• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, December 5, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ডলফিনৰ ৰক্তৰে পুনৰ ৰঞ্জিত হ’ল ফ্যাৰো দ্বীপপুঞ্জৰ বালি

তনয় চক্ৰৱৰ্তী

by Tonoy Chakraborty
September 20, 2021
in Special Report
Reading Time: 1 min read
0
ডলফিনৰ ৰক্তৰে পুনৰ ৰঞ্জিত হ’ল ফ্যাৰো দ্বীপপুঞ্জৰ বালি
Share on FacebookShare on TwitterShare on LinkedIn

–তনয় চক্ৰৱৰ্তী |

কোপেনহেগেনৰ পৰা বাতৰি প্ৰকাশ হৈছে যে ডেনমাৰ্কৰ স্বায়ত্বশাসিত ফ্যাৰো দ্বীপপুঞ্জত ‘গ্ৰিন্ডাড্ৰ্যাপ’ চিকাৰ উৎসৱৰ নামত যোৱা সপ্তাহত পুনৰ সহস্ৰাধিক ডলফিনক নিষ্ঠুৰভাবে হত্যা কৰা হ’ল। ৪০০ বছৰৰ প্ৰাচীন এই উৎসৱত সাধাৰণতে সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীক হত্যা কৰি সেইবোৰৰ মাংস সংগ্ৰহ কৰে ফ্যাৰোবাসীয়ে। কিন্তু বহুবছৰ ধৰি সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীৰ হত্যাৰ বিৰোধিতা কৰি আহিছে চিয়াতলভিত্তিক ‘চি শ্বেফাৰ্ড কনজাৰভেশ্যন চোছাইটি’য়ে। এই সংস্থাই এনেবোৰ ঘটনাক ‘অবৈধ চিকাৰ’ বুলি উল্লেখ কৰি অবিলম্বে এই প্ৰথা বন্ধৰ দাবী জনাইছে। 
এয়া এক ঐতিহ্যবাহী উৎসৱ হ’লেও একেলগে ইমানবোৰ ডলফিন হত্যা কৰা কাৰ্য সহজভাৱে লোৱা নাই পৰিৱেশবিদৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণীপ্ৰেমীসকলে। নিৰ্বিচাৰে প্ৰাণীহত্যাৰ নিন্দা কৰিছে পৰিৱেশ বিজ্ঞানী, সমুদ্ৰ আৰু সমুদ্ৰভিত্তিক জীৱনচক্ৰক লৈ কাম কৰি থকা বিশেষজ্ঞসকলে। অবিলম্বে এই প্ৰথা বন্ধৰ দাবী উত্থাপন কৰিছে সকলোৱে। ১৭ ছেপ্টেম্বৰ, শুক্ৰবাৰে এক প্ৰতিবেদনত এনে খবৰ প্ৰকাশ কৰিছে আন্তৰ্জাতিক বাৰ্তা সংস্থা ‘এচোছিয়েটেড প্ৰেছ’-এ। তেওঁলোকে উল্লেখ কৰিছে যে এই দ্বীপপুঞ্জত ইতিপূৰ্বে কেতিয়াও একেলগে ইমানবোৰ ডলফিনক হত্যা কৰা হোৱা নাছিল।
তদসত্বেও বিষয়টোক সহজভাৱে লৈছে ফ্যাৰোৰ মীনমন্ত্ৰী জ্যাকব ভেস্টাৰগাৰ্ড-এ। স্থানীয় ৰেডিঅ’ষ্টেচন ক্ৰিংভাৰ্প ফোৰোৱা-ত তেওঁ সাক্ষাৎকাৰ দি কৈছে যে ‘নিয়ম পালন কৰিয়েই ডলফিন চিকাৰ কৰা হৈছে’! 
প্ৰায় সহস্ৰাধিক আটলান্টিক ডলফিনৰ ৰক্তাক্ত মৃতদেহ যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰে ( ১৫ আৰু ১৬ ছেপ্টেম্বৰ,২০২১) সাগৰৰ পাৰত পৰি থকা দেখা যায়। ডলফিনৰ ৰক্তাক্ত মৃতদেহ শাৰী শাৰীকৈ সাগৰৰ পাৰত পৰি থকা নিদাৰুণ দৃশ্য দেখাৰ পিছত চোছিয়েল মেডিয়াত বিতৰ্কৰ ধুমুহা ববলৈ ধৰে আৰু আন্তৰ্জাতিক সংবাদ মাধ্যমৰ জৰিয়তেও সমগ্ৰ বিশ্বতে বিয়পি পৰে। সকলোৱে এনে নৃশংস হত্যালীলাৰ প্ৰতিবাদ কৰিছে। ফ্যাৰোৰ এজন সাংবাদিকে জনাইছে যে দ্বীপপুঞ্জৰ মানুহেও এনে চিকাৰৰ বিৰোধিতা কৰিলেও চৰকাৰে এনে চিকাৰ বন্ধ কৰাৰ কোনো পৰিকল্পনা লোৱা নাই। স্থানীয় লোকৰ অনুমান অনুসৰি প্ৰায় ১ লাখ পাইলট ডলফিনৰ বিচৰণভূমি এই অঞ্চলত যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত প্ৰায় ৬০০ টা ডলফিন চিকাৰ কৰা হৈছিল। প্ৰতিবছৰে এই চিকাৰ উৎসৱত বহুত মানূহে অংশগ্ৰহণ কৰে। বিভিন্ন গোষ্ঠীয়ে নাওৰে ডলফিন আৰু পাইলট তিমিবোৰক পাৰলৈ খেদি খেদি লৈ আহে আৰু তাৰপিছত সেই নিৰীহ ডলফিনবোৰক চুৰিৰে হানি হত্যা কৰে। এয়া আইনসম্মত! হত্যা কৰা প্ৰাণীৰ মাংস আৰু ব্লাডাৰ স্থানীয় লোকসকলৰ মাজত বিতৰণ কৰা হয়। ভেস্টাৰগাৰ্ড-এ কৈছে যে পাইলট তিমি বা এপিনে বগা ৰং থকা ডলফিন বিলুপ্তপ্ৰায় প্ৰাণী নহয়, গতিকে তেওঁ বিষয়টোক লৈ শংকিত নহয়। কিন্তু তদসত্বেও ইমান ডলফিনক কিয় হত্যা কৰা হ’ল – সেই প্ৰশ্ন এতিয়া সৰ্বত্ৰতে! 
ডলফিনৰ মাংস জাপানত এক বহুমূলীয়া দুৰ্লভ খাদ্যসামগ্ৰী। ডলফিনৰ পাখিৰ চ্যুপৰ দাম কেইবা-শ ডলাৰৰ পৰা হাজাৰ ডলাৰলৈও হয়। ইউৰোপৰ আৰু আমেৰিকাৰ বিভিন্ন কন্টিনেন্টেল ৰেস্তোৰাঁত ডলফিনৰ পৰা প্ৰস্তুত কৰা খাদ্যসামগ্ৰীৰ দাম আকাশলংঘী। সেয়েহে , চোৰাংকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত টেমাবন্দী ডলফিনৰ মাংসৰ অকল্পনীয় চাহিদা। তাৰোপৰি বিশ্বৰ বিভিন্ন চিৰিয়াখানাৰ বাবে আৰু আৰৱৰ শ্বেখসকলৰ মনোৰঞ্জনৰ বাবে জীৱিত ডলফিন ধৰা হয়। জাপানৰ তাইজি আৰু ডেনমাৰ্কৰ ফ্যাৰোৰ পৰা ধৰা ডলফিনৰ সবাতোকৈ বৃহৎ ক্ৰেতা হ’ল চীন, টাইৱান আৰু মিছৰ। প্ৰতিবছৰে কৰা ডলফিনৰ চিকাৰেৰে হেনো তাইজি আৰু ফ্যাৰোৰ অধিবাসীসকলৰ গোটেই বছৰৰ খৰছৰ ধন উপাৰ্জন হয়! অৰ্থাৎ, ডলফিন চিকাৰেৰে চলে তেওঁলোকৰ সংসাৰ। এনে পৰিস্থিতিত সমগ্ৰ বিশ্বৰ সমালোচনাইও বা অভিশাপেও তেওঁলোকৰ গতিৰোধ কৰিব নোৱাৰে। তেওঁলোকে সাগৰৰ বক্ষ ৰঙা কৰি ডলফিন চিকাৰ কৰি থাকিবই।
বাণিজ্যিকভাৱে ১৬০৬ চনৰে পৰাই জাপানৰ তাইজি উপজাতিয়ে তিমি, হাঙ্গৰ, ডলফিন চিকাৰ কৰি আহিছে। তেওঁলোকৰ চিকাৰ আৰম্ভ হৈছিল তিমিৰ সৈতে সাদৃশ্য থকা প্ৰাণী ‘ইয়োৰোমোতো’ৰ চিকাৰৰ দ্বাৰা। ক্ৰমশঃ এই উপজাতি গোষ্ঠী বিশ্বৰ বিভিন্ন প্ৰান্তত বিস্তাৰিত হোৱাৰ লগে লগে নৃশংসতাৰো বিস্তাৰ হয় বিভিন্ন প্ৰান্তলৈ। ১৬৭৫ চনৰ পৰা তিমি চিকাৰৰ বাবে ফ্যাৰোৰ মৎস্য ব্যৱসায়ীসকলে সাগৰত জাহাজ ভহাবলৈ আৰম্ভ কৰে আৰু লাহে লাহে সমগ্ৰ জাপান, ডেনমাৰ্ক আদিত তিমি, হাঙ্গৰ, ডলফিনৰ চিকাৰ হ’বলৈ আৰম্ভ কৰে। এইবোৰ প্ৰাণীৰ মাংসৰ চাহিদা সমগ্ৰ বিশ্বতে হ’বলৈ ধৰে। গতিকে মাংস ৰপ্তানিৰ নতুন দিগন্ত মুকলি হয়। প্ৰাপ্ত তথ্য অনুসৰি এই ডলফিন চিকাৰ উৎসৱলৈ ৰূপান্তৰিত হয় ১৯৬৯ চনৰ পৰাই। 
ছেপ্টেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ হয় এনে নিৰ্মম ‘ইৰুকা’ হত্যালীলা। ডলফিনক উপজাতি গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকসকলে ‘ইৰুকা’ বুলিয়েই অভিহিত কৰে। এনে হত্যালীলা চলে পিছৰ বছৰৰ ফেব্ৰুৱাৰী মাহৰ অন্তিম দিন পৰ্যন্ত। সম্পূৰ্ণ ৬ মাহ আটলাণ্টিক মহাসাগৰৰ পাৰৰ বালিৰ ৰং ৰঙা হৈ পৰে। ‘গোনডো’ বা তিমি-চিকাৰ চলে অতিৰিক্ত দুমাহলৈ, অৰ্থাৎ এপ্ৰিল মাহলৈ। ফ্যাৰো দ্বীপপুঞ্জত প্ৰতি বছৰে প্ৰায় ১০০০ সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীক হত্যা কৰা হয়। এইদৰেই বছৰে বছৰে সাগৰৰ নীলা পানীৰ ৰং, সাগৰৰ পাৰৰ বালিৰ ৰং ৰঙা হৈ থাকে। আৰু কিমান দিনলৈ এই কাৰ্য চলে, কিমান দিনলৈ নীৰিহ ডলফিনক নিৰ্মমভাৱে হত্যা কৰা কাৰ্য চলি থাকে – সেয়া সময়েহে ক’ব।

RelatedPosts

BJP’s Triumph in Three States and Congress’s Telangana Revival

BJP’s Triumph in Three States and Congress’s Telangana Revival

December 4, 2023
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 4, 2023
মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: গ্ৰিন্ডাড্ৰ্যাপচি শ্বেফাৰ্ড কনজাৰভেশ্যন চোছাইটিফ্যাৰো দ্বীপপুঞ্জ
Tonoy Chakraborty

Tonoy Chakraborty

Related Posts

BJP’s Triumph in Three States and Congress’s Telangana Revival
Politics

BJP’s Triumph in Three States and Congress’s Telangana Revival

by Admin
December 4, 2023
0

Assembly Elections: BJP's Triumph in Three States and Congress's Telangana Revival DILIP DAIMARY Modi The political arena of India experienced...

Read more
স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

স্লিপ এপনিয়া : টোপনি আৰু নাকৰ শব্দ

December 4, 2023
মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

মানৱ সভ্যতাৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ

December 3, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

December 1, 2023
ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 30, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 30, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

December 4, 2023
COP28 and the Global Health Imperative

COP28 and the Global Health Imperative

December 4, 2023
A Monk with a Key

A Monk with a Key

December 4, 2023
BJP’s Triumph in Three States and Congress’s Telangana Revival

BJP’s Triumph in Three States and Congress’s Telangana Revival

December 4, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1740 shares
    Share 696 Tweet 435
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2106 shares
    Share 842 Tweet 527
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1566 shares
    Share 626 Tweet 392
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2487 shares
    Share 994 Tweet 622
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    946 shares
    Share 378 Tweet 237
  • মাজুলী আৰু ৰাস

    439 shares
    Share 176 Tweet 110
  • FREEDOM FIGHTERS OF ASSAM

    3032 shares
    Share 1213 Tweet 758
  • অসমৰ লোকসংস্কৃতি

    1280 shares
    Share 512 Tweet 320
  • ইতিহাসৰ জলঙাইদি হাজো

    1058 shares
    Share 423 Tweet 265
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    1207 shares
    Share 483 Tweet 302
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: