-ডা. মুকুল শৰ্মা |
পৃথিৱীৰ বৃহৎ সংখ্যক লোক ডায়েবেটিজ ৰোগৰ দ্বাৰা আক্ৰান্ত আৰু এনে ৰোগীক ঔষধৰ লগতে কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত সেই কথাখিনি জনোৱাটো প্ৰত্যেক জন চিকিৎসকৰ কৰ্তব্য। কাৰণ কোনো কোনো ক্ষেত্ৰত দেখা যায় যে ৰোগীয়ে কেইমাহমান ঔষধ সেৱন কৰাৰ পিছত কেবল মাত্ৰ উচিত খাদ্যাভাষ, জীৱনশৈলী আৰু ব্যায়াম বা যোগানৰ অভ্যাসৰ জড়িয়তে এটি ডায়েবেটিজ নিয়ন্ত্ৰিত জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে ডায়েবেটিজ ৰোগীৰ বাবে পথ্যাপথ্য ব্যায়াম তথা যোগাসনৰ গুৰুত্ব অপৰিসীম। ডায়েবেটিজ ৰোগীক বা যিসকল লোকৰ ডায়েবেটিজ হোৱাৰ সম্ভাৱনা থাকে তেনে লোকক সাধাৰণতে খাদ্যবস্তু সেৱনৰ ক্ষেত্ৰত কম glycemic index যুক্ত খাদ্য সেৱনৰ পৰামৰ্শ দিয়া হয়।
ডায়েবেটিজ ৰোগীৰ যথাযথ খাদ্যৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব glycemic index কি বস্তু?
কোনো খাদ্য পদাৰ্থ পাচন হোৱাৰ পিছত সেই খাদ্যবস্তুৰ পৰা যিমান কম সময়ৰ ভিতৰত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় সেই ক্ষমতাটোকেই সেই পদাৰ্থটোৰ glycemic index বুলি কোৱা হয়। সাধাৰণতে যিবিলাক খাদ্যবস্তু সোনকালে হজম হয় আৰু তেজত শৰ্কৰাৰ মাত্ৰা সোনকালে বৃদ্ধি পায় সেই খাদ্যবস্তুৰ glycemic index বেছি হয়। আনহাতে যিবিলাক খাদ্য দেৰিকৈ হজম হয় আৰু তেজত শৰ্কৰা লাহে লাহে নিৰ্গত হয় সেই খাদ্যবস্তুৰ glycemic index কম হয়। গৱেষণাৰ পৰা প্ৰতিষ্ঠিত হৈছে যে যিবিলাক খাদ্যবস্তুৰ glycemic index ৭০ বা তাতকৈ অধিক তেনে খাদ্যবস্তু ডায়েবেটিজ যুক্ত লোকে সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত। ৫৬ ৰ পৰা ৬৯ glycemic index যুক্ত খাদ্যপদাৰ্থ মাজে সময়ে খাব পাৰে। আনহাতে ৫৫ বা তাতকৈ কম glycemic index যুক্ত খাদ্যপদাৰ্থ সদায় সেৱন কৰিব পাৰে। তলত আমি সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান খাদ্যবস্তুৰ glycemic index জনোৱা হ’ল – – –
#প্ৰথমে আমি খোৱা মূখ্য খাদ্যবস্তু কিছুমানৰ glycemic index আগবঢ়োৱা হ’ল – – –
খাদ্যবস্তু GI
____________ ______
*আটাৰ পাউৰুটি ৭৪
*ৰুটী ৬২
*চাপাতি ৫২
*আঢ়ৈ চাউলৰ ভাত ৭৩
*ব্ৰাউন ৰাইচ ৬৮
*বাচমতি চাউলৰ ভাত ৫৭
*বাৰ্লি ২৮
*কৰ্ণফ্লেকচ্ ৮১
*ওটচ্ ৭৯
*মচুৰ দাইল ২৬
*মূগ দাইল ২৬
*পায়স ৭৮
#কিছুমান ফলমূল আৰু শাক পাচলিৰ glycemic index
খাদ্যৰ নাম GI
*আপেল ৩৬
*কমলা ৪৩
*কল ৫১
*আনাৰস ৫৯
*তৰমূজ ৭৬
*খেঁজুৰ ৪২
*আপেলৰ ৰস ৪১
*কমলাৰ ৰস ৫০
*বাদাম ১৮
*নাচপতি ৩৮
*আঙুৰ ৪৬
*ষ্ট্ৰবেৰি ৪০
*কাজু ২৫
*আম ৫৫
*খিচমিচ ৬৬
*ক’লা জাম ২৫
*চেৰি ২০
*মধুৰিআম ৩২
*আহোম বগৰী(plum) ৪০
*নৰা বগৰী ৪২
*সিঁজোৱা আলু ৭৮
*আলু পিটিকা ৮৭
*সিঁজোৱা গাজৰ ৩৯
*সিঁজোৱা ৰঙালাও ৬৪
*ৰাজমাহ ২৪
*ফুলকবি ১৫
*তিঁয়হ ১৫
*বীট ৬৪
*সিজোৱা মটৰমাহ ৩৫
*ব্ৰুকলি ১০
*বেঙেনা ১৫
*পালেং ১৫
*বিলাহী ১৫
*পচলা ৫৫
*সিজোৱা কচু ৫৩
*বীন ১৫
*নেমু ২০
* পকা অমিতা ৬০
#গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী
খাদ্য সামগ্ৰীৰ Glycemic index :-
খাদ্যৰ নাম Glycemic index
*সৰ নুগুছোৱা গাখীৰ ৩৯
*সৰ গুছোৱা গাখীৰ ৩৭
*দৈৰ ঘোল (yogurt) ৪১
*ছয়াবীজৰ গাখীৰ ৩৪
#কিছুমান জাংকফুদৰ Glycemic index
খাদ্যৰ নাম GI
*ফ্ৰেন্স ফ্ৰাইচ্ ৬৩
*পিজ্জা ৭০
*চকলেট ৪০
*পপকৰ্ণ ৬৫
*আলুৰ চিপচ্ ৫৬
*বাৰ্জাৰ ৬৬
*আইচক্ৰীম ৬১
*ছদা পানী ৫৯
মন কৰিবলগীয়া যে মাংস, মাছ, কণী, পনীৰ ইত্যাদিত নগন্য পৰিমাণে বা একেবাৰে কাৰ্বহাইড্ৰেট নাথাকে বাবে এইবোৰৰ glycemic index ৰ উল্লেখ কৰা হোৱা নাই। কিন্তু মাংস, কুহুমযুক্ত কণী, পনীৰ ইত্যাদিত থকা কলেষ্টেৰলৰ পৰা হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে আৰু ডায়েবেটিছযুক্ত লোকৰ এনেই হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে এনে ৰোগীক মাংস, কুহুমযুক্ত কণী, পনীৰ ইত্যাদি খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়। আনহাতে জাংকফুদ, ফাষ্টফুড থকা ট্ৰেনচ্ ফেট, অত্যধিক ছডিয়াম ইত্যাদি শৰীৰৰ বাবে অত্যন্ত অপকাৰী।
ওপৰত কিছুমান খাদ্যবস্তুৰ Glycemic index উল্লেখ কৰা হ’ল ।অৱশ্যে মানুহ অনুযায়ী glycemic index দুই চাৰি পইণ্ট ইফাল সিফাল হব পাৰে। গতিকে সাধাৰণ অৱস্থাত এজন ডায়েবেটিজ যুক্ত লোকে কি কি খাদ্য খোৱা উচিত বা অনুচিত ওপৰৰ তালিকাৰ পৰা জানিব পৰা যায়। কিন্তু চিকিৎসকৰ অনুমতি লৈহে খাদ্যবস্তু সমূহ সেৱন কৰা উচিত। ইয়াৰ উপৰিও দিবাশয়ন, ধূম্ৰপাণ, মদ্যপান, নতুন চাউলৰ ভাত, আৰামপ্ৰিয় জীৱনশৈলী, অধিক সময়ৰ বাবে মল মূত্ৰৰ বেগ ধাৰণ, অনিয়মিত খাদ্যাভাস আৰু টোপনিৰ অভ্যাস ইত্যাদি ডায়েবেটিজ যুক্ত লোকৰ বাবে অপথ্য হয়। আনহাতে ওপৰৰ তালিকাত উল্লেখ নথকা জিকা, আমলখি, মেথি গুটি, পানীলাও, হালধী, আলমণ্ড, তিতা কেৰেলা, ভাত কেৰেলা, ডালিয়া, বন্ধা কবি, ভেণ্ডি, অমেগা ৩ ফেটি এচিড যুক্ত মাছ, কণীৰ বগা অংশ ইত্যাদি ডায়েবেটিজ যুক্ত ৰোগীয়ে সেৱন কৰিব পাৰে।
## ডায়েবেটিজ যুক্ত লোকৰ বাবে যোগাসন —
_________________________
ডায়েবেটিজ যুক্ত লোকৰ বাবে সবাতোকৈ উপযুক্ত ব্যায়াম হ’ল খুব বেগাই খোজ কঢ়া (প্ৰায় আধা ঘন্টামান)। অৱশ্যে ইয়াৰ লগতে আৰু কিছুমান ব্যায়াম বা যোগাসন কৰিব পাৰিলে আৰু ফলপ্ৰসু ফলাফল পোৱা যায়। ডায়েবেটিজ যুক্ত লোকে কি কি যোগাসন কৰিব পাৰে তাৰে কিছুমান আসনৰ নাম তলত উল্লেখ কৰা হ’ল। অৱশ্যে এই আসন বা প্ৰাণায়াম সমূহ এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত শৰীৰৰ ক্ষমতা অনুযায়ী কৰা উচিত। যেনে- ধনুৰাসন, অৰ্ধমৎসেন্দ্ৰিয়াসন, বজ্ৰাসন, যোগমুদ্ৰা, পবনমুক্তাসন, সৰ্বাংসন, হলাসন, মৎসাসন, পশ্চিমোত্তানাসন, পাদাংগুস্থাসন, ভূজংগাসন, সুপ্তবজ্ৰাসন, চক্ৰাসন, সলভাসন, অনুলোম বিলোম প্ৰাণায়ম, অগ্নিসাৰ ইত্যাদি।