–ডা° সুকৃতি চৌধুৰী |
ডিপ্ৰেছন (Depression) শব্দটোৰ অসমীয়াত অৰ্থ কৰিলে যি কেইটা শব্দ ওচৰ চাপিব, সেই কেইটা হ’ল—বিষন্নতা, বিমৰ্ষতা,নৈৰাশ্য, মানসিক অৱসাদ ৷ কিন্ত এটা ৰোগ হিচাপে আপোনাৰ-মোৰ আজিৰ কথা-বতৰাৰ মাজত এই বিষয়টো বুজাবলৈ ডিপ্ৰেছন শব্দটোকেই ব্যৱহাৰ কৰিম ৷
জীৱনৰ পথেৰে আগবাঢ়োতে আমি বহু সময়ত মনৰ ভাৱ গতিৰ উচ্চ বা নীচ অৱস্থা এটা অনুভৱ কৰো ৷ পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰি আমি হয় উচ্ছসিত হৈ উঠো অথবা দুখী আৰু হতাশ অনুভৱ কৰো। এয়া স্বাভাৱিক কথা ৷ কিন্ত আমি যদি একেৰাহে দুসপ্তাহতকৈ বেছি নিৰাশ অনুভৱ কৰি থাকো আৰু ইয়াৰ লগতে যদি কেতবোৰ শাৰীৰিক লক্ষণেও দেখা দিয়ে, তেনেহ’লে বুজিব লাগিব যে হয়তো আমি ডিপ্ৰেছনত ভুগিছো ৷ ডিপ্ৰেছনৰ কাৰণ বুলি ক’বলৈ গ’লে >> প্ৰিয়জনৰ লগত বিচ্ছেদ বা মৃত্যু, বিবাহ বিচ্ছেদ, চাকৰি যোৱা, ব্যৱসায়ত লোকচান হোৱা, স্বামীয়ে পত্নীক অৱহেলা কৰা অথচ অনিচ্ছাসত্বেও সংসাৰ কৰি থকা, চাকৰিৰ পৰা অৱসৰ পোৱা, বিচৰা মতে চাকৰি নোপোৱা, ধনৰ আকাল, নিজৰ শাৰীৰিক অৱস্থাটোক লৈ হীনমন্যতা, কোনো দীঘলীয়া প্ৰচেষ্টাত সফল নোহোৱা, কিবা কাৰণে পৰীক্ষাত আশানুৰূপ ফল নোহোৱা, প্ৰেম সম্পৰ্কীয় বিষাদ, নিচা আসক্তি, মাত্ৰাধিক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আদি সমুহক উমৈহতীয়া কাৰণ বুলি থোৰতে কৈ থ’ব পাৰি ৷ কিন্ত ইয়াৰ বাদেও আৰু বহুতো কাৰণত ডিপ্ৰেছন হ’ব পাৰে ৷ ‘কেচ’ অনুসৰি নিত্যনতুন কাৰণ দৃষ্টিগোচৰ হ’ব পাৰে ৷ মহিলা সকলৰ ক্ষেত্ৰত মাহেকীয়া ঋতুচক্ৰ বন্ধ হোৱা বা ইংৰাজীত ‘Menopause’ হোৱাৰ সময়ত আৰু সন্তান জন্মৰ পিছত হোৱা শৰীৰৰ হৰম’নৰ সালসলনি আৰু ইয়াৰে সৈতে যুক্ত ৰাসায়নিক বিক্ৰিয়া সমূহৰ কাৰণেও ডিপ্ৰেছন হ’ব পাৰে ৷
এতিয়া কথা হ’ল , ডিপ্ৰেছন হোৱা বুলি গম পোৱা যাব কেনেকৈ ?? ধৰি লোৱা হ’ল >>>> একেৰাহে দুসপ্তাহ বা অধিক সময় আপোনাৰ মনটো খুবেই বেয়া লাগি আছে ৷ কোনো কথাতেই আপুনি সামান্যও উৎসাহ অনুভৱ কৰা নাই ৷ আপোনাৰ এনে লাগিছে যে সকলো শেষ হৈ গ’ল আৰু আপোনাৰ কেবল মাথোন বেয়াই হয় ৷ এই ঘোৰতৰ নকাৰাত্মক পৰিৱেশটোৰ পৰা উদ্ধাৰ পোৱা সহজ নহ’ব বুলিয়েই আপোনাৰ বিশ্বাস ৷ সৰু সৰু কথাতেই আপুনি খিংখিঙীয়া হৈ উঠিছে ৷ ইয়াৰ লগতে তলত দিয়াবোৰৰ ভিতৰৰ কোনো এটা বা অধিক লক্ষণে দেখা দিছে নে কি :
(১) শৰীৰৰ ওজন কমা ৷ মন বেয়া লগাৰ দুসপ্তাহমানৰ পৰা খীনাইছে নে কি ?
(২) খাবলৈ মন নোযোৱা আৰু আভোক আভোক লগা ৷
(৩) শেষ নিশা বা ৰাতিপুৱা খুবেই সোণকালে হঠাতে টোপনি ভাঙি যায় আৰু টোপনি নাহে ৷
(৪) নিদ্ৰাহীনতা ৷ নিজৰ সৈতে যুঁজি থাকিও ওৰেটো নিশা টোপনি নাহে ৷
(৫) বাৰে বাৰে এনে ভাৱ হয় যে মৰি যোৱাই ভাল ৷ আত্মহত্যা কৰাই শ্ৰেয় ৷
(৬) কোনো কামতে মন নবহে ৷
(৭) ডাঙৰ বিষয়টো দুৰৰে কথা সৰু সৰু কথাটো সিদ্ধান্ত ল’ব নোৱাৰে আৰু confused হোৱা।
(৮) যৌন নিস্পৃহতা /অনিচ্ছা।
(৯) যোৱাকালিলৈকে আপুনি যিটো কাম কৰি আনন্দ উপভোগ কৰিছিল আজি সেই কামটো কৰিবলৈ অলপো মন নেযায় ৷ যেনে ধৰক কেইদিনমান আগলৈকে আপুনি ক্ৰিকেট খেলি বহুত ভাল পাইছিল ৷ কিন্ত আজি ক্ৰিকেট বেটখন দেখিলেও আপোনাৰ বিৰক্তি লাগে ৷
(১০) ভীষণ ক্লান্তি অনুভৱ হোৱা ৷ বৰ ভাগৰ লাগি থাকে সকলো সময়তে ৷
(১১) মুৰৰ বিষ।
ওপৰত আলোচনা কৰা এটা বা অধিক শাৰীৰিক আৰু মানসিক লক্ষণ যদি আপোনাৰ দুসপ্তাহতকৈ কম সময়ৰ বাবে হৈছে, তেনেহ’লে ভাবি ল’ব যে এনেকুৱা সকলোৰে হয় ৷ কিন্ত দীঘলীয়া সময়ৰ বাবে, অল্ততঃ দুসপ্তাহতকৈ বেছি সময় ধৰি যদি এনেবোৰ হৈ আছে তেনেহ’লে হয়তো আপুনি ডিপ্ৰেছনৰ চিকাৰ হ’ব পাৰে ৷ কিন্ত ৰ’ব ৷ প্ৰথমে এজন চিকিৎসকৰ দ্বাৰা আপোনাক নিজকে পৰীক্ষা কৰাওঁক ৷ চিকিৎসকজনে আপোনাক পৰীক্ষা কৰি ডিপ্ৰেছন হৈছে বুলি নিৰ্ধাৰণ কৰিলেহে আপুনি নিশ্চিত হ’ব ৷
ডিপ্ৰেছন সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা ৰোগ ৷ কাউন্সেলিং, মনোবৈজ্ঞানীক থেৰাপী আৰু ঔষধৰ প্ৰয়োগেৰে ডিপ্ৰেছন সম্পূৰ্ণৰূপে, I repeate, ডিপ্ৰেছন সম্পূৰ্ণৰূপে ভাল হয় ৷
মনত পৰোতেই যথাসম্ভৱ চমুকৈ আন এটা বিষয় অকণমান চুই যাওঁ ৷ কাৰণ এই সমস্যাটোক বহুতো মহিলাই ডিপ্ৰেছন হোৱা বুলি আতংকিত হয় ৷ সেয়া হ’ল প্ৰাক ঋতুকালীন লক্ষণ বা ইংৰাজীত ক’বলৈ গ’লে ‘Pre-menstrual syndrome’ বা চমুকৈ PMS. মহিলাৰ মাহেকীয়া ঋতু আৰম্ভণী হোৱাৰ কেইদিনমান আগৰে পৰা সঘনাই মানসিক অৱস্থাৰ সলনি হোৱা, যেনে –কোনো সময়ত ভীষণ মন বেয়া লগা, আকৌ ভাল লগা, অলপ পিছত আকৌ বেয়া লগা, দুখৰ অনুভূতি, হঠাতে বৰ আৱেগিক হৈ উঠা, অবুজন হৈ উঠা, উগ্ৰ হৈ উঠা —-আদি ‘Mood swinging’ হোৱা কথাবোৰ লক্ষ্য কৰা যায় ৷ আনহাতে শাৰীৰিকভাৱে কি কি অনুভৱ হয় সেয়া নিলিখিলেও সকলো নাৰীয়ে জানে ৷ মাত্ৰ মানসিক পৰিৱৰ্তনৰ কথাতহে কমকৈ সচেতন হোৱা দেখা যায় ৷ এয়া কোনো ৰোগ নহয় ৷ কাৰণ ঋতুচক্ৰ আৰম্ভ হ’লেই এই সকলোবোৰ নিজেই নোহোৱা হয় ৷ যদিহে PMS দীঘলীয়া সময়জুৰি হয় আৰু ভীষণ তীব্ৰ হয় (যিটো খুব কম ক্ষেত্ৰত হয়), তেতিয়াহে ঔষধ প্ৰয়োগ কৰিব লগা হ’ব পাৰে ৷ কিন্ত PMS কোনো মানসিক ৰোগ নহয় বা নাৰী গৰাকীও ডিপ্ৰেছনত ভোগা নাই ৷ তেওঁক মাথো সেই অৱস্থাত বুজাৰ চেষ্টা কৰক ৷ বেছি একো নহ’লেও হয়তো আপোনাৰ এষাৰ মৰমৰ মাত আৰু সাধাৰণ যত্নতেই তেওঁ সুস্থিৰ হ’ব ৷
এতিয়া, ইতিমধ্যে আমি পতা কথাবোৰৰ আঁত ধৰি আহকচোন আপুনি আৰু মই কেতবোৰ প্ৰশ্নৰ উত্তৰত কোৱা “হয় বা নহয় ” (Yes or No) ৰ ওপৰত ভিত্তি কৰি ডিপ্ৰেছনৰ বিষয়ে আৰু অকণমান জনাৰ চেষ্টা কৰো :
প্ৰশ্ন:-১: আপোনাৰ বাৰু দুসপ্তাহতকৈ কম সময়ৰ বাবে মনটো বৰ বেয়া লাগি আছে নে কি ? চাৰিওপিনে পিনে কেৱল নিৰাশাই দেখিছে আৰু জীৱনটো খুউব অৰ্থহীন যেন লাগিছে নে কি ? ইয়াৰ লগতে আমি ওপৰত কোৱাৰ দৰে এটা বা ততোধিক লক্ষণে দেখা দিছে নে কি ?
আপোনাৰ উত্তৰ :- যদিহে আপোনাৰ উত্তৰটো “হয় ” (Yes) তেনেহ’লে আপুুনি ডিপ্ৰেছনত ভোগা নাই ৷ এয়া সাময়িকভাৱে হোৱা কিবা এটা কথাৰ বাবেহে মন বেয়া লগা বিষয় ৷ যেনে ধৰক এই মাহতো আপোনাৰ গৃহ ঋণটো মঞ্জুৰ নহ’ল / পৰিয়ালৰ কোনোবাই আপোনাক বৰ আঘাত পোৱাকৈ কিবা ক’লে/শিলাবৃষ্টিয়ে কষ্টৰে কৰা খেতিডৰা নষ্ট কৰিলে/দুটামান নম্বৰ কম হোৱাৰ বাবেই সন্তানে পঢ়িব খোজা কলেজখনত বা কোৰ্চটোত চিট নেপালে/আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিছিল অথচ তেওঁ অগ্ৰাহ্য কৰিলে/হঠাতে জীৱন সংগীৰ এনে কিবা এটা কথা গম পালে (যেনে –বিবাহৰ পুৰ্বে আনৰ লগত যৌন সম্পৰ্ক আছিল ইত্যাদি)/ নতুনকৈ বিয়া হৈ আহি ছোৱালীজনীয়ে স্বামীগৃহৰ মানুহৰ পৰা কটু কথা শুনিছে/মোবাইলটো হেৰাই গ’ল/এইবছৰ আপোনাৰ প্ৰমোচন নহ’ল /কিবা এটা খেলত আপুনি হাৰি থাকিল/আপুনি পাব লগা সন্মান আনে আজুৰি নিলে/কাৰোবাৰ বিপদৰ সময়ত ইমান সহায় কৰি থৈছিল অথচ বিয়াখনলৈ নিমন্ত্ৰণ দিবলৈ পাহৰিলে……মন বেয়া লগাৰ কত যে কাৰণ হ’ব পাৰে….কওঁকচোন কিয় মন বেয়া আপোনাৰ ? হয়তো কোনো কাৰণে “এতিয়া কি হ’ব” ধৰনৰ কথা এটাৰে আতংকিত হৈও মন বেয়া হ’ব আপোনাৰ ৷ কিন্ত শুনক, এইবোৰ সকলো তেনেই অস্থায়ী ৷ দুদিনমান পাৰ হ’লেই আপোনাৰ মনটো পুণৰ স্বভাৱিক হ’ব ৷
আপুনি বিমৰ্ষ হ’লে কি কৰা উচিত ?
আপোনাৰ বন্ধু বা পৰিয়ালৰ কাৰোবাক কথাটো খুলি কওঁক ৷ যেতিয়াই ‘stress’ অনুভৱ কৰিছে, জিৰণি লওঁক ৷ কেতবোৰ ‘Relaxation Exercise’ আছে ৷ জনা কাৰোবাক সোধক বা গুগুল/ইউ টিউবত বিচাৰি চাওঁক ৷ সেইবোৰ শিকি দৈনিক অভ্যাস কৰক ৷ বেডমিণ্টন, ফুটবল, ক্ৰিকেট, ভলীবল আদি ভাল লগা খেল খেলক ৷ পুৱা বা গধূলি দুৰলৈকে খোজ কাঢ়ি আহকগৈ ৷ বহুদিন কথা নপতা বন্ধু-বান্ধৱীক কল কৰি খবৰ লওঁক ৷ গান শুনক ৷ এনেদৰেই দুদিনমান পাৰ কৰক ৷ আপোনাৰ মন আকৌ ভাল হ’ব ৷
আপোনাৰ নৈৰাশ্য হ’লেহে ডিপ্ৰেছন ৰোগ হোৱাৰ সম্ভাৱনা থাকে যদি এইবোৰ দুসপ্তাহ বা অধিক সময়ৰ বাবে হৈ আছে ৷ এনে ক্ষেত্ৰত এটাই উপদেশ –‘Consult your doctor’.
প্ৰশ্ন-২: আপোনাৰ কোনোবা আপোনজনৰ মৃত্যুত বিমৰ্ষ হৈ উঠিছে ৷ আপুনি বাৰু ডিপ্ৰেছনৰ চিকাৰ হৈছে নে কি ?
উত্তৰ :- আপোনাৰ আপোন জনৰ মৃত্যুয়ে এটা নিৰ্দিষ্ট সময়লৈকে আপোনাক বৰকৈ বিমৰ্ষ কৰাটো স্বাভাৱিক ৷ মানুহভেদে এই বিমৰ্ষতাৰ সময় কিমান দিনৰ হ’ব সেয়া নিৰ্ভৰ কৰে ৷ এয়া মানুহৰ স্বাভাৱিক মনৰ অৱস্থা ৷ এটা সময়লৈকে ইয়াক ডিপ্ৰেছন ৰোগ নহয় বুলি ক’ব পাৰি ৷ আপুনি জীৱনৰ এই কঠিন সময়বোৰত সামাজিক কামৰ সৈতে জড়িত হওঁক ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সময় কটাওক ৷ আপোনাৰ ভাল লগা যিকোনো কাম, যেনে –সাহিত্য চৰ্চা কৰা, খেল খেলা, গাণ গোৱা, টিভি বা মোবাইলত হাঁহি উঠা প্ৰগ্ৰামবোৰ চোৱা, কিতাপ পঢ়া, উৎসাহভৰা গাণ শুনা আদি কৰক ৷ দৈনিক ব্যায়াম, বিশেষকৈ ‘Relaxation Exercise’ কৰিবলৈ নেপাহৰিব ৷ টোপনি যাব ৷ লাহে লাহে কাৰোবাৰ মৃত্যুত হোৱা আপোনাৰ মানসিক নৈৰাশ্য স্বাভাৱিক হৈ আহিব ৷ যদি এটা দীঘলীয়া সময়ৰ পিছতো আপুনি কাৰোবাৰ মৃত্যুত হোৱা বিমৰ্ষতাৰ পৰা বাহিৰ হ’ব পৰা নাই তেনেহ’লে আপোনাক মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে ৷
প্ৰশ্ন-৩: অলপতে হৈ যোৱা কিবা এটা দুৰ্ভাগ্যজনক ঘটনা, যেনে — বিবাহ বিচ্ছেদ, চাকৰি যোৱা আদিৰ বাবে আপুনি বৰ বিমৰ্ষ হৈ উঠিছে ৷ আপোনাৰ বাৰু ডিপ্ৰেছন হ’ব পাৰে নে কি ?
উত্তৰ:- চাকৰি যোৱা, ডাইভোৰ্চ হোৱা, প্ৰেমত বিচ্ছেদ হোৱা আদি ধৰনৰ কথাবোৰে এটা নিৰ্দিষ্ট সময়লৈকে মানুহক বিষাদগ্ৰস্ত কৰি ৰাখে ৷ পাৰ হৈ যোৱা এই দুৰ্ভাগ্যজনক ঘটনাবোৰক লৈ মানুহভেদে বেলেগ বেলেগ ধৰনে প্ৰতিক্ৰিয়া কৰে ৷ কোনোবাই হয়তো শান্তভাৱে নিজৰ দুৰ্ভাগ্যক মানি লয় আৰু আন কোনোবা হয়তো ‘agitating’ বা ‘rebellious’ হৈ উঠে ৷ মনোবিজ্ঞানৰ দৃষ্টিৰে ইয়াক “reactive depression” বুলিও কয় ৷ বাস্তৱতাক মানি লৈ আপুনি আপোনাৰ জীৱনৰ স্থিতিৰ সৈত সহ-অৱস্থান কৰিবই লাগিব ৷ নতুন উদ্যমেৰে জীবনটোক গঢ়াৰ চেষ্টা কৰিব লাগিব ৷ যদিহে আপুনি এয়া কৰিবলৈ অক্ষম হৈছে, তেনেহ’লে নিঃসংকোচে মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক ৷ এনে ক্ষেত্ৰত antidepressant ঔষধ আৰু মনোবৈজ্ঞানীক থেৰাপী আপোনাক দিয়া যাব পাৰে ৷ কিন্ত আপুনি সম্পূৰ্ণ স্বাভাৱিক হৈ উঠাতো খাতাং ৷
ইয়াৰ পিছত এক পৰিপুৰক লেখা আৰু দহ-বাৰটামান প্ৰশ্নৰ মাজেৰে আমি ডিপ্ৰেছনৰ বিষয়ে আৰু কিছু কথা জনাৰ চেষ্টা কৰিম ৷
মই ইতিপূৰ্বে আগবঢ়োৱা কথাখিনিক এক বেলেগ মঞ্চত বহুজনে বহুমূলীয়া মন্তব্যৰে আলোচনাটোক পৰিপূৰ্ণতা দিছে ৷ এই মন্তব্য সমূহৰ ভিতৰত মই ড° দীপশিখা ভাগৱতী বাইদেউয়ে মন্তব্যত লিখা কথাখিনি আপোনাৰ সৈতে শ্বেয়াৰ কৰিব খুজিলো ৷ তাৰ আগতে ড° দীপশিখা বাৰ বিষয়ে মই খুব চমুকৈ এনেদৰে ক’ব খোজো —ইংৰাজী বিষয়ৰ শিক্ষক ড° দীপশিখা ভাগৱতী ‘Film Critics Circle of India’ ৰ সদস্যা আৰু আমাৰ দেশৰ এগৰাকী বিশিষ্ট বোলছবি সমালোচক ৷ তেখেতৰ ভাৰতীয় বোলছবিক লৈ লেখাবোৰ দেশে-বিদেশে উচ্চ প্ৰসংশিত হোৱাৰ লগতে শ্ৰেষ্ঠ সমালোচকৰ সন্মানো পাইছে ৷ তেখেত বিস্ময়ৰ নিয়মিত লেখিকা হোৱাৰ লগতে বহুকেইখন অসমীয়া আলোচনী আৰু বাতৰি-কাকতৰ সুলেখিকা ৷ বাইদেউয়ে তেখেতৰ বিস্তৰ পঢ়া-শুনা আৰু বিশ্লেষণাত্মক শক্তিৰে মই ডিপ্ৰেছনৰ বিষয়ে আগবঢ়োৱা কথাখিনিত যিখিনি কথা যোগ দিলে সেয়া সকলোৰে বাবেই পঠনযোগ্য আৰু শিকিবলগীয়া কথাৰ সমাহাৰ ৷ বাইদেউৰ কথাখিনিও পঢ়কচোন:–
“ডিপ্ৰেশ্যনৰ কেইটামান প্ৰধান কাৰণ হ’ল ১) প্ৰেম ২) কেৰিয়াৰ ৩) শাৰীৰিক অবয়বক লৈ dissatisfaction, বিশেষকৈ মহিলাৰ বেছি হয় ৷
৪) বয়সৰ লগে লগে বহু পুৰুষ ’emasculation’ ৰ ‘insecurity’ ত ভুগি পত্নী বা সংগীক সন্দেহ কৰিবলৈ লয়, যি দুয়োজনৰে, বিশেষকৈ মহিলাগৰাকীৰ ডিপ্ৰেশ্যনৰ এক মুখ্য কাৰণ ৷
৪ নংটো ডা° সুকৃতিয়ে ভালদৰে জানিব, কি কৰা উচিত৷ মোৰ বাখ্যা হয়তো পৰিপক্ক নহব পাৰে ৷ মই প্ৰথমকেইটাই কওঁ, মোৰ নিজা অভিজ্ঞতাও আছে অলপ, ৩ নম্বৰটোত ৷
১) প্ৰেম বা কাৰোবাৰ প্ৰতি নিভাঁজ ভালপোৱা ৷ এনে ক্ষেত্ৰত মানুহ ‘depressed’ তেতিয়া হয়, যেতিয়া সম্পৰ্কটোত আনজনে উপেক্ষা কৰে, চৰিত্ৰত ধৰি বা ইচ্ছা কৰি ‘sadistic pleasure’ ৰ বাবে অইনজনক কষ্ট দিয়ে ৷ ডিপ্ৰেছড্ নহব, আতৰি আহক, বা আতৰাই দিয়ক, আৰু গুৰুত্বপূৰ্ণ কথা, যিকোনো বান্ধোনত সোমোৱাৰ আগতে দহবাৰ চিন্তা কৰক, ‘দিল চে’ মুঠেও নহয়, ‘দিমাগ চে’ ৷ হৃদয়ে ঠগে, বিবেকে তৰে ৷ আৰু মহান নহব, যি আপোনাৰ বেয়া কৰিছে, আপুনি বাৰু বেয়া কৰিব নালাগে, কিন্তু মনে মনে কওক “তইও উচিত শাস্তি পাবি, ভগৱানে তোক দিয়ক, মোক যি কৰিছ, তয়ো একে ৰিটাৰ্ন পা৷” self respect intact ৰাখক ৷ “Twelve years a slave” শীৰ্ষক একাডেমী এৱাৰ্ড পোৱা চিনেমাখন চালেই বুজি পোৱা যায়, আত্মসন্মান কিমান ডাঙৰ কথা ৷ য’ত আপোনাৰ ভুল নাই, ‘never bow down’!
২) কেৰিয়াৰ: সজাগ আৰু পৰিশ্ৰমী হওক ৷ নিজে কষ্ট নকৰাকৈ আনক ঈৰ্ষা কৰি লাভ নাই৷ যদি বহু কষ্ট কৰিও আপুনি নিজৰ ‘desired level of satisfactory establishment’ পাবগৈ পৰা নাই, এনেকৈ ভাবকচোন, যে এই পৃথিৱীত বহু মানুহৰ এমুঠি খাবলৈ নাই, ঘৰ নাই, চিকিৎসাৰ সমল নাই, মোৰতো অন্তত: সেইখিনি আছে। নিজক ‘upgraded and updated’ ৰাখক ৷ আজিকালিৰ পৃথিৱীত ” মই নাজানো নহয়” ৰ কোনো স্হান বা কোনো গৌৰৱ নাই৷ নাজানে যদি শিকক, উপায় বহুত আছে ৷ ‘হবি’বোৰৰ চৰ্চা কৰক ভালকৈ ৷ বয়সক গুলি মাৰক ৷ আপোনাক ‘criticize’ কৰাখিনিয়ে আপোনাৰ সুন্দৰ ফলাফল দেখি আকৌ মনে মনে আপোনাৰেই পিছে পিছে আহিব৷ “Manjhi the mountain Man” ,চিনেমাখন পাৰিলে চাব, অধ্যৱসায় কি বস্তু ৷ মল্লিকা কন্দলী বাইদেউৱে সত্ৰীয়া শিকি পাৰফৰ্ম কৰোঁতে বয়স ৪০+ আছিল ৷ যিয়ে নকওক, মানুহে ভাল ‘establishment or job security’ বিচাৰে প্ৰধানকৈ ‘financial security’ ৰ কাৰণে ৷ টকা ইনকামৰ ভাল সৎ পথ বহুত আছে ৷ ভাগ্যক দোষ দি বহি নাথাকি নিজকে ভীষণ ব্যস্ত ৰাখক ৷ ডিপ্ৰেশ্যন দৌৰ মাৰিব ৷
৩) অপ্ৰিয় সত্য: লৰা ছোৱালীৰ মাক হলো আৰু এতিয়া, কত আৰু আগৰ সৌন্দৰ্য্য থাকিব বা ‘good physical structure’ থাকিব? এইবোৰ এলেহুৱাৰ স্ব- সান্ত্বনা৷ এওঁলোকেই বেছি ডিপ্ৰেশ্যনত ভোগে৷ আপুনি যদি শাৰীখন, চেলৱাৰ যোৰ পিন্ধিবলৈ লৈ দেখে যে অবাঞ্চিত চৰ্বীয়ে, থাইৰয়দে, চুগাৰে, পিঠি ককালৰ বিষে আপোনাক চল্লিছ বছৰ বয়সতে হেচা মাৰি ধৰিছে, depression আহিবই ৷ এলাহ শত্ৰু, নিয়মিত ব্যায়াম কৰক৷ সময় নাই টো বা
চেলুহে ৷ দিনটোত আধাঘন্টা সময় সকলো মহিলাই পায়েই৷ নিজক সুস্হ, সুন্দৰ ৰাখিলে যি আত্মবিশ্বাস আপোনাৰ আহিব, পৃথিৱীৰ কোনো ঔষধ বা থেৰাপিয়ে তাক সৃষ্টি কৰিব নোৱাৰে ৷
এইখিনি এজন নিতান্ত সাধাৰণ মানুহৰ অভিজ্ঞতা, ইয়াত ‘মেডিকেল ৰিজন’ নাই ৷ বাকী ডা°সুকৃতিয়ে জানেই সকলো ৷৷ — ড° দীপশিখা ভাগৱতী”
#####
ইতিমধ্যে আপুনি আৰু মই ডিপ্ৰেছনৰ বিষয়ে কথা পাতিলো ৷ আমি প্ৰশ্নোত্তৰৰ মাজেৰে ডিপ্ৰেছনৰ কেতবোৰ দিশ বুজাৰ যত্ন কৰিছিলো ৷ মই কৈছিলো যে মুঠতে দহ-বাৰটামান প্ৰশ্নোত্তৰৰ মাজেৰে আমি ডিপ্ৰেছনৰ কেতবোৰ দিশৰ সাধাৰণ আলোচনা কৰিম ৷ ইতিমধ্যে আমি ৩ টা প্ৰশ্নৰ উত্তৰ বিচাৰিছিলো ৷ আহকচোন এতিয়া ৪ নম্বৰ প্ৰশ্নৰে আৰম্ভ কৰো:-
প্ৰশ্ন-৪: আপুনি ঘৰখনত বা কৰ্মস্থলীত নিৰ্দিষ্ট কিবা কাৰণে চাপ /হেঁচা/ বা সম্পীড়ন (stress) ত থাকিব লগা হয় নে কি ?
উত্তৰ :- যদিহে আপোনাৰ উত্তৰ “হয়” (Yes) তেনেহ’লে আপোনাৰ ‘stress’ ক সৰ্বপ্ৰথমে চিনাক্ত কৰক ৷ ‘Stress’ আমাৰ স্বাভাৱিক জীৱন যাত্ৰাৰ অংশ ৷ জীৱনৰ কেতবোৰ নিৰ্দিষ্ট সময়ত কেতবোৰ পৰিস্থিতিৰ সন্মুখীন হওঁতে আমি চাপ অনুভৱ কৰো যিটোৱে শৰীৰৰ ‘epinephrine’ (adrenaline) গ্ৰন্থিৰ নিঃসৰন ঘটায় ৷ ইয়াৰ ফলত হৃৎস্পন্দন বাঢ়ি যায় আৰু মাংসপেশীলৈ সৰ্বাধিক ৰক্ত চলাচল হয় ৷ আচলতে শৰীৰটোৱে আমি যাতে কিবা এটা ‘provoked’ হোৱা ধৰনৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰো তাৰ বাবে নিজকে প্ৰস্তুত কৰে ৷ শৰীৰে যদি চাপৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিবলৈ সক্ষম হয় তেনেহ’লে বাৰু শৰীৰৰ এই অৱস্থাটো শান্ত হ’ব পাৰে ৷ যদিহে শৰীৰটোৱে প্ৰতিক্ৰিয়া কৰিবলৈ নেপায়, ই বিভিন্ন প্ৰকাৰে ক্ষতি কৰিব ৷
চাপ (stress)ৰ লক্ষণ:-
দীঘলীয়া সময়জুৰি আপুনি সন্মুখীন হোৱা চাপ (stress) য়ে আপোনাৰ —-(১) বুকুৰ বিষ (২) পেটৰ অসুখ (৩) মুৰৰ বিষ (৪) ভাগৰ লাগি থকা (৫) নিদ্ৰাহীনতা (৬) অনবৰতে উদ্বেগিত হৈ থকা (৭) বিভিন্ন সংক্ৰমিত ৰোগৰ বলি হোৱা, যেনে — বাৰে বাৰে পানীলগা ৰোগ হোৱা আৰু মুখৰ ভিতৰত আৰু জিভাত ঘাঁ হোৱা (৮) শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী (immune system) দুৰ্বল কৰা (৯) শৰীৰত বেচুঁৰ দৰে ঘাঁ (ezema) হোৱা (১০) উচ্চ ৰক্তচাপ হোৱা (১১) হাৰ্ট এটেক (Myocardial Infarction) আদি সমুহৰ সন্মুখীন কৰাৰ পাৰে ৷
এতিয়া আহকচোন কোনবোৰ পৰিস্থিতিত আমি কেনে ধৰনৰ চাপ (stress) ৰ সন্মুখীন হওঁ তাৰ ওপৰত এবাৰ চকু ফুৰাওঃ
আপুনি “অতি উচ্চ চাপ” (very high stress) অনুভৱ কৰে যেতিয়া:
(১) জীৱন সংগীৰ মৃত্যু হয়
(২)বিবাহ বিচ্ছেদ হয়
(৩) প্ৰেমৰ সম্পৰ্ক শেষ /বিচ্ছেদ হয়
(৪) চাকৰি যোৱা বা ব্যৱসায় বন্ধ হৈ পৰা
(৫)ঘৰ সলনি কৰোতে
আপুনি “উচ্চ চাপ ” (High pressure) অনুভৱ কৰে , যেতিয়া :
(১) চাকৰিৰ পৰা অৱসৰ ল’লে
(২) পৰিয়ালৰ কাৰোবাৰ জটিল ৰোগ হ’লে
(৩)মহিলা সকলে গৰ্ভৱতী অৱস্থাত
(৪)প্ৰিয় বন্ধুৰ মৃত্যু হ’লে
আপুনি “মধ্যম ধৰনৰ চাপ” (Moderate stress) অনুভৱ কৰে, যেতিয়া :-
(১) ধাৰ-ঋণ সম্পৰ্কীয় কথাই আমনি দিয়ে
(২) আইন সম্পৰ্কীয় কথা আপোনাৰ বিপৰীতে যায়
(৩) পৰিয়ালৰ মানুহ বা মিতিৰ-কুটুম্বৰ সৈতে কাঁজিয়া হয়
(৪) জীৱন সংগীয়ে অৱসৰ পালে বা চাকৰি এৰি দিলে
(৫) অফিচৰ সহকৰ্মী বা ওপৰৱালাৰ লগত মতানৈক্য হ’লে
আপুনি “সাধাৰণ চাপ” (Low stress) অনুভৱ কৰে যেতিয়া;=
(১) যেতিয়া কাম কৰাৰ পৰিৱেশ সলনি হয়
(২) ল’ৰা-ছোৱালীৰ যেতিয়া স্কুল সলনি হয়
(৩)সৰু-সুৰা ধাৰ লাগিলে
(৪)কিবা কাৰণে যেতিয়া আপুনি খাদ্যাভাস সলাব লগা হয় ৷
(৫) কোনো উৎসৱৰ সময়ত যেতিয়া আপুনি পিঠা-পনা বনোৱা আৰু আলহী আপ্যায়নত বৰকৈ ব্যস্ত হৈ পৰে
ইয়াৰ বাদেও ব্যক্তিভেদে বেলেগ বেলেগ বিচিত্ৰ কাৰণত চাপ অনুভৱ কৰা দেখা যায় যিবোৰ তালিকাভুক্ত কৰি কৰি শেষ কৰিব নোৱাৰি ৷ যেনে—শ্মশান দেখিলে / প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক দেখিলে/ পৰীক্ষাৰ সময়ত/ যৌন সম্পৰ্কীয় কথাত/টকা গণিবলৈ দিলে/ছবি আঁকিবলৈ দিলে/অংক কৰিবলৈ দিলে /কাৰোবাৰ পুৱাই যদি ভালকৈ পেট চাফা নহয়/কোনো মহিলাই মাহেকীয়া ঋতু হৈ থকাৰ সময়ত/কাৰোবাক মঞ্চত থিয় দি কথা ক’বলৈ দিলে/সদায় পুৱাই হকাৰে দলিয়াই দি যোৱা পেপাৰখন যিদিনা দি নগ’ল/আদি অনেক বিচিত্ৰ সৰু সৰু কাৰণতো মানুহে চাপ (Stress) অনুভৱ কৰে যিটো ব্যক্তিভেদে বেলেগ হয় ৷ মোৰ নিজৰ কথাকে কওঁ ৷ কেতিয়াবা দুই-এজনী বান্ধৱী ৰাতি থকাকৈ আহি খাই বৈ আড্ডা মাৰি যেতিয়া শুবলৈ যাওঁ তেতিয়া বান্ধৱীৰে সৈতে একেখন বিচনাত মোৰ টোপনি নাহে ৷ চাপ (stress) অনুভৱ কৰাৰ বাবে উজাগৰী নিশা কটাব লগা হয় ৷ অৱশেষত কিতাপ পঢ়াৰ বাহানাৰে আনটো ৰূমলৈ যাওঁ ৷ আজিকালি অৱশ্যে মোবাইল টিপা হ’লো ৷ এতিয়া আপুনিও কওকচোন কি এনে বিচিত্ৰ আৰু সৰু-সুৰা কথাত আপুনি চাপ (Stress) অনুভৱ কৰে ?
এইখিনিতে কৈ লওঁ, চাপ (stress) আৰু উদ্বেগ (anxiety) ৰ ঘনিষ্ঠ সম্পৰ্ক থাকিলেও দুয়োটা ভিন্ন বিষয় ৷ উদ্বেগৰ বিষয়ে আমি পিছে-পৰে নিশ্চয় বেলেগে কথা পাতিম ৷
চাপ (stress) অনুভৱ কৰিলেনো কেনে লাগে সেয়া ওপৰত চাপ (stress)ৰ লক্ষণ বুলি কৰা আলোচনাত সামৰি লোৱা হৈছেই। খাবলৈ মন নোযোৱা বা বেছিকৈ খাবলৈ লোৱা, মুৰৰ বিষ, টোপনি নহা, পেটৰ অসুখ, পানীলগা, মনটো বৰ বেয়া লগা, একো কৰিবলৈ মন নোযোৱা, দুৰ্বল অনুভৱ কৰা, মুখৰ ভিতৰত ঘাঁ হোৱা, যৌন আসক্তি কমি যোৱা, মদ্যপান বা ধম্ৰপাণ কৰাৰ প্ৰবল ইচ্ছা হোৱা, দুখ কৰি থাকা, গাৰ কপনি উঠা আৰু একো ক’ব নোৱাৰা হোৱা, ……..চাপ (stress) ৰ এই লক্ষণ বোৰ সোনকালেই চিনাক্ত কৰি নিদানৰ ব্যৱস্থা কৰিবই লাগিব ৷
চাপ(stress) ৰ পৰা নিজকে ৰক্ষা কৰাৰ মূল উপায় দুটা —-
(ক) আপোনাৰ জীৱনধাৰণৰ প্ৰণালী সলাই পেলাওক আৰু ষ্ট্ৰেছমুক্ত জীৱন শৈলীক নিজৰ কৰক ৷ মানে আমি হোষ্টেলৰ ভাষাৰে এটা শব্দ কৈছিলো “বিন্দাচ” জীয়াই থাকক এই জীৱন ৷ মৰাৰ পিছত কোনো ঘুৰি আহি কোৱাহি নাই কি আছে ৷ চকুৰ আগত দেখি থকা জীৱনটোৱেই আচল য’ত সুখ-দুখ একোৱেই স্থায়ী নহয় ৷
(খ) নিজকে শিথিল কৰিব পৰা ব্যায়াম (relaxation exercise) কৰা আৰম্ভ কৰক ৷ এনে ব্যায়ামৰ পদ্ধতি আপুনি নেটত বিচাৰিলেই পাব ৷
ডিপ্ৰেছনৰ বিষয়ে আমাৰ আলোচনাত আজি চাপ (Stress) ৰ বিষয়ে আলোচনা কৰিলো ৷ কাৰণ ডিপ্ৰেছনক বুজি ইয়াৰ বিৰূদ্ধে যুঁজ দিবলৈ আমি চাপ (stress) ৰ বিষয়ে জানিবই লাগিব ৷
ডিপ্ৰেছনৰ বিষয়ে বিতংকৈ আলোচনা কৰিবলৈ আমি আৰু পিছলৈ কথা-বতৰা হ’ম ৷ কিন্ত আজি আপুনি কওঁকচোন :-
প্ৰশ্ন -১ : কোনবোৰ সৰু-সুৰা কথাত আপুনি চাপ (stress) অনুভৱ কৰে আৰু এইবোৰ কিয় সলাব নোৱাৰি বুলি আপোনাৰ ধাৰণা ?
প্ৰশ্ন-২: নিজকে চাপ (stress) মুক্ত কৰিবলৈ আপুনি কি কৰে ?
আমি ইতিমধ্যে ডিপ্ৰেছনৰ বিষয়ে অলপ কথা পাতিলো ৷ ডিপ্ৰেছন বিষয়টো আচলতে বহু বিশাল আৰু জটিল ৷ মই ইচ্ছা কৰিয়েই ইয়াৰ চিকিৎসা বিজ্ঞানৰ সেইবোৰ কথা এৰি গৈছো যিবিলাকৰ প্ৰয়োজন আচলতে এজন চিকিৎসকৰহে ৷ এজন মানুহক ভাল মানসিক স্বাস্থ্যৰ বাবে আৰু ডিপ্ৰেছনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে যিবোৰ কথা জনা উচিত সেই খিনি কথাৰ যথাসম্ভৱ সৰল বৰ্ণনা কৰাৰ যত্ন কৰিছো ৷ মই যিহেতু মেডিকেলৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা চিকিৎসা বিজ্ঞানৰ গহন বিষয়বস্তুলৈ নগৈ আপোনাৰ সৈতে ঘৰুৱাভাৱেহে কথা পাতিছো, সেয়ে কিমান পাৰো সাধাৰণ ব্যাখ্যাতেই আৱদ্ধ ৰাখিছো ৷ আজিকালি বজাৰত সহজ উপলব্ধ কেতবোৰ স্বাস্থ্য সম্পৰ্কীয় কিতাপ পঢ়ি আৰু বিশেষকৈ ইউ টিউব চাই বহুলোকে ৰোগ একোটাৰ সকলো খিনি জানি-বুজি ল’লো আৰু ইয়াৰ ওপৰত জানিব লগা একো নাই বুলি ভাবি নিজেই ওস্তাদি মাৰি চিকিৎসক হ’বলৈ গৈ আপোনজনৰ মৃত্যু মাতি অনাৰ উদাহৰণ অনেক ৷ কথা ইমানখিনি পাইছেগৈ যে প্ৰসৱ যন্ত্ৰণাত আতুৰ পত্নীক ইউটিউব চাই চাই প্ৰসৱ কৰাবলৈ গৈ স্বামীৰ ভুল চেষ্টাত পত্নীৰ মৃত্যু হৈছে ৷ ভঙা হাড় কোনোবা কবিৰাজৰ কিতাপ পঢ়ি ঘৰতে যোৰা দিয়াৰ চেষ্টা চলিছে (তাকো X-Ray নকৰাকৈ) আৰু যাৰ হাড় ভাগিছিল তেওঁ যন্ত্ৰণাত সিপুৰী পাইছেগৈ ! লিখি থাকিলে বহুত দীঘলীয়া হৈ যাব ৷ যদি এনেকৈ দুই-চাৰিখন কিতাপ পঢ়ি আৰু ইউ-টিউব চাই মানুহৰ চিকিৎসা কৰিব পৰা গ’লহেঁতেন বা ফাৰ্মাচীৰ চেলছমেন জনক সুধিয়েই দুটামান টেবলেট খাই ভাল হ’ব পৰা গ’ল হেতেঁন, তেনেহ’লে ইমানবোৰ মেডিকেল কলেজৰ প্ৰতিখনৰে ছাত্ৰ-ছাত্ৰীয়ে দিন-ৰাতি একাকাৰ কৰি বছৰৰ পিছত বছৰ অধ্যয়ন কৰি আৰু প্ৰেক্টিকেল শিক্ষা লৈ মানুহক চিকিৎসা কৰাৰ দৰকাৰ হ’ল হেতেন নে ? সেইবুলিয়েই আমি নিজৰ বা ঘৰখনৰ আন কাৰোবাৰ ৰোগ হ’লে তৎকালীনভাৱে একোৱেই নকৰিম নে ? নহয় ৷ আপোনাৰ বহুত কৰনীয় আছে ৷ এটা কথা মনত ৰাখিব আপুনি নিজেই আপোনাৰ প্ৰথম চিকিৎসক ৷ আপুনি যিজন মেডিকেল শিক্ষাৰে প্ৰশিক্ষণপ্ৰাপ্ত মানুহক ৰোগৰ চিকিৎসাৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাইছে তেওঁ আপোনাৰ দ্বিতীয় চিকিৎসকহে ৷ কিন্ত আপুনি আপোনাৰ সীমাবদ্ধতা খিনি বুজিব লাগিব ৷ আপুনি ৰোগগ্ৰস্ত হোৱাৰ পিছত যি কৰে তাৰ ওপৰত ৰোগটো গুৰুতৰ হৈ পৰা বা ভালৰ দিশলৈ অহা কথাটো বহুখিনি নিৰ্ভৰ কৰে ৷ ইংৰাজীত কয় –Know your limit. আপুনি ৰোগৰ বিষয়ে সাধাৰণ ভাৱে জনা, ৰোগ হ’লে এজন ৰোগীয়ে বা তেওঁৰ গাৰ কাষতে থকা লোক সকলে কি কৰা উচিত বা কি কৰা ক্ষতিকৰ সেই কথা জানিবই লাগিব ৷ এই খিনি জনাৰ বাবে আপুনি জ্ঞানৰ সকলো source ব্যৱহাৰ কৰক ৷ কিন্ত আকৌ ক’লো –Know your limit. মানে ইয়াতকৈ অধিক কিবা কৰিবলৈ নেযাব ৷ সময়ৰ সদ্ব্যৱহাৰ কৰি চিকিৎসকৰ কাষ চাপক ৷ বিশ্বাস ৰাখক ৷ ৰোগ নিশ্চয় ভাল হ’ব ৷ এজন চিকিৎসকৰ ভাল ব্যৱহাৰ আৰু ৰোগীৰ পজিটিভ মানসিকতাই কঠিনকৈ কঠিন ৰোগো অন্ততঃ আধা ভাল কৰে ৷
আপুনি চাগৈ বৰ আচৰিত হৈছে যে ডিপ্ৰেছনৰ বিষয়ে কথা পাতিবলৈ লৈ মই এইবোৰ কথা কথা উত্থাপন কৰিছো ৷ আছে , ইয়াৰ লগতো ডিপ্ৰেছনৰ সম্পৰ্ক আছে ৷ প্ৰথম কথা, মই এনে কেইবাজনো লোকৰ দুখদায়ক মৃত্যু দেখিছো যি সকলে গুগুল আৰু ইউটিউবৰ আশীৰ্বাদত নিজকে চিকিৎসা দিবলৈ যাওঁতে সৰ্বনাশ কৰিলে ৷ তেওঁলোকে নিজৰ অবস্থা ইমানেই শোচনীয় কৰি আনিছিল যে দিনে-নিশাই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিও প্ৰাণ বচাব পৰা নগ’ল ৷ অথচ তেওঁলোকে এইবোৰ নকৰাকৈ চিকিৎসকৰ কাষ চপা হ’লে আজি ফুটবল খেলিব পৰাকৈ সুস্থ হৈ থাকিলহেঁতেন ৷
তদুপৰি গাওঁলীয়া বেজ কবিৰাজ ৷ এই সকলক মই মৃত্যুদুত বুলিয়েই ক’ব ৷ ৰোগমুক্তিৰ আশাৰে অনিষ্টকাৰী বাবা সকলৰ মিৰাকল, ব্লেক মেজিক আৰু জৰি-বুটি বিচাৰি যোৱা আৰু নিজৰ শ্মশান যাত্ৰা কৰা একেই কথা ৷ আশাৰাম বাপু, ৰাম-ৰহিম, ৰাধে মা, ……যৌন কেলেংকাৰী, ঠগবাজী, স্মাগলিং, হত্যা আৰু সকলো ধৰনৰ দুই নম্বৰী কামৰে যুক্ত এই বাবা সকলৰ দৰবাৰলৈ যোৱা আৰু নিজকে নৰকৰ অগ্নিত সপি দিয়া সমাৰ্থক ৷ মনত আছেনে গছৰ শিপাৰে কেন্সাৰ আৰু আন কিবা-কিবি ৰোগ ভাল কৰা মৰিগাঁওৰ টিংকু ডেকা নামৰ কিশোৰ জনৰ কথা ? আজি তেওঁ ক’লৈ গ’ল ? তেওঁৰ বেংকৰ একাউণ্টৰ সবিশেষ জানে নে কোনোবাই ??
মই এনে বহুকেইটা মেচেজ পাইছো য’ত গুগল আৰু ইউটিউব চাৰ্চ কৰি, ফাৰ্মাচীৰ ছেলছবয়ক সুধি তেওঁলোকে ঔষধ খাই থকাৰ কথা কোৱা হৈছে আৰু যাৰ পাৰ্শ্বক্ৰিয়াৰ বাবে কষ্ট ভোগ কৰিছে ৷ মোৰ চিন্তা হৈছে, এইদৰে স্বয়ম্ভু ডাক্তৰ হ’বলৈ গৈ কতলোকৰ মৃত্যু হয় যাৰ সংখ্যা আমি নজনাকৈ থাকি যাওঁ ??
কথাবোৰ মই এই কাৰণেই লিখিছো যে নিজৰ সীমাবদ্ধতাক আমি সকলোৱেই জানিব লাগে ৷ সীমাৰ মাজতেই থাকি নিজৰ কৰণীয় খিনি উপযুক্তভাৱে কৰিব লাগে ৷ এনে কৰিলে আপোনাৰ আপোনজনৰ কোনো হানি-বিঘিনি হ’ব নোৱাৰে ৷
এতিয়া আপুনি ক’ব যে নিজৰ আপোনজনৰ বাবে তেওঁৰ ক্ষতি নোহোৱাকৈ আমি কেনেদৰে নিজৰ কৰ্তব্য উপযুক্তভাৱে কৰিব পাৰো ? ইয়াৰ বাবে মই মোৰ আগৰ ডিপ্ৰেছনৰ বিষয়ে লেখাখিনি পঢ়ি মাননীয়া ৰিজু বৰা বাইদেউয়ে মন্তব্যত যিখিনি কথা লিখিলে সেয়া সকলো মানুহৰ বাবেই আদৰ্শ ৷ মই মুকলিকৈ কৈছিলো যে সাৱিত্ৰী-সত্যবানৰ কাহিনীটো সাধু হিচাপেহে পঢ়িছিলো ৷ কিন্ত তেখেতৰ কাহিনীটো সকলোৰে বাবে অনুকৰণীয় আদৰ্শ সত্য ৷ এতিয়া পঢ়কচোন কি কৈছিল তেখেতে —
######
ৰিজু বৰা বাইদেউৰ কথাখিনি যি সকলোৰে বাবেই আদৰ্শ হোৱা উচিত:-
•বৰ ধুনীয়া প্ৰশ্ন, নিজকে চাপ মুক্ত কৰি ৰাখিবলৈ মই কি কৰোঁ ! মই যি পৰিবেশত সোমাই আছো হয়তো বহু নাৰীৰ কি হ’লহেতেন ভাবো কেতিয়াবা | ২০১৮ চনৰ ২৪ জানুৱাৰীৰ নিশা হঠাতে মোৰ স্বামী মোৰ লগত কথা পাতি থাকোতেই ঢলি পৰে | যিহেতু মই অধ্যয়নৰ জড়িয়তে বহু ৰোগৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰিছো, মোৰ বাবে বুজিবলৈ সময় নালাগিল | মাত্ৰ দুটা মিনিটৰ ভিতৰতে শৰীৰ বিকল হৈ পৰিল | তেওঁৰ ওজন তেতিয়া ৮৫ কিলোগ্ৰাম । মই গাড়ী উলিয়াই তেওঁক গাড়ীত তুলি গাড়ী লৈ ডাক্তৰ বিচাৰি যাওঁ মানে প্ৰায় ২০ মিনিট লাগিব | কিন্তু তেওঁক মই অকলে ডাঙিবও নোৱাৰো | মই এগৰাকী গণিতৰ শিক্ষয়িত্ৰী হিচাপে স্বভাৱজাত হিচাপে অংক আৰম্ভ কৰি গ’লো | তেওঁক যদি ৩০ মিনিটৰ ভিতৰত মই ডাক্তৰ কাষ চপাব নোৱাৰো, মই তেওঁক বিচাৰি লাভ নাই | যিমানে মই সময়ৰ ব্যৱধান কমাবলৈ চেষ্টা কৰিলো সিমান মই শক্তিশালী হৈ পৰিলো | তেওঁ যিহেতু কাণেৰে শুনি আছিল, তেওঁক মাত্ৰ কৈছো যে চকু ভুলতো মুদি নিদিব , নহ’লে মই আপোনাক বচাব নোৱাৰো | মই এটা প্ৰেচাৰৰ টেবলেট তেওঁক জিভাৰ তলত ভৰাই দিলো তেতিয়ালৈ | মাত্ৰ মই তেওঁৰ মগজু সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰি গৈছিলো, মোৰ কামখিনিৰ লগে লগেই | প্ৰায় ২০ মিনিটৰ ভিতৰতে মই তেওঁক ডাক্তৰৰ ওচৰ পোৱালেগৈ | ঘৰৰ সকলোকে ফোন কৰিলো যদিও কাকো সঁচা একো নকলো | কাৰণ মই জানো যে সকলোৱে যেতিয়া মোক বুজাবলৈ যিহকে তিহকে ক’ব, মই নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিম তেতিয়া। মই নিজেই নিজক বুজাই ল’ম । ডাক্তৰে প্ৰাথমিক পৰীক্ষা কৰি জনালে যে ঘৰলৈ লৈ যাওঁক, তেওঁলোকে একো কৰিব নোৱাৰে । পিছদিনা মোৰ ছোৱালীৰ বছৰেকীয়া পৰীক্ষা। তেতিয়াও নিজেই নিজক বুজাই ল’লো, যি হয় – কালিলৈৰ পিছত হে মই প্ৰকাশ কৰিম | তেতিয়া ৰাতি ১২ বাজিছিল । মোৰ কাষত ঘৰৰ মোৰ ভাইটিৰ বাদে কোনো নাই । সিও একো বুজিব পৰা নাই বায়েকৰ হৈছে কি? মই জোৰ কৰি ডাক্তৰক এওঁক ICU ত এডমিট কৰিবলৈ ক’লো । মোৰ ল’ৰা তেতিয়া ৩ বছৰীয়া ; ICU ত ভৰ্তি কৰি মাত্ৰ কৈছিলো, সেই দৰ্জাখনৰ ফালে চাই থাকিবলৈ, মই ৬ টা বজাত তাতে ৰৈ থাকিম । চকু নুমুদিব | ওলাই অহা চকু পানী, কান্দোন বাধা দিবৰ বাবে পতকৈ হাঁহি কৈছিলো, জানেই দেখোন মই আপোনাৰ নেগুৰ নেৰো , মনত ৰাখিব দেই । পিছদিনা ৰাতিপুৱা ছোৱালীক পৰীক্ষালৈ উলিয়াই ল’ৰাক মোৰ মাৰ কাষত থৈ ৬ বজাৰ আগত ICU ৰ দুৱাৰ মুখ পালো। মই জানিছিলো মই কাক পাম । তথাপিও বাৰে বাৰে নিজক বুজাইছিলো , চকু পানী নহয়, এটা হাঁহি মাত্ৰ । আৰু যেনেকৈয়ে তেওঁক কৈ আহিছিলো তেনেকৈয়ে হাঁহি ৰৈ আছিল- দৰ্জা খুলি দিওঁতে, তেওঁ চকু মেলি দৰ্জাখনলৈকে চাই আছিল । আৰু মই মোৰ যুদ্ধখনত জয়ী হৈছিলো । তেওঁ চকু মেলি আছিল । মই মানসিকভাৱে তেওঁ প্ৰস্তুত কৰিছিলো, ডাক্তৰে ইটোৰ পিছত সিটো বেয়া ৰিপ’ৰ্ট দি গৈছিল । আৰু তৃতীয় দিনৰ দিনা হঠাতে তেওঁৰ শৰীৰ সক্ৰিয় হৈ পৰিছিল । লাহে লাহে হাত লৰচৰ কৰিলে, ভৰি লৰচৰ কৰিলে । ফিজিঅ’থেৰাপী দিলো, কিন্তু স্পীচ থেৰাপী নিদিলো, তেওঁ কষ্ট পাব বুলি। কাৰণ তাৰ আগত মই নিজেই তাৰ সোৱাদ লৈ লৈলো । বহু ব্যক্তিক ডিপ্ৰেছনৰ ওপৰত মই counseling কৰিছিলো, যি মোক বিশ্বাস কৰি তেওঁলোকৰ কথা প্ৰকাশ কৰিছিল । মই মাত্ৰ নিজক বাৰে বাৰে কৈছিলো আনক যদি পাৰোঁ নিজক কিয় নোৱাৰো, মই সুবিধা পাইছো নিজক counseling কৰাৰ এই সুযোগ এৰি নিদিও। নিজক বুজালো, এওঁক বুজালো আৰু আজি এওঁক ৭০% সুস্থ কৰিবলৈ সক্ষম হ’লো । মানসিকভাৱে তেওঁ ইমানেই সবল হৈ পৰিল যে মৃত্যুৰ ভয়, চিন্তা তেওঁৰ নোহোৱা হ’ল । সকলো দায়িত্ব মই অকলেই কৰোঁ,, আৰু কাহানিও নিজক দুৰ্বল হ’বলৈ দিয়া নাই । মনতে ভাবো ,আৰে ভাই আনক যদি ভাষণ দিব পাৰো, নিজকো ভাষণ শুনাব পাৰোঁ । মুঠতে নিজৰ বিবেকৰ প্ৰাধান্য দিওঁ । (শ্ৰীযুতা ৰিজু বৰাৰ লেখা ইয়াতেই সমাপ্ত হৈছে)
####
ডিপ্ৰেছনৰ বিষয়ে আমাৰ আলোচনা আৰু আগবঢ়াই নিয়াৰ আগতে আমাৰ ওপৰৰ কথা-বতৰাবোৰ জৰুৰী আছিল ৷
আমি ইতিমধ্যে ওপৰত ডিপ্ৰেছনৰ বিষয়ে বিভিন্ন কথা পাতিলো ৷ আহকচোন প্ৰশ্নোত্তৰৰ মাধ্যমেৰে আমি ডিপ্ৰেছনৰ বিষয়ে আৰু অলপ কথা পাতো ——-
প্ৰশ্ন-৫ : আপোনাৰ মনটো বৰ বেয়া লাগি আছে আৰু আমি ইতিমধ্যে আলোচনা কৰা কেতবোৰ লক্ষণো যেন আপোনাৰ সৈতে মিলি গৈছে ৷ বাৰু কওঁকচোন আপুনি অলপতে ভাইৰেল জ্বৰ আৰু আন কোনো সংক্ৰমণজনিত ৰোগত আক্ৰান্ত হৈছিল নে কি ?
উত্তৰ : যদিহে আপুনি অলপতে ভাইৰেল জ্বৰ আৰু আন কিবা প্ৰকাৰৰ সংক্ৰমণজনিত ৰোগৰ পৰা উঠিছে, এক নিৰ্দিষ্ট সময়লৈকে মন বেয়া লগা, নিৰুৎসাহ অনুভৱ কৰা আৰু গাটো কেলেং-মেলেং লাগি থকা তেনেই সাধাৰণ কথা ৷ চিন্তা নকৰিব ৷ আপোনাৰ ডিপ্ৰেছন হোৱা নাই ৷ নিৰ্দিষ্ট সময়ৰ পিছত এইবোৰ ভাল হৈ যাব ৷ কিন্ত আপুনি ভালকৈ খোৱা-বোৱা কৰক, যথেষ্ট পানী খাব, প্ৰয়োজনীয় টোপনি যাব আৰু দৈনিক খালী হাতেৰে অকণমান ব্যায়াম কৰক, পুৱাই উঠি তিনি কিলোমিটাৰমান খোজ কাঢ়ক নোৱাৰিলে সেইখিনি দুৰত্ব খোজ কাঢ়ি সান্ধ্য ভ্ৰমণ কৰক ৷ এটা পষেক তেনেকৈ কৰি চাওঁক ৷ কিমান গুৰুতৰ ৰোগত ভুগিছিল সেই অনুসৰি আৰু এটা সপ্তাহ চাওঁক ৷ যদি বৰ জটিল ভাৱে আক্ৰান্ত হৈছিল আৰু এটা সপ্তাহ ৷ মানে মুঠতে এমাহ ৷ তাৰ পিছতো যদি মন বেয়া আৰু খুব Low feel কৰিয়েই আছে, চিকিৎসকক সাক্ষাৎ কৰিবই লাগিব ৷ আপোনাক হয়তো anti-depresant ঔষধ দিব বা মনোবৈজ্ঞানীক থেৰাপী কৰা হ’ব পাৰে ৷ কিন্ত নিশ্চিত থাকক আপুনি যে ভাল হৈ উঠিব ৷
প্ৰশ্ন-৬: গাড়ী-মটৰৰ দুৰ্ঘটনা আহত হোৱা বা হাৰ্ট এটেকৰ দৰে চিৰিয়াছ ধৰণৰ কিবা ৰোগত আক্ৰান্ত হোৱাৰ পিছত ডিপ্ৰেছন হ’ব পাৰে নে কি ?
উত্তৰ : হয় ৷ হ’ব পাৰে ৷ ইয়াত একো অস্বাভাৱিকতা নাই ৷
—-“হোৱাটো হৈ গ’ল এতিয়া কিয় মন মাৰি থাক”—–“কিমান শুই থাক”—–“ধেই বাদ দেচোন এইবোৰ”——“বাচি গ’লি যে সেয়াই বহুত”—-এনেদৰে কৈ কৈ যে আমি কিমান আমনি দিওঁ এনে অৱস্থাত পৰা আপোনজনক ৷ অথচ আমি অলপো বুজাৰ চেষ্টা নকৰো যে ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত তেওঁৰ মানসিক অবস্থা শোচনীয় হ’বই পাৰে আৰু ইয়াৰ বাবে ডিপ্ৰেছনত ভোগা বৰ স্বাভাৱিক কথা ৷ আমি তেওঁক আমনি দিয়াতকৈ বুজাই-বঢ়াই মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈহে নিয়া উচিত ৷ চিকিৎসকে দিয়া anti-depressant ঔষধ বা দুটামান Psychological therapy ৰ দ্বাৰা মানুহজন স্বাভাৱিক অৱস্থালৈ আহিব ৷
প্ৰশ্ন-৭: দৈনিক মাত্ৰাধিক মদ (more than safe alcohol limit) খোৱা লোকৰ ডিপ্ৰেছন হয় নে কি ?
উত্তৰ : হয় ৷ কিন্ত মদৰ সুৰক্ষিত মাত্ৰা বা ইংৰাজীত ক’বলৈ গ’লে safe alcohol limit নো কি সেয়া আগতে জানিব লাগিব ৷
প্ৰথম কথা মদ কোনো কাৰণেই স্বাস্থ্যৰ পক্ষে উপকাৰী নহয় ৷ বিশেষকৈ আমাৰ দেশত যিবোৰ মদ উৎপাদন কৰে সেইসমূহৰ উপাদানসমূহ ইমান নিম্নমানদন্ডৰ আৰু ক্ষতিকাৰক যে এইবোৰ একপ্ৰকাৰ slow poison ৰ দৰে আৰু তিল তিলকৈ শৰীৰ ক্ষয় কৰে ৷ বিদেশত উৎপাদিত আঙুৰ , চেৰী বা আপেল আদিৰ পৰা নিৰ্মিত মদ আৰু য’ত উচ্চ মানদণ্ডৰ উপাদান প্ৰয়োগ হয়, সেইসমূহৰ ক্ষেত্ৰতহে আছে safe alcohol limit কথাটো প্ৰযোজ্য ৷ এইবোৰ মদৰ চাপ্লাই বহুত কম পৰিমাণেহে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশলৈ হয় আৰু ক’ৰ’বাত পালেও ইয়াৰ এবটল কিনাৰ অৰ্থনৈতিক সাধ্যও ভাৰতীয় মধ্যবিত্তলোকৰ নেথাকে ৷ আমাৰ দেশত উভৈনদী পাঁচশ টকীয়া বা হেজাৰ দুহেজাৰ পাঁচ দহ হেজাৰ টকীয়াবোৰৰ এটোপালো মুখত দিয়া অনুপযোগী ৷ পলিথিন পেকেটৰ দহ বিশ টকীয়া বোৰ খোৱা ফেনাইল খোৱা সমাৰ্থক। এইবিলাকৰ বাবে safe alcohol limit কথাটো প্ৰযোজ্য নহয়; যিহেতু এটা টোপালো ক্ষতিকাৰক ৷
যি কি নহওঁক চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে safe alcohol limit কি সেয়া এনেধৰণৰ :-
(১) Half a pint of Beer (250 ml/10fl oz : abv 3.5 to 4%) মানে 250 মিললিটাৰ পৰিমাণৰ বিয়েৰ বা বিয়েৰ খোৱা গিলাচৰ আধা গিলাচ বিয়েৰ য’ত এলক’হলৰ মাত্ৰা সৰ্বাধিক 4% থাকে ৷
(২) Small glass of Wine (75 ml/3 fl oz: abv 13%) মানে যিবোৰ ৱাইনত 13% মান এলক’হল থাকে তাৰ সৰু এগিলাচ বা পৰিমাণ হিচাপে 75 মিলিলিটাৰ পাণযোগ্য ৷
(৩) Small glass of sherry (50 ml/2 fl oz: above 20%) মানে চেৰীৰ শ্ৰেনীত পৰা মদৰ য’ত এলক’হলৰ মাত্ৰা 20% তকৈ অধিক থাকে সেয়া মাত্ৰ 50 মিলিলিটাৰ হে পাণ কৰিব পাৰে ৷
(৪) Small measure of a spirit (25 ml/1 fl oz: above 40%) মানে স্পিৰিটৰ শ্ৰেণীত পৰা মদ য’ত এলক’হলৰ মাত্ৰা 40% ৰ বেছি থাকে সেয়া সৰ্বাধিক 25 মিলিলিটাৰ হে পাণযোগ্য ৷
আকৌ কৈছো, এয়া অতিশয় দামী প্ৰকৃত বিদেশী সুৰাৰ হে safe alcohol limit যিবোৰ আমাৰ দেশত সুলভ নহয় বা হ’লেও অত্যধিক দামৰ বাবে আমাৰ দেশৰ ৯৯% মদপীয়েই এইবোৰ সুৰা পান কৰে বুলি ভাবিব নোৱাৰি ৷
আমাৰ দেশৰ বজাৰত সহজ উপলব্ধ সুৰা বিলাকৰ safe alcohol limit নিৰ্ধাৰণ কৰাতো ভুল ৷ এই সকলোবোৰ ক্ষতিকাৰক বাবেই চৰকাৰৰ আদেশত সুৰাৰ বটলত মদ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি লিখি থোৱা হয় ৷ সেয়েহে সুৰাৰ পৰা সততে দুৰত থকায়েই ভাল ৷
দৈনিক সুৰাপান কৰা সকলে এসময়ত ডিপ্ৰেছনত ভোগে ৷ আনহাতে এজন মানুহে দৈনিক কিয় মদপাণ কৰে সেয়াও বিচাৰ্য্য বিষয় ৷ অৱসাদ আৰু নিৰাশাৰ পৰা হাত সাৰিবলৈ মদপাণ কৰাটোয়ে এজন মানুহক আৰু ভয়াৱহ অবস্থাত পেলায় ৷ আৰু এটা জৰুৰী কথা হ’ল –মদ্যপানে পুৰুষৰ যৌন ক্ষমতা কমাই পেলায় বা একেবাৰে নোহোৱা কৰে ৷ ফলত এইবিলাকৰ পৰা হোবা অশান্তিয়ে মানুহ একোজনক ডিপ্ৰেছনলৈ থেলি দিয়ে ৷ সাতেপাঁচে মিলি যেনেকৈ হ’লেও দৈনিক মদ খোৱাটো বন্ধ কৰিবই লাগিব ৷ অন্যথা এসময়ত মদপীজনৰ ডিপ্ৰেছন হোৱাটো খাতাং ৷ এই ক্ষেত্ৰত চিকিৎসকজনে আপোনাক উচিত মাৰ্গদৰ্শন কৰিব পাৰে ৷
#########
এতিয়ালৈকে আমি ডিপ্ৰেছনৰ বিষয়ে বিভিন্ন কথা পাতিলো ৷ এতিয়া আমি পৰৱৰ্তী অংশলৈ আগবাঢ়ো :
প্ৰশ্ন-৮ : আমোদ-প্ৰমোদৰ বাবে সেৱন কৰা নিচাযুক্ত ঔষধ বা ইংৰাজীত ক’বলৈ গ’লে Recreational Drugs য়ে মানুহক ডিপ্ৰেছনৰ ফালে ঠেলি দিয়ে নে কি ?
উত্তৰ :- হয় ৷ Recreational drugs বা আমোদ-প্ৰমোদৰ বাবে সেৱন কৰা নিচাযুক্ত ঔষধে মানুহক নিশ্চিতভাৱে গুৰুতৰ ডিপ্ৰেছনৰ ফালে ঠেলি দিয়ে ৷ এতিয়া আমি জানিব লগা বিষয়টো হ’ল Recreational drugs নো আচলতে কি বস্তু যাৰ বাবে ইমানবোৰ মানুহে নিজৰ সৰ্বস্ব শেষ কৰি ভয়ানক ভৱিষ্যতৰ বাবে ভয় নকৰি সেৱন কৰে ৷ এই Recreational drugs বোৰ এনে কেতবোৰ মাৰাত্মক নিচাযুক্ত বস্তু যিবোৰে মানুহৰ ওপৰত কৰা ক্ৰিয়াবোৰ এনেদৰে ভাগ কৰি দেখুৱাব পাৰি :-
(ক) Hallucination (ভ্ৰম)
(খ) Illusion (ভ্ৰান্তি)
(গ) Distortion (বিকৃতি)
(ঘ) Paradoxical effect (বিৰোধাভাস)
বজাৰত উপলব্ধ Recreational drugs ক বিলাকক এনেদৰে চাৰিটা ভাগক ভগাব পাৰি :-
(ক) Heroin
(খ)Cocaine
(গ)Crystal Methamphetamine
(ঘ) Amphetamine
আনহাতে এই মাৰাত্মক ড্ৰাগছবোৰক আন এটা দিশৰ পৰা চাৰিটা ভাগত এইদৰে ভগাব পাৰি :-
(১) Stimulants (উত্তেজক) ৷ উদাহৰণ — ক’কেইন ৷ এই বিলাকে সেৱনকাৰীক ভীষণ উত্তেজিত কৰি শক্তিশালী হোৱা যেন মিছা অনুভৱ কৰায় ৷
(২) Depressant (অৱসাদ মূলক ) ৷ উদাহৰণ –এলক’হল ৷ সেৱনকাৰীৰ মনত বিৰোধাভাস সৃষ্টি কৰে, আৱেগিক হৈ পৰে, উগ্ৰ হৈ পৰে, উদ্বেগজনক মনৰ স্থিতি হয়, ঠান্ডা লগাৰ অনুভূতি হয় ইত্যাদি ৷
(৩) Opium related . কানিৰ দৰে নিচা সেৱনে সেৱনকাৰীক খুব আৰাম কৰি শুই থকাৰ দৰে অনুভূতি দিয়ে ৷ সেৱনকাৰীজনক বাস্তৱ পৃথিৱীৰ পৰা সপোনৰ অবাস্তৱ জগতলৈ নিয়ে ৷ সেৱনকাৰীয়ে drowsiness অনুভৱ কৰে ৷
(৪) Hallucinogens (LSD) . এইবোৰ সেৱনে সেৱনকাৰীক অবাস্তৱ পৃথিৱী এখনলৈ লৈ যায় ৷ দিন-ৰাতিৰ পাৰ্থক্য, বাস্তৱ পৃথিৱীৰ কথা, তেওঁৰ চাৰিওপিনে কি আছে এইবোৰ একোৱেই নজনা হয় ৷
এইধৰনৰ Recreational drugs ৰ নিচাৰ বাবে ফেন্সীডিলৰ দৰে টনিকৰ পুৰা এবটল পি খোৱা, ফাৰ্মাচীত পোৱা কেতবোৰ টেবলেট যাৰ টোপনি অহা বা সামান্য অসহজ লগাৰ দৰে পাৰ্শ্বক্ৰিয়া থাকে সেইবিলাকৰ বহুকেইটা একেলগে খাই দি নিচা কৰা (এইদৰে নিচা হ’বলৈ টেবলেট খোৱাটোক অসমত হেনো গুটি খোৱা বুলি কয়! ), ড্ৰেনদ্ৰাইট শুঙি নিচা কৰা, ইনজেকচনৰ দ্বাৰা মাৰাত্মক নিচাযুক্ত ঔষধ শৰীৰত সোমোৱাই লোৱা আদি কিমান যে ক্ষতিকাৰক কাম সেৱনকাৰীসকলে কৰে ৷
নিশ্চিত থাকক যদি সময় থাকোতেই ড্ৰাগছ সেৱন কৰা জনক যদি উপযুক্ত কাউন্সেলিং বা মানসিক থেৰাপী বা ঔষধ আদিৰ দ্বাৰা ভাল পথলৈ ঘুৰাই অনা নহয় তেনেহ’লে তেওঁৰ মৃত্যু হ’ব পগলা ফাটেকত উন্মাদ অৱস্থাত বা পথৰ দাঁতিত ফপৰা কুকুৰৰ দৰে। শুনিবলৈ বেয়া লাগিব পাৰে, কিন্ত এই ভাগ্য তেওঁলোকে নিজেই নিজৰ বাবে নিৰ্ধাৰণ কৰা ৷
প্ৰশ্নটোৰ উত্তৰ ইমানেই আছিল যে Recreational drugs খালে মানুহ ডিপ্ৰেছনৰ কৱলত পৰে ৷ কিন্ত মই ইচ্ছাকৃতভাৱেই Recreational drugs ৰ বিষয়ে অলপ বহলাই ক’লো যাতে ইয়াৰ কবলত পৰা সকলক উদ্ধাৰ কৰিবলৈ আমি অহোপুৰুষাৰ্থ কৰিব পাৰো ৷
মোৰ লগত একেলগে কটন কলেজত হায়াৰ চেকেণ্ডেৰী পঢ়া এজন মেধাৱী ল’ৰাই পিছত অসমতেই মেডিকেল পঢ়িছিল ৷ কিন্ত ছাত্ৰ অবস্থাতে তেওঁ কিবা পাকচক্ৰত পৰি ড্ৰাগছ খোৱা হ’ল ৷ এদিন তেওঁ ড্ৰাগছৰ নিচাত বাস্তৱ পৃথিৱীখন পাহৰি গৈ ওখ বিল্ডিং এটাৰ পৰা চৰাইৰ দৰে হেনো উৰিব খুজি জপিয়াই দিলে ৷ এইদৰে অকাল মৃত্যুৰ কবলত এক উজ্জ্বল প্ৰতিভা হেৰাই গ’ল ৷ এইবাবেই দুখ লাগে যে আমি দুয়োটাই মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে একেলগে প্ৰস্তুতি চলাইছিলো ৷ সফলো হ’লো ৷ কিন্ত ড্ৰাগছে তাক মাৰি পেলালে ৷
প্ৰশ্ন -৯: ডিপ্ৰেছন হোৱাটোত পুৰুষ-নাৰী বুলি কিবা কথা থাকে নে কি ?
উত্তৰ : হয় ৷ থাকে ৷ নাৰী আৰু পুৰুষৰ ডিপ্ৰেছনৰ কিছুমান কাৰণ বেলেগ হয় ৷
আপুনি যদি পুৰুষ আৰু কোনো উপযুক্ত কাৰণ নোহোৱাকৈয়ে আমি আগতে আলোচনা কৰাৰ দৰে আপুনি নিজৰ মাজত ডিপ্ৰেছনৰ লক্ষণ দেখা পাইছে যিবিলাক এটা পষেক পাৰ হোৱাৰ পিছতো ভাল হোৱা নাই, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক। সংকোচ নকৰিব ৷ কাৰণ বেছি পুৰণা হৈ গৈ থাকিলে জটিল পৰ্যায় পাবগৈ পাৰে ৷
বন্ধু সকল, আমি এতিয়ালৈকে ডিপ্ৰেছনৰ বিষয়ে বিভিন্ন কথা পাতিলো ৷ এতিয়া আপোনালৈ বুলি লেখাটোৰ লগতে দুখন ফটো সংলগ্ন কৰিলো ৷ এই ফটো দুখন সংলগ্ন কৰাৰ অন্তৰালত থকা কথাবোৰ এনেধৰণৰ :-
(ক) প্ৰথম ফটো —-এই ফটোখন কন্নড় ভাষাৰ প্ৰথিতযশা অভিনেত্ৰী জয়শ্ৰী ৰামাইয়াৰ ৷ এই উঠি অহা বয়সৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ফেচবুকৰ একাউণ্টত “I Quit” বুলি লিখি এটা ষ্টেটাছ দিয়ে আৰু কিছুপৰ পিছত একাউণ্টটো বন্ধ কৰি দিয়ে ৷ ইয়াৰ পিছত তেওঁ নিজকে এটা ঘৰত আৱদ্ধ কৰি ৰাখি সংযোগ কৰিব পৰা সকলো ব্যৱস্থা বন্ধ কৰি দিয়ে ৷ অলপ দিন আগতে সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ ঘটনাটো হৈ গৈছিলহে ৷ সেয়ে জয়শ্ৰীৰ বন্ধু-বান্ধৱী সকল সংকিত হৈ তাইক বিচাৰি চলাথ কৰে ৷ অৱশেষত অদিথি নামৰ জয়শ্ৰীৰ বান্ধৱীগৰাকীয়ে তাইক এটা ঘৰত নিজকে নিঃসঙ্গ কৰি আৱদ্ধ কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰে ৷ জয়শ্ৰীয়ে আজি কিছু দিনৰে পৰা ডিপ্ৰেছনত ভুগিছিল আৰু নিজকে পৃথিৱীৰ পৰা বেলেগাই ৰাখি শেষ কৰি দিব খুজিছিল ৷ অনেক বুজাই-বঢ়াই হিতাকাংক্ষী সকলে জয়শ্ৰীক এই অৱস্থাৰ পৰা বাহিৰ কৰি আনে ৷ এতিয়া জয়শ্ৰীৰ “ডিপ্ৰেছন” ৰ চিকিৎসা চলিছে আৰু আৰোগ্য হোৱাৰ পথত ৷ কিমান বয়স হ’ব জয়শ্ৰী ৰ ? ২০ নে ২৪ বছৰ ? মই সঠিককৈ নেজানো ৷ কিন্ত অনুমান কৰিছো ইয়াতকৈ বেছি হ’ব নেলাগে ৷ এই বয়সতে ইমান যশ-খ্যাতি আৰু টকাৰ প্ৰাচুৰ্য্যৰ পিছতো কিয় এই ডিপ্ৰেছন ? অথচ তাইৰ বয়সৰ লাখ লাখ মানুহে এই পৃথিৱীৰ প্ৰতিটো কোণতেই এটুকুৰা ৰুটিৰ বাবেও মৰণপন সংগ্ৰাম কৰি আছে ৷ জয়শ্ৰীৰ চিনেমাৰ এটা টিকট কিনাটো তেওঁলোকৰ বাবে আকাশ-কুসুম ৷ পৰিয়ালৰ মানুহৰ লগতে হাজাৰ-বিজাৰ বন্ধু-বান্ধৱীৰ মৰম আৰু শুভেচ্ছা অনবৰতে জয়শ্ৰীৰ সৈতে আছেই ৷ ইয়াতকৈ অধিক আৰুনো কি লাগে মানুহক ? তাৰ পিছতো ডিপ্ৰেছন !! মানুহে যদি জীৱনক নিজেই ভাল নেপায় তেনেহ’লে আন বাহিৰা কিহবাই তেওঁক হেচি-ঠেলি টানি-আজুৰি কিমান দিন জীয়াই ৰাখিব সেয়া ভাবি চাব লগা ৷ আমাৰ জীৱনত যিমান দুখ-যন্ত্ৰণাই নাহক কিয় সকলো ক্ষন্তেকীয়া ৷ যিমানেই ভয়ানক নহওক কিয় জীৱনৰ প্ৰতিটো কথাই আজি আছে কাইলৈ নাইৰ দৰে ৷ সেয়ে কপাল চপৰিয়াই দুখ কৰি কিবা জানো লাভ আছে কওক ৷ খন্তেকৰ ভোজ খাওঁতা নাই বুলি এষাৰ কথা আছেই ৷ সুখে-দুখে জীৱনৰ পথত যিহকেই নাহক কিয় আমি জীৱনটো শান্তভাৱে গ্ৰহণ কৰি সন্তোষ হ’ব পাৰিব লাগিব ৷ জীৱনৰ বাস্তৱতা Accept as it is —এইটোৱেই আচল কথা ৷ মাত্ৰ চেষ্টা হ’ব লাগে নিজকে ভালৰ পৰা ভাললৈ লৈ যাবলৈ ৷
দ্বিতীয়খন ফটো —সংলগ্ন কৰা আনখন ফটো প্ৰকাশ ফুলৱাৰীয়া নামৰ এজন ল’ৰাৰ (ডিঙিত ফুলৰ মালা থকাজন) ৷ প্ৰকাশৰ ঘৰ ৰাজস্থানৰ বাৰেমেড় জিলাৰ জিলা সদৰৰ পৰা ৭০ কিঃমিঃ দুৰৰ এখন পিছপৰা ভিতৰুৱা গাওঁত ৷ এইবাৰ দ্বাদশ শ্ৰেনীৰ ফাইনেল পৰীক্ষাত ল’ৰাজনে ৯৯.২% পাই উত্তীৰ্ণ হৈছে ৷ অশিক্ষিত আৰু দাল-দৰিদ্ৰ পৰিয়ালৰ প্ৰকাশৰ দেউতাক বিল্ডিং বনোৱা ঠিকাদাৰৰ অধীনৰ মজদুৰ আছিল ৷ কিন্ত সি দশম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ সময়তে দেউতাকৰ পেৰেলাইছিছ হৈ শয্যাগত হৈ পৰে ৷ দেউতাকেই ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ দেউতাকৰ এই অৱস্থা হোৱাৰ পিছৰে পৰা এটুকুৰা শুকান ৰুটিৰ বাবেও হাহাঁকাৰ অৱস্থা হোৱাৰ পিছতো প্ৰকাশে I.A.S. হোৱাৰ স্বপ্ন খেদিয়েই জীৱনৰ যুঁজত নামি পৰিছে যাতে সি সফল হৈ তাৰ দৰে দুখীয়া পিছপৰা ল’ৰা-ছোৱালী বিলাকৰ মাজত শিক্ষা প্ৰসাৰত সহায় কৰিব পাৰে ৷ তাৰ বায়েকেও যোৱাবছৰ ৮৩% নম্বৰ লৈ দ্বাদশ শ্ৰেনী উত্তীৰ্ণ হৈছিল ৷ মই বৰ সুখী হৈছিলো যেতিয়া মোৰ দাদাই ল’ৰাজনক ভৱিষ্যতে দৰকাৰী সহায় কৰিবলৈ হাত আগবঢ়াইছিল আৰু ল’ৰাজনে পৰম বিনয়ৰে প্ৰত্যাখ্যান কৰি কৈছিল –“মোক যুঁজ দিবলৈ দিয়ক ৷ নহ’লে মই জীৱনটো বুজি উঠিম কেনেকৈ ? যুজঁ কৰি জীৱন জিকাৰ দৰে আন সুখ জানো কিবা আছে ? ” জীৱন জিকাৰ যুদ্ধত মতলীয়া প্ৰকাশৰ দৰে মানুহবোৰে কেতিয়াও “ডিপ্ৰেছন”ত নোভোগে ৷ প্ৰতিবছৰে I.A.S., I.P.S. আদি হোৱা ল’ৰা-ছোৱালী বিলাকৰ ৰিজাল্ট তালিকাখন চালেই গম পাব যে তালিকাৰ আধা মানুহেই প্ৰকাশহঁতৰ দৰে যুঁজ কৰি জীৱন জিকা মানুহ ৷ মই নিশ্চিত যে এদিন প্ৰকাশৰ নামটোও এই তালিকাত উজ্বলি উঠিব ৷
দুখৰ এটা মূখ্য কাৰণ আনৰ লগত নিজকে তুলনা কৰা ৷ সৌন্দৰ্য্যই হওঁক, ধন-দৌলতেই হওঁক, জীৱনৰ মান-প্ৰতিষ্ঠাই হওঁক বা আমাৰ আপোনজন জীয়াই থকা-নথকা কথাই হওঁক,আমি সদায় আনৰ সৈতে নিজকে তুলনা কৰি দুখ পাওঁ আৰু নিৰাশাত ভোগো ৷
মই নিজৰেই উদাহৰণ দি কওঁ—-যেতিয়া হোষ্টেল খালী কৰি আনবোৰ ছোৱালী বিহু-পুজা বা পৰীক্ষাৰ পিছৰ ব্ৰেকবোৰত হাঁহি-আনন্দ কৰি নিজৰ নিজৰ ঘৰলৈ গৈছিল মই সেই দিন কেইটাত দীঘলীয়া বন্ধ হ’লে পেয়িং গেষ্ট হৈ উচ্চ দৰত ক’ৰ’বাত থাকিব লগা হৈছিল ৷ দুই-চাৰিদিনৰ বন্ধত কাকুতি-মিনতি কৰি হোষ্টেলতেই থাকি গৈছিলো ৷ মোৰ মনটোয়ে ঘৰলৈ যাবলৈ বৰ হাহাকাৰ কৰিছিল ৷ কিন্ত মইনো যাম ক’লৈ ? কাৰণ মই যে ঘাট-মাউৰা আছিলো যাৰ দেউতাকক চতুৰ্থ শ্ৰেণীতেই উগ্ৰপন্থীয়ে হত্যা কৰিছিল আৰু মাক অষ্টম শ্ৰেনীলৈ উত্তীৰ্ণ হোৱাৰ সময়তেই পাগলী হৈ মৃত্যু মুখত পৰিছিল ৷ মই জীয়াই থকাতোও এচাম সোণৰ অসমৰ ঠিকাদাৰৰ সহ্যৰ বাহিৰ আছিল আৰু মোক মাৰি পেলাবলৈ গুলীবৰ্ষণ কৰিছিল যাৰ আঘাতৰ পৰা মই দৈৱক্ৰমে বাচি গৈছিলো ৷ মোৰ ঘৰখন বা মোৰ পৰিয়াল বুলি থকা বিষয়টো চিৰকাললৈ মনৰ পৰা মচি দি এনেদৰেই হোষ্টেলনিৱাসী হৈয়েই দিন পাৰ কৰিছিলো ৷ জীৱনে দিয়াবোৰ শান্তভাৱেই গ্ৰহণ কৰিছিলো ৷ এই খিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্ত এই যে ক’লো কলেজৰ বন্ধৰ দিনবোৰত আন সকল ঘৰলৈ যাওঁতে মই অকলেই থাকি যাব লগা হৈছিল, সেই সময়ত ঘৰলৈ গৈ আন ছোৱালীবোৰৰ চাগৈ কিমান ভাল লাগে অথচ মই এই ভাল লগা কথাটোৰ পৰা বঞ্চিত জাতীয় এটা কথা অনাহকতে সেই বন্ধৰ দিন কেইটাত মোৰ মগজুত ঘুৰি থাকিছিল ৷ ইয়াৰ বাবে কিবা এটা দুখ আৰু নিৰাশাৰ ভাৱে মোক কষ্ট দিছিল ৷ হয়তো সেয়া কোমল বয়সৰ ভুল ভাৱনা আছিল ৷ ঘুৰি চাই ভাৱি দেখিছো এনেকৈ ভাবি মই পালোয়েই বা কি ? একোৱেই নাই ৷ তেনেহ’লে এনেদৰে ভাৱ কৰাৰ দৰকাৰেই কি আছিল ? তাৰ সলনি মই আন কিবা ভাবি আনন্দ কৰিব পাৰিলোহেতেন যি হয়তো আজি মধুৰ স্মৃতি হ’ল হয় ৷ কিতাপ পঢ়াকে ধৰি সকলোবোৰ যোগাত্মক কামেই এই বন্ধৰ দিনবোৰত কৰিছিলো। যদিও কাকো কেতিয়াও দেখুওৱা নাছিলো এটা মাত্ৰ ভুল ভাৱনাৰ বাবেই অনাহকতে দুখী হৈছিলো ৷ জীৱনৰ পৰাই শিকিছো, অনাহকতে কৰা ভাৱ-চিন্তা, যিবোৰ আমি সলাব নোৱাৰো সি মানুহক দুখৰ অথাই সাগৰত পেলাব পাৰে ৷ জীৱনৰ বাস্তৱতাক সহজভাৱে গ্ৰহণ কৰি শুদ্ধকৈ ভাবিবলৈ শিকি নিশ্চয় সুখী হ’ব পাৰি ৷
আমি ডিপ্ৰেছনৰ বিষয়ে অনেক কথা পাতিলো ৷ এইবাৰ আমি মহিলা সকলৰ হোৱা ডিপ্ৰেছনৰ বিষয়ে কথা পাতিম :-
(A) প্ৰাক ঋতু-কালীন বিমৰ্ষতা (Pre-menstrual Syndrome) বা চমুকৈ PMS :
মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ কেইদিন আগৰে পৰা অকাৰণতে মন বেয়া লগা, খং উঠি থকা, কিবা যেন Low feel কৰা, সঘনাই মুড সলনি হোৱা আদি দেখা যায় ৷ সকলো মহিলাৰ ক্ষেত্ৰতেই এনে হয় ৷ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পিছত এনেবোৰ মানসিক সমস্যা নিজেই নোহোৱা হয় ৷ কাৰোবাৰ ক্ষেত্ৰত চাৰি-পাঁচদিন আগৰে পৰাই এনে হোৱা দেখা যায় ৷ কাৰোবাৰ হয়তো দুই তিনি আগৰে পৰা হয় ৷ মহিলা অনুসৰি এনে মানসিক অৱস্থাৰ তীব্ৰতা কম-বেছি হয় ৷ সৰহভাগ ক্ষেত্ৰতে PMS দুই তিনিদিনমান আগৰে পৰা হয় আৰু তেনেই সাধাৰণ মাত্ৰাৰ তীব্ৰতাৰে হয় ৷ এয়া কোনো কাৰণতেই ডিপ্ৰেছন নহয় ৷ এইটোক স্বাভাবিক প্ৰাকৃতিক অৱস্থা বুলিয়ে অভিহিত কৰিব পাৰি ৷ কিন্ত PMS যদি এসপ্তাহ দহ দিন আগৰে পৰায়েই আৰম্ভ হয় আৰু ভীষণ তীব্ৰতাৰে হয়, তেনেহ’লে এয়া চিকিৎসা কৰাব লগা কথা হৈ পৰে ৷ এই সমস্যাৰ লক্ষণ –bloating, breast tenderness আৰু mood swing . তীব্ৰমাত্ৰাৰে দীঘলীয়া সময়ৰ পৰা হোৱা PMS য়ে এগৰাকী মহিলাক ডিপ্ৰেছননৈ ঠেলি দিয়াটো অস্বাভাৱিক নহয় ৷ এনে ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপিবই লাগিব ৷
যেতিয়া ঋতুস্ৰাৱ হোৱাৰ সাম্ভাৱ্য সময় আহে, তাৰ কেইদিন আগৰে পৰা তলৰ কথাবোৰ মানি চলিলে PMS ৰ তীব্ৰতাৰ পৰা ৰক্ষা পাব পাৰি:-
(১) কোনো কথাতেই tension নল’ব ৷ যিবোৰ চিন্তাই আপোনাক অস্থিৰ কৰিছে, সেইবোৰ কেইদিনমান পিছত দেখা যাব বুলি Pending কৰক ৷
(২) Relaxation exercise কৰক ৷ ইউটিউবত এনে ব্যায়ামৰ বহুত ভিডিও
পাব ৷
(৩) খাদ্য এবাৰতে সৰহকৈ নেখাব ৷ কমাই খাব কিন্ত বাৰে বাৰে খাওক ৷ কাৰ্ব’হাইড্ৰেট আৰু ফাইবাৰ থকা খাদ্য খোৱাৰ চেষ্টা কৰিব
(৪) খাদ্যত নিমখৰ পৰিমাণ কম কৰক ৷ কেচা নিমখ ভুলতো নেখাব ৷
(৫) দুদিনমান চকলেট খোৱা বন্ধ কৰক
(৬) মদ্যপান কৰাটো TOTAL NO NO.
(৭)চাহ আৰু কফি এইকেইদিন কমাই খাওক
(৮) প্ৰয়োজনবোধে দৈনিক ভিটামিন B6 supplement ল’ব লগা হ’ব পাৰে
(৯) Evening primorse তেল ব্যৱহাৰ কৰিলে PMS ৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ সহজ হোৱাৰ লগতে anxiety কম কৰে ৷ মহিলাৰ বাবে এটা সুখবৰ হ’ল >> যদি Evening Primorse তেল 4 /5 gm মানকৈ 12 সপ্তাহলৈকে দৈনিক ব্যৱহাৰ কৰে তেনেহ’লে ওজন কম হৈ slim হ’ব পাৰিব ৷
(B) মেন’পজ জনিত বিমৰ্ষতা:
এজনে কণমানি ছোৱালীৰ যেনেকৈ সাধাৰণতে ১০-১২ বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয়, সেইদৰে ৪৫ ৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰত মাহেকীয়া ঋতুস্ৰাৱ হোৱা বন্ধ হয় ৷ এনেদৰে মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱাটোক মেন’পজ হোৱা বুলি কয় ৷ মেন’পজ হোৱাৰ অবস্থাত মহিলাৰ ডিম্বাশয়ত ডিম্বাণু উৎপাদন নহয় আৰু sex hormone oestrogens কমি আহে ৷
মেন’পজ হোৱাৰ সময়ত হৰ’মনৰ সালসলনিৰ বাবে ওপৰত কোৱা PMS ৰ দৰে কেতবোৰ লক্ষণে দেখা দিয়ে ৷ তদুপৰি oestrogenৰ পৰিমাণ কম হৈ অহাৰ বাবে osteoporosis আৰু হাৰ্টৰ অসুখো হ’ব পাৰে ৷
মেন’পজৰ সময়ত হোৱা শাৰীৰিক আৰু মানসিক সালসলনিয়ে এগৰাকী মহিলাক ডিপ্ৰেছনলৈ ঠেলি দিব পাৰে ৷ আপুনি এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’বই লাগিব ৷ চিকিৎকে আপোনাক anti-depressant ঔষধ আৰু Hormone replacement therapy দিব পাৰে ৷
মেন’পজ হোৱাৰ সময়ত মহিলা সকলে যদি তলৰ কথাবোৰ মানি চলে উপকাৰ পাব:-
(১) জীৱন ধাৰণৰ প্ৰণালী সলনি কৰক ৷ কেলচিয়ামযুক্ত খাদ্য খাওক ৷ প্ৰয়োজনবোধে calcium supplement দৈনিক খাব লগা হ’ব পাৰে ৷ দৈনিক কম পক্ষেও আধা ঘন্টা ব্যায়াম কৰক ৷ খৰ খোজেৰে তিনি কিলোমিটাৰ ফুৰি আহক ৷ চিগাৰেট আৰু মদ্যপান কৰাটো কম কৰক ৷ ছয়াবিন বেছিকৈ খাব ৷ ছয়াবিনত প্ৰাকৃতিকভাৱে Oestrogen বঢ়োৱাৰ উপাদান থাকে ৷ খুব বেছিকৈ যদি mood swing হয় তেনেহ’লে জীৱন সংগীক খুলি কওঁক আৰু চিকিৎসকৰ পৰামৰ্শ লওঁক ৷
(২) প্ৰয়োজনবোধে Hormone Replacement Therapy (HRT) ৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে ৷ কিন্ত দেখা গৈছে যে HRT ল’লে osteoporosis আৰু হাৰ্টৰ সমস্যা কম হ’লেও কিন্ত Breast Cancer ৰ সম্ভাৱনাত সামান্য পৰিমাণে উদগণী যোগাব পাৰে ৷ তদুপৰি বহুতো মহিলাৰ বাবে ই suitable নহয় ৷
মইতো ক’ম যে Healthy খাওঁক, ব্যায়াম কৰক আৰু প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ মানি ঔষধ খাওক ৷ কিন্ত এনে একো নকৰাব যিটো ভৱিষ্যতে ক্ষতিকাৰক হ’ব পাৰে ৷
এটা অপ্ৰাসঙ্গিক চিন্তা:
ঋতুস্ৰাৱ আৰম্ভ হ’লে অসমত অনেক ৰীতি-নীতিৰে তোলনী বিয়া পাতে ৷ এটা তেনেই স্বাভাৱিক প্ৰাকৃতিক কথা লৈ অসহ্যকৰ Propaganda কৰে ৷ ফটকা ফুটাই বেণ্ড পাৰ্টি বজাই বিৰাট ৰভা-খোলা দি ভোজ ভাত খুৱাই উৎসৱ পাতে ৷ এই পৰম্পৰা বা ৰীতি-নীতিক চ্যালেঞ্জ কৰি কিবা লিখা আৰু কোদোৰ বাহত জুই দিয়াৰ পৰিৱেশ ৰছনা কৰা একে হ’ব ৷ সেয়ে No comment . কিন্ত মোৰ মগজুত ঘুৰি থকা প্ৰশ্নটো হ’ল –ঋতুস্ৰাৱ আৰম্ভ হ’লে যদি অতবোৰ ৰীতি-নীতিৰে তোলনী বিয়া পাতে তেনেহ’লে ঋতুস্ৰাৱ বন্ধ হ’লে মানে মেন’পজ হ’লে কিয় একো ৰীতি-নীতি নকৰে ? এই বিষয়ত কিয় সংস্কৃতি আৰু পাৰম্পৰিক ৰীতি-নীতিৰ কথা নাহে ? ইয়াৰ আঁৰত থকা মান্ধাতাকলীয়া চিন্তাটো হ’ল সমাজৰ ৰীতি-নীতিৰ ঠিকাদাৰ সকলে যিদৰে সদ্য তোলনী হোৱা ছোৱালী এজনীক কাৰোবাৰ ঘৈণীয়েক হ’ব পাৰিব বা মাক হ’ব পাৰিব বুলি ফুৰ্তি কৰে সেইদৰে মেন’পজ হোৱা মহিলাক সন্তান জন্মৰ ক্ষমতা শেষ হ’ল বা কামত নলগা বুঢ়ী হ’ল বুলি উপেক্ষা কৰে ৷ নহ’লে কিয় নেপাতে মেন’পজক লৈ কোনো উৎসৱ ??
আমি কি কি ৰীতি-নীতি মানিম আৰু কি কি নেমানো সেয়া সকলোৰে ব্যক্তিগত অধিকাৰ ৷ ইয়াত কাকো কোনেও একো ক’ব লগা নাই ৷ কিন্ত মহিলাক কেৱল মহিলা হোৱাৰ বাবেই ভৰিৰে গচকি ৰখাৰ যিবোৰ ষড়যন্ত্ৰ ইয়াৰ প্ৰতিবাদ প্ৰতিজনী নাৰীয়েই কৰা উচিত ৷
(C) সন্তান জন্ম দিয়াৰ পিছত হোৱা মহিলাৰ বিমৰ্ষতা:
সন্তান জন্ম দিয়াৰ পিছত মহিলা সকলৰ এক প্ৰকাৰৰ ডিপ্ৰেছন হয় ৷ আপুনি জানেনে সন্তান জন্ম দিয়াৰ পিছতেই প্ৰত্যেক ১০ গৰাকীৰ ভিতৰত ৪ গৰাকী মহিলায়েই ডিপ্ৰেছনৰ চিকাৰ হয় ৷ তাৰে এগৰাকী মহিলাৰ ডিপ্ৰেছন বৰ গুৰুতৰ (Severe) আৰু দীঘলীয়া হয় যিটো long-term postnatal depression বুলি আখ্যা দিয়া হৈছে ৷
সন্তান জন্ম দিয়াৰ পিছত সলনি হোৱা শৰীৰৰ হৰ’মনৰ সমীকৰণ, জীৱনলৈ অহা নাটকীয় পৰিৱৰ্তন, নতুনকৈ আৰম্ভ হোৱা মাতৃত্বৰ দায়িত্ব আদি কথাবোৰে সন্তান জন্ম দিয়াৰ পিছত মহিলা এগৰাকীক ডিপ্ৰেছনলৈ ঠেলি দিয়ে ৷ তদুপৰি সন্তান জন্ম দিয়াৰ পিছত সাধাৰণতে ঘৰ-পৰিয়ালৰ সকলোৱেই কেচুৱাটোক যত্ন কৰা আৰু মৰম কৰা লৈয়েই ব্যস্ত হয় কিন্তু মহিলা গৰাকীক উপেক্ষিত হৈ থাকি যায় ৷ মানে সমস্ত মনোযোগ আৰু আকৰ্ষণৰ কেন্দ্ৰ কেচুৱাটোয়েই হয় আৰু মহিলা গৰাকীয়ে পাব লগা মনোযোগ আৰু যত্নৰ পৰা বঞ্চিত হয় ৷ এই কথাটোয়ে মহিলা গৰাকীক নিজে গম নোপোৱাকৈ বিমৰ্ষ কৰে ৷ এই অনুক্ৰমে সন্তান জন্ম দিয়া প্ৰত্যেক দহ গৰাকী মহিলাৰ আঠ গৰাকীয়েই ডিপ্ৰেছনৰ চিকাৰ হয় আৰু ইয়াৰে এগৰাকীৰ ডিপ্ৰেছন বৰ গুৰুতৰ ধৰনৰ তথা দীঘলীয়া হয় ৷ আজি আমি এই বিষয়েই অলপ কথা পাতো আহক —-
(ক) সন্তান জন্ম দিয়াৰ পিছত যদিহে মহিলা গৰাকীয়ে এসপ্তাহ-দহ দিনমান মন বেয়া কৰি থাকে তেনেহ’লে বৰ বেছি চিন্তাৰ কাৰণ নাই ৷ এনেকুৱা সকলো সন্তান জন্মদিয়া মহিলাৰেই হয় যাক ” Baby-blues” বুলি জনা যায় ৷ যদিহে তলৰ কথাবোৰ মন দিয়ে তেনেহ’লে “Baby-blues” ৰ সৈতে সহজ হ’ব পাৰিব —–
(১) আপোনাৰ জীৱন-সংগী আৰু ঘৰ-পৰিয়ালৰ মানুহক পোনেপোনে কথা কৈ সহযোগ বিচাৰক ৷ কেচুৱাটোৰ লগতে আপুনিও পাব লগা যত্নকণ দাবী কৰি লওক ৷ কেচুৱাটোক মনোযোগ দি আপোনাক চাবলৈ পাহৰিয়েই গ’ল –point out কৰক ৷
(২)এই সময়ত আপোনাৰ ঘৰুৱা কাম-বনৰ বাবে আনৰ সহায়ৰ বৰ দৰকাৰ ৷ আজিকালি micro-family হোৱাৰ বাবে এনে সময়ত অলপ দিন থাকি সহায় কৰি দিবলৈ কোনো নেথাকে ৷ আপোনাৰ সুবিধা অনুসৰি পৰিয়ালৰ কোনোবা অলপ দিন থাকি সহায় কৰি দিয়া বা দৰমহা দি domestic help ৰাখিব পাৰে বা absolutely machine dependent হোৱা যিটোৱেই আপোনাৰ ক্ষেত্ৰত সুবিধাজনক হয় কৰিব ৷
এতিয়া Machine dependent মানে কি হয়তো আপুনি সুধিব ৷ এইটো পাশ্চাত্যৰ ধাৰণা যিটো আমাৰো জীৱনৰ অংশ হৈছে ৷ কাম কৰা মেচিন ৷ যেনে ধৰক কাপোৰ ধুবলৈ ৱাশ্বিং মেচিন, বাচন ধুবলৈ ডিচ্ ৱাশ্বাৰ মেচিন, ঘৰ পৰিস্কাৰ কৰা ভেকুৱাম ক্লিনাৰ….আৰু বহুতো আছে ৷ এইবিলাকতো আজিকালি ঘৰে ঘৰে হ’ল ৷ দাম যিয়েই নহওঁক কিয়, আজিকালি সহজ installment ত পোৱা যায় ৷ এইবোৰ বিলাসিতা নহয় ৷ আমাৰ জীৱন যাত্ৰা সহজ কৰা এই সামগ্ৰীবোৰ সঁচাকৈয়ে প্ৰাথমিক প্ৰয়োজন আজিকালি ৷ আৰু আপোনাৰ মানুহজন ক’ত কাট মাৰি পলাল বিচাৰক( ৷ কেচুৱাৰ দেউতাক হৈ দুদিনমান ছুটি লৈ ঘৰৰ কাম নকৰিব কিয় ? হি হি ৷ মানুহজনৰ পৰা কেইদিনমান ঘৰুৱা কামত সহযোগ বিচাৰক ৷ সন্তান জন্ম দিয়াৰ পিছত এগৰাকী মহিলা ডিপ্ৰেছনত কিমান মাত্ৰাত ভুগিব আৰু কিমান সোনকালে ঠিক হ’ব সেয়া তেওঁৰ স্বামীৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰে ৷
(৩) ঘৰুৱা কামবোৰক (ক) এতিয়াই কৰা দৰকাৰী আৰু (খ) পিছলৈ থ’ব পৰা আৰু (গ)নকৰিলেও চলি যাব—-এই তিনি ভাগত বিভক্ত কৰক ৷ কামবোৰ সেইমতেই কৰক ৷
(৪) কেচুৱাটো টোপনি যোৱাৰ সময়তেই আপুনিও অকনমাণ শুই লওঁক ৷ সাধাৰণতে মহিলা সকলে এই সময়তে দৌৰাদৌৰিকৈ ঘৰৰ কাম কৰিবলৈ চেষ্টা কৰে ৷ এয়া ভুল ৷ কেচুৱা সাৰ পালে আপোনাৰতো আৰু শুৱা নহ’ব ৷ তেনেহ’লে আপুনি শুব কেতিয়া ? যি কাম কৰে সেয়া কেচুৱা সাৰ পাই থাকোতেই কৰিব লাগিব ৷ এয়াই মাতৃত্বৰ মহানতা ৷ এহাতে কেচুৱা আনহাতে কাম ৷ কিন্ত ২ নম্বৰ পইন্টটো মন কৰিব ৷
(৫) কেচুৱাটো কোলাত লৈ চোতাললৈ বা পদুলিলৈ দিনটোত এবাৰ হ’লেও ওলাবচোন ৷ অনবৰতে কেচুৱা লৈ ৰূমতে সোমাই নেথাকিব ৷ দিনত এবাৰ হ’লেও বাহিৰ ওলাওক ৷ মনটো এনেই ভাল লাগিব ৷
(৬) মানি ল’লো বাৰু যে আপুনি কেচুৱা জন্ম দি উঠিছে গতিকে কঠিন ব্যায়াম এতিয়াই কৰিব নোৱাৰে ৷ কিন্ত প্ৰাণায়ম আৰু relaxation exercise কিয় কৰিব নোৱাৰিব ? লক ডাউনৰ সময়ত এগৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকে হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি ঘৰলৈ উলটি যাওঁতে পথতে সন্তান প্ৰসৱ কৰি তিনি ঘন্টাৰ পিছত সেই সন্তানক কোলাত লৈ এশ কিলোমিটাৰৰো বেছি খোজ কাঢ়ি কোনো এখন চহৰত উপস্থিত হোৱাৰ পিছতহে এটা NGO ই গম পাই প্ৰশাসনৰ সহযোগত জিৰণিৰ ব্যৱস্থা কৰাইছিল ৷ আপুনিও চাগৈ TV ৰ বাতৰিত দৃশ্যটো দেখিছে ৷ আপুনি বাৰু ইমান হ’ব নেলাগে ৷ কিন্তু নিজৰ শৰীৰটোক অত বেছি আলফুল নকৰিবচোন ৷ জানো দিয়ক আপুনি দেউতাৰ ৰাজকুমাৰী আছিল আৰু স্বামীৰ হৃদয়ৰ মহাৰাণী ৷ সেইবুলিয়েই ইমান এলাহ কৰাৰ চান্স নল’বচোন ৷ উঠক ৷ প্ৰাণায়ম কৰক আৰু গাত বেছি জোৰ নপৰা খালী হাতৰ সাধাৰণ ব্যায়াম কৰক ৷
(খ) সন্তান জন্ম দিয়াৰ পিছত বহুতো ডিপ্ৰেছনৰ চিকাৰ হোৱা মহিলাৰ মনলৈ এনে ভাৱ আহে যে কেচুৱাটোকো মাৰি পেলাম আৰু নিজেও মৰিম ৷ তেওঁলোকৰ মনলৈ অহা অদ্ভুৎ চিন্তাবোৰ এনেকুৱা হয় >>>কেচুৱাটো যদি খিৰিকীৰে দলিয়াই দিয়া যায় কেনে লাগিব বাৰু ? যদি চলি থকা ৱাশ্বিং মেচিনটোৰ ভিতৰত কেচুৱাটো সোমোৱাই দিয়া হয় ?? ফ্ৰীজৰ ভিতৰত যদি কেচুৱাটো সোমোৱাই দিও ? উশাহ ল’ব নোৱাৰাকৈ যদি চুটকেচটোত ভৰাই থওঁ ? যদি উতলা দাইলৰ কেৰাহিত কেচুৱাটো পৰি যায় ? যদিহে ঘৰটো ভাঙি কেচুৱাটোক হেচি ধৰে ? <<<<< এই ধৰনৰ লোমহৰ্ষকাৰী বহুতো ভাৱনা ডিপ্ৰেছনৰ চিকাৰ মহিলা গৰাকীৰ মনলৈ আহে ৷ এনে যিকোনো ভাৱে এবাৰলৈ মনত খেলা কৰিলেই চিকিৎসকক দেখা কৰক ৷ এনে অৱস্থাত anti-depressant ঔষধ প্ৰয়োগ কৰাটো বৰ দৰকাৰ ৷ প্ৰয়োজনবোধে psychological therapy ও দিয়া হ’ব পাৰে ৷
(গ) Postnatal Psychosis: যদি সদ্য সন্তান জন্ম দি উঠা এগৰাকী মহিলাই ভীষণ বিৰক্তি আৰু খঙেৰে আচৰণ কৰে, চকুৰ সন্মুখত অবাস্তৱ বস্তু দেখে আৰু অবাস্তৱ শব্দ শুনে, ওপৰৰ point ‘খ’ ত কৈ অহাৰ দৰে অদ্ভুৎ ভাৱনা তেওঁৰ মনলৈ আহি থাকে তেনেহ’লে মহিলা গৰাকী Postnatal Psychosis নামৰ মানসিক ৰোগত ভোগা বুলি ভাবিব পাৰি ৷ দেৰি নকৰিব ৷ তৎক্ষণাত চিকিৎসকক দেখা কৰক ৷
(ঘ) আপোনাৰ কেচুৱা জন্ম দিয়া ছমাহ হ’ল ৷ ইমান দিন পিচতো আপোনাৰ মন ভীষণ বেয়া লাগি থাকে ৷ কেচুৱাটো কিবা যেন ভাল নেলাগে ৷ হাঁহিবলৈ আপুনি পাহৰি গৈছে ৷ বিনা কাৰণে সকলো বিষয়তে বিৰাট উদ্বিগ্ন হৈ থাকে ৷ কিবা যেন খিংখিঙীয়া হৈ গৈছে আপুনি ৷ বোধকৰো আপুনি সেই যে প্ৰথমটো পেৰেগ্ৰাফতে কৈছিলো ১০ ৰ ভিতৰত ৮ গৰাকী মহিলা চিকাৰ হোৱা postnatal depression ৰ এগৰাকীৰ ৰোগ গুৰুতৰ হয়, হয়তো সেই গৰাকী আপুনি ৷ চিন্তা-ভাৱনা বাদ দি চিকিৎসকক দেখা কৰক ৷ চিকিৎসাৰ মাধ্যমেৰে আপোনাৰ ৰোগটো ভাল কৰিব পৰা বিধৰ ৷
এই খিনিতে লক্ষ্য কৰিব লগা কথা হ’ল সন্তান জন্ম দিয়াৰ দুসপ্তাহ পিছতো মহিলা গৰাকীৰ মন বেয়া নে কি ? যদি হয় তেওঁক মানসিক অৱসাদৰ চিকিৎসাৰ দৰকাৰ ৷
এটা সন্তান জন্ম দিয়াৰ পিছত দৈনন্দিন জীৱনৰ বহুতো কথায়েই সলনি হৈ যায় ৷ ৰাতি কেচুৱাৰ লগত টোপনি ক্ষতি হোৱাটো সকলোৰে অভিজ্ঞতা ৷ স্বাভাৱিকতেই মানুহ গৰাকীৰ ওপৰত বহুত Stress পৰে ৷ মহিলা গৰাকীৰ শৰীৰত সলনি হোৱা হৰ’মনৰ বাবে তেওঁ কিমান যে শাৰীৰিক মানসিক ভাৱে কিমান চ্যালেঞ্জীং অৱস্থাত পৰে সেয়া ঘৰৰ মানুহে নুবুজিলেনো কোনে বুজিব কওঁকচোন ৷ এনে অৱস্থাত ঘৰখনৰ আটাইয়েই কেচুৱাটোৰ লগতে মানুহ গৰাকীৰো যত্ন লোৱা উচিত ৷ আপোনাৰ মনোযোগ আৰু অলপ আদৰ- যত্নই আপোনাৰেই মানুহজনীক ভালে ৰখাতকৈ আৰু ভাল কথা কি হ’ব পাৰে ?
ডিপ্ৰেছনৰ বিষয়ে আপুনি আৰু মই বহুত কথা পাতিলো ৷ আমাৰ কথা-বতৰাৰ মাজেৰে কেবল যে ময়েইহে কিবা শিকালো-বুজালো এনে কথা একেবাৰেই নহয় ৷ আপোনালোকৰ পৰাও মই বহুতো কথা শিকিলো ৷ ডিপ্ৰেছনৰ বিষয়ে হোৱা আমাৰ কথা-বতৰা এইবাৰলৈ ইমানতে শেষ কৰিব খুজিছো ৷
ডিপ্ৰেছনৰ বিষয়ে মই লিখাৰ মাজত এটা বৰ দৰকাৰী মন্তব্যৰ আৰঁত থকা কথাবোৰ বিস্তাৰিত ভাৱে লিখিবলৈ শ্ৰীযুতা ৰিজু বৰা বাইদেউক অনুৰোধ কৰিছিলো ৷ তেখেতে ব্যস্ততাৰ মাজতো মোৰ অনুৰোধ ৰক্ষা কৰি এটা লেখা লিখিছিল যিটো বাইদেউৰ অনুমতি সাপেক্ষে কপি কৰি আপোনালৈ বুলি ইতিমধ্যে আগবঢ়াই দিছিলো ৷ তেওঁ লেখাৰ সৈতে সঙ্গতি ৰাখি পুনৰ তেওঁৰেই অইন কিছু লেখা তলত আগবঢ়ালো। আশা কৰো তেখেতৰ এই লেখাই আপোনাক উপকৃত কৰিব ৷
শ্ৰীযুতা ৰিজু বৰা বাইদেউৰ এই লেখাখিনি পঢ়ি চাওকছোন ——
#হতাশা আৰু কিছু কথাঃ
ড০ সুকৃতিৰ হতাশাৰ ওপৰত লিখা লিখনী এটিৰ মন্তব্য কৰোঁতে তেখেতে মোৰ কিছু কথা লিখিবলৈ কৈছিল | মই মোৰ সংগ্ৰামৰ কথা কিছু পৰিমাণে লিখিছিলো | মই আজি তাৰ লগত সম্পৰ্ক থকা কিছু কথা লিখিবলৈ লৈছো ।
জীৱনৰ এটা সময়ত মোৰ মুৰৰ ওপৰতো ভাগি পৰিছিল আকাশ । কিন্তু বিচলিত নহৈ পাৰ কৰি আহিছিলো সেই সময় | মৃত্যুৰ লগত যুঁজ দিবলৈ শিকাবলৈ বাধ্য হৈছিলো নিজৰ প্ৰিয়জনক । নিজক সবল কৰিব লাগিছিল মানসিকভাৱে আৰু সফলো হৈছিলো মই তাত । মই মোৰ মন্তব্যটো তলত হুবহু তুলি দিলোঁ ……..
মোৰ মন্তব্যটোঃ
বৰ ধুনীয়া প্ৰশ্ন নিজকে চাপ মুক্ত কৰি ৰাখিবলৈ মই কি কৰোঁ ! মই যি পৰিবেশত সোমাই আছো হয়তো বহু নাৰীৰ কি হ’ল হয় ভাবো কেতিয়াবা । ২০১৮ চনৰ ২৪ জানুৱাৰীৰ নিশা হঠাতে মোৰ স্বামীৰ মোৰ লগত কথা পাতি থাকোতেই ঢলি পৰে । যিহেতু মই অধ্যয়নৰ জড়িয়তে বহু ৰোগৰ বিষয়ে বিশদভাৱে অধ্যয়ণ কৰিছো, মোৰ বাবে বুজিবলৈ সময় নালাগিল । মাত্ৰ দুটা মিনিটৰ ভিতৰতে শৰীৰ বিকল হৈ পৰিল | তেওঁৰ ওজন তেতিয়া ৮৫ kg. মই গাড়ী উলিয়াই তেওঁক গাড়ীত তুলি গাড়ী লৈ ডাক্তৰ বিচাৰি যাওঁ মানে প্ৰায় ২০ মিনিট লাগিব । কিন্তু তেওঁক মই অকলে ডাঙিবও নোৱাৰো । মই এগৰাকী গণিতৰ শিক্ষয়িত্ৰী হিচাপে স্বভাৱজাত হিচাপে অংক আৰম্ভ কৰি গ’লো । তেওঁক যদি ৩০ মিনিটৰ ভিতৰত মই ডাক্তৰ কাষ চপাব নোৱাৰো, মই তেওঁক বিচাৰি লাভ নাই । যিমানে মই সময়ৰ ব্যৱধান কমাবলৈ চেষ্টা কৰিলো সিমান মই শক্তিশালী হৈ পৰিলো । তেওঁ যিহেতু কাণেৰে শুনি আছিল, তেওঁক মাত্ৰ কৈছো যে চকু ভুলতো মুদি নিদিব , নহ’লে মই আপোনাক বচাব নোৱাৰো । মই এটা প্ৰেচাৰৰ টেবলেট তেওঁক জিভাৰ তলত ভৰাই দিলো তেতিয়ালৈ । মাত্ৰ মই তেওঁৰ মগজু সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰি গৈছিলো, মোৰ কামখিনিৰ লগে লগেই । প্ৰায় ২০ মিনিটৰ ভিতৰতে মই তেওঁক ডাক্তৰৰ ওচৰ পোৱালেগৈ । ঘৰৰ সকলোকে ফোন কৰিলো যদিও কাকো সঁচা একো নকলো । কাৰণ মই জানো যে সকলোৱে যেতিয়া মোক বুজাবলৈ যি টি ক’ব মই নিজক control কৰিব নোৱাৰিম তেতিয়া । মই নিজেই নিজক বুজাই ল’ম । ডাক্তৰে প্ৰাথমিক পৰীক্ষা কৰি জনালে ঘৰলৈ লৈ যাওঁক, তেওঁলোকে একো কৰিব নোৱাৰে । পিছদিনা মোৰ ছোৱালীৰ annual exam. তেতিয়াও নিজেই নিজক বুজাই ল’লো, যি হয় কালিলৈৰ পিছত হে মই প্ৰকাশ কৰিম । তেতিয়া ৰাতি ১২ বাজিছিল, মোৰ কাষত ঘৰৰ মোৰ ভাইটিৰ বাদে কোনো নাই । সিও একো বুজিব পৰা নাই বায়েকৰ হৈছে কি? মই জোৰ কৰি ডাক্তৰক এওঁক ICU ত এডমিট কৰিবলৈ ক’লো । মোৰ ল’ৰা তেতিয়া ৩ বছৰীয়া ; ICU ত ভৰ্তি কৰি মাত্ৰ কৈছিলো, সেই দৰ্জাখনৰ ফালে চাই থাকিব, মই ৬ টা বজাত তাতে ৰৈ থাকিম , চকু নুমুদিব । ওলাই অহা চকু পানী, কান্দোন বাধা দিবৰ বাবে পতকৈ হাঁহি কৈছিলো, জানেই দেখোন মই আপোনাৰ নেগুৰ নেৰো , মনত ৰাখিব দেই । পিছদিনা ৰাতিপুৱা ছোৱালীক পৰীক্ষালৈ উলিয়াই ল’ৰাক মোৰ মাৰ কাষত থৈ ৬ বজাৰ আগত ICU ৰ দুৱাৰ মুখ পালো । মই জানিছিলো মই কাক পাম । তথাপিও বাৰে বাৰে নিজক বুজাইছিলো , চকু পানী নহয় এটা হাঁহি মাত্ৰ আৰু যেনেকৈয়ে তেওঁক কৈ আহিছিলো তেনেকৈয়ে হাঁহি ৰৈ আছিলো দৰ্জা খুলি দিওঁতে, তেওঁ চকু মেলি দৰ্জাখনলৈকে চাই আছিল আৰু মই মোৰ যুদ্ধখন জিকিছিলো । তেওঁ চকু মেলি আছিল । মই মানসিকভাৱে তেওঁ প্ৰস্তুত কৰিছিলো, ডাক্তৰে ইটোৰ পিছত সিটো বেয়া ৰিপ’ৰ্ট দি গৈছিল আৰু তৃতীয় দিনৰ দিনা হঠাতে তেওঁৰ শৰীৰ সক্ৰিয় হৈ পৰিছিল | লাহে লাহে হাত লৰচৰ কৰিলে, ভৰি লৰচৰ কৰিলে । ফিজিঅ’থেৰাপী দিলো, কিন্তু স্পীচ থেৰাপী নিদিলো তেওঁ কষ্ট পাব বুলি । কাৰণ তাৰ আগত মই নিজেই তাৰ সোৱাদ লৈ লৈলো । বহু ব্যক্তিক ডিপ্ৰেছন ওপৰত মই counseling কৰিছিলো যি মোক বিশ্বাস কৰি তেওঁলোকৰ কথা প্ৰকাশ কৰিছিল । মই মাত্ৰ নিজক বাৰে বাৰে কৈছিলো আনক যদি পাৰোঁ নিজক কিয় নোৱাৰো, মই সুবিধা পাইছো নিজক counseling কৰাৰ এই সুযোগ এৰি নিদিও । নিজক বুজালো, এওঁক বুজালো আৰু আজি এওঁক ৭০% সুস্থ কৰিবলৈ সক্ষম হ’লো | মানসিকভাৱে তেওঁ ইমানেই সবল হৈ পৰিল যে মৃত্যুৰ ভয়, চিন্তা তেওঁৰ নোহোৱা হ’ল | সকলো দায়িত্ব মই অকলেই কৰোঁ,, আৰু কাহানিও নিজক দূৰ্বল হ’বলৈ দিয়া নাই | মনতে ভাবো আৰে ভাই আনক যদি ভাষণ দিব পাৰো, নিজকো ভাষণ শুনাব পাৰোঁ | মুঠতে নিজৰ বিবেকৰ প্ৰাধান্য দিওঁ |
মানুহে যেতিয়া বিপদত পৰে তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাই । যাৰ বাবে মানুহে সঠিক বিচাৰ কৰিব নোৱাৰা হয় | যেতিয়া একেসময়তে অসংখ্যজনে অসংখ্য মন্তব্য কৰিবলৈ লয়, তেতিয়াও সঠিক উত্তৰ বাচি ওলিয়াবলৈ কষ্ট হয় । মানুহে বিপদত পৰিলেই কয়,,, হে ভগবান বচাবা আৰু । মই কাহানিও কৈ পোৱা নাই এয়া, কাৰণ মেৰ বিবেকক মই ভগবানৰ ঠাইত ৰাখি জীৱনত আগবাঢ়িছো । মই সেইদিনাও তাকেই কৰিছিলো । নিজৰ মগজু সক্ৰিয় কৰি ৰাখিবলৈ হ’লে কাণ দুখন বন্ধ কৰিব লাগে, সেইবাবে মই কাকো একো নক’লো । নিজৰ মগজুৰে মাত্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চালো । এজন ৰোগীৰ প্ৰথম ঔষধ হৈছে মানসিক সবলতা । মানসিকভাৱে দূৰ্বল মানুহ এজনক অন্য ঔষধে কাম নিদিয়ে । মৃত্যু হ’ব বুলি কোনেও নাভাবে , সেইবাবে ৰোগী এজনে সদায় নিজকে জীয়াই ৰাখিবলৈ চেষ্টা কৰে । মই ঔষধ হিচাপে এই ধাৰণা ব্যৱহাৰ কৰিছিলো । জীৱনৰ প্ৰতি মোহ তেওঁৰ বৃদ্ধি কৰিবলৈ চাইছিলো । মই মনৰ মাজত শংকা, এবুকু বেজাৰ লৈও চকুপানী বিসৰ্জন দিলো । মোক দুৰ্বল দেখি তেওঁ হতাশ হ’ব আৰু যদি সেইটো হয় তেওঁৰ internal bleeding বঢ়ি যাব । ডাক্তৰে ঔষধ দিয়ালৈকে মই অন্ততঃ তেওঁক জীয়াই ৰাখিব পাৰিব লাগিব । ষ্ট্ৰোক যেতিয়া হয়, তেতিয়া সৰ্বসাধাৰণতে মগজুৰ ভিতৰত সিৰা / উপসিৰা চিঙি তেজৰ সোঁত বৈ যায় যিটো internal bleeding বুলি কৈছো । যেতিয়া মানসিক চাপ বাঢ়ি যায় তেতিয়া সেই ব্লিডিং আৰু বাঢ়িব । মানসিক চাপে আমাৰ সিৰা উপসিৰাবোৰৰ ওপৰত এক চাপ দিয়ে যাৰ ফলত তেজৰ চলাচল বৃদ্ধি পায় । মই তেওঁৰ সন্মূখত ল’ৰাটো থিয় কৰাই দি কৈছিলো, ইয়াক ডাঙৰ আপুনি কৰিব লাগিব, সেইকাৰণে মনৰপৰা ভয়, চিন্তা আতৰ কৰি ভাবক আপোনাৰ একো হোৱা নাই । যদি চিন্তা মনলৈ আনে চকু মুদে মই আপোনাক জীয়াই ৰাখিব নোৱাৰিম , চকু নুবুদিব ,নহ’লে মই আপোনাক বচাব নোৱাৰো | হয়তো মোৰ স্থিৰ মনৰ অৱস্থাতো দেখি তেওঁ সকাহ পাইছিল । মই তেওঁৰ মানসিক চাপ যাতে মনলৈ নাহক তাৰ বাবেহে চেষ্টা কৰি গৈছিলো । অৱশ্যে তেওঁ মোক ইমানেই বিশ্বাস কৰিছিল যে তেওঁ সদায় ভাবে মই কৰিব নোৱাৰা একো নাই আৰু মোৰ আন এটা গুণ হৈছে মই কাহানিও মিছা কৈ পোৱা নাই । তেওঁ ভাবিছিল যে মই যেতিয়া তেওঁৰ একো হোৱা নাই বুলি কৈছো, তেওঁৰ বিশেষ একো হোৱা নাই । ভয় খোৱা নাছিল তেওঁ, যিটো তেওঁৰ কাৰণে ইতিবাচক দিশ আছিল । মোৰ বন্ধুৰ অভাৱ নাই , মই যে কিবা এটা কৰিব পাৰিম সেইটো বিশ্বাসো তেওঁৰ আছিল । মই তেওঁক কৈ আছো মাজে মাজে আৰু মাজে মাজে মই বাকীবোৰ কৰি গৈছো , গাড়ী চলাবলৈ মানুহ বিচৰা , তেওঁক বিচনাৰপৰা তুলিবলৈ মানুহ বিচৰা, ডাক্তৰৰ লগত আগতীয়াকৈ যোগাযোগ কৰা , সকলো কৰি গ’লো । মই তাৰ মাজত নিজকে মানসিকভাৱে সবল কৰিবলৈকো সময় লৈছিলো । মৌন হৈ কিন্তু ভগবানৰ লগতে কথা পাতিছিলো মাত্ৰ, চেলেঞ্জ আছিল ভগবানৰ লগত মোৰ । কাৰণ আপুনি সকলো শেষ কৰি উঠি বাকীখিনি ভাগ্যৰ ওপৰত এৰিব লাগে । মই ভগবানক কৈছিলো মানে প্ৰায় চেলেঞ্জ দিছিলো , মই আজিলৈকে কাকো অন্যায় কৰি পোৱা নাই , যদি কিবা অন্যায় কৰিছিলো আজি মই হাৰি গ’লেও মানি ল’ম তথাপিও কিন্তু যুঁজিম, মোক যুঁজাৰু কৰি কেৱল যুদ্ধ কৰিবলৈ এৰি গ’লা আৰু মই যুঁজি যুঁজি সকলো হাচিল কৰিছিলো , আজি মোৰ ন্যায়ৰ যুঁজ যদি মই জীৱনত অন্যায় কৰিছো তেনেহ’লে লৈ যোৱা এওঁক, মই অকলেই আকৌ যুঁজিবলৈ সাজু হ’ম । কিন্তু মই যুঁজিম এতিয়াও তেওঁক জীয়াবলৈ।
মোক আচলতে ভাগ্যই লগ দি গ’ল । হঠাৎ মোক সহকৰ্মী এগৰাকীয়ে ফোন কৰিলে, মই চিনাকী ডাক্তৰ এজনক ফোন কৰিবলৈ লৈছিলো । ফোনটো ৰিচিভ কৰি ক’লো এওঁক ডাক্তৰৰ ওচৰলৈ নিও, ইমিডিয়েট আৰু ফোনটো কাটি দিলো । দুই মিনিট নহওঁতেই আনগৰাকী সহকৰ্মীৰ ফোন, খঙত ফোনটো ৰিচিভ কৰিছো মাত্ৰ, সিমূৰৰ পৰা সুধিলে ক’ত নিব? মই ক’লো নাজানো। তাই আকৌ ক’লে ওলাই আহক মই ফোন কৰিম । মোৰ ঘৰৰ পৰা টাউন তিনি কি. মি মান হয় । ঘৰৰপৰা টাউন পাইছো আৰু আকৌ তাই ফোন কৰি ক’লে A. G আনক, বেলেগত ডাক্তৰ নাই । মোৰ কপাল ইমানেই ভাল আছিল যে কি ক’ম ! একে সময়তে যোৰহাটৰ এজন চিনিয়ৰ ডাক্তৰৰ ষ্ট্ৰোক হয়, পত্নীও ডাক্তৰ, যাৰ খবৰ পাই সকলো ডাক্তৰ সেই সময়ত তাত গোট খাইছিল, যি সময়ত মই এওঁক হস্পিতালত এডমিট কৰোঁ । সকলো ডাক্তৰ ICU ত ব্যস্ত আছিল আৰু ময়ো জোৰকৈ এওঁক ভৰাই দিছিলো । একেলগে একেই দুজন পেচেণ্টক একেই ট্ৰিটমেন্ট কৰিল, কিন্তু মোৰ মানুহজনে পুৱালৈ হাত ভৰি সামান্য লৰচৰ কৰিব পৰা হ’ল কিন্তু সিজন তিনিদিন ধৰি কেৱল চকুৰ পতা লৰচৰ কৰিছিল । মই জিকিছিলো সেইখন যুঁজত ভগবানৰ বিপক্ষে । জীৱনটো দিছিল ভগবানে কিন্তু শৰীৰটো দিয়া নাছিল । তাৰ পিছৰ অৱস্থা কল্পনাৰ বাহিৰত আছিল । তেওঁ লৰচৰ কৰিব নোৱাৰে মই সকলো কৰি দিব লাগে সময়ত কিন্তু মই ইমানৰ মাজতো চাকৰিৰ পৰা এটা দিনো ছুটী নল’লো । সদায় ৯ বজাৰ আগত ২০ কি. মি. স্কুটিৰে গৈ স্কুল পায় যাওঁ । ৫ টা ক্লাছ সম্পূৰ্ণ কৰি ঘৰলৈ আহো । তেওঁৰ দৰৱৰ সময় হোৱাৰ আগত যাতে পায় যাওঁ। যুঁজখনত মই ফাঁকি দি নহয় সততাৰে যুঁজিবলৈ আগবাঢ়িলো । তেওঁ এদিন ক’লে,, বুজিছা মই মৰা হ’লেই ভাল আছিল, নিথৰ দেহাটো তুমি ভাৰ ব’ব লগা হৈছে বৰ কষ্টেৰে। হতবাক হৈছিলো, কাৰণ তেওঁ Depression ৰ স্বীকাৰ হ’ল । হঠাৎ কন্দাকতা কৰে, ৰাতি ভয় কৰে আন্ধাৰত কিবা কিবি দেখে তাতকৈ বেছি দুখৰ আছিল যিদিনা তেওঁ কৈছিল , তোমাক বিয়া দি দিম বুলি ভাৱিছো জানা, ইহঁত দুটাক আকোৱালি লোৱা মানুহ পালে তোমাক বিয়া দিম । না মই কান্দিব পাৰিছিলো দেখুৱাই না মই হাঁহিব পাৰিছিলো , না মই নিজক স্থিৰেৰে ৰাখিব পাৰিছিলো । ৰুটিন চেকআপত নিওতে ডাক্তৰক depression ৰ টেবলেট দিবলৈ ক’লো, নহ’লে মোৰ যে উপায় নাছিল । তেওঁৰ মানসিক অৱস্থাতো বুজি মই তেওঁক মোৰ মতে ট্ৰিটমেন্ট কৰিবলৈ সাজু হ’লো । তেওঁ মোক বিয়াৰ কথা কয়, মই কওঁ পেংলাই কৰি ধৈই ৰ’ব হে আগত মৰি লওকচোন আপুনি | তেওঁ কয় মই কি মৰিম নেকি ! মই কওঁ নিজেহে আকৌ মৰে বুলি এইবুলি কৈছে, ৰ’ব অলপ আৰু আপুনি কষ্ট পোৱা চাই লওঁ , আমেজ আছে বুজিছে । তেওঁ খঙত ভেকাহি মাৰি কয়, পাগলৰ আগত কথা কৈ লাভ নাই । লাহে লাহে সেইটো চিন্তা এৰিল । মৰাৰ ভয়ে বাৰুকৈয়ে খালে তেওঁক । এদিন আৰু অলপ বেছি ভয় খুৱাই দিলো, মই সময় মিলাবলৈ যিমানহে স্পীডত স্কুটি চলাও হেৰৌ মই আপোনাতকৈ আগত কিজানি এক্সিডেণ্ট হৈ সিপুৰী পাম, তেতিয়া কি আপুনি বেমাৰী বুলি ইহঁত দুটাক নাচায়! তেওঁ ইমানেই ভয় খালে যে লাহে লাহে নিজৰ শৰীৰটো নিজেই কষ্ট কৰি সক্ৰিয় কৰিবলৈ চেষ্টা কৰা হ’ল । Physiotherapy ঘৰতে কৰি আছিল । তেওঁ নিজেও লাহে লাহে কৰিবলৈ ল’লে । উঠা বহা কৰিবলৈ মোৰ সহায় নোলোৱা হ’ল । তেওঁৰ চিন্তা তেতিয়া এটাই যিকোনো প্ৰকাৰে নিজৰ শৰীৰটো সক্ৰিয় কৰা যাতে মই অলপ ফ্ৰী হওঁ । মই আতৰৰ পৰা চাই থাকোঁ, কেতিয়াবা ৱালত ভেজা দি খোজ পেলাবলৈ লৈ চোচৰি পৰি যায় । নিজক কঠোৰ হ’বলৈ বাধ্য কৰোঁ । দাঙি নিদিলো এদিনো । এদিন তেওঁৰ তাকে লৈ খং, বকিলে মোক মই তেওঁ মৰিলে ভাল পাওঁ, সেইবাবে কাহানিও ধৰি নিদিও । মই উত্তৰৰ কৈছিলো , মই জীয়াই থকালৈকে কান্ধ দিম কিন্তু মই মৰিলে কোনে দিব । ল’ৰা ছোৱালী দুটাক ডাঙৰ কৰিবলৈ মই জীয়াই থাকিব লাগিব আৰু মই জীয়াই থাকিবলৈ হ’লে তেওঁ নিজক নিজে ফিট কৰিবই লাগিব । এদিন তাৰ মাজতে তেওঁক ক’লো তেওঁক যে মই depression ৰ মেডিচিন দি আছো । তাৰ চাইড এফেক্ট কি ক’লো আৰু সেইবোৰ এৰিবলৈ ক’লো । তেওঁক কৈছিলো মৃত্যু কেতিয়া আহে কোনেও নাজানে , কোন কিমান দিন জীয়াই থাকিব সেইটো কোনেও নাজানে , কিন্তু জীয়াই থকা কেইদিন আনক কষ্ট নিদিয়াকৈ জীয়াই থাকিব পাৰিব লাগিব । গধুলি তেওঁৰ লগত বহি সৰু ল’ৰা ছোৱালীক কাহিনী কোৱাৰ দৰে motivational কাহিনী কিছুমান কওঁ , কেনেকৈ নিজক পজিটিভ কৰি ৰাখিব পাৰি , নিজৰ চাৰিওকাষে কেনেকৈ পজিটিভ এনাৰ্জী ক্ৰিয়েট কৰিব পাৰি । লাহে লাহে তেওঁ সক্ৰিয় হৈ আহিল আৰু আজি মোৰ লগ হৈ আকৌ আগৰ জীৱন পালে ।
মানুহ হতাশ তেতিয়া হয়, যেতিয়া মানুহে আনৰ ওপৰত বিশ্বাস কৰে । সেইজন মানুহে নিজে একো নকৰি হয় ভগবান নাইবা ভাগ্যক ধিয়াই কেৱল নিজকে দুখী বুলি ভাবি থাকে । নিজৰ কৰ্তব্য বিবেকেৰে কৰি গ’লে কোনো মানুহ হতাশা বা depression ৰ স্বীকাৰ নহয় । মানুহে সদায় পজিটিভ চিন্তা কৰিব লাগে আৰু এই পজিটিভ চিন্তাই নিজৰ চাৰিওকাষে এটা পজিটিভ এনাৰ্জী ক্ৰিয়েট কৰে যিটোৰ পাৰ ভাঙি কোনো অশুভ চিন্তা বা অশুভ শক্তিয়ে আপোনাক একো কৰিব নোৱাৰে | সদায় নিজৰ মনটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগে । জীৱনটো এখন কুৰুক্ষেত্ৰ, য’ত ১০১ টা কৌৰৱ অৰ্থাৎ সমস্যা সদায় থিয় হৈ থাকিবই আৰু কৌৰৱৰূপী সমস্যাক হৰুৱাবলৈ নিজৰ ওচৰত থকা পঞ্চ পাণ্ডৱ অৰ্থাৎ পাঁচটা ইন্দ্ৰিয় সক্ৰিয় কৰি ৰাখিব লাগিব আৰু আটাইতকৈ ডাঙৰ শ্ৰীকৃষ্ণ অৰ্থাৎ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰিব পৰা । তাৰ পিছত কুৰুক্ষেত্ৰ ৰূপী জীৱন যুঁজত যুঁজি যাওঁক, পৰিণাম আৰু কৰ্মই দিব । অমুকটোহে দুখ তমুকটোহে দুখ, অমুক নাই, তমুক নাই এইবোৰ মাত্ৰ পলৰীয়াৰ অজুহাতহে । শকুনিয়ে ইমান বুদ্ধি লগাইও পলাই সাৰিবলৈ সক্ষম নহ’ল, তেনেহ’লে আপুনি মই কেনেকৈ পাৰিম |
# ##
আমিও ইমানতে এৰিলো।
নমস্কাৰ।
মই আপোনাৰ উত্তৰলৈ আশাপালি ৰৈ থাকিম দেই
[ এই ঠিকনাতেই পঠিয়াই দিব পাৰিব editor@mahabahoo.com ]