• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ডিঙিৰ বিষ : কাৰণ আৰু প্ৰতিকাৰ

ডিঙিৰ বিষ

by Admin
April 12, 2022
in Health, Special Report
Reading Time: 3 mins read
0
ডিঙিৰ বিষ : কাৰণ আৰু প্ৰতিকাৰ
Share on FacebookShare on TwitterShare on LinkedIn

ডিঙিৰ বিষ

ডাঃ মেদিনী বৰ্মন

RelatedPosts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023

(Cervical spondylitis/spondylosis)

কৰ্মব্যস্ত জীৱনত আমি সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ভিতৰত এটা অন্যতম পৰিচিত সমস্যা তথা ৰোগ হৈছে ডিঙি বা গলধনৰ বিষ, অৰ্থাৎ Cervical Cervical spondylitis বা spondylosis। আমাৰ এই স্বাস্থ্য গোটত যিমান সদস্য আছে, তাৰ প্ৰতিজনেই এদিন নহয় এদিন এই ৰোগত নিশ্চয় ভুগিছে। আমাৰ ৰাজহাড় (Vertebral Column)ডাল সৰ্বমুঠ ৩৩ টুকুৰা হাড়ৰ সমষ্টি, যিডাল লাওখোলাটোৰ ঠিক তলৰপৰা কঁকালৰ নিম্নাংশলৈ বিস্তৃত। ৰাজহাড়ডাল এডাল স্প্ৰিঙৰ লেখীয়া যিডালে আমাক আগফালে, পিছফালে অথবা কাষলৈ হলা-মেলাত সহায় কৰে। এই ৩৩ টুকুৰা হাড় বা কশেৰুকা (Vertebra)ৰ ভিতৰত ৭ টুকুৰা হাড়েৰে আমাৰ ডিঙিটো গঠিত, যি টুকুৰাকেইটিক Cervical spine বা Vertebra বোলা হয়। এইবোৰক ক্ৰমে C1,C2,C3,C4,C5,C6,C7 নামেৰে জনা যায় আৰু প্ৰতিডাল হাড়ে একোযোৰকৈ স্নায়ু (Cervical nerve) বহন কৰে। এই হাড়বোৰ এডালৰ ওপৰত আন এডাল শৃংখলাবদ্ধভাৱে সজ্জিত হৈ থাকে। হাড়বোৰৰ প্ৰত্যেক দুডালৰ মাজত একোখনকৈ সোপোকা স্হিতিস্হাপক গুণসম্পন্ন পদাৰ্থৰে নিৰ্মিত ডিস্ক বা প্লেট থাকে, যাক Intervertebral Disk বোলা হয়। Cervical Spondilitis/spondylosis ৰোগত এই ডিস্কবোৰৰ স্হানচ্যুতি (Displacement, disc prolapse, IVDP) অথবা দুই হাড়ৰ মাজৰ ঠাইখিনিৰ হ্ৰাস (Reduced inter-vertebral disk space), বয়স সম্বন্ধীয় অস্হিক্ষয় আদিৰ ফলত স্নায়ুবোৰৰ ওপৰত চাপৰ সৃষ্টি হয়।

close up photo of a man having a neck pain
Photo by Kindel Media on Pexels.com

লক্ষণ
অধিকাংশৰ ক্ষেত্ৰতে ডিঙিৰ পিছফালে বিষ, ডিঙি ঘূৰাব নোৱৰা অৱস্হা হয়, লগতে নিম্নলিখিত লক্ষণবোৰো দেখা যায়—
১) মূৰ ঘূৰণি, বমি ভাব

২) ডিঙি অথবা গলধনৰ অতিপাত বিষ। কেতিয়াবা ডিঙিৰ বিষ নাথাকে; তাৰ পৰিৱৰ্তে কান্ধত, বুকুত, বাহুৰ অংশ বিশেষত অথবা হাতৰ কোনোবা বিশেষ আঙুলিত বিষ, জিনজিননি হ’ব পাৰে, যিটোক Referred pain  বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি C7 স্নায়ুডাল চেপা খায় তেতিয়া তৰ্জনী অথবা বুঢ়া আঙুলিত বিষ বা জিনজিননি অনুভূত হয়। বহুসময়ত বহু চিকিত্সকে এই লক্ষণবোৰকে হৃদৰোগ হিচাপে চিকিত্সা কৰা পৰিলক্ষিত হয়।
(৩) ওপৰলৈ হাত দাঙিব নোৱৰা তথা মহিলাৰ ক্ষেত্রত খোপা বন্ধা বা মূৰ ফণিৱাওঁতে অসুবিধা হয়।

ৰোগৰ কাৰণ (চমুকৈ)

১) দুৰ্ঘটনাজনিত কাৰণত ডিঙিত আঘাত পালে

২) সামর্থৰ বাহিৰত গধুৰ বস্ত দঙা-মেলা কৰিলে

৩) অত্যধিক সময় কম্পিউটাৰ, লেপটপ ব্যৱহাৰ কৰিলে

৪) টোপনিৰ সময়ত অৱস্হানৰ বিসংগতি

৫) বয়সজনিত  অস্হিক্ষয় ইত্যাদি

crop woman massaging sore neck and muscle stretching
Photo by Karolina Grabowska on Pexels.com

পৰীক্ষা-নিৰীক্ষা
সাধাৰণতে কৰা পৰীক্ষাসমূহ হ’ল—

(১) ডিঙিৰ কশেৰুকাৰ এক্স-ৰে (X-Ray cervical spine)

(২) এম আৰ আই (MRI cervical spine)

সাৱধানতা
ডিঙিৰ বিষত আক্ৰান্ত ব্যক্তিয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ যান-বাহনত দূৰ ভ্ৰমণ, গধুৰ বস্তু দঙা-মেলা কামৰপৰা বিৰত থাকিব লাগে। ৰাতি শোওঁতে গাৰু ব্যৱহাৰ নকৰাই মংগল; অথবা প্ৰয়োজন হ’লে যৎসামান্য ওখ গাৰু ল’ব পাৰে। ডিঙিৰ লৰচৰ প্ৰতিৰোধ কৰাৰ বাবে Cervical belt ব্যৱহাৰ কৰা উচিত। মূৰত গধুৰ বোজা লোৱা, শীৰ্ষাসন কৰা অনুচিত। সুচাৰুৰূপে চিকিত্সা নকৰিলে ইয়াৰ ফলত সম্পূৰ্ণৰূপে ডিঙি ঘূৰাব নোৱৰা, হাত দাঙিব নোৱৰা, নিদ্ৰাহীনতা. অনিয়ন্ত্রিত মূৰ ঘুৰণি আদি বিভিন্ন আনুষংগিক সমস্যাই দেখা দিব পাৰে।

চিকিত্সা
আধুনিক পদ্ধতিত বিভিন্ন ধৰণৰ বিষ নিৰাময়ক নিউৰো ভিটামিন দিয়া হয়, আৰু নিৰাময় নহ’লে অস্ত্ৰোপচাৰৰ বিধান আছে।

আয়ুৰ্বেদ শাস্ত্ৰত চিকিত্সা

এইধৰণৰ ৰোগৰ চিকিত্সা আয়ুৰ্বেদিক পদ্ধতিত নিশ্চয়তাপূৰ্বক কৰিব পাৰি। আয়ুৰ্বেদিক চিকিত্সাত পঞ্চকৰ্ম (a specific treatment comprising 5 different processes) আৰু বিশেষ ঔষধিৰ সহায়ত চিকিত্সা কৰা হয়। পঞ্চকৰ্মৰ ভিতৰত গ্ৰীৱাবস্তি, নাড়ীস্বেদ, বস্তিক্ৰিয়া আদি দিয়া হয়। যৌগিক ঔষধিৰ ভিতৰত Kaishore guggulu, Yogendra Ras, Mahavatvidhansa Ras, Trayodasanga guggulu, Lakshadi guggulu, Mahayograj guggulu, Maharasnadi kwath, Rumalaya Forte Tablet ইত্যাদি (আৰু বহুতো আছে) আৰু একক ঔষধিৰ ভিতৰত Shallaki Tablet, Shigru Tablet, Ashvagandha, Suddha Guggulu আদিৰ প্ৰয়োগৰ উপৰি বাহ্যিকভাৱে Mahanarayan oil, Mahavisagarbha oil, Rumalaya oil, Ruma oil  ইত্যাদি তেলজাতীয় ঔষধিৰ প্ৰয়োগ কৰা হয়।

ডিঙিৰ বিষত ব্যায়াম

ডিঙিৰ বিষত এটা অত্যন্ত লাভদায়ক ব্যায়াম হৈছে স্হানিক কচৰৎ বা Static neck exercise।

পদ্ধতি
কাঠৰ চকী এখনত ৰাজহাড় পোনকৈ বহক (ড্ৰেছিং আইনাৰ সম্মুখত বহিব, যাতে অৱস্হানৰ বিসংগতি নহয়)। হাতদুখন দুই আঁঠুৰ ওপৰত ৰাখক। এতিয়া—

১) মূৰটো লাহে লাহে পিছলৈ হেলনীয়া কৰক। চাব যাতে ৰাজহাড় পোন হৈ থাকে। এনেদৰে যিমানলৈ ডিঙিত দুখ অনুভৱ নহয় সিমানলৈ হেলনীয়া কৰক। য’ত বিষ অনুভৱ কৰিছে ৰৈ যাব। এনেদৰে ১০ ৰপৰা ১৫ চেকেণ্ড ৰাখক। লাহে লাহে আগৰ অৱস্হানলৈ আহক।

২) এইবাৰ থুঁতৰিটো বুকুত লগাবলৈ চেষ্টা কৰক। বেছি জোৰ নিদিব। ১০-১৫ চেকেণ্ড ৰাখক।
৩) এইবাৰ এখন হাতৰ তলুৱাৰে মূৰৰ কাষত (কুমত) ৰাখক। হাত আৰু শৰীৰটো একে ৰেখাত থাকিব লাগিব। এতিয়া হাতেৰে মূৰটো আৰু মূৰেৰে হাতখন ঠেলক, সমান হেঁচা দিব। একেদৰে এইখন হাতেৰেও কৰক।
৪) হাতদুখন লগ লগাই মূৰৰ পিছফালে ৰাখি হাতেৰে মূৰটো আগফালে আৰু মূৰেৰে পিছফালে ঠেলক। সমান হেঁচা দিব।

এইদৰে কৰোতে প্ৰতিটো অৱস্হানতে ৰাজহাড় পোনকৈ ৰাখিব। দিনটোৰ ভিতৰত ৫-৬ বাৰ কৰক ৫০-৬০% আৰাম পাব। সামর্থ অনুযায়ী সময় বঢ়াই যাব।

woman touching her back
Photo by Karolina Grabowska on Pexels.com

যোগাসন
Cervical spondylitis ৰোগত নিম্নোল্লেখিত আসনসমূহ অতি লাভদায়ক (যোগ প্ৰশিক্ষকৰ পৰামৰ্শ ল’ব)

১) সূর্য প্ৰণাম

২) মৎস্যাসন

৩) ভুজংগাসন

৪) অৰ্ধ শলভাসন

৫) মকৰাসন

৬) মাৰ্জাৰাসন

*ডাঃ মেদিনী বৰ্মন, MO (Ayu)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ডিঙিৰ বিষ
Admin

Admin

Related Posts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া
Special Report

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

by Admin
March 29, 2023
0

চিয়াং নৈ গৌতম শৰ্মা গৌতম শৰ্মা “চিয়াঙৰে গালং লোহিতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে….      সুধাকন্ঠ ড°...

Read more
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: