• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

by Anjan Sarma
December 6, 2023
in Inspiration, Education, Literature, Remembrance
Reading Time: 6 mins read
0
ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা
Share on FacebookShare on TwitterShare on LinkedIn

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

অসমৰ জাতীয় জীৱনৰ বৌদ্ধিক দিশক অন্যতম ৰূপ দিয়া শক্তিশালী প্ৰতিভা, অসমীয়া সমালোচনা সাহিত্যৰ বৈজ্ঞানিক ভেটি নিৰ্মাণকাৰী প্ৰজ্ঞাৰ বাণী বিলোৱা ড৹ বাণীকান্ত কাকতি

এগৰাকী শিক্ষক হিচাপে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ সতে নিজৰ বিষয়বস্তুৰ উপৰিও সময়ে সময়ে কিছুমান অইন প্ৰসংগও আলোচনা কৰাটো এটা অভ্যাসতে পৰিণত হৈছে৷ কিন্তু লাহে লাহে অনুভৱ কৰিব লৈছো যে পূৰ্বৰ তুলনাত আজিকালি এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰমৰ বাদে বহু জানিবলগীয়া কথা নাজানে বা জানিবলৈ আগ্ৰহীও নহয়৷

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা
বাণীকান্ত কাকতি

উদাহৰণ স্বৰূপে অসম চৰকাৰে মেধাবী শিক্ষাৰ্থীক প্ৰদান কৰা “বাণীকান্ত কাকতি মেধা বঁটা“ৰ প্ৰসংগ ওলাওতেই একাংশ শিক্ষাৰ্থীক বাণীকান্ত কাকতিৰ বিষয়ে সুধিলো৷ তেওঁলোকৰ অধিকাংশৰে উত্তৰ আছিল প্ৰায় এনেকুৱা যে বাণীকান্ত কাকতি এগৰাকী পণ্ডিত আছিল, মেধাবী ব্যক্তি আছিল৷ ইয়াতকৈ বেছি তেওঁলোকে নাজানে৷

বাণীকান্ত কাকতি সন্দৰ্ভত মাত্ৰ দুই মিনিট সময় কব পৰাকৈও তেওঁলোক অপাৰগ৷ কিন্তু ইয়াৰ বাবে দায়ী হয়তো তেওঁলোক নহয়৷ দায়ী আমাৰ শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা৷ কাৰণ পৰীক্ষাত যি আহিব আমাৰ ব্যৱস্থাই তাক শিকোৱাতহে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ Because mark matters, percentage matters, not knowledge.

গতিকে আমি শিক্ষকসকলেও তেওঁলোকক পৰীক্ষাত ভাল নম্বৰ পাব পৰা বিষয়সমূহৰ ওপৰতহে গুৰুত্ব দিও৷ কাৰণ ছাত্ৰ গৰাকীয়ে ভাল নম্বৰ লাভ নকৰিলে সমাজেও তেওঁক স্বীকৃতি নিদিয়ে৷ আমাৰ শিক্ষা আৰু সমাজ ব্যৱস্থাৰ এনেকুৱা বহু ঋণাত্মক দিশ এগৰাকী শিক্ষক হিচাপে প্ৰায়েই অনুভৱ কৰো ৷ কেতিয়াবা এই বিষয়ে আলোচনা আগবঢ়াৰ চেষ্টা কৰিম৷

কিন্তু আজি কবলৈ বিছাৰিছো পণ্ডিত বাণীকান্ত কাকতিৰ বিষয়ে, যাতে অহা পহিলা ডিচেম্বৰত পণ্ডিত বাণীকান্ত কাকতিৰ নামত অসম চৰকাৰে প্ৰৱৰ্তন কৰা “বাণীকান্ত কাকতি মেধা বঁটা” গ্ৰহণ কৰা সময়ত শিক্ষাৰ্থীসকলে অন্তঃত কিছু হ’লেও এই পণ্ডিতগৰাকীৰ বিষয়ে কিছু পৰিমাণে হ’লেও অৱগত হয়৷

আনহাতে বিষয়টো আজি উত্থাপন কৰাৰো অন্য এটা কাৰণ নোহোৱা নহয় ৷

আজি ১৫ নৱেম্বৰ; একাধাৰে গৱেষক, ভাষাবিদ, সাহিত্যিক, শিক্ষাবিদ, সমালোচক ড৹ বাণীকান্ত কাকতিৰ জন্ম আৰু মৃত্যু দিৱস৷ 

১৮৯৪ খ্ৰীষ্টাব্দৰ ১৫ নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱৰ বাউসীত (পূৰ্বৰ নাম খৰাৰভিঠা) জন্মগ্ৰহণ কৰা বিদগ্ধ অসমীয়া পণ্ডিতগৰাকীৰ ১৯৫২ খ্ৰীষ্টাব্দৰ ১৫ নৱেম্বৰত গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা বাসভৱনত ৫৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ বাণীকান্ত কাকতি আছিল বাটিকুৰিহাৰ ললিতৰাম কাকতি আৰু লাহোবালা দেৱীৰ পাঁচটি সন্তানৰ ভিতৰত কণিষ্ঠ৷

তেওঁ জন্মৰ কিছুদিন পূৰ্বেই পিতৃ বিয়োগ ঘটা পৰিয়ালটোৰ অৱস্থা টনকিয়াল নাছিল। ডাঙৰ ককায়েক পৰমানন্দ কাকতি ওৰফে ৰাধা পণ্ডিত আছিল শিলা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক ৷ একমাত্ৰ তেওঁৰ উপাৰ্জনেৰেই কোনমতেহে পৰিয়ালটো চলিব লগা হৈছিল।

বিদ্যানুৰাগী ককায়েকে শিক্ষকতা কৰা বিদ্যালয়খনতে আৰম্ভ হৈছিল বাণীকান্ত কাকতিৰ স্কুলীয়া জীৱন ৷ ছাত্ৰ জীৱনৰ আৰম্ভনিৰ পৰাই তেওঁ পঢ়াত ইমান মনোযোগী আছিল যে কিতাপৰ বাহিৰে অন্য কথাই তেওঁ মনত ঠাই পোৱা নাছিল। পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবে কেতিয়াবা শ্ৰেণীকোঠাত কাষত বহি থকা ছাত্ৰজনকো তেওঁ দেখা পোৱা নাছিল। যাৰ ফলশ্ৰুতিতে খুব ভাল নম্বৰ লৈ বৃত্তি লাভ কৰি তেওঁ প্ৰাইমাৰী পাছো কৰে ৷

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

তাৰপিছত বৰপেটা হাইস্কুলত নামভৰ্ত্তি কৰি হাইস্কুলতো বছৰেকীয়া পৰীক্ষাত শ্ৰেণীৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পুৰস্কাৰ হিচাপে চেমুৱেল স্মাইলৰ ‘ছেলফ হেল্প’ আৰু জাৰ্মান পণ্ডিত মেক্সমুলাৰৰ এখন জীৱনী পুথি লাভ কৰিছিল ৷

এই পুথি দুখনে তেওঁক জীৱন গঢ়াত বিশেষভাৱে সহায় কৰে৷ ফল পাবলৈ যে কষ্ট কৰিব লাগিব, ধৈৰ্য্যশক্তিয়ে যে মনলৈ অফুৰন্ত সাহস আনে এনেধৰণৰ কথাসমূহ তেওঁ এই গ্ৰন্থ দুখনৰ পৰা শিকিছিল।

হাইস্কুলীয়া ছাত্ৰাৱস্থাত তেওঁৰ সংস্কৃত বিষয়ৰ জ্ঞানৰ পৰিসৰ দেখি সংস্কৃতৰ শিক্ষকগৰাকী অতিকে মুগ্ধ হৈ পৰীক্ষাত ১০০ নম্বৰৰ ভিতৰত ১০৫ নম্বৰ দিবলৈ বাধ্য হয় ৷ সেই সময়ত অসমত উচ্চ শিক্ষাৰ বিশেষ ব্যৱস্থা নথকাৰ বাবে ১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

অকল এয়াই নহয় নিজৰ প্ৰচুৰ মেধাৰ বলত ইংৰাজী বিষয়ত তেওঁ লাভ কৰিলে সৰ্বোচ্চ নম্বৰ ৷ যাৰ বাবে তেওঁক সোণ আৰু ৰূপৰ পদকেৰে পুৰষ্কৃত কৰা হয়৷ কিন্তু এনেদৰে সুখ্যাতিৰে প্ৰৱেশিকা পাছ কৰাৰ পিছতে আৰ্থিক অনাতনৰ বাবে তেওঁৰ পঢ়া-শুনা কৰাত বাধা আহি পৰে৷ কাৰণ সেই সময়ত অসমত এখনেই মহাবিদ্যালয় আছিল, গুৱাহাটীৰ ‘কটন মহাবিদ্যালয়’।

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা
কটন কলেজ

গতিকে কটনত পঢ়িবলৈ হ’লে গুৱাহাটীত থাকি পাঢ়িব লাগিব, যিটোৰ বাবে কাকতিৰ পৰিয়ালৰ মুঠেও সামৰ্থ নাছিল। পিছে জ্ঞানপিপাসু বাণীকান্ত কাকতি অলৰ অচৰ যে তেওঁ কলেজত পঢ়িবই। অৱশেষত নিৰুপায় হৈ মাকে প্ৰয়াত স্বামীৰ বন্ধু জিৎৰাম মহাজনৰ ওচৰ পালেগৈ। জিৎৰাম মহাজন আছিল এগৰীকী দয়ালু সুহৃদয় লোক৷ তেওঁ বাণীকান্তৰ পঢ়াৰ দায়িত্ব লৈ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্ত্তি কৰাই হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিলে।

এইগৰাকী ব্যক্তিৰ তেওঁৰ মহানুভৱতাৰ কথা বাণীকান্ত কাকতিয়ে জীৱনৰ শেষ বয়সলৈকে মনত ৰাখিছিল আৰু কৃতজ্ঞতাৰ চিনস্বৰুপে চাকৰি কালত সুযোগ পালেই আপদে বিপদে সহায় কৰিছিল ৷ কটন কলেজত আই. এ. অধ্যয়ন কৰিবলৈ লোৱাৰ পিছতে সেই সময়ৰ কটন কলেজৰ ইংৰাজী বিষয়ৰ স্বনামধন্য অধ্যাপক পি চি ৰয়ৰ চকুত পৰে বাণীকান্তৰ বুদ্ধিমত্তা।

বাণীকান্তৰ মেধাবী গুণ দেখি অধ্যাপকগৰাকী বিস্ময়াবিভূত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ প্ৰিয় ছাত্ৰৰ স্থান লাভ কৰিববলৈ সক্ষম হয় ৷  ১৯১৩ চনৰ কাকতি কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আই এ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰতিটো বিষয়তে ৮০ শতাংশৰ ওপৰ নম্বৰ লাভেৰে বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান দখলেৰে অসম-বংগৰ এগৰাকী কৃতি ছাত্ৰ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হয় ৷

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা
Cotton College Historical Bunglow

আনহাতে কটন কলেজৰ পৰা অঙ্কত সৰ্বোচ্চ নম্বৰ পাই ‘বৰাত মেম’ৰিয়েল’ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত মেধা বৃত্তিৰ ধনৰ সহায়ত ১৯১৩ চনত কাকতিয়ে কলিকতাৰ খ্যাতনামা প্ৰেচীডেন্সী কলেজত ইংৰাজী বিষয়ক অনাৰ্চ হিচাপে লৈ বি.এ. শ্ৰেণীত নামভৰ্তি কৰে ৷ ১৯১৫ চনত ইংৰাজী অনাৰ্চত দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থানেৰে তেওঁ বি.এ. পাছ কৰে।

প্ৰথম শ্ৰেণী লাভ কৰিব নোৱাৰাৰ বাবে তেওঁৰ বৃত্তিৰ ধন বন্ধ হৈ যায় আৰু আৰ্থিক অনাটনৰ বাবে এম এ পঢ়াত অসুবিধাৰ সন্মুখীন হবলগীয়া হয়৷ কিন্তু কাকতিৰ বুদ্ধিমত্তা আৰু পঢ়াৰ প্ৰতি থকা ধাউতিৰ বিষয়ে জানিবলৈ পাই সেই সময়ৰ অসম চৰকাৰৰ শিক্ষাধিকাৰ জে আৰ কানিংহাম চাহাবে কাকতিৰ প্ৰতি সদয় হয় আৰু ব্যক্তিগতভাৱে অৰ্থ সাহায্য প্ৰদান কৰি এম এ পঢ়াত বিশেষভাৱে সহায় কৰে ৷

এম এ পঢ়ি থকাৰ সময়তে তেওঁ ১৯১৬ খ্ৰীষ্টাব্দত বৰপেটাৰ চিৰস্তাদাৰ উমাকান্ত দাসৰ জীয়ৰী কনকলতা দাসৰ সতে বিবাহপাশত আবদ্ধ হয় ৷ কাকতিয়ে ১৯১৮ খ্ৰীষ্টাব্দত ইংৰাজী বিষয়ৰ ‘এ-গ্ৰূপ’ত পৰীক্ষাত দ্বিতীয় শ্ৰেণী লাভ কৰে আৰু কটন কলেজত সহকাৰী অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে৷

চাকৰি কৰি থকাৰ মাজতে বিদ্যানুৰাগী কাকতিয়ে পুৰামাত্ৰাই অধ্যয়ন কাৰ্য চলাই নিছিল৷ ফলস্বৰূপে ১৯২৩ চনত পুনৰ ইংৰাজী বিষয়ৰ ‘বি-গ্ৰূপ’ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম শ্ৰেণী লাভ কৰাৰ লগতে ইংৰাজী বিষয়ৰ উভয় গ্ৰূপৰ পৰীক্ষাৰ্থীসকলৰ ভিতৰত শীৰ্ষ স্থান দখলেৰে ‘ক্ষেত্ৰমোহন চট্টোপাধ্যায় সোনৰ পদক‘ লাভ কৰিবলৈ সক্ষম হয় ৷ 

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

কটন কলেজৰ চাকৰিত যোগদান কৰাৰ পিছতে তেওঁ সপৰিয়ালে কলেজৰ ওচৰৰ এটি ভাড়াঘৰত থাকিবলৈ লয়, যিহেতু বৰপেটাৰ পৰা দৈনিক অহা যোৱা কৰাটো সম্ভৱপৰ নাছিল ৷ উল্লেখ্য যে কাকতিয়ে হাইস্কুলত পঢ়িবলৈ তেতিয়া সমগ্ৰ বৰপেটা মহকুমাৰ ভিতৰত থকা একমাত্ৰ স্কুলখনত পঢ়িবৰ বাবে স্কুলৰ সমীপৰ মনোহৰি দাস নামৰ এগৰাকী স্থানীয় বাসিন্দাৰ মাটিত এটি সৰু জুপুৰি সাজি লৈছিল।

সেইসময়ত এইবোৰ অতি সাধাৰণ কথা আছিল৷ বাণীকান্ত কাকতিয়ে গুৱাহাটীত থকাৰ সময়ত পৰিয়ালৰ লগতে দুজন ভতিজাক, খুলশালীয়েক, দুৰসম্পৰ্কীয় ভায়েক এজন আৰু জিৎৰাম মহাজনৰ ডাঙৰ পুতেককো আনি পঢ়াশুনাৰ ব্যৱস্থা কৰি দিছিলহি।

সেই সময়ৰ উদাৰমনা মানুহবোৰে সকলোকে আপোন বুলি লৈ ইজনে সিজনৰ সুখ দুখৰ ভাগী হ’ব পাৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত পঢ়া-শুনা ক্ষেত্ৰতো অসামৰ্থজনক সামৰ্থ থকাজনে সহায় কৰিবলৈ বিনা দ্বিধাৰে আগবাঢ়ি আহিছিল।

এসময়ত বাণীকান্ত কাকতিক পঢ়ুওৱা জিৎৰাম মহাজনৰ গৃহত তিনিবাৰকৈ জুই লাগি ব্যৱসায়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত অসহায় হৈ পৰা মহাজনৰ পুতেকক পঢ়ুওৱাৰ দায়িত্ব কাকতিয়ে গ্ৰহণ কৰি তেওঁৰ কৃতজ্ঞতা আৰু মহানুভৱতাৰ নিদৰ্শন দেখুৱাইছিল৷

এগৰাকী প্ৰচুৰ অধ্যয়নশীল ব্যক্তি কাকতিয়ে অধ্যাপনা কৰি থকাৰ সমান্তৰালকৈ গৱেষণাৰ কামত আত্মনিয়োগ কৰিছিল৷ ইংৰাজী ভাষা-সাহিত্যৰ এগৰাকী ছাত্ৰ তথা অধ্যাপক হ’লেও নিজৰ ভাষাটোৰ, জাতিটোৰ, সংস্কৃতিৰ প্ৰতি তেওঁ সদায় সজাগ আছিল৷ তেওঁ অসমীয়া জাতিটোৰ উৎপত্তিৰ কথা, জাতিটোৰ ভাষাৰ কথা সকলো আঁতিগুৰি জানিবলৈ প্ৰয়াস কৰিছিল আৰু তাৰ উত্তৰণৰ বাবে কাম কৰি গৈছিল৷

এক সুন্দৰ তথা অনন্য ভাষা এই অসমীয়া ভাষাটো কেনেকৈ উৎপত্তি হ’ল, কেনেকৈ বিকাশ হৈ আহি সম্পূৰ্ণ ৰূপ ল’লে সেইবোৰ পুংখানুপুংখ জানিবলৈ আত্মনিয়োগ কৰিছিল। অসমীয়া সাহিত্য বিশেষকৈ অসমীয়া পুৰণি সাহিত্যৰ বিষয়ে গৱেষণা কৰি তাক পাঠক সমাজৰ হাতত তুলি দিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছিল।

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

এই মহৎ উদ্দেশ্য আগত ৰাখিয়েই তেওঁ সমগ্ৰ ভাৰতবৰ্ষতে বিশেষভাৱে পৰিচিত বিশিষ্ট গৱেষক পণ্ডিত ড৹ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ সহযোগত অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰি লিখি উলিয়াইছিল ‘Assamese It’s Formation and Development’ নামৰ গ্ৰন্থখন ৷ এখন তথ্য সমৃদ্ধ সুন্দৰ গৱেষণা গ্ৰন্থ হিচাপে ভাষাবিজ্ঞানৰ পণ্ডিতসকলে সমাদৃত কৰা এই গ্ৰন্থখনেৰে কাকতিয়ে ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি, এইচ, ডি, ডিগ্ৰী লাভ কৰে৷

পি, এইচ, ডি কৰাৰ সময়ত কাকতিৰ এই গৱেষণা গ্ৰন্থখনৰ পৰীক্ষক পেৰিছ বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট ভাষাবিদ পণ্ডিক জুল ব্লখে গ্ৰন্থখনৰ উচ্চ প্ৰসংশা কৰি কৈছিল- ‘Ί suppose the writer lives in a place for form academical atmosphere. But I am really surprised to find such a writing coming from such quarter.’

অসম চৰকাৰৰ দ্বাৰা পৰিচালিত “বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ”ৰ অধ্যক্ষ ড° সূর্য কুমাৰ ভূঞাৰ তৎপৰতাত ১৯৪১ চনত প্ৰকাশ হোৱা এই গ্ৰন্থখনে পৰৱৰ্তী সময়ত ভাষা বিজ্ঞানৰ ছাত্ৰসকলৰ বাবে অসমীয়া ভাষাৰ বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰত পথ প্রদর্শক গ্রন্থ হিচাপে স্বীকৃত হয় ৷

এইখিনিতে এটা আমোদজনক ঘটনাৰ বিষয়ে জানিব পৰা যায় যে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰাৰ খবৰ চৌদিশে বিয়পি পৰাত অনেকেই আনন্দিত হৈছিল যদিও এচাম চকু চৰহা লোক ঈৰ্ষন্বিতও হৈছিল৷ তেনেকুৱা কিছুসংখ্যক ব্যক্তিয়ে হেনো চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহা কিছুমান ৰোগীক নতুন ডাক্টৰ অহা বুলি কাকতিৰ ঘৰলৈ পঠাইছিল৷

এনেদৰে অনাকাংক্ষিতভাৱে তেওঁৰ ঘৰৰ বাৰান্দাত ৰোগীৰ ভিৰ দেখি কাকতিয়ে বিষয়টোক গুৰুত্ব সহকাৰে লয় আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁ মানুহক চিকিৎসাও কৰিব ৷ সিদ্ধান্ত মৰ্মে হোমিওপেথিৰ কিতাপ কিনি আনি সেইবোৰ পঢ়ি আৰু তাৰ জ্ঞান আয়ত্ত কৰি ৰোগীক হোমিও চিকিৎসা কৰিছিল৷ কেতিয়াও হাৰ নমনাএনেকুৱা ব্যতিক্ৰমী ব্যক্তি আছিল ড৹ বাণীকান্ত কাকতি ৷ এই ঘটনাটোৱে তেওঁৰ মানসিক দৃঢ়তাৰ কথা বৰ সুন্দৰকৈ দাঙি ধৰে৷

বৰ্তমান সময়ত বহু গৱেষকৰ গৱেষণা গ্ৰন্থসমূহ পঢ়ুৱৈৰ হাতত পৰে নে নপৰে বা পৰিলেও তাৰ পৰা এটা জাতিৰ, এখন সমাজৰ কিবা হিত সাধন হয় নে নহয় তাত প্ৰশ্নৰ অৱকাশ আছে ৷ কিন্তু ড৹ কাকতিৰ এই গৱেষণা গ্ৰন্থখন অসমীয়া ভাষাৰ বাবে আজিও ইমানেই গুৰুত্বপূৰ্ণ যে গ্ৰন্থখনৰ কেবাটাও সংস্কৰণ ইতিমধ্যে প্ৰকাশ কৰা হৈছে ৷

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

 অসমীয়া সমালোচনা সাহিত্যৰ বৈজ্ঞানিক ভেটি নিৰ্মাণকাৰী বাণীকান্ত কাকতিয়ে তথ্যসমৃদ্ধ, যুক্তিনিষ্ঠ, বিজ্ঞানসন্মত গৱেষণাধৰ্মী ৰচনাৰে কাকতিয়ে ভাষাতত্ব, সাহিত্য চৰ্চা আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ বৌদ্ধিক জগতত আধুনিক জ্ঞান-চৰ্চাৰ বাট মুকলি কৰিছিল৷

আনহাতে ইংৰাজী সাহিত্যৰ এগৰাকী মেধাৱী ছাত্ৰ হিচাপে ইউৰোপীয় সাহিত্য আৰু ইতিহাসৰ সতে বিশেষভাৱে পৰিচিত কাকতিয়ে ভিক্টোৰীয় আদৰ্শৰ লগতে ৰুছ বিপ্লৱ, ফৰাচী বিপ্লৱৰ পৰা আৰম্ভ কৰি প্ৰাচ্যৰ মূল্যবোধ, সংস্কৃত সাহিত্যকে আদি কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ- মাধৱদেৱৰ ভক্তি আন্দোলনৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা কৰিছিল ৷

এনেবোৰ বিস্তৃত জ্ঞানৰ বাবেই তেওঁ অসমত প্ৰচলিত ভাষাচৰ্চাৰ পৰম্পৰাক এক নব্যৰূপত প্ৰতিষ্ঠা কৰি আধুনিকভাৱে বিজ্ঞানসন্মত আলোচনাৰ বাট মুকলি কৰিছিল৷ ধৰ্ম-সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰতো আধুনিক দৃষ্টিভংগীৰে আলোচনাৰ বাট দেখুওৱা কাকতিয়ে অসমীয়া সংস্কৃতিত অষ্ট্ৰিক, মংগোলীয় উপাদান উদঘাটন কৰিছিল ৷

উনৈশ শতিকাৰ আৰম্ভনিতে অসমৰ জাতীয় জীৱনৰ বৌদ্ধিক দিশটোক এক শক্তিশালী ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাসকলৰ ভিতৰত কাকতি আছিল এক শক্তিশালী প্ৰতিভা৷ তেওঁ সম্পাদনা কৰা প্ৰথম গ্ৰন্থ আছিল মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ‘চোৰ ধৰা আৰু পিম্পৰা গুচোৱা’ অংকীয়া নাট। ১৯২০ গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছত দ্বিতীয়খন গ্ৰন্থ আছি মহাপুৰুষ শংকৰদেৱ ওপৰত ইংৰাজী ভাষাত লিখা Life and Teaching of Sankardeva.

ইয়াৰ পিছত প্ৰকাশ পোৱা ‘পুৰণি অসমীয়া সাহিত্য‘ গ্ৰন্থখনেও অসমীয়া সাহিত্যক এক অন্যতম মাত্ৰা প্ৰদান কৰে ৷ ড৹ কাকতিয়ে আন এখন আকাৰত সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ গৱেষণা গ্ৰন্থ ‘কলিতা জাতিৰ ইতিবৃত্ত‘ৰ জৰিয়তে অসমীয়া সাহিত্যত নোহোৱা এটি বিষয়ৰ সুন্দৰকৈ অৱতাৰণা কৰে ৷

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

ইয়াৰ পিছত ক্ৰমে ইংৰাজী ভাষাত লেখা ‘The Mother Godess Kamakhya‘ আৰু ইয়াৰ পৰিপূৰক বা অসমীয়া সংস্কৰণ হিচাপে ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা‘ৰ জৰিয়তে প্ৰাচীন অসমীয়া ইতিহাস আৰু সভ্যতাৰ বিষয়ে অতি সুন্দৰ বিশ্লেষণ আগবঢ়ায় ৷ তেওঁৰ আন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ‘সাহিত্য আৰু প্ৰেম‘ অসমীয়া সাহিত্যত এখন নোহোৱা-নোপোজা গ্ৰন্থ, যিখনক অসমীয়া সাহিত্যৰ ভঁৰালত এক নতুন সংযোজন বুলিব পাৰি।

একেদৰে শিশুসকলক লৈ লিখা ‘পখিলা’ ,’Aspects of Early Assamese Literature’ ‘পুৰণি অসমীয়া সাহিত্য’, ‘Vaishnavite Myths and legends’, ‘Aspect of Early Assamese Literature’, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশাত্মবোধক কবিতাৰ ইংৰাজী অনুবাদ ‘Song of the Cell’ আদিৰ উপৰিও তেওঁ বিভিন্ন প্ৰবন্ধৰে আৰু কাব্য- সাহিত্যৰ আলোচনাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰে৷

জীৱনৰ ভোগবিলাস, আনন্দ উপভোগ, অবাবত সময় কটোৱা আদিক সদায় পিঠি অহা ড৹ কাকতিৰ জীৱনটোৱে যেন আছিল কেৱল অধ্যয়ন আৰু জ্ঞান আহৰণ কৰা। তেওঁ অসমৰ বৈষ্ণৱ সাহিত্য বিশেষকৈ মহাপুৰুষ শংকৰদেৱ ৰচিত পুথিসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। মহাপুৰুষীয়া এক শৰণ ধৰ্মৰ বিষয়ে ‘ভবানন্দ পাঠক’ ছদ্মনামেৰে লিখা বহু প্ৰৱন্ধ বিভিন্ন কাকতত প্ৰকাশ পাইছিল।

অসমৰ উচ্চ শিক্ষাৰ ভোটাতৰা স্বৰূপ কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া ড° সূৰ্য্যকুমাৰ ভূঞাৰ পিছতে দ্বিতীয়গৰাকী আছিল ড৹ বাণীকান্ত কাকতি ৷ ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্ট’ৰিকেল ৰেকৰ্ডছ্ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয় ৷ ১৯৪৭ চনত তেওঁ কটন কলেজৰ অধ্যক্ষলৈ পদোন্নতি লাভ কৰে ৷

ইয়াৰ পিছতে ১৯৪৮ চনৰ জানুৱাৰীত চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে আৰু সেই বছৰতে নতুনকৈ স্থাপন হোৱা অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে সেৱা আগবঢ়ায়। 

ড৹ বাণীকান্ত কাকতি: অসমৰ জাতীয় জীৱনৰ শক্তিশালী প্ৰতিভা

কাকতি আছিল বিশ্বিবদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন ‘কলাগুৰু’ (Dean, Faculty Of Arts) ৰূপে নিৰ্বাচিত হোৱা ব্যক্তি ৷ বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সভাৰো সদস্য কাকতিক অসম চৰকাৰে শিক্ষাধিকাৰৰ পদ যাচিছিল যদিও তেওঁ গ্ৰহণ নকৰিলে। আমকি সেইসময়ত কিছুমান ৰাজনৈতিক দলে তেওঁক গুৱাহাটীৰ বিধান সভাত সমষ্ঠিৰ পৰা সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থী হিচাবে বিচাৰিছিল। কিন্তু তেওঁ সেইয়াও নাকচ কৰিছিল ৷

কাৰণ অধ্যয়ন আৰু অধ্যাপনাই যেন তেওঁৰ জীৱনৰ মূল লক্ষ্য আছিল। অসমীয়া জাতিটোৰ সৰ্ব্বাঙ্গীন উন্নয়নৰ বাবে সমগ্ৰ জীৱন সাধনা কৰা ড৹ কাকতিয়ে অসংখ্য গ্ৰন্থ ৰচনা নকৰি সাহিত্যৰ এটা দিশহে বাচি লৈছিল৷ অসমীয়া ভাষাৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি ভাষাটোক এক নিৰ্দিষ্ট সত্যৰূপত প্ৰতিষ্ঠিত কৰা ব্যক্তিগৰাকীৰ বাবে তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাখন অসমৰ সীমা নিৰ্দ্ধাৰণৰ সময়ত অসমৰ লগত থকাটো সম্ভৱপৰ হৈ উঠিছিল ৷ 

এটি সাধাৰণ পৰিয়ালত জন্মলাভ কৰিও একমাত্ৰ প্ৰচেষ্টাৰে সমাজৰ শিখৰত আৰোহণ কৰা ড৹ কাকতিৰ চাৰিত্ৰিক বৈশিষ্ট্যই আছিল তেওঁৰ জীৱনৰ উন্নতিৰ মুল চাবি-কাঠি ৷

শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, অধ্যয়নশীলতা আৰু একাগ্ৰতাক জীৱনৰ মূলধন হিচাপে লৈ সহজ-সৰল জীৱন-যাপন আৰু উচ্চ-চিন্তন’ আদৰ্শক অনুকৰণ কৰা স্পষ্টবাদী ব্যক্তিগৰাকীয়ে ১৯৫২ চনৰ ১৫ নৱেম্বৰত নিজৰ ওপজা দিনটোতে প্ৰাত:ভ্ৰমণ কৰি অহাৰ পিছত অকস্মাৎ অসুস্থ অনুভৱ কৰে আৰু গুৱাহাটীৰ নিজ গৃহতে শেষ নিস্বাস ত্যাগ কৰে৷

কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩

15-11-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

Education Beyond Marks: AI, Employability, and the Crisis of Real Learning

May 20, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d