• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ASSAMESE SECTION / Artificial Intelligence / Technology

by Anjan Sarma
January 1, 2026
in ASSAMESE SECTION, Artificial Intelligence, Special Report, World
Reading Time: 5 mins read
0
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?
Share on FacebookShare on TwitterShare on LinkedIn

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

আমেৰিকাৰ ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা 

যিসময়ত কোটি কোটি মানুহে সূৰ্য্যোদয়ৰ সলনি স্মাৰ্টফোনৰ পৰ্দাৰ পোহৰত সাৰ পায় আৰু বাৰ্তালাভৰ মৃদু শব্দ শুনি শুনি নিদ্ৰামগ্ন হয়, তেনে সময়ছোৱাতে নিঃশব্দে -নীৰৱে এক গভীৰ তথা ব্যাপক পৰিৱৰ্তন সাধন হ’বলৈ ধৰিছে।

আমি স্মাৰ্টফোনৰ পৰ্দাত, দূৰদৰ্শন -লেপটপ- ডেস্কটপ কম্পিউটাৰৰ পৰ্দাত যি দেখা পাও , পডকাষ্ট বা বাতৰিত যি শুনো, বিশ্বৰ বিষয়ে যি ভাবো, বাতৰিকাকতৰ পৃষ্ঠাত যিবোৰ পঢ়ো, অনলাইন বিতৰ্কৰ অংশগ্ৰহণকাৰী হিচাপে যিবোৰ কথা কৈ থাকো আৰু দৈনন্দিন জীৱনত যি যি কৰো – সেইবোৰৰ সৰহ অংশই এতিয়া আমাৰ নিয়ন্ত্ৰণাধীন হৈ থকা নাই আৰু সেইবোৰ ‘জীৱশ্ৰেষ্ঠ’ মানুহৰ মুক্ত ইচ্ছাৰো স্বতঃস্ফূৰ্ত প্ৰকাশ হৈ থকা নাই।

ক্ৰমান্বয়ে এই সকলোবোৰ এতিয়া আমেৰিকাৰ কেইটামান বহুজাতিক কোম্পানীয়ে এলগৰিথম (এলগৰিদম) আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ঐক্যতানেৰে বা চিম্ফনিসদৃশ শক্তিৰে পৰিচালনা কৰিবলৈ ধৰিছে।

ChatGPT

অদৃশ্য ‘বেতন’ বা দন্ড হাতত লৈ অৰ্কেষ্ট্ৰাৰ পৰিচালক বা কন্ডাক্টৰৰ দৰে গুগল, মেটা, আমাজন, এপল, এক্স আদিৰ দৰে কোম্পানীয়ে ‘কি-বোৰ্ড‘ (keyboard)ৰ বুটামবোৰ টিপি টিপি বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি সংযুক্ত কৰি সম্প্ৰতি মানৱ জীৱনৰ ছন্দ ৰচনা কৰি আছে! এই কোম্পানীবোৰেই সাম্প্ৰতিক কালৰ ডিজিটেল সাম্ৰাজ্যবাদী হৈ পৰিছে আৰু আমেৰিকাৰ সীমা অতিক্ৰম কৰি সমগ্ৰ বিশ্বক অদৃশ্য ডিজিটেল -পাশ ( নাগপাশৰ দৰে)ৰ দ্বাৰা বন্দী কৰি অন্যান্য দেশৰ প্ৰযুক্তিনিৰ্ভৰ কোম্পানীসমূহক ‘ভাৰ্চুৱেল’ ৰণক্ষেত্ৰৰ ‘সেনাপতি’লৈ পৰিণত কৰি মানৱ জীৱন সলনি কৰিছে, অৰ্থনীতিৰ স্তৰবিন্যাসক চেপি ধৰিছে আৰু সমাজ বিভক্ত কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত অসমতাৰ গভীৰ খাল-বিলবোৰ প্ৰসাৰিত হৈছে, গভীৰ হৈছে, দৰিদ্ৰতা বৃদ্ধি পাইছে, ডিজিটেলীয় সন্মোহনত মধ্যবিত্ত বন্দী হৈছে আৰু ধনকুবেৰসকলে ‘গগনচুম্বী’ সফলতা লাভ কৰিছে।

ভাৰত উপমহাদেশতো এই চিত্ৰ অতি সুস্পষ্ট হৈ পৰিছে। কেইগৰাকীমান ধনকুবেৰে টকাৰ পাহাৰ সৃষ্টি কৰিছে, বিশাল জনসংখ্যাই জীৱনৰ অস্তিত্ব সম্পৰ্কীয় ক্লান্তিৰে জুৰুলা-জুপুৰা হৈ পৰিছে আৰু যুৱক-যুৱতীসকল প্ৰযুক্তিৰ মদিৰা পান কৰি নিচাত মাতাল হৈ পৰিছে। আজি এনে পৰিস্থিতিত মোৰ, আপোনাৰ, তেওঁৰ স্থান ক’ত? আমি আজি কেৱলমাত্ৰ মহাশক্তিধৰ এলগৰিথমিক বেলেটৰ বা ডিজিটেল -নাট্যমৰ নৃত্যশিল্পী নেকি, নে আমি পুনৰ মঞ্চ দখল কৰি পূৰ্বৰ দৰেই মানৱজীৱনৰ ছন্দবোৰ ঘূৰাই অনাৰ প্ৰয়াস কৰিব পাৰো?

প্ৰযুক্তিৰ ভয়াৱহ পৰিচালনাৰ বিষয়ে বুজিবলৈ আমি যদি ফৎ-কৈ ভুমুকি মাৰো, আমি দেখা পাও- ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ‘মেগনিফিচেন্ট চেভেন’ বা সপ্তদৈত্য ( এপল, এলফাবেট/গুগল, আমাজন, মেটা, মাইক্ৰ’ছফ্ট, এনভিডিয়া, আৰু টেচলা)ৰ মুঠ বজাৰ মূলধন ২১ ত্ৰিলিয়ন ডলাৰৰো অধিক ( হয়তো এই লেখা আপুনি পঢ়ি থকা সময়ত আৰু বাঢ়িব) – ‘এছ এন্ড পি ৫০০ ইন্ডেক্স'( এছ এন্ড পি ৫০০ বা ষ্টেণ্ডাৰ্ড এন্ড পুৰছ ৫০০ হৈছে ৰাজহুৱাভাৱে ব্যৱসায় কৰা আমেৰিকাৰ ৫০০ কোম্পানীক অনুসৰণ কৰা এটা মূল আমেৰিকান ষ্টক মাৰ্কেট সূচকাংক, বজাৰৰ আকাৰ {মূলধনীকৰণ}ৰ দ্বাৰা গণিত কৰি সামগ্ৰিক বজাৰৰ প্ৰদৰ্শন আৰু অৰ্থনৈতিক স্বাস্থ্য প্ৰতিফলিত কৰিবলৈ, বিনিয়োগকাৰী আৰু পুঁজিৰ বাবে এক প্ৰধান মাপকাঠী হিচাপে কাম কৰে] অনুসৰি ৩৭% -অতকৈও অধিক। এনভিডিয়া এতিয়া শীৰ্ষত ( প্ৰায় ৪.৫ ট্ৰিলিয়ন) আৰু এলফাবেট ( ৩.৮৯ ত্ৰিলিয়ন)। এনেধৰণৰ একচেটিয়া দখলৰ অৰ্থ হ’ল –

• এলফাবেট (Alphabet)-এ বিশ্বৰ ৯০% ‘চাৰ্ছ ট্ৰেফিক’ নিয়ন্ত্ৰণ কৰে। 

• মেটাৰ (Meta) প্লেটফৰ্মত প্ৰতি মাহে ৩.৯৮ বিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীয়ে অংশগ্ৰহণ কৰে।

•আমাজন( Amazon)- এ কেৱল আমেৰিকাৰ ই-কমাৰ্চৰ ৩৮% নিয়ন্ত্ৰণ কৰে।

• এপল( Apple)ৰ ইক’চিষ্টেমত ২.২ বিলিয়ন ‘ডিভাইচ’ সক্ৰিয় হৈ থাকে।

• ২০২৫ চনৰ অক্টোবৰ মাহ পৰ্যন্ত বিশ্বৰ ৬.০৪ বিলিয়ন মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰিছে ( বিশ্বৰ জনসংখ্যাৰ ৭৩.২%)! কিন্তু এই সংযোগৰ অন্তৰালত গভীৰ ডিজিটেল বিভাজন লুকাই আছে – এতিয়াও ২.২ বিলিয়ন মানুহ ‘অফলাইন’ হৈ আছে, যাৰ বেছিভাগেই হ’ল নিম্ন -আয়ৰ দেশৰ বাসিন্দা আৰু য’ত ইন্টাৰনেটৰ খৰছ মাহিলী আয়ৰ ২০% -তকৈও বেছি হ’ব পাৰে।

এনেধৰণৰ সাম্ৰাজ্য চলাই থকা এলগৰিথমসমূহ আৰু কৃত্ৰিম বুদ্ধিমত্তা সংযুক্ত প্ৰযুক্তি নিৰপেক্ষ সঁজুলি নহয়; সেইবোৰ হ’ল লাভ-সৰ্বস্ব ইঞ্জিন – যিবোৰ বিশেষভাৱে সৃষ্টি কৰা হৈছে মানুহৰ মগজু শোষণ কৰিবলৈ। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ এক গৱেষণাই অৱগত কৰাইছে যে AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত পৰামৰ্শ ব্যৱস্থাই ‘ট্ৰিলিয়ন ডাটা পইন্ট’ বিশ্লেষণ কৰি ব্যৱহাৰকাৰীৰ আচৰণ ৮৫-৯৫% সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিব পাৰে আৰু কি কি কিনিব লাগে – তাৰে পৰা আৰম্ভ কৰি কাক ভোট দিব লাগে, কি চাব লাগে, কি পঢ়িব লাগে, কি ক’ব লাগে, কি লিখিব লাগে – সেই পৰ্যন্ত সুক্ষ্মভাৱে প্ৰভাৱিত কৰিব পাৰে। 

আমেৰিকাৰ ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?
telecommunication cables

২০২৪ চনত কেৱল আমেৰিকাতে মেটা আৰু গুগল-এ ছ’ছিয়েল মেডিয়াৰ বিজ্ঞাপনৰ পৰা ২০০ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল (২০২৫ চনত ২৫০ বিলিয়ন ডলাৰ উপাৰ্জন হ’ব পাৰে বুলি অনুমান কৰা হৈছে)। এই ধনৰাশি আহে মূলতঃ ‘এংগেজমেন্ট বেইট’ৰ পৰা – যিবোৰ ‘কন্টেন্ট’ বা বিষয়বস্তুৱে খং, উত্তেজনা, ক্ষোভ, নিচাৰ সৃষ্টি কৰে!

তথ্য–শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ

YOU CAN CLICK THE ABOVE LINK

ফলত ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে গড়ে ২.৫ ঘন্টা এনেধৰণৰ প্লেটফৰ্মত অতিবাহিত কৰে আৰু ব্যৱহাৰকাৰীৰ মগজুৰ নিউৰেল পথটোৱে গতি কৰে আৱেগিক সঁহাৰিৰ ক্ষেত্ৰখনলৈ। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এনে গৱেষণাৰ ফলত জানিব পৰা গৈছে যে অধিক সময় অতিবাহিত কৰা ব্যৱহাৰকাৰীৰ মাজত ড’পামিন-চালিত আচৰণ ২০-৩০% বৃদ্ধি পাইছে।

এনে নিয়ন্ত্ৰণৰ মূলতে আছে তথ্য-প্ৰবাহৰ টাংগুটি খেল আৰু নিয়ন্ত্ৰণ। আমেৰিকাৰ ডিজিটেল সাম্ৰাজ্যবাদীৰ দখলত থকা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু চাৰ্ছ ইঞ্জিনে প্ৰতিদিনে শ শ কোটি মানুহে কি দেখে, কি শুনে – সেইবোৰ ‘কিউৰেট’ কৰে। এলগৰিথমে সৰ্বাধিক ‘এংগেজমেন্ট’ দিয়া ‘কন্টেন্ট’ক প্ৰাধান্য দিয়ে ( আৰু সেইবোৰ হ’ল প্ৰায়েই চাঞ্চল্যকৰ তথা বিভাজনমুখী কন্টেন্ট), যাতে ব্যৱহাৰকাৰীসকলে ‘স্ক্ৰল’ কৰি থাকে আৰু বিজ্ঞাপনৰ ধন আহি থাকে। এইবোৰ মাথো ‘ব্যক্তিগতকৰণ’ নহয়- এয়া হ’ল মানুহৰ মগজুক কেন্দ্ৰ কৰি কৰা প্ৰযুক্তিবিদ্যাৰ আশ্বৰ্যকৰ কাণ্ড। 

আমেৰিকাৰ ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

উদাহৰণস্বৰূপে, ফেচবুক আৰু ইউটিউবৰ AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত ব্যৱস্থাই ব্যৱহাৰকাৰীৰ তথ্য বিশ্লেষণ কৰি ব্যৱহাৰকাৰীৰ আচৰণৰ ভৱিষ্যদ্বাণী কৰে তথা গভীৰভাৱে প্ৰভাৱিত কৰে – কিন্তু কিদৰে এনে কান্ড কৰা হয় বা প্ৰতিৰোধৰ উপায় কি , সেই সম্পৰ্কে স্বচ্ছতা প্ৰায় নায়েই। ‘এমনেষ্টি ইন্টাৰনেছনেল’ৰ ২০২৫ চনৰ বক্তব্যত কোৱা হৈছে যে ‘বিগ টেক’ৰ এনেধৰণৰ কেন্দ্ৰীকৰণে মানৱ অধিকাৰৰ প্ৰতি বিৰাট ভাবুকি হৈ পৰিছে, কাৰণ এলগৰিথম-এ কি চোৱা হয় আৰু কি বিশ্বাস কৰা হয় – সেইবোৰ নিৰ্দ্ধাৰণ কৰি সমাজৰ নীতি-নিয়মবোৰ ভাঙি পেলাইছে। 

amazon 1

এনে প্ৰভাৱ অধ্যয়নৰ ক্ষেত্ৰখনলৈও গভীৰভাৱে বিস্তৃত হৈ পৰিছে। স্পটিফাই, নেটফ্লিক্সৰ দৰে ‘ষ্ট্ৰিমিং’ সেৱাই AI ব্যৱহাৰ কৰি সংগীত -ভিডিঅ’ৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে আৰু সংস্কৃতিৰ দিশ ধীৰে ধীৰে সলনি কৰি পেলায়। গুগল নিউজ আৰু এপল নিউজৰ এলগৰিথমে ব্যৱহাৰকাৰীৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি বাতৰি পৰিৱেশন কৰে, ফলত এক বিশেষ আওতাৰ সৃষ্টি হয় তথা বিপৰীত মতৰ সৈতে সংস্পৰ্শ হ্ৰাস পায়।

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

YOU CAN CLICK THE ABOVE LINK

‘দ্যা আটলান্টিক‘ৰ এক লেখাত কোৱা হৈছে যে আমেৰিকানসকলৰ লগতে বিশ্বৰ অইন মানুহ – যিসকলে ডিজিটেল বিশ্বৰ সৈতে জড়িত – তেওঁলোক এতিয়া এলগৰিথমৰ সঁজাত অসহায় বন্দী – যিবোৰৰ সৈতে ব্যক্তিগত কোম্পানীসমূহে অকল্পনীয় মাত্ৰাৰে টাংগুটি খেলে!

Sunder Pichai
Sundar Pichai

এই এলগৰিথমে টাংগুটি খেলি বা অদৃশ্য বেতনৰ দ্বাৰা মন বা মগজু নিয়ন্ত্ৰণ নকৰে, ধন-সম্পদৰ বিতৰণো নিৰ্দ্ধাৰণ কৰে। আমাজনৰ পৰামৰ্শদাতা ইঞ্জিনে ৩৫% ক্ৰয়ৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু দাম নিৰ্ধাৰণৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে তথা দৰিদ্ৰতাপ্ৰৱণ অঞ্চলত দাম ১৫% বৃদ্ধি কৰে। গুগলৰ বিজ্ঞাপনৰ নিলামত বৃহৎ বৃহৎ ধনকুবেৰ জয়ী হয় আৰু সৰু ব্যৱসায়ে ডিজিটেল বিজ্ঞাপনৰ মাত্ৰ ২০% লাভ কৰে।

ফলত ধনৰ এভাৰেষ্ট বা কাঞ্চনজংঘাত আৰোহণ কৰে ‘সপ্তদৈত্য’ আৰু তেওঁলোকৰ অনুচৰসকলে। ২০২৫ চনত ‘মেগনিফিচেন্ট চেভেন’ বা ‘সপ্তদৈত্য’ৰ মুঠ উপাৰ্জন ২.৫ ত্ৰিলিয়ন ডলাৰ। এইখিনিতে অনুগ্ৰহ কৰি মন কৰিব, বিশাল ভাৰত উপমহাদেশখনৰ জি.ডি.পি. ( ২০২৪) হ’ল ৩.৯১ ত্ৰিলিয়ন ডলাৰ! আৰু এসময়ত বেলি মাৰ নোযোৱা বৃটেইনৰ ৩.৬৪ ত্ৰিলিয়ন ডলাৰ (২০২৪)! 

Zukerberg
mark zuckerberg

সমগ্ৰ বিশ্বত ডিজিটেল বিভাজনে এক বিশেষ আৰু বিশাল -গভীৰ বৈষম্য বৃদ্ধি কৰিছে। আই.টি.ইউ.( International Telecommunication Union)ৰ তথ্য অনুসৰি ‘৫জি’ ৰ নেটৱৰ্ক উন্নত দেশত ৯৫% , কিন্তু সৰ্বনিম্ন উন্নয়নশীল দেশৰ ক্ষেত্ৰত মাত্ৰ ৩১%! অক্সফাম (Oxfam)ৰ হিচাব অনুযায়ী ২০২৪ চনত ধনকুবেৰসকলৰ সম্পদ ২ ত্ৰিলিয়ন ডলাৰ বৃদ্ধি পাইছে, আৰু ২০৩৫ চনৰ ভিতৰত কমেও ৫ জন ত্ৰিলিয়নাৰ সৃষ্টি হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

ভাৰতবৰ্ষত এনে ডিজিটেল ঐক্যতান বা ‘চিম্ফনি’ অতিশয় বেসুৰা আৰু কৰ্কশ হৈ পৰিছে। ৮০৬ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ভাৰতবৰ্ষত ‘মেটা’ৰ প্লেটফৰ্মত ৫০০ নিযুত ব্যৱহাৰকাৰীয়ে জাতি -ধৰ্মৰ বিভাজন ব্যাপক কৰি তুলিছে। চাকৰিৰ বিজ্ঞাপনৰ ক্ষেত্ৰতো পিচপৰা সম্প্ৰদায়সমূহৰ প্ৰতিনিধিত্ব ২৫% কম!

১৮ বছৰৰ পৰা ২৪ বছৰ বয়সৰ ব্যৱহাৰকাৰীৰ ৭০% -এ প্ৰতিদিনে ৩ ঘন্টাতকৈও অধিক সময় ইন্ষ্টাগ্ৰাম, ফেচবুক আদিত সময় অতিবাহিত কৰে। মানসিক স্বাস্থ্যৰ সমস্যাও ইতিমধ্যে ১৫% বৃদ্ধি হৈছে।

social media and affects on kids
social media and affects on kids

ধন বা পুঁজিৰ ক্ষেত্ৰখনতো বৈষম্য ভয়ংকৰ হৈ পৰিছে – ভাৰতৰ ২০২৪-২৫ চনৰ বাজেটৰ সৰ্বমুঠ ধন ৫৭০ বিলিয়ন ডলাৰ ( আনুমানিক, ডলাৰৰ মূল্যৰ পটভূমিত)ৰ বিপৰীতে কেৱল মুকেশ আম্বানী তথা গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈ পৰিছে প্ৰায় ১৯৭ বিলিয়ন ডলাৰ!! ইয়াৰ লগতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ২১% লৈ। গাওঁ অঞ্চলত ইন্টাৰনেটৰ সংযোগ হ’ল ৩১% আৰু নগৰ-চহৰৰ ৬৭%!

এতিয়া প্ৰশ্ন হ’ল – আমি মাথো নীৰৱ নিস্পৃহ দৰ্শক হৈ কেৱল উশাহ-নিশাহ লৈ জীয়াই থাকিম নে নিজৰ হাতত চিম্ফনিৰ পৰিচালকৰ বেতন বা দন্ডদাল তুলি ল’ম?

Mahabahu Climate Logo
MAHABAHU CLIMATE FORUM

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d