• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ ‘অসম চিকিৎসা মহাবিদ্যালয়’

৭৫ বছৰীয়া পৰিক্ৰমালৈ অভিনন্দন

by Anjan Sarma
November 12, 2022
in Medical, Health, Health, Special Report
Reading Time: 3 mins read
0
ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ ‘অসম চিকিৎসা মহাবিদ্যালয়’
Share on FacebookShare on TwitterShare on LinkedIn

ডাঃ জন বেৰী হোৱাইট

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

(৭৫ বছৰীয়া পৰিক্ৰমালৈ অভিনন্দন)

ডাঃ জন বেৰী হোৱাইটে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি স্বৰূপে মাত্ৰ ২৪ বছৰ বয়সত চিপাহী বিদ্ৰোহৰ সমসাময়িক সময়ত অৰ্থাৎ ১৮৫৭ চনত অসমলৈ আহি এজন সহকাৰী শৈল চিকিৎসক হিচাপে উজনি অসমত পোনপ্ৰথমে কৰ্মজীৱনৰ পাতনি মেলিছিল।

অসমৰ বিভিন্ন ঠাইত তেখেতে অতি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই সুদীৰ্ঘ ২৪ বছৰৰ পাছত তেখেতে লখিমপুৰ জিলাৰ গুৰুত্বপূৰ্ণ এজন শৈল চিকিৎসকৰ পদত অধিস্থিত হৈছিলগৈ।

তেতিয়াৰে পৰা অবিভক্ত লখিমপুৰ জিলাৰ দক্ষিণ পাৰৰ অংশতো অৰ্থাৎ বৰ্তমানৰ ডিব্ৰুগড় জিলাখন তেখেতৰ প্ৰধান কৰ্মভূমি হৈ পৰিছিল। যিখন ঠাইৰ চিকিৎসা সেৱাক উন্নত কৰিবৰ বাবে তেওঁ নিজে জীৱনজোৰা কষ্টৰে উপাৰ্জিত ৫০,০০০ টকা এখন ইচ্ছাপত্ৰৰ যোগেদি এখন চিকিৎসালয় স্থাপনৰ বাবে দান কৰি গৈছিল।

সেই উদ্দেশ্যেই চিন্তা-চৰ্চা তথা চিকিৎসালয়খন স্থাপন কৰাৰ বাবে প্ৰাথমিক কাম-কাজসমূহ চলি থকাৰ সময়তে ১৮৯৬ চনৰ ১৯ নৱেম্বৰত জন বেৰী হোৱাইটৰ মৃত্যু হয়।

তেওঁ নিজ হাতেৰে গঢ় দিব বিচৰা সপোনটো জীৱনকালত সম্পূৰ্ণ নহ’ল যদিও তেওঁৰ মৃত্যুৰ ৪ বছৰৰ পাছত অৰ্থাৎ ১৯০০ চনত তেওঁ দান কৰি যোৱা সেই ৫০,০০০ অৰ্থৰ সহায়ত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৰ্থাৎ তেতিয়াৰ লখিমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত এখন আধুনিক চিকিৎসা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। যিখন চিকিৎসালয়ক ডাঃ জন বেৰী হোৱাইটৰ সন্মানাৰ্থে ‘বেৰী হোৱাইট মেডিকেল স্কুল’ নামেৰে নামাকৰণ কৰা হয়; এই বেৰী হোৱাইট মেডিকেল স্কুলখনেই হৈছে অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন উচ্চ আধুনিক চিকিৎসালয়।

ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ অসম চিকিৎসা মহাবিদ্যালয়

১৯৩৮ চনত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সভাপতিত্বত অবিভক্ত অসমতেই অনুজ্ঞাপত্ৰ পোৱা চিকিৎসকসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এখন সভাত এই মেডিকেল স্কুলখনক এখন পূৰ্ণাংগ মেডিকেল কলেজ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰথম সিদ্ধান্ত লোৱা হৈছিল। যিটো সিদ্ধান্তক ১৯৪৭ চনৰ ৩ নৱেম্বৰত ‘বেৰী হোৱাইট মেডিকেল কলেজ’খনক ‘অসম চিকিৎসা মহাবিদ্যালয়’ হিচাপে নামকৰণ কৰি চিকিৎসালয়খনক নৱৰূপত প্ৰতিষ্ঠা কৰি কাৰ্যকৰী কৰা হৈছিল।

জন বেৰী হোৱাইটৰ সপোনৰ বাস্তৱ ৰূপ এই অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহটোৰ নাম ‘ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ’ নামেৰে নামাকৰণ কৰা হৈছে। জন বেৰী হোৱাইটে যিটো ঘৰত থাকি নিজৰ কাম-কাজসমূহ সুচাৰুভাৱে চলাই নিছিল সেই বিশেষ বাসগৃহটো এতিয়াও ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰত উপলব্ধ।

ডাঃ জন বেৰী হোৱাইটৰ কৰ্মৰ চানেকি কেৱল চিকিৎসাৰ ক্ষেত্ৰতেই সীমাবদ্ধ নাছিল। অসমত আধুনিক চিকিৎসা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ সমান্তৰালকৈ অসমত শিল্পদ্যোগৰ বিকাশৰ ক্ষেত্ৰখনতো তেখেতে এজন সফল বাটকটীয়া হিচাপে কেতবোৰ কাম কৰি গৈছিল। ১৯৮১ চনৰ ৩০ জুলাইত লণ্ডনত ‘আচ্ছাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানী’টোৰ পঞ্জীয়নৰ কাম সুকলমে হৈ গৈছিল।

প্ৰধানকৈ অসমত ৰে’লপথ নিৰ্মাণৰ যোগেদি ইয়াৰ প্ৰাকৃতিক সম্পদসমূহক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্বাৰ্থৰ হকে সৰবৰাহ কৰিবৰ বাবেই এই কোম্পানীটো প্ৰতিষ্ঠা কৰা হৈছিল। এই কোম্পানীৰ প্ৰতিষ্ঠাৰ এজন মুখ্য পৃষ্ঠপোষক আছিল জন বেৰী হোৱাইট। উল্লেখযোগ্য যে, ব্ৰিটিছ ঔপনিবেশিক অসমৰ প্ৰথম ৰে’লৱে প্ৰতিষ্ঠানটো হৈছে ‘ডিব্ৰু-শদিয়া ৰে’লৱে’ প্ৰতিষ্ঠান চমুকৈ DSR; যাত্ৰীৰ লগতে চাহ, কয়লা আদি পৰিবহণৰ বাবে এই ৰে’লপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাতেই গঠন হোৱা ‘আচ্ছাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানী’য়ে নিৰ্মাণ কৰি উলিয়াইছিল।

ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ অসম চিকিৎসা মহাবিদ্যালয়

এই ডিব্ৰু-শদিয়া মিটাৰ গজ ৰে’ল পথচোৱাত ১৮৮২ চনৰ ১ মে’ তাৰিখে ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰে’ল চলোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথতো সুকলমে ৰে’ল চলাচল কৰোৱা হয়। ১৯৪৫ চনত জন বেৰী হোৱাইটৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা এই ‘ডিব্ৰু-শদিয়া ৰে’লৱে’ক ‘বেংগল আচ্ছাম ৰে’লৱে’ সেৱাত অন্তৰ্ভুক্ত কৰা হৈছিল।

বেৰী হোৱাইটে ডিব্ৰুগড়কেই মেডিকেল স্কুলখন প্ৰতিষ্ঠাৰ বাবে উপযুক্ত ঠাই হিচাপে বিবেচনা কৰি এখন উইল তথা ইচ্ছাপত্ৰত চহী কৰি গৈছিল। য’ত তেখেতে স্থানৰ পৰিৱৰ্তন হোৱাটো বিচৰা নাছিল। তেখেতেই ইংলেণ্ডৰ পৰা এটা X-Ray মেচিন ডিব্ৰুগড়লৈ আনিছিল। যিটো মেচিন পৰৱৰ্তী সময়ত এই চিকিৎসালয়খনত প্ৰতিষ্ঠা কৰোৱা অন্যতম ৰেডিঅ’লজি ডিপাৰ্টমেণ্টৰ মেচিন হিচাপে জনা গৈছিল।

উল্লেখযোগ্য যে, অসমৰ ডিব্ৰুগড় হেন চহৰত প্ৰতিষ্ঠা হোৱা এই চিকিৎসালয় খনে প্ৰথমাৱস্থাত আকৌ ডাক্তৰ আৰু নাৰ্ছৰ অভাৱত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। সেয়েহে সেই বিশেষ সময়চোৱাত আমদানিকৃত বংগৰ ডাক্তৰসকল আহি ইয়াত চিকিৎসা সেৱা আগবঢ়াইছিল। যিসকলে ঢাকাত থকা মিডফ’ড মেডিকেল স্কুলৰ পৰা চাৰি বছৰীয়া পাঠ্যক্ৰমত এক ডিপ্ল’মা লৈ আহিছিল। তেখেতসকলে অর্জন কৰা সেই বিশেষ ডিপ্ল’মাৰ নাম আছিল এল.এম.এফ. অৰ্থাৎ ‘লাইচেন্স অফ মেডিকেল ফেকাল্টি’।

পৰৱৰ্তীকালত স্থানীয় তথা আমাৰ অসমৰ ল’ৰাই ইয়াতেই পঢ়ি এই ডিপ্ল’মা লৈ বিভিন্ন বিভাগৰ চাকৰিত যোগদান কৰিছিল। বৰ্তমানৰ ফাৰ্মাচিষ্ট আৰু তেতিয়াৰ এবছৰীয়া কম্পাউণ্ডডাৰী শিক্ষাক ১৯১২ চনতেই বেৰী হোৱাইট মেডিকেল স্কুলত প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰ ইয়াৰ নামভৰ্তিৰ বাবে নিম্নতম অৰ্হতা আছিল এম.ই. স্কুল পাছ। ইয়াৰ বাবে অনুষ্ঠিত পৰীক্ষাসমূহ শ্বিলঙত থকা বৰ্ডে নিয়ন্ত্ৰণ কৰিছিল। যিহেতু সেইসময়ত অসমৰ ৰাজধানীও শ্বিলঙতেই আছিল।

ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ অসম চিকিৎসা মহাবিদ্যালয়

অন্যহাতেদি স্থানীয় ডাক্তৰৰ অভাৱৰ বিপৰীতে প্ৰথমে ইয়াত নাৰ্ছৰো বহু অভাৱ ঘটিছিল। নাৰ্ছৰ বাবে স্থানীয় তথা অসমৰ এজনীও ছাত্ৰী আগবাঢ়ি নহাত চিকিৎসালয়ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ গবৰ্ণৰৰ সৈতে আলোচনা কৰি অসমত ধৰ্ম প্ৰচাৰ তথা আধুনিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহা আমেৰিকাৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰীসকলৰ সৈতে কথা পাতি ইটালীৰ পৰা কেইগৰাকীমান নাৰ্ছ তথা ছিষ্টাৰ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।

সেই ব্যৱস্থাৰ ফলস্বৰূপে ১৯৩২ চনত ভিনসেনজা মাৰাঝালিৰ তত্ত্বাৱধানত ইটালীৰ পৰা চাৰিগৰাকী নাৰ্ছ আহি ডিব্ৰুগড়ত উপস্থিত হয়হি। এই চাৰিগৰাকী নাৰ্ছেই আছিল জন বেৰী হোৱাইট মেডিকেল স্কুলৰ প্ৰথম মেট্ৰন আৰু ছিষ্টাৰ।  প্ৰণিধানযোগ্য যে, ভিনসেনজা মাৰাঝালিয়েই আছিল অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথম আধুনিক নাৰ্ছিং বিদ্যালয়ৰো গুৰি ধৰোঁতা। তেখেতৰ নেতৃত্বতেই ১৯৩৮ চনৰ ১৩ ফেব্ৰুৱাৰীত অসমত প্ৰথমখন নাৰ্ছিং বিদ্যালয়ৰো শুভাৰম্ভ ঘটিছিল।

পূৰ্বে উল্লেখ কৰি অহা হৈছে ১৯৩৮ চনত বেৰী হোৱাইট মেডিকেল স্কুলত কৰ্মৰত লাইচেন্সচিষ্টসকলৰ সৈতে গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মেডিকেল স্কুলখনক মেডিকেল কলেজলৈ উন্নীত কৰাৰ উদ্দেশ্যে এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কিন্তু এই সময়ত আমাৰ দেশৰ সকলো প্ৰশাসনিক ব্যৱস্থাসমূহ পৰাধীন হৈ থকা বাবে সেইসময়ত সেই প্ৰস্তাৱে একো বিশেষ অগ্ৰগতি লভা নাছিল।

এই সময়তেই মেডিকেল স্কুলখনক কলেজলৈ উন্নীত কৰাৰ বাবে ডিব্ৰুগড় ৰাইজৰ সহায়ত এখন অস্থায়ী কমিটি গঠন কৰা হৈছিল। সেই কমিটিৰ প্ৰধান সদস্যসকলে আছিল ক্ৰমে, ডিব্ৰুগড়ৰ প্ৰাক্তন বিধায়ক ফাইজনুৰ আলী, ড° ৰহমত আলী, ডাঃ ফণী ঘোষ, ড° সুৰেন দত্ত, চাহ উদ্যোগপতি সুৰেশ বাকচী, শিক্ষাবিদ ভৱেশ মুখাৰ্জী, উপায়ুক্ত ইনামূল মজিদ, বিশিষ্ট ব্যৱসায়ী ৰোহিণী বৰুৱা, ৰায়বাহাদুৰ সদানন্দ দুৱৰা, ডাঃ শৰৎ চন্দ্ৰ বৰুৱা, ৰায়চাহেব বৃদ্ধিচান্দ কাৰোৱা, চাহ উদ্যোগপতি শিউভগৱান আগৰৱালা আৰু বেৰি হোৱাইট মেডিকেল স্কুলৰ অধীক্ষক জোথেব কিৰ ৷

ডাঃ জন বেৰী হোৱাইট আৰু তেওঁৰ সপোনৰ অসম চিকিৎসা মহাবিদ্যালয়

অন্যহাতেদি, এই বিষয়টোক ভালকৈ খৰচি মাৰি চাবৰ বাবে সেইসময়ৰ ভাৰতৰ এজন বিখ্যাত চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ অধ্যক্ষতাত অন্য এখন কমিটি গঠন কৰা হৈছিল। ডাঃ ৰায়ৰ অধ্যক্ষতাত গঠিত সমিতিখনত সদস্য হিচাপে আছিল অধিবক্তা ফাইজনুৰ আলি, ৰায়বাহাদুৰ সৰ্বানন্দ দুৱৰা, ৰায়বাহাদুৰ ৰামেশ্বৰ চহৰীয়া, ডাঃ এছ এন দত্ত, ডাঃ ফণী ঘোষ আৰু কামাখ্যালাল ঘোষ। যিসকলে চিকিৎসালয়খনক মেডিকেল কলেজ হিচাপে নৱৰূপত প্ৰতিষ্ঠা কৰাৰ সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ নিজস্ব অভিমত দাঙি ধৰিছিল।

শেষত ডাঃ ৰায়ে জন বেৰী হোৱাইটে ৫০,০০০ টকা দান দিয়াৰ সময়ত কৰা উইলখন (ইচ্ছা পত্ৰ) চাই কমিটিৰ সদস্যসকলৰ সৈতে ডিব্ৰুগড়ৰ বৰবাৰী পৰিদৰ্শন কৰেহি। ইয়াৰ লগতে তেখেতে ডিব্ৰুগড় ৰাইজৰ উৎসাহ দেখি ১৯৪৭ চনৰ জানুৱাৰী মাহত এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।

সেই সিদ্ধান্ত অনুসৰি অসম চৰকাৰে মিলিটেৰী হস্পিটেলৰ সকলো আচবাব-পত্ৰ ৪০,৪০০ টকাত ক্ৰয় কৰি ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে চিকিৎসালয়খনক মেডিকেল স্কুলৰ পৰা মেডিকেল কলেজলৈ উন্নীতকৰণ কৰি “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে নৱৰূপত শুভ উদ্বোধন কৰে।

পোনপ্ৰথমে অৰ্থাৎ ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত ৬ জন ছাত্ৰই এই মেডিকেল কলেজত শিক্ষাৰম্ভ কৰিছিল। নকৈ প্ৰতিষ্ঠা হোৱা এই মেডিকেল কলেজখনৰ প্ৰথমজন অধ্যক্ষ আছিল ডাঃ হেমচন্দ্ৰ বৰুৱা। ১৯৪৮ চনৰ ফেব্ৰুৱাৰী মাহত বৰবাৰীত মেডিকেল কলেজখনৰ চিকিৎসালয়ৰ কক্ষ উদ্বোধন কৰিছিল গবৰ্ণৰ শ্ৰীপ্ৰকাশ দেৱে।

এই মেডিকেল কলেজ ডিব্ৰুগড়ৰ বৰবাৰীত প্ৰতিষ্ঠা হোৱাৰ পাছতো বহুদিন বেৰী হোৱাইট মেডিকেল স্কুলতেই বহিঃ বিভাগৰ সকলো কাম হৈছিল। ১৯৫০ চনৰ পাছত ক্ৰমান্বয়ে সকলো বিভাগ বৰবাৰী মেডিকেল কলেজলৈ বেৰী হোৱাইট স্কুল চৌহদৰ পৰা স্থানান্তৰ কৰা হয়; আৰু এনেকৈয়েই এদিন জন বেৰী হোৱাইটৰ সপোন অসমৰ প্ৰথমখন মেডিকেল কলেজ ‘অসম চিকিৎসা মহাবিদ্যালয়’ৰ জন্ম হৈছিল।

ডাঃ জন বেৰী হোৱাইটৰ সপোনৰ ওপৰত প্ৰতিষ্ঠিত ডিব্ৰুগড়ৰ এই অসম চিকিৎসা মহাবিদ্যালয়খনে আজি অসমৰ লগতে দেশৰ এখন আগশাৰীৰ চিকিৎসালয় হিচাপেও সৰ্বসমাদৃত ৰূপত খ্যাতি অৰ্জন কৰি দুৰ্গতসকলৰ বাবে অহৰহ সেৱা আগবঢ়াই গৈছে। এয়া সঁচাই আমাৰ বাবে অত্যন্ত সুখবৰ।

অসমত আধুনিক চিকিৎসা সেৱাৰ আৰু শিল্পদ্যোগৰ বাটকটীয়াস্বৰূপ ডাঃ জন বেৰী হোৱাইটৰ এনেসমূহ জনকল্যাণমূলক কামৰ বাবে তেওঁক প্ৰতিজন অসমীয়াই সদায়  মনত ৰাখিব।

[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন নং ৯৯৫৪০০০২০০]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম চিকিৎসা মহাবিদ্যালয়ডাঃ জন বেৰী হোৱাইট
Anjan Sarma

Anjan Sarma

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d