• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

ডালমাচিয়ান কুকুৰ

Poem

by Rezaul Karim
November 28, 2024
in Poetry, Poetry
Reading Time: 4 mins read
0
ডালমাচিয়ান কুকুৰ
Share on FacebookShare on TwitterShare on LinkedIn

ডালমাচিয়ান কুকুৰ

ৰেজাউল কৰিম

Rezaul
ৰেজাউল কৰিম

মানুহ ভাল পোৱা মই মানুহজন

এদিন হঠাত কুকুৰ হৈ গ’লোঁ।
দীঘল নোম, চোকা দাঁত আৰু বেঁকা নখবোৰ প্ৰকট হ’ল।
মোৰ ঘ্ৰাণশক্তি বৃদ্ধি পালে।
চাৰিওপিনে কুকুৰৰ গাৰ গোন্ধ পালোঁ।
পদুলি মুখত আহি নঙলাখনত প্ৰস্ৰাৱ কৰি সীমাৰেখা আঁকিলোঁ।

দুটা সৰু কুকুৰ পোৱালী মোৰ পিনে আগুৱাই আহিল।

সিঁহতে এতিয়াও কুকুৰতকৈ মানুহৰ সংগ বেছি ভাল পায়।

মাকজনীও চোঁচা এটা লৈ মোৰ পিনে আগবাঢ়ি আহিল।

কুকুৰে হেনো দেও, ভূত, পিশাচ, জন্ম, মৃত্যু আদিৰ উমান পায়।

অলপ দূৰ আহিয়েই তাই মোলৈ চাই ৰৈ দিলে।

লাজত নে মৰমত তাই লেতু সেতু হৈ মোৰ ভৰিৰ কাষতে শুই দিলে।

তাই চাগে মোক চিনি পাইছেই।

মোৰ ভোক লাগিছিল।

সিহঁতৰ লগত ময়ো ডাষ্টবিনত খাদ্য বিচাৰিলোঁ।

ডালমাচিয়ান কুকুৰ

গোলামী আৰু পৰাধীনতাৰ ইতিহাসেৰে

গৰিমামণ্ডিত মানুহে ডাষ্টবিনটো সজাই থৈছিল।

আমি ভোকাতুৰ পেটেৰেই উভতিলোঁ।

অকল বাটৰ কুকুৰেই ভোকাতুৰ নহয়।

এবাৰ এজাক কুকুৰ বাটেৰে গৈ থকা দেখিলোঁ।

কুকুৰবোৰ দেখিবলৈ বেলেগ বেলেগ।

জাত বেলেগ।

ডিঙিত ধুনীয়া ধুনীয়া বেল্ট।

মোৰ ভয় লাগিছিল।

কিজানিবা কামোৰেই।

বেলেগ জাতৰ কুকুৰক ইহঁতে বেয়া নেপায়।

ডিঙিত বেল্ট পিন্ধি

কুকুৰত্ব হেৰুৱাই মনুষ্যত্ব গ্ৰহণ কৰিব খোজা

ইহঁত স্বাধীনতা হেৰোৱা আভিজাত শ্ৰেণীৰ কুকুৰ ।

ইহঁতৰ প্ৰতি পুতৌহে ওপজে।

ইহঁত মালিক নিৰ্ভৰ হিতাধিকাৰী।

ইতিমধ্যে এটা মতা কুকুৰ আহি

নঙলা মুখত শুঙিবলৈ ধৰিলে।

তাৰো আছে এটা স্বাভিমান।

তাৰো আছে এটা নিদিষ্ট সীমা।

বিনা যুদ্ধে বশ্যতা স্বীকাৰ কৰাটো তাৰ তেজত নাই।

সি মোক প্ৰত্যাহ্বান জনাই পুনৰ নঙলাখনত প্ৰস্ৰাৱ কৰিলে।

মই তাক মনৰ ভিতৰতে এটা চেল্যুট জনালোঁ।

ডালমাচিয়ান কুকুৰ

মোৰ ফুটুকা চোলাটো সিদিনা

ডালমাচিয়ানৰ ৰূপ লৈছিল।

কাষেৰে পাৰ হৈ যোৱা ছোৱালী এজনীয়ে

মোক ঘুৰি ঘুৰি চাইছিল।

ঘৰলৈ উভতি যাবলৈ মোৰ মন নাছিল।

ডিঙিটোত এটা সুৰসুৰণি অনুভৱ কৰিছিলোঁ।

মোৰ ডিঙিটোতো আছে এডাল বেল্ট।

প্ৰচাৰ আৰু সামাজিক মাধ্যমৰ যোগেদি

ডাঙৰ  মানুহে পিন্ধাই দিয়া।

ঘৃণাৰ বেল্ট।

হঠাত ঘৰৰ পৰা মতা শুনিলোঁ।

ক’তনো গৈছে মৰিবলৈ।

কুকুৰৰ দৰে অলৌ তলৌকৈ ঘুৰি ফুৰিলেই হয় নে ?

মই লাহে লাহে এটা মানুহৰ ৰূপ লৈ ঘৰ সোমালোঁ।

টিভিটোত তেতিয়া কোনোবাই কুকুৰৰ দৰে ভুকি আছিল।

এনেতে ঘৰৰ কলিং বেলটো বাজি উঠিল।

দুৱাৰ মুখত ধুনীয়া ছোৱালীজনী থিয় হৈ আছিল।

তাই বিনম্ৰভাৱে সুধিলে, আপোনালোকৰ ঘৰত

এটা ডালমাচিয়ান আছে নেকি ?

আমাৰ জনীৰ সৈতে মেটিং কৰাব খুজিছিলোঁ।

যদি বেয়া নাপায় ……

মই তেতিয়াও ফুটুকা চোলাটো পিন্ধি আছিলোঁ।

dalmatian3

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Rezaul Karim

Rezaul Karim

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
লাচিত ফুকন! লাচিত ফুকন!

লাচিত ফুকন! লাচিত ফুকন!

March 15, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d