• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ”ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

by Raktim Ranjan Saikia
June 21, 2024
in Book, Special Report
Reading Time: 4 mins read
0
ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ”ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ
Share on FacebookShare on TwitterShare on LinkedIn

ডঃ প্ৰনৱজ্যোতি ডেকাৰ নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

Dr Raktim Ranjan Saikia
ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

সেয়া যোৱাটি শতিকাৰে কথা৷ ২০০০ চনৰ শেষৰ ফাল৷

আমি তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত বর্ষৰ ছাত্ৰ৷ সময় বৰ বেয়া আছিল৷ মাহৰ শেষৰফালে সদায় জেপত টনাটনি চলাৰ সময়৷ জেপৰ ওপৰত হেচা পাতলাবলৈ আমাৰ দৰে বহুকেইজন ডঃ প্ৰনৱজ্যোতি ডেকা চাৰৰ লগত দুপৰীয়া ইফাল সিফাল কৰি থাকো৷ তেখেত লগত থাকিলে জেপত হাত নভৰোৱাকৈও চলি যায়৷

সেই সময়ত শনিবাৰেও বিশ্ববিদ্যালয়ৰ শ্ৰেণী চলিছিল৷ এদিন শনিবাৰ এটাত বাঁহেৰে তৈয়াৰী বেঞ্চিৰ নিচিনা এখনত বহি ডঃ প্ৰনৱজ্যোতি ডেকা চাৰৰ লগত ৰুটি টানি থাকোতে তেখেতে ক”লে—“কালিলৈ কামাখ্যালৈ যাবি নেকি দেৱী দর্শন কৰিবলৈ? যাৱ যদি আহিবি”৷

ডঃ প্ৰনৱজ্যোতি ডেকা আৰু দেৱী দর্শন…….!

কথাটো একদম খাপ নাখায় যদিও দুপৰীয়া দেৱী দর্শন কৰি মাছে মঙহে দকচি খোৱাৰ সুযোগ এটাটো ওলাল৷ তেখেত সময়ৰ ক্ষেত্ৰত অতি হিচাপী আছিল বাবে গালি নাখাবলৈ নির্দিষ্ট সময়ৰ কিছু আগতেই মেখেলা উজোৱা পথৰ নামনিত হাজিৰ হ’লো৷ 

RelatedPosts

Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025


  মেখেলা উজোৱা পথৰ একেবাৰে তলৰ পৰাই আমাৰ দেবী দর্শন প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ ওপৰলৈ উঠি যাওতে দুই কাষত থকা বিভিন্ন ভাস্কর্য, ভাস্কর্য নির্মান কৰা শিলৰ প্ৰকাৰ, বিভিন্ন শিলত কটা নক্সা, ভাস্কর্যৰ হাতত থকা অস্ত্ৰশস্ত্ৰ এই বোৰ নথিভূক্ত কৰি কৰি দেৱী দর্শন নকৰাকৈয়ে পাহাৰৰ ওপৰেদি গৈ পাণ্ডূৰ ফালে থকা খটখটিয়েদি নামি খোজকাঢ়ি গৈ গৈ ভোকে ভাগৰে লেবেজান দি মালিগাঁও ওলালোগৈ৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

তাতে ভোজনালয় এখনত আহাৰ গ্ৰহন কৰি থাকোতেহে ডেকা চাৰে ভেদ ভাঙিলে যে তেখেতে নীলাচল পাহাৰৰ কামাখ্যাৰ বিষয়ে এখন কিতাপ লিখাৰ কথা ভাবিছে৷

আমাৰ মনত পিচে তেতিয়া অন্য ভাব৷ মনতে দ্বিতীয়বাৰ আকৌ কেতিয়াও নহাৰ প্ৰতিজ্ঞা লৈ সেই দিনালৈ বিদায় ল’লো৷ পিচে আমাৰ প্ৰতিজ্ঞা বহুত বাৰ ভঙ্গ হ’ল৷ তাৰপাচত কেইবাবাৰো চাৰৰ লগত কামাখ্যালৈ গ’লো৷ আলোকচিত্ৰও ল’লো (তাৰে দুখনমান আলোকচিত্ৰ Nilachal Kamakhya Her History and Tantra গ্ৰন্থ খনত প্ৰকাশো হৈছে)৷ বিষয়টোত ইমান নিচা সোমাইছিল যে পাচত বহুবাৰ অকলে আৰু আগ্ৰহী বন্ধুক লগত লৈ নীলাচল পাহাৰলৈ গৈছিলো৷


অৱশেষত ২০০৪ চনত Nilachal Kamakhya Her History and Tantra নামৰ কিতাপখন প্ৰকাশ হ’ল৷ আমি তেতিয়া গৱেষক ছাত্ৰ৷ চাৰে আমাক এখন কিতাপ উপহাৰ হিচাপে দিলে৷ প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে এতিয়ালৈকে লিখা এইখনেই একমাত্ৰ মৌলিক গ্ৰন্থ বুলিলে অত্যুক্তি কৰা নহ’ব৷

বহু কেইটি প্ৰতিষ্ঠিত তত্ত্বক তথ্য প্ৰমাণ সহকাৰে প্ৰত্যাহ্বান জনোৱা এই গ্ৰন্থখনে তীব্ৰ চাঞ্চল্য আৰু আলোড়ণৰ সৃ্ষ্টি কৰিব বুলি আমি ভাবিছিলো যদিও গ্ৰন্থখনে সেই সময়ৰ অসমৰ জৰাগ্ৰস্ত বৌদ্ধিক সমাজৰ নোম এডালো লৰাবলৈ সক্ষম নহ’ল৷ বোধহয় সেই সময়ৰ বৌদ্ধিক সমাজে কিতাপখনৰ বক্তব্যক খণ্ডন কৰিব নোৱাৰি উপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

অৰ্ধশতিকা ধৰি পুহি ৰখা কিছুমান সিদ্ধান্তক গ্ৰন্থখনে প্ৰত্যাহ্বান জনালে৷ সেই সমূহ মানি ল’বলৈও মনে নকয়, বিৰোধিতা কৰিবলৈও যুক্তিৰ অভাৱ৷ সেয়ে বোধহয় “প্ৰকাশ” নামৰ আলোচনী খনত ২০১৪ চনৰ জুন সংখ্যাত আমি প্ৰকাশ কৰা এটা আলোচনাৰ বাদে Nilachal Kamakhya Her History and Tantra গ্ৰন্থখনৰ কোনো আলোচনা-সমালোচনা গালি গালাজ একোৱেই চকুত পৰা নাই৷ সকলো নীৰৱ নিতাল৷ কিজানিবা চাপৰিলে মেঘ এৰায়েই৷

কেইবাটাও দিশৰ পৰা অসমৰ ইতিহাস চৰ্চাত Nilachal Kamakhya Her History and Tantra গ্ৰন্থখন বাটকটীয়া৷ ইতিহাস অধ্যয়নৰ বাবে “সময় নির্ধাৰণ বিজ্ঞান”, শিলাতত্ত্ব, ধাতুতত্ত্ব আদি বিজ্ঞানৰ বিভিন্ন শাখা সমূহৰ ব্যৱহাৰ পৃথিৱীৰ অন্য ঠাইত কেতিয়াবাই আৰম্ভ হ’ল যদিও অসমত একৈশ শতিকাতো তেনে অধ্যয়ন চকুত পৰা নাই৷

Nilachal Kamakhya Her History and Tantra গ্ৰন্থখনিত লিখকে অসমত প্ৰথম বাৰৰ বাবে ইতিহাস অধ্যয়নৰ বাবে “তাপদ্বীপন সময় নিৰূপন” (Thermo luminescence dating), শিলাতত্ত্ব আৰু ধাতুতত্ত্বৰ ব্যৱহাৰ কৰিছে৷ যি সময়ত পৃথিৱীৰ অন্য ঠাইত  “তাপদ্বীপন সময় নিৰূপন” অবিহনে ইতিহাস চৰ্চা মূল্যহীন বুলি ধৰা হৈছে সেই পৰিবেশত ২০০৪ চনতে ডঃ ডেকাৰ এই প্ৰচেষ্টা অতি যুগান্তকাৰী৷

বাণীকান্ত কাকতিয়ে এসময়ত কামাখ্যা ধামৰ যোনীপূজাৰ উৎস সন্ধান কৰিবলৈ গৈ গাৰো আৰু খাচী জনগোষ্ঠীৰ মাজত ইয়াক বিচাৰি পাইছিলগৈ৷ ডঃ ডেকাই বাণীকান্ত কাকতিৰ মাতৃতান্ত্ৰিক খাচী সকলৰ পৰা যোনীপূজাৰ ধাৰণা অহাৰ তত্ত্বটোক যুক্তি সহকাৰে নস্যাৎ কৰি দিছে৷ লিখকে সঠিক ভাৱেই প্ৰশ্ন কৰিছে মাতৃতান্ত্ৰিক সমাজ বোৰ যোনী পূজক হয় তেন্তে সকলো পিতৃতান্ত্ৰিক সমাজ লিঙ্গপূজক হ’ব লাগিব৷

বাণীকান্ত কাকতিৰ গাৰো-খাচী সকলৰ মাজত কামাখ্যা দেৱীৰ যোনী পূজাৰ উৎস সন্ধানৰ তত্ত্বক নৃতাত্ত্বিক প্ৰমানে সমর্থন নকৰে বুলি মতপ্ৰকাশকৰা হৈছে৷ খাচী আৰু গাৰো সকলৰ বিষয়ে হোৱা অসংখ্য নৃতাত্ত্বিক গৱেষণাৰ কোনো এটাতো গাৰো-খাচী সকলৰ মাজত যোনীপূজাৰ প্ৰচলন আছিল বুলি পোৱা নাযায়৷ কামাখ্যা পূজাৰ উৎস সম্পর্কে লিখকে সম্পূর্ণ নতুন দৃষ্টিৰে বিচাৰ কৰি নিজস্ব প্ৰকল্প আগবঢ়াইছে৷

ডঃ ডেকাই যুক্তি সহকাৰে প্ৰমাণ কৰিছে যে বর্তমানৰ কামাখ্যা মন্দিৰ আদিতে বলৰামৰ মন্দৰ আছিল৷ পৰৱর্তী কালতহে ইয়াক কামাখ্যা মন্দিৰলৈ পৰিবর্তন কৰা হৈছিল৷ আনকি কামাখ্যাক্ষেত্ৰত বলৰামৰ পূজাৰ অস্তিত্ব এতিয়াও শেষ হৈ যোৱা নাই৷ এতিয়াও কামাখ্যাক্ষেত্ৰৰ বহু পাণ্ডাৰ ঘৰত মাটিৰ লডাৰ ৰূপত যি “বাসু” পূজা হয়, সি বলৰাম পূজাৰেই অৱশেষ মাত্ৰ৷

গ্ৰন্থখনৰ অধ্যয়নে আমাক জানিবলৈ দিয়ে যা বর্তমানৰ কামাখ্যা মন্দিৰটো তিনিবাৰ পৃথক পৃথক সময়ত পুণৰ নির্মান কৰা হৈছিল৷ বর্তমানৰ কামাখ্যা মন্দিৰটো পুর্বে যেনেকৈ বলৰামৰ মন্দিৰ আছিল, ঠিক তেনেকৈ পূর্বতে কামাখ্যা দেৱীৰো এটা পৃথক মন্দিৰ আছিল৷ যোগিনীতন্ত্ৰৰ মতে এই মন্দিৰটো ভূমিস্খলনত ধ্বংসপ্ৰাপ্ত হৈছিল৷

“Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখনিত কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আৰু অসমৰ জনশ্ৰুতিত উল্লিখিত নৰকাসুৰ, বশিষ্ঠ আদি চৰিত্ৰ সমূহৰ বিজ্ঞান সন্মত ব্যাখ্যা আগবঢ়াবলৈ যত্ন কৰা হৈছে৷ কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰ এই দুই গ্ৰন্থত উল্লেখ কৰা নৰকৰ ধর্মাচৰণ আৰু উপাসনা ৰীতিৰ পার্থক্য আৰু অন্য কিছুমান প্ৰমানৰ ভিত্তিত ডঃ ডেকাই দুজন নৰকৰ অস্তিত্ব সাব্যস্ত কৰিছে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

প্ৰাচীন কামৰূপৰ ম্লেচবংশীয় শালস্তম্ভনো কোন এই বিষয়ে বিতর্কৰ শেষ নাই৷ ডঃ ডেকাই “শালস্তম্ভ” সমস্যাটোৰ সকলোতকৈ গ্ৰহনযোগ্য সমাধান এটা দিছে৷ তেওঁৰ মতে “শালস্তম্ভ” কোনো নাম নহয়৷ ই হ’র এক উপাধি৷ বৌদ্ধ মন্ত্ৰযান শাখাৰ এক স্বল্পখ্যাত “সূত্ৰ” হ’ল “শালিস্তম্ভ”৷

এই সূত্ৰৰ মূল পালি আৰু সংস্কৃত অংশ লোপ পালেও তিব্বতী অনুবাদ এতিয়াও তিস্থি আছে৷ শালস্তম্ভ নামটোৱেই সুচায় যে ব্যক্তিজন মন্ত্ৰযান শাখাৰ (মহাযানৰ এটা উপশাখা) বৌদ্ধ আছিল আৰু ভোট বা তিব্বতী মূলৰ আছিল৷ শালস্তম্ভৰ বৌদ্ধ-তিব্বতী মূলৰ বিষয়টোক কেইবাজনো গৱেষকে সমর্থন কৰে৷

তিব্বতী মেচ সকলৰ অসম প্ৰৱেশৰ বিশেষ ঘটনাটোৰ বিষয়ে ভাৰত বুৰঞ্জীত কোনো উল্লেখ পোৱা নাযায় যদিও তিব্বতী আৰু ভূটানৰ সূত্ৰত এই ঘটনাৰ উল্লেখ আছে৷

এই ঘটনাৰ গুৰি বিচাৰি আমি কিছু আগুৱাই যাব লাগিব৷ হিউয়েন চাং চীন দেশলৈ উভতি গৈ চীনা সম্ৰাট তাইজঙক (Taizong) সম্ৰাট হর্ষবর্ধনৰ আতিথ্যৰ বিষয়ে ক’লত চীনা সম্ৰাটে “ৱাং হিউয়েন চি (Wang Hiuen Tse) নামৰ দূতজনৰ নেতৃত্বত এটা সঁজাতি দল ভাৰতলৈ প্ৰেৰণ কৰে৷ দুর্ভাগ্যক্ৰমে সঁজাতি দলটো ভাৰত পোৱাৰ আগতেই ৬৪৮ খ্ৰীষ্টাব্দত হর্ষবর্ধনৰ মৃত্যু হয় আৰু তেওঁৰ মন্ত্ৰী অর্জুনে ক্ষমতা দখল কৰে৷

অর্জুন আছিল ঘোৰ বৌদ্ধ বিৰোধী আৰু অত্যাচাৰী৷  তেওঁ চিনা সঁজাতি দলটোৰ সৰহ সংখ্যক সদস্যকে হত্যা কৰি হর্ষবর্ধনৰ বাবে অনা সমস্ত উপহাৰ লুট কৰিলে৷ “ৱাং হিউয়েন চি” কোনো মতে প্ৰাণ লৈ পলাই নেপাল পালেগৈ৷ সেই সময়ত তিব্বতৰ শক্তিশালী সম্ৰাট “স্ৰংগ্ষ্টেন গাম্পো”ৱে নেপালৰ ৰাজকণ্যা ভৃকুতি দেৱী আৰূ চীন সম্ৰাটৰ কণ্যা ৱেন চেঙক বিবাহ কৰাইছিল৷

নেপালৰ ৰজাৰ সহযোগত চীনা ৰাজদূতে তিব্বতৰ সম্ৰাট স্ৰংগ্ষ্টেন গাম্পোৰ পৰা সামৰিক সাহার্য লৈ অর্জুনক আক্ৰমণ কৰিলে৷ কামৰূপৰ ভাস্কৰ বর্মণে এই তিব্বতী সৈন্য বাহিনীক সামৰিক সাহায্য প্ৰদান কৰিছিল৷ সন্মিলিত বাহিনীয়ে বিহাৰৰ কোনো ঠাইত হোৱা যুদ্ধত অর্জুনক পৰাস্ত কৰি বন্দী কৰে৷ তেওঁক বন্দী অৱস্থাত চীন দেশলৈ পঠিয়াই দিয়া হ’ল৷ এই যুদ্ধৰ পাচতে কাকতালীয় ভাৱে ভাস্কৰ বর্মণ আৰু স্ৰংগ্ষ্টেন গাম্পোৰ অগাপিচাকৈ মৃত্যু হ’ল৷

উত্তৰাধিকাৰী বিহীন চিৰকুমাৰ ভাস্কৰ বর্মণৰ ৰাজ্যত অৰাজকতাৰ সৃষ্টি হ;ল৷ উত্তৰ ভাৰত, উত্তৰ বংগ আৰু কামৰূপৰ এই “মৎসন্যায়” অৱস্থাৰ সুযোগ গ্ৰহন কৰি উত্তৰ বংগত অৱস্থান কৰা তিব্বতী বাহিনীটোৰ নেতা শালস্তম্ভই কামৰূপৰ ক্ষমতা দখল কৰিলে৷ (History of Bengali People: From Earliest Time to the Fall of the Sena Dynasty, pp. 315-316)| সেয়ে শালস্তম্ভৰ সিংহাসন আৰোহণৰ ঘটনাটো ৰত্নপালৰ বৰগাঁও তাম্ৰশাসনত “বিধিচলনাবশত” হোৱা বুলি উল্লখ কৰিছে—-

“এবং ৱংশক্ৰমেণ ক্ষিতিমথ নিখিলাং ভুঞ্জতাং নাৰকাণাং
ৰাজ্ঞাং ম্লেচ্ছাধিনাথো ৱিধিচলনাৱশাদেৱ জগ্ৰাহ ৰাজ্যম্৷
সালস্তম্ভঃ ক্ৰমেস্যাপি হি নৰপত্যো ৱিগ্ৰহস্তম্ভমুখ্যা
ৱিখ্যাতাঃ সম্বভূর্দ্বিগুণিতদশতাসংখ্যয়া সংৱিভিন্নাঃ”

(Kāmarūpaśāsanāvali, p. 81)

অসমত অসমৰ ধর্ম, সামাজ আৰু সংস্কৃতিৰ ইতিহাসকলৈ মৌলিক চিন্তাচর্চাৰ অভাৱ সদায়েই প্ৰকট৷ চর্চাৰ নামত যিখিনি হৈছে সেইখিনি চর্বিতচর্বনৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই৷ কিন্তু “Nilachal Kamakhya Her History and Tantra” ৰ পাতে পাতে লিখকৰ মৌলিক চিন্তা আৰু সূক্ষ্ম পর্যৱেক্ষণ ক্ষমতাৰ আভাস পোৱা যায়৷

ধর্মীয়, সামাজিক আৰু সাংস্কৃতিক ইতিহাস চর্চাত তন্ত্ৰ সমূহৰ ব্যৱহাৰ, কোনো উপাসনা স্থলীত দেৱ-দেৱী সকলৰ সালসলনিৰ স্বাক্ষৰ বিচাৰি বীজমন্ত্ৰৰ অধ্যয়ন আদি দিশ সমূহক ইতিহাস চর্চাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰাটো অসমৰ ইতিহাস চর্চাত একেবাৰেই নতুন৷ আজিৰ তাৰিখত, কামাখ্যা মন্দিৰত কামাখ্যাৰ ওৰণিৰ আঁৰত যে কালিকাৰ পূজন হয় সেয়া শ বছৰ ধৰি আমাৰ অজ্ঞাত হৈ আছিল৷

“Nilachal Kamakhya Her History and Tantra” গ্ৰন্থত অসমৰ ধর্মীয়-সামাজিক বুৰঞ্জীত সততে আলোচনা নোহোৱা তিব্বতী-বৌদ্ধধর্মৰ প্ৰভাৱ নির্মোহ নিৰাসক্ত ভাৱে আলোচনা কৰাৰ উপৰিও প্ৰাচীন অসমত বাস কৰা জৈন ধর্মী ভূঞা সকলৰ ওপৰতো প্ৰথমবাৰৰ বাবে আলোকপাত কৰা হৈছে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

  “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখন প্ৰকাশৰ সূদীর্ঘ ১৬ বছৰৰ পাচত “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ” নামেৰে আমি অসমীয়া ভাষালৈ অনুবাদ কৰি উলিয়ালো৷ দর্শন, তন্ত্ৰ আদি বিষয়ৰ লগত বিশেষ সম্পর্ক নথকা অনুবাদকৰ বাবে কামটো সচা কথাত ক’বলৈ গ”লে বলে নোৱাৰা ভাৰ আছিল৷

উদাহৰণ স্বৰূপে Esoteric শব্দটোৰ অসমীয়া প্ৰতিশব্দ অধ্যাত্মিক জ্ঞান, গুপুত জ্ঞান, পৰম জ্ঞান আদি কেইবাটাও শব্দ দি চোৱা হ’ল যদিও মূল লিখকে প্ৰতিবাৰেই নাকচ কৰিলে আচল অৰ্থ প্ৰকাশ নাই পোৱা বুলি৷ শেষত “শৰণীয়া-ভজনীয়া” বুলি যুৰীয়া শব্দ এটা সৃষ্টি কৰি উলিয়ালত মূল লিখক সন্তুষ্ট হ’ল৷ এই দৰে কভিদৰ তলাবন্ধত একেৰাহে ৪০ দিন কাম কৰি অনুবাদ কার্যটো সম্পূর্ণ কৰা হ’ল৷

অসমত ধর্মীয় ইতিহাস সম্পর্কীয় যি কোনো বিদ্যায়তনিক আলোচনাত দেখা পোৱা সকলোতকৈ ডাঙৰ ত্ৰুতি হ’ল লিখকে নিজে অনুসৰণ কৰা ধর্মীয় মতবাদক শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে অৱচেতন মনত পালন কৰি ৰখা মানসিকতা৷

মহান পণ্ডিত সকলো এনে মনোভাৱৰ পৰা মুক্ত নহয়৷ ব্যক্তিগত ভাৱে কোনো ধর্মমতত বিশ্বাসী নোহোৱাৰ বাবে “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখনৰ লিখকে এনেবোৰ মানৱীয় দুর্বলতাৰ উর্দ্ধলৈ নিজকে লৈ যাব পাৰিছে৷

সম্পূর্ণ মৌলিক চিন্তাৰে ৰচনা কৰা “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখন অসমীয়া বৌদ্ধিক জগতৰ এক অন্যতম মাইলৰ খুটি বুলি ইতিমধ্যে বিশ্বৰ পণ্ডিত সমাজে আদৰি লৈছে৷

প্ৰসঙ্গ পুথি:

১. ডেকা, ডঃ প্ৰনৱজ্যোতি (২০২০): নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ, ডঃ ৰক্তিম ৰঞ্জন শইকীয়াৰ দ্বাৰা অনুদিত, বান্ধৱ, পানবজাৰ, গুৱাহাটী-৭৮১০০১৷
২. Deka, Pranav Jyoti (2004): Nilacala Kamakhya, Her History and Tantra, Guwahati, Assam.
৩. Ray, Niharranjan (2016 Reprint): History of Bengali People: From Earlist Time to the Fall of the Sena Dynasty, Translated with an introduction by John W Wood, Orient Blackswan Private Limited, New Delhi-110002.
৪. Sarma, Dr Dimbeswar (Edited)(1981): Kāmarūpaśāsanāvali, Publication Board, Guwahati-700009.

(লেখাটো ডাঃ ধ্ৰৱজ্যোতি বৰা ডাঙৰীয়াৰ নির্দেশনাত তেখেতৰ দ্বাৰা সম্পাদিত “গৰীয়সী” আলোচনীৰ বাবে লিখা হৈছিল আৰু “গৰীয়সী”ত প্ৰকাশ হৈছিল৷)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

Hypertension the Silent Killer
Health

Hypertension the Silent Killer

by Dr Pranab Bhattacharyya
May 17, 2025
0

Hypertension the silent killer Dr. Pranab Jyoti Bhattacharyya Dr. Pranab Jyoti Bhattacharyya Hypertension or high blood pressure (BP) is considered...

Read moreDetails
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025
Difference between “Terrorists” & “Militants”: Can it be used interchangeably?

Terrorists Are Not Angulimalas

May 12, 2025
পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি 

It’s Time to Burn Pakistan’s Terror Playbook

May 11, 2025
Are Internships the New Gateway to Employment for Graduates?

Are Internships the New Gateway to Employment for Graduates?

May 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d