•অৰবিন্দ ৰাভা
অলপতে উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ – পাখতুনখাৱাৰ প্ৰদেশৰ চোৱাব জিলাৰ বাৰিকটৰ বাজিৰা চহৰত ২৭০০ বছৰৰ পুৰণি মন্দিৰ আৰু ভালেমান মূল্যবান প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ সন্ধান পোৱা গৈছে। মন্দিৰটো বৌদ্ধ যুগৰ মন্দিৰ বুলি নিশ্চিত কৰিছে ইটালীৰ প্ৰত্নতত্ত্ববিদ ড° লুকা মাৰিয়াই। ইমানদিনে পাখতুনখাৱাৰ প্ৰদেশৰ সকলোতকৈ প্ৰাচীন প্ৰত্নতাত্বিক সমল বা সামগ্ৰী আছিল তক্ষশীলা – যাৰ আনুমানিক বয়স আছিল প্ৰায় ২০০০ বছৰ। কিন্তু এতিয়া তাতোকৈ প্ৰাচীন যি মন্দিৰ আৰু ভালেমান মূল্যবান প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ সন্ধান পোৱা গৈছে, সেইসমূহৰ বয়স নিৰ্ধাৰণ কৰিবলৈ অত্যাধুনিক পদ্ধতিৰে এক্স-ৰে কৰা হৈছে। তাৰেই ভিত্তিত ড° লুকাই নিশ্চিত কৰিছে যে সেইসমূহৰ বয়স কমেও ২৭০০ বছৰতকৈও অধিক।
পাকিস্তানৰ কৰাছী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক সকলে জনাইছে যে বাজিৰা চহৰখনৰ চোৱাট অঞ্চলত কমেও সাতটা ধৰ্মই বিভিন্ন সময়ত বিস্তাৰ লাভ কৰিছিল। এই অঞ্চলত একসময়ত উদ্ধাৰ কৰা হৈছিল গ্ৰীক ৰজা মেনান্দৰ বা মিলিন্দৰ আমোলৰ কেইটামান মুদ্ৰা। সেই মুদ্ৰাৰ বিপৰীত দিশত খৰষ্ঠী লিপিৰ সন্ধান পোৱা গৈছিল। সেই মুদ্ৰা পৰীক্ষা নীৰিক্ষা কৰি ২০০৮ চনত কৰাছী বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ সকল নিশ্চিত হৈছিল যে চোৱাট অঞ্চলত এক সময়ত গ্ৰীক ৰজা মেনান্দৰে ৰাজত্ব কৰিছিল। কিন্তু তেতিয়াও বৌদ্ধ ধৰ্মৰ কোনো নিদৰ্শন চোৱাট অঞ্চলত পোৱা হোৱা নাছিল, যদিও বিভিন্ন সময়ত প্ৰচলিত লোককথাত বৌদ্ধাচাৰ্য নাগ সেন-এ এই চোৱাট অঞ্চলত বৌদ্ধ ধৰ্মক আঁকোৱালি লোৱা বুলি প্ৰচলিত হৈ আছিল।
নাগ সেনৰ বিষয়টোক লৈ বিভিন্ন সময়ত ঐতিহাসিক সকলৰ মাজত মতানৈক্য হৈ আহিছে। কাৰণ পাখতুনখাৱাৰ অঞ্চলত তেওঁ যে দীক্ষিত হৈছিল তাৰে কোনো প্ৰত্নতাত্বিক নিদৰ্শন ইমানদিনে ইতিহাসবিদৰ হাতত নাছিল। কৰাছীৰ প্ৰত্নতত্ত্ব বিভাগৰ প্ৰাক্তন পৰিচালক আব্দুচ চামাদ-এ প্ৰথমৰে পৰাই নিশ্চিত আছিল যে নাগ সেনে বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল বৰ্তমানৰ পাকিস্তানৰ পাখতুনখাৱাৰ বাজিৰা চহৰত। এই বিষয়টোক লৈ কৰাছী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কৰ্মকৰ্তা সকলৰ সৈতে তেওঁৰ বিবাদ হৈছিল আৰু তেওঁক অৱসৰ লবলৈ বাধ্য কৰা হৈছিল। তাৰপিছত তেওঁ ইটালীৰ প্ৰত্নতত্ত্ব বিভাগৰ পৰিচালন সমিতিৰ সদস্য হিচাপে মনোনীত হয়। ইটালীলৈ অধ্যাপক আব্দুচ চামাদ-এ গুচি যোৱাৰ পিছতো তেওঁ পাকিস্তানৰ সৈতে যুটীয়াভাৱে পাখতুনখাৱাৰ অঞ্চলত খনন কাৰ্য আৰু গৱেষণাৰ কাৰ্যকলাপ চলাই থাকে।

দেওবাৰে, ১৯-১২-২০২১ তাৰিখে, পাকিস্তানত নিযুক্ত ইটালীৰ ৰাষ্ট্ৰদূত আঁন্দ্ৰেয়া ফেবাৰেচ্-এ সাংবাদিক সন্মিলনত ঘোষণা কৰে যে পাখতুনখাৱাৰ অঞ্চলত তক্ষশীলাতকৈও পুৰণি বৌদ্ধ মন্দিৰৰ সন্ধান পোৱা গৈছে। নাগ সেনে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰা সময়ত যি যি বাণীৰ উল্লেখ কৰিছিল, সেইবোৰ ‘মিলিনড পঞ্চহো’ নামৰ গ্ৰন্থত লেখা আছে। অৱশ্যে সেইসময়ত ‘গ্ৰন্হ’ শব্দৰ অৰ্থ আছিল শিলালিপি। পাকিস্তান আৰু ইটালীৰ যুটীয়া গৱেষণাৰ দ্বাৰা পাখতুনখাৱাৰ অঞ্চলত তেনে শিলালিপি উদ্ধাৰ হৈছে। পোন প্ৰথমবাৰৰ বাবে উদ্ধাৰ হোৱা সেই শিলালিপি পৰীক্ষা নীৰিক্ষা কৰিয়েই ঐতিহাসিক সকল নিশ্চিত হৈছে যে নাগ সেন-এ পাখতুনখাৱাৰ অঞ্চলৰ পৰাই তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল। ড° লুকাই কৈছে যে বৰ্তমানলৈ ২৭৩৮ টা বৌদ্ধ আমোলৰ ঐতিহাসিক সমল আৱিষ্কাৰ কৰা হৈছে। তেওঁ আশা কৰিছে যে আগন্তুক দিনবোৰত বৌদ্ধ ধৰ্মৰ অধিক পৰিমাণৰ নিদৰ্শন এই স্থানত উদ্ধাৰ হ’ব পাৰে।
চোৱাটত পোৱা বৌদ্ধ ধৰ্মৰ নিদৰ্শনবোৰৰ সৈতে ভাৰতবৰ্ষৰ বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আদিত পোৱা নিদৰ্শনবোৰৰ গাঁথনিৰ বহুত পাৰ্থক্য আছে বুলি অধ্যাপক আব্দুচ চামাদ-এ কৈছে। ভাৰতত পোৱা বৌদ্ধ উপাসনাৰ ক্ষেত্ৰসমূহৰ গঠনশৈলী বহুক্ষেত্ৰত গম্বুজ আকৃতিৰ আৰু তাৰেপৰাই বৌদ্ধ ধৰ্মত ‘স্তুপ’ শব্দৰ প্ৰচলন হৈছে বুলি ঐতিহাসিক সকলে কয়। কিন্তু পাখতুনখাৱাৰ অঞ্চলত সদ্য আৱিষ্কৃত বৌদ্ধ উপাসনাৰ ক্ষেত্ৰসমূহৰ ক’তো গম্বুজ আকাৰ নাই। সকলোবোৰৰ আকাৰ বৰ্তমানৰ হিন্দু মন্দিৰৰ দৰেই।
বৰ্তমানৰ সাঁচি-সাৰনাথ বৌদ্ধ স্তুপৰ সৈতে সদ্য আৱিষ্কৃত চোৱাটৰ বৌদ্ধ মন্দিৰবোৰৰ তুলনা কৰি ড° লুকাই কৈছে যে এই নিদৰ্শনৰ ভিত্তিত অইন এটা বিষয় লৈ গৱেষণা চলোৱা উচিত যে পাখতুনখাৱাৰ অঞ্চলত তিনি হাজাৰ (৩০০০) বছৰ আগতে মুছলমান সকলৰ আধিপত্য নাছিল, বৰং তেওঁলোকে পাকিস্তানৰ এই মৰুময় অঞ্চলক বাদ দি সেইসময়ৰ ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ ( অৰ্থাৎ প্ৰাচীন কামৰূপক বাদ দি) পৰা মধ্যভাগত ৰাজত্ব কৰিয়েই স্বাচ্ছন্দ্য অনুভৱ কৰিছিল আৰু সেইবাবেই তৎকালীন বৌদ্ধ ধৰ্মৰ সৈতে ইছলাম ধৰ্মৰ যোগসূত্ৰৰ প্ৰমাণ ডাঙি ধৰে বৰ্তমানৰ ভাৰতৰ বৌদ্ধ স্থাপত্যই। এতিয়া পাখতুনখাৱাৰৰ বৌদ্ধ মন্দিৰে প্ৰমাণ ডাঙি ধৰিছে যে প্ৰায় ৩০০০ বছৰৰ আগতে সেই অঞ্চলতো ( বৰ্তমান পাকিস্তানৰ অন্তৰ্গত) বৌদ্ধসকলৰ আধিপত্য আছিল।