• তনয় চক্ৰৱৰ্তী
চৌদি আৰৱৰ বিখ্যাত তথা জনপ্ৰিয় ‘কিং আব্দুল আজিজ কেমেল ফেষ্টিভেল‘। প্ৰতি বছৰেই ডিচেম্বৰ মাহৰ আৰম্ভণিতেই আৰম্ভ হয় উটবোৰৰ এই সৌন্দৰ্য প্ৰতিযোগিতা। প্ৰকৃততে এই ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ লক্ষ্য হয় উন্নত মানৰ প্ৰজননক্ষম উটৰ সন্ধান। প্ৰতিযোগিতাত মুঠ পুৰস্কাৰ মূল্য ৬.৫ কোটি আমেৰিকান ডলাৰৰো অধিক। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল মৰু অঞ্চলৰ সকলোতকৈ বৃহৎ এই পশুমেলাত সৌন্দৰ্য আৰু বীৰ্যৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থানত থকা উটৰ চাহিদা আকাশলংঘী। উটৰ মালিকসকলে যে সকলোক্ষেত্ৰতেই পোহনীয়া উটক বিক্ৰী কৰে, তেনে নহয়; বৰং বহুক্ষেত্ৰত পোহনীয়া পুৰস্কৃত উটৰ শুক্ৰ বিক্ৰী কৰিয়েই বিশাল পৰিমাণৰ ধন উপাৰ্জন কৰে।
সেয়েহে এনে প্ৰতিযোগিতাত কোনো ধৰণৰ কৃত্ৰিম পন্হা অৱলম্বন কৰিব পৰা নাযায়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে যি চৰ্ত উটৰ মালিকসকলে মানি ল’ব লাগে সেয়া হ’ল কোনো ড্ৰাগ বা চাপ্লিমেন্টাৰি বা কোনো প্ৰসাধনী ব্যৱহাৰ কৰা নচলিব। কিন্তু বহুতেই নামানে তেনে কথা! উটক অতি আকৰ্ষণীয় কৰিবলৈ বোটক্সৰ বেজী, ফেচ লিফ্ট, আৰু অন্যান্য প্ৰসাধন ব্যৱহাৰ বহুত মালিকে কৰি বিপদতো পৰিছে বহুবাৰ। বিচাৰকসকলে উটৰ মূৰ, কান্ধ, কুঁজ, থিয় হোৱা ভঙ্গী, বহাৰ ধৰণ, ইত্যাদি বিভিন্ন দিশৰ পৰ্যালোচনা কৰি বিজয়ী উটৰ তালিকা প্ৰস্তুত কৰে।
চৌদিৰ ৰাজধানী ৰিয়াধৰ উত্তৰ-পূৱৰ মৰুভূমিত ‘কেমেল ফেষ্টিভেল’ আৰম্ভ হোৱাৰ দুমাহমান আগৰে পৰাই একাধিক বাণিজ্য সংস্থাই শিৱিৰ পাতে আৰু পশুৰ মালিকৰ পৰা বুজন পৰিমাণৰ ধন লৈ উটৰ পেশীত বেজী, হৰম’ন প্ৰয়োগ আৰম্ভ কৰে। তেওঁলোকৰ লক্ষ্য থাকে যাতে উটক প্ৰতিযোগিতাৰ বহু আগতেই শ্ৰেষ্ঠ উট হিচাপে গঢ় দিব পৰা যায় আৰু সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী কৰিব পৰা হয়। কিন্তু বিগত কিছু বছৰ ধৰি বিভিন্ন পশুপ্ৰেমী সংগঠনে এনে বাণিজ্য সংস্থাবোৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁলোকৰ অভিযোগ এনে যে কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰি উটৰ সৌন্দৰ্য বৃদ্ধিৰ নামত উটটোৰ বিপুল ক্ষতি সাধন কৰা হয়। ইতিমধ্যে ‘ইন্টাৰনেশ্যনেল এনিমেল প্ৰটেকশ্যন ৰাইটচ্’ নামৰ পশুপ্ৰেমী সংস্থাৰ আৱেদনত সহাঁৰি দিছে আৰৱৰ পশু উৎসৱ সমিতিয়ে।
আৰৱৰ পৰা প্ৰকাশিত বাৰ্তা অনুসৰি বিচাৰকসকলে কৃত্ৰিমভাবে উন্নত মানৰ উটৰ উৎপাদনৰ ওপৰত এইবাৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। বাৰ্তা অনুসৰি ‘টেম্পাৰিং বা কৃত্ৰিমভাবে সক্ষমতা বৃদ্ধিৰ চিনাক্তকৰণ কৰি এইবাৰ ৪০ টা উটক ‘ব্লেকলিষ্টেড’ কৰা হৈছে।উটৰ ওঠ বা ঠোঁট আৰু নাক প্ৰসাৰিত কৰা, উটৰ পেশী বৃদ্ধি কৰাৰ বাবে হৰম’ন ব্যৱহাৰ কৰা, উটৰ মূৰ ডাঙৰ কৰিবলৈ কৃত্ৰিম সামগ্ৰী ব্যৱহাৰ কৰা তথা বোটক্সৰ বেজী দিয়া, এনেধৰণৰ বহুত বেমেজালি বিচাৰকসকলৰ দৃষ্টিগোচৰ হয়। ইয়াৰোপৰি, ৰবৰৰ ‘বেন্ড’ৰ দ্বাৰা উটৰ শৰীৰৰ পেশীবোৰ স্ফীতকৰণৰ চেষ্টাও দৃষ্টিগোচৰ হয়। এনে নিৰ্মমতাই উটৰ ক্ষতিসাধন কৰে।
এইবাৰ ৬২ টা উটে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাৰে ৪০ টা উটক ডোপিং কেলেঙ্কাৰীৰ বাবে প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হয় আৰু মাত্ৰ ২২ টা উটৰ মাজতেই সীমাবদ্ধ হৈ ৰয় এইবাৰৰ উটৰ সৌন্দৰ্য প্ৰতিযোগিতা।