-অঞ্জন শৰ্মা |
আমন্ত্ৰণক্ৰমে বিবাহ অনুষ্ঠান বা ভোজলৈ গৈ চম্ভালিব নোৱৰা ভিৰৰ মাজত পৰা তথা আমন্ত্ৰণ কৰা অতিথিৰ তুলনাত খাদ্য-সামগ্ৰীৰ পৰিমাণ প্ৰায় এক-তৃতীয়াংশ বা এক-চতুৰ্থাংশ থকা হেতুকে ঠোট- মোট চেলেকি ঘামি-জামি ঘৰলৈ উভতি অহা — জীৱনৰ যাত্ৰাপথত আমাৰ বহুতৰে এনে অভিজ্ঞতা নিশ্চয় হৈছে! মোডী ডাঙৰীয়াৰ ‘টিকা- উৎসৱ’টোও বা টিকাকৰণ পৰ্বটোও সাম্প্ৰতিক কালত তেনে প্ৰকাৰৰ এক তিক্ত অভিজ্ঞতাত পৰিণত হৈছে, বহ্বাৰম্ভে লঘু ক্ৰিয়া হৈছে! কিন্তু ‘টিকা’ৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ আগতে আমি অলপ বেলেগ কথা আলোচনা কৰোহক।
১৯৯৪ চনত গুজৰাটত আৰু মহাৰাষ্ট্ৰত হাহাকাৰ লাগিছিল, কাৰণ প্লেগ আৰম্ভ হৈছিল। দক্ষিণ দিল্লী আৰু দক্ষিণ মুম্বাইৰ অভিজাত সকল সন্ত্ৰস্ত হৈ পৰিছিল বাবে মেডিয়াও ‘সজাগ’ হৈ পৰিছিল। কাৰণ পূৰ্বৱৰ্তী সময়ত প্লেগে ইউৰোপ, ভাৰত, বিভিন্ন প্ৰান্তত নৰ-সংহাৰ কৰিছিল, লাখ লাখ মানুহৰ মৃত্যু হৈছিল। গতিকে শংকা হৈছিল। লগতে এনে চিন্তাও হৈছিল যে পাশ্চাত্যৰ মানুহে আমাৰ দৰে অভিজাত সকলকো ‘প্লেগৰ দেশৰ মানুহ’ বুলি বেয়া চকুৰে নাচাবনে! প্লেগৰ বাবে ভাৰতৰ পৰা আমেৰিকা, লন্ডনলৈ যোৱা বিমান সেৱা বাতিল হ’ব পাৰে নেকি — এনেবোৰ চিন্তাইও বিত্তবান সকলক খুলি খুলি খাইছিল। সেই সময়তেই লন্ডনৰ পৰা প্ৰকাশিত এখন বাতৰিকাকতত প্ৰকাশ পাইছিল যে ভাৰতৰ প্ৰথম পূজনীয় ভগৱান শ্ৰীগণেশৰ বাহন এন্দুৰ হোৱা হেতুকে এন্দুৰৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নহয় আৰু সেই হেতুকে ভাৰতত এন্দুৰে মুক্তভাৱে প্লেগ বিস্তাৰ কৰি আছে তথা ই অৱিলম্বে এক ভয়াবহ ৰূপ ধাৰণ কৰিব। এইখিনিতে প্ৰণিধানযোগ্য যে সেইসময়তে এনে প্ৰশ্নও উত্থাপন হৈছিল – ইউৰোপত শ্ৰীগণেশ ভগৱান নাই, গতিকে বাহন হিচাপে এন্দুৰক বিশেষ ৰেহাই দিয়াৰ প্ৰশ্নও নাই; তেনেস্থলত ১৩ শতিকাত অকল্পনীয় প্লেগ ইউৰোপত কিদৰে হ’বলৈ পালে? এতিয়াও মাজে সময়ে ইউৰোপত কিছুমান লোক প্লেগৰ চিকাৰ হয় আৰু সেইবিষয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ই কৈছে যে ইউৰোপৰ কিছুমান স্থানত পৰ্বতাৰোহণকাৰী সকলৰ তম্বুত বনৰীয়া এন্দুৰ ( wild rodent) সোমাই প্লেগৰ বিস্তাৰ সাধন কৰে।
যি কি নহওঁক, সেই সময়ছোৱাত ভাৰতত প্লেগক লৈ যিমান হুলস্থূল হৈছিল, ৰাজনৈতিক মহলত, বিত্তবান সকলৰ বৈঠকখানাত, মেডিয়া মোগলসকলৰ মাজত; অইন কিছুমান পূৰণি তথা গুৰুত্বপূৰ্ণ ৰোগে কিন্তু একেবাৰেই প্ৰাধান্য পোৱা নাছিল। ১৯৯৪ চনৰ ২৬ আগষ্টৰ পৰা ১৮ অক্টোবৰ তাৰিখলৈকে ভাৰতত প্লেগৰ ফলত মাত্ৰ ৬৫ জন মানুহৰ মৃত্যু হৈছিল; কিন্তু ‘ডায়েৰিয়া’ বা হাগনিয়ে ভাৰতত বছৰি যে ১৫ লাখৰ প্ৰাণ কাঢ়ি লৈ যায় – সেইবোৰক লৈ কাৰো মূৰৰ কামোৰণি নাছিল! হাগনিয়ে প্ৰতি ৩ মিনিটত এজনৰ প্ৰাণবায়ু কাঢ়ে, অৰ্থাৎ এই সংখ্যা প্লেগতকৈ ৩০০০ গুণ অধিক আছিল! পিছে গুৰুত্ব নাছিল। পিছলৈ ‘ইউনিচেফ’-এ ‘State of the World’s Children Report’ প্ৰকাশ কৰি উলিওৱাৰ পিছতহে মেডিয়াৰ গা লৰিছিল আৰু সামান্য সচেতনতা প্ৰদৰ্শন কৰিছিল। এতিয়াও বছৰি ২৩ লাখ শিশুৰ বছৰি মৃত্যু হয় আৰু তাৰে ৩৩৪০০০ জন শিশুৰ হাগনি বা ‘ডায়েৰিয়া’ হৈ মৃত্যু হয়। এতিয়াও প্ৰতি ১৪ দিনৰ মূৰে মূৰে ভাৰতৰ ৭৫ লাখ শিশু (৫ বছৰৰ তলৰ)ক হাগনিয়ে আক্ৰমণ কৰি জৰ্জৰিত কৰে। দুষিত পানী খাই হোৱা বেমাৰ- আজাৰ হ’ল ভাৰতত বছৰি হোৱা জনস্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ৮০%, লগতে লাখ লাখ মানুহৰ মৃত্যুৰো কাৰণ। এইবোৰৰ ভিতৰত হাগনি, টাইফয়েদ, কলেৰা, হেপাটাইটিছ, গ্ৰহণী আদিও সোমাই আছে। দুষিত পানী তথা পানী সংক্ৰান্তীয় ৰোগৰ কৱলত পৰি মৃত্যুমুখত পৰা প্ৰতি ৪ জন বিশ্ববাসীৰ ১ জন হ’ল ভাৰতৰ। বিশুদ্ধ আৰু অপৰ্যাপ্ত পৰিমাণৰ পানীৰ সুবিধা নথকা সমূহ বিশ্ববাসীৰ প্ৰতি তিনিজনৰ এজনেই হ’ল ভাৰতীয়! পৃথিৱীৰ মুঠ ১৬০ লাখ কুষ্ঠৰোগীৰ ১২৭ লাখ হ’ল ভাৰতৰ, অৰ্থাৎ পৃথিৱীৰ প্ৰতি ৪ জন কুষ্ঠৰোগীৰ এজন হ’ল ভাৰতৰ। ২০১৬ চনত ভাৰতৰ ২৬১০০ শিশুৱে নিজৰ পঞ্চম জন্মদিনৰ পূৰ্বেই হাগনি তথা নিম’নিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল, আৰু ই হিচাব হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক। ২০১৮ চনৰ ১২ নৱেম্বৰ তাৰিখে ‘বিশ্ব নিম’নিয়া দিৱস’ উপলক্ষে প্ৰকাশ কৰা ‘2018 Pneumonia and Diarrhoea Progress Report’ অনুসৰি ভাৰতত প্ৰতিদিনে ৭৩৫ জন শিশুৰ মৃত্যু হয়, অৰ্থাৎ প্ৰতি ২ মিনিটত এজনৰ মৃত্যু! ২০১৯ চনৰ ২৯ জুন তাৰিখে ‘The Times of India’ কাকতত প্ৰকাশিত ‘ Polluted Water Killed 7 Every Day in 2018’ শীৰ্ষক বাতৰিটোত কোৱা হৈছিল যে ২০১৮ চনত পানী সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হৈ ভাৰতত ২৪৩৯ জনৰ মৃত্যু হৈছিল; আৰু এওঁলোকে দুষিত পানী সংক্ৰান্তীয় চাৰিটাকৈ প্ৰধান ৰোগ – কলেৰা, হাগনি বা ‘ডায়েৰিয়া'( ADD – Acute Diarrhoeal Diseases), টাইফয়েড আৰু ভাইৰেল হেপাটাইটিছ-অৰ চিকাৰ হৈছিল। ২০১৮ চনৰ আগৰ ৫ বছৰত দুষিত পানী সংক্ৰান্তীয় ৰোগৰ বাবে ভাৰতত ১১৭৬৪ জন মানুহৰ মৃত্যু হৈছিল। ২০২০ চনত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষামতে হাগনি আৰু নিম’নিয়াৰ ফলত ৫ বছৰতকৈ সৰু শিশু আক্ৰান্ত হোৱা ৭ খন দেশৰ ( PDRR Focus Countries) তথ্য এনেধৰণৰঃ ভাৰতত ২৩৩২৪০, নাইজেৰিয়াত ২০৮৪৩৯, পাকিস্তানত ৯০৩৯৮, ডেম’ক্ৰেটিক ৰিপাব্লিক অব কঙ্গোত ৬৪১৭০, ইথিঅ’পিয়াত ৪৪৬৯২, চাদত ২৭৪৯৬, আৰু ইন্ডোনেছিয়াত ২৭৪২২ । অৰ্থাৎ, ভাৰত শীৰ্ষস্থানত!
পৃথিৱীৰ সবাতোকৈ ডাঙৰ আচঁনি ‘কুষ্ঠৰোগ দূৰীকৰণ আচঁনি’ ভাৰতত, কিন্তু প্ৰতিবছৰে ১২০০০০ জনৰ পৰা ১৩০০০০ কুষ্ঠৰোগীৰ সৃষ্টিও ভাৰতত! ২০১১ চনত পৃথিৱীৰ ৮৬ লাখ যক্ষ্মাৰোগীৰ ভিতৰত ২২ লাখ আছিল ভাৰতত ( WHO, 2011); আৰু ২০১৯ চনত ভাৰতত ১৪ লাখ যক্ষ্মাৰোগীৰ ( ইয়াৰে ভিতৰত ২০৮০০০ জন ‘এইচ-আই-ভি’তো আক্ৰান্ত হৈ আছিল) মৃত্যু হয়। উল্লেখযোগ্য যে পৃথিৱীত যি যি ৰোগৰ বলি হৈ মানুহৰ অকালতে মৃত্যু হয়, তেনে ১০ টা ৰোগৰ অন্যতম এটা ৰোগ হ’ল যক্ষ্মাৰোগ! ২০১৯ চনত যক্ষ্মাৰোগীৰ মুখ্য তালিকাত নাম লিপিবদ্ধ হোৱা প্ৰধান ৩০ খন দেশত সৰ্বমুঠ ৮৭% নতুনকৈ হোৱা যক্ষ্মাৰোগ আৰু তাৰে ৮ খন দেশে মুঠ যক্ষ্মাৰোগীৰ ৩ ভাগৰ ২ ভাগ বহন কৰে, আৰু তাৰেই সৰ্বপ্ৰথম স্থানত আছে ভাৰত! বাকী কেইখন হ’ল ইন্দোনেছিয়া, চীন, ফিলিপাইন, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকা। ২০০৯ চনত ভাৰতৰ কুষ্ঠৰোগীৰ সংখ্যা আছিল ২৪৪৭৯৬ জন আৰু২০১৮ চনত ভাৰতৰ কুষ্ঠৰোগীৰ সংখ্যা আছিল ২০৮৬১৯ জন! ২০১৯ চনত ভাৰতত যক্ষ্মাৰোগী চিনাক্ত হৈছিল ৰাজহুৱা খণ্ডত ১৭২৫৯২০ আৰু ব্যক্তিগত খণ্ডত ৬৭৮৮৯৫ জন, সৰ্বমুঠ ২৪০৪৮১৫ জন ( সূত্ৰঃ tbfacts.org)!
‘গ্লোবেল নিউট্ৰিশ্যন ৰিপোৰ্ট-২০১৮’ অনুসৰি সমগ্ৰ বিশ্বৰ এক-তৃতীয়াংশ অবিকশিত শিশু, অৰ্থাৎ পুষ্টিকৰ খাদ্যৰ অভাৱত অবিকশিত হোৱা ৪৬৬ লাখ শিশুৰ জন্মস্থান হ’ল ভাৰত! ভাৰতত ৫ বছৰতকৈ তলৰ যিমান শিশুৰ মৃত্যু হয়, তাৰে আধা সংখ্যক শিশুৰ মৃত্যু হয় পুষ্টিকৰ খাদ্য আদিৰ অভাৱৰ বাবে। ইউনিচেফ-অৰ মতে পৃথিৱীৰ এক-তৃতীয়াংশ অবিকশিত শিশু ভাৰতৰ! এইখিনিতে উল্লেখযোগ্য যে ২০১২ চনত ‘HUNGaMA ( Hunger and Malnutrition) Report-2011’ উন্মোচন কৰি সেই প্ৰতিবেদনত চকু ফুৰাই সেইসময়ৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে কৈছিল যে ভাৰতৰ জি-ডি-পি বৃদ্ধি পোৱাৰ পিছতো অভাৱ তথা পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবে হোৱা এনে ভয়াবহ তথ্য হ’ল ‘ৰাষ্ট্ৰীয় লজ্জাৰ বিষয়’ (Dr Manmohan Singh, expressed dismay at the ‘unacceptably high’ levels of malnutrition despite high and impressive GDP growth and said it was a matter of ‘national shame’. He being renowned economist, also expressed that ‘the health of our economy and society lies in the health of this generation. We cannot hope for a healthy future for our country with a large number of malnourished children.)! কিন্তু বৰ্তমানেও ‘গ্লোবেল হাংগাৰ ইন্ডেক্স’ (GHI) অনুসৰি পৃথিৱীৰ ১১৮ খন দেশৰ তালিকাত ভাৰতৰ নাম ৯৭ নং হৈ আছে। এইবিষয়ে টিপ্পনি দিয়া হৈছে যে -‘ ভাৰতৰ মানুহ পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত’ ( It concludes that Indian Population does not have access to sufficient and nutritious food)! ২০১৮ চনত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা ভাৰতত সৰ্বাধিক আছিল, ৮৮২০০০ জন! দ্বিতীয় স্থানত আছিল নাইজেৰিয়া, ৮৬৬০০০ জন। ইউনিচেফ-অৰ ‘The State of the World’s Children'(SOWC) শীৰ্ষক ২০১৮ চনৰ প্ৰতিবেদনত কোৱা হৈছে – ‘Around 38% Indian Children under the age of five years suffer from stunning.’
যি কি নহওঁক, কুষ্ঠৰোগ, যক্ষ্মাৰোগ, হাগনি, কলেৰা, মেলেৰিয়া, ডেঙ্গু, জাপানিজ এনকেফেলাইটিচ, এইডচ্, কেন্সাৰ, হৃদযন্ত্ৰৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, বৃক্কৰ ৰোগত, মধুমেহ বা ডায়েবেটিচ, হাপানি, মানসিক ৰোগ, এলঝাইমাৰ, চকুৰ ৰোগ, দাঁতৰ ৰোগ, ইত্যাদি বিভিন্ন ৰোগৰ মাজত লাটুম ঘুৰাই দৰে ঘূৰি থকাৰ পিছত এতিয়া সেই সকলোবোৰক নিষ্প্ৰভ কৰি (যেন সেইবোৰ এতিয়া চাইগলৰ কন্ঠৰ ‘মধুবন মে ৰাধিকা…নাচে..ৰে….মধুবন মে’…জাতীয় গান হে) কোভিড-১৯ নামৰ ভাইৰাছে ৰোগৰ সিংহাসনত আৰোহণ কৰিছে আৰু সাম্প্ৰতিক কালত সকলোবোৰ কথাই কোভিড কেন্দ্ৰিক হৈ পৰিছে। হয়, ই এক বিশ্বজোৰা সমস্যা, কিন্তু এসময়ত প্লেগক যিদৰে বৰপীৰা পাৰি দি অইন সকলোবোৰ ৰোগক ঢাকি ৰখা হৈছিল; কোভিড-১৯ বা কৰ’নাৰ মহানৰমেধ যজ্ঞৰ আৰম্ভণিৰ আগলৈকে ভাৰত চৰকাৰে, বিত্তবান সকলে, সচেতন সকলে, মেডিয়াই, এতিয়া উদ্বিগ্ন হৈ পৰা সকলোৱে, আমিও, কোনোবা দিনা দশক দশক ধৰি লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি নিয়া উল্লিখিত ৰোগবোৰৰ প্ৰতি কোনোবা দিনা সচাকৈয়ে উদ্বিগ্ন হৈছিল/হৈছিলো নে? এই প্ৰশ্নৰ উদ্ৰেক হৈছে এইবাবেই যে আজি ইমান বছৰে স্বাস্থ্যৰ শিতানত ভাৰতে মুঠ ‘জি-ডি-পি’ৰ মাত্ৰ ১.২৬% বা তাতোকৈ কম ধন ব্যয় কৰি আহিছে আৰু আমি কোনোদিনে উদ্বিগ্ন হোৱা নাই! গ্ৰেট ব্ৰিটেইনে, নেদাৰলেন্ডে, নিউজিলেন্ডে, ফিনলেন্ডে, অষ্ট্ৰেলিয়াই মুঠ জি-ডি-পিৰ ৯% স্বাস্থ্য শিতানত ব্যয় কৰে; আমেৰিকাই জি-ডি-পিৰ ১৬% স্বাস্থ্য শিতানত ব্যয় কৰে; জাপানে, কানাডাই, ফ্ৰান্সে, জাৰ্মানীয়ে, চুইজাৰলেণ্ডে জি-ডি-পিৰ ১০% স্বাস্থ্য শিতানত ব্যয় কৰে; কিন্তু ভাৰতত প্ৰকৃততে স্বাস্থ্য শিতানত কৰা ব্যয়ক লৈ কোনেও তালফাল লগোৱা আমি নেদেখিলো আৰু আমিও উদ্বিগ্ন নহলো। ‘The National Policy of 2017’ অনুসৰি ভাৰত চৰকাৰক পৰামৰ্শ দিয়া হৈছিল যে ২০২৫ চনৰ ভিতৰত ভাৰতত স্বাস্থ্য শিতানত কমেও জি-ডি-পিৰ ২.৫% ধন বৰাদ্দ কৰিব লাগে। কিন্তু সেয়াও এক অলীক সপোন! কাৰণ বিশেষজ্ঞসকলে কৈছে যে ২০২৫ চনৰ সেই লক্ষ্য পূৰ্ণ হ’বলৈ হ’লে বছৰি কমেও জি-ডি-পিৰ ধন ০.৩৫% বৃদ্ধি কৰি গৈ থাকিব লাগিব আৰু ২০১৭ চনৰ পৰাই কৰি যাব লাগিব; কিন্তু ০.৩৫% ৰ পৰিৱৰ্তে বৃদ্ধি কৰাৰ সলনি ০.০২% হে বৃদ্ধি কৰা হৈছে! গতিকে জি-ডি-পিৰ ২.৫% স্বাস্থ্য শিতানত বৰাদ্দ কৰাৰ সপোনো অলীক নহয় নে?
কিন্তু এই ভাৰততে পেটেলৰ এটা মূৰ্তিৰ নামত ৩০০০ কোটি খৰচ কৰা হয় ( বিজ্ঞাপনৰ বাবদ ২.৬৪ কোটি অন্তৰ্ভুক্ত হোৱা নাই), ফকীৰ চাহেব আৰু অইন কিছুমান ৰাজনৈতিক নেতাৰ বাবে ‘এছ-পি-জি’ৰ নিৰাপত্তাৰ নামত ২০২০ চনৰ বাজেটত ৫৯২.৫ কোটি টকা বৰাদ্দ কৰা হয় ( মোডীৰ বাবে প্ৰতিদিনে ১.৬২ কোটি টকা), প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বিলাসবহুল বিমানৰ বাবে ৮৬০০ কোটি টকা ব্যয় কৰা হয়, এনে এক ভয়াবহ দিনত সংসদ ভৱন- প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণ আদিক সামৰা ‘চেন্ট্ৰেল ভিস্টা’ প্ৰকল্পক ‘জৰুৰীকালীন বিষয়’ৰ অন্তৰ্ভুক্ত কৰি ২০০০০ কোটি টকা বৰাদ্দ কৰা হয়, কৰ’নাকালত কুম্ভমেলাৰ জনসমাগম সফল কৰিবলৈ বাজেটত ৩২৫ কোটি টকা ধাৰ্য কৰা হয়, ১০০০+ কোটি টকা খৰচ কৰিবলৈ ৰাম মন্দিৰৰ শিলান্যাস কৰা হয়….!
‘দ্যা হিন্দু’ কাকতত ২০১৩ চনৰ ১৯ জুলাই তাৰিখে ‘IMS Institute For Healthcare Informatics’ -অৰ ‘ Understanding Healthcare Access in India – What is the Current State’ শীৰ্ষক এক প্ৰতিবেদনক ভিত্তি কৰি প্ৰকাশ কৰা হৈছিল যে সমগ্ৰ ভাৰতৰ মুঠ জনসংখ্যাৰ ২৮% মানুহ নগৰ অঞ্চলত বাস কৰে আৰু তেওঁলোকে সমগ্ৰ ভাৰতৰ চিকিৎসালয়ৰ মুঠ বিছনাৰ ৬৬% বিছনা লাভ কৰাৰ সুবিধা লাভ কৰে। সেই বাতৰি আছিল আজিৰ পৰা ৮ বছৰ আগৰ; বৰ্তমানৰ হিচাব অনুযায়ী ভাৰতত চৰকাৰী চিকিৎসালয় আছে ২৫৭৭৮ খন আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আছে ৪৩৪৮৭ খন, ইয়াৰে চৰকাৰী চিকিৎসালয় সমূহত ৭১৩৯৮৬ খন বিছনা, ৩৫৬৯৯ খন ‘আই-চি-ইউ’ৰ বিছনা, ১৭৮৫০ খন ‘ভেন্টিলেশ্যন’ৰ সুবিধা থকা বিছনা আছে, আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহত ১১৮৫২৪২ খন বিছনা, ৫৯২৬২ খন ‘ আই-চি-ইউ’ৰ বিছনা, ২৯৬৩১ খন ‘ভেন্টিলেশ্যন’ৰ সুবিধা থকা বিছনা আছে। এই চৰকাৰী চিকিৎসালয় আৰু বিছনাৰ হিচাব এনেধৰণৰ – গাওঁ অঞ্চলত ২১৪০৩ খন চিকিৎসালয় আছে আৰু বিছনা আছে ২৬৫২৭৫ খন, নগৰ অঞ্চলত ৪৩৭৫ খন চিকিৎসালয় আছে আৰু বিছনা আছে ৪৪৮৭১১ খন; ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গাওঁ অঞ্চলত থকাৰ প্ৰশ্নই নাই! ভাৰতৰ স্বাস্থ্য বিভাগ আৰু ‘CDDEP – Princeton University’ ৰ এক সমীক্ষামতে ভাৰতত কৰ’নাৰ প্ৰথমটো ঢৌৰ সময়ত চৰকাৰী-ব্যক্তিগত খন্ডৰ মিলি ১০০০০ মানুহৰ বিপৰীতে ১৩.৭৬ খন বিছনাৰ সুবিধা আছিল আৰু কেৱল চৰকাৰী খন্ডৰ ক্ষেত্ৰত ১০০০০ মানুহৰ বিপৰীতে ৫.২ খন বিছনাৰ সুবিধা আছিল। ইয়াৰোপৰি গাওঁ অঞ্চলত বহিঃ ৰ্বিভাগ (OPD)ৰ চিকিৎসা পাবলৈ ৩২% মানুহে ৫ কিলোমিটাৰতকৈও অধিক বাট বুলিব লাগে আৰু ৬৮% মানুহে ৫ কিলোমিটাৰতকৈ কম বাট বুলিব লাগে। ইয়াৰ বিপৰীতে নগৰ অঞ্চলত ৯২% মানুহে ৫ কিলোমিটাৰ দূৰত্বতকৈ কম বাট বুলিব লাগে আৰু কেৱল ৮% নগৰীয়া মানুহে ৫ কিলোমিটাৰ দূৰত্বতকৈ অধিক বাট বুলিব লাগে।
২০১৯ চনৰ ৪ জুলাই তাৰিখে -Business Standard’-অত উল্লেখ কৰা হৈছিল যে ভাৰতৰ নগৰ অঞ্চলত ১২২৫৩৮১ গৰাকী স্বাস্থ্য কৰ্মীৰ বিপৰীতে গাঁওত ৮৪৪১৫৯ গৰাকী স্বাস্থ্য কৰ্মী আছে। ২০১৯ চনৰ ২ জুলাই তাৰিখে ৰাজ্যসভাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবে-ই কৈছিল যে ভাৰতত ৯.২৬ লাখ এল’পেথিক চিকিৎসক আছে ; আৰু ৭.৮৮ লাখ আয়ুৰ্বেদিক, ইউনানী, হোমিওপেথি চিকিৎসক আছে। তাৰোপৰি ৩.২ লাখ নাৰ্ছে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা শিক্ষা সাং কৰে। এই সংখ্যা সমূহৰ সৈতে, বৰ্তমান কোনোধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰা বিৰত থকা লক্ষ লক্ষ চিকিৎসক আৰু নাৰ্ছ সংলগ্ন হৈ আছে। উদাহৰণস্বৰূপে, ২০১২ চনৰ ১৫ মে’তাৰিখে ‘দ্যা টাইমছ অফ ইণ্ডিয়া’ৰ এক বাতৰি অনুসৰি ‘মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া’ই ২০১২ চনতে সদৰি কৰিছিল যে যদিও ‘এম-চি-আই’ৰ খাতাত ৭.৫ লাখ চিকিৎসকৰ নাম আছে, তাৰে ২ লাখৰ চিকিৎসা সেৱাৰ সৈতে কোনো সম্পৰ্ক নাই, আৰু ১০.৭ লাখ পঞ্জীভুক্ত নাৰ্ছৰ ৬ লাখৰ কোনো অস্তিত্বই নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত এতিয়াও ১৯.৪ লাখ নাৰ্ছৰ প্ৰয়োজন হৈ আছে! বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীত নাৰ্ছৰ প্ৰয়োজনৰ অনুপাত গড়ে ৩০০ জন লোকৰ বিপৰীতে এগৰাকী , কিন্তু ভাৰতত ৬৭০ জনৰ বিপৰীতে এগৰাকী হৈ আছে!
কলেৰা, হাগনি, মেলেৰিয়া, যক্ষ্মা, কুষ্ঠ, ইত্যাদি বিভিন্ন ৰোগৰ বিচৰণ ক্ষেত্ৰ ভাৰতত চিয়েৰা লিঅ’ন আৰু নাইজেৰিয়াৰ দৰে স্বাস্থ্য শিতানত সামান্য পৰিমাণৰ ধন ব্যয় কৰা ভাৰতত ( জি-ডি-পি-ৰ ১.১৭% বা ১.২০% ব্যয়) চিকিৎসালয়, চিকিৎসক, নাৰ্ছ, চিকিৎসা-কৰ্মীৰ অকল্পনীয় ঘাটি তথা নগৰ-গাওঁৰ তুলনামূলক বৈষম্যৰ বিষয়ে ঢৌৰ ওপৰত খৰ মাৰি চালেই ভাৰতৰ স্বাস্থ্য খণ্ডৰ পয়াঁলগা শোচনীয় আন্তঃগাথঁনিৰ উমান পোৱা যায়। এনে এক পটভূমিত ভাৰতত প্ৰৱেশ কৰিলে সমগ্ৰ বিশ্বত হাহাকাৰ সৃষ্টি কৰা কৰ’না। ভাৰতত কোনো প্ৰস্তুতি নাছিল, ‘নমস্তে ট্ৰাম্প’ত ব্যস্ত হৈ পৰিছিল ভাৰত চৰকাৰৰ সকলো হৰ্তা- কৰ্তা বিধাতা। তাৰ পিছৰ পৰ্যায়ৰ বিষয়ে সকলোৱে জানে। পৃথিৱীৰ এক-ষষ্ঠাংশ মানুহৰ বাসভূমি ভাৰতত, ১৩৫+ কোটি মানুহৰ বাসভূমি ভাৰতত, হঠাৎ ২০২০ চনৰ ২৪ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী মোডীয়ে কোনো পূৰ্ব-পৰিকল্পনা নোহোৱাকৈ ২১ দিনৰ বাবে সৰ্ববৃহৎ- সৰ্বদীৰ্ঘ ‘লক-ডাউন’ ঘোষণা কৰি এক অকল্পনীয় পৰিস্থিতি সৃষ্টি কৰিলে। প্ৰথম পৰ্যায়ৰ সেই অধ্যায় সকলোৰে বিদিত। প্ৰথম পৰ্যায়ৰ জোৱাৰ ‘ভাটা’ হৈ পৰাৰ লগে লগে সৰ্বস্তৰত শিথিলতা আৰম্ভ হৈ গ’ল। নিৰ্বাচনৰ বতৰ আহিল, কুম্ভমেলাৰ বতৰ আহিল, কৰ’না যেন নিঃশ্চিহ্ন – তেনে এক ধাৰণা ভাৰত চৰকাৰে ডাঙি ধৰিলে। জানুৱাৰী মাহৰ ২৮ তাৰিখে ‘ৱৰ্ল্ড ইকোনমিক ফ’ৰাম’ (ডাভোচ) ৰ ‘ভাৰ্চুৱেল বক্তব্য’ত মোডীয়ে ঘোষণা কৰিলে যে ভাৰত এনে এখন দেশ, যিখনে কৰ’নাক সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ( PM Modi had said that India is one of the countries that has successfully controlled coronavirus)! যি সময়ত প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব সকলোৱে বাঞ্চা কৰিছিল, সেইসময়ত তেওঁ নীৰৱতা অৱলম্বন কৰিলে – আগৰ সমস্যাসমূহৰ ক্ষেত্ৰত কৰাৰ দৰেই। প্ৰতিদিনে সহস্ৰাধিকৰ মৃত্যু, মৰ্যদাপূৰ্ণ শেষকৃত্য নাই, গঙ্গাত উটুৱাই দিয়া হ’ল মৃতদেহ, বালিত পুতি পেলোৱা হ’ল, শ্মশান নাই, শ্মশানত খৰি নাই, চিকিৎসালয় সমূহত অক্সিজেন নাই, …..মোডী অকৰ্মণ্য হৈ বহি থাকিল! কৰণ থাপাৰে এনেদৰে ক’লে – ‘ When we needed a warrior we see instead a Himalayan sage’! নিৰ্বাচনৰ বতৰত, নিৰ্বাচনৰ পিছত, ভাৰতত যি অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হ’ল – তাকে দেখি সমগ্ৰ বিশ্বৰ চকু কপালত উঠিল, আৰু তেনে এক পৰিস্থিতিত মোডী চৰকাৰৰ যি ভূমিকা, মোডীৰ যি ভূমিকা – আন্তৰ্জাতিক মহলতো তীব্ৰ ভাষাৰে সমালোচনা হ’ল। কিন্তু সমস্যাৰ উদ্ভৱ হ’লে মোডীৰ অনুপস্থিতি কোনো নতুন কথা নহয়। আগতেও সমস্যা হ’লেই তেওঁ পৃষ্ঠভঙ্গ দিছিল বা নীৰৱতা অৱলম্বন কৰিছিল। ২০০২ চনত গুজৰাটত সংঘটিত হোৱা হিন্দু- মুছলমান সংঘৰ্ষৰ সময়ত মোডীয়ে উচ্চস্তৰীয় ‘কনক্লেভ'(Top Level Conclaves) সমূহত অংশগ্ৰহণ কৰি সংঘৰ্ষৰ পৰা আৰু সংঘৰ্ষোত্তৰ পৰিস্থিতিৰ পৰা পৃষ্ঠভঙ্গ দিছিল। তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতত বিভিন্ন প্ৰান্তত গো-হত্যাক কেন্দ্ৰ কৰি হোৱা হত্যাকান্ড, অত্যাচাৰ, সংঘৰ্ষ তথা লজ্জাজনক অগণতান্ত্ৰিক ঘটনাৱলীৰ সময়তো তেওঁ মৌনতা অৱলম্বন কৰিছিল। ‘কা’ আন্দোলনৰ সময়তো তেওঁৰ মুখৰ মাত নাই। ছমাহ ধৰি নিজৰ ঘৰ-বাৰী এৰি হাজাৰ হাজাৰ খেতিয়ক দিল্লীৰ ৰাজপথত বহি আছে, মোডীয়ে সেইফালে ভুলতেও কেৰাহিকৈও চোৱা নাই, তেওঁলোকক ‘আন্দোলনজীৱি’ বুলি কৈয়েই দায়িত্ব শেষ। বিমুদ্ৰাকৰণে সমগ্ৰ ভাৰতত এক মহম্মদ-বিন-তোগলকীয় পৰিস্থিতি সৃষ্টি কৰি সমগ্ৰ অৰ্থনৈতিক পৰিস্থিতিক বোকাত পেলাই দিলে , কিন্তু ভুলতেও সেইবিষয়ে একো মাত নাই – ‘ভুল সিদ্ধান্ত’ বুলি কোৱা দূৰৰ কথা! দু: সংবাদ সমূহৰ পৰা আতৰি থকাটো কেৱল মোডীৰে চৰিত্ৰ নহয়, তেওঁৰ চৰকাৰখনৰো চৰিত্ৰ। আজি ৭ বছৰে মোদীয়ে এখন প্ৰেছমেলতো অংশগ্ৰহণ কৰা নাই ( অক্ষয় কুমাৰ নামৰ অভিনেতাজনৰ সাক্ষাৎকাৰটো হিচাবত নধৰিলেই ভাল)! ‘সুবক্তা’ আৰু ‘বলিষ্ঠ নেতা’ যে সমাৰ্থক নহয় – সেই কথা আজি আন্তৰ্জাতিক সংবাদ মাধ্যমেও ডাঙি ধৰিছে। যিসময়ত মোডীয়ে কৰ’নাৰ দ্বিতীয় ঢৌৰ মুখামুখি হ’বলৈ পৰিকল্পনা কৰিব লাগিছিল, সেইসময়ত তেওঁ কৰ’নাক পৰাজিত কৰা বুলি ঘোষণা কৰি তেওঁৰ স্তাৱকসকলৰ পৰা ৱাহঃ ৱাহঃ লৈ জৰুৰীকালীন বিষয় হিচাপে বাচি ল’লে তেওঁৰ নতুন বাসভৱন নিৰ্মাণ, নতুন সংসদ ভৱন নিৰ্মাণ আদিৰ দৰে কৰ্ম তথা বঙ্গৰ নিৰ্বাচন! কৰ’নাৰ সময়ত নিৰ্বাচনী সমাৱেশবোৰত হাজাৰ হাজাৰ মাস্ক নিপিন্ধা লোক দেখা পাই তেওঁ আপ্লুত হৈ পৰিল, আৰু কৰ’না বিস্তাৰিত হোৱাত সহায় কৰিলে; লগতে অইন ৰাজনৈতিক নেতাসকলেও সহায় কৰিলে, নিৰ্বাচন আয়োগেও কৰিলে! প্ৰতিদিনে সহস্ৰাধিকৰ মৃত্যু হোৱাৰ সময়তো ‘চেন্ট্ৰেল ভিস্টা’ক লৈ ব্যস্ত হৈ থকা মোডীক বক্ৰোক্তি কৰি প্ৰকাশ কৰা কাৰ্টুনত লিখা হ’ল -‘And here is the secret bunker where you can hide from any national crisis!’
যি কি নহওঁক, হঠাৎ, কোনো কথা নাই- বতৰা নাই, মোডীয়ে ‘টীকা উৎসৱ’ ঘোষণা কৰি সকলোকে চমকৃৎ কৰিবলৈ চেষ্টা কৰিলে! কিন্তু আশ্বৰ্যজনক ভাবে টীকাৰ তীব্ৰ অভাৱ হ’ল প্ৰত্যক্ষ সমগ্ৰ ভাৰততে! অৰ্থাৎ, টীকাকৰণৰ বাবেও নাছিল কোনো সুচিন্তিত পৰিকল্পনা। চাহিদা অনুসৰি টীকা নাই ভাৰতবৰ্ষত, কিন্তু ফোপোলা বদান্যতা দেখুৱাই আন্তৰ্জাতিক ক্ষেত্ৰত নিজৰ মুখ জিলিকাবলৈ বাংলাদেশক ১০৩ লাখ , ম্যানমাৰক ৩৭ লাখ, নেপালক ২৪.৪৮ লাখ, ভূটানক ৫.৫ লাখ, মালদ্বীপক ৩.১২ লাখ, মৰিচাছক ৪ লাখ, চিচিলিক ০.৫ লাখ, শ্ৰীলংকাক ১২.৬৪ লাখ, বাহৰেইনক ১ লাখ, ব্ৰাজিলক ৪০ লাখ, মৰক্কোক ৭০ লাখ, অ’মানক ১ লাখ, ইজিপ্তৰ ০.৫ লাখ, আলজেৰিয়াক ০.৫ লাখ, দক্ষিণ আফ্ৰিকাক ১০ লাখ, কুৱেইটক ২ লাখ, ইউনাইটেড আৰৱ এমিৰেটচ্-ক ২ লাখ, আফগানিস্তানক ৯.৬৮ লাখ, বাৰবাডোচ-অক ১ লাখ, ডমিনিকাক ০.৭ লাখ, মেক্সিকোক ৮.৭ লাখ, ছৌদি আৰৱৰ ৪৫ লাখ,…… এনেদৰে ৯৫ খন দেশক ৬৬৩.৬৯৮ লাখ ভেকচিন প্ৰেৰণ কৰিবলৈ ধৰিলে ( ৪ মে’,২০২১ পৰ্যন্ত; বৈদেশিক মন্ত্ৰালয়ৰ তথ্য)! ইয়াকে কয় – ‘গাত নাই চাল-বাকলি, মদ খায় তিনি টেকেলি’! তাৰোপৰি নিজৰ নাম সোণোৱালী আখৰেৰে জিলিকাবলৈ ৰাষ্ট্ৰসংঘকো ২০০০০০ ভেকচিন দান দিলে ভাৰতে! এই আচঁনিৰ আৰম্ভ কৰা হৈছিল এইবছৰ জানুৱাৰী মাহত, নাম দিয়া হৈছিল ‘ভেকচিন মৈত্ৰী’ ; প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰা হৈছিল কৰ’নাক পৰাভূত কৰা ভাৰত কিমান সক্ষম টীকা উৎপাদন আৰু দান দিয়াৰ ক্ষেত্ৰত! ভাৰত হৈ পৰিল ‘বিশ্ব-টীকাগুৰু’ ! কিন্তু ‘কৰ’নাক পৰাজিত কৰা’ ভাৰতত দ্বিতীয় পৰ্যায়ৰ কৰ’না ইমানেই বাঢ়িল , আৰু টীকাৰ ইমানেই অভাৱ হ’ল যে ভাৰতত কোভিশ্বিল্ড টীকা প্ৰস্তুতকৰ্তা আদৰ পুনেৱালাই ভাৰতত ৰাজনৈতিক হেঁচা সহ্য কৰিব নোৱাৰি বিদেশলৈ গমন কৰিবলৈ বাধ্য হ’ল! পৰিস্থিতি এনে হ’ল যে ভাৰতে টীকাৰ ৰপ্তানি বন্ধ কৰিবলগীয়া হ’ল। কোনো দেশৰ কোনো ৰাজনৈতিক নেতাই টীকাক লৈ ইমান বাগাড়ম্বৰ কৰা নাছিল আৰু ইমান ইমান অদক্ষতাৰ নিদৰ্শন ডাঙি ধৰা নাছিল! ফলস্বৰূপে ভাৰতৰ মানুহৰ লগতে ভাৰতে টীকা যোগান ধৰিবলগীয়া দেশবোৰৰ মানুহেও সমানেই ভুগিছে হেতুকে এতিয়া সৰ্বস্তৰত ধিক্কাৰ ধ্বনি শুনা গৈছে। উদাহৰণস্বৰূপে, আন্তৰ্জাতিক প্ৰয়োজনৰ বাবে Covax-অৰ ২০০ কোটি টীকাৰ আধা অংশ ১০০ কোটি প্ৰস্তুত কৰিবলগীয়া ‘Oxford-Astra-Zeneca’ৰ উৎপাদক ‘ছেৰাম ইন্সটিটিউট অফ ইণ্ডিয়া’ই Covax-অক টীকা যোগান ধৰিব পৰা নাই, আৰু মাৰ্চ মাহত ,’শ্বিপমেন্ট’ বন্ধ হোৱাৰ ফলত ৯২ খন ‘Low-Income’ আৰু ‘Lower-Middle-Income’ৰ দেশৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে; কাৰণ সেই ৯২ খন দেশে ‘Covax’-অৰ ওপৰত নিৰ্ভৰশীল আছিল। মোডী চৰকাৰৰ পৰিকল্পনাহীনতাৰ বাবে অইন দেশৰ লগতে চুবুৰীয়া বাংলাদেশ, নেপাল, শ্ৰীলংকা আদিয়েও সমানেই ভুগিছে; কাৰণ তেওঁলোকেও পাবলগীয়া টীকা পোৱা নাই ভাৰতৰ পৰা, ভাৰতত উৎপাদন কৰা কোম্পানীৰ পৰা – যিহেতু ভাৰতত কৰ’নাই প্ৰলয়ঙ্কৰী অধ্যায়ৰ সৃষ্টি কৰাত ভাৰতক টীকা প্ৰয়োজন হৈছে আৰু ৰপ্তানী বন্ধ কৰা হৈছে ( ইয়াৰ উপৰিও কোভিশ্বিল্ড টীকা প্ৰস্তুতকৰ্তা আদৰ পুনেৱালাই ভাৰতৰ পৰা লন্ডনলৈ গুচি যোৱা ঘটনাবোৰ আছেই)! নেপালৰ পিনেই চোৱা যাওক – ২০২১ চনৰ ১ এপ্ৰিলত নেপালত কৰ’না আক্ৰান্ত আছিল ১৫২ জন, নেপালে ২০ লাখ টীকা অৰ্ডাৰ দিছিল; কিন্তু টীকা ১০ লাখ দিয়াৰ পিছত পুনৰ ১০ লাখ টীকা নাই নেপাললৈ পঠিয়াবলৈ, গতিকে সংক্ৰমণ বৃদ্ধি হৈ নেপালত প্ৰতিদিনে ৮০০০ সংখ্যাৰ ঘৰ পাইছে! নেপাল, বাংলাদেশ আদিকে ধৰি ৯২ দেশক ভাৰত চৰকাৰৰ হঠকাৰীতাই চৰম বিপদত পেলাইছে! মূলতঃ মোডী চৰকাৰৰ ব্যৰ্থতা আৰু পৰিকল্পনাৰ অভাৱৰ বাবে সমগ্ৰ বিশ্বৰ COVAX Program-অতো বিজুতি লাগিল। সমগ্ৰ বিশ্বৰ বহুত দেশৰ টীকাকৰণৰ শৃংখল চিঙি গ’ল ভাৰতৰ বাবে! পৰিকল্পনা কৰা অনুসৰি বিতৰণ নহ’ল। কিন্তু মোডীৰ প্ৰশংসা কৰি কৰি তৎ পোৱা নাই অমিত শ্বাহ, হৰ্ষবৰ্দ্ধন, পীযুষ গোৱেল আদিয়ে! আনকি গণতান্ত্ৰিক ভাৰতত, মোডীক উদ্দেশ্য কৰি পোষ্টাৰ লগোৱা কেইজনমানকো দিল্লী পুলিচে গ্ৰেপ্তাৰো কৰিলে, কাৰণ সেই পোষ্টাৰত লিখা হৈছিল -‘ মোডী জী, হমাৰে বচ্চো কী ভেকচিন বিদেশ মে কিউ ভেজ দিয়া'(মোডী ডাঙৰীয়া, আমাৰ সন্তানবোৰৰ ভেকচিনবোৰ আপুনি বিদেশলৈ কিয় পঠিয়াই দিলে?)! ২০২১ চনৰ ১২ এপ্ৰিলত ‘অমিত শ্বাহ নিৰুদ্দেশ’ বুলি কোনোবাই দিল্লীত গোচৰো তৰিলে, কাৰণ বঙ্গৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত লাজতে-অপমানতে আত্মগোপন কৰা মোডীৰ লগতে শ্বাহৰো ছাঁ দেখিবলৈ পোৱা নগৈছিল!
২০২০ চনৰ আগষ্টত মোডীয়ে কৈছিল যে ভাৰতে টীকা বিতৰণৰ পৰিকল্পনা তৈয়াৰ কৰিছে; কিন্তু প্ৰায় ১৩৫+ কোটি মানুহৰ বাসভূমি ভাৰতত ১৬/০১/২০২১ তাৰিখে হে ছেৰাম ইন্সটিটিউটক ১১ নিযুত টীকাৰ বাবে প্ৰথমটো অৰ্ডাৰ দিয়া হৈছিল, আৰু সেই ‘অৰ্ডাৰ’ বিদেশলৈ দান দিবলৈ দিয়া হৈছিল; কাৰণ ‘ভাৰতে কৰ’নাক ইতিমধ্যে জয় কৰিছে’। ফেব্ৰুৱাৰী মাহৰ শেষভাগত পুনৰ ২১ নিযুত টীকাৰ বাবে অৰ্ডাৰ দিয়া হৈছিল, আৰু মাৰ্চ মাহত হে ভাৰতৰ মানুহৰ বাবে ১১০ নিযুত টীকাৰ অৰ্ডাৰ দিয়া হৈছিল! ইতিমধ্যে শ্মশানত স্থান নোহোৱা হ’বলৈ আৰম্ভ কৰিছিল, খৰি নোহোৱা হৈছিল, অক্সিজেন নোহোৱা হৈছিল, তথ্ৰাচ মোডী-শ্বাহ আদিয়ে বঙ্গজয় কৰিবলৈ হে তৎপৰ হৈ আছিল। তাৰপিছত কি পৰিস্থিতি সৃষ্টি হ’ল, গুজৰাটী কবিয়ে কিয় “শৱবাহিনী গঙ্গা” কবিতা ৰচনা কৰিবলৈ বাধ্য হ’ল – সচেতন সকলোৰে অৱগত। সময়মতে ভাৰতে ভাৰতৰ বাসিন্দাৰ বাবে টীকা ক্ৰয় নকৰা বাবে, আগধন নিদিয়া বাবে ( আমেৰিকা, ইংলেণ্ড আদিয়ে যোৱা বছৰেই আগধন দিছিল টীকা ক্ৰয় কৰিবলৈ) সকলোৱেই ভুগিবলৈ বাধ্য হ’ল। ফলাফল হিচাপে দ্বিতীয় ঢৌৰ কালান্তক পৰ্যায়ত, এপ্ৰিল মাহত ভাৰতত মাত্ৰ ০.৫% মানুহৰ টীকাকৰণ হ’ল, মে’ মাহত ৩.১%, আৰু ২ জুন তাৰিখ পৰ্যন্ত ৯ কোটি ১৩ লাখ ৮১ হাজাৰ ৭৪৯ জন পুৰুষ তথা ৭ কোটি ৯২ লাখ ৩১ হাজাৰ ৮৭০ জনী মহিলাৰ টীকা কৰণ হ’ল; টীকাৰ তীব্ৰ অভাৱৰ বাবে ‘দ্বিতীয় ডোজ লোৱাৰ সময়’ এক চমৎকাৰ কায়দাৰে বহু সপ্তাহ পিছুৱাই দিয়া হ’ল। ৰাইজৰ ধনেৰে ‘সময়মতে’ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বিলাসবহুল বিমান কিনাত যিমান তৎপৰতা দেখা যায়, পেটেলৰ মূৰ্তি তৈয়াৰ কৰাৰ ক্ষেত্ৰত দেখা যায়, ৰাইজৰ ধন ৰাইজৰ বাবে ব্যয় কৰাৰ ক্ষেত্ৰত তেনে তৎপৰতা দেখা পোৱা নগ’ল – অইন সকলোবোৰ বাদ দিলেও, কৰ’নাৰ পটভূমিত! সমগ্ৰ পৃথিৱী ৰাইজৰ ধনেৰে ভ্ৰমণ কৰি কৰি নিৰন্তৰ দম্ভভৰা আত্মপ্ৰচাৰেৰে আত্মসন্ত্তষ্টি লভাৰ লগতে মানুহক ভেৰা বুলি ভাবি সময়ে সময়ে নাটকীয় ভঙ্গীৰে কন্ঠ থোকাথুকি কৰি অশ্ৰুমোচন কৰা চমৎকাৰ শিল্পী মোডীয়ে বিজ্ঞাপন আৰু অন্যান্য মাধ্যমেৰে নিজকে বিশেষভাৱে জ্ঞাপন কৰি কৰি বিশ্বগুৰু হ’বলৈ প্ৰয়াস কৰি থাকিলেও অৱশেষত তেওঁ নতমস্তক হৈ মে’ মাহৰ শেষৰ সপ্তাহত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুব্ৰমণিয়ম জয়শঙ্কৰক এক অপ্ৰশংসিত অভিযান( Thankless Mission)ৰ দায়িত্ব পালন কৰিবলৈ আমেৰিকালৈ প্ৰেৰণ কৰিবলৈ বাধ্য হ’ল আৰু জয়শঙ্কৰে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি বিদেন-এ দায়িত্ব লোৱাৰ পিছত, আমেৰিকাৰ টুইটাৰ তথা হোৱাটচ্এপক লৈ ভাৰত চৰকাৰে ৰছী টনা খেল চলি থকা সময়ত আমেৰিকাত ‘বিশ্ব- টীকাগুৰু’ ভাৰতৰ বাবে আমেৰিকাৰ পৰা টীকা-ভিক্ষা কৰিলে! জয়শঙ্কৰে ‘ষ্টাইল’যুক্ত বাক্য প্ৰয়োগ কৰি ভিক্ষা খুজিলে -”Countries must look beyond their ‘national interest’ for ‘global good’! জয়শঙ্কৰৰ এনে বাক্য আমেৰিকাৰ সংবাদ মাধ্যমে ‘Funny’ বুলি কৈছে! অৰ্থাৎ, আমি একেবাৰে আৰম্ভণিতে উল্লেখ কৰা বিয়া বা ভোজৰ আয়োজকে নিমখ-জলকীয়া পাতত দি ওচৰৰ বিবাহ ভৱনত বেলেগ কোনোবাৰ বিয়া বা ভোজৰ বাবে যোগাৰ কৰা খাদ্য-সামগ্ৰী নিজৰ অতিথিৰ বাবে বিচৰাৰ দৰে কাৰ্য ভাৰত চৰকাৰেও কৰিলে! অথচ, ভাৰতে বেলেগ দেশক বিতৰণৰ দায়িত্ব লৈছিল, যদিও কোনো পৰিকল্পনাই নাছিল! কৰ’না জয়! টীকা উৎসৱ! হয়, ৰাষ্ট্ৰপতি বিদেন মহাশয়ে ঘোষণা কৰিছিল যে ‘Needy Countries’ বোৰক আমেৰিকাই ৮০ নিযুত টীকা যোগান ধৰিব পাৰে; কিন্তু বিদেনৰ প্ৰতিদ্বন্দ্বীক দুহাতেৰে উষ্ণ আলিঙ্গনেৰে ‘নমস্তে ট্ৰাম্প’ ধ্বনি দিয়া মোদীৰ ভাৰত আমেৰিকাৰ ‘needy countries’ৰ তালিকাত নাছিল! কাৰণ, ‘বিশ্বৰ সৰ্বশ্ৰেষ্ঠ টীকা উৎপাদনকাৰী ভাৰত’ বুলি মোডীয়ে সদম্ভে ঘোষণা কৰিছিল! সেইবাবেই ‘Funny’ শব্দৰ প্ৰয়োগ হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে, ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা ভাৰতলৈ কৰ’না সম্পৰ্কীয় সাহায্য প্ৰেৰণৰ বাবে প্ৰস্তাৱ দিছিল যদিও ফোপোলা অহঙ্কাৰ দেখুৱাই সেই প্ৰস্তাৱ ভাৰতে প্ৰত্যাখ্যান কৰিছিল ( কাৰণ, ভাৰতে হে বেলেগ দেশক যোগান ধৰিব পাৰে)! এই সম্পৰ্কে(ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ ভাৰতে প্ৰত্যাখ্যান কৰা সম্পৰ্কে) আন্তৰ্জাতিক সংবাদ মাধ্যমে লিখিছে – ‘ The government of India, in fact, rejected the United Nations’ offer to use it’s integrated supply chain that would help with logistics, saying that it already had a robust system to deal with it’! সেইকাৰণে, জয়শঙ্কৰৰ টীকা-ভিক্ষা এতিয়া আন্তৰ্জাতিক মহলত ‘Funny’ হৈ পৰিছে।
চৌদিশে মৃত্যুৰ কিৰীলি, মৃতদেহ ভাহিছে, বালিত পোত খাই আছে, শ্মশানত স্থানৰ অভাৱ, খৰি নাই, টীকা নাই, বিছনা নাই, অৰ্থনৈতিক পৰিস্থিতি বালিত পোত খোৱা মৃতদেহ সদৃশ, কোটি কোটি নিবনুৱা, স্মাৰ্টচিটি- আত্মনিৰ্ভৰ আদি শব্দ অতীত, টীকা উৎসৱ পালন কৰিবলৈ কৈ টীকা নাই,….এনে এক পৰিস্থিতিত মোডী-শ্বাহৰ সমস্যা হৈছে মাথো ‘মমতাৰ বিজয়’ – হয়, এতিয়াও তেওঁলোকে পৰাজয়ৰ গ্লানি হজম কৰিব পৰা নাই, আৰু চি-বি-আইৰ দ্বাৰা পুৰণি গোচৰ খোচৰা, মুখ্যসচিব আলাপনক লৈ বাগাড়ম্বৰ কৰি থকা ইত্যাদি কাৰ্যৰে নিজকে তললৈ, আৰু তললৈ নি আছে! আশ্বৰ্যজনক!! তেওঁলোকে তেনেবোৰ কামত মগ্ন হৈ থাকোতে উচ্চ ন্যায়ালয়ে, উচ্চতম ন্যায়ালয়ে টীকাক লৈ, অক্সিজেনৰ অভাৱক লৈ ব্যস্ত হ’বলগীয়া হৈছে! শৱবাহিনী গঙ্গাইও তেওঁলোকৰ হৃদয় প্ৰকৃততে মোচৰ খুৱাব পৰা নাই, ইমানেই ক্ষমতাৰ খঁক! ইমানেই পৰাজয়ৰ গ্লানি! এনে মনোভাৱ প্ৰকাশ কৰিব লাগিছিল নিবনুৱা সমস্যা সমাধান কৰিবলৈ, অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰিবলৈ,…! ফেব্ৰুৱাৰী মাহত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে ২০২১-২২ চনৰ বাবে বাজেটত ৩৫০০০ কোটি টকা বৰাদ্দ কৰা হৈছে; তেনেস্থলত সেই ধন বিনামূলীয়া টীকাৰ বাবে দিয়া হোৱা নাই কিয়? ২০২১ চনৰ ১৩ মে’ তাৰিখে ‘ফাইনেন্সিয়েল এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি ৩৫০০০ কোটি টকাৰ মাত্ৰ ৪৪০০ কোটি টকা এই পৰ্যন্ত ব্যয় কৰা হৈছে। তাৰোপৰি, মাত্ৰ কেইদিনমানৰ আগতে হে ‘স্পুটনিক ভি'(Sputnik V) নামৰ টীকা (ৰাছিয়াৰ ‘Gamaleya Institute’ ৰ) ভাৰতত ড° ৰেড্ডী লেবৰেটৰীৰ দ্বাৰা বিতৰণৰ বাবে অনুমতি দিয়া হৈছে। ২০২১ চনৰ ৩০ মে’ তাৰিখৰ এক বাতৰি অনুসৰি চেন্নাইৰ সমীপৰ চেন্নাইপট্টুত বিগত কেইবছৰমান ধৰি অত্যাধুনিক ইন্টিগ্ৰেটেড্ ভেকচিন উৎপাদন কৰা কমপ্লেক্স (IBC)এটা বন্ধ হৈ আছে। পৰিচালনা সমিতিৰ মতে ৩০০ কোটি টকা খৰচ কৰিলে বছৰি সেই কমপ্লেক্সৰ পৰা ১০০ কোটি টীকা উৎপাদন কৰিব পৰা যাব। সেই কমপ্লেক্সত ২০০ জন বিজ্ঞানীও আছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম-কে-ষ্টেলিনে সেই প্ৰকল্প পৰিদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলে তামিলনাডু চৰকাৰে প্ৰয়োজনীয় ৩০০ কোটি টকা খৰচ কৰিবলৈ সাজু বুলি কৈছে যদিও মোডী চৰকাৰে কোনো গুৰুত্বই দিয়া নাই! হয়তো তেনে কাম কৰিলে ষ্টেলিনৰ ‘নাম’ হ’ব পাৰে!
টীকা উৎসৱ!
টীকাই নাই, কিহৰ ভিত্তিত উৎসৱ?
টীকাকৰণৰ পিছত উপলব্ধ চাৰ্টিফিকেটখনতো মোদীৰ ছৱি! কি এক অসাধাৰণ অনন্য আত্মৰতি! শেহতীয়া সংখ্যাৰ ‘দেশ’ আলোচনীৰ সম্পাদকীয়ত লিখিছে -“দেশখনৰ যিজন কান্ডাৰী, তেওঁ যদি আত্মপ্ৰচাৰ, আত্মগৌৰৱত মগ্ন হৈ থাকে, তেনেহলে দেশখন দিশাহীনতাৰ অন্ধকাৰত যে নিমজ্জিত হয় — সেয়া আমি প্ৰতি মুহুৰ্ততে দেখি আছো। অৱস্থা এনে হৈছে যে অতিদৰ্পৰ তেজে সমস্ত ধৰণৰ চক্ষুচৰ্মহীনতাকো চেৰ পেলাইছে। চকুৰ সন্মুখত সেয়ে আমি দেখিছোঁ মেগালোম্যানিয়াত আক্ৰান্ত এজন ব্যক্তিক। নহ’লে কোভিডৰ এনে প্ৰাণঘাতী পৰিৱেশত , য’ত প্ৰাণবায়ুৰ বাবে প্ৰতিদিনে শত শত মানুহ মৃত্যুৰ কোলাত ঢলি পৰিছে, চিকিৎসালয়ত বিছনা নাই, ঔষধ নাই, এম্বুলেন্স নাই, শৱবাহী যান নাই, আনকি মৃত্যুৰ পিছতো শেষকৃত্যৰ বাবে শ্মশানত – সমাধিক্ষেত্ৰত স্থান নাই — স্বাস্থ্য ব্যৱস্থাৰ এনে এক কৰুণ চিত্ৰ, কিন্তু সেইবোৰলৈ নাই কোনো দৃষ্টিপাত। তাৰ পৰিৱৰ্তে কি? হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি ৰাজধানীৰ সৌন্দৰ্য বৃদ্ধিৰ আয়োজন। চেন্ট্ৰেল ভিষ্টা! এই বহু হাজাৰ কোটি টকীয়া প্ৰকল্পত নতুন সংসদ ভৱনৰ লগতে প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণ কাৰ্যও চলিছে। এই পৰিস্থিতিত সচাকৈয়ে এইবোৰৰ কি প্ৰয়োজন আছিল?…..শত ধিক্কাৰ এনে মনোবৃত্তিক।…” এনেদৰে বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন বিষয় ডাঙি ধৰিছে, কিন্তু সেইবোৰ কৰ্ণপাত কৰে কোনে? আগতে সংবাদ পত্ৰ পাঠকে ক্ৰয় কৰিছিল, এতিয়া সৰহভাগ সংবাদপত্ৰ বা অইন মাধ্যম চৰকাৰে বা ৰাজনৈতিক দলবোৰে ক্ৰয় কৰে হেতুকে সৰ্বসাধাৰণ ৰাইজ অন্ধ ধৃতৰাষ্ট্ৰ হৈ পৰিছে আৰু দিব্যচক্ষুৰ গৰাকী কলিযুগৰ নতুন ‘সঞ্জয়’সদৃশ সংবাদ মাধ্যমৰ মালিক,সম্পাদক, সাংবাদিক সকলৰ বিৱৰণ শুনিয়েই সন্তুষ্ট হ’বলগীয়া হৈছে। তদ্সত্বেও, প্ৰশ্ন উত্থাপন হয় – ইমান শোচনীয় অৱস্থা হোৱা সত্বেও কেৱলমাত্ৰ ‘কোভাস্কিন’ আৰু ‘কোভিশ্বিল্ড’-অতেই মোডী চৰকাৰ সন্তুষ্ট হৈ থাকিল কিয়? ২০২০ চনৰ ডিচেম্বৰ মাহতেই ‘ফাইজাৰ’-এ ভাৰতক টীকা জৰুৰীকালীনভাৱে যোগান ধৰিবলৈ আগ্ৰহী হোৱা সত্ত্বেও ফাইজাৰক কিয় এগালমান চৰ্ত জাপি দি তেওঁলোকক আৱেদন পত্ৰ প্ৰত্যাহাৰ কৰাবলৈ বাধ্য কৰোৱা হৈছিল কিয়? ফাইজাৰ, মডাৰ্ণা, জনছন এন্ড জনছনৰ ভেকচিন ভাৰতত সময়মতে মুকলি কৰিবলৈ অনুমতি দিয়া নহ’ল কিয়? মানুহৰ কৰ-কাটলৰ পৰা আহৰণ কৰা ধনেৰে বিত্ত যোগান ধৰা আৰু ‘National Institute of Virology, Pune’-ৰ সুবিধা প্ৰদান কৰা ‘কোভাক্সিন’ৰ ভাৰত বায়’টেক-এ কি যুক্তিত ২৫ এপ্ৰিলত এনেদৰে ঘোষণা কৰিলে যে কোভাক্সিনৰ মূল্য ৰাজ্য চৰকাৰৰ বাবে ৬০০ টকা, ব্যক্তিগত খণ্ডৰ বাবে ১২০০ টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে ১৫০ টকা?
কলেৰা, যক্ষ্মা, কেন্সাৰ, কুষ্ঠ, হাগনি, পুষ্টিহীনতা, মেলেৰিয়া,… বিছনাৰ অভাৱ, চিকিৎসালয় আদিৰ অভাৱ, ইত্যাদিক সম্প্ৰতি আলোচনাৰ বাহিৰতে থলো, কাৰণ সেইবোৰ আলোচনা কৰা হৈছিল স্বাস্থ্য খন্ডৰ আন্তঃগাথঁনিৰ সম্যক ধাৰণা ভাঙি ধৰিবলৈ হে। কিন্তু বিশ্বক কম্পমান কৰা কৰ’নাক লৈও মোডী চৰকাৰে সঁচা অৰ্থত দায়বদ্ধ নহ’ল কিয়? অনুধাৱন কৰিবলৈ যত্নপৰ নহ’ল কিয়? আনকি টীকা-উৎসৱ ঘোষণা কৰিও সেই অভিযানটোকো ‘বহ্বাৰম্ভে লঘুক্ৰিয়া’লৈ ৰূপান্তৰিত কৰি পেলালে কিয়?
বিশ্ববিখ্যাত বিজ্ঞান পত্ৰিকা ‘ল্যানচেট্’- এ প্ৰকাশ কৰা এক বাতৰিয়ে মোডী চৰকাৰক অস্বস্তিত পেলাইছে। পত্ৰিকাখনে এক সমীক্ষা অনুসৰি কৈছে যে কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে শক্তিশালী এন্টিবডি তৈয়াৰ কৰিবলৈ হ’লে দুটা টীকাৰ মাজৰ ব্যৱধান কমাব লাগিব। তেওঁলোকৰ সমীক্ষামতে ভাৰতত কৰ’না অতিমাৰীৰ দ্বিতীয় ঢৌৰ অন্যতম প্ৰধান কাৰণ হ’ল কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতি। সমীক্ষামতে কৰ’না ভাইৰাছৰ আদি প্ৰজাতিৰ বিৰুদ্ধে ফাইজাৰৰ টীকা যিমান কাৰ্যকৰী, কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে সেই টীকা সিমান কাৰ্যকৰী নহয়। তাৰোপৰি, বিজ্ঞান পত্ৰিকাখনে সদৰি কৰিছে যে কেৱলমাত্ৰ প্ৰথমটো টীকা যিসকলে লৈছে, তেওঁলোকৰ শৰীৰত ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে এন্টিবডিৰ প্ৰতিক্ৰিয়া খুব কম। আনকি দুটা টীকা লোৱাৰ ক্ষেত্ৰত যদি ব্যৱধান অধিক হয়, সেই ক্ষেত্ৰতো এন্টিবডিৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্য ভাবে কম হোৱা বুলি উল্লেখ কৰা হৈছে — যদিও টীকা লোৱাসকলৰ ক্ষেত্ৰত কোভিডত আক্ৰান্ত হ’লেও চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা বহু কম বুলি কোৱা হৈছে। ল্যানচেট-অৰ গৱেষণাত প্ৰাপ্ত হৈছে যে ফাইজাৰৰ প্ৰথম টীকা লোৱা থাকিলে কৰ’নাৰ আদি প্ৰজাতিৰ বিৰুদ্ধে এন্টিবডিৰ প্ৰতিক্ৰিয়া ৭৯% যদিও আলফা প্ৰজাতি ( বি.১.১.৭)ৰ বিৰুদ্ধে সেই প্ৰতিক্ৰিয়া ৫০% লৈ নামিছে, আৰু ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে ৩২% হৈ পৰিছে ! তাৰোপৰি বিটা প্ৰজাতি, যি প্ৰথমে দক্ষিণ আফ্ৰিকাত ভুমুকি মাৰিছিল – তাৰ বিৰুদ্ধে মাত্ৰ ২৫% !
কৰ’নাৰ নতুন প্ৰজাতি সমূহক ৰোধ কৰাৰ ক্ষেত্ৰত সংক্ৰামক ৰোগ বিশেষজ্ঞ এমা ৱাল-এ কৈছে যে ‘আমাৰ সমীক্ষাৰ ফলে কৈছে, নতুন প্ৰজাতিৰ বিৰুদ্ধে যুঁজখনত দ্বিতীয় টীকা অতি সোনকালে দিব লাগিব। যিসকলৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা তুলনাত কম, সেইসকলক বুষ্টাৰ দিব লাগিব।’
এই সমীক্ষাই ভাৰত চৰকাৰৰ টীকাকৰণ নীতিক লৈ মৌলিক প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ বিশ্বৰ তুলনাত ডেল্টা ভাইৰাছৰ দুৰন্ত কালান্তক ঘোঁৰাই সমগ্ৰ ভাৰতত সবাতোকৈ তীব্ৰ বেগত বাধাহীনভাৱে চেকুৰি চেকুৰি এক অৱৰ্ণনীয় পৰিস্থিতি সৃষ্টি কৰিলে, কিন্তু মোডী চৰকাৰে কোভিশ্বিল্ডৰ দুটা টীকা লোৱাৰ মাজত ৬ সপ্তাহৰ পৰা ৮ সপ্তাহৰ সলনি বৃদ্ধি কৰিলে ১২ সপ্তাহৰ পৰা ১৬ সপ্তাহলৈ !! ইয়াকে লৈ বহু বিতৰ্ক আৰম্ভ হৈছে। টীকাৰ অভাৱৰ বাবে হে মোডী চৰকাৰে এনে ব্যৱধান কৰা বুলি বিৰোধী ৰাজনৈতিক দলবোৰে উপৰিও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে; আৰু এনে সময়তে ল্যানচেট নামৰ আন্তৰ্জাতিক গৱেষণা পত্ৰিকাই মোডী চৰকাৰক পুনৰ এক অস্বস্তিত পেলাইছে!
বিমুদ্ৰাকৰণৰ সময়ত যি ধৰণৰ অৱস্থা হৈছিল, প্ৰথম পৰ্যায়ৰ লক-ডাউনৰ সময়ত যি ধৰণৰ অৱস্থা হৈছিল, এইবাৰো তেনে এক ভয়াবহ অৱস্থাৰ সৃষ্টি হৈছে। আমি যিহেতু টীকাকৰণৰ পথটোৰে আমাৰ কলম চলাইছো, গতিকে অইন বিষয়বোৰ এতিয়া সাঙুৰিবলৈ নাযাও ; কিন্তু টীকাকৰণক লৈ কেৱল ল্যানচেট্ নামৰ পত্ৰিকাখনেহে যে জুনৰ প্ৰথম সপ্তাহত মোডী চৰকাৰক অস্বস্তিত পেলাইছে – তেনে নহয়, জুনৰ প্ৰথম সপ্তাহতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক তেওঁলোকৰ টীকাকৰণ নীতিক পুনৰ্বিবেচনা কৰিবলৈ কৈও অস্বস্তিত পেলাইছে। একেলগে, বয়সৰ ভিত্তিত টীকাৰ দাম নিৰ্ধাৰণ কৰাক লৈও মোডী চৰকাৰক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। ৪৫ বছৰৰ ওপৰৰ ব্যক্তিক বিনামূলীয়াকৈ আৰু তাতোকৈ কম বয়সৰ সকলক ধনৰ বিনিময়ত টীকাকৰণ কৰা নীতিকো ‘খামখেয়ালি’ তথা ‘অযৌক্তিকতা’ৰে ভৰপুৰ বুলি সমালোচনা কৰিছে। বুধবাৰ, ২ জুন তাৰিখে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰৰ টীকাকৰণ নীতিক সংক্ৰান্তীয় একাধিক প্ৰশ্ন উত্থাপন কৰি কৈছে যে ৩১ ডিচেম্বৰৰ ভিতৰত কিমান টীকা উপলব্ধ হ’ব তাৰে তথ্য চৰকাৰে ভাঙি ধৰক। বিভিন্ন ৰাজ্যত টীকাৰ ঘাটি, গাওঁ অঞ্চলত টীকাৰ ঘাটি আদি প্ৰশ্নও উচ্চতম ন্যায়ালয়ে উত্থাপন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে মোডী চৰকাৰে ঘোষণা কৰা টীকা-নীতিৰ আলমতে বেচৰকাৰী চিকিৎসালয়ৰ বাবে বৰাদ্দ কৰা প্ৰতিষেধকৰ প্ৰায় ৫০% ভাৰতৰ ৯ খন বৃহৎ চিকিৎসালয়ে কিনি পেলাইছে। মে’ মাহৰ ভিতৰতে বেচৰকাৰী চিকিৎসালয়ৰ বাবে বৰাদ্দ কৰা ১.২০ কোটি ডোজৰ ৬০.৫৭ লাখ ডোজ ভাৰতৰ ৯ খন বৃহৎ চিকিৎসালয়ে কিনি লৈছে [ এপলো হস্পিটেল ১৬.১ লাখ, মেক্স হেল্থকেয়াৰ ১২.৯৭ লাখ, ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত এইচ-এন হস্পিটেল ট্ৰাস্ট ৯.৮৯ লাখ, মেডিকা হস্পিটেল ৬.২৬ লাখ, ফৰ্টিচ্ হেল্থকেয়াৰ ৪.৪৮ লাখ, গোডৰেজ ৩.৩৫ লাখ, মণিপাল হেল্থ ৩.২৪ লাখ, নাৰায়ণা হৃদয়ালয় ২.০২ লাখ, টেকনো ইন্ডিয়া ডামা ২ লাখ] ! এই বেচৰকাৰী চিকিৎসালয়সমূহৰ সেৱা কেৱল নগৰাঞ্চলতেই আৱদ্ধ। গতিকে টীকা ক্ৰয় কৰাৰ দৌৰত সৰু সৰু বেচৰকাৰী চিকিৎসালয়সমূহে টীকা লাভ কৰাৰ পথ একেবাৰে সংকীৰ্ণ হৈ পৰিছে ( গাওঁৰ কথা বাদেই)! এনেবোৰ নীতিকেই ‘খামখেয়ালি’ আৰু ‘অযুক্তিকৰ’ বুলি উচ্চতম ন্যায়ালয়ে ক’বলৈ বাধ্য হৈছে।
কেৱল এয়াই নহয়, এনে এক পৰিস্থিতিত কটা ঘাঁত চেঁচা তেল দি বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়াইছে চীনে! ঘটনা এনেধৰণৰঃ বাংলাদেশৰ সৈতে সম্পৰ্কৰ ‘সোণালী অধ্যায়’ৰ লেংটিত ধৰি বাংলাদেশক ৩ কোটি ভেকচিন দিয়া হ’ব বুলি মোডীয়ে কৈছিল; কিন্তু ভাৰতত দ্বিতীয় পৰ্যায়ৰ কৰ’নাৰ বিধ্বংসী ঢৌৱে সকলো হিচাব খেলিমেলি কৰি পেলালে। ভাৰতৰ পৰা যাবলগীয়া ২ কোটি ভেকচিন পাবলৈ বাংলাদেশে অপেক্ষা কৰি আছে, ইয়াৰ মাজৰ ১৫ লাখ মানুহে প্ৰথম ডোজ লৈ দ্বিতীয় ডোজৰ বাবে বহি আছে। এতিয়া দ্বিতীয় ডোজৰ সময়ো পাৰ হৈ যাবলৈ ধৰিছে। এনে সময়তে বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়াই দিছে চীনে। চীনে প্ৰেৰণ কৰা ৫ লাখ টীকা ইতিমধ্যে ঢাকা পাইছে, আৰু অদূৰ ভবিষ্যতে ব্যৱসায়িক চুক্তিৰ জৰিয়তে ৪ কোটি টীকা ঢাকালৈ চীনে প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ লগতে ‘কোভাক্স’ ব্যৱস্থাৰ মাধ্যমেৰে ফাইজাৰৰ ১ লাখ টীকাও ঢাকা পাব। এনেদৰেই বাংলাদেশৰ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা চলিছে। এতিয়া, বাংলাদেশৰ টীকাকৰণৰ ক্ষেত্ৰত যিদৰে ভাৰত ‘খলনায়ক’, তেনেদৰে নেপাল, শ্ৰীলংকা আদিকে ধৰি বহুকেইখন দেশৰ ক্ষেত্ৰতো ‘খলনায়ক’ হৈ পৰিছে। ভাৰতৰ ছেৰাম ইন্সটিটিউটক বাংলাদেশে আগধনো দিছিল, কিন্তু ‘বিশ্ব-টীকাগুৰু’ মোডী চৰকাৰৰ হঠকাৰী নীতিৰ বাবে বাংলাদেশৰো টীকা-সংকট, আৰু প্ৰথম ডোজ লৈ বহি আছে ১৫ লক্ষ মানুহে – দ্বিতীয় ডোজ নাই ! ৪ জুন তাৰিখে মোডী চৰকাৰে বাংলাদেশক স্পষ্টকৈ জনাই দিছে যে কেৱল বাংলাদেশকেই নহয়, বৰ্তমান কোনো দেশকেই টীকাৰ যোগান ধৰিব পৰা ক্ষমতা ভাৰতৰ নাই। গতিকে ‘বিশ্ব-টীকাগুৰু’ৰ ‘বসুধৈব কুটুম্বকম’ নীতিও উটি-ভাঁহি গ’ল। অথচ কোনো পৰিকল্পনা নোহোৱাকৈ মোডী ডাঙৰীয়াই ২০২১ চনৰ ১৩ এপ্ৰিল মঙ্গলবাৰে এখন আন্তৰ্জাতিক সন্মিলনত (Inauguration of the Raisina Dialogue, a global conference on geopolitics and geo-economics) স্পষ্টকৈ কৈছিল যে ‘India has sent Covid -19 vaccines to more than 80 countries, adding that the “supplies have been modest” in comparison to the demands. The pandemic also provided the opportunity to reshape the world order and “reorient our thinking”, he added.’
এতিয়া অৱস্থা এনে হৈছে যে এপিনে মোডী চৰকাৰৰ বাহুবলীসকলে টুইটাৰ, ফেচবুক, হোৱাটচ্এপ আদিৰ পিছে পিছে দৌৰি গঙ্গাৰ বক্ষৰে ভাহি থকা, বালিত পোত খাই থকা মৃতদেহবোৰলৈ লক্ষ্য কৰি থকা সকলৰ দৃষ্টি অইন ফালে আঁতৰাবলৈ যত্ন কৰি নিজৰ মূৰবোৰ বালিত গুজি আছে, আৰু মোডীয়ে ৩ জুন তাৰিখৰ পৰা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ধন্যবাদ জ্ঞাপন কৰি কৰি টুইটৰ পিছত টুইট কৰি আছে – কাৰণ জয়শঙ্কৰে টীকা-বিশ্বগুৰু ভাৰতৰ বাবে টীকা-ভিক্ষা কৰিবলৈ আমেৰিকালৈ গৈছে আৰু ভাৰতকো টীকা দিয়া হ’ব বুলি কমলা হেৰিছে ( এতিয়া হে ‘ভাৰতীয় মূল’ ! যদিও ট্ৰাম্পৰ সময়ত ‘ভাৰতীয় মূল’ মোডীয়ে গুৰুত্বই দিয়া নাছিল বুলি কমলা হেৰিছেও জানে) আশ্বাস দিছে ( Prime Minister Narendra Modi expressed his appreciation for assurance of vaccine supplies to India as part of the US Strategy for Global Vaccine Sharing) !
ইয়াৰোপৰি, আমেৰিকা, বৃটেইন আদিকে ধৰি বহু উন্নত দেশে তেওঁলোকৰ দেশৰ নাগৰিকক বিদেশলৈ যোৱাৰ ক্ষেত্ৰত আৰু বিদেশৰ নাগৰিক তেওঁলোকৰ দেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অনুমতি পাবলৈ ‘ভেকচিন পাছপোৰ্ট’ৰ প্ৰস্তাৱ দিছে; অৰ্থাৎ, ‘কোভিড-১৯’ৰ টীকাকৰণ কৰা হ’লেহে প্ৰৱেশাধিকাৰ পাব। কিন্তু এই নীতি মোডী চৰকাৰে তীব্ৰভাৱে প্ৰতিবাদ কৰিছে। কৰিবলৈ বাধ্য হৈছে। কাৰণ ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৩% বা ৪% মানুহে হে প্ৰতিষেধক লাভ কৰিছে, গতিকে ভাৰতৰ বহুত মানুহে এই নীতিৰ বাবে বিদেশলৈ যাব নোৱাৰিব। ৫ জুন তাৰিখে জি-৭ গোষ্ঠীভুক্ত দেশবোৰে আয়োজন কৰা স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকত ভাৰতে ‘ভেকচিন পাছপোৰ্ট’ সম্পৰ্কে আপত্তি দৰ্শাইছে আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্দ্ধনে কৈছে যে এই বিষয়টো (ভেকচিন পাছপোৰ্ট) প্ৰচলন কৰিবলৈ উন্নয়নশীল দেশসমূহৰ বাবে বৰ বৈষম্যমূলক আৰু অসুবিধাজনক হ’ব। অৰ্থাৎ, বিশ্ব-টীকাগুৰুৰ মুখাখন সম্পূৰ্ণ খোল খাই গ’ল! ইমান বাগাড়ম্বৰ কৰি অৱশেষত লাভ কি হ’ল! সমগ্ৰ বিশ্বত হাঁহিয়াতৰ পাত্ৰ হ’ল। আনকি নেপাল, বাংলাদেশ আদিয়েও গম পালে ‘বাগাড়ম্বৰ’ শব্দৰ অৰ্থ, যিদৰে ভাৰতৰ মানুহেই গম পালে ‘টীকা উৎসৱ’ৰ মানে কি ! আমেৰিকাতো উচ্চাৰিত হ’ল -‘Funny’ !
## ‘টীকা উৎসৱ’ৰ পাৰ্শ্বজ্যোতিঃ ৫ জুন তাৰিখে (২০২১) উত্তৰাখণ্ড চৰকাৰৰ ‘কোভিড কিট’ত ‘বাবা ৰামদেৱ’ৰ পটঞ্জলিৰ ঔষধ ‘কৰোনিল’ৰ অন্তৰ্ভুক্তিকৰণক ‘মিক্সোপেথি’ বুলি কটাক্ষ কৰিছে উত্তৰাখণ্ডৰ চিকিৎসক সংগঠনে। কেৱল সেয়েই নহয়, তেওঁলোকে তীব্ৰ প্ৰতিবাদো কৰিছে, সৰল হৈ পৰিছে এনে অন্তৰ্ভুক্তিকৰণৰ, কাৰণ কৰোনিল-এ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন পোৱা নাই, আনহাতে ভাৰত চৰকাৰৰ নিৰ্দেশিকাতো ‘কৰোনিল’ নাই। তদ্সত্বেও উত্তৰাখণ্ড চৰকাৰে কিদৰে অন্তৰ্ভুক্ত কৰিলে – সেই প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে ! দেখা যাওক, বাবা ৰামদেৱে কি কয়।