ড⁰ ভূপেন হাজৰিকা আৰু হাউলী শ্বহীদ বেদী
যুগান্ত বায়ন
“ভূপেন দা তোমাৰ কণ্ঠ অবিহনে আমি আমাৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো”- মামণি ৰয়ছম গোস্বামীৰ এইষাৰ কথাৰ মৰ্মাৰ্থ ড⁰ হাজৰিকাৰ বৰ্ণময় জীৱনধাৰাত অসম, অসমীয়া আৰু অসমৰ প্ৰতিটো জাতীয় আন্দোলনত সংপৃক্ত হৈ থকা তেওঁৰ অনবদ্য অৱদানক বিশ্লেষণ কৰিলে আমি অতি সহজে অনুধাৱন কৰিব পাৰোঁ।
অসমৰ জাতীয় জীৱনৰ প্ৰতিটো দুৰ্যোগপূৰ্ণ সময়ত সুধাকণ্ঠৰ বলিষ্ঠ কণ্ঠত নিগৰিত হোৱা আৰু জাতিক জগোৱা গীতবোৰে অসমৰ প্ৰতিটো জাতীয় আন্দোলনক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান অসমীয়া জাতি জীয়াই থাকে মানে শ্ৰদ্ধাৰে সোৱৰণ কৰি থাকিব।
এই ক্ষেত্ৰত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন ব্যতিক্ৰম নহয়। আন্দোলনৰ প্ৰতিটো স্তৰত তেওঁৰ ঘনিষ্ঠ সহযোগ, অতি স্পৰ্শকাতৰ পৰিস্থিতিত বিভিন্ন জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতি জীয়াই ৰখাৰ বাবে বিভিন্ন অঞ্চল লৈ গৈ ৰাইজৰ সুখ-দুখৰ সমভাগী হোৱাৰ তাড়নাই আজিও বৃহত্তৰ অসমীয়া সমাজখনক নানান ঘাট-প্ৰতিঘাটৰ মাজতো একত্ৰিত কৰি ৰাখিছে।
এই মহান শিল্পীগৰাকীয়ে এই জাতীয় আন্দোলনৰ শ্বহীদ আৰু শ্বহীদ পৰিয়ালৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা সেই দায়বদ্ধতাকো সঠিক ৰূপত পালন কৰি এক সঁচা জাতি প্ৰেমৰ উদাহৰণ দাঙি তুলি ধৰিছিল।
অস্তিত্ব ৰক্ষা আন্দোলনৰ দুৰ্যোগপূৰ্ণ সময়ত শাসক পক্ষৰ দমন আৰু কুটিল ষড়যন্ত্রৰ ফলত আন্দোলনকাৰীৰ মনৰ শক্তি যেতিয়া হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল সেই সময়তে তেওঁ সমগ্ৰ অসম জুৰি গীতৰ সভাৰ মাজেৰে ৰাইজৰ মনোবল যাতে অদম্য ৰূপত জাগ্ৰত হৈ থাকে তাৰবাবে নিৰলস প্ৰচেষ্টা চলাই গৈছিল। শ্বহীদসকলৰ স্মৃতি যাতে চিৰসজীৱ হৈ থাকে তাৰবাবেও তেওঁ সচেতন আছিল।
এই প্ৰসঙ্গতে আমাৰ মনলৈ আহিছে হাউলীৰ শ্বহীদ বেদীৰ নিৰ্মাণৰ আঁৰৰ কাহিনীৰ কথা।
১৯৮৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখ। ড⁰ হাজৰিকাই সেই নিশা চামতাৰ বেলশৰত গীত পৰিৱেশন কৰা কথা আৰু বৰপেটা আৱৰ্ত ভৱনত নিশা কটাই ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া বৰপেটাৰ এক অনুষ্ঠানত ভাগ লয় বুলি আমি এক বাতৰি লাভ কৰোঁ।
তেতিয়া হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্বত থকা হেমেন দাস, ,জিতেন দাস, মিহীৰ নাথ, মহানন্দ কুমাৰ পাঠক, অমৰেন্দ্ৰ পাঠক, মদন দাস, হৃষিকেশ গোস্বামী, খনীন দাসকে আদি কৰি আমি কেইজনমানে সিদ্ধান্ত ললোঁ সুধাকণ্ঠৰ দ্বাৰা ২১ ফেব্ৰুৱাৰীত হাউলীৰ প্ৰস্তাৱিত শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰিম। ভৱা মতে কাম। আমি প্ৰস্তুতিৰ কামত লাগি গ’লো।
আমি হেমেন দাস, মদন দাসৰ সৈতে ৰাতি ৰাওনা হ’লো বেলশৰ লৈ। বেলশৰ লৈ যোৱাৰ আগতে ড⁰ হাজৰিকাৰ অনুমূতি লাভ নকৰাকৈয়ে প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ল। আমাৰ গভীৰ বিশ্বাস শিল্পীগৰাকীৰ শ্বহীদসকলৰ প্ৰতি থকা নিভাজ শ্ৰদ্ধা আৰু হাউলীৰ সমাজ জীৱনৰ অন্য এক মহীৰূহ ডা⁰ সুৰেন্দ্ৰনাথ দাসৰ সহযোগত হাউলীৰ ৰাইজৰ লগত থকা তেওঁৰ আত্মিক সম্বন্ধই আমাক নিৰাশ নকৰিব।
তেওঁৰ আত্মজীৱনীত নিজেই উল্লেখ কৰিছে হাউলীৰ লগত থকা তেওঁৰ নিবিড় সম্পৰ্কৰ কথা।
এনে প্ৰত্যয় আৰু আত্মবিশ্বাস লৈয়ে আমি নিশা প্ৰায় ১১ বজাত বেলশৰত গৈ তেওঁক সাক্ষাৎ কৰি আমাৰ সিদ্ধান্তৰ কথা জনোৱাত তেওঁ দ্বিধাহীনভাৱে আমাৰ সিদ্ধান্তক সমৰ্থন জনালে আৰু ২১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ১১ বজাত শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক জনসভাত অংশগ্ৰহণ কৰিব বুলিও কথা দিলে। এই ক্ষেত্ৰত সেই সময়ৰ বৰপেটাৰ ছাত্ৰ নেতা প্ৰয়াত শশধৰ কাকতিৰ ভূমিকা উল্লেখনীয়।
সেইমতেই ১৯৮৫ চনৰ ২১ ফেব্ৰুৱাৰীত শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰা হ’ল। তাৰপিছত অসম চুক্তি সম্পাদন হোৱাত শ্বহীদ বেদীটো নিৰ্মাণৰ বাবে ১৯৮৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ড⁰ হাজৰিকাৰ এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল। কিন্তু নিৰ্ধাৰিত তাৰিখত তেওঁ অসুস্থ হোৱাৰ সেই সাংস্কৃতিক সন্ধিয়া বাতিল হোৱাত তেতিয়া তেওঁৰ ভাতৃ অমৰ হাজৰিকাই শিল্পীগৰাকী সুস্থ হৈ উঠিল পুনৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা অৱগত কৰিলে।
সেইমতে আমি অপেক্ষা কৰিলোঁ শিল্পীগৰাকী সুস্থ হোৱা লৈ। পুনৰ এবছৰ পিছত তেওঁ সুস্থ হৈ উঠাত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ ধৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ হাউলীৰ সলনি বৰপেটা ৰোডত এক অনুষ্ঠানত ভাগ লোৱাৰ খবৰ পোৱাত আমি বৰপেটা ৰোডত তেওঁক সাক্ষাৎ কৰি তেওঁক হাউলীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ইতিমধ্যে জনোৱা আমন্ত্ৰণ প্ৰত্যাহাৰ কৰা বুলি জনোৱাত তেওঁ অতি আচৰিত হৈ পৰে।
তেতিয়া তেওঁৰ সহযোগী হিচাপে থকা মনিষা হাজৰিকাক এই সমগ্ৰ ঘটনাৱলীৰ বিষয়ে জবাবদিহি কৰে। সেই আলোচনাতেই শ্বহীদ বেদীটো নিৰ্মাণ হৈ উঠিলে বেদীটো উন্মোচন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেইমতেই ১৯৮৭ চনৰ ২১ ফেব্ৰুৱাৰীত সুধাকণ্ঠই হাউলীৰ শ্বহীদ বেদী মুকলি কৰে আৰু সন্ধিয়া গীতৰ মাজেৰে সংগ্ৰামী ৰাইজক সম্বোধন কৰে।
এনে ঘটনা-পৰিঘটনাই ড⁰ হাজৰিকাৰ জাতিটো আৰু জাতিটোৰ ভৱিষ্যতৰ বাবে জীৱন আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি থকা দায়বদ্ধতাই আজিও অসম আৰু অসমীয়াক জাতীয় দায়িত্ব পালনৰ প্ৰতি উৎসাহিত কৰি আহিছে।
আজি শিল্পীগৰাকীৰ ১২ সংখ্যক মৃত্যু বাৰ্ষিকীত তেওঁ লৈ জনাইছোঁ ভক্তি ভৰা শ্ৰদ্ধাঞ্জলি।
05-11-2023
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)