• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

ড° ৰক্তিম ৰঞ্জন শইকীয়া

by Anjan Sarma
May 29, 2023
in History, Opinion
Reading Time: 4 mins read
0
ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’
Share on FacebookShare on TwitterShare on LinkedIn

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

ড° ৰক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ড° ৰক্তিম ৰঞ্জন শইকীয়া

২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” নামৰ গ্ৰন্থখন প্ৰকাশ হৈ ওলোৱাৰ পাচতেই পঢ়িবলৈ সুবিধা হোৱা নাছিল৷

প্ৰকাশৰ দুই মাহৰ পিচতহে সেইখন আনি পাত লুটিয়াই চোৱাৰ সুবিধা হ’ল ৷ পেচাদাৰী জীৱনত ইতিহাসৰ ছাত্ৰ নহ’লেও সদায়েই ইতিহাসৰ প্ৰতি গভীৰ টান অনুভৱ কৰি আহিছোঁ ৷ তাতে শুনিবলৈ পাইছিলোঁ যে লিখক ডঃ বৰুৱাই আধুনিক সময় নিৰূপণ প্ৰণালী সমূহ যেনে ৰেডিঅ’ কার্বন ডেটিং আদি বুৰঞ্জীখন প্ৰনয়নত ব্যৱহাৰ কৰিছে ৷

ভূতত্ত্বৰ ছাত্ৰ হোৱাৰ উপৰিও নিজৰো ইতিহাস অধ্যয়নত দুটাকৈ আধুনিক সময় নিৰূপণ প্ৰণালী ব্যৱহাৰৰ কৰাৰ অভিজ্ঞতা থকাৰ হেতুকে ডঃ বৰুৱাৰ কিতাপ খনৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছিল ৷ যোৱা ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ “বুক নুক কাফে”ই আমালৈ পঠাই দিয়া “অসম বুৰঞ্জী” খনৰ তিনিটা খণ্ড আমাৰ হাতত পৰাত আগ্ৰহেৰে হাতত তুলি ল’লো৷

প্ৰথম খণ্ডটি পঢ়ি যোৱাৰ পাচৰে পৰা পদে পদে কিতাপ খনত উজুটি খাবলৈ আৰম্ভ কৰিলোঁ ৷ কিতাপখনৰ প্ৰথমখণ্ডৰ পঠনৰ পাচতে আমাৰ মনত অসংখ্য প্ৰশ্নৰ উদয় হ’ল যদিও আমি তাৰ ছটা মান প্ৰশ্নৰ উত্তৰহে তেখেতৰ পৰা ৰাজহুৱাকৈ বিচাৰিম৷  তাৰপাচত প্ৰয়োজনবোধ কৰিলেহে বাকী প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰিম৷ কাৰণ ডঃ বৰুৱাই ডাঙি ধৰা সকলো সন্দেহ জনক তথ্যসূত্ৰ পৰীক্ষা কৰি চাবলৈ যঠেষ্ট সময়ৰ প্ৰয়োজন৷

            ৰেডিঅ’ কার্বন ডেটিঙেৰেই আমাৰ আলোচনা আৰম্ভ কৰো ৷ বিস্তৰ অনুসন্ধানৰ পৰা ডঃ বৰুৱা সিদ্ধান্তলৈ আহিছে যে প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ অৱস্থান হ’ল বর্তমানৰ বাংলাদেশৰ ৱাৰী-বটেশ্বৰ এলেকাত ৷ বৰুৱাৰ মতে এই অঞ্চল বোৰত জনবসতি স্থাপন হৈছিল খ্ৰীষ্টপূর্ব ৩২,৫০০ বছৰৰ আগতে ৷

এই ভয়ংকৰ ঘটনাৰ প্ৰমাণ হিচাপে ডঃ বৰুৱাই ৱাৰী-বটেশ্বৰৰ পৰা ৭৫ কিলোমিটাৰ পূৱে বর্তমান ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ হাবিগঞ্জ জিলাৰ চকলাপুঞ্জি অঞ্চলত পোৱা খ্ৰীষ্টপূর্ব ৩২৫০০ বছৰ পুৰণি মানৱ নির্মিত শিলৰ অস্ত্ৰ (পৃষ্ঠা ৫৬)৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

তথ্যসূত্ৰ হিচাপে ডঃ বৰুৱাই ডাঙি ধৰিছে এন আৰ ৰমেশ (N R Ramesh) নামৰ ভূবিজ্ঞানী জনৰ “ইণ্ডিয়ান জার্নেল অৱ আর্থ চাইন্স” (Evidences of Stone Age Culture in Pleistocene Sediments of Tripura, Indian Journal of Earth Sciences, Vol. 14, No. 3-4, pp. 321-328, 1987) নামৰ গৱেষণা আলোচনী খনৰ এখন গৱেষণাপত্ৰ ৷ খ্ৰীষ্টপূর্ব ৩২,৫০০ তাৰিখটো বৰুৱাই কেইবাটাও প্ৰসংগত টানি আনিছে আৰু ইয়াক এক প্ৰকাৰৰ মানক স্তম্ভ হিচাপে ব্যৱহাৰ কৰিছে ৷

ডঃ বৰুৱাৰ বাবে খ্ৰীষ্টপূর্ব ৩২৫০০ তাৰিখটো পূর্বাঞ্চলত জনবসতি স্থাপনৰ এটা প্ৰমাণ হ’লেও আমাৰ দৰে ভূতত্ত্বৰ ছাত্ৰৰ বাবে ই হাত ভৰি চেঁচা কৰি দিব লগীয়া ঘটনা৷ কাৰণ আজিৰ পৰা প্ৰায় ১১,৭০০-১২,০০০ হাজাৰ বছৰৰ আগতেহে পৃথিৱীত বৰফৰ যুগটোৰ শেষ হৈছিল৷ বৰফৰ যুগটোত উত্তৰ পূর্বাঞ্চলত মানুহৰ উপস্থিতি সচাকৈয়ে ভূবিজ্ঞান ওলটপালত কৰি দিব পৰা এক সাংঘাতিক তথ্য৷

গতিকে গৱেষণাপত্ৰ খনৰ এটা প্ৰতিলিপি বিচাৰি আনি পঢ়ি পেলালো ৷ পঢ়িয়েই বুজি পালো  ডঃ বৰুৱাই খ্ৰীষ্টপূর্ব ৩২,৫০০ তাৰিখটোৰ বাহিৰে তাৰ আগেপিচে থকা তথ্যখিনিত মুঠেই গুৰুত্ব নিদিলে৷ গৱেষণাপত্ৰ খনিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সেই বিশেষ শিলৰ অস্ত্ৰখিনি দুই প্ৰকাৰৰ আছিল৷ এবিধক গৱেষক জনে স্পষ্টকৈ নৱপ্ৰস্তৰ যুগৰ, অর্থাৎ ১১,৭০০ বছৰ পুৰণি বুলি কৈছে৷  প্ৰাক-নৱপ্ৰস্তৰ বুলি অভিহিত আনখিনি অস্ত্ৰক লৈ এতিয়া সমস্যাৰ সৃষ্টি হৈছে৷ 

কাৰণ এই অস্ত্ৰখিনিৰ সকলো বোৰ খনন কৰি উলিওৱা হোৱা নাছিল৷ কিছুমান ওপৰতে মুকলি অৱস্থাত পৰি আছিল৷ যিটো স্তৰৰ ওপৰত অস্ত্ৰ বোৰ পৰি আছিল সেই স্তৰটোৰ বয়সহে খ্ৰীষ্টপূর্ব ৩২৫০০ বছৰ বুলি কোৱা হৈছে৷ মোৰ আজোককাৰ ১০০ বছৰীয়া চকী খনত মই বহি দিলে মোৰ বয়স ১০০ বছৰ হৈ যাব জানো ? কিন্তু ডঃ বৰুৱাই তেখেতৰ কিতাপখনত তাকেই কৰা পৰিলক্ষিত হ’ল৷

এন আৰ ৰমেশৰ গৱেষণাপত্ৰ খনক গৱেষক গৰাকীয়ে এটা প্ৰশ্নবোধক চিহ্নসহ এটা বৃহৎ সীমাৰ ভিতৰত অস্ত্ৰখিনিৰ বয়স উল্লেখ কৰিছে৷ এন আৰ ৰমেশৰ মতে দ্বিতীয় থূলটোৰ বয়স খ্ৰীষ্টপূর্ব ৩২৫০০ত কৈ নতুন আৰু খ্ৰীষ্টপূর্ব ১৫০০ তকৈ যঠেষ্ট পুৰণি৷

ডঃ বৰুৱাই কিতাপখনৰ ৫৬ পৃষ্ঠাত এটা সীমা খ্ৰীষ্টপূর্ব ৩২৫০০ বছৰটো উঠাই আনি আনটো সীমা খ্ৰীষ্টপূর্ব ১৫০০ বছৰটো পৰিহাৰ কৰি উত্তৰ-পূর্বাঞ্চলত তুষাৰ যুগত মানৱ বসতিৰ দৰে তত্ত্বৰ আৱিষ্কাৰ কৰিবলৈ যত্ন কৰিলেও কোনো ভূতত্ত্বৰ ক খ গ ঘ জনা ছাত্ৰৰ বাবে ই বদহজমহে কৰিব৷ কাৰণ ,এই যিটো ত্ৰিশ হাজাৰৰো অধিক বছৰীয়া পৰিসীমা (Range) গৱেষণা পত্ৰখনে দিছে সি ভূতত্ত্বৰ বাবে সামান্য হ’লেও ইতিহাসৰ বাবে অতি বৃহৎ৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

কাৰণ গৱেষণাপত্ৰ খনৰ মতে এই মানৱ বসতি ৩২ হাজাৰ বছৰীয়াও হ’ব পাৰে, তিনি হাজাৰ বছৰীয়াও হ’ব পাৰে৷ ইয়াৰ উপৰিও ডঃ ৰমেশে তাৎপর্যপূর্ণ ভাৱে এটা প্ৰশ্নবোধক চিহ্ন ব্যৱহাৰ কৰি ফলাফলটোৰ অসম্পূর্ণতাক জনাই দিছে৷ অথচ ডঃ বৰুৱাই এই গুৰুত্বপূর্ণ বিষয়টো এৰাই চলিছে৷

            “অসম বুৰঞ্জী” নামৰ কিতাপ খনৰ ৫১ পৃষ্ঠাত লিখক ডঃ বৰুৱাই মন্তব্য কৰিছে যে  খ্ৰীষ্টপূর্ব ৩৫৬২ চনত (আজিৰ পৰা প্ৰায় ৫০০০ বছৰৰ আগতে ) ব্ৰহ্মপুত্ৰ আৰু গঙ্গাৰ মাজৰ ভূখণ্ড সাগৰত ডুবি আছিল৷ উৎস হিচাপে তেখেতে কনকলাল বৰুৱাৰ “আর্লি হিষ্টৰী অৱ কামৰূপ”ৰ কথা উল্লেখ কৰিছে৷ কিন্তু এনে এটা ভূতাত্ত্বিক তথ্য তেখেতে ভুতত্ত্বৰ কোনখন গ্ৰন্থ বা গৱেষণাপত্ৰত উল্লেখ পালে জনালে বাধিত হ’ম৷

যি কোনো নতুন গৱেষণাৰ নিয়ম হ’ল নতুন তথ্যৰ আৱিষ্কাৰৰ লগে লগে তাক কোনো এখন মান্যতাপ্ৰাপ্ত গৱেষণা আলোচনীত প্ৰকাশ কৰি আন গৱেষক সকললৈ আলোচনাৰ বাবে এৰি দিয়া৷ ডঃ প্ৰতাপ চন্দ্ৰ চৌধুৰীৰ গৱেষণাগ্ৰন্থ “The History of Civilization of the people of Assam to the Twelfth century A.D” ৰ ১৪৭ পৃষ্ঠাত (প্ৰথম প্ৰকাশ, ১৯৫৯) পুষ্য বর্মাৰ ৩৫৫ খ্ৰীষ্টাব্দত হ’ব বুলি মত প্ৰকাশ কৰিছে ৷

কিন্তু ডঃ মাধুর্য্যমণ্ডিত বৰুৱা মতে পুষ্য বর্মাৰ শাসন কাল ১১৪-১৪৫৷ উৎস হিচাপে তেখেতে তেখেতৰেই এখন গ্ৰন্থ “কলিতা জাতিৰ ইতিহাস”ক ডাঙি ধৰিছে৷ উক্ত গ্ৰন্থ আমি পঢ়া নাই বাবে বিশেষ মন্তব্য নকৰাকৈ ইয়াকেই কম যে লণ্ডণ বিশ্ববিদ্যালয়ৰ এখন গৱেষণাগ্ৰন্থৰ বিপৰীতে প্ৰকাশ কৰা এটা মত প্ৰতিষ্ঠা কৰিবলৈ তাক উপযুক্ত গৱেষণা আলোচনীত প্ৰকাশ কৰাতো জৰুৰী৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাই তেখেতৰ গ্ৰন্থৰ ৭৪ পৃষ্ঠাত লিখিছে যে শালস্তম্ভই (তেখেতৰ মতে সালস্তম্ভ) ৰজা হোৱাৰ পূর্বে “ভাইতবাৰীত” ৰাজধানী স্থাপন কৰিছিল৷ এই একেবাৰে নতুন তথ্যৰ সমর্থনত তেখেতে আগবঢ়োৱা যুক্তি বৰ অস্পষ্ট৷ একে পৃষ্ঠাতে তেখেতে মন্তব্য কৰিছে ধর্মপাললৈকে কেউজন পালৰজা বৌদ্ধ ধর্মাৱলম্বী আছিল৷ 

ডঃ ডিম্বেশ্বৰ শর্মাই তেখেতৰ কামৰূপশাসনাৱলীত নথিভূক্ত কৰা পালবংশীয় ৰত্নপালৰ বৰগাওঁ লিপিত শংকৰক, শুৱালকুচি লিপিত শংকৰক, ইন্দ্ৰপালৰ গুৱাহাটী লিপিত শিৱ-গৌৰী আৰু ধৰিত্ৰী দেৱীক, গুৱাকুচি লিপিত শিৱ-গৌৰী আৰু ধৰিত্ৰী দেৱীক, গোপালদেৱৰ গাছতল লিপিত মহাদেৱক, ধর্মপালদেৱৰ খনামুখ লিপিত অর্ধনাৰীশ্বৰ শিৱক, শুভঙ্কৰপাটক লিপিত অর্ধনাৰীশ্বৰ শিৱক, পুষ্পভদ্ৰালিপিত বৰাহ-বিষ্ণুক বন্দনা কৰিছে৷ তাৰপাচতো ডঃ বৰুৱাৰ মতে পালবংশীয় ৰজা সকল বৌদ্ধ৷   

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” খনৰ প্ৰথম খণ্ডত সকলোতকৈ উজুটি খোৱা কথাটো হ’ল তেখেতে ৰামায়ণ, মহাভাৰত, পুৰাণ, উপপুৰাণ, সংহিতা সকলোকে পোনপটীয়াকৈ তথ্যৰ প্ৰাথমিক উৎস হিচাপে ব্যৱহাৰ কৰিছে৷ ধর্মগ্ৰন্থ সমূহত প্ৰামান্য ইতিহাস হিচাপে কোনো প্ৰশিক্ষিত বুৰঞ্জীবিদে পোনপটীয়াকৈ ব্যৱহাৰ নকৰে৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

কোনো ধর্মগ্ৰন্থৰ ৰচনাকালৰ পৰা সেই কালৰ সমাজ সম্পর্কে কিছুমান কথা ক’ব পাৰিলেও পোনপটীয়াকৈ এই সমূহৰ তথ্যক ইতিহাসৰ উৎস হিচাপে ল’ব নোৱাৰি৷  ৰাম, কৃষ্ণ, পৰশুৰাম আদি উপাস্য ভগৱান সকল, বিশ্বামিত্ৰ, লৌহি আদি বিভিন্ন ঋষি সকল আৰু ৰঘূ, ঈক্ষাকু, ভগীৰথ আদি মহাকাব্যিক ৰজা সকলক ডঃ বৰুৱাই বুৰঞ্জীমূলক চৰিত্ৰ হিচাপে ধৰি লোৱাৰ ফলত কিছুমান হজম নোহোৱা সিদ্ধান্তত তেখেত উপনীত হৈছে৷

তাৰ এটা মাত্ৰ উদাহৰণ দিব খুজিছো ৷ ডঃ মাধুর্য্যমণ্ডিত বৰুৱাই খ্ৰীষ্টীয় পঞ্চম শতিকাৰ ভাৰতীয় জ্যোর্তিবিদ আর্যভট্টৰ “আর্যভট্টীয়ম” গ্ৰন্থ আলম লৈ কলিযুগ আৰম্ভণিৰ সময় খ্ৰীষ্টপূর্ব ৩১০২ বুলি মন্তব্য কৰিছে আৰু লগতে ৰামচন্দ্ৰ, শ্ৰীকৃষ্ণ আদিৰো সময় নির্ণয় কৰিছে (পৃষ্ঠা ৩৫)৷

ৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ ঐতিহাসিকতা কিমান সেই সম্পর্কে বিশ্বাসীজন আৰু বুৰঞ্জীবিদ ডঃ বৰুৱাৰ মতবাদ একে হ’লে আমাৰ দৰে ভূতাত্ত্বিকৰ মুৰে কপালে হাত দিয়াৰ বাদে কৰিবলগীয়া একো নাথাকে৷ কথা হ’ল কলি যুগৰ উল্লেখ বেদ উপনিষদৰ দৰে অতি পুৰণি হিন্দু শাস্ত্ৰ সমূহত পোৱা নাযায়৷ খ্ৰীষ্ট্ৰীয় তৃতীয় শতিকাৰ শেষ ভাগ আৰু খ্ৰীষ্টীয় চতুর্থ শতিকাত ৰচিত শাস্ত্ৰ সমূহতহে প্ৰথমবাৰৰ বাবে কলি যুগৰ উল্লেখ পোৱা যায় ৷

মহাভাৰতৰ “শ্ৰীমদ্ভাগৱত গীতা” অংশত কলিৰ বিৱৰণ আছে যদিও এই কথা সর্বজনবিদিত যে গীতা অংশ মূল মহাভাৰতত খ্ৰীষ্টীয় চতুর্থ শতিকাৰ প্ৰথম ভাগত হে সংযোগ কৰা হৈছিল৷ খ্ৰীষ্টীয় তৃতীয় শতিকাৰ শেষ ভাগৰ পৰা ভাৰতৰ ৰাজনীতিত পৰম্পৰাগত ধ্যান ধাৰণা আৰু বিশ্বাস বোৰ তচনচ কৰি পেলাব পৰা কিছুমান ঘটনা ঘটিছিল৷

এই ঘটনা সমূহ আৰু পুৰণি হিন্দু শাস্ত্ৰ সমূহত কলিৰ ধাৰণাৰ অনুপস্থিতি  ওপৰত ভিত্তি কৰি ৰামচৰণ শর্মা (Early medieval Indian Scociety, The Kali Age: A period of Social Crisis in Book The Feudal order Edited by D N Jha ) ৱেন্দি ডনিগাৰ (On Hinduism, page 65) আদি বুৰঞ্জীবিদ, সমাজ বিজ্ঞানীয়ে কলিৰ ধাৰণাৰ আৰম্ভণিৰ সময় খ্ৰীষ্টীয় তৃতীয় আৰু চতুর্থ শতাব্দী বুলি উল্লেখ কৰিছে৷ এই সকলৰ সৱল যুক্তিৰ বিপৰীতে ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ মতবাদ তুলুঙা বোধ হয়৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱা এটা সমস্যা হ’ল তেখেতে উৎসৰ প্ৰামাণিকতা পৰীক্ষা নকৰাকৈ যিকোনো সিদ্ধান্ত অতি খৰটকীয়াকৈ লয় আৰু কিছু অংশ কল্পনা কৰি জোৰা লগাই দিয়ে৷  তেখেতৰ “অসম বুৰঞ্জী” ৭০ নং পৃষ্ঠাত লিখিছে যে চন্দ্ৰগুপ্ত মৌর্য্যৰ ৰাজসভালৈ অহা গ্ৰীক ৰাজদূত মেগাস্থিনিছে “ইণ্ডিকা” গ্ৰন্থত হেনো চন্দ্ৰগুপ্ত মৌর্য্যৰ ৰাজ্যৰ এখন মানচিত্ৰ আছিল. য’ত কামৰূপো মৌর্য্য সাম্ৰাজ্যৰ অর্ন্তভূক্ত আছিল৷

উৎস হিচাপে তেখেতে ৰজনীকান্ত চক্ৰৱর্তীৰ গৌড়েৰ ইতিহাস গ্ৰন্থৰ পৃষ্ঠা নং ৩৩ ৰ উদ্ধতি দিছে ৷ কথা হ’ল মেগাস্থিনিছৰ “ইণ্ডিকা”ৰ মূল প্ৰতিলিপি কেতিয়াবাই লোপ পালে৷ “ইণ্ডিকা” বুলি এতিয়া যি কিতাপ পোৱা যায় সেয়া হ’ল বিভিন্ন গ্ৰীক আৰু ৰোমান উৎসত থকা মেগাস্থিনিছৰ উদ্ধৃতি সমূহ গোটাই কৰা সংকলন হে৷ গতিকে তাত মানচিত্ৰৰ কথাই আহিব নোৱাৰে৷ ডঃ বৰুৱাই  উৎস হিচাপে দিয়া ৰজনীকান্ত চক্ৰৱর্তীৰ কিতাপখন এখন গৌণ উৎসহে৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

সেই বিশেষ কিতাপখন আমাৰ সংগ্ৰহত নাই যদিও ইণ্ডিকাৰ সকলোতকৈ নির্ভৰযোগ্য বুলি পণ্ডিত সমাজে গণ্য কৰা জে ডব্লিউ মেক্ক্ৰিনডেলে (J W McCrindle) সম্পাদনা কৰা আৰু ১৮৭৭ চনতে লণ্ডনৰ পৰা প্ৰকাশ হোৱা সংস্কৰণটো আমাৰ হাতত আছে৷ সেইখন তন্নতন্নকৈ পঢ়ি চালো৷ তাত কোনো মানচিত্ৰও নাই অথবা কামৰূপ সম্পর্কে এটা শাৰীও নাই৷

এখন সন্দেহ জনক মানচিত্ৰক ভিত্তি কৰি ডঃ বৰুৱাই  কামৰূপক মৌর্য্য সাম্ৰাজ্যৰ ভিতৰলৈ অনাৰ লগতে মেগেস্থিনিচৰ কামৰূপ যাত্ৰাৰ দৰে উদ্ভট কল্পনাও কৰি পেলালে৷ নিজৰ কল্পনাৰ সমর্থনত অধিক তথ্য বিচাৰি তেখেতে ২০২২ চনৰ ২৭ মার্চৰ “দৈনিক অসম”ত প্ৰকাশিত ভাস্কৰ বৰদলৈৰ এটা প্ৰৱন্ধও ডাঙি ধৰিলে৷

ভাস্কৰ বৰদলৈৰ প্ৰৱন্ধটোত ধোপগুৰি শিলালিপিৰ একেবাৰে প্ৰাৰম্ভিক পৰীক্ষা কৰি দুটামান আখৰ চিনাক্ত কৰা বুলি উল্লেখ কৰিছে৷ প্ৰৱন্ধকাৰে এই লিপিখনৰ বয়স খ্ৰীষ্টপূর্ব তৃতীয় শতিকা বুলি উল্লেখ কৰি লগতে ইয়াৰ বয়স খ্ৰীষ্টপূৰ্ব সপ্তম-অষ্টম শতিকাও হ’ব পাৰে বুলি মন্তব্য কৰিছে৷ ধোপগুৰি শিলালিপিৰ বয়স সম্পর্কে এতিয়াও সঠিক সিদ্ধান্তত উপনীত হৈ প্ৰতিষ্ঠিত হ’বলৈ বাকী৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী” আৰু আমাৰ খু-দুৱনি

  খ্ৰীষ্টপূর্ব সপ্তম-অষ্টমৰ পৰা খ্ৰীষ্টপূর্ব তৃতীয় শতিকালৈ হ’ব পাৰে বুলি উল্লেখ কৰা বয়সৰ খ্ৰীষ্টপূর্ব তৃতীয় শতিকাটো কামৰূপক মৌর্য্য সাম্ৰাজ্যৰ অন্তর্গত বুলি প্ৰমাণ কৰিবলৈ উদ্দেশ্য প্ৰণোদিত ভাৱে ডঃ বৰুৱাই তুলি আনিছে৷

ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী”ৰ প্ৰথম খণ্ডত ইতিমধ্যে উল্লেখ কৰা বিধৰ আৰু অসংখ্য বিসংগতিপূর্ণ তথ্য চকুত পৰিছে যদিও সকলোবোৰ উল্লেখ কৰিবলৈ হ’লে এখন মহাভাৰতেই হ’ব৷

তালুৰ পৰা তলুৱালৈ কিছুমান অগ্ৰহণযোগ্য অপৰিক্ষিত অবৈজ্ঞানিক মতবাদৰে ভৰপুৰ ডঃ মাধুর্য্যমণ্ডিত বৰুৱাৰ “অসম বুৰঞ্জী”ৰ প্ৰথম খণ্ডই কাল্পনিক উপন্যাস হিচাপে আমিষ ত্ৰিপাঠীকো চেৰ পেলাব পৰাকৈ সমৃদ্ধ যদিও ইতিহাস হিচাপে ইয়াক মান্যতা দিয়াটো অযুক্তিকৰ।

[ড° ৰক্তিম ৰঞ্জন শইকীয়া, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d