–ডা° সুকৃতি চৌধুৰী |
ইতিমধ্যে মোৰ আত্মজীৱনীমূলক লেখাৰ আগৰ খণ্ড কেইটাত মই কৈ আহিছো যে অষ্টম শ্ৰেণী পাওঁ মানে মোৰ মা আৰু দেউতা দুয়োজনে এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছিল ৷ দেউতাক মই পন্ঞ্চম শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ সময়তে উলফাই (ULFA ৰ শুদ্ধ উচ্চাৰণ উলফা হে ৷ আলফা বুলি কোৱা আৰু লিখাটো ভুল) নৃশংসভাৱে হানি খুচি অত্যাচাৰ কৰি তাৰ পিছত গুলীয়াই হত্যা কৰিছিল ৷ এইবোৰ ঘটনাৰ ধামখুমীয়াত মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা মোৰ মাৰ মৃত্যু ভৰ বাৰিষাৰ এদিন ঘৰৰ কাষৰে পুখুৰী সদৃশ দ খালটোত পৰি হৈছিল যাক গাওঁখনৰ মানুহে আত্মহত্যা আখ্যা দি শ টো সৎকাৰ কৰাৰ সলনি পুতি পেলাইছিল আৰু শ্ৰাদ্ধ-বিধি কৰা বাৰণ কৰিছিল ৷ একমাত্ৰ সন্তান হিচাপে মই এই পৃথিৱীত তেনেই নিঃসঙ্গ হৈ পৰিছিলো ৷ জীৱনৰ সকলোতকৈ কঠিন এই সময়কণত মোৰ কাষত আহি পৰম মমতাৰে থিয় দিছিলহি টুনি বাইয়ে ৷ কোৱা বাহুল্য যে মাহঁতৰ ঘৰখনে মোলৈ কেইবাজনো দৰা আনিছিল ! এই দৰাবোৰৰ বেছিভাগেই আছিল ছল্লিশৰ উৰ্দ্ধৰ, মদপী, জুৱাৰী, বিপত্নীক বা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা অথবা কাম নকৰি বহি খাব বিচৰা ধৰণৰ নতুবা আন কিবা প্ৰকাৰে কুখ্যাত ৷ বংশ- পৰিয়ালৰ সকলোৱে মোক যি সময়ত এক অনাৱশ্যকীয় বোজা বুলি ভাবি দেখিও নেদেখাৰ ভাও জুৰিছিল সেই সময়ত টুনি বাইয়ে মোক মাতৃসুলভ মৰমেৰে আকোঁৱালি লৈছিল ৷ তাই আমাৰ গাওঁখনৰ কাষৰ চুবুৰিটোৰ এঘৰ দূৰ সম্পৰ্কীয় মানুহৰ ছোৱালী ৷ বয়সত মোতকৈ বহুত ডাঙৰ টুনি বাইয়ে হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোতেই পঢ়া এৰি দিছিল ৷ কিন্ত তাইৰ হাতৰ কাম আছিল চমৎকাৰী ৷ ইমান ধুনীয়াকৈ ডিজাইন তুলি তাই চিলাইৰ কাম কৰিব পাৰিছিল যে আজিও ভাবি আচৰিত হওঁ ৷ মাক-দেউতাকৰ বিপৰীতে গৈ টুনি বাইয়ে মোক তেওঁলোকৰৰ ঘৰত আশ্ৰয় দিছিল ৷ মই তেওঁলোকৰ ঘৰত থকাৰ ক্ষেত্ৰত তাইৰ দেউতাক ঘোৰ বিৰোধী আছিল ৷ ইয়াৰ বাবে কথাই কথাই মোক ভীষণ অপমান কৰিছিল ৷ তেওঁ প্ৰায় জোৰ কৰি টকাৰ বিনিময়ত মোক টাউনৰ মানুহ এঘৰত বন কৰা ছোৱালী হিচাপে থ’ব খুজিছিল ৷ শুদা ভাত কেইটা মজিয়াত বহি পিটিকি পিটিকি খাওঁতে অকণমান দেৰী হ’লেই তাইৰ মাকে মোক ভৰিৰে গোৰ মাৰিছিল ৷ আনহাতে সেই সময়তে প্ৰশাসনৰ ওচৰত আত্মসমৰ্পণ কৰা এজন অতি অত্যাচাৰী আৰু কোটিপতি চুলফা (Surrender শব্দটো প্ৰথম ‘চ’ ৰে যদি চাৰেণ্ডাৰ বুলি লিখো আৰু ULFA যদি উলফা হয় তেনেহ’লে দ্বিতীয় ছ ৰে ছালফা লিখাটো আৰু কোৱাটো ভুল ৷ চাৰেণ্ডাৰ কৰা উলফা চমুকৈ চুলফা হে শুদ্ধ) ই মোৰ ওপৰত নজৰ দিছিল ৷ এসময়ৰ উৱলি যোৱা তেওঁৰ ঘৰখনৰ ঠাইত হঠাতে ৰাজ অট্টালিকা নিৰ্মাণ হৈছিল ৷ কেইবাখনো গাড়ীয়ে চোতাল শুৱনী কৰিছিল ৷ বন্দুক-বাৰুদ লৈ এজাক ল’ৰাই তেওঁক ঘেৰি থাকিছিল ৷ বহুকেইটা হত্যা আৰু গাওঁখনৰ নিৰীহ মানুহক অমানুষিক ভাৱে মাৰপিট কৰা, বন্দুক টোৱাই যি মন যায় তাকে কৰিব খোজা এই চুলফা জন যেন আইনৰ উৰ্দ্ধতহে আছিল ৷ তেওঁ এঘৰ মাৰোৱাৰী মানূহৰ এজনী কম বয়সীয়া গাভৰুক ধৰি আনি এসপ্তাহমান অত্যাচাৰ কৰি এৰি দিছিল বুলি শুনা গৈছিল ৷ তেওঁৰ বিৰোধীক হেনো ঘপিয়াই কাটি পুতি থৈছিল ৷ আৰু যে কত কি শুনা নগৈছিল ৷ তথাপিও আমাৰ অন্ঞ্চলটোৰ বিহু ফাংচনত তেওঁক গামোচা পিন্ধোৱা হৈছিল ৷ আজি উলটি ভাবি দেখিছো, সেই সময়ত অসম এই সকলৰ অত্যাচাৰত আন এক তালিবানী আফগানিস্থান হৈ উঠিছিল ৷ যি কি নহওক, এনেহেন মহা অত্যাচাৰীয়ে এই বুলিয়েই বাৰ্তা পঠিয়াইছিল যে মই শীঘ্ৰেই তেওঁৰ ওচৰত হাজিৰ হ’বগৈ লাগে ৷ অন্যথা চোচৰাই লৈ যোৱা হ’ব ৷ টুনি বাইৰ সহায়তে এদিন নিজকে বচাই মই চিৰকাললৈ সংগোপনে গাওঁখন এৰি গুচি আহিছিলো ৷ অত্যন্ত গোপনে দাদাই মোক গুৱাহাটীৰ এটা প্ৰাইভেট হোষ্টেলত থৈ এখন স্কুলত নাম লিখাই দিছিলহি ৷ মোৰ বাবে ভাল খবৰ এটাই আছিল যে কিছুমাহৰ পিছত সেই চুলফাক তেওঁৰে একালৰ সতীৰ্থই হত্যা কৰাৰ বাতৰি টিভিত দেখিবলৈ পাইছিলো ৷ মই কেতিয়াও কাৰো মৃত্যু কামনা নকৰো ৷ কিন্ত এক বিৰাট আতংকৰ পৰা সিদিনা মই মুক্ত অনুভৱ কৰিছিলো ৷ প্ৰায় সাত মাহ মানৰ পিছত মই নতুন ঠাইৰ নতুন স্কুলত ক্লাছ কৰিবলৈ গৈছিলো…..মই অনুপস্থিত থকা দিনবোৰ ৰেগুলাৰাইজ কৰিবলৈ হেডমাষ্টৰে দাদাৰ পৰা হাত পাতি ঘোচৰ টকা কেইটা লওঁতে তামোল খাই ৰঙা হৈ থকা দাঁত কেইটা নিকটাই এক অদ্ভুৎ দিলখোলা হাঁহি মাৰিছিল……..এনেকৈয়ে জীৱনৰ এটা নতুন পাঠ আৰম্ভ হৈছিল …..কিন্ত এই পাঠ আৰম্ভ হোৱাৰ আগতে যি কেইটা দিন মই টুনি বাইৰ মৰমত আছিলো, তেওঁ মোক শিকাইছিল –“তই এতিয়া গাভৰু হৈছ ৷ কাপোৰবোৰ এনেকৈ পিন্ধিবি যাতে তোৰ গাটো কোনেও নেদেখে ৷ ল’ৰাৰ লগত দবৰা-দবৰি নকৰিবি ৷ স্কাৰ্ট পিন্ধি গছ বগাবলৈ নেযাবি ৷ দোপাট্টা এখন লৈ ফুৰিবি “…..আৰু যে কত কিমান মাতৃসুলভ কথা নকৈছিল ৷ মোৰ বাঢ়ি অহা শৰীৰটোৰ জোখত হোৱাকৈ টুনি বাই মোৰ ফ্ৰক আৰু আনবোৰ কাপোৰৰ চিলনি খুলি বহলাই ধুনীয়াকৈ চিলাই দিছিল আৰু মই কিবা নতুন কাপোৰ পিন্ধাৰ আনন্দ পাইছিলো…….এজনী ঘাটমাউৰা কিশোৰীৰ সেয়াই আছিল কাপোৰৰ আনন্দ ৷ মই গাওঁখন এৰি অহাৰ অলপ দিন পিচতে টুনি বাই এজন ল’ৰালৈ পলাই গৈছিল ৷ ল’ৰাজনে এখন ভেন্সাৰ স্কুলত শিক্ষকতা কৰিছিল ৷ ল’ৰাজন ভাল আছিল ৷ তেওঁৰ সহায়তে দেউতাৰ ফেমিলি পেন্ঞ্চনটো মোৰ নামত তোলা হৈছিল ৷ টকাৰ পৰিমাণটো বৰ কম আছিল যদিও যি পাইছিলো সেয়া দেউতাৰ আশীৰ্বাদ বুলিয়েই লৈছিলো ৷ দেউতাই মোক হোষ্টেলত থাকি পঢ়িবলৈ টকা পঠিয়াইছে এনে লাগিছিল ৷ মই মেডিকেলত এডমিচন লোৱাৰ সময়তে এই ভিনদেউ জনৰ সহায়তে পৈতৃক ভিঠা বিক্ৰী কৰি দিয়া হৈছিল ৷ ইতিমধ্যে টুনি বাইৰ কোলা লৈ এটা মৰম লগা ফুটফুটীয়া ল’ৰা আহিছিল ৷ তাৰ দুখনমান ফটোও মোলৈ পঠিয়াই দিছিল ৷ কত যে আদৰতে চুমা খাইছিলো ৷ কেতিয়াবা তাৰ কলকলনি মোক মোবাইলতে শুনাইছিল আৰু মই মৰমতে গলি গৈছিলো ৷ তাক কিন্ত আজিলৈকে মই লগ পোৱা নাই ৷ সময়বোৰ বাগৰিছিল ৷ এদিন কথা ক’ব পৰা হোৱা ল’ৰাটোৱে মোক কেতিয়াবা ফোন কৰি মাহী বুলি ক’লেই মই মৰমতে পমি গৈছিলো ৷ মই সক্ষম হোৱাৰ পিছত তালৈ পঢ়াৰ খৰচ বুলি টুনি বাইৰ বেংক একাউণ্টত টকা জমা কৰিছিলো ৷ যিহেতু ভিনদেউৰ স্কুলখন আজিকোপতি চৰকাৰীকৰণ নহ’লগৈ আৰু সামন্য উপাৰ্জনেৰে বৰ কষ্টত চলে ৷ জন্ম দিন, পুজা বিহু আদিত ভাগিন ল’ৰাটোৰ যে কত আব্দাৰ ৷ মাহী মোক এই লাগে, মাহী মোক সেই লাগে ৷ মইয়ো পাৰো মানে তাৰ আব্দাৰবোৰ পুৰা কৰো ৷ একলা একলা কৈ বাঢ়ি অহা ল’ৰাটোৱে যোৱবাৰ ৬৭% লৈ মেট্ৰিক পাছ কৰিলে ৷ ভিনদেৱে তাক স্থানীয় হায়াৰ-চেকেন্ডেৰী খনতে বিজ্ঞান শাখাত নাম লিখাই দিলে ৷ কিন্ত মন কৰিছিলো যে তাৰ টকাৰ ডিমাণ্ড যেন দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে ৷ মোৰ সৰল বিশ্বাসেৰে ধৰি লৈছিলো যে বিজ্ঞান শাখাত পঢ়া ল’ৰা ৷ কিতাপ-পত্ৰ টিউচন আদিৰ বাবে টকা লাগিবই পাৰে ৷ কিন্ত যোৱাকালি ভিনদেৱে কৰা এটা ফোনৰ পিছত মোৰ মুৰত বজ্ৰপাত পৰা হেন পাই ঠাইতে বহি ৰলো ৷ মেট্ৰিকৰ পিচতে ল’ৰাটো হায়াৰ চেকেণ্ডেৰীৰ ক্লাছ কৰিবলৈ যাবলৈ এৰিলে ৷ জুৱাৰ আড্ডাত বহা আৰু মদ খোৱাটো তাৰ নিয়মীয়া স্বভাৱ হ’ল ৷ কিতাপ আৰু টিউচনৰ নামত পোৱা টকাৰে কাপোৰ আৰু এন্ড্ৰইদ মোবাইল কিনিলে ৷ সি এজনী গাৰ্লফ্ৰেণ্ডো বনালে আৰু তাইৰ সৈতে ফেচবুকত ফটো দি ” I can not live without her” বুলি status লিখিব পৰা হ’ল ৷ মইতো ভাবি আছিলো কনমাণি ল’ৰা তাৰ ফেচবুক একাউণ্টেই চাগৈ নাই ৷ বাকীখিনিতো বহুত দুৰৰ কথা ৷ দোভাগ নিশা মদ বা ড্ৰাগছ খাই আহি “ঐ দুৱাৰ খোল নহ’লে পিঠি ফালিম” বুলি মাকক দম দিব পৰা হ’ল ৷ চবতকৈ ডাঙৰ কথা, কোনো ছোৱালীক বেয়া ব্যৱহাৰ কৰাৰ বাবে যোৱাকালি তাক পুলিচে জুৱাৰ আড্ডাৰ পৰা ধৰি লৈ অনাৰ পিছতহে ভিনদেৱে মোক সমস্ত খিনি কথা জনাই ফোন কৰিলে ৷ ইয়াৰ আগলৈকে এইবিলাক কথাৰ এটা শব্দও মই গম পোৱা নাছিলো ৷ কাৰণ টুনি বাই বা ভিনদেৱে মোক ঘুণাক্ষৰেও এইবোৰ কোৱা নাছিল ৷ মোক ক’বলৈ হেনো লাজ লাগিছিল ! মই তাৰ মংগলৰ বাবে যি খৰচ কৰিছিলো সেই লৈ মোৰ কোনো অনুশোচনা নাই ৷ কিন্ত মই তাক পঢ়াশুনা কৰি ভাল মানুহ হ’বলৈ দিয়া টকাৰেই সি অতবোৰ অপকৰ্ম কৰি ফুৰিলে আৰু মাক-দেউতাকেই কথাবোৰ লুকুৱাই থ’লে ৷ মই টকা দিয়াৰ বাবেই বাৰু ল’ৰাটো ধ্বংস হ’ল নেকি– এই কথাত বিবেকৰ দংশনত মই যোৱা কালিৰে পৰা অসহ্য যন্ত্ৰণাত ভুগিছো ৷ আপুনি বাৰু কি বুলি ব্যাখ্যা কৰিব কথাটো ??