• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ডিঙিৰ বিষ – কাৰণ আৰু প্ৰতিকাৰ

ডাঃ মেদিনী বৰ্মন

by Admin
December 19, 2022
in Health, Lifestyle
Reading Time: 3 mins read
0
ডিঙিৰ বিষ – কাৰণ আৰু প্ৰতিকাৰ
Share on FacebookShare on TwitterShare on LinkedIn

ডিঙিৰ বিষ

ডাঃ মেদিনী বৰ্মন

(Cervical spondylitis/spondylosis)

RelatedPosts

Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023

কৰ্মব্যস্ত জীৱনত আমি সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ভিতৰত এটা অন্যতম পৰিচিত সমস্যা তথা ৰোগ হৈছে ডিঙি বা গলধনৰ বিষ, অৰ্থাৎ Cervical Cervical spondylitis বা spondylosis।

আমাৰ প্ৰতিজনেই এদিন নহয় এদিন এই ৰোগত নিশ্চয় ভুগিছে।

আমাৰ ৰাজহাড় (Vertebral Column)ডাল সৰ্বমুঠ ৩৩ টুকুৰা হাড়ৰ সমষ্টি, যিডাল লাওখোলাটোৰ ঠিক তলৰপৰা কঁকালৰ নিম্নাংশলৈ বিস্তৃত।

ৰাজহাড়ডাল এডাল স্প্ৰিঙৰ লেখীয়া যিডালে আমাক আগফালে, পিছফালে অথবা কাষলৈ হলা-মেলাত সহায় কৰে।

এই ৩৩ টুকুৰা হাড় বা কশেৰুকা (Vertebra)ৰ ভিতৰত ৭ টুকুৰা হাড়েৰে আমাৰ ডিঙিটো গঠিত, যি টুকুৰাকেইটিক Cervical spine বা Vertebra বোলা হয়।

এইবোৰক ক্ৰমে C1,C2,C3,C4,C5,C6,C7 নামেৰে জনা যায় আৰু প্ৰতিডাল হাড়ে একোযোৰকৈ স্নায়ু (Cervical nerve) বহন কৰে।

এই হাড়বোৰ এডালৰ ওপৰত আন এডাল শৃংখলাবদ্ধভাৱে সজ্জিত হৈ থাকে। হাড়বোৰৰ প্ৰত্যেক দুডালৰ মাজত একোখনকৈ সোপোকা স্হিতিস্হাপক গুণসম্পন্ন পদাৰ্থৰে নিৰ্মিত ডিস্ক বা প্লেট থাকে, যাক Intervertebral Disk বোলা হয়।

Cervical Spondilitis/spondylosis ৰোগত এই ডিস্কবোৰৰ স্হানচ্যুতি (Displacement, disc prolapse, IVDP) অথবা দুই হাড়ৰ মাজৰ ঠাইখিনিৰ হ্ৰাস (Reduced inter-vertebral disk space), বয়স সম্বন্ধীয় অস্হিক্ষয় আদিৰ ফলত স্নায়ুবোৰৰ ওপৰত চাপৰ সৃষ্টি হয়।

spondylosis

লক্ষণ
অধিকাংশৰ ক্ষেত্ৰতে ডিঙিৰ পিছফালে বিষ, ডিঙি ঘূৰাব নোৱৰা অৱস্হা হয়, লগতে নিম্নলিখিত লক্ষণবোৰো দেখা যায়—


১) মূৰ ঘূৰণি, বমি ভাব

২) ডিঙি অথবা গলধনৰ অতিপাত বিষ। কেতিয়াবা ডিঙিৰ বিষ নাথাকে; তাৰ পৰিৱৰ্তে কান্ধত, বুকুত, বাহুৰ অংশ বিশেষত অথবা হাতৰ কোনোবা বিশেষ আঙুলিত বিষ, জিনজিননি হ’ব পাৰে, যিটোক Referred pain  বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি C7 স্নায়ুডাল চেপা খায় তেতিয়া তৰ্জনী অথবা বুঢ়া আঙুলিত বিষ বা জিনজিননি অনুভূত হয়। বহুসময়ত বহু চিকিত্সকে এই লক্ষণবোৰকে হৃদৰোগ হিচাপে চিকিত্সা কৰা পৰিলক্ষিত হয়।


(৩) ওপৰলৈ হাত দাঙিব নোৱৰা তথা মহিলাৰ ক্ষেত্রত খোপা বন্ধা বা মূৰ ফণিৱাওঁতে অসুবিধা হয়।

ৰোগৰ কাৰণ (চমুকৈ)

১) দুৰ্ঘটনাজনিত কাৰণত ডিঙিত আঘাত পালে

২) সামর্থৰ বাহিৰত গধুৰ বস্ত দঙা-মেলা কৰিলে

৩) অত্যধিক সময় কম্পিউটাৰ, লেপটপ ব্যৱহাৰ কৰিলে

৪) টোপনিৰ সময়ত অৱস্হানৰ বিসংগতি

৫) বয়সজনিত  অস্হিক্ষয় ইত্যাদি

spondylosis 2

পৰীক্ষা-নিৰীক্ষা
সাধাৰণতে কৰা পৰীক্ষাসমূহ হ’ল—

(১) ডিঙিৰ কশেৰুকাৰ এক্স-ৰে (X-Ray cervical spine)

(২) এম আৰ আই (MRI cervical spine)

সাৱধানতা
ডিঙিৰ বিষত আক্ৰান্ত ব্যক্তিয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ যান-বাহনত দূৰ ভ্ৰমণ, গধুৰ বস্তু দঙা-মেলা কামৰপৰা বিৰত থাকিব লাগে। ৰাতি শোওঁতে গাৰু ব্যৱহাৰ নকৰাই মংগল; অথবা প্ৰয়োজন হ’লে যৎসামান্য ওখ গাৰু ল’ব পাৰে। ডিঙিৰ লৰচৰ প্ৰতিৰোধ কৰাৰ বাবে Cervical belt ব্যৱহাৰ কৰা উচিত। মূৰত গধুৰ বোজা লোৱা, শীৰ্ষাসন কৰা অনুচিত।

সুচাৰুৰূপে চিকিত্সা নকৰিলে ইয়াৰ ফলত সম্পূৰ্ণৰূপে ডিঙি ঘূৰাব নোৱৰা, হাত দাঙিব নোৱৰা, নিদ্ৰাহীনতা. অনিয়ন্ত্রিত মূৰ ঘুৰণি আদি বিভিন্ন আনুষংগিক সমস্যাই দেখা দিব পাৰে।

চিকিত্সা
আধুনিক পদ্ধতিত বিভিন্ন ধৰণৰ বিষ নিৰাময়ক নিউৰো ভিটামিন দিয়া হয়, আৰু নিৰাময় নহ’লে অস্ত্ৰোপচাৰৰ বিধান আছে।

spondylosis1

আয়ুৰ্বেদ শাস্ত্ৰত চিকিত্সা

এইধৰণৰ ৰোগৰ চিকিত্সা আয়ুৰ্বেদিক পদ্ধতিত নিশ্চয়তাপূৰ্বক কৰিব পাৰি। আয়ুৰ্বেদিক চিকিত্সাত পঞ্চকৰ্ম (a specific treatment comprising 5 different processes) আৰু বিশেষ ঔষধিৰ সহায়ত চিকিত্সা কৰা হয়।

পঞ্চকৰ্মৰ ভিতৰত গ্ৰীৱাবস্তি, নাড়ীস্বেদ, বস্তিক্ৰিয়া আদি দিয়া হয়। যৌগিক ঔষধিৰ ভিতৰত Kaishore guggulu, Yogendra Ras, Mahavatvidhansa Ras, Trayodasanga guggulu, Lakshadi guggulu, Mahayograj guggulu, Maharasnadi kwath, Rumalaya Forte Tablet ইত্যাদি (আৰু বহুতো আছে) আৰু একক ঔষধিৰ ভিতৰত Shallaki Tablet, Shigru Tablet, Ashvagandha, Suddha Guggulu আদিৰ প্ৰয়োগৰ উপৰি বাহ্যিকভাৱে Mahanarayan oil, Mahavisagarbha oil, Rumalaya oil, Ruma oil  ইত্যাদি তেলজাতীয় ঔষধিৰ প্ৰয়োগ কৰা হয়।

ডিঙিৰ বিষত ব্যায়াম

ডিঙিৰ বিষত এটা অত্যন্ত লাভদায়ক ব্যায়াম হৈছে স্হানিক কচৰৎ বা Static neck exercise।

পদ্ধতি
কাঠৰ চকী এখনত ৰাজহাড় পোনকৈ বহক (ড্ৰেছিং আইনাৰ সম্মুখত বহিব, যাতে অৱস্হানৰ বিসংগতি নহয়)। হাতদুখন দুই আঁঠুৰ ওপৰত ৰাখক। এতিয়া—

১) মূৰটো লাহে লাহে পিছলৈ হেলনীয়া কৰক। চাব যাতে ৰাজহাড় পোন হৈ থাকে। এনেদৰে যিমানলৈ ডিঙিত দুখ অনুভৱ নহয় সিমানলৈ হেলনীয়া কৰক। য’ত বিষ অনুভৱ কৰিছে ৰৈ যাব। এনেদৰে ১০ ৰপৰা ১৫ চেকেণ্ড ৰাখক। লাহে লাহে আগৰ অৱস্হানলৈ আহক।

২) এইবাৰ থুঁতৰিটো বুকুত লগাবলৈ চেষ্টা কৰক। বেছি জোৰ নিদিব। ১০-১৫ চেকেণ্ড ৰাখক।


৩) এইবাৰ এখন হাতৰ তলুৱাৰে মূৰৰ কাষত (কুমত) ৰাখক। হাত আৰু শৰীৰটো একে ৰেখাত থাকিব লাগিব। এতিয়া হাতেৰে মূৰটো আৰু মূৰেৰে হাতখন ঠেলক, সমান হেঁচা দিব। একেদৰে এইখন হাতেৰেও কৰক।


৪) হাতদুখন লগ লগাই মূৰৰ পিছফালে ৰাখি হাতেৰে মূৰটো আগফালে আৰু মূৰেৰে পিছফালে ঠেলক। সমান হেঁচা দিব।

এইদৰে কৰোতে প্ৰতিটো অৱস্হানতে ৰাজহাড় পোনকৈ ৰাখিব। দিনটোৰ ভিতৰত ৫-৬ বাৰ কৰক ৫০-৬০% আৰাম পাব। সামর্থ অনুযায়ী সময় বঢ়াই যাব।

yoga

যোগাসন
Cervical spondylitis ৰোগত নিম্নোল্লেখিত আসনসমূহ অতি লাভদায়ক (যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল’ব)

১) সূর্য প্ৰণাম

২) মৎস্যাসন

৩) ভুজংগাসন

৪) অৰ্ধ শলভাসন

৫) মকৰাসন

৬) মাৰ্জাৰাসন

*ডাঃ মেদিনী বৰ্মন, MO (Ayu)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ডিঙিৰ বিষ – কাৰণ আৰু প্ৰতিকাৰ
Admin

Admin

Related Posts

Korean Beauty Hydrating Sheet Mask !
Lifestyle

Korean Beauty Hydrating Sheet Mask !

by Admin
January 31, 2023
0

Korean Beauty Hydrating Sheet Mask AGRITA CHHIBBER Agrita Chhibber What is the main advantage of sheet masks? Hydration! Your skin...

Read more
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

January 27, 2023
woman sitting on wooden planks

Make Stress-Less Life Your Lifestyle

January 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: