• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

by Anjan Sarma
December 14, 2023
in Inspiration, Literature, Science, Special Report
Reading Time: 3 mins read
0
ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য
Share on FacebookShare on TwitterShare on LinkedIn

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

গিৰিমল্লিকা শইকীয়া

Girimallika Saikia
(গিৰিমল্লিকা শইকীয়া

২০১৮ চনৰ ৫ নৱেম্বৰৰ “দি চেন্টিনেল” কাকতত প্ৰকাশিত এটা বাতৰি মতে যোৰহাটৰ নগৰৰ একেবাৰে গাতে লাগি থকা “উত্তৰপূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান”ত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰি কাজিৰঙাত এৰি দিয়া হৈছিল৷

যোৰহাট নগৰৰ গাতে লাগি থকা চাৰিওফালে জনাৰণ্যৰ মাজত অৱস্থিত “উত্তৰপূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান”ত নাহৰফুটুকী ধৰা পৰাৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

অসমর্থিত স্থানীয় তথ্যমতে এই চৌহদটোত হেনো এবাৰ নাহৰফুটুকীয়ে পোৱালীও জন্ম দিছিল ৷ ১৯৬১ চনত প্ৰতিষ্ঠা হোৱাৰ পাচত যোৱাটো শতিকাৰ সত্তৰৰ দশকলৈকে সমগ্ৰ চৌহদটো এটা লঠঙা শুকান চাপৰি হৈ আছিল ৷ সেই সময়ত বৃক্ষৰোপন সম্পর্কীয় সচেতনতাও বিশেষ নাছিল ৷

যোৱাটো সত্তৰৰ দশকৰ মাজভাগত “উত্তৰপূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান”ত এজন ডেকা বিজ্ঞানীয়ে যোগদান কৰিছিল ৷ সেই ডেকা বিজ্ঞানীজনৰ আশাসুধীয়া প্ৰচেষ্টাত এটা দশকৰ ভিতৰতে শুকান চৌহদটো সেউজীয়া হৈ উঠিছিল ৷ লাহে লাহে তাত জৈৱবৈচিত্ৰ্য বৃদ্ধি পাই এতিয়া নাহৰফুটুকীয়েও আশ্ৰয় ল’ব পৰা আদর্শ বননি হৈ পৰিল ৷ যি জন ডেকা বিজ্ঞানীৰ প্ৰচেষ্টাত এই আশ্বর্যকৰ ৰূপান্তৰ সম্ভৱ হৈছিল সেই বিজ্ঞানী জনেই আছিল ডo দীনেশ চন্দ্ৰ গোস্বামী ৷ 

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026

চলিত বছৰৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখ আমাৰ সদ্যপ্ৰকাশিত “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” নামৰ গ্ৰন্থখনিৰ বাবে এটা শুভেচ্ছা বাৰ্তা বিছাৰি পূর্বে ম’বাইল  ফোন যোগে স্থিৰ কৰি যোৱা সময়ত অৱসৰী বিজ্ঞানীজনক লগ কৰিবলৈ গৈছিলো ৷

“উত্তৰপূৱ বিজ্ঞান প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান”ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত সঞ্চালক হৈ কার্যনির্বাহ কৰাৰ পাচত সঞ্চালকৰ উপদেষ্টা হিচাপে ২০০৯ চনত অৱসৰ গ্ৰহন কৰা বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক তথা বৰেণ্য সাহিত্যিক জনে এতিয়াও সম্পূর্ণ ৰূপে সক্ৰিয় হৈ সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়াই আছে ৷ ভাবিলে আচৰিত লাগে ৷

আমাৰ শৈশৱ-কৈশোৰক বিজ্ঞানমুখী কৰি তোলা “দৃষ্টি” নামৰ বিষয়ভিত্তিক বিজ্ঞান আলোচনীখনৰ দীর্ঘদিন ধৰি সম্পাদক হৈ থকা আগশাৰীৰ পদার্থবিদ জনে সম্পাদনা কৰি উলিয়াইছে “শৰাইঘাট অভিধানৰ” দৰে নিখুত অসমীয়া অভিধানৰ ৷ সম্পাদনা কৰিছে কেইবাখনো বিজ্ঞান অভিধানৰ ৷

Girimallika book
আমাৰ সদ্যপ্ৰকাশিত “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” নামৰ গ্ৰন্থখনিৰ বাবে এটা শুভেচ্ছা বাৰ্তা বিছাৰি বিজ্ঞানীজনক লগ কৰিবলৈ গৈছিলো

সাতখন উপন্যাস, আঠখন চুটি গল্প সংকলন, এখন শিশু নাটক, ৫৩ খন জনপ্ৰিয় বিজ্ঞানৰ পুথি, চল্লিশৰো অধিক কল্প বিজ্ঞান নাটক, কল্পবিজ্ঞান কাহিনী ,অসংখ্য জনপ্ৰিয় বিজ্ঞান প্ৰৱন্ধ আদি।এই সমূহ সৃষ্টিৰে তেখেতে সাহিত্যৰ ভঁৰাললৈ মেতমৰা অৱদান আগবঢ়াইছে ৷

অসম সহিত্য সভাৰ বিশ্বকোষ প্ৰকল্পত অংশলৈ তেখেতে বিজ্ঞান বিশ্বকোষৰ তিনিটা খণ্ডৰ মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল৷ ইয়াৰ উপৰিও ডo দীনেশ চন্দ্ৰ গোস্বামী ১২৫ খন বিশ্ববিখ্যাত ধ্ৰপদী গ্ৰন্থৰ অনুবাদ প্ৰকল্পৰো সম্পাদক আছিল৷

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য
 “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” নামৰ গ্ৰন্থখনিৰ বাবে এটা শুভেচ্ছা বাৰ্তা বিছাৰি …

এনে এক ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ আগতে স্বাভাৱিকতে মনত শংকা বিৰাজ কৰে ৷ যেতিয়া মহীৰুহ গৰাকীয়ে বিদ্যায়তনিক আৰু জনপ্ৰিয় এই দুইখন ক্ষেত্ৰতে সমানে দক্ষতা প্ৰদর্শন কৰি অৱদান আগবঢ়াই তেতিয়া শংকা আৰু বৃদ্ধি পায় ৷ কিন্তু ডo দীনেশ চন্দ্ৰ গোস্বামীৰ ঘৰৰ আশ্ৰম সদৃশ পৰিবেশ আৰু সহজ ব্যৱহাৰে প্ৰথমেই মনৰ আশংকা দুৰ কৰে ৷ কংক্ৰিটৰ মহানগৰীৰ একোণত থকা এই সৰু ঘৰটো থিয় দি থকা চৌহদটো আছিল গছ-লতিকাৰে ভৰপুৰ এখন আশ্ৰম সদৃশ৷

চৌহদৰ একোণত সৰু পুখুৰী৷ পাচত সেইটো চৰাইৰ কাৰণে বুলি জানিব পাৰিছিলোঁ৷ বাৰান্দাত আছিল কাঠেৰে তৈয়াৰ কৰা কেইবাটাও সৰু সৰু চৰাইৰ বাবে বাঁহ আৰু  চৰাইৰ খাদ্য।বাঁহ বোৰলৈ ওলোৱা সোমোৱা কৰি আছে বহুকেইটা ঘৰচিৰিকাই৷ 

 সেই বিশেষ ঘৰটোত প্ৰৱেশ কৰিয়েই মনলৈ আহিছিল লিঅনার্ড’ দা ভিন্সিৰ  বিখ্যাত বাক্যটো—“Simplicity is the ultimate sophistication”৷ সত্তৰোর্ধৰ বিজ্ঞানী জনক প্ৰথমবাৰৰ বাবে দেখি  আমাৰ মনলৈ এক বিশেষ ভাৱ আহিছিল৷ আমি অনুভৱ কৰিছিলোঁ তেখেতৰ নিচিনা মানুহ বোৰৰ মাজেদিয়ে চকামকাকৈ আৱিষ্কাৰ কৰা যায় চিৰকাললৈ হেৰাই যাব ধৰা নিস্কাম জ্ঞান সাধক সকলৰ ছয়াময়া ছবি খন ৷

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

২০১৪ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বটা প্ৰাপক সাহিত্যিক জনৰ অনাড়ম্বৰ অথচ গাম্ভীর্যপূর্ণ ঘৰটোৰ প্ৰতিটো কোণতে এক শিল্পীসুলভ পাৰিপাত্য বিৰাজ কৰিছিল৷ পাচত গম পাইছিলো সেয়া তেখেতৰ বিদুষী পত্নী অৱসৰপ্ৰাপ্ত অধ্যাপিকা , বিশিষ্ট গল্পকাৰ ৰূপাশ্ৰী গোস্বামীৰ হাতৰ পৰশৰ ফলশ্ৰুতি ৷

অনুভৱ কৰিছিলো বিজ্ঞানী সহিত্যিক হিচাপে সফল ডo দীনেশ চন্দ্ৰ গোস্বামী সাংসাৰিক হিচাপেও এজন পৰিপাতি ব্যক্তি৷ প্ৰায়  দেৰঘন্টা  আমি আলাপ কৰিছিলো৷ কাৰণহীন ব্যস্ততাৰ নিগনীদৌৰত অভ্যস্ত কংক্ৰিটৰ মহানগৰীত সেই দিনা সময় যেন ৰৈ গৈছিল ৷ এটা সময়ত মনে নিবিচৰা স্বত্বেও আমি বিদায় লৈছিলোঁ—এটা ভৰা মন লৈ। লগত  আনিছিলো তেখেতে নিজ হাতেৰে দিয়া অমূল্য উপহাৰ কেইখনমান তেখেতে ৰচনা কৰা গ্ৰন্থ।

সেইদিনা আদৰ্শবান ব্যক্তি দুগৰাকীৰ সান্নিধ্যিই আমাক ধন্য কৰিছিল। আমাক যেন অনেক কথাই শিকাই গ’ল ৷ অনুভৱ হ’ল তথ্যৰ বোজাত ভাৰাক্ৰান্ত সময়ত আমাৰ বাবে শিকিবলগীয়া সকলোতকৈ গুৰুত্বপূর্ণ কথা হ’ল এটা পৰিপাতি জীৱনবোধ ৷

এতিয়াও মনলে আহে ডo দীনেশ গোস্বামীয়ে কোৱা মনচুই যোৱা উক্তিটো– “কিছু মানুহে নিজৰ স্বাৰ্থৰ বাবে পৰিবেশ নষ্ট  কৰি আহিছে ,কিন্তু দুখৰ কথা নিজৰ পৰিবেশ নষ্ট কৰি নিজকেই আমি আঘাত হানিব খুজিছোঁ”।

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

গিৰিমল্লিকা শইকীয়া,ফোন ৮৬৩৮৪৬১৪৬৬

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d