• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews

ডিম্বায়নিৰ পৰা ‘আণ্ডাৰ দ্য শাল ট্রী’লৈ

-মানস প্রতিম দত্ত

by Anjan Sarma
June 24, 2021
in Book, Reviews
Reading Time: 1 min read
0
ডিম্বায়নিৰ পৰা ‘আণ্ডাৰ দ্য শাল ট্রী’লৈ
Share on FacebookShare on TwitterShare on LinkedIn

-মানস প্রতিম দত্ত |

তেতিয়া সম্ভৱত: মই হাইস্কুলৰ ছাত্র । সাতসৰীৰ পাতত এটা অচিনাকী শব্দ পালোঁ-বাদুংদুপ্পা । নামটো নাটকৰ লগত জড়িত। শালগছৰ তলত নাটক হয়। মানুহে চায়। প্রকৃতিৰ নৈসর্গিকতা, নাটকৰ যাদুকৰী সন্মোহনত বন্দী হয় সকলো। লাহে লাহে নামটো চিনাকী হৈ পৰিল। চিনাকী হৈ পৰিল বাদুংদুপ্পা আৰু শুক্রাচার্য ৰাভা। নাট্যজগতত নতুন ধাৰা এটা সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই নাট্যশিল্পীজনক প্রত্যক্ষভাৱে লগ নোপোৱা প্রতিজনে পৰোক্ষভাৱে হ’লেও লগ পাব পৰাকৈ সজাই তোলা এখন গ্রন্থ হৈছে নীলোত্পল বৰুৱাৰ শুক্রাচার্য ৰাভা: যাত্রা আৰু মাত্রা।

RelatedPosts

পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

February 28, 2026
From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

February 25, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

The Climate of Assam in the Early 19th Century !

February 4, 2026

সাধাৰণতে জীৱন-সম্পর্কীয় এনেধৰণৰ কিতাপসমূহ তৃতীয় পুৰুষত লিখা হয় যদিও শুক্রাচার্য ৰাভা: যাত্রা আৰু মাত্রা গ্রন্থখন প্রথম পুৰুষতহে লিখা হৈছে। প্রথম পুৰুষত লিখা বাবে পাঠকে শুক্রাচার্য ৰাভাৰ সান্নিধ্য লাভৰপৰা বঞ্চিত হ’বলগীয়া হোৱা নাই। গ্রন্থখন প্রথম পুৰুষত লিখাৰ কাৰণ সম্পর্কে গ্রন্থাকাৰ বৰুৱাই লিখিছে –‘ তাহানিতে, পৰিকল্পনাকালত কিতাপখন তৃতীয় পুৰুষত বর্ণনা কৰাৰ কথা আছিল। শুক্রাচার্য ৰাভাৰ মৃত্যুৰ পাচত বর্ণনাশৈলী সলনি কৰি কথনটো প্রথম পুৰুষলৈ অনা হ’ল।’’

শুক্রাচার্য ৰাভা:যাত্রা আৰু মাত্রা গ্রন্থখন ৰাভাৰ জীৱনী গ্রন্থ নহয়। গ্রন্থখনত তেখেতৰ চিন্তা প্রক্রিয়াটোক উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। গ্রন্থখনক তিনিটা ভাগ – আৱাহন, আয়োজন আৰু আৰহণ নামেৰে কাল্পনিক কালৰেখাত ভাগ কৰি ৰাভাৰ চিন্তাধাৰাক প্রাককালীন বীক্ষণ, সম্পৰীক্ষাৰ আত্মকথন আৰু কর্মকাণ্ড হিচাপে উপস্থাপন কৰা হৈছে।

আৱাহন শীর্ষক প্রথম ভাগত ৰাভাৰ ব্যতিক্রমী শৈশৱৰ ছবি পৰিস্ফুট হৈছে। শৈশৱৰেপৰা ৰাভাৰ অনুভৱ আছিল সুকীয়া। তাৰেই উমান পোৱা গৈছিল আৱাহন খণ্ডত। কেটেপাৰ আঘাতত মৃত্যু হোৱা ট’ৰে চৰাইটো দেখি ৰাভাই অনুভৱ কৰিছিল মৃত্যু মানে যে আন একো নহয়। ই মাথোঁ এটা ঠৰঙা শৰীৰহে। ইন্দ্রিয় আৰু মনৰ মাজত আছে সুদৃঢ় সম্পর্ক । বতাহত যেতিয়া শালগছবোৰ কঁপিছিল তেতিয়া ৰাভাই শুনা পাইছিল শালগছৰ কান্দোন। হিয়ালি-জিয়ালীকৈ কান্দি থকা শালগছবোৰৰ মাজত সোমাই পৰিছিল ৰাভা, কান্দোন শুনিবলৈ। লাহে লাহে মন আৰু ইন্দ্রিয়ৰ সংযোগ ঘটিল।ফলত ভাৱনাৰ দুৱাৰ মুকলি হ’ল, কৌতূশল বাঢ়িল, সমিধান ওলাল। সংগীতনো ক’ত নাথাকে? মাটি, হাবি, পানী সকলোতে সংগীত থাকে। ৰাভায়ো সুৰ বিচাৰি পাইছিল বৰদামলা বজাৰত।বাঁহৰ জোং হানি মৰা গাহৰিৰ আর্তনাদত, বাখৰ আৰু কাটা বিস্কুটৰ শব্দবোৰৰ মাজত সুৰৰ সন্ধান পাইছিল ৰাভাই।শৈশৱৰ সময়ছোৱাত ৰাভাৰ ওপৰত পিতাকৰ প্রভাৱ আছিল সবাতোকৈ বেছি:

‘…..চেতন বা অৱচেতভাৱে পিতায়ে মোৰ বাবে এটা বাট কাটি দিছিল । মোৰ যৌৱনকালৰ প্রতিটো প্রতিটো লম্ফ-জম্ফ আদহীয়া পিতায়ে নীৰৱে শুনি গৈছিল । ওঁম–তবা একো উচ্চাৰণ নকৰাকৈ ।’ (পৃষ্ঠা২৩)

ৰাভাই পিতাকৰ ওচৰত পাইছিল সমস্যা সমাধানৰ উত্স। সেয়ে ৰাভাই কৈছিল:

‘…কথাবোৰ কাকতালীয় আছিল। কেতিয়াবা ভাৱো – বহু ডাঙৰ ডাঙৰ সমস্যা যিবোৰে মোক ভাৰাক্রান্ত কৰে, যিবোৰক মই অতিবৌদ্ধিক বুলি ভাবো, যিবোৰক মই দর্শনজাত বুলি ভাবো এই সকলোবোৰৰ সহজ নিদান পিতাৰ হাততে আছিল।’ (পৃষ্ঠা২৪)

ৰাভাই নাটকৰ প্রতি আকর্ষিত হৈছিল শৈশৱতে। গাঁওবোৰত নাটক হোৱাৰ দিনটো উত্সৱৰ দৰে আছিল। গাঁৱৰ বুঢ়া-মেথা সকলোৱে নাটক চাবলৈ গৈছিল। গাঁৱৰ এই উত্সৱমুখৰ পৰিৱেশৰ সান্নিধ্যৰ পৰাই ৰাভাৰ নাট্য-চিন্তাই বাট কাটিছিল –

‘…… সংঘবদ্ধ হোৱাৰ আখৰা কৰিছিলো। নিতৌ নতুন পৰিকল্পনা । অজস্র হেপাঁহ, অজস্র সপোন। মমৰ পোহৰত খেলপথাৰত হোৱা আলোচনাবিলাকৰ ফচল ‘বাদুংদুপ্পা’ । প্রেমৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে , সমাজৰ গতিপথৰ পৰা আৰম্ভ কৰি পৰনিন্দালৈকে সকলোবোৰ কথাৰ আড্ডা চলিছিল।’ (পৃষ্ঠা৩৬)

আয়োজন খণ্ডত ৰাভাৰ নাটকৰ পৰিপক্কতা, চিন্তাধাৰাৰ বিশালতা, নাটক সম্পর্কে ৰাভাৰ দর্শন সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে। মণিপুৰৰ নাট্যসম্রাট হেইচনাম কানহাইলাল আছিল ৰাভাৰ আদর্শস্বৰূপ। যুদ্ধজর্জৰ সময় অতিক্রমি অহা কানহাইলালৰ ৰন্ধ্রে ৰন্ধ্রে আছিল বিদ্রোহ। কানহাইলালৰ বিষয়ে ৰাভাই কয়:

‘… হেইচনাম কানহাইলাল চাৰ এডাল হাতুৰী। তীখাৰ হাতুৰী । নিয়াৰিত কোবাই কোবাই চাৰে গঢ়িছে, ভাঙিছে। অলেখ শিল্পকর্ম,অলেখ জীৱন, অলেখ ধাৰণা। তেওঁ আচলতে সাঁচৰ সাঁচ সৃষ্টি কৰে। ওৰে জীৱন তেওঁ মোৰ বাবে বিস্ময়ৰ এটা ঋষিসুলভ গা হৈ ৰ’ব।’

জীৱনৰ যিকোনো এখন সৰু ছবিও কানহাইলালৰ হাতত পৰা পাছত স্ব-মহিমাৰে মহিমামণ্ডিত হৈ উঠে। কানহাইলাল আৰু মণিপুৰৰ নাট্যক্ষেত্রৰ প্রভাৱৰ বন্দনাত গদগদ আছিল ৰাভা:

‘… মণিপুৰৰ কলাক্ষেত্র মোৰ বাবে এখন কঠিয়াতলী। আজি যিখিনি মোৰ, সেয়া কলাক্ষেত্রৰ অৱদান।’

‘…. জীৱনৰেখাৰ এটা ক্ষুদ্রতম টুকুৰা ছাৰৰ হাতত পৰি স্বমহিমাৰে প্রতিভা হয়। নাটকলৈ বুলি চাৰে জীৱনৰ কোনো বিয়াগোম খণ্ডচিধ্র তুলি নানে। ক্ষুদ্র ঘটনাৰাজি ছাৰৰ বিচক্ষণ চকুত জিলিকি উঠে।।’

সততে আমি শুনা পাওঁ যে কোনো জাতীয় কাম বিশ্বদৰবাৰলৈ যাব লাগে, বিশ্বদৰবাৰলৈ নিব লাগে । কিন্তু ক’ত থাকে এই বিশ্বদৰবাৰ। শুক্রাচার্য ৰাভাৰ মতে বিশ্বদৰবাৰ শব্দটো এটা কালিকা লগা শব্দ । ইয়াৰ মাজত সোমাই আছে মাথো দাসত্ব অথবা প্রভুত্ব। সেয়েহে বুজা হোৱাৰে পৰা ৰাভাৰ মনত এই শব্দটোৰ প্রতি আছিল বিতৃষ্ণা । সেয়েহে তেওঁ বিচাৰিছিল মানুহে সততে কৈ থকা বিশ্বদৰবাৰখন যদিহে কৰবাত আছে, তেন্তে ৰাভাৰ চোতালত বহা দৰবাৰখনলৈ আহক। তেওঁক তালৈ (?) যাবলৈ বাধ্য কৰা নহওঁক।ৰাভাৰ এই চিন্তাৰ সাকাৰ ৰূপ দিছিল বাদুংদুপ্পাই। নাট চাবলৈ আহিছিল বিশ্বৰ বিভিন্ন প্রান্তৰ দর্শক।

ৰাভাৰ জীৱনত চিন্তাৰ বাট মুকলি কৰা প্রথমগৰাকী ব্যক্তি আছিল নেডাৰলেণ্ডৰ ইভলিয়েন পুলেনচ্ । ৰাভাৰ সৈতে তেওঁ চৌল ট্রী শীর্ষক এটা প্রকল্প কৰিছিল। এই প্রকল্পৰ বর্ণনাৰে তেওঁ থিয়েটাৰ এম্বেছিলীলৈ ‘Theatre research on the relation between theatre and nature’ শীর্ষক এটা লেখা লিখি পঠিয়াইছিল।

শালগছ আৰু নাটক মানেই যেন হৈ পৰিছিল শুক্রাচার্য ৰাভা। ৰাভাৰ শাল বননিৰ কথাৰে লিখা বিপুলজ্যোতি শইকীয়াৰ আধ্যাত্মিকতা,ইনাৰ-লেয়াৰ ইত্যাদি…. ‘‘…বাৰেচহৰীয়াৰ পৰা বাদুংদুপ্পালৈ’’ শীর্ষক কবিতাটোৱে তাৰেই স্বকীয়তা বহন কৰিছে :

‘‘…….নতুন চিনাকি, চিনাকী প্রাচীন,– কোনটো চিনাকী নহয় মোৰ?

নৈয়ে এৰা সুঁতি, এৰা সুঁতি নৈ, —

কোনখন নৈ নহয় মোৰ?

শাল বননিত পাত সৰিছে,

নতুন কুঁহিৰ বাট এৰি দিয়া ফাগুনী পাত।

গা-তে পৰিছেহি আহি।…’’

যাত্রা আৰু মাত্রা শীর্ষক নীলোত্পল বৰুৱাৰ গ্রন্থখনে শুক্রাচার্য ৰাভাৰ জীৱনশৈলীক উপস্থাপন কৰাত যথেষ্ট পৰিমাণে সফল হৈছে। বৰুৱাৰ মনোমুগদ্ধকৰ উপস্থাপনশৈলী, কথনশৈলীয়ে কিতাপখনক অনন্য মাত্রা প্রদান কৰিছে। কিতাপখনৰ সবাতোকৈ গুৰুত্বপূর্ণ দিশটো হ’ল কিতাপখন পঢ়ি থাকোতেপাঠকে কোনোখিনিতে লেখক নীলোত্পল বৰুৱাক লগ নাপায়। লগ পাব শুক্রাচার্য ৰাভাক।
•••••••
*লেখকৰ ঠিকনা:বৰপাক জিয়ামৰীয়া গাঁও, মাছখোৱা, ধেমাজি,

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: আণ্ডাৰ দ্য শাল ট্রীবাদুংদুপ্পা আৰু শুক্রাচার্য ৰাভা
Anjan Sarma

Anjan Sarma

Related Posts

পৰিৱেশ সংৰক্ষণত নাৰী
ASSAMESE SECTION

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

by Editor
February 28, 2026
0

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন দেৱব্ৰত গগৈ প্ৰকৃতি আৰু পৰিৱেশক লৈ নিৰৱবিচ্ছিন্নভাৱে সাহিত্য চৰ্চাৰে কেৱল সজাগতা অনাতে নহয়...

Read moreDetails
From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

February 25, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

The Climate of Assam in the Early 19th Century !

February 4, 2026
Cooch Beharer Itihash, Assam and finding the roots

Cooch Beharer Itihash, Assam and finding the roots

February 1, 2026
Did Kafka predict the fate of man in modern times?

Did Kafka predict the fate of man in modern times?

January 23, 2026
photo of man sitting on camping chair during dawn

The 2026 Reading List: Top 10 Books

January 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d