• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, June 24, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

ডালমাচিয়ান কুকুৰ

Poem

by Rezaul Karim
November 28, 2024
in Poetry, Poetry
Reading Time: 4 mins read
0
ডালমাচিয়ান কুকুৰ
Share on FacebookShare on TwitterShare on LinkedIn

ডালমাচিয়ান কুকুৰ

ৰেজাউল কৰিম

Rezaul
ৰেজাউল কৰিম

মানুহ ভাল পোৱা মই মানুহজন

এদিন হঠাত কুকুৰ হৈ গ’লোঁ।
দীঘল নোম, চোকা দাঁত আৰু বেঁকা নখবোৰ প্ৰকট হ’ল।
মোৰ ঘ্ৰাণশক্তি বৃদ্ধি পালে।
চাৰিওপিনে কুকুৰৰ গাৰ গোন্ধ পালোঁ।
পদুলি মুখত আহি নঙলাখনত প্ৰস্ৰাৱ কৰি সীমাৰেখা আঁকিলোঁ।

দুটা সৰু কুকুৰ পোৱালী মোৰ পিনে আগুৱাই আহিল।

সিঁহতে এতিয়াও কুকুৰতকৈ মানুহৰ সংগ বেছি ভাল পায়।

RelatedPosts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

June 19, 2025
We love life as much as we can

We love life as much as we can

April 30, 2025
নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

April 27, 2025

মাকজনীও চোঁচা এটা লৈ মোৰ পিনে আগবাঢ়ি আহিল।

কুকুৰে হেনো দেও, ভূত, পিশাচ, জন্ম, মৃত্যু আদিৰ উমান পায়।

অলপ দূৰ আহিয়েই তাই মোলৈ চাই ৰৈ দিলে।

লাজত নে মৰমত তাই লেতু সেতু হৈ মোৰ ভৰিৰ কাষতে শুই দিলে।

তাই চাগে মোক চিনি পাইছেই।

মোৰ ভোক লাগিছিল।

সিহঁতৰ লগত ময়ো ডাষ্টবিনত খাদ্য বিচাৰিলোঁ।

ডালমাচিয়ান কুকুৰ

গোলামী আৰু পৰাধীনতাৰ ইতিহাসেৰে

গৰিমামণ্ডিত মানুহে ডাষ্টবিনটো সজাই থৈছিল।

আমি ভোকাতুৰ পেটেৰেই উভতিলোঁ।

অকল বাটৰ কুকুৰেই ভোকাতুৰ নহয়।

এবাৰ এজাক কুকুৰ বাটেৰে গৈ থকা দেখিলোঁ।

কুকুৰবোৰ দেখিবলৈ বেলেগ বেলেগ।

জাত বেলেগ।

ডিঙিত ধুনীয়া ধুনীয়া বেল্ট।

মোৰ ভয় লাগিছিল।

কিজানিবা কামোৰেই।

বেলেগ জাতৰ কুকুৰক ইহঁতে বেয়া নেপায়।

ডিঙিত বেল্ট পিন্ধি

কুকুৰত্ব হেৰুৱাই মনুষ্যত্ব গ্ৰহণ কৰিব খোজা

ইহঁত স্বাধীনতা হেৰোৱা আভিজাত শ্ৰেণীৰ কুকুৰ ।

ইহঁতৰ প্ৰতি পুতৌহে ওপজে।

ইহঁত মালিক নিৰ্ভৰ হিতাধিকাৰী।

ইতিমধ্যে এটা মতা কুকুৰ আহি

নঙলা মুখত শুঙিবলৈ ধৰিলে।

তাৰো আছে এটা স্বাভিমান।

তাৰো আছে এটা নিদিষ্ট সীমা।

বিনা যুদ্ধে বশ্যতা স্বীকাৰ কৰাটো তাৰ তেজত নাই।

সি মোক প্ৰত্যাহ্বান জনাই পুনৰ নঙলাখনত প্ৰস্ৰাৱ কৰিলে।

মই তাক মনৰ ভিতৰতে এটা চেল্যুট জনালোঁ।

ডালমাচিয়ান কুকুৰ

মোৰ ফুটুকা চোলাটো সিদিনা

ডালমাচিয়ানৰ ৰূপ লৈছিল।

কাষেৰে পাৰ হৈ যোৱা ছোৱালী এজনীয়ে

মোক ঘুৰি ঘুৰি চাইছিল।

ঘৰলৈ উভতি যাবলৈ মোৰ মন নাছিল।

ডিঙিটোত এটা সুৰসুৰণি অনুভৱ কৰিছিলোঁ।

মোৰ ডিঙিটোতো আছে এডাল বেল্ট।

প্ৰচাৰ আৰু সামাজিক মাধ্যমৰ যোগেদি

ডাঙৰ  মানুহে পিন্ধাই দিয়া।

ঘৃণাৰ বেল্ট।

হঠাত ঘৰৰ পৰা মতা শুনিলোঁ।

ক’তনো গৈছে মৰিবলৈ।

কুকুৰৰ দৰে অলৌ তলৌকৈ ঘুৰি ফুৰিলেই হয় নে ?

মই লাহে লাহে এটা মানুহৰ ৰূপ লৈ ঘৰ সোমালোঁ।

টিভিটোত তেতিয়া কোনোবাই কুকুৰৰ দৰে ভুকি আছিল।

এনেতে ঘৰৰ কলিং বেলটো বাজি উঠিল।

দুৱাৰ মুখত ধুনীয়া ছোৱালীজনী থিয় হৈ আছিল।

তাই বিনম্ৰভাৱে সুধিলে, আপোনালোকৰ ঘৰত

এটা ডালমাচিয়ান আছে নেকি ?

আমাৰ জনীৰ সৈতে মেটিং কৰাব খুজিছিলোঁ।

যদি বেয়া নাপায় ……

মই তেতিয়াও ফুটুকা চোলাটো পিন্ধি আছিলোঁ।

dalmatian3

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Rezaul Karim

Rezaul Karim

Related Posts

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত
Poetry

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

by Editor
June 19, 2025
0

বিষ্ণু ৰাভা,আজি জালিকটা ৰ’দ তোমাৰ ছবিত বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত বিষ্ণু ৰাভা, মাটিৰে সাজি...

Read moreDetails
We love life as much as we can

We love life as much as we can

April 30, 2025
নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

April 27, 2025
photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

January 5, 2025
body of water during golden hour

SUNSHINE

December 30, 2024
smile of the soul

শেষ হাঁহি !

December 10, 2024
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Israel Strikes on Iran!

Israel-Iran Conflict Escalates: Missile Strikes, Airspace Closures, and Diplomatic Fallout

June 24, 2025
mans face in close up

অনুকম্পা

June 24, 2025
shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

Global Tensions Escalate Amid U.S. Strikes on Iran: A Call for Peace over War

June 23, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12418 shares
    Share 4967 Tweet 3104
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1433 shares
    Share 573 Tweet 358
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2877 shares
    Share 1151 Tweet 719
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7261 shares
    Share 2904 Tweet 1815
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5569 shares
    Share 2228 Tweet 1392
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    183 shares
    Share 73 Tweet 46
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3081 shares
    Share 1232 Tweet 770
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2164 shares
    Share 866 Tweet 541
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    984 shares
    Share 394 Tweet 246
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d