বিশ্বমানসত জিলিকি উঠিব লাগে, গুৰুত্ব লাভ কৰিব লাগে সেয়া হৈ উঠা নাই।

(ক) টাইফাকেসকলে সন্মুখীন হৈ অহা এটি প্ৰধান সমস্যা হৈছে সাংবিধানিক স্বীকৃতিৰ সমস্যা। কাৰণ সকলো ধৰণৰ সাংস্কৃতিক, নৃতাত্ত্বিক উপাদানেৰে পৰিপূৰ্ণ হৈ থকাৰ পিছতো টাইফাকেসকল জনজাতি হিচাপে সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। যাৰবাবে পিছপৰা জাতি-জনগোষ্ঠীক উন্নত জাতিৰ সমানে সমানে আগবঢ়াই নিয়াৰ ভাৰতীয় সংবিধানৰ যি সংৰক্ষণ ব্যৱস্থা সেয়া টাইফাকেসকলে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে কেৱল অসমৰ পৰিৱেশতহে সেই সংৰক্ষণ লাভ কৰি আহিছে। সৰ্বভাৰতীয় পৰ্যায়ত সাংবিধানিক স্বীকৃতিৰ বাবে কেইবা দশকজুৰি আৱেদন-নিৱেদন কৰি আহিছে যদিও এই দিশত কোনো পক্ষৰপৰা যোগাত্মক সঁহাৰি লাভ কৰা নাই। ই পৰিতাপৰ কথা।

(খ) টাইফাকেসকলৰ গাঁওসমূহ শেহতীয়াভাৱে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ টাইমূলীয়সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে তেওঁলোকে শ শ বছৰ ধৰি বৰ্তাই ৰখা টাই সংস্কৃতি। যাৰ বাবে টাই সংস্কৃতিৰ বিষয়ে গৱেষণা কৰিবলৈ আৰু চাবলৈ গৱেষক আৰু পৰ্যটকসকল নিয়মিতভাৱে টাইফাকে গাঁওসমূহ পৰিভ্ৰমণ কৰে। কিন্তু এনে সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আহিলেও টাইফাকে গাঁওবোৰত আন্তঃগাঁথনিক বিশেষ উন্নতি সাধন হোৱা নাই। গাঁওবোৰত পৰ্যটনৰ বিকাশৰ যথেষ্ট সুযোগ থকা সত্ত্বেও এতিয়াও পৰ্যটক থাকিব পৰা অতিথিগৃহ, সভা-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত কৰিব পৰা সভাগৃহ অভাৱ হৈ আহিছে।

(গ) তিনিচুকীয়া জিলাৰ বহু টাইফাকে গাঁও ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বহু স্মৃতিও এই গাঁওসমূহ প্ৰত্যক্ষ তথা পৰোক্ষভাৱে যুক্ত হৈ আহিছে। সেইসমূহ গাঁও আজিও অৱহেলিত। দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহ্যৰ পম খেদি বিংশ শতিকাৰ সত্তৰ দশকতে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহই নিংগাম গাঁও ভ্ৰমণ কৰাৰ উপৰি এনিশা কটাই আহিছিল গাঁওখনত। কিন্তু বিড়ম্বনা এয়াই যে মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰা নিংগাম গাঁওখন এতিয়াও অৱহেলিত, সুচল যোগাযোগৰ অভাৱেৰে ভাৰাক্ৰান্ত হৈ আহিছে। সেইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰপৰাই গুৰুত্ব লাভ কৰা ফানেং গাঁওখনো অৱহেলিত হৈ আহিছে। গাঁওখনলৈ যোৱা টিৰাপ নৈৰ ওপৰত দলং নিৰ্মাণ আজিও হৈ নুঠিল।

ঘ) জনসংখ্যা হৈছে আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিকভাৱে গুৰুত্ব লাভ কৰা এটি উপাদান। টাইফাকেসকলৰ জনসংখ্যা অতি সীমিত হোৱা বাবে ৰাজনৈতিকভাৱে গুৰুত্ব লাভৰপৰাও বঞ্চিত হৈ আহিছে। অথচ ইংৰাজৰ আমোলত টাইফাকেসকলক মৌজাদাৰৰ পদ যচা হৈছিল। কিন্তু বৰ্তমানৰ নিৰ্বাচনী ৰাজনৈতিক ব্যৱস্থাত টাইফাকেসকলে এগৰাকী পঞ্চায়ত প্ৰতিনিধিও নিৰ্বাচিত কৰিব নোৱৰা অৱস্থা হৈছেগৈ। পৰিণতিত আৰ্থ-সামাজিক উন্নয়নৰ দিশেৰে টাইফাকেসকল বহু পিছপৰি থাকিবলগীয়া হৈছে।

সামৰণিঃ ঐতিহ্য আছে। ইতিহাসো আছে। কিন্তু মানৱ সমাজৰ সময়ৰ খোজেৰে, সময়ৰ জোখেৰে আগবাঢ়ি থাকে। যি জাতিয়ে সময়ৰ লগত খোজ মিলাই আগবাঢ়িব নোৱাৰে সেই জাতি অৱধাৰিতভাৱে সময়ে এৰি থৈ যাব। সেই জাতিৰ সংস্কৃতি মৃত সংস্কৃতিলৈ পৰ্যৱসিত হ’ব। টাইফাকেসকল আজি সেই সন্ধিক্ষণত উপনীত হৈছে। ইতিহাস, ঐতিহ্যৰে পৰিপূৰ্ণ হ’লেও তাৰ লগে লগে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় অৰ্থনৈতিক সহায় আৰু কিছু পৰিমাণে ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবে উন্নয়নৰ আলি কেঁকুৰিত কৰবাত ৰৈ যাবলগীয়া হয়। জীৱনৰ প্ৰশ্ন আৰু জীৱনৰ স্বপ্নতে কোনোবাটো পৰম্পৰা হয়তো এলাগী হ’বলৈ ধৰিছে, কোনোবাটো হৈছে আওপুৰণি। এনে প্ৰেক্ষাপটত এতিয়া প্ৰয়োজন হৈছে ইতিহাস, ঐতিহ্যক সময়ৰ আহ্বানৰ অনুৰূপে নৱকৰ্ষণেৰে আধুনিক যুগৰ উপযোগীকৈ আগবঢ়াই অনা আৰু উপস্থাপন কৰা। ইয়াৰ বাবে প্ৰয়োজন জনগোষ্ঠীটোৰ ভিতৰৰপৰা এক সাহসী, সৎ প্ৰচেষ্টা, জনগোষ্ঠীটোক ভালপোৱা, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ জনা, শিক্ষা এচাম সৎ লোকৰ সজ প্ৰচেষ্টা। এদিন নিশ্চয় তেনে লোকৰ আৱিৰ্ভাৱ হ’ব। আমাৰ দুৰন্ত আশাবাদ আছে।

টাইফাকেসকলৰ জীৱন প্ৰবাহ এনেদৰেই চলিবনে? সাংস্কৃতিক উপাদানসমূহ আজিৰ দৰেই বৰ্তি থাকিবনে, সামাজিক শৃংখলা আৰু পৰিকাঠামো কটকটীয়া হৈ থাকিবনে? হেজাৰ প্ৰশ্ন সন্মুখত। এই প্ৰশ্ন সময়ৰ। সময়ৰ হাতত জনগোষ্ঠীৰ নতুন প্ৰজন্মই কিদৰে নিজকে তুলি ধৰে, নিজৰ চিনাকি কিদৰে ধৰি ৰাখে তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যৎ দিনৰ টাইফাকেসকলৰ জীৱনযাত্ৰাৰ ঐশ্বৰ্যৰ ছবি। আজিৰ দহবছৰীয়া কিশোৰ-কিশোৰীয়ে অহা ত্ৰিছ বছৰ পিছত বয়স্ক জীৱনত ভাষা-সাহিত্য, তাঁত শিল্প, ঘৰ-দুৱাৰ, লোকাচাৰ, খাদ্যাভ্যাস, উৎসৱ সকলো এতিয়াৰ দৰেই অটুট ৰাখিবনে? তাৰ বাবে মানসিক তাগিদা অনুভৱ কৰিবনে? দুটা শতিকাৰ ট্ৰেজে়ডীময় সংগ্ৰামৰ মূল্য আৰু সন্মান, বৰ্তমান সময়ৰ সংগ্ৰাম আৰু সমস্যা অহা বিছ বছৰত কি ৰূপ ল’ব তাৰ ওপৰতেই আপাততঃ নিৰ্ভৰ কৰিছে টাইফাকেসকলৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষাৰ সমাধানৰ উত্তৰো।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: টাইফাকে
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d