• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ

অসমীয়া

by Anjan Sarma
November 4, 2024
in Opinion, Education, Special Report
Reading Time: 4 mins read
0
“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ
Share on FacebookShare on TwitterShare on LinkedIn

“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

আমাৰ সমাজত বহুতৰ মনত এটা ভাব থাকে যে ইংৰাজী শিক্ষানুস্থান (বিশেষকৈ মিছনেৰী স্কুল)ত পঢ়াশুনা কৰাসকল বিশেষ ভাৱে শিষ্টাচাৰত প্রশিক্ষিত হয়। কিন্তু এই ধাৰণা সঁচা হয় জানো?

শিষ্টাচাৰৰ প্রথম শিক্ষা হয় ঘৰত। পিতৃ-মাতৃ আৰু অন্য জ্যেষ্ঠজনৰ পৰা, বিশেষকৈ তেওঁলোকৰ আচৰণ অনুকৰণ কৰিয়েই, আমি শিষ্টাচাৰৰ প্রথম শিক্ষা পাওঁ, আৰু এই প্রথম শিক্ষা অতি গুৰুত্বপূর্ণ। শিষ্টাচাৰৰ আদিপাঠ ঠিকমতে হ’লে পিছলৈ আচাৰ ব্যৱহাৰ ভাল হোৱাতো নিশ্চিত; কিন্তু প্রথম শিক্ষা ঠিক নহ’লে পিছত বিদ্যালয়ত পোৱা প্রশিক্ষণো কামত নাহে।

আৰু ইংৰাজী ভাষাটো মূলতে যাৰ ভাষা, সেই ইংৰাজ সকলৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে কিছুমান গল্প-গুজবে আকৌ কয় যে তেওঁলোকৰ “polite behaviour” আৰু বলিয়ালিৰ মাজত কেতিয়াবা বৰ বেছি পার্থক্য নাথাকিব পাৰে।

“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ

ভাৰততো বাদেই, আফ্রিকাতো হেনো তেওঁলোকৰ “ৰাজ” চলি থাকোঁতে ইংৰাজ বিষয়া সকলে জুলাই-আগষ্ট মাহতো ৰাতিৰ আহাৰ খাবলৈ নিজৰ ঘৰতে কোট-টাই পিন্ধিহে যায়। ডিনাৰৰ বাবে ড্রেছ কৰাটোৱেই যে ভদ্র ব্যৱহাৰ!

আচাৰ-ব্যৱহাৰৰ কিছুমান সূক্ষ্ম পার্থক্য বুজা যায় সম্বন্ধ-সম্বোধনবোৰত। কিন্তু ইংৰাজী ভাষাত বহুতো এনে পার্থক্য বুজোৱা শব্দ পোৱা নাযায়। ইংৰাজীত আপুনি কণমানি এটাক, ডাঙৰ ল’ৰা-ছোৱালীক, নিজৰ সমবয়সীয়া মানুহক, বন্ধুক, শত্রুক, ভিক্ষাৰীক, ৰজাক, পত্নীক, স্বামীক, পোহনীয়া কুকুৰটোক, চাকৰক, মহামান্য, গণ্যমান্য কোনোবা লোকক, এজনক, এশজনক, সকলোকে “you” ক’ব লাগিব।

দ্বিতীয় পুৰুষৰ শব্দ “you”, আৰু তাৰ বাদে অন্য কোনো শব্দ নাই।

কিন্তু অসমীয়াত পৰিস্থিতি অনুযায়ী আপুনি “তই”, “তুমি”, “আপুনি” ব্যৱহাৰ কৰিব পাৰে; আৰু বহু বচন কেইটাতো আছেই। সম্বন্ধ বুজুৱা “খুড়া”, “মামা” “পেহা” “জেঠা” আদিৰ জানো ইংৰাজীত পার্থক্য আছে? Paternal uncle, maternal uncle আদি সম্বোধন ব্যাকৰণৰ দৃষ্টিত সম্ভৱ, কিন্তু সেইবোৰৰ প্রকৃত প্রয়োগ নাই বুলিব পাৰি।

“খুলশালী”, “বিয়নী” “তাৱৈ”, কত যে সম্বন্ধ আমাৰ! ইংৰাজীত এনেবোৰ শব্দৰ কোনোটোকে এটা শব্দত প্রকাশ কৰিবই নোৱাৰি। “My wife’s sister”, “my daughter-in-law’s mother বা my son-in-law’s mother”ৰ দৰে দীঘল বাক্যংশৰেহে এই সম্বন্ধবোৰ বুজাব পাৰি। আৰু কিছুমান তেনেকৈ বুজাবলৈও অসুবিধা।

        আমাৰ এই “তই”, “তুমি” বোৰৰ ব্যৱহাৰ মন কৰিয়েই মানুহ এজনৰ বিষয়ে বহুত কথা ক’ব পাৰি। কেবা দশক আগতে, যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ নামভর্ত্তি হৈছে, তেতিয়া প্রথমে কিছুদিন লংকেশ্বৰৰ কাষৰ এটা সৰু ভাড়াঘৰত আছিলো। মোৰ কাষৰে অন্য এটা ভাড়াঘৰত মোৰদৰেই “নাথ” উপাধিৰ এজন মানুহে তেওঁৰ পৰিয়ালৰ সৈতে আছিল।

নৱজীত নামৰ তেওঁৰ অকণমানিটোৰ সৈতে মাজে মাজে মই ধেমালী কৰোঁ, আৰু তেওঁক “নাথদা” বুলি সম্বোধন কৰোঁ। তেওঁ মোক নামধৰি মাতে আৰু “তই” সম্বোধন কৰে। তেওঁ মোক প্রথম দেখোঁতেই “তই” কোৱাত মই অলপ আচৰিত হৈছিলোঁ, কিন্তু প্রকৃততে সেয়া নাথদাই মোক কৰা সহজ, সাধাৰণ, মৰমৰ সম্বন্ধহে আছিল। অনেক অসমীয়া মানুহে, “তই” সম্বোধনটোৰে সাধাৰণ আত্মীয়তাহে বুজায়। বোধকৰোঁ নামনি অসমত “তই”ৰ এনে ব্যৱহাৰ বেছি।

উত্তৰ ভাৰতৰ কিছুমান ঠাইত, “মানক হিন্দী” (Standard Hindi) ব্যৱহাৰ কৰা মানুহে কণ কণ ল’ৰা ছোৱালীকো “আপ” সম্বোধন কৰে। অসমৰ বাহিৰত বহু বছৰ স্কুলত পঢ়ি থকা সময়খিনিত ময়ো প্রায় তেনেধৰণৰ “polite” বাতাবৰণতে আছিলো। সেই বাবে চাগৈ নাথদাই মোক চিধাই “তই” বোলাত মই আচৰিত হৈছিলোঁ। পিছত দেখিলোঁ যে তেওঁৰ “তই” আচলতে নিভাজ মৰমৰ “তই”।

“আপুনি”, “আপ”, “তুমি”, “তই” আদি শব্দৰ অর্থ কেৱল অভিধানিক অর্থ নহয়। সেই শব্দ ব্যৱহাৰ হোৱা পৰিস্থিতি চাই অনেক কথা ক’ব পাৰি। ধৰক ঘৰত বন কৰা মানুহক “ক” আৰু “খ” নামৰ দুজন মানুহেই “তই” কয়। কিন্তু সেই দুই “তই” একে নহ’ব পাৰে। এক “তই”ত অহংকাৰ আৰু আনক তুচ্ছ জ্ঞান কৰা ভাৱ লুকাই থাকিব পাৰে আৰু অন্য “তই” হ’ব পাৰে সাধাৰণ, সহজ সম্বোধন।

“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ

বেলতলা বজাৰত গাঁৱৰ বস্তু আনি বিক্রী কৰা জনজাতীয় বাইদেউহঁতৰ মুখত সাধাৰণে “তই” শুনিব, কিন্তু তেওঁলোকৰ “তুমি” বা “আপুনি”ৰ ব্যৱহাৰ নায়েই; তেওঁলোকে সকলোকে “তই” কয়। গতিকে সেইটো এটা neutral সম্বন্ধ; তাত অহংকাৰ, হীনমন্যতা, উচাত্মিকাবোধ, একো নাই। কিন্তু বিলাসী গাড়ীত আহি তেওঁলোকৰ পৰা বস্তু ক্রয় কৰা একোজন গ্রাহকে তেওঁলোকক কোৱা “তই” প্রায়ে neutral নহয়।

এজন মানুহে নিজৰ দহ-এঘাৰ বছৰীয়া ল’ৰাটোক লগতলৈ বজাৰ কৰি আছে। পদপথতে নিজৰ বজাৰ মেলা তেওঁতকৈ বয়সত দহ বছৰ মান ডাঙৰ মহিলা এগৰাকীক তেওঁ সুধিছে, “ঐ! ধেকীয়া শাক কেনেকৈ দিছ?”

মানুহ গৰাকীয়ে ওপৰলৈ মূৰ তুলি চাই ফিট-ফাট চাহাব যেন লগা মানুহজনক কৈছে, “দহ টকা মুঠি”।

“দহ টকা? বহুত বেছি দাম কৈছ। দহ টকাত দুমুঠি দিবি?”

“নোৱাৰো দিব। বিছ টকাত দুমুঠি”।

ল’ৰাটোৱে কৈছে, “ধেকীয়া নালাগে, দেউতা। মই ভাল নাপাওঁ। মাংস লোৱা”

অতি কোমল মাতেৰে মানুহজনে উত্তৰ দিছে, “ৰ’বা, সোণটো। মাংস ল’ম, কিয় নল’ম? মায়ে আকৌ শাকো নিবলৈ কৈছে। সেই কাৰণে ধেকীয়া এমুঠি লৈ যাওঁ”। পুত্রক মৰমৰ মাত, আৰু অনাই বনাই ধেকীয়া বুটলি আনি পদপথত বেচি কোনোমতে জীৱন নির্বাহ কৰিবলৈ যত্ন কৰা দুখীয়া মানুহগৰাকীক হুঁটা মাত। এই “ভদ্রলোক”ৰ মাতৰ যেন এটা “টগল-ছুইচ” আছে : এফালে মিঠা মাত ওলায়, অন্য ফালে হুঁটা, অভদ্র মাত ওলায়। এনে মানুহেৰে আমাৰ সমাজ ভৰি আছে।

“তই-তুমি-আপুনি”ৰে সমৃদ্ধ ধনী অসমীয়া ভাষা আৰু অসমীয়াৰ মুখৰ মাতষাৰ

        সিদিনা দেখিলোঁ দুগৰাকী মহিলাই সোণাপুৰৰ এখন ৰেষ্টুৰেন্টৰ সমুখত তিতা ফুল, খুতৰা শাক, অমিতা, ৰবাব টেঙা আদি বিক্রী কৰি আছে। গাঁৱলীয়া মানুহৰ পৰা এইবোৰ বস্তু কিনি ভাল লাগে বাবে আগবাঢ়ি গ’লোঁ। তেওঁলোকৰ প্রতিটো বস্তুৰে দাম কম। কিছু সময়ৰ আগতে তুলি অনা শাক, ফুল আদি প্রায় আটাইবোৰৰে মুঠি বা ভাগৰ দাম মাত্র দহ টকা।

কেতিয়াবা মই ভাবোঁ ইমান কম দামত কেইটামান মাত্র বস্তু বেচি কেনেকৈ চলে তেওঁলোক? আচলতে এক প্রকাৰৰ গ্রাম্য অর্থনীতিৰ অংশ তেওঁলোক। কেৱল যে বস্তু বেচে তেনে নহয়। অলপ অচৰপ খেতি-বাতি কৰে, হাঁহ-পাৰ-কুকুৰা, গৰু-ছাগলী-গাহৰি পোহে, মাছ ধৰে..…এনেকৈ বিভিন্ন উৎসৰ পৰা অলপ অলপ আয় হয়। সাধাৰণতে এওঁলোক হাঁহিমুখীয়া হয়। গ্রাহকৰ সৈতে কথা-বতৰা পাতোতেও ধৰিব পাৰি যে তেওঁলোকে নিজৰ সৰু বেপাৰখনলৈয়ে সন্তুষ্ট।

এই বাইদেউ দুগৰাকীয়ে তিতা ফুল (বাহাক তিতা) দুবিধ আনিছে—কমলা ৰঙৰ আৰু বগা ৰঙৰ। ভাগে প্রতি ১০ টকা। মই দাম সোধোঁতে হাঁহি হাঁহি এগৰাকী বাইদেৱে ক’ল, “দহ টকা। আমি দহ টকীয়া বেপাৰীহে!” মই যেতিয়া ক’লো যে বগা তিতা ফুল সহজে পোৱা নাযায়, তেতিয়া আকৌ তেওঁৰ হাঁহি, “ৰ, অহাবাৰ আৰু বেলেগ ৰঙৰ ফুল আনিম। এইবাৰ হালধীয়া বাহাক আনিম”।

আমি বস্তু কিনি থাকোঁতেই এজন সম্ভ্রান্ত অসমীয়া চহৰীয়াৰ আগমন ঘটিল। তেওঁ দুয়োটা ৰঙৰ বাহাক কিনিব খুজি বাইদেউগৰাকীক কৈছে, “ঐ! মোক এই বগা আৰু ৰঙা দুইটাৰে দুভাগ দে! আৰু এটা কাম কৰ। এই ৰঙা ফুলখিনিৰ ওপৰতে অলপ বগা ফুল দি দে। মই ফটো ল’ম”। তেওঁ নিজেই সেইধৰণে ফুল খিনি সজাইলৈ ফটো ল’ব পাৰে, কিন্তু সজাই দিবলৈ মানুহগৰাকীক আদেশ দিছে। তেওঁতকৈ বয়সত দহ-বাৰ বছৰ ডাঙৰ মানুহগৰাকীক “তই” সম্বোধন কৰি তেওঁ নিজৰে পৰিচয় দিছে—বেছ উদাত্ত কণ্ঠেৰে।

assamese people

কলিকতাৰ ব্যস্ত দোকান-বজাৰৰ মাজেৰে যাওঁতে, গুৱাহাটীৰ ফাঁচী বজাৰৰ কিছুমান বাটেৰে যাওঁতে যে দোকানীসকলে তেওঁলোকৰ দোকানলৈ মাতে–বিশেষকৈ পদ পথৰ দোকানী সকলে–কিয় মাতে বাৰু? ক্রেতাই প্রয়োজন মতে দোকানত সোমাব, যি লাগে কিনিব, তেওঁলোকক মাতি থাকিব কিয় লাগে?

কাৰণ দোকানীসকলে অভিজ্ঞতাৰ পৰা বুজি পাইছে যে মাতিলে তেওঁলোকৰ ওচৰলৈ বেছি মানুহ যাব, আৰু তেওঁলোকৰ বিক্রী বেছি হ’ব। নামাতিলে যে মানুহ একেবাৰে নাযাব, তেনে নহয়; নামাতিলেও কিছুমান মানুহে প্রয়োজনীয় বস্তু আছে নে নাই সুধিব, বস্তু কিনিব, কিন্তু মাতিলে মানুহ বেছি যায়, শেষত বিক্রীও বেছি হয়।

কিন্তু আমাৰ খাৰ খোৱা জাতিৰ এনে কিছুমান দোকানী আছে যাৰ মুখৰ মাত শুনিবলৈ গ্রাহকে সাধনা কৰিব লাগিব। বোধকৰোঁ এই সকল মৌন দোকানী উজনি অসমত বেছিকৈ পোৱা যায়। উচ্চ আসনত বহি থাকি তেওঁলোকে বেছ অবজ্ঞাৰ দৃষ্টিৰে গ্রাহক সকলক নিৰীক্ষণ কৰে, কিন্তু মুখেৰে নামাতে।

গ্রাহকে যি কোনো সামগ্রী কিনা মানেই দোকানীৰ লাভ। গ্রাহকে আগ্রহ নেদেখুৱালে বেপাৰ বন্ধ হৈ যাব। গ্রাহকৰ ওপৰত সম্পূর্ণ নির্ভৰশীল বেঙ্ক আদি অনুষ্ঠানত কেতিয়াবা প্রবন্ধকৰ কোঠাত বা অন্য ঠাইত আঁৰি ঠোৱা ফলকত “গ্রাহকৰ সেৱাৰ বাবে আমি উৎসর্গিত” বা তেনে ধৰণৰ অন্য বাক্য লিখি থোৱা দেখা যায়। কিন্তু আমাৰ গম্ভীৰানন্দ অসমীয়া দোকানীয়ে সেইবোৰ কথা নামানে। গ্রাহকৰ হাতৰ পৰা ধন লোৱাৰ সময়তো তেওঁৰ মুখত হাঁহি, মাত একো নাথাকে।

Sweet

অৱশ্যে তেওঁ যদি ৰেষ্টুৰেন্টৰ বা মিঠাইৰ দোকানৰ মালিক হয় তেতিয়া হ’লে চিঞৰ এটা মাৰি কর্মচাৰীক সুধিব পাৰে, “ঐ! এইফালে কিমান হ’ল?” (সেই “এইফালে”জন আপুনি, গ্রাহক)। যদি আপুনি কর্মচাৰীক সুধি আৰু নিজে হিচাপ কৰি আপোনাৰ দিবলগীয়া কিমান হৈছে যদি জানেই, আৰু তাকে সেই গহীনানন্দক কয়, তেওঁ আপোনাৰ উপস্থিতি বা আপোনাৰ কথাক মুঠেই ভ্রুক্ষেপ নকৰে। কর্মচাৰীয়ে ক’ব লাগিব; আপোনাৰ কথাৰ কি বিশ্বাস? আপুনি কোন? গ্রাহকহে!

বাৰে বাৰে একেখন দোকানলৈকে গৈ থকা গ্রাহকজনকো চিনি পোৱাৰ চিন দেখুৱাবলৈ অনিচ্ছুক এইসকল দোকানী। সদায় গৈ থাকিলেও এনে দোকানীৰ মুখত হাঁহি দেখা পোৱাৰ সৌভাগ্য আপোনাৰ কেতিয়াও নহ’ব। তেওঁ আপোনাক “তই” নকয়। তেওঁ কথা কোৱা বিৰল মূহুর্ত্তত আপোনাক “আপুনি” সম্বোধনেই কৰিব, কিন্তু আপোনাৰ এনে লাগিব যে সেই “তই” কোৱা বাইদেউহঁতৰ মাতত যি আত্মীয়তা আছে, সেয়া যেন এই ভদ্রলোক-বেপাৰীৰ সম্বোধনত নাই।

(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
The Role of a Teacher in a Student’s Life

The Role of a Teacher in a Student’s Life

September 5, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d