• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

ঢৌ

সঙ্গীতা দাস

by Anjan Sarma
February 5, 2022
in Literature, Short Stories
Reading Time: 1 min read
0
ঢৌ
Share on FacebookShare on TwitterShare on LinkedIn

ঢৌ

সঙ্গীতা দাস

RelatedPosts

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 27, 2025
shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Nalanda: Ruins that stand for glory of Buddhism

Nalanda: Ruins that stand for glory of Buddhism

June 14, 2025

হাতৰপৰা ছিটিকি পৰা চাহকাপ আৰু খুন্দা মৰা ল’ৰাটোলৈ পোন্ধোৱাকৈ চাই শেৱালিয়ে মাক থকা কোঠাটোলৈ সোমাই গ’ল। চৰকাৰী হাস্পতালৰ মজিয়াত লেতু-সেতু খাই পৰি আছে মানুহজনী। সেমেনা-সেমেনিকৈ সোমাই মাকৰ মূৰত তাই হাতখন দি চালে। প্ৰচণ্ড জ্বৰত ৰঙা পৰি মানুহজনীয়ে বিৰবিৰাই আছে। ভিতৰলৈ সোমাই অহা হটঙা নার্ছজনীয়ে তাইলৈ চাই চিঞৰি উঠিল—‍‘‍‘অই ১৭ নম্বৰ, এতিয়ালৈ ঔষধ আনি নাই দিয়া, কাৰ মূৰটো খুৱাম। এতিয়া ৰোগী চোৱা সময় নহয়, ওলা এতিয়াই।’’

ৰুমালৰ খোঁচত থকা খুচুৰা পইচাকেইটা জোৰকৈ মুঠি মাৰি ধৰি তাই ওলাই আহিল। বাহিৰৰ বাৰাণ্ডাৰ চুকত পাৰি থোৱা কম্বলখনত অসহায় হৈ বহি পৰিল তাই। দুটোপাল চকুলোৰ স’তে জিলিকি উঠিল কিছুমান ডুখৰীয়া ছবি। নৈপৰীয়া গাঁওখনত বছৰজোৰা খেতিৰ ধান, দুখন কাপোৰেৰে তাহাঁত সচ্ছলেই আছিল বুলিব পাৰি। শেৱালি আৰু তিনিজন ককায়েকেৰে ভৰা এখন ঘৰ, তাই একমাত্ৰ আলাসৰ লাড়ু ছোৱালী। সৌ সিদিনালৈ দাদাকে বনাই দিয়া বাঁহৰ চৰাইৰে ‍‘চৰে বৰাত’ উৎসৱত নাচি ফুৰা তাইৰ মনত আছে। পৃথিৱীৰ খবৰ নৰখা তাইৰ জীৱনৰ লাহে লাহে ছন্দপতন আৰম্ভ হ’ল। বানপানীৰ পাছৰ জহনীত পৰি অগা-পিছাকৈ তাইৰ ককায়েককেইজন ঢুকাল। তিনিজনকৈ পুত্ৰৰ মৃতদেহ সৎকাৰ কৰি আহিয়েই বাপেক যি শয্যাশায়ী হ’ল আৰু নুঠিলেই। বুকুত পানীপোতাৰ শিলটো উঠাই আত্মহত্যাৰ চেষ্টা চলোৱা মাকক দেখি কে’বাদিনো তাই চিৰিংকৈ চিঞৰ মাৰি কান্দি উঠিছিল।

তাৰ পিছৰপৰাই জীৱন আৰু কঠোৰ হ’বলৈ আৰম্ভ কৰিছিল তাইৰ বাবে। চুবুৰিৰ ল’ৰা-ছোৱালীজাকে ইতিমধ্যে মাকক পাগলী বুলি জোকাবলৈ আৰম্ভ কৰিছিল। ঘৰৰ সমস্ত কাম আৰু ছেগাচোৰোকা স্কুলৰ মাজেদি লেহেম গতিত পাৰ হ’ব ধৰিছিল সময়। তাইৰ অসহায় অৱস্থাটোৰ প্ৰতি পুতৌ জনাই ককায়েকৰ লগৰজনে তাইক কৰা নিবিড় আদৰবোৰ আৰু এদিন হঠাতে তাইৰ লগৰ অৱস্থাপন্ন ছোৱালী এজনীৰ লগত বিয়াৰ চিঠিখন পায়ো তাইৰ প্ৰাপ্য বুলিয়ে মানি লৈছিল। সেইদিনাও আগৰ দৰেই বাপেকক দৰব খুৱাই মাকৰ ওচৰত শুই পৰিছিল তাই।

হঠাৎ মাজৰাতি টুং-টাং শব্দত সাৰ পাই বিকট চিঞৰ এটা মাৰি শেৱালি বহি পৰিল। পাকঘৰটোৰ চৰু বাচনখিনি মজিয়ালৈ ভাহি আহিছে। চাৰিওফালে কেৱল পানীৰ হো হো শব্দ। হাঁহি এটাৰে ভেলভেলকৈ চাই থকা মাকক হেঁচুকি তাই শয্যাশায়ী বাপেকক ধৰি কেঁকো-জেঁকোকৈ উঠাব আপ্ৰাণ চেষ্টা কৰিলে। গোহালিত হেম্বেলিয়াই তাল-আফাল লগোৱা গৰুকেইজনী ক্ৰমাৎ নিশ্চুপ হৈ পৰিল। এবুকু পানীত দেউতাকক কোনোপধ্যেই উঠাব নোৱাৰি মাকক সাবটি তাই চাই থাকিল কেনেকৈ তেওঁৰ বগা ধুতিখনৰ আগটো পানীত অদৃশ্য হৈ পৰিল।

চকুহাল মেলি যেতিয়া তাই কোলাহলটোৰ ফালে চালে দেখিলে তাইৰ দৰেই অগণন শৰণাৰ্থী। প্ৰচণ্ড ভোকত হাইৰাণ হৈ প্লাষ্টিকৰ কাঁহীখনত লৈ খোৱাবস্তু বিলোৱা ঠাইডোখৰত সোমাই ঠেলা-হেঁচাত উফৰি ওলাই আহিল তাই। ইফালে-সিফালে খেপিয়াই ওচৰৰ মানুহজনীৰ কেঁথাখনৰ তলত কেইটামান লুকাই থোৱা চাউল পাই তাই এমুঠি মুখত সুমুৱালে। হঠাৎ সম্বিৎ অহাত তাই মাকক বিচাৰি গ’ল। দিনটো প্ৰতিটো তম্বুৱে তম্বুৱে বিচাৰি অৱশেষত গৰু গাড়ী এখনৰ পিছফালে তাই মাকক বিচাৰি পালে। বমি আৰু শৌচেৰে লেতেৰা খেৰ এখিনিৰে এজাক ৰোগীৰ লগত মাকক হাস্পতালৈ অনাৰ যো-জা কৰা হৈছিল। গৰু গাড়ীখনৰ পিছে পিছে লেবেজান খোজেৰে তাই গৈ থাকিল। হঠাৎ হুলস্থূল শুনি তাইৰ সম্বিৎ ঘূৰি আহিল। মাক থকা কোঠাটোৰ ভিৰ ঠেলি তাই ঠিকেই দেখা পালে এখন বগা চাদৰে লাহে লাহে গিলি আছে মাকক। যেন এজাক বগা ঢৌ। কোঠাটোৰপৰা ওলাই শেৱালি দৌৰিব ধৰিলে, যেন ঢৌজাকে তাইক খেদি আহিছে। পিছফালে নোচোৱাকৈ তাই দৌৰিছে কেৱল দৌৰিছে, কাৰণ নিজৰ বিশালতাৰ গৰ্ব জহোৱা নৈখনে তাইক আজি অলেখ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ঢৌ
Anjan Sarma

Anjan Sarma

Related Posts

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা
History

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

by Editor
June 27, 2025
0

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা মূল ইংৰাজীঃ মনজিত নাৰায়ণ ডেকা অনুবাদঃ তপনজিৎ ডেকা মনজিত...

Read moreDetails
shallow focus of clear hourglass

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

June 23, 2025
Nalanda: Ruins that stand for glory of Buddhism

Nalanda: Ruins that stand for glory of Buddhism

June 14, 2025
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 30, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
ব্যৱসায় প্রশমন বিভাগ !

ব্যৱসায় প্রশমন বিভাগ !

July 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d