-প্ৰণামীকা বৰা |
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে – যি বস্তুৰ জীৱদেহত প্ৰয়োগ কৰিলে শৰীৰত এক বা ততোধিক পৰিৱৰ্তন ঘটায় সেই বস্তুক ড্ৰাগছ বোলা হয়। আমি গ্ৰহণ কৰা ঔষধ সমূহো এক প্ৰকাৰৰ ড্ৰাগছ। কিন্তু বৰ্তমান সময়ত ব্যাধি হৈ পৰিছে নিচাযুক্ত ড্ৰাগছ যি সমূহ অবৈধ ঘোষণা কৰা হয়।
সাম্প্রতিক সময়ত এক সামাজিক ব্যাধিত পৰিণত হোৱা নিচাযুক্ত দ্ৰব্য বা ‘নাৰ্কটিক ড্ৰাগছ’ হৈছে শৰীৰটো অৱশ কৰি অনা অৰ্থাৎ টোপনি অহা ঔষধ।
(নাৰ্কটিক্ শব্দটো গ্ৰীক শব্দ ‘narkotikos’ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে এক চৈতন্যহীন অৱস্থা। গ্ৰীক শব্দ “নাৰ্কে” ৰ অৰ্থ হৈছে জড়তা, অজ্ঞান, অচেতন বা চলনশক্তিহীন এক অৱস্থা। )
নিচাজাতীয় দ্ৰব্য যেনে সুৰা,ধপাত, ক’কেইন, ভাং, হেৰ’ইন, ক্যাফেইন ইত্যাদি নাৰ্কটিক ড্ৰাগছৰ উদাহৰণ। এইসমূহ ড্ৰাগছ গ্ৰহণ কৰা ব্যক্তিৰ মানসিক স্থিতিৰ পৰিৱৰ্তন ঘটে। এইসমূহ ড্ৰাগছে মগজুক তিনি ধৰণেৰে প্ৰভাৱান্বিত কৰিব পাৰে-
ক)উত্তেজক — মগজুৰ ক্ৰিয়া ত্বৰান্বিত কৰে
খ)বিষাদজনক — মগজুৰ কাম কাজ ধীৰ কৰি তোলে
গ) ভ্ৰমাত্মক –মগজুৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নোহোৱা কৰি তোলে
মানসিক স্থিতিৰ পৰিৱৰ্তন কৰিব পৰা সকলো ড্ৰাগছেই মানুহে এবাৰ ব্যৱহাৰ কৰাৰ পাছত এৰিব নোৱাৰা হৈ পৰে। ই আসক্তিলৈ পৰিণত হয়।
ড্ৰাগছ গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে সৃষ্টি হোৱা অনুভৱ যেনে উত্তেজনাই দ্ৰব্যবিধ গ্ৰহণ কৰাৰ কিছু সময়লৈকে ক্ৰিয়া কৰি পাছ মুহুর্তত তাৰ ঠিক দুগুণ সম্পূর্ণ বিপৰীত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে, ড্ৰাগছ গ্ৰহণকাৰী এজনে পুনৰ ড্ৰাগছ গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু তাতকৈ অধিক পৰিমাণে গ্ৰহণ কৰে।
গতিকে ড্ৰাগছৰ প্ৰতি মূলত ব্যক্তি এজনৰ আসক্তি আৰম্ভ হয় যেতিয়া প্ৰথমবাৰৰ বাবে ড্ৰাগছ ব্যৱহাৰ কৰি ব্যক্তি এজনে অভ্যাসত পৰিণত কৰে আৰু অৱশেষত ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।
এনে আসক্তি সৃষ্টি কৰিব পৰা ড্ৰাগছ এক সামাজিক ব্যাধিত পৰিণত হোৱা দেখা যায়। ড্ৰাগছ আসক্তিৰ পৰা মুক্তি পাবলৈ একমাত্র উপায় হৈছে ড্ৰাগছৰ বিসৰ্জন। ইয়াৰ বাবে চিকিৎসাৰ লগতে প্ৰয়োজন আত্মীয়জনৰ সহায় আৰু নিজ মনোবল।
বহু ক্ষেত্রত সন্তানে ড্ৰাগছ গ্ৰহণ কৰাৰ মূলতেই থাকে অভিভাৱক বা পিতৃ-মাতৃৰ দ্বায়িত্বহীনতা।
আপুনি আপোনাৰ সন্তানক সময় দিয়ক। অফিচৰ কামৰ আলোচনাৰে ঘৰখনৰ সময়বোৰ পাৰ হ’বলৈ নিদিব। ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ মাজত ব্যৱধান ৰাখি সন্তান তথা পৰিয়ালৰ সৈতে সময় পাৰ কৰক।
সন্তানৰ সন্মূখত কোনোদিনে সুৰাপান কৰা অনুচিত। সঘন গৃহ কন্দল হ’বলৈ নিদিব যাৰ ফলত সন্তান আৰু আপোনাৰ মাজত দূৰত্বৰ সৃষ্টি হয়, সুখী পৰিয়ালৰ সন্তান ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকে। পিতৃ-মাতৃৰ স্নেহেই হৈছে সৰ্বোত্তম উপায় সন্তানক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিবলৈ। আপোনাৰ সন্তানৰ অপৰিপক্কতাত তাচ্ছিল্য নকৰিব। আপুনি আপোনাৰ সন্তানৰ প্ৰিয় বন্ধু হ’বলৈ চেষ্টা কৰি সন্তানক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।
পৃথিৱীৰ দুই কুখ্যাত ড্ৰাগছৰ ঘাটি ‘সোণালী ত্ৰিভূজ’ (ব্ৰহ্মদেশ, থাইলেণ্ড, লাওচ- এই তিনিখন দেশক সংযুক্ত কৰিলে যি ত্ৰিভূজাকৃতি ভূমি পোৱা যায়- ড্ৰাগৰ জগতত সেই ভূমিৰ নাম – গোল্ডেন ট্ৰাইংগল- সোণালী ত্ৰিভূজ) আৰু ‘সোণালী অৰ্ধচন্দ্ৰ’ ( ই সাঙুৰি লয় পাকিস্তান,আফগানিস্তান আৰু ইৰাণক) ৰ মাজত পৰি ভাৰতবৰ্ষতো এই সমস্যাই জটিল ৰুপ লোৱা দেখা যায়। ১৯৮৫ চনত এই সমস্যা সমাধানৰ বাবে “নাৰ্কটিক ড্ৰাগছ এণ্ড ছাইক” আইন প্ৰৱৰ্তন কৰে। এই আইনৰ দ্বাৰা আশানুৰূপ ফল লাভ কৰিবলৈ বৰ্তমানেও সক্ষম হোৱা নাই । এই আইনৰ মতে:
ক) আফিম,ক’কেইন, হিৰোইন আদিৰ দৰে মাৰাত্মক ড্ৰাগছৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰমাণিত হ’লে নূন্যতম ১০ বছৰ সশ্ৰম কাৰাদণ্ড ( প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকাৰ জৰিমনা (প্ৰয়োজনত ৩ লাখ টকাৰ জৰিমনা) লোৱা হ’ব।
খ)গাঁজা আৰু ক্যানাবিচৰ সৈতে জড়িত থকা বা উৎপাদন কৰা কাৰ্যত লিপ্ত হোৱা বুলি প্ৰমাণিত হ’লে নূন্যতম ৫ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।
গ) ক্যানাবিচৰ সতে সম্পৰ্ক থকাৰ ক্ষেত্ৰত (গাঞ্জাক বাদ দি) নুন্যতম ১০ বছৰলৈ সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকা জৰিমনা (প্ৰয়োজনত ২ লাখ টকা জৰিমনা বিহা হ’ব।
ঘ) অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত ফাঁকি দিলে বা মিছাৰ আশ্ৰয় লৈ আইন উলংঘা কৰিলে অনুজ্ঞাপত্ৰ থকা ব্যক্তিক ৩ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (লগতে জৰিমনাও কৰা হ’ব পাৰে) বিহা হ’ব ।
ঙ) অতি কম পৰিমাণৰ ড্ৰাগছ কাৰোবাৰ লগত থকা বুলি প্ৰমাণিত হলেও ১ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (তথা প্ৰয়োজনত জৰিমনাও ) বিহা হ’ব।
চ) ড্ৰাগছ বাহক বুলি কোনোবা ব্যক্তি অভিযুক্ত হৈ প্ৰমাণিত হ’লে নুন্যতম ১০ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১ লাখ টকা জৰিমনা ( প্ৰয়োজনত ২ লাখ টকা জৰিমনা) বিহা হ’ব ।
ছ) এবাৰ অপৰাধী ( ড্ৰাগছ বিষয়বিষয়ত) বুলি প্ৰমাণিত হোৱা ব্যক্তি এজন দ্বিতীয়বাৰৰ বাবে পুনৰ অভিযুক্ত বুলি প্ৰমাণিত হ’লে তেওঁক পুনৰ নূন্যতম ১৫ বছৰ সশ্ৰম কাৰাদণ্ড (প্ৰয়োজনত ৩০ বছৰ সশ্ৰম কাৰাদণ্ড) আৰু ১,৫০,০০০ টকাৰ জৰিমনা (প্ৰয়োজনত ৩ লাখ টকা জৰিমনা) বিহা হ’ব।
জ)দ্বিতীয়বাৰৰ বাবে অভিযুক্ত বুলি প্ৰমাণিত হ’লে মৃত্যুদণ্ড তথা সা-সম্পত্তি বাজেয়াপ্ত কৰাও হ’ব পাৰে।
ৰাষ্ট্ৰসংঘই ১৯৮৯ চনৰ পৰা ২৬ জুলাই তাৰিখটো “ঔষধ অপব্যবহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তেওঁলোকৰ সপ্তদশ অধিৱেশনত ১৯৯১ৰ পৰা ২০০০ চনলৈ “ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ বিৰোধী দশক” হিচাপে ঘোষণা কৰিছিল। ১৯৯৭ চনত ঔষধ আৰু ইয়াৰ লগত জড়িত অপৰাধ নিৰ্মূলৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত “ঔষধ নিয়ন্ত্রণ আৰু অপৰাধ প্ৰতিৰোধ
কাৰ্যালয়” গঠন কৰা হয় যাক পৰৱৰ্তী সময়ত “ৰাষ্ট্ৰসংঘৰ ঔষধ আৰু অপৰাধৰ কাৰ্যালয় ( United Nations Office on Drugs and Crime চমুকৈ UNODC )” হিচাপে ২০০২ চনৰ পৰা নামাকৰণ কৰা হয়। প্ৰতিবছৰেই UNODC য়ে ড্ৰাগছৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ “ঔষধ(ড্ৰাগছ)ৰ অপব্যবহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” ৰ এক বিষয় নিৰ্ধাৰণ কৰে। এই বছৰৰ বিষয় হৈছে – “ড্ৰাগছৰ বিষয়ে তথ্য বিতৰণ কৰাকৰা, জীৱন বচোৱা (“Share Facts On Drugs, Save Lives”)
ড্ৰাগছৰ সম্পৰ্কে কিছু তথ্য জানিবলৈ চেষ্টা কৰি ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়াৰ সময় এইয়া। বিগত মে’ মাহৰ পৰা অসমতো বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা দেখা পোৱা গৈছে। ড্ৰাগছ বিৰোধী এই যুঁজত প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ সচেতনা আৰু সহযোগিতাৰ দ্বাৰাহে আমি জয়ী হ’ব পাৰিম।
সজাগ হওঁক, সচেতন হওঁক ; আপোনাৰ সন্তানক ড্ৰাগছ আসক্ত হোৱাৰ পৰা বচাওঁক।