• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন

শিক্ষক দিৱস

by Gautam Sarmah
September 5, 2024
in Remembrance, Inspiration, Special Report
Reading Time: 4 mins read
0
ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন
Share on FacebookShare on TwitterShare on LinkedIn

ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন

গৌতম শৰ্মা 

Gautam Sarma 1
গৌতম শৰ্মা 

৫ ছেপ্টেম্বৰ – এই বিশেষ দিনটো সমগ্র দেশখনৰ বাবেই অতিকৈ গুৰুত্বপূৰ্ণ।

যিটো দিনতে বিশ্ববিশ্ৰুত দাৰ্শনিক, সাহিত্যিক, শিক্ষক, স্বাধীন ভাৰতৰ প্ৰথমজন উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন।

দক্ষিণ ভাৰতৰ এখন অতি উল্লেখযোগ্য ৰাজ্য তামিলনাডুৰ তিৰুট্ৰানী চহৰত ১৮৮৮ চনৰ এই দিনটোতেই এটি তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণনৰ মাক-দেউতাক আছিল ক্ৰমে বীৰাস্বামী আৰু সীতাম্মা। আঠ বছৰ বয়সৰলৈকে পিতৃ-মাতৃৰ তত্বাৱধানত থাকি জীৱনৰ প্ৰথম শিক্ষা লোৱা ৰাধাকৃষ্ণনক ১৮৯৬ চনত তিৰুপট্ৰিৰ ‘লুথেৰান মিছন’ স্কুললৈ পঠোৱা হৈছিল।
এই ছাত্ৰ অৱস্থাৰে পৰা ৰাধাকৃষ্ণনে পঢ়াত যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল; প্ৰতিবছৰে শ্ৰেণীত সুখ্যাতি অর্জন কৰি ছাত্ৰবৃত্তি পাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত ৰাধাকৃষ্ণনে ক্ৰমে ১৯০০-১৯০৪ লৈ আৰু ১৯০৪-১৯০৮ লৈ ভেলোৰ কলেজ আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰিছিল।

ড° ৰাধাকৃষ্ণনৰ জীৱন, কৰ্ম, চিন্তা আৰু দৰ্শনত ছাত্ৰ অৱস্থাতেই কেতবোৰ বিশেষ কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছিল। জন্মসূত্ৰে পিতৃ-মাতৃৰ পৰা পোৱা উপযুক্ত সংস্কাৰে আৰু এজন হিন্দু ছাত্ৰ হিচাপে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত প্ৰৱেশৰ পাছতেই তেওঁ মনত প্ৰগতিশীল চিন্তাই ঠাই পাইছিল।

অন্ধবিশ্বাস-কুসংস্কাৰেৰে পূৰ্ণ তথা এখন পৰম্পৰাগত ৰক্ষণশীল সমাজৰ বিপৰীত মেৰুত থিয় হৈ ৰাধাকৃষ্ণনে জন্মগ্ৰহণ কৰা চমাইয়া পৰিয়ালে ৰাধাকৃষ্ণনক খ্ৰীষ্টিয়ান স্কুললৈ মুক্তমনে পঢ়িবলৈ পঠাইছিল; যিটো সেইসময়ৰ অন্যান্য ব্ৰাহ্মণ তথা সামাজিকভাৱে স্বীকৃত উচ্চ শ্ৰেণীৰ লোকসকলৰ বাবে বহু ৰক্ষণশীল কাম আছিল।

সি যি কি নহওক, দৰ্শন বিষয়টোক ৰাধাকৃষ্ণনে সন্মানীয় বিষয় তথা অনাৰ্ছ হিচাপে পঢ়াৰ মূলতে তেখেতৰ এজন সম্পৰ্কীয় ককায়েক আছিল। বি.এ. ত নামভৰ্তি কৰাৰ আগতে কোনটো বিষয়ক অনাৰ্ছ হিচাপে লৈ পঢ়িব সেই বিষয়ত ৰাধাকৃষ্ণনে যথেষ্ট বিবুধিত পৰিছিল।

তেতিয়া ৰাধাকৃষ্ণনৰ ককায়েকজনে ৰাধাকৃষ্ণনক দৰ্শনৰ কেইখনমান কিতাপ পঢ়িবলৈ দিছিল; যিকেইখন কিতাপে আগন্তুক ভাৰতৰ লগতে সমগ্ৰ বিশ্বকে ড° সর্বেপল্লী ৰাধাকৃষ্ণন নামৰ এজন মহান দাৰ্শনিকক উপহাৰ দিলে। প্ৰণিধানযোগ্য যে, এক কথাত ক’বলৈ গ’লে, সেই কিতাপকেইখন পঢ়িয়েই ৰাধাকৃষ্ণনে দৰ্শন বিষয়টোৰ প্ৰতি প্ৰবলভাৱে আকৃষ্ট হৈ ইয়াক অনাৰ্ছ হিচাপে ল’বলৈ বুলি স্থিৰ কৰে।

ড° ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন

দৰ্শনৰ উপৰিও তেখেতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। যাৰফলত কলেজীয়া শিক্ষা শেষ হোৱাৰ আগতেই ৰাধাকৃষ্ণনে বেদ আৰু উপনিষদসমূহ অধ্যয়ন কৰি পেলাইছিল। যিসমূহে তেখেতক আনুষ্ঠানিক শিক্ষাৰ লগতে পৰৱৰ্তীকালৰ যুগজয়ী চিন্তা আৰু সৃষ্টিসমূহত প্ৰভাৱ পেলায়।

ড° ৰাধাকৃষ্ণনৰ জীৱনৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হৈছিল ১৯০৮ চনত। গ্ৰন্থখন তেখেতে এম.এ. ডিগ্ৰী লাভৰ গৱেষণা গ্ৰন্থ হিচাপে যুগুত কৰিছিল; গ্ৰন্থখনৰ নাম আছিল “The Ethics of the Vedanta and its Material Presupposition” ।

১৯০৯ চনত মাদ্ৰাজৰ প্ৰেচিডেন্সী কলেজত অধ্যাপক হিচাপে প্ৰথম কৰ্মজীৱনৰ পাতনি মেলা ৰাধাকৃষ্ণনে ১৯১৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে। তিনিবছৰ এই পদত কাম কৰাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে তেখেতে ‘King George V’ আসনত অধিস্থিত হৈ ‘Mental and Moral Science’ বিষয়ত যোগদান কৰে।

আকৌ ১৯২৯ চনত ৰাধাকৃষ্ণনে লণ্ডনৰ মানচেষ্টাৰ কলেজত অধ্যপনা কৰিবলৈ আমন্ত্ৰণ পোৱাৰ লগতে এই সময়ছোৱাতেই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়াবলৈও সুযোগ পায়। ১৯৩১-১৯৩৬ চনলৈ অন্ধ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ আৰু ১৯৩৯ চনৰ পৰা স্বাধীনতাৰ সময়ৰলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়তো উপাচাৰ্য আসনখন তেখেতে শুৱনি কৰিছিল।

তদুপৰি স্বাধীনতাৰ আগে-পিছে অন্য বহুবোৰ গুৰুত্বপূৰ্ণ পদত তেখেতে কাৰ্যনিৰ্বাহ কৰি বিভিন্ন দিশত নিজ পাৰদৰ্শিতাসমূহ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। শৈক্ষিক দিশৰ সমান্তৰালকৈ ৰাজনৈতিক আৰু সাংগঠনিক কাম-কাজসমূহতো ৰাধাকৃষ্ণনে জড়িত হৈ পৰিছিল। ১৯৫২-১৯৫৭ আৰু ১৯৫৭-১৯৬২ চনৰ মাজৰ সময়খিনিত তেখেতে দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদ আৰু ১৯৬২-১৯৬৭ চনৰ মাজৰ সময়ছোৱাত স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে।

ৰাধাকৃষ্ণনৰ চিন্তা, সৃষ্টি আৰু কৰ্মজীৱনৰ আভাস আমি তেখেতৰ দ্বাৰা ৰচিত দাৰ্শনিক চিন্তাৰে সমৃদ্ধ মহান গ্ৰন্থৰাজীৰ যোগেদি জানিব পাৰোঁ।

সেইসমূহৰ ভিতৰত প্ৰধানতঃ The Ethics of the Vedanta and its Material Presupposition (1908), The Philosophy of Rabindranath Tagore (1918), The Reign of Religion in Contemporary Philosophy (1920), Indian Philosophy (2 volumes 1923 and 1927), The Hindu view of Life (1926), The religion we Need (1928), Kalki or The Future of Civilization (1929), An Idealist view of Life (1932), East and West in Religion (1933), Freedom and Culture (1936), The Heart of Hinduism (1936), My Search for Truth (Autobiography 1937), Gautama the Buddha (1938), Eastern Religion and Western Thought (1939), Mahatma Gandhi (1939), India and China (1944), Education, Politics and War (1944), The Religion and Society (1947) The Bhagavadgita (1948), Great Indians (1949), The Dhammapada (1950), The Religion of the spirit and the World’s Need (1952) ইত্যাদি গ্ৰন্থসমূহৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

এইসমূহৰ উপৰিও আৰু বহু ৰচনা তেখেতৰ কলমৰদ্বাৰা নিগৰিত হৈছিল; যিসমূহে দৰ্শনৰ লগতে আমাৰ ভাষা-সাহিত্যৰ লগতে সংস্কৃতি, সভ্যতাকো সমৃদ্ধ কৰি ৰাখিছে। এইসমূহ অমৰ সৃষ্টি আৰু বৰ্ণিল কাৰ্যাৱলীৰ বাবেই তেখেতলৈ ১৯৫৪ চনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তদুপৰি ব্ৰিটিছ চৰকাৰেও সন্মানীয় ‘নাইট’ উপাধি প্ৰদান কৰি ৰাধাকৃষ্ণনক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিছিল।

ড° ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন

উল্লেখযোগ্য যে, জীৱিত কালৰ লগতে মৃত্যুৰ পাছতো বহু সন্মানৰ গৰাকী হোৱা ড° সর্বেপল্লী ৰাধাকৃষ্ণন আজি আমাৰ মাজত এজন প্ৰকৃত শিক্ষক হিচাপে জীয়াই আছে; যাক সদায় ‘৫ ছেপ্টেম্বৰ’ দিনটোৱে আমাক সোঁৱৰাই দিয়ে। তেখেতলৈ সন্মানাৰ্থে ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিনটোক ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰিবলৈ লোৱা কাৰ্যই এই বৰ্ষত ৬১ টি বৰ্ষ অতিক্ৰমিলে।

ড° সর্বেপল্লী ৰাধাকৃষ্ণন বুলি ক’লেই তেখেতৰ বৰ্ণিল জীৱন পৰিক্ৰমা আৰু যুগজয়ী সৃষ্টিসমূহৰ লগতে তেখেতৰ দাৰ্শনিক চিন্তাবোৰৰ কথাও সততে আমাৰ মনলৈ আহে। যিসমূহ চিন্তাই তেখেতক আজি সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ তথা প্ৰাচ্যৰ এজন বহু জনপ্ৰিয় দাৰ্শনিক হিচাপে প্ৰতিষ্ঠা কৰিছে।

উল্লেখযোগ্য যে, তেখেতে যিসমূহ চিন্তা-চৰ্চা আৰু সৃষ্টি কৰিছিল তাৰ বুকুতেই ৰাধাকৃষ্ণনৰ বিশাল মনৰ বিশাল চিন্তাসমূহৰ সম্ভেদ পোৱা যায়।

ড° ৰাধাকৃষ্ণন নব্য-বেদান্ত দৰ্শনৰ এজন অতি উল্লেখযোগ্য মুখপাত্ৰ আছিল। তেখেতৰ এই নব্য -বেদান্ত দৰ্শনৰ মূল তত্ব অদ্বৈতবাদৰ সৈতে সংপৃক্ত; যাক ৰাধাকৃষ্ণনে সমসাময়িক বুজাবুজি তথা বোধশক্তিয়ে গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰিছিল। তেখেতে অনুভৱ আৰু অভিজ্ঞতাৰ পৃথিৱীত বাস্তৱিকতা আৰু বিভিন্নতাক স্বীকাৰ কৰিছিল। যিটো ৰাধাকৃষ্ণনে পূৰ্বে ব্ৰাহ্মণ সকলৰদ্বাৰা আধাৰিত আৰু সমৰ্থিত হোৱাটো দেখিবলৈ পাইছিল।

তদুপৰি ৰাধাকৃষ্ণনে শংকৰাচাৰ্যৰ ‘মায়া’ ধাৰণাক পুনৰ বাখ্যা কৰি কৈছে যে, মায়া এক কঠোৰ আদর্শবাদ নহয়। তেখেতে ‘স্বজ্ঞা’ (Intuition) বা ‘অনুভৱ’ক সমাৰ্থকৰূপত ধৰ্মীয় অভিজ্ঞতা (Religious Experience) হিচাপে গণ্য কৰিছে; যিয়ে জ্ঞানৰ উৎস হিচাপে ৰাধাকৃষ্ণনৰ দৰ্শনৰ মধ্যস্থান অধিকাৰ কৰিছে।

তেখেতৰ এই অভিজ্ঞতালৈ উইলিয়াম জেমছ্ (১৮৪২-১৯১০), ফ্ৰান্সিছ হাৰ্বাট ব্ৰেড্লি (১৮৪৬-১৯২৪), হেনৰী বাৰ্গশ্বন (১৮৫৯-১৯৪১), ফ্ৰেডৰিক ভ’ন হোগেল (১৮৫২-১৯২৫) আৰু স্বামী বিবেকানন্দ (১৮৬৩-১৯০২) আদি বৰেণ্য লোকসকলৰ দৰ্শনে শক্তিশালী প্ৰভাৱ পেলাইছিল। ৰাধাকৃষ্ণনে বিশ্বাস কৰা ‘স্বজ্ঞা’ হৈছে আত্মপ্ৰত্যয়ী চৰিত্ৰ, স্বপ্ৰমাণ আৰু স্বপ্ৰকাশ।

তেখেতৰ ‘Idealistic View of Life’ শীৰ্ষক গ্ৰন্থত তেখেতে স্বজ্ঞাত চিন্তাৰ গুৰুত্বতা আৰু সম্পূৰ্ণ বৌদ্ধিক চিন্তা আৰু বিচাৰৰ বিপৰীতে এক শক্তিশালী স্থিতি গঠন কৰিছে। ৰাধাকৃষ্ণনৰ মতে, স্বজ্ঞাই সকলো ধৰণৰ অভিজ্ঞতাত প্ৰভাৱ পেলায়। তেখেতে মূলতঃ পাঁচ প্ৰকাৰৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে। সেইসমূহ হৈছে- জ্ঞান-সম্বন্ধীয়, আধ্যাত্মিক, নান্দনিক, নৈতিক আৰু ধৰ্মীয়।

জ্ঞান-সম্বন্ধীয় অভিজ্ঞতাক আকৌ ইন্দ্ৰীয় অভিজ্ঞতা, আবাধ্য যুক্তি আৰু অৰ্থৰ্নিহিত আশংকা নামেৰে তিনিটা ভাগত বিভক্ত কৰিছে।

ৰাধাকৃষ্ণনৰ বাবে ধৰ্মশাস্ত্ৰ আৰু ধৰ্মবিশ্বাস হৈছে বৌদ্ধিক সূত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰতীক।

ড° ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন

তেখেতে বিভিন্ন ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসসমূহক শ্ৰেণীবদ্ধ কৰি ‘অদ্বৈত বেদান্ত’ক সকলোতকৈ উচ্চ স্থান দিছে। ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসীসকলক লৈ তেখেতে কৰা শ্ৰেণীবিভাজন এনেধৰণৰ আছিল- ১/ নিৰপেক্ষ উপাসকসকল, ২/ ব্যক্তিগত ঈশ্বৰৰ উপাসকসকল, ৩/ ৰাম, কৃষ্ণ, বুদ্ধ আদি অৱতাৰত বিশ্বাসীসকল, ৪/ পূৰ্বপুৰুষ, দেৱ-দেৱী আৰু ঋষি-মুনিৰ উপাসকসকল আৰু ৫/ ক্ষুদ্ৰ শক্তি আৰু আত্মাৰ পূজাৰীসকল।

ৰাধাকৃষ্ণনে সত্য আৰু সুন্দৰৰূপত প্ৰতিষ্ঠিত হিন্দু ধৰ্মীয় বিশ্বাসত বৈজ্ঞানিক ভিত্তিৰ প্ৰভাৱ দেখিবলৈ পাইছে; যাক অনুষ্ঠান আৰু অনুভূতিসমূহে ধৰি ৰাখিছিল বুলি মতপ্ৰকাশ কৰিছে। তেখেতে কৈছিল যে ধৰ্মীয় দৰ্শনসমূহ সদায় বৈজ্ঞানিক, পৰীক্ষামূলক হ’ব লাগে।

এইসমূহ কথাক সমৰ্থন তথা ইয়াৰ সত্যতাক প্ৰমাণ কৰিবলৈ গৈ তেখেতে হিন্দুধর্মীয় প্ৰাচীনতম গ্ৰন্থ বেদৰ এটি উদ্ধৃতি দাঙি ধৰিছে এনেদৰে-

“The truths of the ṛṣis are not evolved as the result of logical reasoning or systematic philosophy but are the products of spiritual intuition, dṛiṣti or vision. The ṛiṣis are not so much the authors of the truths recorded in the Vedas as the seers who were able to discern the eternal truths by raising their life-spirit to the plane of universal spirit. They are the pioneer researchers in the realm of the spirit who saw more in the world than their followers….

Their utterances are not based on transitory vision but on a continuous experience of resident life and power. When the Vedas are regarded as the highest authority, all that is meant is that the most exacting of all authorities is the authority of facts.” (উৎস: Michal Hawley, Sarvepalli Radhakrishnan (1988-1975) Internet Encyclopedia of Philosophy)

ৰাধাকৃষ্ণনৰ এই অদ্বৈত বেদান্তই হিন্দু ধর্মীয় চিন্তা আৰু দৰ্শনক এটি গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব কৰিছে। তেখেতৰ দাৰ্শনিক চিন্তাৰ ফচল মহান সৃষ্টিসমূহ বিশ্বৰ সকলো প্ৰান্তলৈ প্ৰসাৰিত হ’ব লাগে।

[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ৯৯৫৪০০০২০০]

05-09-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d