• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ”ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

by Raktim Ranjan Saikia
June 21, 2024
in Book, Special Report
Reading Time: 4 mins read
0
ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ”ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ
Share on FacebookShare on TwitterShare on LinkedIn

ডঃ প্ৰনৱজ্যোতি ডেকাৰ নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

Dr Raktim Ranjan Saikia
ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

সেয়া যোৱাটি শতিকাৰে কথা৷ ২০০০ চনৰ শেষৰ ফাল৷

আমি তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ স্নাতকোত্তৰ চুড়ান্ত বর্ষৰ ছাত্ৰ৷ সময় বৰ বেয়া আছিল৷ মাহৰ শেষৰফালে সদায় জেপত টনাটনি চলাৰ সময়৷ জেপৰ ওপৰত হেচা পাতলাবলৈ আমাৰ দৰে বহুকেইজন ডঃ প্ৰনৱজ্যোতি ডেকা চাৰৰ লগত দুপৰীয়া ইফাল সিফাল কৰি থাকো৷ তেখেত লগত থাকিলে জেপত হাত নভৰোৱাকৈও চলি যায়৷

সেই সময়ত শনিবাৰেও বিশ্ববিদ্যালয়ৰ শ্ৰেণী চলিছিল৷ এদিন শনিবাৰ এটাত বাঁহেৰে তৈয়াৰী বেঞ্চিৰ নিচিনা এখনত বহি ডঃ প্ৰনৱজ্যোতি ডেকা চাৰৰ লগত ৰুটি টানি থাকোতে তেখেতে ক”লে—“কালিলৈ কামাখ্যালৈ যাবি নেকি দেৱী দর্শন কৰিবলৈ? যাৱ যদি আহিবি”৷

ডঃ প্ৰনৱজ্যোতি ডেকা আৰু দেৱী দর্শন…….!

কথাটো একদম খাপ নাখায় যদিও দুপৰীয়া দেৱী দর্শন কৰি মাছে মঙহে দকচি খোৱাৰ সুযোগ এটাটো ওলাল৷ তেখেত সময়ৰ ক্ষেত্ৰত অতি হিচাপী আছিল বাবে গালি নাখাবলৈ নির্দিষ্ট সময়ৰ কিছু আগতেই মেখেলা উজোৱা পথৰ নামনিত হাজিৰ হ’লো৷ 


  মেখেলা উজোৱা পথৰ একেবাৰে তলৰ পৰাই আমাৰ দেবী দর্শন প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ ওপৰলৈ উঠি যাওতে দুই কাষত থকা বিভিন্ন ভাস্কর্য, ভাস্কর্য নির্মান কৰা শিলৰ প্ৰকাৰ, বিভিন্ন শিলত কটা নক্সা, ভাস্কর্যৰ হাতত থকা অস্ত্ৰশস্ত্ৰ এই বোৰ নথিভূক্ত কৰি কৰি দেৱী দর্শন নকৰাকৈয়ে পাহাৰৰ ওপৰেদি গৈ পাণ্ডূৰ ফালে থকা খটখটিয়েদি নামি খোজকাঢ়ি গৈ গৈ ভোকে ভাগৰে লেবেজান দি মালিগাঁও ওলালোগৈ৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

তাতে ভোজনালয় এখনত আহাৰ গ্ৰহন কৰি থাকোতেহে ডেকা চাৰে ভেদ ভাঙিলে যে তেখেতে নীলাচল পাহাৰৰ কামাখ্যাৰ বিষয়ে এখন কিতাপ লিখাৰ কথা ভাবিছে৷

আমাৰ মনত পিচে তেতিয়া অন্য ভাব৷ মনতে দ্বিতীয়বাৰ আকৌ কেতিয়াও নহাৰ প্ৰতিজ্ঞা লৈ সেই দিনালৈ বিদায় ল’লো৷ পিচে আমাৰ প্ৰতিজ্ঞা বহুত বাৰ ভঙ্গ হ’ল৷ তাৰপাচত কেইবাবাৰো চাৰৰ লগত কামাখ্যালৈ গ’লো৷ আলোকচিত্ৰও ল’লো (তাৰে দুখনমান আলোকচিত্ৰ Nilachal Kamakhya Her History and Tantra গ্ৰন্থ খনত প্ৰকাশো হৈছে)৷ বিষয়টোত ইমান নিচা সোমাইছিল যে পাচত বহুবাৰ অকলে আৰু আগ্ৰহী বন্ধুক লগত লৈ নীলাচল পাহাৰলৈ গৈছিলো৷


অৱশেষত ২০০৪ চনত Nilachal Kamakhya Her History and Tantra নামৰ কিতাপখন প্ৰকাশ হ’ল৷ আমি তেতিয়া গৱেষক ছাত্ৰ৷ চাৰে আমাক এখন কিতাপ উপহাৰ হিচাপে দিলে৷ প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে এতিয়ালৈকে লিখা এইখনেই একমাত্ৰ মৌলিক গ্ৰন্থ বুলিলে অত্যুক্তি কৰা নহ’ব৷

বহু কেইটি প্ৰতিষ্ঠিত তত্ত্বক তথ্য প্ৰমাণ সহকাৰে প্ৰত্যাহ্বান জনোৱা এই গ্ৰন্থখনে তীব্ৰ চাঞ্চল্য আৰু আলোড়ণৰ সৃ্ষ্টি কৰিব বুলি আমি ভাবিছিলো যদিও গ্ৰন্থখনে সেই সময়ৰ অসমৰ জৰাগ্ৰস্ত বৌদ্ধিক সমাজৰ নোম এডালো লৰাবলৈ সক্ষম নহ’ল৷ বোধহয় সেই সময়ৰ বৌদ্ধিক সমাজে কিতাপখনৰ বক্তব্যক খণ্ডন কৰিব নোৱাৰি উপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

অৰ্ধশতিকা ধৰি পুহি ৰখা কিছুমান সিদ্ধান্তক গ্ৰন্থখনে প্ৰত্যাহ্বান জনালে৷ সেই সমূহ মানি ল’বলৈও মনে নকয়, বিৰোধিতা কৰিবলৈও যুক্তিৰ অভাৱ৷ সেয়ে বোধহয় “প্ৰকাশ” নামৰ আলোচনী খনত ২০১৪ চনৰ জুন সংখ্যাত আমি প্ৰকাশ কৰা এটা আলোচনাৰ বাদে Nilachal Kamakhya Her History and Tantra গ্ৰন্থখনৰ কোনো আলোচনা-সমালোচনা গালি গালাজ একোৱেই চকুত পৰা নাই৷ সকলো নীৰৱ নিতাল৷ কিজানিবা চাপৰিলে মেঘ এৰায়েই৷

কেইবাটাও দিশৰ পৰা অসমৰ ইতিহাস চৰ্চাত Nilachal Kamakhya Her History and Tantra গ্ৰন্থখন বাটকটীয়া৷ ইতিহাস অধ্যয়নৰ বাবে “সময় নির্ধাৰণ বিজ্ঞান”, শিলাতত্ত্ব, ধাতুতত্ত্ব আদি বিজ্ঞানৰ বিভিন্ন শাখা সমূহৰ ব্যৱহাৰ পৃথিৱীৰ অন্য ঠাইত কেতিয়াবাই আৰম্ভ হ’ল যদিও অসমত একৈশ শতিকাতো তেনে অধ্যয়ন চকুত পৰা নাই৷

Nilachal Kamakhya Her History and Tantra গ্ৰন্থখনিত লিখকে অসমত প্ৰথম বাৰৰ বাবে ইতিহাস অধ্যয়নৰ বাবে “তাপদ্বীপন সময় নিৰূপন” (Thermo luminescence dating), শিলাতত্ত্ব আৰু ধাতুতত্ত্বৰ ব্যৱহাৰ কৰিছে৷ যি সময়ত পৃথিৱীৰ অন্য ঠাইত  “তাপদ্বীপন সময় নিৰূপন” অবিহনে ইতিহাস চৰ্চা মূল্যহীন বুলি ধৰা হৈছে সেই পৰিবেশত ২০০৪ চনতে ডঃ ডেকাৰ এই প্ৰচেষ্টা অতি যুগান্তকাৰী৷

বাণীকান্ত কাকতিয়ে এসময়ত কামাখ্যা ধামৰ যোনীপূজাৰ উৎস সন্ধান কৰিবলৈ গৈ গাৰো আৰু খাচী জনগোষ্ঠীৰ মাজত ইয়াক বিচাৰি পাইছিলগৈ৷ ডঃ ডেকাই বাণীকান্ত কাকতিৰ মাতৃতান্ত্ৰিক খাচী সকলৰ পৰা যোনীপূজাৰ ধাৰণা অহাৰ তত্ত্বটোক যুক্তি সহকাৰে নস্যাৎ কৰি দিছে৷ লিখকে সঠিক ভাৱেই প্ৰশ্ন কৰিছে মাতৃতান্ত্ৰিক সমাজ বোৰ যোনী পূজক হয় তেন্তে সকলো পিতৃতান্ত্ৰিক সমাজ লিঙ্গপূজক হ’ব লাগিব৷

বাণীকান্ত কাকতিৰ গাৰো-খাচী সকলৰ মাজত কামাখ্যা দেৱীৰ যোনী পূজাৰ উৎস সন্ধানৰ তত্ত্বক নৃতাত্ত্বিক প্ৰমানে সমর্থন নকৰে বুলি মতপ্ৰকাশকৰা হৈছে৷ খাচী আৰু গাৰো সকলৰ বিষয়ে হোৱা অসংখ্য নৃতাত্ত্বিক গৱেষণাৰ কোনো এটাতো গাৰো-খাচী সকলৰ মাজত যোনীপূজাৰ প্ৰচলন আছিল বুলি পোৱা নাযায়৷ কামাখ্যা পূজাৰ উৎস সম্পর্কে লিখকে সম্পূর্ণ নতুন দৃষ্টিৰে বিচাৰ কৰি নিজস্ব প্ৰকল্প আগবঢ়াইছে৷

ডঃ ডেকাই যুক্তি সহকাৰে প্ৰমাণ কৰিছে যে বর্তমানৰ কামাখ্যা মন্দিৰ আদিতে বলৰামৰ মন্দৰ আছিল৷ পৰৱর্তী কালতহে ইয়াক কামাখ্যা মন্দিৰলৈ পৰিবর্তন কৰা হৈছিল৷ আনকি কামাখ্যাক্ষেত্ৰত বলৰামৰ পূজাৰ অস্তিত্ব এতিয়াও শেষ হৈ যোৱা নাই৷ এতিয়াও কামাখ্যাক্ষেত্ৰৰ বহু পাণ্ডাৰ ঘৰত মাটিৰ লডাৰ ৰূপত যি “বাসু” পূজা হয়, সি বলৰাম পূজাৰেই অৱশেষ মাত্ৰ৷

গ্ৰন্থখনৰ অধ্যয়নে আমাক জানিবলৈ দিয়ে যা বর্তমানৰ কামাখ্যা মন্দিৰটো তিনিবাৰ পৃথক পৃথক সময়ত পুণৰ নির্মান কৰা হৈছিল৷ বর্তমানৰ কামাখ্যা মন্দিৰটো পুর্বে যেনেকৈ বলৰামৰ মন্দিৰ আছিল, ঠিক তেনেকৈ পূর্বতে কামাখ্যা দেৱীৰো এটা পৃথক মন্দিৰ আছিল৷ যোগিনীতন্ত্ৰৰ মতে এই মন্দিৰটো ভূমিস্খলনত ধ্বংসপ্ৰাপ্ত হৈছিল৷

“Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখনিত কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আৰু অসমৰ জনশ্ৰুতিত উল্লিখিত নৰকাসুৰ, বশিষ্ঠ আদি চৰিত্ৰ সমূহৰ বিজ্ঞান সন্মত ব্যাখ্যা আগবঢ়াবলৈ যত্ন কৰা হৈছে৷ কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰ এই দুই গ্ৰন্থত উল্লেখ কৰা নৰকৰ ধর্মাচৰণ আৰু উপাসনা ৰীতিৰ পার্থক্য আৰু অন্য কিছুমান প্ৰমানৰ ভিত্তিত ডঃ ডেকাই দুজন নৰকৰ অস্তিত্ব সাব্যস্ত কৰিছে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

প্ৰাচীন কামৰূপৰ ম্লেচবংশীয় শালস্তম্ভনো কোন এই বিষয়ে বিতর্কৰ শেষ নাই৷ ডঃ ডেকাই “শালস্তম্ভ” সমস্যাটোৰ সকলোতকৈ গ্ৰহনযোগ্য সমাধান এটা দিছে৷ তেওঁৰ মতে “শালস্তম্ভ” কোনো নাম নহয়৷ ই হ’র এক উপাধি৷ বৌদ্ধ মন্ত্ৰযান শাখাৰ এক স্বল্পখ্যাত “সূত্ৰ” হ’ল “শালিস্তম্ভ”৷

এই সূত্ৰৰ মূল পালি আৰু সংস্কৃত অংশ লোপ পালেও তিব্বতী অনুবাদ এতিয়াও তিস্থি আছে৷ শালস্তম্ভ নামটোৱেই সুচায় যে ব্যক্তিজন মন্ত্ৰযান শাখাৰ (মহাযানৰ এটা উপশাখা) বৌদ্ধ আছিল আৰু ভোট বা তিব্বতী মূলৰ আছিল৷ শালস্তম্ভৰ বৌদ্ধ-তিব্বতী মূলৰ বিষয়টোক কেইবাজনো গৱেষকে সমর্থন কৰে৷

তিব্বতী মেচ সকলৰ অসম প্ৰৱেশৰ বিশেষ ঘটনাটোৰ বিষয়ে ভাৰত বুৰঞ্জীত কোনো উল্লেখ পোৱা নাযায় যদিও তিব্বতী আৰু ভূটানৰ সূত্ৰত এই ঘটনাৰ উল্লেখ আছে৷

এই ঘটনাৰ গুৰি বিচাৰি আমি কিছু আগুৱাই যাব লাগিব৷ হিউয়েন চাং চীন দেশলৈ উভতি গৈ চীনা সম্ৰাট তাইজঙক (Taizong) সম্ৰাট হর্ষবর্ধনৰ আতিথ্যৰ বিষয়ে ক’লত চীনা সম্ৰাটে “ৱাং হিউয়েন চি (Wang Hiuen Tse) নামৰ দূতজনৰ নেতৃত্বত এটা সঁজাতি দল ভাৰতলৈ প্ৰেৰণ কৰে৷ দুর্ভাগ্যক্ৰমে সঁজাতি দলটো ভাৰত পোৱাৰ আগতেই ৬৪৮ খ্ৰীষ্টাব্দত হর্ষবর্ধনৰ মৃত্যু হয় আৰু তেওঁৰ মন্ত্ৰী অর্জুনে ক্ষমতা দখল কৰে৷

অর্জুন আছিল ঘোৰ বৌদ্ধ বিৰোধী আৰু অত্যাচাৰী৷  তেওঁ চিনা সঁজাতি দলটোৰ সৰহ সংখ্যক সদস্যকে হত্যা কৰি হর্ষবর্ধনৰ বাবে অনা সমস্ত উপহাৰ লুট কৰিলে৷ “ৱাং হিউয়েন চি” কোনো মতে প্ৰাণ লৈ পলাই নেপাল পালেগৈ৷ সেই সময়ত তিব্বতৰ শক্তিশালী সম্ৰাট “স্ৰংগ্ষ্টেন গাম্পো”ৱে নেপালৰ ৰাজকণ্যা ভৃকুতি দেৱী আৰূ চীন সম্ৰাটৰ কণ্যা ৱেন চেঙক বিবাহ কৰাইছিল৷

নেপালৰ ৰজাৰ সহযোগত চীনা ৰাজদূতে তিব্বতৰ সম্ৰাট স্ৰংগ্ষ্টেন গাম্পোৰ পৰা সামৰিক সাহার্য লৈ অর্জুনক আক্ৰমণ কৰিলে৷ কামৰূপৰ ভাস্কৰ বর্মণে এই তিব্বতী সৈন্য বাহিনীক সামৰিক সাহায্য প্ৰদান কৰিছিল৷ সন্মিলিত বাহিনীয়ে বিহাৰৰ কোনো ঠাইত হোৱা যুদ্ধত অর্জুনক পৰাস্ত কৰি বন্দী কৰে৷ তেওঁক বন্দী অৱস্থাত চীন দেশলৈ পঠিয়াই দিয়া হ’ল৷ এই যুদ্ধৰ পাচতে কাকতালীয় ভাৱে ভাস্কৰ বর্মণ আৰু স্ৰংগ্ষ্টেন গাম্পোৰ অগাপিচাকৈ মৃত্যু হ’ল৷

উত্তৰাধিকাৰী বিহীন চিৰকুমাৰ ভাস্কৰ বর্মণৰ ৰাজ্যত অৰাজকতাৰ সৃষ্টি হ;ল৷ উত্তৰ ভাৰত, উত্তৰ বংগ আৰু কামৰূপৰ এই “মৎসন্যায়” অৱস্থাৰ সুযোগ গ্ৰহন কৰি উত্তৰ বংগত অৱস্থান কৰা তিব্বতী বাহিনীটোৰ নেতা শালস্তম্ভই কামৰূপৰ ক্ষমতা দখল কৰিলে৷ (History of Bengali People: From Earliest Time to the Fall of the Sena Dynasty, pp. 315-316)| সেয়ে শালস্তম্ভৰ সিংহাসন আৰোহণৰ ঘটনাটো ৰত্নপালৰ বৰগাঁও তাম্ৰশাসনত “বিধিচলনাবশত” হোৱা বুলি উল্লখ কৰিছে—-

“এবং ৱংশক্ৰমেণ ক্ষিতিমথ নিখিলাং ভুঞ্জতাং নাৰকাণাং
ৰাজ্ঞাং ম্লেচ্ছাধিনাথো ৱিধিচলনাৱশাদেৱ জগ্ৰাহ ৰাজ্যম্৷
সালস্তম্ভঃ ক্ৰমেস্যাপি হি নৰপত্যো ৱিগ্ৰহস্তম্ভমুখ্যা
ৱিখ্যাতাঃ সম্বভূর্দ্বিগুণিতদশতাসংখ্যয়া সংৱিভিন্নাঃ”

(Kāmarūpaśāsanāvali, p. 81)

অসমত অসমৰ ধর্ম, সামাজ আৰু সংস্কৃতিৰ ইতিহাসকলৈ মৌলিক চিন্তাচর্চাৰ অভাৱ সদায়েই প্ৰকট৷ চর্চাৰ নামত যিখিনি হৈছে সেইখিনি চর্বিতচর্বনৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই৷ কিন্তু “Nilachal Kamakhya Her History and Tantra” ৰ পাতে পাতে লিখকৰ মৌলিক চিন্তা আৰু সূক্ষ্ম পর্যৱেক্ষণ ক্ষমতাৰ আভাস পোৱা যায়৷

ধর্মীয়, সামাজিক আৰু সাংস্কৃতিক ইতিহাস চর্চাত তন্ত্ৰ সমূহৰ ব্যৱহাৰ, কোনো উপাসনা স্থলীত দেৱ-দেৱী সকলৰ সালসলনিৰ স্বাক্ষৰ বিচাৰি বীজমন্ত্ৰৰ অধ্যয়ন আদি দিশ সমূহক ইতিহাস চর্চাৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰাটো অসমৰ ইতিহাস চর্চাত একেবাৰেই নতুন৷ আজিৰ তাৰিখত, কামাখ্যা মন্দিৰত কামাখ্যাৰ ওৰণিৰ আঁৰত যে কালিকাৰ পূজন হয় সেয়া শ বছৰ ধৰি আমাৰ অজ্ঞাত হৈ আছিল৷

“Nilachal Kamakhya Her History and Tantra” গ্ৰন্থত অসমৰ ধর্মীয়-সামাজিক বুৰঞ্জীত সততে আলোচনা নোহোৱা তিব্বতী-বৌদ্ধধর্মৰ প্ৰভাৱ নির্মোহ নিৰাসক্ত ভাৱে আলোচনা কৰাৰ উপৰিও প্ৰাচীন অসমত বাস কৰা জৈন ধর্মী ভূঞা সকলৰ ওপৰতো প্ৰথমবাৰৰ বাবে আলোকপাত কৰা হৈছে৷

ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ"ৰ সৈতে চেৰাশালিৰ পৰা ছপাখানালৈ

  “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখন প্ৰকাশৰ সূদীর্ঘ ১৬ বছৰৰ পাচত “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ” নামেৰে আমি অসমীয়া ভাষালৈ অনুবাদ কৰি উলিয়ালো৷ দর্শন, তন্ত্ৰ আদি বিষয়ৰ লগত বিশেষ সম্পর্ক নথকা অনুবাদকৰ বাবে কামটো সচা কথাত ক’বলৈ গ”লে বলে নোৱাৰা ভাৰ আছিল৷

উদাহৰণ স্বৰূপে Esoteric শব্দটোৰ অসমীয়া প্ৰতিশব্দ অধ্যাত্মিক জ্ঞান, গুপুত জ্ঞান, পৰম জ্ঞান আদি কেইবাটাও শব্দ দি চোৱা হ’ল যদিও মূল লিখকে প্ৰতিবাৰেই নাকচ কৰিলে আচল অৰ্থ প্ৰকাশ নাই পোৱা বুলি৷ শেষত “শৰণীয়া-ভজনীয়া” বুলি যুৰীয়া শব্দ এটা সৃষ্টি কৰি উলিয়ালত মূল লিখক সন্তুষ্ট হ’ল৷ এই দৰে কভিদৰ তলাবন্ধত একেৰাহে ৪০ দিন কাম কৰি অনুবাদ কার্যটো সম্পূর্ণ কৰা হ’ল৷

অসমত ধর্মীয় ইতিহাস সম্পর্কীয় যি কোনো বিদ্যায়তনিক আলোচনাত দেখা পোৱা সকলোতকৈ ডাঙৰ ত্ৰুতি হ’ল লিখকে নিজে অনুসৰণ কৰা ধর্মীয় মতবাদক শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে অৱচেতন মনত পালন কৰি ৰখা মানসিকতা৷

মহান পণ্ডিত সকলো এনে মনোভাৱৰ পৰা মুক্ত নহয়৷ ব্যক্তিগত ভাৱে কোনো ধর্মমতত বিশ্বাসী নোহোৱাৰ বাবে “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখনৰ লিখকে এনেবোৰ মানৱীয় দুর্বলতাৰ উর্দ্ধলৈ নিজকে লৈ যাব পাৰিছে৷

সম্পূর্ণ মৌলিক চিন্তাৰে ৰচনা কৰা “Nilachal Kamakhya Her History and Tantra” গ্ৰন্থখন অসমীয়া বৌদ্ধিক জগতৰ এক অন্যতম মাইলৰ খুটি বুলি ইতিমধ্যে বিশ্বৰ পণ্ডিত সমাজে আদৰি লৈছে৷

প্ৰসঙ্গ পুথি:

১. ডেকা, ডঃ প্ৰনৱজ্যোতি (২০২০): নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ, ডঃ ৰক্তিম ৰঞ্জন শইকীয়াৰ দ্বাৰা অনুদিত, বান্ধৱ, পানবজাৰ, গুৱাহাটী-৭৮১০০১৷
২. Deka, Pranav Jyoti (2004): Nilacala Kamakhya, Her History and Tantra, Guwahati, Assam.
৩. Ray, Niharranjan (2016 Reprint): History of Bengali People: From Earlist Time to the Fall of the Sena Dynasty, Translated with an introduction by John W Wood, Orient Blackswan Private Limited, New Delhi-110002.
৪. Sarma, Dr Dimbeswar (Edited)(1981): Kāmarūpaśāsanāvali, Publication Board, Guwahati-700009.

(লেখাটো ডাঃ ধ্ৰৱজ্যোতি বৰা ডাঙৰীয়াৰ নির্দেশনাত তেখেতৰ দ্বাৰা সম্পাদিত “গৰীয়সী” আলোচনীৰ বাবে লিখা হৈছিল আৰু “গৰীয়সী”ত প্ৰকাশ হৈছিল৷)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d