ডাইন’ছৰৰ ফচিল
তনয় চক্ৰৱৰ্তী
নাথান হাৰ্শ্বকিন। বয়স মাত্ৰ ১২ বছৰ। যোৱা বছৰৰ জুলাই মাহত দেউতাক ডিয়ন হাৰ্শ্বকিনৰ সৈতে নাথানে ফুৰিবলৈ গৈছিল কানাডাৰ দক্ষিণ অ্যালবাৰ্টালৈ। বিলুপ্ত প্ৰাণীৰ ফচিলেৰে সমৃদ্ধ অ্যালবাৰ্টা অঞ্চল। সেই কাৰণেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰে সেই অঞ্চলত। শিলাময় ৰুক্ষ পাহাৰীয়া সেই অঞ্চলত দেউতাকৰ হাতত ধৰি ভ্ৰমণ কৰি থাকোতেই সম্ভৱতঃ জীৱনৰ শ্ৰেষ্ঠ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল কিশোৰ নাথানে।
হয়, ১২ বছৰীয়া কিশোৰ নাথানে আৱিষ্কাৰ কৰিছে ৬ কোটি ৯০ লাখ বছৰৰ আগৰ ডাইন’ছৰৰ কঙ্কাল! নাথানৰ আৱিষ্কাৰৰ সূত্ৰ ধৰিয়েই সম্প্ৰতি কঙ্কাল খনন কৰি উলিওৱা কৰ্ম সমাপ্ত হৈছে। যি কাম সমাধা কৰিবলৈ নামজ্বলা নৃতাত্ত্বিক সকলৰো নাকনি-কাননি হয়, এজন ১২ বছৰীয়া কিশোৰে কিদৰে সমাধা কৰিলে তেনে অসাধ্য সাধন! বৃটিছ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত নাথানে জনায় যে সৰুৰে পৰাই ডাইন’ছৰৰ প্ৰতি তেওঁৰ অদমনীয় আকৰ্ষণ। অ্যালবাৰ্টালৈ ভ্ৰমণ কৰিবলৈ গৈ দেউতাকৰ সঙ্গ কিছুপৰৰ বাবে এৰি নাথানে অলপ দূৰলৈ গুচি গৈছিল। আৰু তেতিয়াই শিলৰ খাঁজত ডাইন’ছৰৰ হাড়ত চকু পৰাত নাথান বাকৰুদ্ধ হৈ পৰে।
নাথানে কৈছে, ‘ হাড় দেখাৰ লগে লগেই মই স্তব্ধ হৈ পৰো। কিন্তু উত্তেজিত হোৱা নাছিলো। মোৰ ভাব হৈছিল, কোনোবাই যেন মোক সজোৰে ঢকা এটাহে মাৰিলে! যদিও মই গম পাইছিলো যে সেই সময়ত মই আচলতে প্ৰচন্ড উত্তেজিত হ’ব লাগিছিল, কাৰণ, মই যে ডাইন’ছৰৰ কঙ্কাল আৱিষ্কাৰ কৰি পেলালো!’
নাথানৰ বয়স যেতিয়া মাত্ৰ ৬ বছৰ, তেতিয়াৰে পৰাই তেওঁৰ ডাইন’ছৰৰ প্ৰতি দুৰ্বাৰ আগ্ৰহৰ সৃষ্টি হয়। সেই কাৰণেই মাজে সময়ে দেউতাকৰ সৈতে দক্ষিণ- পূৱ অ্যালবাৰ্টান বেডলেন্ডলৈ ভ্ৰমণ কৰিবলৈ যায়। বিস্তীৰ্ণ সেই অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ কৰ্তৃত্ব চৰকাৰৰ দ্বাৰা সংৰক্ষিত। নাথানহঁতৰ বাসগৃহ কানাডাৰ ক্যালগাৰিত।
প্ৰকৃততে এই ঘটনাৰ সূত্ৰপাত যোৱা বছৰত হয়। যোৱা বছৰত দেউতাকৰ সৈতে দক্ষিণ অ্যালবাৰ্টালৈ গৈ ডাইন’ছৰৰ ফচিলৰ টুকুৰা প্ৰত্যক্ষ কৰিছিল তেওঁ। তেতিয়াই ডিয়নে অনুমান কৰিছিল, সেই টুকুৰাবোৰ ওপৰৰ শিলৰ খাঁজে খাঁজে আৱদ্ধ হৈ আছে। কেৱল সেই ফচিলৰ টুকুৰাৰ সন্ধানত পুনৰ দেউতাকৰ সৈতে জুলাই মাহত অ্যালবাৰ্টালৈ যায় নাথান। ইমান বিশাল ৰুক্ষ পাহাৰীয়া অঞ্চলত সঠিক স্থান নিৰূপণ কৰিবলৈ অসুবিধা হ’লেও কিশোৰ নাথানে পিছে সঠিকভাৱে চিনিবলৈ সক্ষম হয়। সেই নিৰ্দিষ্ট স্থানত উপস্থিত হৈ নাথানে দেখে, শিলৰ পাহাৰৰ একাষত হাড়বোৰৰ ভালেখিনি বাহিৰলৈ ওলাই আছে। সেই মূহুৰ্তত দেউতাক কিছু আতৰত আছিল। তেওঁ দেউতাকক চিঞৰি চিঞৰি মাতে। দেউতাক আহি পোৱাৰ পিছত দেউতাকক চাবলৈ কয়।
ডিয়ন হাৰ্শ্বকিনে সংবাদ মাধ্যমক জনায়, নাথানে যেতিয়া তেওঁক চিঞৰি মাতিছিল আৰু তেওঁ সেই স্থানত উপস্থিত হোৱাৰ পিছত নাথানে তেওঁক দেখুৱাইছিল – তেতিয়া তেওঁৰ ভাব হৈছিল যে সেই হাড়বোৰ শিলেৰে তৈয়াৰী, যদিও দেখিবলৈ হাড়ৰ নিচিনা। ওচৰ চাপি লাৰি – চাৰি গম পালো যে মোৰ পুত্ৰৰ অনুমান সত্য। সেয়া কোনো বিলুপ্ত প্ৰাণীৰ ফচিল।
নাথানে ইয়াকো জানিছিল যে সেই ফচিল কানাডাৰ চৰকাৰৰ দ্বাৰা সংৰক্ষিত। অৰ্থাৎ সেই ফচিল উদ্ধাৰ কৰিবলৈ হ’লেও চৰকাৰৰ অনুমতি লাগিব। তেনে পটভূমিত ঘৰলৈ উভতি আহে নাথান। ৰয়েল টায়ৰৰেল মিউজিয়ামৰ ৱেবচাইট খোলে তেওঁ। ৱেবচাইটৰ কৰ্তৃপক্ষই তেওঁক জনায়, যি কঙ্কাল নাথানে দেখিছে, সেই কঙ্কালৰ ছৱি তুলিব লাগিব আৰু সেই অঞ্চলৰ গ্লোবেল পজিশ্বনিং চিষ্টেম( জি.পি.এছ.) পঠিয়াই দিব লাগিব।
অ্যালবাৰ্টান বেডলেন্ডক ‘ফচিলৰ ৰাজ্য’ বুলি কোৱা হয়। বিগত ১৮ শতিকাত প্ৰথমবাৰৰ বাবে অ্যালবাৰ্টোচোৰাছ নামৰ এক ডাইন’ছৰাছৰ কঙ্কাল পোৱা গৈছিল সেই অঞ্চলত। কিন্তু নাথানে যি স্থানৰ বিষয়ে মিউজিয়াম কৰ্তৃপক্ষক উল্লেখ কৰিছিল, সেই অঞ্চলত ফচিল আছে বুলি ইতিপূৰ্বে কোনেও শুনা নাছিল। সেইবাবে নাথান আৰু তেওঁৰ দেউতাকৰ কথাত সম্পূৰ্ণ ভৰসা কৰিব নোৱাৰি সেই কঙ্কাল উদ্ধাৰ কৰিবলৈ মিউজিয়াম কৰ্তৃপক্ষই বিশেষজ্ঞৰ দল প্ৰেৰণ কৰে। তেওঁলোকে খনন আৰম্ভ কৰে। শিলৰ পাহাৰৰ গিৰিখাদৰ প্ৰাচীৰৰ পৰা এইপৰ্যন্ত ৩০ অৰ পৰা ৫০ ডোখৰ ডাঙৰ ডাঙৰ হাড় উলিয়াবলৈ তেওঁলোক সক্ষম হৈছে। বিশেষজ্ঞসকলে জনাইছে, সেই হাড়বোৰ সৰু হ্যাড্ৰোচোৰাছৰ হাড় আৰু আনুমানিক বয়স ৬ কোটি ৯০ লাখ বছৰ!
এক বিবৃতিৰ জৰিয়তে মিউজিয়ামৰ ইকোলজি কিউৰেটৰ নিকোলাচ স্টেম-এ জনাইছে, এই হ্যাড্ৰোচোৰাছৰ হখড় আৱিষ্কাৰ অতিশয় গুৰুত্বপূৰ্ণ। কাৰণ, ডাইন’ছৰৰ মাজত তেনে প্ৰজাতি আছিল বিৰল। ফলস্বৰূপে অ্যালবাৰ্টাত আগতে কেনে ধৰণৰ ডাইন’ছৰ বাস কৰিছিল আমি এতিয়ালৈও ভালকৈ ধাৰণা কৰিব পৰা নাছিলো। নাথান আৰু তেওঁৰ দেউতাকৰ এনে আৱিষ্কাৰে ডাইন’ছৰৰ বিৱৰ্তন সম্পৰ্কে আমাক নজনা কথা জানিবলৈ সুযোগ দিব।
07-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.