• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

টেলিমেডিচিনৰ ইতিহাস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা

ডা° ভূপেন শইকীয়া

by Anjan Sarma
June 16, 2022
in Medical, Health, Health, Tech
Reading Time: 3 mins read
0
woman having a video call

Photo by Edward Jenner on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

টেলিমেডিচিনৰ ইতিহাস

ডা° ভূপেন শইকীয়া

গ্ৰীক শব্দ ‘টেলি’ৰ অৰ্থ হ’ল দূৰৈৰ ৷ টেলিমেডিচিন, অৰ্থাৎ দূৰৈৰ পৰা প্ৰদান কৰা চিকিৎসা সেৱা৷ ১৯২০চনৰ পৰা ১৯৪০চনলৈকে নৰৱে,ইটালি আৰু ফ্ৰান্স দেশে দূৰদূৰণিৰ ভিতৰুৱা অঞ্চলত  থকা লোকসকলক আৰু দীঘলীয়া সমুদ্ৰ যাত্ৰা কৰা লোকসকলক স্বাস্থ্যজনিত সমস্যাৰ সমাধান দিবলৈ টেলিমেডিচিনৰ সহায় লৈছিল৷

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026

তাতোকৈ আগতে নেডাৰলেণ্ডৰ এজন চিকিৎসকে (Willem Einthoven) ১৯০৫চনত এজন ৰোগীৰ ইচিজি টেলিপ্ৰিন্টাৰৰ সহায়ত প্ৰেৰণ কৰি চিকিৎসা জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷  ১৯২৪চনৰ এপ্ৰিল মাহৰ ২৫চেন্ট মূল্যৰ ‘ৰেডিঅ’ নিউজ‘ নামৰ পত্ৰিকাত এখন চিত্ৰত ৰোগী আৰু ডাক্তৰৰ মাজৰ যোগাযোগৰ মাধ্যম হিচাবে চিহ্নিত কৰা হৈছিল এটি টেলিভিজন চেটক ৷ তেতিয়াৰ সেই সপোন আজি বাস্তৱায়িত হ’ল টেলিমেডিচিনৰ মাধ্যমেৰে ৷

ইয়াৰ পৰৱৰ্তী কাল ১৯৫০চনত সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ৰেডিঅ’গ্ৰাফিক ফটো প্ৰেৰণ কৰি টেলিমেডিচিনক আৰু এঢাপ ওপৰলৈ লৈ যায়৷ ১৯৫৯চনত সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কা ইউনিভাৰ্চিটিয়ে ৰোগী আৰু চিকিৎসক মাজত ভিডিঅ’ আলোচনাৰ ব্যৱস্থা কৰে৷ ১৯৮৫চনত মেক্সিকোত অহা ভয়ংকৰ ভূমিকম্পত ৫০হেজাৰজন লোকৰ প্ৰাণহানি হৈছিল আৰু জনস্বাস্থ্যৰ ভীষণ অৱনতি ঘটিছিল৷ যোগাযোগ ব্যৱস্থা হৈ পৰিছিল বিচ্ছিন্ন৷

টেলিমেডিচিনৰ ইতিহাস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা
Telemedicine [Image Credit: Agenturfotografin / Shutterstock.com ]

সেই দূৰ্যোগৰ সময়ত ৰোগাক্ৰান্ত আৰু আঘাতপ্ৰাপ্ত সকলক সহায় কৰিবলৈ চৰকাৰে মহাকাশ গৱেষণা কেন্দ্ৰ নাচাৰ সহায়ত প্ৰয়োগ কৰিছিল টেলিমেডিচিন ব্যৱস্থাৰ ৷ আমাৰ দেশ ভাৰতবৰ্ষতো ২০০১চনত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইচৰোই (ISRO = Indian Space Research Organisation)  এপলো হস্পিতেলক গ্ৰামীন চিকিৎসালয়ৰ সৈতে যোগাযোগৰ সুব্যৱস্থা কৰি টেলিমেডিচিনৰ দিশত অগ্ৰণী ভূমিকা ল’য়৷

 ইয়াৰ পিছৰ কাহিনী বিশেষ নিলিখিলেও হ’ব৷ আমাৰ দেশৰ উন্নত আৰু সুপ্ৰতিষ্ঠিত  চিকিৎসালয়সমূহ যেনে গংগাৰাম হস্পিতাল,নাৰায়ণ হৃদয়ালয়, ত্ৰিৱান্দ্ৰম অংকোলজি চেন্টাৰ, কেইবাখনো স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠান, কেইবাখনো ৰাজ্যিক চৰকাৰ,আৰোগ্যশ্ৰী,নেশ্বনেল ডিজিটেল হেল্থ অথৰিটি আদিয়ে টেলিমেডিচিনক বেচ গুৰুত্ব প্ৰদান কৰি ইয়াক জনজীৱনৰ এক অপৰিহাৰ্য অংগৰ মাত্ৰা প্ৰদান কৰিছে৷

 এতিয়া পাঠকসকলৰ আগত মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কেইটিমান উদাহৰণ দাঙি ধৰিম:

– মোৰ কৰঙণৰ এফালে কেইমাহমানৰ পৰা গাঙঠিৰ দৰে ফুলি উঠিছে৷ মোৰ বয়স ৩২৷ বিষ নহয়৷ টেলিফোনিক বাৰ্তাত মোৰ প্ৰশ্ন হ’ল – বিচনাত শুই দিলে ফুলাখিনি নাইকীয়া হৈ যায় নেকি?

উত্তৰ আহিল-হয়,আপুনি ঠিকেই কৈছে৷ মই তেওঁক জনালোঁ-সেয়া তেওঁৰ ইনগুইনেল হাৰ্ণিয়া৷ এজন চাৰ্জনক দেখুৱাই অপাৰেচন কৰিলেই সমস্যাৰ অন্ত পৰিব৷

– মোৰ ৮বছৰীয়া ল’ৰাৰ প্ৰসাব কৰোতে আগটো বেলুনৰ দৰে ফুলি উঠে৷ মূত্ৰনলীৰ আগটো ভালদৰে খোল নাখায়৷ প্ৰশ্নকৰ্তাই এখন ফটো মেচঞ্জাৰ বাৰ্তাৰ লগত সংলগ্ন কৰি দিছে৷

মোৰ পৰামৰ্শ হ’ল-এয়া পেৰাফাইমোচিচ৷ তাৰ চাৰকামচিজন অপাৰেচন কৰিব লাগিব৷

– মোৰ প্ৰসাব কৰোতে এনেকুৱা তেজ যায়৷ লগত ৱাটচএপত ভিডিঅ’ ফটো ৷

মোৰ উত্তৰ হ’ল- কিডনিৰ পাথৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ প্ৰসাব প্ৰণালীৰ আলট্ৰাচাউণ্ডৰ প্ৰয়োজন৷ দুদিন পিছত মোলৈ পঠোৱা আলট্ৰাচাউণ্ডৰ ৰিপৰ্টত ৪মিলিমিটাৰ চাইজৰ ৩টাপাথৰ এটা কিডনিত দেখা পালোঁ৷ মই চিকিৎসা জনালোঁ৷ ৩৷৪মাহ দৰব খোৱাৰ পিছত কেউটা পাথৰ মূত্ৰনলীয়েদি বাহিৰ হ’ল৷ মোলৈ পাথৰৰ ফটো পঠালে৷

–  মোৰ শৌচদ্বাৰেদি মলত্যাগ কৰোতে কেঁচা তেজ পৰে৷ (লগত তেজৰ নমুনাৰ এখন ফটো)৷ আকৌ শৌচদ্বাৰত এনেকুৱা গোটা গোটা হৈছে৷ (লগত এখন স্পষ্ট ফটো)৷

মোৰ উত্তৰ হ’ল- এয়া পাইলচ ৰোগ৷ খোৱা আৰু লগোৱা দৰব জনাই দিছোঁ৷ শৌচকচা হবলৈ নিদিব৷ কেনেবাকৈ দৰবত আৰোগ্য নহ’লে অপাৰেচন লাগিব পাৰে৷

– মোৰ ছালৰ বিভিন্ন ঠাইত এনে ৰঙচুৱা খজুৱতি বহুত বছৰৰ পৰা হৈছে৷ মাজে মাজে ছাল এৰায় ৷

ফটো চাই গম পালোঁ সেয়া এক জটিল চৰ্মৰোগ চ’ৰিয়াচিচ৷

– মোৰ তেজৰ  চুগাৰ ইনচুলিন লৈ আৰু দৰব খায়ো নিয়ন্ত্ৰণ অহা নাই৷ এইখিনি ৰিপৰ্ট আৰু চিকিৎসাৰ নথি-পত্ৰ ৷

মই  আৰু কিডনি প্ৰফাইল পৰীক্ষা কৰি ৰিপৰ্ট পঠাব ক’লোঁ৷ মই নতুন ৰিপৰ্ট চাই ইনচুলিন বন্ধ কৰি উপযুক্ত দৰব দিয়াত চুগাৰ নিয়ন্ত্ৰণত আহিল৷

–মুখত আৰু জিভাত সঘনাই ঘা হৈ থাকে৷ ফটো চাই দেখা পালোঁ দুটা দাঁতৰ ধাৰ আছে, যাৰ ফলত ঘঁহনি খাই জিভাত ঘা হয়৷

মই তেজৰ ভিটামিন-বি১২ পৰীক্ষা কৰাই জনাব ক’লোঁ৷ দাঁতৰ চিকিৎসা কৰা হ’ল আৰু ভিটামিন-বি১২ৰ অভাৱো আতৰ কৰাত ৰোগ নিৰ্মূল হ’ল৷

– বহু ৰোগীৰ এচিডিটি আৰু গেষ্ট্ৰাইটিচৰ দৰব দীৰ্ঘকাল খায়ো ৰোগৰ উপশম নঘটে ৷

মই তেনেলোকক মই ৱাটচএপত বা ফোনত পৰামৰ্শ দিওঁ- তেজ পৰীক্ষাৰ যোগেদি পাকস্থলীত হেলিক’বেক্টৰ পাইল’ৰি নামৰ বেক্টেৰিয়া আছে নেকি জানি লওক৷ সেই মতে চিকিৎসালৈ আজি বহুজন আৰোগ্য হৈছে৷

– আকৌ মোৰ ওচৰলৈ নহাকৈয়ো শ্বাসজনিত আৰু এলাৰ্জিজনিত অসুখ ‘হিষ্টাগ্লব’ নামৰ ভেকচিনলৈ বহু ৰোগী আৰোগ্য হোৱাটো টেলিমেডিচিনৰ সফল প্ৰয়োগৰ নমুনা৷

  — এনে অভিজ্ঞতা যোৱা দেৰ দশক কালত মোৰ অজস্ৰ হ’ল৷ আগতে বিদেশত প্ৰবাসীহৈ থাকোতে স্বদেশৰ লোকক আৰু এতিয়া স্বগৃহলৈ আহি মোৰ বিদেশী বন্ধুসকলক টেলিমেডিচিনযোগে সেৱা আগবঢ়োৱাৰ সুখানুভূতিৰে ধন্য হৈ আছোঁ৷ পাঠকসকলক মোৰ বিনম্ৰ অনুৰোধ নিজৰ যিকোনো স্বাস্থ্যজনিত অসুবিধাৰ বাবে মোৰ সৈতে  সম্পৰ্ক কৰে যেন৷ সময় ওলিয়াই সকলোৰে সমস্যাৰ ৰোগী নোচোৱাকৈয়ে বিনামূলীয়া  নিদান দিবৰ যৎপৰোনাস্তি প্ৰয়াস কৰোঁ আৰু আগলৈকো কৰি থাকিম৷

টেলিমেডিচিনৰ ইতিহাস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা
Image: hub.jhu.edu

               ২০১৭চনৰ জনগণনামতে আমাৰ দেশৰ ১৩৩কোটি জনসংখ্যাৰ বিপৰীতে ১৮লাখ ৰেজিষ্টাৰ্ড মেডিকেল স্নাতক আছে , অৰ্থাৎ প্ৰতি এহেজাৰজন লোকৰ বিপৰীতে ১.৩৪ জন চিকিৎসক৷ বিশ্ব স্বাস্থ্য সংস্থাৰমতে প্ৰতি এহেজাৰজন লোকৰ বিপৰীতে এজন চিকিৎসক হ’লেই হয়৷ তৎস্বতেও ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিশেষকৈ গ্ৰামীন এলেকাত অৰ্হতা থকা চিকিৎসকৰ (বিশেষকৈ বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ) অভাৱ আতৰ হোৱা নাই৷ তেনে পৰিপ্ৰেক্ষিতত টেলিমেডিচিনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷

       বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা বহলাই কোৱাৰ প্ৰয়োজন নাই৷ বৰ্তমান বিশ্বজুৰি কভিড-১৯মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়ত মানুহৰ চলাচল সীমিত কৰাৰ প্ৰয়োজনে দেখা দিছে৷ কোৱা হৈছে-‘ঘৰতে থাকক, নিৰাপদে থাকক’৷ কিন্তু  অসুখ হ’লে কি কৰিব? বয়োজেষ্ঠ সকলে কিদৰে নিজৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ ল’ব? এই সকলোৰে উত্তৰ হ’ল টেলিমেডিনৰ সহায় লওক৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: টেলিমেডিচিন
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Can India Become a Developed Nation Without Health Literacy by 2047?

Can India Become a Developed Nation Without Health Literacy by 2047?

March 2, 2026
The Future of Social Media in India

The Future of Social Media in India

February 22, 2026
Can Sarvam AI Make India a Global Sovereign AI Power?

Can Sarvam AI Make India a Global Sovereign AI Power?

February 20, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d