-(অজ্ঞতাৰ টোকাবহী)
-লেখন/অনুবাদঃ অঞ্জন শৰ্মা |
[সচল বিশ্বনাথ শ্ৰীত্ৰৈলঙ্গস্বামীৰ তত্ত্ববোধ]
[ শ্ৰীত্ৰৈলঙ্গস্বামী আছিল অৱধূত। অসামান্য মহাপুৰুষ। সেই অসাধাৰণ মহাপুৰুষজনাৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ আছে। কিন্তু তেওঁৰ শ্ৰীমুখনিঃসৃত অমৃতময় কথাসমূহৰ- যিবোৰৰ যৎকিঞ্চিৎ তেওঁৰ অন্যতম তথা অন্তিম গৃহস্থ শিষ্য উমাচৰণ মুখোপাধ্যায়ে সংগ্ৰহ কৰি লিখি উলিয়াইছিল। তাৰে এক দুৰ্লভ লেখা ‘তত্ত্বজ্ঞান’ অধ্যায়টোৰ অসমীয়া ভাঙনি তলত ডাঙি ধৰিলো]
।।তত্ত্বজ্ঞান।।
‘তত্ত্বজ্ঞান’, অৰ্থাৎ পৰমাত্মা বা ঈশ্বৰ সম্বন্ধীয় জ্ঞান। ঈশ্বৰ আছে বুলি যদি বিশ্বাস হয়, তেনেহ’লে ঈশ্বৰৰ অনুসন্ধান কৰা উচিত, আৰু যদি সেই বিশ্বাস নাথাকে – তেনেহ’লে বৃথা তৰ্ক কৰি অনৰ্থক বাজে কথাত কাৰো লগত বিবাদ বা নিজৰ মতবাহাল ৰাখিবলৈ চেষ্টা কৰাটো এক বিড়ম্বনা হে মাথোঁ। যাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে আৰু যিয়ে ঈশ্বৰৰ সন্ধান পাবলৈ পথৰ অনুসন্ধান আৰম্ভ কৰিছে, তেওঁলোকে প্ৰথমে ‘মই কোন’ সেইসম্পৰ্কে অৱগত হোৱা উচিত। তাৰপিছত পুনৰ সাতটা বিষয় সম্পৰ্কে বিশেষভাৱে অৱগত হোৱা আৱশ্যক। প্ৰণালী অনুসাৰে বিশ্বাস আৰু ভক্তিৰ সৈতে কাৰ্য কৰিলে তিনিমাহৰ ভিতৰত নিশ্চয় আত্মদৰ্শন হয়। আত্মদৰ্শন হ’লে মানুহ শান্তি আৰু মুক্তিৰ পথলৈ অগ্ৰসৰ হয়। যিমানদিন পৰ্যন্ত আত্মাই পৰমাত্মাৰ সৈতে সংযোগ হ’ব নোৱাৰিব, সিমানদিনলৈ মুক্তিৰ আশা নাই। সংযোগ হ’লে সুক্ষ্ম দেহ ধাৰণ কৰি য’লৈ ইচ্ছা তালৈ যাতায়ত কৰিব পাৰি। ঐশ্বৰিক বল আৰু শক্তি পোৱা যায়, যাৰদ্বাৰা অৱশেষত সৰ্বজ্ঞ হ’ব পাৰি।
। মই কোন।
পঞ্চভূত, পঞ্চপ্ৰাণ, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন আৰু বুদ্ধি। এইবোৰ, আৰু চতুষ্টয় নাড়ী যেনে ইড়া, পিঙ্গলা, সুষুন্মা, চিত্ৰা ; ছয় ৰিপু আৰু চিত্ত, বাসনা, চিন্তা, তৃষ্ণা, মায়া তথা আশা – এইবোৰ উপাদান লৈ দেহৰ গঠন হৈছে। তাৰোপৰি জ্ঞান, চৈতন্য, আত্মা বা জীৱাত্মা আৰু পৰমাত্মাও আছে। এই সকলোৰে তত্ত্ব অৱগত হ’ব পাৰিলেই ‘মই কোন’ আৰু মানৱদেহত সৰ্বদা বিৰাজমান হয় নে নহয় জানিব পাৰি। মই যদি ‘মই’ক চিনিব পাৰো, তেতিয়া নিশ্চিতভাৱে ঈশ্বৰক জানিব পাৰিম। যদি ঈশ্বৰ আছে বুলি বিশ্বাস হয়, তেনেহ’লে তেওঁ একেবাৰে কাষতে আছে বুলি জানিবা। আৰু যদি বিশ্বাস নহয়, তেওঁ বহুদূৰৈৰ হৈ পৰে তথা কোনোকালত সাক্ষাৎ হ’ব নে নহ’ব সেয়া ক’ব পৰা নাযায়।
ভৰিৰ পৰা মূৰলৈ বিচাৰ কৰি চালে ‘মই’ বুলি কাকোৱেই ক’তো বিচাৰি পোৱা নাযায়। একমাত্ৰ জ্ঞান স্বৰূপেই ‘মই’ বৰ্তি থাকে, কেৱল বিশুদ্ধ চৈতন্যই ‘মই’ ৰূপে প্ৰকাশিত। দেহ, ইন্দ্ৰিয়, মন আৰু চৈতন্য একেলগে দৃষ্ট হ’লেও সেইবোৰৰ পৰস্পৰৰ সৈতে পৰস্পৰৰ কোনো সম্বন্ধ নাই। সমুদায় অঙ্গ থকা সত্বেও শৱদেহে কিয় দৰ্শন-স্পৰ্শন আদি কৰিব নোৱাৰে, দেহ আৰু শৱ একেই পদাৰ্থ; মোৰ চৈতন্য আছে বাবেই দেখা পাবলৈ আৰু শুনিবলৈ সক্ষম হও, অৰ্থাৎ মই দেহ নহয়- এইকথাত একেবাৰে সন্দেহ থাকিব নোৱাৰে; সেয়েহে মই দেহৰ পৰা ভিন্ন, নিত্য আৰু স্বপ্ৰকাশ। যি স্থানত আত্মা বিদ্যমান, তাত ‘মন’টোও নাথাকে, ইন্দ্ৰিয়ও নাথাকে, বাসনাও নাথাকে; ৰজাৰ কাষত ক্ষুদ্ৰ নৰাধম একেলগে বহিব নোৱাৰে। যিদৰে সৰিয়হৰ পৰা তেল পেৰি উলিওৱাৰ পিছত খলিহৈৰ সৰিয়হৰ সৈতে আৰু সম্পৰ্ক ৰক্ষা হৈ নাথাকে, একেদৰে দেহ, মন, ইন্দ্ৰিয় আদিৰ সৈতে ‘মই’ৰ কোনো সম্পৰ্ক নাই। এই মনটোও ‘মই’ নহয়, জীৱও ‘মই’ নহয়, কাৰণ এইবোৰো চৈতন্য কৃত হৈ হে বোধগম্য হৈ থাকে। জীৱৰ নিজৰ কোনো ক্ষমতা নাই, কেৱল সাক্ষীমাত্ৰ। গতিকে ‘মই’ সেই অনন্ত আত্মা। যিদৰে মুক্তাৰ মালাৰ সুতা প্ৰতিটো মুক্তাৰ সৈতে সংযুক্ত, সেইদৰে ভগৱানৰ আত্মাতো সমস্ত জীৱ সংযুক্ত। সুতা আৰু মুক্তাৰ কোনো সম্পৰ্ক নাই, একেদৰে দেহ আৰু আত্মাৰো কোনো সম্পৰ্ক নাই ; দেহ জড় পদাৰ্থ হে মাত্ৰ, ‘মই’ অমৰ। মৃত্যুই বা কি, জীৱিতই বা কি, এইবোৰ মাথোঁ ভ্ৰম। ‘মই’ শব্দ আত্মাৰ বাহিৰে অইন একো নহয়, জ্ঞানৰ উদয় হ’লেহে এই কথা জানিব পাৰি।
বাহ্য জগৎ ‘মই’ নহয়, অনিত্য দেহ ‘মই’ নহয়, পঞ্চ প্ৰাণবায়ু ‘মই’ নহয়, কাৰণ এইবোৰ অচেতন, ‘মই’ চেতন। পঞ্চ জ্ঞানেন্দ্ৰিয় ‘মই’ নহয়; বাক্য, শব্দ, স্পৰ্শ, ঘ্ৰাণ, ৰূপ, ৰস, এইবোৰো ‘মই’ নহয়, তেনেহ’লে ‘মই’ কোন? ‘মই’ মনন – শূণ্য নিৰ্মল শান্ত বিশুদ্ধ চেতনা স্বৰূপ ; ‘মই’ বাহ্যিক-অভ্যন্তৰ সৰ্বস্থানব্যপ্ত, ‘মই’য়ে পোহৰ সৃষ্টি কৰি সকলো পদাৰ্থ প্ৰকাশ কৰিছো, ‘মই’ সৰ্বগামী আত্মা। যিদৰে অন্ধকাৰত পোহৰৰ সহায়ত ব’গা – ক’লা বস্তু চিনিব পৰা যায়, সেইদৰে ‘মই’ (মোতেই)তেই , অৰ্থাৎ মোৰ আত্মাতেই সকলো পদাৰ্থৰ বস্তুত্ব প্ৰতিপন্ন হয়। দাপোণ যিদৰে সকলো বস্তুৰ প্ৰতিবিম্বৰ বিশ্ৰাম স্থান, সেইদৰে ‘মই’ সকলো জাগ্ৰত পদাৰ্থৰ অনুভৱ স্থল। আদি, অনাদি, অনন্ত, সৰ্বগামী, চিন্ময় সেই আত্মা। মোৰ এই স্থাবৰ জঙ্গম বহু শৰীৰ। ইয়াৰ পৰিমাণ যে কিমান, অনুমান কৰিব নোৱাৰি, কোন সময়ত হৈছিল আৰু কোন কাললৈ থাকিব, তাৰ কোনো সীমা নাই, ইয়াৰ ব্যাপ্তি কিমান – তাৰো নিৰাকৰণ নাই।
‘মই’ স্বয়ং স্বপ্ৰকাশ। ‘মই’ কুসুমত সৌৰভ, বীজত বৃক্ষ, পানীত শীত, অগ্নিত তেজ, সূৰ্যত কিৰণ, বন্তিত পোহৰ, কান্তিত ৰূপ আৰু ৰূপত অনুভৱ হৈ অৱস্থান কৰো। যিদৰে গাখীৰত ঘিঁউ, পানীত ৰস, তিলত তেল, চেনিত মিঠা বিদ্যমান ; ‘মই’ও সেইদৰে নিখিল পদাৰ্থত শক্তিৰূপে বৰ্তমান হৈ আছো। ‘মই’ আত্মা হেতুকেই কাৰো ওচৰত প্ৰাৰ্থনা নকৰি এই বিশাল জগৎ অনায়াসে প্ৰাপ্ত কৰিছো। তুমি, আমি, মই, মোৰ, তোমাৰ, আমাৰ – এই সমস্তবোৰ হ’ল মিথ্যা ভ্ৰম হে মাথোঁ।
।। মন ।।
মন! মনে ক’তো একো নাপায় হেতুকে দূৰ-দূৰণিলৈ ভ্ৰমণ কৰি ফুৰে। মনৰ গতি তৰঙ্গৰ দৰে চঞ্চল, মনৰ তেজ অগ্নিতকৈও বেছি; ইয়াক অতিক্ৰম কৰা, পৰ্বত অতিক্ৰম কৰাতকৈও কঠিন, কষ্টকৰ। মনক বশ কৰা, সমুদ্ৰ পান, সুমেৰু পৰ্বত উভালি পেলোৱা আৰু অগ্নি ভক্ষণ কৰাতকৈও কঠিন, মন ক্ষীণ – অৰ্থাৎ বাসনা শূণ্য হ’লে জগৎ নষ্ট হয়। এই যে শত শত সুখ দুঃখ বৃহৎ বৃহৎ পৰ্বতসম- অৰণ্যসম, মনৰ পৰাই উৎপন্ন হয় ; বিবেকৰ বশ হৈ মন ক্ষীণ হ’লে সেই সকলো সুখ দুঃখ নষ্ট হয়। মনে নটৰ দৰে সকলো বিষয়তে ক্ষণিক আনন্দ, ক্ষণিক বিষাদ আৰু ক্ষণিক প্ৰসন্নতা অনুভৱ কৰে। নিৰ্মল বুদ্ধিৰে যদি এতিয়া মনৰ চিকিৎসা কৰা নহয়, তেনেহ’লে ইয়াৰ পিছত তাৰ প্ৰতিকাৰ কৰাৰ সময় পাবা ক’ত? মন, চিত্ত, বাসনা, কৰ্ম আৰু দৈৱ – এইবোৰ সংজ্ঞা ৰূপে প্ৰচলিত। মনৰ সত্তাত দৃশ্য দৰ্শন হয়, মনৰ উচ্ছেদ হ’লে দৃশ্য দৰ্শনো উচ্ছেদ হয়। মনেই জগৎকৰ্ত্তা, মনেই পুৰুষ, মনৰ নিশ্চয়ৰে যিবোৰ সম্পাদিত হয় – সেয়া মনৰ প্ৰতিবিম্ব সদৃশ; এই আকাশ বিস্তৃত আৰু অনন্ত , মনটোও একেধৰণৰ বিস্তৃত চিদাকাশ; এই বিস্তৃত মনৰ যি যি অংশই চৈতন্যৰ প্ৰতিবিম্ব লাভ কৰে, সেয়াই প্ৰকাশিত হৈ স্থিৰতা প্ৰাপ্ত হয়।
মনৰ শক্তি ইমান প্ৰৱল যে একমনেৰে যি কাম কৰিবা, সেয়া নিশ্চয় সফল হ’ব, আনকি স্বয়ং ব্ৰহ্মও হ’ব পাৰি। মন চৈতন্যশক্তিৰ পৰা চৈতন্যভাব হৈ ব্ৰহ্মভাৱাপন্ন হয়। মন আৰু দেহ অভিন্ন, আত্মাই মন আৰু দেহৰ সকলো চেষ্টা সফল কৰিব পাৰে। মনে যাৰ অনুসন্ধান কৰে, সেয়া প্ৰাপ্ত হয়। মনৰ দ্বাৰাই নিজেই নিজকে পৱিত্ৰ পথত নিযুক্ত কৰিব লাগে। মনে যাৰ অনুসন্ধান কৰে, কৰ্মেন্দ্ৰিয়ই সমুদয় সেইবোৰকেই স্পন্দন কৰে। মালিন্যযুক্ত চিত্তক মন বুলিব পাৰি। মন আৰু চিত্ত আত্মাৰ স্বৰূপৰ বাহিৰে অইন একো নহয়, বাসনা চিত্তৰ অংশ হে মাথোঁ। মনে নিজৰ বিনাশ ক্ৰিয়া নাজেই সাধন কৰে, মনে কেৱল নিজৰ বিনাশৰ বাবেই আত্মদৰ্শন কৰি থাকে। মনৰ নাশেই সকলো দুঃখ নিবাৰণৰ মূল। বিবেকৰ দ্বাৰা সংস্কৃত হ’লে মনৰ নাশ হয়।
মনটোৱে যে কিমান শক্তি ধাৰণ কৰে সেয়া সহজেই প্ৰত্যক্ষ কৰিব পাৰি। তোমাৰ মন যদি অইনত আসক্ত হৈ থাকে, তেনেহ’লে ভক্ষ্য দ্ৰৱ্য চোবাই থাকিলেও তাৰ একো সোৱাদ নাপাবা। মন অইন স্থানত আসক্ত হৈ থাকিলে দৰ্শন কৰিব নোৱাৰি, শ্ৰৱণ কৰিব নোৱাৰি, দেহ পৰ্যন্ত যেন অকৰ্মণ্য হৈ স্থিৰ অৱস্থাত থাকে। মন আৰু চিত্ত পৰস্পৰে পৰস্পৰৰ সাকাৰ হোৱা হেতুকে উভয়েই সমান, তথাপি মন উৎকৃষ্ঠ, কাৰণ মনৰ পৰাই চিত্তৰ উৎপত্তি, চিত্তৰ পৰা মনৰ উৎপত্তি নহয়। সুখক দুঃখ জ্ঞান আৰু দুঃখক সুখ জ্ঞান একমাত্ৰ মনে কৰিব পাৰে।
মনে দৰ্শন কৰিব নোৱাৰে – এনে কোনো বস্তু নাই। যিদৰে অঙ্কুৰৰ পৰা বৃক্ষ, লতা, পুষ্প উৎপন্ন হয়, সেইদৰে মনৰ পৰা এই জগৎ, স্বপ্ন, বাসনা, চিন্তা, বিলাস ইত্যাদি সমুদয় উৎপন্ন হয়। যিদৰে নাট্যালয়ত এজন নটেই নানা প্ৰকাৰৰ বেশ ধাৰণ কৰি নানা ধৰণৰ ভাবভঙ্গী প্ৰকাশ কৰে, সেইদৰে নিজৰ মনটোৱেও জাগ্ৰত আৰু স্বপ্নৰূপে সমুদিত হৈ সৰ্বদাই নানা প্ৰকাৰৰ চিন্তা কৰে। মন নিজে নিৰাকাৰ হ’লেও সাকাৰ হৈ চিত্তৰ অভ্যাসবশতঃ জীৱভাবাপন্ন হৈ জ্ঞাত আৰু মৃত হৈ থাকে। তিলত যিদৰে তেল থাকে, মনতো সেইদৰে সুখ-দুঃখ সদায় থাকে; কালবশতঃ কেতিয়াবা বৃদ্ধি হয় আৰু কেতিয়াবা হ্ৰাস পায়। যাৰ মন নিশ্চল, এক বিষয়গামী হৈ শিক্ষা গ্ৰহণ কৰিছে, তেৱেঁই পৰমেশ্বৰৰ ধ্যান কৰাৰ ক্ষেত্ৰত সমৰ্থ হৈছে।
মন সংযমৰ দ্বাৰা সংসাৰ বিলাসৰ শান্তি হয়। অনুদ্বেগৰ অৱসান ঘটে আৰু জীৱৰ মনোজয় হয়। মনোজয় কৰিব পাৰিলে ত্ৰিলোক বিজয়ো তুচ্ছ বুলি ভাব হয়। মনোজয় বেলেগ নহয়, কেৱল স্ব স্ব ভাবে, অৰ্থাৎ পূৰ্ণব্ৰহ্ম ৰূপে অৱস্থিত মাথোঁ। চাপল্যই মনৰ ৰূপ ; যিদৰে অগ্নিৰ ধৰ্ম উষ্ণতা, তেনেদৰেই মনৰ ধৰ্ম চঞ্চলতা, যিদৰে স্পন্দন অৱিহনে মনৰ বায়ুৰ সত্বা উপলব্ধি নহয়, একেদৰে চঞ্চলতা অবিহনেও মনৰ অস্তিত্ব গম পোৱা নাযায়। চাঞ্চল্যহীন মনৰ অৱস্থাক মোক্ষ বুলি জানিবা। মনৰ নাশ হ’লে দুঃখৰ শান্তি হয়। মনৰ চাঞ্চল্যই অবিদ্যা আৰু বাসনা বুলি জানিবা, বিচাৰকালত বাসনা বিনাস কৰিব পাৰিলেই মোক্ষ প্ৰাপ্তি হয়। সৎ আৰু অসতৰ মধ্যভাগ চিন্ময়ত্ব, আৰু চিন্ময়ত্ব তথা জড়ত্বৰ মধ্যভাগক মন বুলি জানিবা, জড়তাৰ অভ্যাসবশতঃ মন জড় হয়, বিবেকৰ অভ্যাসবশতঃ মন চৈতন্যৰূপ হয়। ভাবনাগ্ৰস্ত অস্থিৰ মনক বিবেক-মনৰ দ্বাৰা বলপূৰ্বক উদ্ধাৰ কৰিব লাগে। ৰজাৰ বাহিৰে বেলেগে যিদৰে ৰজাক পৰাজিত কৰিব নোৱাৰে, একেদৰে মনৰ বাহিৰে অইনে মনক পৰাজিত কৰিব নোৱাৰে। আত্মাক মুক্ত কৰিবলৈ মন জয় কৰাৰ বাহিৰে বেলেগ অইন উপায় নাই। মনেই কৰ্মফল ভোগ কৰে, মনৰেই এই অনন্ত সুখ আৰু দুঃখ হৈ থাকে, শৰীৰৰ একোৱেই নহয়। জড় দেহাই সুখ দুঃখ ভোগ কৰিব নোৱাৰে, মনেই একমাত্ৰ কৰ্ত্তা। গতিকে মনকেই মানৱ বুলি জানিবা।
মনৰ আদি আৰু অন্ত যেতিয়া বিনশ্বৰ তেতিয়া তাৰ মধ্যভাগক অসৎ বুলি ক’ব লাগিব। মনৰ এই অসৎৰূপ সম্পৰ্কে যিসকল অৱগত নহয়, তেওঁলোকৰ দুঃখ ভোগ অনিবাৰ্য। মনে যি কৰে সেয়া কৃত হয়, যি নকৰে সেয়া কৃত নহয়। এই বিশ্ব মনোবৃত্তি স্বৰূপ। মনেই সকলো কৰ্ম, সকলো চেষ্টা, সকলো ভাব, সকলো আকাৰ গতিৰ বীজস্বৰূপ। সেই মনক পৰিত্যাগ কৰিব পাৰিলে সমুদয় কৰ্ম পৰিত্যক্ত হয়, নিখিল দুঃখৰ ক্ষয় হয়, সমুদয় কৰ্মও লয় হয়।
কোষৰ আকাৰৰ কীটে যিদৰে নিজৰ অৱস্থিতিৰ বাবে কোষ নিৰ্মাণ কৰে, মনেও সেইদৰে নিজৰ অৱস্থিতিৰ বাবে এই শৰীৰ নিৰ্মাণ কৰে। যিদৰে কোষাকাৰ কীটৰ কোষ কোষাকাৰৰ সৈতে অভিন্ন, একেদৰে মন আৰু শৰীৰৰ কোনো পাৰ্থক্য নাই, মন হ’ল শৰীৰৰ উপাদান, মনত সমস্তই সম্ভৱ। এনে কোনো শক্তিয়েই নাই, যি মনত উদয় নহয়। মনেই চিৎ প্ৰতিবিম্ববশত জীৱ হৈ ভূত ভৱিষ্যত আৰু বৰ্তমান কালাত্মক জগৎ ৰূপ স্বকল্পিত এই বিশাল নগৰৰ নিৰ্মাণ, পৰিৱৰ্তন আৰু বিনাশৰ বাবে স্ফুৰিত হৈছে।ধানৰ ক্ষেত্ৰত যিদৰে তুঁহ আৱৰক, এই সংসাৰো সেইদৰে আৱৰক সত্য ব্ৰহ্মত অৱস্থিত। এই জড় জগতৰ অস্তিত্ব নাই। দুঃখ, হৰ্ষ আদিও আত্মাৰ দৰেই পুনৰায় কতৃত্বৰে লয় হয়।
মনেই পুৰুষ, গতিকে মনক শুভ পথত নিয়োগ কৰিবা। মন চিৎ প্ৰকৃতিৰ স্বৰূপ হয়, আৰু তাক মনন ধৰ্ম বিশিষ্ট হ’লে মন বুলিব পাৰি, দৰ্শন বিশিষ্ট হ’লে চকু, শ্ৰৱণশক্তি বিশিষ্ট হ’লে শ্ৰোত্ৰ হয়; সেইবাবেই মনক কৰ্মবীজ বোলা হয়। বৰ্তমানৰ শৰীৰৰ মন সকলো বস্তুতে আসক্ত হৈ নৰ নামেৰে অভিহিত হয়। মনেই জীৱ, মনেই আকাৰ প্ৰাপ্ত হৈ নিৰ্মলতা গুণেৰে যে পৰমব্ৰহ্মকো সাক্ষাৎ কৰিব পাৰে, তাত সন্দেহ নাই।
মনুষ্য মনোময়ৰ বাহিৰে অইন একো নহয়। এই সংসাৰত মনেই জন্মগ্ৰহণ কৰে, মনৰেই হ্ৰাস- বৃদ্ধি হয়; প্ৰকৃতভাৱে দৰ্শন কৰিলে বুজা যায় যে মোক্ষও মনৰেই হয়।মনেই বাস্তৱিকতে সংসাৰী, জৰা – মৃত্যুও মনৰেই হৈ থাকে। এই মনেই চিৰদিন সকলোৰে সৰ্বনাশ কৰি থাকে। জ্ঞান উদয় হ’লে সেই মনৰ নাশ হয়, যিদৰে দাপোণ- সন্নিহিত দ্ৰব্যৰ অপসাৰণত ছাঁয়াৰ অভাৱ হয়, সেইদৰে প্ৰাণশক্তিৰ নিৰোধ হ’লে মনৰ নাশ হয়। কাৰণ, মন প্ৰাণৰেই ৰূপান্তৰ মাথোঁ। প্ৰাণে নিজ স্পন্দনশক্তিৰ সাহায্যৰে দেশান্তৰৰ দ্ৰব্য সমুদয় হৃদয়ঙ্গম কৰে – মনে অনুভৱ কৰিব পাৰে, সেইবাবে মন সংজ্ঞাৰে অভিহিত নহয়। যিদৰে শিল কেতিয়াও জ্বলন শক্তি হ’ব নোৱাৰে, সেইদৰে মনৰো কোনো অনুভৱ শক্তি নাই। প্ৰাণবায়ুৰ অনুভৱ শক্তি হয়, প্ৰাণ বায়ু আৰু আত্মাৰ উভয় শক্তিৰ সমাৱেশকেই মন বোলা হয়। মনেই কৰ্তা, মনে যি সংকল্প কৰে সেয়াই হয়, য’ত মন থাকে সেই স্থানত আশা আৰু সেইস্থানত সুখ দুঃখ সন্নিহিত হৈ থাকে। মন ধাতুৰ অৰ্থ মনন, সেই মন কল্পনাকাৰী বুলিয়েই মন নামেৰে অভিহিত হৈছে। মন জড় দৃষ্টি আৰু চেতনা দৃষ্টিৰ মাজত থাকি জীৱ, বুদ্ধি, চিত্ত ইত্যাদি নানা সংজ্ঞাৰে অভিহিত হৈ থাকে। যি পৰ্যন্ত মনৰ লয় নহ’ব, সেই সময়লৈ বাসনাক্ষয়ৰ সম্ভাৱনাও নাই।