• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ড্ৰাগছ:এক সামাজিক ব্যাধি

-প্ৰণামীকা বৰা

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 2 mins read
0
african american man smoking weed

Photo by Daniel Friday Danzor on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-প্ৰণামীকা বৰা |

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে – যি বস্তুৰ জীৱদেহত প্ৰয়োগ কৰিলে শৰীৰত এক বা ততোধিক পৰিৱৰ্তন ঘটায় সেই বস্তুক ড্ৰাগছ বোলা হয়। আমি গ্ৰহণ কৰা ঔষধ সমূহো এক প্ৰকাৰৰ ড্ৰাগছ। কিন্তু বৰ্তমান সময়ত ব্যাধি হৈ পৰিছে নিচাযুক্ত ড্ৰাগছ যি সমূহ অবৈধ ঘোষণা কৰা হয়।

     সাম্প্রতিক সময়ত এক সামাজিক ব্যাধিত পৰিণত হোৱা নিচাযুক্ত দ্ৰব্য বা ‘নাৰ্কটিক ড্ৰাগছ’ হৈছে শৰীৰটো অৱশ কৰি অনা অৰ্থাৎ টোপনি অহা ঔষধ।

        (নাৰ্কটিক্ শব্দটো গ্ৰীক শব্দ ‘narkotikos’ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে এক চৈতন্যহীন অৱস্থা। গ্ৰীক শব্দ “নাৰ্কে” ৰ অৰ্থ হৈছে জড়তা, অজ্ঞান, অচেতন বা চলনশক্তিহীন এক অৱস্থা। )

       নিচাজাতীয় দ্ৰব্য যেনে সুৰা,ধপাত, ক’কেইন, ভাং, হেৰ’ইন, ক্যাফেইন ইত্যাদি নাৰ্কটিক ড্ৰাগছৰ উদাহৰণ। এইসমূহ ড্ৰাগছ গ্ৰহণ কৰা ব্যক্তিৰ মানসিক স্থিতিৰ পৰিৱৰ্তন ঘটে। এইসমূহ ড্ৰাগছে মগজুক তিনি ধৰণেৰে প্ৰভাৱান্বিত কৰিব পাৰে-

  ক)উত্তেজক — মগজুৰ ক্ৰিয়া ত্বৰান্বিত কৰে

খ)বিষাদজনক — মগজুৰ কাম কাজ ধীৰ কৰি তোলে

গ) ভ্ৰমাত্মক –মগজুৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নোহোৱা কৰি তোলে

         মানসিক স্থিতিৰ পৰিৱৰ্তন কৰিব পৰা সকলো ড্ৰাগছেই মানুহে এবাৰ ব্যৱহাৰ কৰাৰ পাছত এৰিব নোৱাৰা হৈ পৰে। ই আসক্তিলৈ পৰিণত হয়।

        ড্ৰাগছ গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে সৃষ্টি হোৱা অনুভৱ যেনে উত্তেজনাই দ্ৰব্যবিধ গ্ৰহণ কৰাৰ কিছু সময়লৈকে ক্ৰিয়া কৰি পাছ মুহুর্তত তাৰ ঠিক দুগুণ সম্পূর্ণ বিপৰীত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে, ড্ৰাগছ গ্ৰহণকাৰী এজনে পুনৰ ড্ৰাগছ গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু তাতকৈ অধিক পৰিমাণে গ্ৰহণ কৰে।

       গতিকে ড্ৰাগছৰ প্ৰতি মূলত ব্যক্তি এজনৰ আসক্তি আৰম্ভ হয় যেতিয়া প্ৰথমবাৰৰ বাবে ড্ৰাগছ ব্যৱহাৰ কৰি ব্যক্তি এজনে অভ্যাসত পৰিণত কৰে আৰু অৱশেষত ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।

     এনে আসক্তি সৃষ্টি কৰিব পৰা ড্ৰাগছ এক সামাজিক ব্যাধিত পৰিণত হোৱা দেখা যায়। ড্ৰাগছ আসক্তিৰ পৰা মুক্তি পাবলৈ একমাত্র উপায় হৈছে ড্ৰাগছৰ বিসৰ্জন। ইয়াৰ বাবে চিকিৎসাৰ লগতে প্ৰয়োজন আত্মীয়জনৰ সহায় আৰু নিজ মনোবল।

     বহু ক্ষেত্রত সন্তানে ড্ৰাগছ গ্ৰহণ কৰাৰ মূলতেই থাকে অভিভাৱক বা পিতৃ-মাতৃৰ দ্বায়িত্বহীনতা।

      আপুনি আপোনাৰ সন্তানক সময় দিয়ক। অফিচৰ কামৰ আলোচনাৰে ঘৰখনৰ সময়বোৰ পাৰ হ’বলৈ নিদিব। ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ মাজত ব্যৱধান ৰাখি সন্তান তথা পৰিয়ালৰ সৈতে সময় পাৰ কৰক।

সন্তানৰ সন্মূখত কোনোদিনে সুৰাপান কৰা অনুচিত। সঘন গৃহ কন্দল হ’বলৈ নিদিব যাৰ ফলত সন্তান আৰু আপোনাৰ মাজত দূৰত্বৰ সৃষ্টি হয়, সুখী পৰিয়ালৰ সন্তান ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকে। পিতৃ-মাতৃৰ স্নেহেই হৈছে সৰ্বোত্তম উপায় সন্তানক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিবলৈ। আপোনাৰ সন্তানৰ অপৰিপক্কতাত তাচ্ছিল্য নকৰিব। আপুনি আপোনাৰ সন্তানৰ প্ৰিয় বন্ধু হ’বলৈ চেষ্টা কৰি সন্তানক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

       পৃথিৱীৰ দুই কুখ্যাত ড্ৰাগছৰ ঘাটি ‘সোণালী ত্ৰিভূজ’ (ব্ৰহ্মদেশ, থাইলেণ্ড, লাওচ- এই তিনিখন দেশক সংযুক্ত কৰিলে যি ত্ৰিভূজাকৃতি ভূমি পোৱা যায়- ড্ৰাগৰ জগতত সেই  ভূমিৰ নাম – গোল্ডেন ট্ৰাইংগল- সোণালী ত্ৰিভূজ) আৰু ‘সোণালী অৰ্ধচন্দ্ৰ’ ( ই সাঙুৰি লয় পাকিস্তান,আফগানিস্তান আৰু ইৰাণক) ৰ মাজত পৰি ভাৰতবৰ্ষতো এই সমস্যাই জটিল ৰুপ লোৱা দেখা যায়। ১৯৮৫ চনত এই সমস্যা সমাধানৰ বাবে “নাৰ্কটিক ড্ৰাগছ এণ্ড ছাইক” আইন প্ৰৱৰ্তন কৰে। এই আইনৰ দ্বাৰা আশানুৰূপ ফল লাভ কৰিবলৈ বৰ্তমানেও সক্ষম হোৱা নাই । এই আইনৰ মতে:

      ক) আফিম,ক’কেইন, হিৰোইন আদিৰ দৰে মাৰাত্মক ড্ৰাগছৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰমাণিত হ’লে নূন্যতম ১০ বছৰ সশ্ৰম কাৰাদণ্ড ( প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকাৰ জৰিমনা (প্ৰয়োজনত ৩ লাখ টকাৰ জৰিমনা) লোৱা হ’ব।

    খ)গাঁজা আৰু ক্যানাবিচৰ সৈতে জড়িত থকা বা উৎপাদন কৰা কাৰ্যত লিপ্ত হোৱা বুলি প্ৰমাণিত হ’লে নূন্যতম ৫ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

       গ) ক্যানাবিচৰ সতে সম্পৰ্ক থকাৰ ক্ষেত্ৰত (গাঞ্জাক বাদ দি) নুন্যতম ১০ বছৰলৈ সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকা জৰিমনা (প্ৰয়োজনত ২ লাখ টকা জৰিমনা বিহা হ’ব।

        ঘ) অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত ফাঁকি দিলে বা মিছাৰ আশ্ৰয় লৈ আইন উলংঘা কৰিলে অনুজ্ঞাপত্ৰ থকা ব্যক্তিক ৩ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (লগতে জৰিমনাও কৰা হ’ব পাৰে) বিহা হ’ব ।

    ঙ) অতি কম পৰিমাণৰ ড্ৰাগছ কাৰোবাৰ লগত থকা বুলি প্ৰমাণিত হলেও ১ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (তথা প্ৰয়োজনত জৰিমনাও ) বিহা হ’ব।

    চ) ড্ৰাগছ বাহক বুলি কোনোবা ব্যক্তি অভিযুক্ত হৈ প্ৰমাণিত হ’লে নুন্যতম ১০ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকা জৰিমনা ( প্ৰয়োজনত ২ লাখ টকা জৰিমনা) বিহা হ’ব ।

     ছ) এবাৰ অপৰাধী ( ড্ৰাগছ বিষয়বিষয়ত) বুলি প্ৰমাণিত হোৱা ব্যক্তি এজন দ্বিতীয়বাৰৰ বাবে পুনৰ অভিযুক্ত বুলি প্ৰমাণিত হ’লে তেওঁক পুনৰ নূন্যতম ১৫ বছৰ সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ৩০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১,৫০,০০০ টকাৰ জৰিমনা (প্ৰয়োজনত ৩ লাখ টকা জৰিমনা) বিহা হ’ব।

    জ)দ্বিতীয়বাৰৰ বাবে অভিযুক্ত বুলি প্ৰমাণিত হ’লে মৃত্যুদণ্ড তথা সা-সম্পত্তি বাজেয়াপ্ত কৰাও হ’ব পাৰে।

ৰাষ্ট্ৰসংঘই ১৯৮৯ চনৰ পৰা ২৬ জুলাই তাৰিখটো “ঔষধ অপব্যবহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তেওঁলোকৰ সপ্তদশ অধিৱেশনত ১৯৯১ৰ পৰা ২০০০ চনলৈ “ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ বিৰোধী দশক” হিচাপে ঘোষণা কৰিছিল। ১৯৯৭ চনত ঔষধ আৰু ইয়াৰ লগত জড়িত অপৰাধ নিৰ্মূলৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত “ঔষধ নিয়ন্ত্রণ আৰু অপৰাধ প্ৰতিৰোধ

 কাৰ্যালয়” গঠন কৰা হয় যাক পৰৱৰ্তী সময়ত “ৰাষ্ট্ৰসংঘৰ ঔষধ আৰু অপৰাধৰ কাৰ্যালয় ( United Nations Office on Drugs and Crime চমুকৈ UNODC )” হিচাপে ২০০২ চনৰ পৰা নামাকৰণ কৰা হয়। প্ৰতিবছৰেই UNODC য়ে ড্ৰাগছৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ “ঔষধ(ড্ৰাগছ)ৰ অপব্যবহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” ৰ এক বিষয় নিৰ্ধাৰণ কৰে। এই বছৰৰ বিষয় হৈছে – “ড্ৰাগছৰ বিষয়ে তথ্য বিতৰণ কৰাকৰা, জীৱন বচোৱা (“Share Facts On Drugs, Save Lives”)

      ড্ৰাগছৰ সম্পৰ্কে কিছু তথ্য জানিবলৈ চেষ্টা কৰি ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়াৰ সময় এইয়া। বিগত মে’ মাহৰ পৰা অসমতো বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা দেখা পোৱা গৈছে। ড্ৰাগছ বিৰোধী এই যুঁজত প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ সচেতনা আৰু সহযোগিতাৰ দ্বাৰাহে আমি জয়ী হ’ব পাৰিম।

  সজাগ হওঁক, সচেতন হওঁক ; আপোনাৰ সন্তানক ড্ৰাগছ আসক্ত হোৱাৰ পৰা বচাওঁক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ড্ৰাগছনাৰ্কটিক ড্ৰাগছ
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d