• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, September 25, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

দিলীপ দৈমাৰী

by Admin
August 7, 2022
in World
Reading Time: 3 mins read
0
building during golden hour

Photo by Timo Volz on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ

দিলীপ দৈমাৰী 

Taiwan

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা ঘটনাৰ দৰেই সমান্তৰাল ঘটনা টাইৱানৰ সৈতে দেখা দিছে, যিটো পূবৰ বহু দূৰত থকা বিশ্বব্যাপ্ত ফ্লেচপইণ্ট আৰু ইয়াতকৈও ধ্বংসাত্মক সংঘাতৰ সম্ভাৱনা আছে।

চীনৰ দক্ষিণ-পূব উপকূলৰ পৰা প্ৰায় ১০০ মাইল দূৰত ২ কোটি ৪০ লাখ লোকৰ স্ব-শাসিত দ্বীপ টাইৱান হৈছে এক স্পন্দনশীল গণতন্ত্ৰ, যি ইউক্ৰেইনৰ দৰেই বছৰ বছৰ ধৰি বহু পৰিমাণে অধিক শক্তিশালী স্বৈৰাচাৰী প্ৰতিবেশী দেশৰ সৈতে সংঘাতৰ ডাৱৰৰ তলত বাস কৰি আহিছে।

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023
Indigenous People are the Guardians of Our Planet

Indigenous People are the Guardians of Our Planet

September 24, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023

 ইউক্ৰেইনৰ যুদ্ধই টাইৱানত বহুতকে জোকাৰি গৈছে, চীনে দ্বীপটোক নিজৰ ভূখণ্ডৰ অংশ হিচাপে লয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে—প্ৰয়োজন হ’লে বলপূৰ্বকভাৱে। আনহাতে চীনৰ আক্ৰমণক প্ৰতিহত কৰাৰ প্ৰস্তুতিৰ প্ৰতি আগ্ৰহ নবীকৰণ কৰিছে টাইৱানতো।

ৰাছিয়াৰ আক্ৰমণেও একেদৰেই এনে শিক্ষা আগবঢ়াইছে, যি শিক্ষাৰে চীনৰ সামৰিক বাহিনী পিপলছ লিবাৰেচন আৰ্মীয়ে টাইৱান জলদ্বীপৰ সিপাৰে আক্ৰমণ চলোৱাৰ সিদ্ধান্ত ল’লেও ল’ব পাৰে।

কিন্তু ইউক্ৰেইন আৰু টাইৱানৰ মাজত থকা সকলো সাদৃশ্য দেখা গলেও গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। তালিকাৰ শীৰ্ষত আছে জড়িত পক্ষসমূহ- টাইৱানক লৈ হোৱা সংঘাতত আমেৰিকা প্ৰত্যক্ষভাবে জড়িত হৈ পৰাৰ সম্ভাৱনা আছে।

টাইৱানক লৈ যুদ্ধখন আগতীয়া হোৱাৰ কোনো ইংগিত পোৱা নাই যদিও যদি এই যুদ্ধ আৰম্ভ হয়, তেন্তে ই বিশ্বৰ দুটা বৃহৎ সামৰিক বাহিনীয়ে ইটোৱে সিটোৰ বিৰুদ্ধে থিয় দিব পাৰে, বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতি ভাৰসাম্যত ওলমি থাকিব পাৰে।

টাইৱানক লৈ চীন আৰু আমেৰিকাৰ মাজত হোৱা উত্তেজনাৰ অতীত আৰু বৰ্তমানৰ ওপৰত যদি চকু ফুৰাওঁ, ইয়াৰ অৰ্থ শক্তিৰ ভাৰসাম্যৰ ভৱিষ্যতৰ বাবে কি হ’ব পাৰে, এছিয়া আৰু ইয়াৰ বাহিৰত?

তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টাইৱানৰ সৈতে সম্পৰ্ক কটকটীয়া কৰাটো আমেৰিকাৰ নীতি হিচাপে লোৱাৰ পিছৰে পৰা উত্তেজনা বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি বাইডেনৰ দিনতো সেই কথা অব্যাহত আছে, আমেৰিকাই টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ প্ৰতি সমৰ্থন প্ৰদৰ্শনৰ বাবে অস্ত্ৰ-শস্ত্ৰ, বিশেষ সামৰিক প্ৰশিক্ষণ ইউনিট আৰু প্ৰাক্তন বিষয়াৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে, যাক বেইজিঙে বিপজ্জনকভাৱে স্বাধীনতা সমৰ্থক বুলি ভাবে।

“চীনৰ দক্ষিণ-পূব উপকূলৰ পৰা প্ৰায় ১০০ মাইল দূৰত ২ কোটি ৪০ লাখ লোকৰ স্ব-শাসিত দ্বীপ টাইৱান হৈছে এক স্পন্দনশীল গণতন্ত্ৰ, যি ইউক্ৰেইনৰ দৰেই বছৰ বছৰ ধৰি বহু পৰিমাণে অধিক শক্তিশালী স্বৈৰাচাৰী প্ৰতিবেশী দেশৰ সৈতে সংঘাতৰ ডাৱৰৰ তলত বাস কৰি আহিছে।”

২০২২ চনৰ মে’ মাহত হিচাপে এছিয়া ভ্ৰমণৰ সময়ত বাইডেনে তাপমাত্ৰা বৃদ্ধি কৰিছিল।ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনলৈ আমেৰিকান সৈন্য পঠিয়াবলৈ অস্বীকাৰ কৰাৰ পিছত টাইৱানত চীনৰ আক্ৰমণত আমেৰিকাই সামৰিকভাৱে জড়িত হ’ব নেকি বুলি এজন সাংবাদিকে সোধাত , তেওঁ তৎক্ষণাত উত্তৰ দিয়ে, “হয়। সেইটোৱেই আমি দিয়া প্ৰতিশ্ৰুতি।”

এই মন্তব্যৰ স্পষ্টতাই টাইৱান আক্ৰমণৰ প্ৰতি আমেৰিকাই কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেই বিষয়ে প্ৰমাণ কৰে —এই স্থিতি কৌশলগত অস্পষ্টতা নামেৰে জনাজাত।

হোৱাইট হাউছৰ বিষয়াসকলে আমেৰিকাৰ নীতি সলনি হোৱা নাই বুলি কোৱাৰ পাছতো চীনৰ বৈদেশিক মন্ত্ৰালয়ে তেনে মন্তব্যৰ প্ৰায় লগে লগে বাইডেনৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে টাইৱানকে ধৰি মূল উদ্বেগসমূহৰ ওপৰত বেইজিঙৰ “আপোচ আৰু ৰেহাইৰ কোনো স্থান নাই” আৰু ইয়াৰ নিৰাপত্তা স্বাৰ্থ ৰক্ষাৰ বাবে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব।

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত
নেন্সি পেলোছি

২ আগষ্টত সদনৰ অধ্যক্ষ নেন্সি পেলোছিয়ে বেইজিঙৰ পৰা অনিৰ্দিষ্ট প্ৰতিকাৰৰ ব্যৱস্থাৰ কঠোৰ সতৰ্কবাণী অৱজ্ঞা কৰি টাইৱান ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি বাইডেন আৰু চীনৰ নেতা ছি জিনপিঙৰ মাজত হোৱা ফোন কলৰ মাত্ৰ কেইদিনমান পিছতে টাইৱানৰ চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা এই ভ্ৰমণত ছিয়ে এনে ভ্ৰমণৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। চীনে নিজৰ সামৰিক বাহিনীৰ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়তে, আৰু শেহতীয়াকৈ ছিয়ে শেহতীয়া নজিৰ ভংগ কৰি চলিত বৰ্ষৰ শেষৰ ফালে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে এইটো প্ৰকট হৈ আহিছে।

মূল চীনৰ সৈতে টাইৱানৰ সম্পৰ্ক কি বুলি সুধিলে ক’ব পাৰি যে দ্বিতীয় বিশ্বযুদ্ধৰ শেষলৈকে ডেৰ শতিকা ধৰি টাইৱান জাপানৰ নিয়ন্ত্ৰণত আছিল, তাৰ পিছত ই চীন গণৰাজ্যৰ অংশ হৈ পৰিছিল, য’ত চিয়াং কাই-শ্বেকৰ জাতীয়তাবাদী পাৰ্টিয়ে শাসন কৰিছিল, যাক কুওমিণ্টাং বুলিও কোৱা হয়।

যদিও চীনৰ গৃহযুদ্ধত মাও চে-টুঙৰ কমিউনিষ্ট বাহিনীয়ে মূল ভূখণ্ডখন দখল কৰিছিল, ১৯৪৯ চনত যুদ্ধ শেষ হোৱাৰ পিছতো দ্বীপটো কুওমিণ্টাঙৰ নিয়ন্ত্ৰণতে আছিল। তাৰ পিছৰ দশকবোৰত প্ৰায়ে উত্তেজনা বৃদ্ধি পাইছিল। ১৯৫০ চনত চীনে টাইৱানৰ হাতত থকা সাগৰৰ পাৰৰ দ্বীপসমূহত গোলাবৰ্ষণ কৰিছিল আৰু কুওমিণ্টাঙে বহু বছৰ ধৰি কমিউনিষ্টৰ পৰা মূল ভূখণ্ড উদ্ধাৰৰ উচ্চাকাংক্ষা ৰক্ষা কৰিছিল।

সেই আশাবোৰ ম্লান হোৱাৰ লগে লগে টাইৱানৰ লোকসকলে মূল চীনক ক্ৰমান্বয়ে বিদেশ হিচাপে গণ্য কৰি আহিছে । ১৯৯০ চনৰ আৰম্ভণিতে দ্বীপটোৰ ২০% তকৈও কম লোকে নিজকে একান্তভাৱে ‘টাইৱানী’ বুলি চিনাক্ত কৰিছিল, বেছিভাগেই নিজকে অন্ততঃ আংশিকভাৱে চীনা বুলি ভাবে। ২০২১ চনলৈকে মাত্ৰ এক তৃতীয়াংশই নিজকে চীনা আৰু টাইৱান উভয়ৰে পৰিচয় দিছিল, বাকীসকলৰ অধিকাংশই নিজকে একান্তভাৱে টাইৱানী বুলি বৰ্ণনা কৰিছিল।

যদিও দুয়োখনতে মেণ্ডেৰিন ভাষা প্ৰধান, চীনা হেঁচাৰ ফলত দ্বীপটোৰ স্থানীয় ভাষাসমূহৰ প্ৰতি টাইৱানীৰ আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰিছে।

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত
টাইপেই

ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰতি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে – সেয়া বৰ্তমানৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন! ইতিমধ্যে চীনৰ সেনাই পিপলছ লিবাৰেচন আৰ্মীয়ে বিগত এটা বছৰত টাইৱানৰ সমীপত শ শ উৰণ লৈ জেট যুঁজাৰু বিমান, বোমাৰু বিমান আৰু চোৰাংচোৱা বিমান প্ৰেৰণ কৰিছে। টাইৱানে অঞ্চলটোত চীনে কৰা উৰণ আৰু অন্যান্য সামৰিক পদক্ষেপক এক প্ৰকাৰৰ “ধূসৰ জ’ন” যুদ্ধ বুলি বৰ্ণনা কৰিছে, যিটো দ্বীপটোৰ প্ৰতিৰক্ষাৰ তদন্ত আৰু ক্লান্ত কৰাৰ লগতে ৱাশ্বিংটন আৰু অন্যান্য গণতান্ত্ৰিক ৰাজধানীৰ সৈতে সম্পৰ্ক কটকটীয়া কৰাৰ পৰা টাইপেইক নিৰুৎসাহিত কৰাৰ বাবে ডিজাইন কৰা হৈছে।

চীনে প্ৰায়ে টাইৱানৰ চাৰিওফালে আমেৰিকাৰ বিমানবাহী আক্ৰমণকাৰী গোটৰ উপস্থিতিৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই টাইৱানৰ চাৰিওফালে সামৰিক অনুশীলন চলাই আহিছে।

বেইজিঙে ইতিমধ্যে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰৰ বৃহৎ সম্প্ৰসাৰণ আৰম্ভ কৰিছে, আংশিকভাৱে টাইৱানক লৈ হোৱা সংঘাতত আমেৰিকাক নিজৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাত বাধা দিয়াৰ বাবে।

টাইৱানৰ সঁহাৰিৰ কথা ক’বলৈ হ’লে ক’ব পাৰি যে প্ৰতিৰক্ষা বিশ্লেষকসকলে দীৰ্ঘদিন ধৰি চীনৰ আক্ৰমণ প্ৰতিহত কৰাৰ টাইৱানৰ ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। টাইৱানৰ সৈন্য আৰু সংৰক্ষিত বাহিনীৰ লোকসকলে নিজেই প্ৰশিক্ষণ আৰু প্ৰস্তুতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টাইৱান চৰকাৰে সংৰক্ষিত বাহিনীৰ সংস্কাৰৰ বাবে এটা সংস্থা স্থাপন কৰে। ইয়াৰ উপৰিও বেইজিঙক আক্ৰমণৰ চিন্তা কৰাৰ পৰা বিৰত ৰাখিব বুলি আশা কৰা অনুশীলনসমূহো মঞ্চস্থ কৰিছে।

অতি শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ কৰাৰ পিছত টাইৱানতো চীনে আক্ৰমণ কৰিব নেকি – তাকে লৈ প্ৰত্যাক্ৰমণৰ বাবে প্ৰস্তুতিৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে। কিছুমান সাংসদে ইউক্ৰেইনৰ সৈন্যই যথেষ্ট প্ৰভাৱিত কৰি ব্যৱহাৰ কৰা পৰ্টেবল এন্টিটেংক আৰু এন্টিএয়াৰক্ৰাফ্ট মিছাইল অধিক ক্ৰয়ৰ বাবে ঠেলি দিছে। 

দ্বীপটোৰ সামৰিক বাহিনীয়েও বৰ্তমানৰ চাৰিটাৰ পৰা ১২লৈ সৈন্যবাহিনী বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে—এই প্ৰস্তাৱটোক ৰাছিয়াই ইউক্ৰেইনত আৰম্ভ কৰা যুদ্ধৰ পূৰ্বে বহুলভাৱে ৰাজনৈতিক অসম্ভৱ বুলি গণ্য কৰা হৈছিল।

কৌশলগত অস্পষ্টতা সমূহো ইতিমধ্যে আলোচিত হ’বলৈ আৰম্ভ কৰিছে আৰু তাৰে ভিতৰত অন্যতম হৈছে – আনুষ্ঠানিকভাৱে আমেৰিকা চৰকাৰে “এক চীন” নীতি মানি চলে, যিয়ে ‘পিপলছ ৰিপাব্লিক অৱ চাইনা’ক দেশখনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে স্বীকৃতি দিয়ে আৰু টাইৱানক লৈ বেইজিঙৰ দাবীক স্বীকাৰ কৰে—কিন্তু সমৰ্থন নকৰে।

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

১৯৭৯ চনৰ পৰা টাইৱানৰ প্ৰতিৰক্ষাৰ প্ৰতি আমেৰিকাৰ নীতি ‘টাইৱান সম্পৰ্ক আইন’ নামেৰে জনাজাত আইনৰ দ্বাৰা পৰিচালিত হৈ আহিছে, য’ত কোৱা হৈছে যে শান্তিপূৰ্ণ উপায়ৰ বাহিৰে আন যিকোনো উপায়েৰে টাইৱানৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰাৰ যিকোনো প্ৰচেষ্টাই আমেৰিকাৰ স্বাৰ্থৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। 

এই আইনখনে আমেৰিকাক আত্মৰক্ষাৰ বাবে টাইৱানক অস্ত্ৰ বিক্ৰী কৰিবলৈ বাধ্য কৰাইছে যদিও আক্ৰমণৰ ক্ষেত্ৰত টাইৱানক ৰক্ষা কৰিবলৈ আমেৰিকা বাধ্যতামূলক নেকি সেই সন্দৰ্ভত স্পষ্টভাৱে মৌনতা অৱলম্বন কৰিছে।

দশক দশক ধৰি ৱাশ্বিংটনে কৌশলগতভাৱে যিকোনো ধৰণে প্ৰতিশ্ৰুতি দিয়াটো এৰাই চলি আহিছে, এই আশাত যে ইয়াৰ ভংগীমাৰ বিষয়ে অনিশ্চয়তাই বেইজিং আৰু টাইপেই দুয়োখনেই যথাৰ্থ অৱস্থাক বিচলিত কৰাৰ বাবে পদক্ষেপ লোৱাত বাধা দিব।

টাইৱানৰ সন্দৰ্ভত আমেৰিকাই নিজৰ স্থিতি সলনি কৰিছেনে নাই – এনে প্ৰশ্ন কাক সুধিব সেইটোৰ ওপৰত উত্তৰ নিৰ্ভৰ কৰে। ২০২২ চনৰ মে’ মাহত বাইডেনে কৰা মন্তব্যৰ পিছত তৃতীয়বাৰৰ বাবেও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজহুৱাভাৱে কয় যে আমেৰিকাই টাইৱানৰ প্ৰতিৰক্ষাৰ বাবে আগবাঢ়ি আহিব। 

প্ৰথমটো আছিল ২০২১ চনৰ আগষ্ট মাহত এবিচি নিউজৰ সৈতে আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ বিষয়ে কৰা এক সাক্ষাৎকাৰত, যেতিয়া বাইডেনে টাইৱানক মিত্ৰশক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল, তেওঁ কৈছিল যে টাইৱানক আমেৰিকাই ৰক্ষা কৰাটো এক প্ৰতিশ্ৰুত কৰ্তব্য। 

২০২১ চনৰ অক্টোবৰ মাহত ‘চিএনএন’ৰ টাউন হলৰ এটা অনুষ্ঠানত তেওঁ টাইৱানক ৰক্ষা কৰা আমেৰিকাই সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত কৈছিল, “হয়, আমি টাইৱানক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া আছে।”

তিনিওবাৰেই হোৱাইট হাউছৰ বিষয়াসকলে ইয়াৰ উত্তৰত কয় যে টাইৱানৰ সন্দৰ্ভত আমেৰিকাৰ নীতি সলনি হোৱা নাই।

 শেহতীয়াকৈ হোৱাইট হাউছৰ এজন বিষয়াই কয় যে বাইডেনে টাইপেইৰ নিজকে ৰক্ষা কৰাৰ ক্ষমতাক শক্তিশালী কৰাৰ বাবে আমেৰিকাৰ বাধ্যবাধকতাৰ কথা কৈছে।

nancy with Taiwan PM
Nancy Pelosi and Prime Minister of Taiwan

টাইৱানৰ কেইবাজনো সাংসদ আৰু বিশ্লেষকে দ্বীপটোৰ প্ৰতি আমেৰিকাৰ নীতিক বাইডেনৰ অধীনত কৌশলগত অনিশ্চয়তাৰ পৰা “কৌশলগত স্পষ্টতা”লৈ গতি কৰা বুলি বৰ্ণনা কৰিছে।

ৱাশ্বিংটনস্থিত থিংক টেংক ‘গ্ল’বেল টাইৱান ইনষ্টিটিউট’ৰ জ্যেষ্ঠ ‘ফেলো’ জে মাইকেল ক’লে বাইডেনৰ শেহতীয়া মন্তব্যৰ পিছত কয় যে তেওঁৰ প্ৰকৃত স্থিতি কি সেয়া জনাটো কঠিন। 

চীনে টাইৱান আক্ৰমণ কৰিব নেকি – সেয়া এতিয়া অইন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰতিৰক্ষা আৰু ৰাজনৈতিক বিশ্লেষকসকলে সাধাৰণতে এই কথাত একমত যে টাইৱানক বাওণা কৰি তুলি, চীনৰ সেনাই আক্ৰমণ কৰি অৱশেষত নিয়ন্ত্ৰণ সহজেই কৰিব পাৰে, বিশেষকৈ যদিহে আমেৰিকা আৰু অন্যান্য শক্তিসমূহে হস্তক্ষেপ নকৰে। এইখিনিতে উল্লেখযোগ্য যে ২০২১ চনত টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সাংসদসকলক সকীয়াই দিছিল যে ২০২৫ চনৰ ভিতৰত ‘পিএলএ’ই টাইৱানৰ ওপৰত পূৰ্ণাংগ আক্ৰমণ চলাবলৈ সক্ষম হ’ব – “নূন্যতম লোকচানৰ সৈতে”।

ইতিমধ্যে টাইৱানক লৈ ৰাজনৈতিক উত্তাপ তুঙ্গত উঠিছে আৰু চীনৰ সমস্ত ভাবুকিক বুঢ়া আঙুলি দেখুৱাই আমেৰিকাৰ নেন্সি পেলোছিয়ে টাইৱানৰ ভূমিত পদাৰ্পণ কৰিছে। তাৰেই পটভূমিত চীনে যিদৰে সামৰিক অনুশীলন আদিৰ লগতে যুদ্ধবিমান উৰুৱাইছে , একেদৰে আমেৰিকাইও চাৰিখন বিশাল যুদ্ধজাহাজ টাইৱানৰ ওচৰ পাজৰৰ সাগৰৰ জলভাগত মোতায়েন কৰি চীনক জনাই দিছে – আমি আমেৰিকাই চীনক ভাবুকিক গুৰুত্ব দিয়া ভকত নহয়! দেখা যাওক, কি হয়!

03-08-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
World

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

by Admin
September 25, 2023
0

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions POONAM MAYANI POONAM MAYANI The once-amicable relations between India and Canada...

Read more
Indigenous People are the Guardians of Our Planet

Indigenous People are the Guardians of Our Planet

September 24, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 23, 2023
Republic of Korea: Russia providing weapons tech to DPRK ‘will be a direct provocation’

Republic of Korea: Russia providing weapons tech to DPRK ‘will be a direct provocation’

September 22, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

September 19, 2023
Climate Change: Connection between Carbon dioxide and earth’s temperatures

Governments must seek win-win synergies by tackling climate and sustainable development crises together

September 18, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2023
Men rights matter too

Men rights matter too

September 25, 2023
Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2548 shares
    Share 1019 Tweet 637
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1859 shares
    Share 744 Tweet 465
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1528 shares
    Share 611 Tweet 382
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1027 shares
    Share 411 Tweet 257
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    838 shares
    Share 335 Tweet 210
  • Wildlife Photos: An astonishing and sorrowful image!

    218 shares
    Share 87 Tweet 55
  • অসমৰ বুৰঞ্জী

    1280 shares
    Share 512 Tweet 320
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    179 shares
    Share 72 Tweet 45
  • Does IIT always guarantee jobs, huge salary packages?

    1084 shares
    Share 434 Tweet 271
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    680 shares
    Share 272 Tweet 170
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: