• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

অঞ্জন শৰ্মা

by Anjan Sarma
December 18, 2025
in Special Report
Reading Time: 5 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

তথ্য নিৰুদ্দেশ হোৱা এটা যুগ

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

এই সম্পৰ্কে এতিয়া সম্ভৱতঃ কাৰো দ্বিমত নাই যে আমি আজি ‘তথ্যৰ যুগ’ত বাস কৰিছো আৰু এই তথ্যৰ যুগটোত তথ্যৰ বিস্ফোৰণ সংঘটিত হৈ আছে।

আমি সকলোৱে গম পাইছো যে ‘তথ্যৰ বিপ্লৱ’ নিৰৱচ্ছিন্নভাৱে চলি আছে। সমান্তৰালভাৱে চলি আছে আৰু বৃদ্ধি পাইছে কৰ্ম-কান্ডৰ গতিবেগ।

অৰ্থাৎ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ৰ পৰা ছৈয়দ চাদুল্লাৰ সময়লৈ বা মহাৰাজ নৰনাৰায়ণৰ সময়ৰ পৰা বিমলা প্ৰসাদ চলিহাৰ সময়লৈ ‘পৰিৱৰ্তন’ ইমানেই শামুকীয়া আছিল যে আজিৰ বিশ্বৰ পটভূমিত বিশ্লেষণ কৰিলে সেই শামুকীয়া গতিবেগৰ কোনো উমানেই পোৱা নাযাব। ঊনবিংশ শতাব্দী পৰ্যন্ত ‘পৰিৱৰ্তন’ৰ গতিবেগ ইমান লেহেম আছিল যে এগৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনকালত হয়তো সেই সম্পৰ্কে একো গমকেই নাপাইছিল।

কিন্তু বিংশ শতাব্দীত ইমান দ্ৰুতভাৱে আৰু বিংশ শতাব্দীৰ শেষৰছোৱাৰ পৰা এতিয়ালৈ ইমান দ্ৰুততৰভাৱে পৰিৱৰ্তন হবলৈ ধৰিলে যে কোনো কোনো ক্ষেত্ৰত কল্পনাইও ঢুকি নোপোৱা অৱস্থাৰ উদ্ভৱ হ’ল।

খ্ৰীষ্টপূৰ্ব ৬০০০ চনত দীৰ্ঘ দূৰত্বৰ পথ অতিক্ৰম কৰিবলৈ মানুহে ব্যৱহাৰ কৰা পৰিৱহন ব্যৱস্থাৰ সৰ্বাধিক গতিবেগ আছিল ঘন্টাত আঠ মাইল (উটৰ দ্বাৰা পৰিৱহন)। খ্ৰীষ্টপূৰ্ব ১৬০০ চনত সেই গতিবেগ বৃদ্ধি হৈ , হৈ পৰিল ঘন্টাত বিছ মাইল (ঘোঁৰাৰ দ্বাৰা পৰিৱহন)। অৰ্থাৎ ৪৪০০ বছৰ ধৰি বিশ্বব্যাপী মানৱ সভ্যতাৰ সৰ্বাধিক গতিবেগ আছিল ঘন্টাত ৮ মাইল।

অনুৰূপভাৱে ঘোঁৰাই টনা ৰথৰ গতিবেগো অটুত থাকিল প্ৰায় ৩৫০০ বছৰ পৰ্যন্ত; কাৰণ উন্নতমানৰ ৰেল ইঞ্জিন ১৮৮০ চনত ৰে’লপথত ননমা পৰ্যন্ত ঘোঁৰাক কোনেও চেৰ পেলাবলৈ সক্ষম হোৱা নাছিল। গতিকে ৪৪০০ পৰ্যন্ত ঘন্টাত ৮ মাইল আৰু পিছৰ ৩৫০০ বছৰ পৰ্যন্ত ঘন্টাত ২০ মাইল – এয়াই আছিল পৃথিৱীৰ বক্ষত পৰিৱহনৰ সৰ্বোত্তম গতিবেগ।

camel cart

আজিৰ দিনত বাৰু ভাবিব পাৰিনে যে আমাৰ পূৰ্বপুৰুষৰ পূৰ্বপুৰুষে হাজাৰ হাজাৰ বছৰ ধৰি ঘন্টাত ৮ মাইল/২০ মাইলতেই সন্তুষ্ট হৈ জীৱন নিৰ্বাহ কৰিছিল!

সেই তুলনাত বৰ্তমান সময়ত গতিবেগ ইমান কম সময়ৰ ভিতৰতেই ইমান ক্ষিপ্ৰভাৱে পৰিৱৰ্তন হ’ল যে কল্পনাইও ঢুকি নোপোৱা হ’ল। বিমান, ৰকেট, বুলেট ট্ৰেইন আদিৰ কথা বাদেই দিলো যেনিবা, নতুন ‘ছুপাৰছনিক কাৰ’- “ব্লাডহাউন্ড এছ-এছ-চি”ৰ গতিবেগ হ’ল ঘন্টাত ১০০০ মাইল(১৬০৯ কিলোমিটাৰ)! এয়া হ’ল স্থলভাগত গতিবেগৰ নমুনা।

এনেধৰণৰ বহুতো উদাহৰণ ডাঙি ধৰিব পাৰি। গতিকে এয়া সহজেই অনুমেয় যে পৰিৱহনৰ গতিবেগৰ পৰিৱৰ্তন বাদেই, তাতোকৈ বহু বেছি গতিবেগৰ ‘ইন্টাৰনেট’ৰ সৈতে তাল মিলাই ‘তথ্য-যোগাযোগ প্ৰযুক্তি’ বিপ্লৱে তথ্যৰ মহাবিষ্ফোৰণ সংঘটিত কৰিছে।

ৰোমান দাৰ্শনিক চেনেকাৰ সময়ত বা আইজাক নিউটনৰ সময়ত বিশ্বত যিমানবোৰ পুথিভঁৰাল আছিল আৰু সেইবোৰত থকা গ্ৰন্থসমূহত যিমান তথ্য আছিল – আজি আমাৰ চোলা বা পটলুঙৰ জেপত থকা ‘স্মাৰ্টফোন’টোৱে তাতোকৈ বহু লাখ কোটি গুণ অধিক তথ্য আমাক যোগান ধৰিব পাৰে।

এই মুহুৰ্ততে আমি কাবুলত হোৱা গুলিচালনা, কলম্বোৰ চাৰ্চত হোৱা বিস্ফোৰণ, নিউজিলেণ্ডৰ মছজিদৰ বিস্ফোৰণ, জকাইচুকৰ শেহতীয়া সংবাদ, পুটিনৰ সংবাদমেল, ইত্যাদি নিমিষতে জানিব পাৰো, মাথো স্পৰ্শ কৰিলেই হ’ল।

Horse cart

সেই ‘কিউনিফৰ্ম’ৰ পৰা ‘পেপিৰাছ’, আৰু আমাৰ এই অজান্তি মুলুকত সাঁচিগছৰ বাকলি এৰুৱাই বিশিষ্ট প্ৰণালীৰে সাঁচিপাত তৈয়াৰ কৰি সেই সাঁচিপাতত গৰুমূত, শিলিখা, কেঁহেৰাজ, জামুৰ ছালৰ ৰসেৰে তৈয়াৰ কৰা মহীত জুবুৰিয়াই কাপঢেঁকীয়া, পাখি বা খাগৰিৰ কাপেৰে লিখা দিনবোৰৰ পৰা গুটেনবাৰ্গৰ ছপাশাল আৰু ‘ভ্ৰাম্যমাণ টাইপ’, তাৰপিছত ‘ফ্লপি ডিস্ক’, ‘কম্পেক্ট ডিস্ক’,’ডি-ভি-ডি’,’পেন ড্ৰাইভ’,’দ্য ক্লাউড’…!

আজি তথ্য জমা হৈ থকা স্থানৰ নাম হৈ পৰিছে ‘দ্য ক্লাউড’! প্ৰযুক্তিৰ এটা এটা নতুন ঢৌ আহে আৰু আগৰটোক সমাধিস্থ কৰে- সেয়া অৱধাৰিত। কিন্তু প্ৰত্যেক বিপ্লৱে সমান্তৰালভাৱে ধ্বংসও কৰে। ‘উইকিপেডিয়া’ই ‘এনচাইক্ল’পেডিয়া’ক ধ্বংস কৰিলে, ‘এপ্ছ’এ ‘ভূচিত্ৰাৱলী’ ধ্বংস কৰিলে, ‘এছ-এম-এছ’/’হোৱাট্চ এপ’ আদিয়ে ‘টেলিগ্ৰাম’ ধ্বংস কৰিলে, ‘মোবাইল’এ ধ্বংস কৰিলে….! এতিয়া এয়াই দেখি আছো অহৰহ।

এতিয়া কোনোবা সাৰে আছে নে নিদ্ৰামগ্ন হৈ আছে – তেনে প্ৰশ্নতকৈ প্ৰাসংগিক প্ৰশ্ন হৈছে মানুহ ‘অনলাইন’ত আছে নে ‘অফলাইন’ত আছে, ‘নেটৱৰ্ক’এ ঢুকি পোৱা অৱস্থাত আছে নে ঢুকি নোপোৱা অৱস্থাত আছে! কিন্তু এনে এক অৱস্থাৰ মাজত থাকিও, বা তথ্যৰ মহাসমুদ্ৰত উটি-ভাঁহি থাকি বিভিন্ন মাধ্যমেৰে প্ৰতি পলে অকল্পনীয়ভাৱে বিশাল পৰিমাণৰ তথ্য পাবলৈ সক্ষম হৈছো যদিও – আমি যদি আমাৰ দৃষ্টিভংগী কিছু ‘সংকীৰ্ণ’ কৰোঁ বা গভীৰভাৱে চিন্তা কৰোঁ, আমি হৃদয়াংগম কৰিব পাৰিম যে ভালেমান ক্ষেত্ৰত আমি ভবাতকৈ ওলোটাহে হৈছে। হয়, ই এক নিৰ্মম সত্য।

steme engine

আমাৰ সকলোৰে শৰীৰত থকা এক জটিলতম অংগ হ’ল আমাৰ মগজুটো। আমাৰ মগজুৰ ওজন প্ৰায় ১ কিলোগ্ৰাম, ব্যাস প্ৰায় ১০ চেন্টিমিটাৰ, আৰু আমাৰ দুয়োখন কাণৰ মাজভাগতেই আছে মগজুৰ নিগাজী পামখন। আমাৰ মগজুটোৱে প্ৰতি ছেকেণ্ডত চকুযুৰিৰে ২ গিগাবাইট তথ্য আহৰণ কৰে আৰু সমান্তৰালভাৱে কাণ, নাক, ছাল, জিভাৰে প্ৰতি ছেকেণ্ডত ২০ মেগাবাইট তথ্য আহৰণ কৰে।

তাৰোপৰি মগজুৰ আছে এক অনন্য উপাদান, যাৰ নাম- ‘চেতনা’। গতিকে অতি কম আয়াসেৰেও অনুমান কৰিব পাৰি যে বৰ্তমানৰ পটভূমিত আমাৰ মগজুটোত থকা বিশালাকাৰ গুদামবোৰত বৰ্তমানৰ তীব্ৰবেগৰ পৰিৱৰ্তনৰ পটভূমিত প্ৰতি ছেকেণ্ডত কিমান বিপুল পৰিমাণৰ তথ্য অহৰ্নিশে প্ৰৱেশ কৰিছে, জমা হেছে, নিৰ্দিষ্ট সময়ত স্বয়ংক্ৰিয়ভাৱে উৱলি গৈছে – আমি সজ্ঞানে থকা সময়খিনিত।

তীব্ৰবেগী পৃথিৱীৰ বৰ্তমানৰ তীব্ৰবেগী তথ্য-যোগাযোগ প্ৰযুক্তি বিপ্লৱে প্ৰতি নিমিষতে আমাক বিভিন্ন মাধ্যমেৰে যোগান ধৰা তথা আমি আহৰণ কৰা বিপুল পৰিমাণৰ তথ্য – যিবোৰ জুখিবলৈ আহুকাল, অথচ আমি আমাৰ মগজুৰ গুদামত প্ৰৱেশ কৰিবলৈ দি আছোঁ; সেই বিশাল, মহাবিশাল তথ্যৰ মহাসমুদ্ৰৰ পটভূমিতো প্ৰকৃততে আমি একে সময়তে গভীৰ অন্ধকাৰৰ সমুদ্ৰত ডুবি আছোঁ। এক বিশেষধৰণৰ অজ্ঞানতাৰ যুগৰো আমি বাসিন্দা। তথ্য নিৰুদ্দেশ হোৱা, অভিজ্ঞতা নিৰুদ্দেশ হোৱা এক যুগৰ বাসিন্দা আমি!!

মানুহৰ সকলো প্ৰকাৰৰ বাসনা যদি সীমাহীন ভোগ বিলাসে তৃপ্ত কৰে , তথাপিও হ’ব পাৰে অত্যধিক ভোজন আৰু অপুষ্টিৰ অস্বস্তি। মানুহৰ অক্লান্ত অনুসন্ধিৎসাৰ ফল হ’ল বিজ্ঞান, আৰু জড়জগতখনত পাৰ্থিৱ বৈভৱৰ অন্বেষণত বিজ্ঞানৰ প্ৰয়োগ হোৱা হেতুকে সৃষ্টি হ’ল প্ৰযুক্তিবিদ্যাৰ – যাৰ বাবে আজি আমাৰ জীৱনলৈ আহিছে আমূল পৰিবৰ্তন। এনে আমূল পৰিৱৰ্তনৰ বাবেই বিশ্বৰ কোটি কোটি মানুহ উদ্বুদ্ধ হৈছে পৰিৱৰ্তনৰ বোকোচাত উঠি তীব্ৰ বেগেৰে যাত্ৰা কৰিবলৈ।

google search engine on macbook pro
Photo by Pixabay on Pexels.com

এতিয়া এই যাত্ৰা এনে এক অৱস্থাত উপনীত হৈছে যে এহাতে তথ্যৰ কোবাল সোঁত, আনহাতে পূৰণি তৰাং মন্থৰ সোঁত; এহাতে আমাৰ সতি-সন্তান ‘ছোছিয়েল নেটৱৰ্ক’ত আকন্ঠ নিমজ্জিত, আনহাতে বিচ্ছিন্ন হৈ পৰিছে নিজৰেই মাহী, পেহী, খুৰী,ককা, আইতাকৰ সম্পৰ্কৰ পৰা।

বিশেষজ্ঞসকলে এনেদৰে ক’বলৈ বাধ্য হৈ পৰিছে -‘কাল্পনিক জগতখনত নিজকে নিজে বিলীন কৰি ঘন্টাৰ পিছত ঘন্টা ছ’ছিয়েল মেডিয়া, ৱেব চাট , গেম আদিৰ প্ৰতি হোৱা এনেধৰণৰ আসক্তিক এক বিসংগতিপূৰ্ণ কাৰ্য হিচাপে নিৰ্ণয় কৰাৰ সময় আহি পৰিছে।

২০১৫ চনৰ ছেপ্টেম্বৰত এখন আলোচনীত এক সমীক্ষা প্ৰকাশ কৰি কোৱা হৈছিল যে যুৱচামৰ ৫ জনৰ ভিতৰৰ ২ জনেই ‘স্মাৰ্টফোন’টো হাতত নাথাকিলে উদ্বিগ্ন হৈ পৰে, ৯৬ শতাংশ স্মাৰ্টফোনধাৰীয়ে পুৱা সাৰ পোৱাৰ লগে লগেই অইন কাম-কাজলৈ ভ্ৰূক্ষেপ নকৰি ছ’ছিয়েল মেডিয়াৰ ৰাজ্যত প্ৰৱেশ কৰে, ৮৪ শতাংশই ‘এপ্লিকেশ্বনছ্’বোৰক মনোৰঞ্জনৰ সামগ্ৰী বুলি গণ্য কৰে, ৭০ শতাংশই ই-মেইলবোৰ চাব বা পঢ়িব নোৱাৰিলে জীয়াই থকাটোক অৰ্থহীন বুলি ধাৰণা কৰে!

৫৩ শতাংশই জাগ্ৰত হৈ থকা সময়খিনিত অধিকাংশ সময় ইন্টাৰনেটত ব্যয় কৰে, ৯১ শতাংশই হাতেৰে ঢুকি পোৱা স্থানত স্মাৰ্টফোনটো থৈ দিয়ে, ৯০ শতাংশ মানুহে টেক্স মেচেজ গ্ৰহণ কৰাৰ ৩ মিনিটৰ ভিতৰতেই পঢ়ে, দিনটোৰ ১৬ ঘন্টাত মানুহে গড়ে ১৫০ বাৰ নিজৰ মোবাইলটো টিপে -চায়-খোলে, গড়ে ২৩ বাৰ ‘মেচেজ’ প্ৰেৰণ কৰে বা প্ৰাপ্ত হয়, দিনটোত ‘সময় কিমান হৈছে’ পৰীক্ষা কৰে মোবাইলৰ ঘড়ীত!

forced perspective photography of cars running on road below smartphone
Photo by Matheus Bertelli on Pexels.com

আৰু আন্তৰ্জাতিক ক্ষেত্ৰত যদিও নিজৰ ব্যক্তিগত তথ্য ইন্টাৰনেটযুক্ত কম্পিউটাৰ বা মোবাইলৰ জৰিয়তে ৫০ শতাংশ মানুহে বিতৰণ কৰে, ভাৰতৰ ক্ষেত্ৰত সেই পৰিমাণ হ’ল ৯৩ শতাংশ।

ভাৰতৰ মানুহৰ হাতত আছে ৯৭ কোটি ৮০ লাখ মোবাইল আৰু ১৪ কোটি স্মাৰ্ট ফোনৰ সৈতে ইন্টাৰনেট সংযুক্ত হৈ আছে।

ইয়াৰ উপৰিও আছে ২৪.৩ কোটি সক্ৰিয় ইন্টাৰনেট ব্যৱহাৰকাৰী তথা ১১.৮ কোটি ছ’ছিয়েল মেডিয়াৰ সদস্য। ভাৰতৰ ৮৪ শতাংশ মানুহে বিছনাত মোবাইল ফোন বা স্মাৰ্টফোনটো ৰাখে, ৫৬ শতাংশ মানুহে খাদ্য গ্ৰহণৰ সময়তো স্মাৰ্টফোন ব্যৱহাৰ কৰে, ১৫ শতাংশই গাড়ী চলাওঁতেও ‘টেক্সট’ প্ৰেৰণ কৰে, ৬০ শতাংশই ‘গেম’ আৰু মনোৰঞ্জনৰ বাবে মোবাইল ব্যৱহাৰ কৰে, ৩৩ শতাংশই কৰ্মক্ষেত্ৰৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰে, ৫৫ শতাংশই প্ৰতিদিনে ভিডিঅ’ চায়, ইত্যাদি। তদুপৰি কেতবোৰ নতুন শব্দ কাল্পনিক জগতখনৰ বাসিন্দাসকলক লৈ সৃষ্টি হৈছে ; যেনে……

FOMO : Fear of missing out,

FAD :. Facebook Addiction Disorder,

SELFITIS : Obsession with selfies,

আৰু, Internet Addiction Disorder, Social Media Addiction, Phantom Vibration Syndrome, Game Addiction, Digital Pouting, ইত্যাদি।

এহাতে তথ্যৰ জোৱাৰ, আৰু সেই জোৱাৰত উটি-ভাঁহি থাকোতে উদ্ভৱ হোৱা এশ এটা সমস্যা, আসক্তি, আসক্তিৰ ফলত হোৱা স্নায়ুৰোগ, মানসিক অৱসাদ, উদ্বিগ্নতা আদি ; আৰু আনফালে এক বিৰাট শূণ্যতা, অন্ধকাৰাচ্ছন্ন আমাৰ নিজৰ জগত, আমাৰ আত্মজ্ঞানহীনতা আৰু তাৰ ফলত সৃষ্টি হোৱা দুৰৱস্থা, তথ্য নিৰুদ্দেশ হোৱা — অভিজ্ঞতা নিৰুদ্দেশ হোৱা এখন জগতৰ বাসিন্দা হৈ আমি সৌন্দৰ্যপিপাসা, সৃষ্টিশীলতা, আত্মপ্ৰকাশৰ প্ৰেৰণাৰ পৰা নিজকে বঞ্চিত কৰি জাতিটোক ডাল-দৰিদ্ৰ, পংগু, ধ্বংস কৰিবলৈ আৰম্ভ কৰিছো।

Photo 4 Miranda Choudhury

আমি পাহৰি পেলাবলৈ ধৰিছো ফকৰা যোজনা, পটন্তৰ, ডাকৰ বচন, লোকগীত, বৰগীত, জ্যোতিসংগীত,….!

ব’হাগ বিহুৰ পটভূমিত গৰুক মাহ-হালধি, বেঙেনা-কেৰেলা, থেকেৰা-জাতিলাউৰে জাতিষ্কাৰ কৰি গা ধুৱাই দিয়া দৃশ্য এতিয়া ‘ডিজিটেল’ হৈ পৰিল, ‘ভিডিঅ’ হৈ পৰিল, বিহু হৈ পৰিল বাৰমহীয়া বেঙেনাসদৃশ ‘চেনেল বিহু’, বিহু হৈ পৰিল মঞ্চত প্ৰদৰ্শন কৰা এক বিশেষধৰণৰ বাৰেমিহলি দুৰ্বোধ্য ক’লাজ ; জিলি, আমৰলি পৰুৱাৰ টোপ, কদো-বৰলৰ টোপ, নিংকৰি, উঁইচিৰিঙা, কুঁচিয়া, কেঁকোৰা, মুগাৰ লেটা, গুঁই, কেঁটেলা পহুকে ধৰি বিভিন্ন বিষয়বস্তু আমাৰ মগজুৰ পৰা ‘ডিলিট’ হৈ গ’ল!

‘ডিলিট’ হৈ গ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ বীৰঢাকৰ কথা, লগতে ঢোল, দগৰ, দন্ডি, ভেমচ, ক্ষেমচ, ঝাঝৰ, ৰেমচি, ৰামতাল, কৰতাল, টোকাৰি, কেন্দৰা, ৰুদ্ৰবিপাক, দোতাঁৰা, বীণা, বাঁহী, দোশৰী, মোহৰী, জিজিৰি, কাহালি, শিঙা,ভেৰী, …; ‘ডিলিট’ হৈ গ’ল শিৰপতা, কপালী, জোনবিৰি, ঢোলবিৰি, ঢৰীয়াবিৰি, শিলিখাবিৰি, পাৰচকুৱাবিৰি, লতা-বাখৰুৱা বিৰি, মাদলী, গেজেৰা, দুগদুগী, সাতসৰী, ধোপমণি, গলপতা, চন্দ্ৰহাৰ, আৰু কত কি (!) !

‘ডিলিট’ হৈ গ’ল আধুনিক অসমীয়া সাহিত্যৰ বাট দেখুওৱা যাদুৰাম বৰুৱা, হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, হৰকান্ত শৰ্মা সদৰামিন, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, হৰিবিলাস আগৰৱালা, মাধৱচন্দ্ৰ বৰদলৈ, কমলাকান্ত ভট্টাচাৰ্য্য, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত, দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, বেণুধৰ ৰাজখোৱা, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, আনন্দ চন্দ্ৰ আগৰৱালা, ৰঘুনাথ চৌধাৰী, ডিম্বেশ্বৰ নেওগ, সূৰ্যকুমাৰ ভূঞাকে ধৰি এশ এবুৰি নাম!

rezaul6

ভাৰ্চুৱেল জগতৰ বাসিন্দাসকলে তথ্যৰ মহাসমুদ্ৰৰ মাজত থাকিলেও বঞ্চিত হৈ আছে বৌদ্ধ দোহা, দেহবিচাৰ, শৈৱ গীত, আইনাম, মনসা কাব্য, গোপীচন্দ্ৰৰ গান, শূণ্য পুৰাণ, শ্ৰীকৃষ্ণ কীৰ্তন, প্ৰহ্লাদ চৰিত্ৰ, জনা গাভৰুৰ গীত, সাঁথৰমালা আদিৰ পৰা ; ‘ডিলিট’ হৈ গ’ল নৰকাসুৰ, ভগদত্ত, বাণ, ভাস্কৰবৰ্মন, চুকাফা, বিশ্বসিংহকে ধৰি কামৰূপৰ বুৰঞ্জী, কোচবিহাৰৰ বুৰঞ্জী, চুতীয়া বুৰঞ্জী, হাদিৰাচকী, আলাবৈ, পৃথু, সৰ্বানন্দ সিংহ, ৰণৰাম চৌধুৰী, অসমৰ বুৰঞ্জী আৰু কত কি (!) !

আজিৰ প্ৰজন্মৰ বহুতেই নাজানে অসমৰ নদ-নদীসমূহৰ নাম, জিলাৰ সদৰ, মহকুমা, অসমৰ সীমা, অসমৰ মৰ্মন্তুদ ইতিহাস — কাৰণ তথ্যৰ মহাসমুদ্ৰ আছে, গুগুলালেই হ’ল ! কিন্তু সম্ভৱ হয়নে ? ‘ডিজিটেল বিশ্ব’ৰ ক’ত আছে সেইগৰাকী আইতা — যাৰ উষ্ণ স্পৰ্শৰে ৰোমাঞ্চিত হৈ উঠে আমাৰ সমগ্ৰ সত্তা ? ক’ত আছে সেইজোপা বটবৃক্ষ — যাৰ তলত আমি সমস্বৰে মাতিছিলো নেওতা ?

হাতত বাটলুগুটি লৈ আমি জামুগছ-বগৰীগছলৈ পোনাই যি অভিজ্ঞতা লাভ কৰিছিলো, ক’ত আছে সেই অভিজ্ঞতা, কোনটো ‘Apps’ত ?

ক’ত আজি সেই বিশেষ স্পন্দনৰ সুৰ ? ছিলিকন ভেলীত ! তথ্যৰ জোৱাৰত ?

facebook application icon
Photo by Pixabay on Pexels.com

ভয়াবহভাৱে আমি আজি একে সময়তে এক অন্ধকাৰ যুগৰো বাসিন্দা হৈ পৰিছো। ‘ডিজিটেল’ বা ‘ভাৰ্চুৱেল’ জগতৰ নিকিনা গোলাম হে পৰিছো । আমি হৈ পৰিছো স্বাভিমানহীন আত্মবিস্মৃত সোৰোপা জাতি !

কিন্তু পৰম আশ্বৰ্যৰ বিষয় এয়ে যে আমি আমাৰ নিজৰ বিষয়েই কঠিন বাস্তৱ সত্যৰ ওপৰত চিন্তাৰ পোহৰ নিক্ষেপ কৰিবলৈ দ্বিধাবোধ কৰো আৰু তথ্যৰ যুগত বাস কৰিও তথ্য নিৰুদ্দেশ হোৱাসকলক প্ৰতিনিধিত্ব কৰো।

পুনশ্চ : কিয় জানো ভাব হৈছে — সত্তৰ /আশীৰ দশকত ইন্টাৰনেট/স্মাৰ্টফোন থকাহেতেন , হয়তো ‘অসম আন্দোলন’টোও সম্ভৱপৰ নহ’লহেতেন !

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি
Anjan Sarma

Anjan Sarma

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d