• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

নিৰ্মালি আৰ্য

by Anjan Sarma
January 5, 2023
in History, News, Opinion
Reading Time: 3 mins read
0
ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’
Share on FacebookShare on TwitterShare on LinkedIn

অসম বুৰঞ্জী

নিৰ্মালি আৰ্য

brown and red analog clock
Photo by Damir. on Pexels.com

অসমৰ ইতিহাস যে বহু পুৰাতন ঐতিহ্যৰে সমৃদ্ধ, সেই কথা কৈ থকা যায়। কিন্তু তথ্য আৰু সাক্ষ্যৰে তাকো কোনোদিন কোনেও তুলি ধৰিবলৈ সমৰ্থ হোৱা নাছিল।

অসমৰ ইতিহাস বুলি ক’লে, সকলোৰে সন্মুখলৈ অহা ছবিখন আছিল আহোম ৰাজত্ব আৰু তাৰ পৰৱৰ্তীকাল। লিখিত বুৰঞ্জীসমূহত সেই পৰিক্ৰমা শেষ হৈছিল ভাৰতৰ স্বাধীনতাতে।

পূৰ্বতে বৰ্মা বংশৰ ৰাজত্ব আৰু তাৰ পৰৱৰ্তীকসলৰ আহোম-পূৰ্বৱৰ্তী ইতিহাস বুৰঞ্জীসমূহত অন্তৰ্ভুক্ত হ’লেও বহু কথাই আছিল ধুৱলি-কুঁৱলি। নগেন্দ্ৰনাথ বসু, কনকলাল বৰুৱা, ডিম্বেশ্বৰ শৰ্মা আদি প্ৰাজ্ঞ-পণ্ডিতসকলৰ যত্নত পাছলৈ বহু বিষয় স্পষ্ট হৈছিল। কিন্তু কালসীমাই ভাৰতৰ ইতিহাসৰ লগত তুলনামূলকভাৱে বহু বিষয়ত আমি অস্বস্তিত পৰিব লগা হৈয়ে ৰৈছিল।

প্ৰাগজ্যোতিষ বা কামৰূপৰ ইতিহাস সেয়ে ঐতিহাসিক প্ৰামাণ্য থকা সম্পদ হিচাপে আমি গ্ৰহণ কৰিব পৰাকৈ এটা ভিত্তিভেটি নাছিল। প্ৰথমবাৰলৈ পুৰাতন তথ্য-সাক্ষ্য আৰু তাক আধাৰ কৰি লোৱা যুক্তি-সিদ্ধ বিচাৰেৰে অসমৰ এখন বুৰঞ্জী আমি লাভ কৰিছোঁ একবিংশ শতিকাৰ তৃতীয়টো দশক আৰম্ভ হোৱাৰ পাছত। এই খবৰ আমাৰ বাবে ঐতিহাসিক ঘটনা এটাৰ দৰেই গুৰুত্বপূৰ্ণ।

হয়, ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’খনৰ কথাই ক’ব বিচৰা হৈছে। সামাজিক মাধ্যমত একাংশ লোকে তিনিটা খণ্ডত প্ৰকাশিত ১৫৪৪ পৃষ্ঠাৰ ‘অসম বুৰঞ্জী’খন অধ্যয়ন নকৰাকৈ কৰা তৰল মন্তব্যই অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ তাৰল্য অৱস্থান অতি দুখ লগাকৈ প্ৰকট কৰিছে। 

মই নিজে ‘অসম বুৰঞ্জী‘খন প্ৰকাশ হোৱাৰ পাছত ক্ৰয় কৰি পঢ়ি যাওঁতে অনুভৱ কৰিছোঁ ছহেজাৰ বছৰৰ অসমৰ ইতিহাস খনন কৰি লেখক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই অসাধ্যকে সাধন কৰা নাই, অসমীয়া জাতিক উপহাৰ দিলে ইতিপূৰ্বে অভাৱ হৈ থকা এটা আপুৰুগীয়া সম্পদ।

অসম বুৰঞ্জী

মই ভাবোঁ ২০২২ খ্ৰীষ্টাব্দত জাতিটোৱে অৰ্জন কৰা আপুৰুগীয়া বৌদ্ধিক সম্পদৰ ভিতৰত ড° বৰুৱাৰ ‘অসম বুৰঞ্জী’খনৰ স্থান সবাতোকৈ ওপৰত। 

talatal ghar assam

তিনিটা খণ্ডৰ ‘অসম বুৰঞ্জী’ৰ প্ৰথমটো খণ্ডত অন্তৰ্ভুক্ত হৈছে ৩৭২২ খ্ৰীষ্টপূৰ্বৰ পৰা ১০৩৮ খ্ৰীষ্টাব্দলৈকে প্ৰাচীন অসমৰ ইতিহাস। এই খণ্ডৰ ছটা অধ্যায়ত ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ নামোৎপত্তি, আদিম জনবসতি, প্ৰাগজ্যোতিষ নগৰৰ প্ৰথম নিৰ্মাণ প্ৰক্ৰিয়া, নৰক সাম্ৰাজ্য, পুৰাতনী ধৰ্ম-পৰম্পৰা, ৰজা বাণ-ভীষ্মকৰ অস্তিত্ব প্ৰসঙ্গকো সামৰি ব্ৰাহ্মণসকলৰ পুৰাতনী অৱস্থান আদি বিস্তৃতভাৱে আলোচনা কৰা হৈছে পুৰাতন সাক্ষ্য-প্ৰমাণৰ আধাৰত যৌক্তিক বিচাৰেৰে।

বৰ্মাবংশৰ ৰাজত্বকালৰ পৰম্পৰাগত সময়ক অতিক্ৰম কৰি পুৰাতাত্ত্বিক সমলৰো সাক্ষ্য দি খ্ৰীষ্টিয় প্ৰথম-দ্বিতীয় শতিকাতে স্থাপন কৰিছে। আনকি, বৰ্মা বংশৰ সুঁতি কি দৰে পাল ৰজা সকললৈকে আহিছিল তাৰ তথ্যভিত্তিক সাক্ষ্য বুৰঞ্জীখনত আছে। ব্ৰাহ্মণৰ অৱস্থান ভূখণ্ডটোত সৌ সিদিনাৰ বুলিহে আমি মান্যতা দি আহিছোঁ।

History of assam

কিন্তু বৰ্তমানৰ সীমায়িত অসমৰ বিপৰীতে পুৰাতনী হিমালয় পাদদেশীয় ভূখণ্ডটোত ব্ৰাহ্মণসকলে কিদৰে অৱস্থান কৰিছিল তাক তথ্য-সাক্ষ্যৰে মীমাংসা কৰিছে। কদলী ৰাজ্য, ডবাক ৰাজ্য, কছাৰী ৰাজ্য, ত্ৰিপুৰী ৰাজ্যৰ উদ্ভৱ অৱস্থান আৰু বিস্তৃতিৰ আলোচনা কৰিবলৈ ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই প্ৰতিষ্ঠিত মতৰ বিপৰীতে বহু নতুন মত ‘অসম বুৰঞ্জী’ত মীমাংসা কৰিছে। প্ৰথম খণ্ডটোতে নেপালী, শিখসকলৰ প্ৰব্ৰজনৰ বিষয়েও পৰিচ্ছেদ সংযোজিত হৈছে।

‘অসম বুৰঞ্জী’ৰ দ্বিতীয় খণ্ডত ১০৩৮ খ্ৰীষ্টাব্দৰ পৰা ইয়াণ্ডাবু সন্ধি ১৮২৬ খ্ৰীষ্টাব্দলৈকে অসম-ইতিহাস বিবৃত হৈছে। এই খণ্ডত বিস্তৃতভাৱে অন্তৰ্ভুক্ত হোৱা দুটা স্বতন্ত্ৰ বিষয় হৈছে শঙ্কৰদেৱ আৰু আহোম ৰাজত্ব। সচৰাচৰ অসম সম্পৰ্কীয় ইতিহাসমূলক গ্ৰন্থত শঙ্কৰদেৱৰ প্ৰসঙ্গ কেৱল উল্লিখিতহে হয়। শঙ্কৰদেৱ আৰু সেই সময়ৰ সমাজ-ধৰ্মচেতনাৰ বিস্তাৰিত আলোচনা নহয়।

early history of kamrup

কিন্তু আমাৰ বাবেই গুৰুত্বপূৰ্ণ কথা যে বাংলা ভাষাত যি দৰে চৈতন্যদেৱক বঙ্গীয় বুৰঞ্জীসমূহত প্ৰধান অঙ্গ কৰি লোৱা হয়, ‘অসম বুৰঞ্জী’খনত শঙ্কৰদেৱৰ অসম-ইতিহাসৰ এটা প্ৰধান অঙ্গত পৰিণত কৰি লোৱা হৈছে। তাকে কৰিবলৈ যাওঁতে চৰিতপুথি আৰু সমসাময়িক ইতিহাসৰ সাক্ষ্য-প্ৰমাণৰ আধাৰত বহু কেইটা বিষয়ত নতুন মত তেখেতে দিছে।

শঙ্কৰদেৱৰ উপৰিপুৰুষ কণৌজৰ পৰা অহা বুলি থকা মতৰ বিপৰীতে ‘অসম বুৰঞ্জী’ত চৰিতৰ আধাৰত কণৌজৰ পূৰ্বে থকা ঠাইখণ্ড তেৱাৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱাৰ নিকটৰ আলিপুখুৰীৰ অৱস্থানো চিনাক্ত কৰিছে। শঙ্কৰদেৱৰ জন্মকাল বৈজ্ঞানিক অধ্যয়ন-গৱেষণাৰ আধাৰত ১৪৫৯ খ্ৰীষ্টাব্দ বোলা হৈছে।

দৰাচলতে চৰিত পুথি লিখাৰ ব্যৱস্থাটো আৰম্ভ হৈছিল চৰিত তোলা প্ৰথাৰ পৰা। মুখে মুখে বাগৰি ফুৰা কথাখিনিয়ে পাছলৈ চৰিতপুথি হিচাপে লিপিবদ্ধ ৰূপ পাইছিল চক্ৰপাণি বৈৰাগী আৰু পুৱাৰাম মহন্তৰ হাতত। আন আন চৰিতপুথিসমূহো প্ৰচলিত জনশ্ৰুতি-কথাৰ আধাৰতে লিখা হৈছিল। স্বাভাৱিকতে, শঙ্কৰদেৱক ঐতিহাসিক পৃষ্ঠভূমিলৈ আনি ইতিহাসৰ এক প্ৰধান অঙ্গত পৰিণত কৰিবলৈ লেখক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই সাক্ষ্য-প্ৰমাণৰ আধাৰত নতুনকৈ মীমাংসা কৰিব লগা হৈছে। 

মই তেখেতৰ যুক্তিসিদ্ধ তথ্য-প্ৰমাণ বিচাৰ কৰি চাই দেখিছোঁ যদি প্ৰচলিত চন-তাৰিখকে আমি মানি লওঁ; তেন্তে বিভ্ৰান্তিৰ মাজতেই থাকি যাব লাগিব। মই মাত্ৰ এটা উদাহৰণ ইয়াত দিব বিচাৰিছোঁ। মহেশ্বৰ নেওগদেৱৰ ‘শ্ৰীশ্ৰীশঙ্কৰদেৱ’ গ্ৰন্থৰ ২৯-৩১ পৃষ্ঠাত শঙ্কৰদেৱে ৰূপ গোস্বামীক লগ পোৱাৰ কথা কৈছে আৰু সেই প্ৰেৰণাতে বিদগ্ধ মাধৱম্ নাটকখন লিখাৰ কথা কৈছে। নেওগদেৱে ৰূপ গোস্বামীৰ জন্ম চন কৈছে ১৪৭৭। আকৌ তাৰ চাৰি বছৰৰ পাছতে ১৪৮১ চনতে তীৰ্থলৈ যোৱা বুলি লিখিছে। গৈয়ে লগ পাইছিল ৰূপ গোস্বামীক।

Assam

সাধাৰণ যুক্তিৰেই গম পোৱা যায় ৪ বছৰ বয়সত ৰূপ গোস্বামীয়ে শঙ্কৰদেৱক লগ পাই নাটক লিখিবৰ জোখাৰে প্ৰেৰণা অৰ্জন কৰি ল’ব নোৱাৰে। তাতোকৈ ডাঙৰ কথা, ৰূপ গোস্বামীৰ নৱবিবাহিতা পত্নীও শঙ্কৰদেৱৰ সেই তীৰ্থ পৰিক্ৰমাৰ সংগী হৈছিল সীতাকুণ্ডলৈকে। সম্ভৱ নে ? ইয়াৰ বিপৰীতে কিন্তু ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ নিৰ্ধাৰিত সময়কাল ১৪৯৭ ত তীৰ্থলৈ গৈ ১৫০০ খ্ৰীষ্টাব্দত ৰূপ গোস্বামীক লগ পোৱা কথাটো গ্ৰহণযোগ্য। কাৰণ তেতিয়া ৰূপ গোস্বামীৰ বয়স ২৩ বছৰ। 

আনহাতে, সকলো চৰিততে শঙ্কৰদেৱক চৈতন্যদেৱে লগ পাইছিল বুলি আছে। ড° বৰুৱাই চৰিতৰ এই কথাটোক মান্যতা দি চৈতন্যদেৱে শঙ্কৰদেৱৰ পৰা আৰ্হি-প্ৰেৰণা লাভ কৰা বুলি কৈছে। ই এটা কথা আমাৰ সন্মুখলৈ আনে; চৈতন্যদেৱৰ ধৰ্ম-পৰম্পৰাৰ প্ৰথম প্ৰেৰণা শঙ্কৰদেৱ। বহু বাঙালী পণ্ডিতৰ মত আৰু সাক্ষ্য তেখেতে দিছে চৈতন্য-শঙ্কৰদেৱৰ সাক্ষাতৰ প্ৰসঙ্গত। এই ঘটনাই শঙ্কৰদেৱক নিঃসন্দেহে ওখ কৰিলে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, ড° বৰুৱাৰ সিদ্ধান্তসমূহৰ মান্যতা নিদিলে চৰিতপুথিসমূহকো সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিব লাগিব। 

শঙ্কৰদেৱৰ উপৰিপুৰুষ বসতি কৰা বা ভূঞাৰাজ্যৰ এখণ্ড ৰূপে থকা ৰামপুৰৰ অৱস্থান ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই পুৰণি কামৰূপৰ ক্ষেত্ৰী পৰাগণা বুলি বিভিন্ন সাক্ষ্য প্ৰমাণেৰে মীমাংসা কৰিছে। ‘অসম বুৰঞ্জী’খনৰ এনে বহু বিচাৰ অসমৰ ঐতিহাসিক গাঁঠনিৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

‘অসম বুৰঞ্জী’ৰ তৃতীয় খণ্ডত ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দলৈকে অসমৰ ইতিহাস সংকলিত হৈছে। বাঘ হাজৰিকাৰ অস্তিত্বক পুৰাতনী তথ্য-সমলৰ খাতিৰত নাই বুলি কোৱা ড° মাধুৰ্য্যমণ্ডিত বৰুৱাক সামাজিক মাধ্যমত সমালোচনা কৰি শাসনাধীন চৰকাৰৰ নিৰ্দেশত ‘অসম বুৰঞ্জী’খন লিখা বুলি কোৱ‍া সকলে এই খণ্ডটো পঢ়ি চোৱা দৰকাৰ। অসমত হিন্দুত্ববাদী শাসনব্যৱস্থাই কৰি তোলা সামাজিক জীৱন প্ৰসঙ্গত ড° বৰুৱাৰ বক্তব্য আৰু স্থিতি পঢ়ি চোৱাটো নিতান্তই আৱশ্যক।

খণ্ডটোত ব্ৰিটিছ শাসনৰ পৰা আৰম্ভ কৰি অসমৰ ভিন ভিন স্তৰৰ আন্দোলনসমূহ আৰু আলফাৰ উগ্ৰবাদ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা হৈছে। অসম আন্দোলনটোক হিন্দুত্ববাদী ধ্যান-ধাৰণাই কি বীভৎস ৰূপ দিছিল তাৰ বিৱৰণ এই খণ্ডটোত আছে। অসমীয়া ভাষাৰ সংকটৰ পৰিক্ৰমা আৰু তাৰ পুনৰুদ্ধাৰৰ উদ্যোগ ভিন ভিন সময়ত কিদৰে হৈছিল তাৰ লেখো এই খণ্ডটোত আছে।

Assam Guwahati 03
Assam Guwahati

শেষৰ ফালে সংযোজিত হোৱা ভাষা আৰু লিপি বিষয়ক অধ্যায়ত অসমীয়া আৰু বাংলা ভাষা যে কামৰূপী প্ৰাকৃতৰহে সুঁতি তাৰ মীমাংসা কৰিছে। 

ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’ অসমৰ প্ৰাচীনতম কালৰ পৰা বৰ্তমানলৈকে এক সুবিস্তৃত ঐতিহাসিক দলিল। অসমৰ এই সুবিস্তৃত ইতিহাস প্ৰণয়নৰ বাবে লেখক ড° মাধুৰ্য্যমণ্ডিত বৰুৱা প্ৰশংসাৰে নহয়, কৃতজ্ঞতাৰো পাত্ৰ।

গুৱাহাটীৰ ৰেখা প্ৰকাশনে প্ৰকাশ কৰা ১৫৪৪ পৃষ্ঠাৰ তিনিওটা খণ্ডৰ মূল্য ১৯৫০ টকা। 

05-01-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions
World

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

by Paddaja Roy
June 17, 2026
0

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions Cape Verde: To strive, to seek,...

Read moreDetails
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 16, 2026
Assam’s Leap Towards Equality: UCC Reforms Reshaping the State

Assam’s Leap Towards Equality: UCC Reforms Reshaping the State

June 16, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d