•অৰবিন্দ ৰাভা
মেৰু অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে বিভিন্ন আলোচনা হৈ আছিল বহু আগৰেপৰাই, কিন্তু এই আলোচনা – চিন্তা আদিক তল পেলাই এতিয়া এন্টাৰ্কটিকা অঞ্চলত ২২ গিগাটন বা ১০০ কোটি মেট্ৰিক টনৰ ‘ডুমচ্-ডে‘ নামৰ গ্লেচিয়াৰ বা বৰফৰ চাদৰখন গলিবলৈ আৰম্ভ কৰিছে! ১৫-১২-২০২১ তাৰিখ, বুধবাৰে তাপমাত্ৰা বিপদসীমাৰ ওপৰলৈ গতি কৰাৰ পিছত এই বিপত্তি আৰম্ভ হৈছে বুলি ডেনমাৰ্কৰ জলবায়ু বিশেষজ্ঞসকলে অৱগত কৰাইছে। ১৯৫০ চনৰ পিছত ই এক বৃহৎ ঘটনা তথা তৃতীয় সৰ্ববৃহৎ বৰফ-ক্ষয় বুলি তেওঁলোকে সদৰি কৰিছে। সমগ্ৰ বিশ্বজুৰি যদি তাপমাত্ৰা আগন্তুক দিনবোৰত হ্ৰাস নহয়, তেনেহ’লে ইয়াতকৈও ডাঙৰ বিপদৰ আশংকা কৰিছে ভূ-বিজ্ঞানীসকলে। ‘ডুমচ্-ডে’ গ্লেচিয়াৰৰ বৰফ গলিবলৈ ধৰাৰ পিছত ইউৰোপীয় ইউনিয়নৰ দ্বাৰা প্ৰেৰিত উপগ্ৰহ ক’পাৰনিকাচ চেন্টিনেলৰ দ্বিতীয় সংস্কৰণে প্ৰথমখন ছৱি প্ৰেৰণ কৰিছে। সেই ছবিখনত দেখা গৈছে যে মেৰুসাগৰৰ তীৰত বিস্তৃত অঞ্চলৰ মাটি বৰফৰ চাদৰৰ তলৰ পৰা উন্মুক্ত হৈ পৰিছে। ডেনমাৰ্কৰ মেৰুবলয়ক লৈ গৱেষণা কৰি থকা সংস্থাই বৃহস্পতিবাৰে, অৰ্থাৎ ১৬-১২-২০২১ তাৰিখে ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰে। অতীতৰ তথ্যক অৱলম্বন কৰি গৱেষণাকাৰী সকলে সদৰি কৰিছে যে ২০১৯ চনতকৈও যোৱা বুধবাৰে বেছিকৈ গলিবলৈ ধৰিছে মেৰু অঞ্চলৰ বৰফ। বৰফ গলনৰ হাৰ ইমানেই বেছি যে আমেৰিকাৰ ফ্ল’ৰিডা, ৱাশ্বিংটন, গ্ৰেট বৃটেইনৰ লন্ডন আদিত দুই ইঞ্চিতকৈও অধিক পানী জমা হৈ যাব পাৰে। বিজ্ঞানীসকলে জনাইছে যে ২২ গিগাটনৰ ‘ডুমচ্-ডে’ নামৰ যি গ্লেচিয়াৰটো গলিবলৈ ধৰিছে, তাৰে ১২ গিগাটন বৰফ গলি গলি সাগৰৰ পানীত ইতিমধ্যে মিলি গৈছে। তুষাৰপাতৰ ফলত বাকী থকা ১০ গিগাটন মাটিৰ ওপৰত থকা বৰফৰ স্তৰে শুহি লৈছে – যি পুনৰ গোট মাৰি বৰফলৈ ৰূপান্তৰিত হ’ব। কিন্তু তাপমাত্ৰা অবিৰাম বৃদ্ধি পোৱাৰ ফলত যিদৰে গৰম বতাহ মেৰু অঞ্চলত আৱদ্ধ হৈছে, তাৰফলত আগন্তুক দিনবোৰত অধিক বৃহৎ ক্ষতিৰ সম্ভাৱনা হ’ব পাৰে বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ১৯৯০ চনৰ পৰাই মেৰু অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ কৰিছিল। আৰম্ভণিতে সেয়া ধৰ্তব্য নহ’লেও সময় যিমানেই আগবাঢ়িছে, বৰফ সিমানেই বেছিকৈ আৰু দ্ৰুতগতিত গলিবলৈ ধৰিছে।২০০০ চনত যি গতিৰে বৰফ গলিছিল, বৰ্তমান তাতোকৈ চাৰিগুণ বেছি দ্ৰুত গতিত বৰফ গলিছে বুলি বিজ্ঞানীসকলে দাবী কৰিছে। এইপৰ্যন্ত গ্ৰীণলেন্ডক বাদ দি এন্টাৰ্কটিকাক বৰফৰ স্থায়ী প্ৰলেপ বুলি বিজ্ঞানীসকলে ভাবি আহিছিল। কিন্তু এয়াই নহয়, এন্টাৰ্কটিকা হ’ল বিশ্বৰ বৃহত্তম মিঠা পানীৰ ভান্ডাৰ। এন্টাৰ্কটিকা আৰু গ্ৰীণলেন্ডত বিশ্বৰ সৰ্বমুঠ ৭০% মিঠাপানী সঞ্চিত হৈ আছে। যি ১০ গিগাটন বৰফ এতিয়া বৰফৰ স্তুপত অস্থায়ী হিমবাহ হিচাপে সঞ্চিত হৈ আছে, সেইখিনিও যদি তাপমাত্ৰাৰ ব্যাপক তাৰতম্যৰ বাবে গলি যায় – তেনেহ’লে সাগৰৰ জলস্তৰ ২৩ ফুট পৰ্যন্ত বাঢ়ি যাব পাৰে! শীতকালত এন্টাৰ্কটিকা আৰু গ্ৰীণলেন্ডত বৰফ জমিবলৈ ধৰে, কিন্তু বিগত দুটা দশক ধৰি শিল্প-উদ্যোগ আৰু মানুহৰ জীৱন যাত্ৰাৰ মানদণ্ড ইমানেই সলনি হৈ পৰিছে যে তাৰে প্ৰত্যক্ষ প্ৰভাৱ পৰিছে হিমশৈলবোৰৰ ওপৰত। বিজ্ঞানীসকলে আশংকা কৰিছে যে পৃথিৱীৰ হিমশৈলবোৰৰ যদি ৫০% আগন্তুক ২-৩ বছৰৰ ভিতৰত গলি যায়, তেনে ক্ষেত্ৰত মানৱ সভ্যতাৰ ম্যাদ এক দশকতকৈ অধিক নহয়!! মহাসাগৰৰ পৰা আৰম্ভ কৰি সাগৰৰ সোঁত নিৰ্ভৰ কৰে মেৰু অঞ্চলৰ সঞ্চিত বৰফৰ ওপৰত। হিমশৈলৰ পৰা যি পানী পোৱা যায়, সেই পানীৰে হাইড্ৰ’পাৱাৰ উৎপন্ন কৰাৰ মাধ্যমৰে যিদৰে বিদ্যুতৰ চাহিদা পূৰণ হৈছে, একেদৰেই কৃষিকৰ্ম, পশুপালন আদিও সুচাৰুৰূপে চলে। ২০৫০ চনত পাকিস্তান, বাংলাদেশ আৰু ভাৰতৰ জলস্তৰ প্ৰায় ১০ ফুট বাঢ়িব বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। এই সময়ছোৱাত তিনিওখন দেশৰ নদী গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদীত প্ৰচুৰ পৰিমাণে পলস জমা হৈ থকাত নদীপথেৰে পানী সুষমভাৱে প্ৰৱাহিত নহয়। এনেস্থলত যদি মেৰু অঞ্চলৰ বৰফ গলা পানী সমুদ্ৰ পথেৰে নদীবোৰত প্ৰৱেশ কৰে, তেনেহ’লে ভাৰতসহ অইন দুখন দেশৰ নদীৰ জলস্তৰৰ উচ্চতা ইমানেই বাঢ়ি যাব যে প্ৰাণ ৰক্ষা কৰাটোৱেই অসম্ভৱ হৈ পৰিব।নাছাৰ যি চিত্ৰ বিজ্ঞানীসকলে লাভ কৰিছে, সেই চিত্ৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে কৈছে যে ২০০০ চনৰ পৰা যোৱা ২০ বছৰত ২৬৭ গিগাটন বৰফ গলিছে। পৃথিৱীৰ মুঠ ভূখন্ডৰ ৮.৩ % হ’ল এন্টাৰ্কটিকা। আৰু ১.২% হ’ল আৰ্কটিকা। অন্যান্য হিমবাহবোৰতো বিশ্বৰ ০.৫% বৰফ জমা হৈ আছে। গ্লাচগো জলবায়ু সন্মিলনত বিশ্বৰ প্ৰায় সমস্ত দেশে অঙ্গীকাৰৱদ্ধ হৈছে যে ২১০০ চনৰ ভিতৰত পৃথিৱীৰ তাপমাত্ৰা মাত্ৰ ১% অৰ পৰা ১.৫% হাৰত বাঢ়িব। যদি এনে হাৰত উষ্ণতা বাঢ়ে, তেনেক্ষেত্ৰতো প্ৰতিবছৰে সাগৰৰ জলস্তৰ ২৫ চেন্টিমিটাৰকৈ বাঢ়িব। অৰ্থাৎ, ৮০ বছৰত আনুমানিক ২০০০ চেন্টিমিটাৰ জলস্তৰ বাঢ়িব। এই উচ্চতা মানৱ সভ্যতা ধ্বংস হোৱাৰ বাবে যথেষ্ট বুলি বিজ্ঞানীসকলে আশংকা কৰিছে!