তথ্য-শোষণ নচলিব : আমাৰ তথ্য–আমাৰ অধিকাৰ
অঞ্জন শৰ্মা

আমাৰ ‘ক্লিক’, আমাৰ ‘পোষ্ট’, আমাৰ ‘সন্ধান’–আজিকালি আমাৰ জীৱনযাত্ৰাৰ অনিবাৰ্য অঙ্গ হৈ পৰিছে–নতুন দিল্লীৰ পৰা ছল্ট লেক মহানগৰীলৈ, চাও-পাওলোৰ পৰা ছাংহাইলৈ ৷
ইণ্টাৰনেট হৈ পৰিছে পানী আৰু বিদ্যুতৰ দৰে অপৰিহাৰ্য অদৃশ্য সামগ্ৰী ৷
কিন্তু সাম্প্ৰতিক কালছোৱাত নতুন সাম্ৰাজ্যবাদী হৈ পৰা বিশাল বিশাল প্ৰযুক্তি নিৰ্ভৰ কোম্পানীসমূহে আপোনাৰ, মোৰ, আমাৰ সকলোৰে ব্যক্তিগত তথ্যসমূহ নিজৰ লাভৰ বাবে ব্যৱসায়ৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে ৷
২০২৫ চনত বিশ্বৰ ৮২% জনসংখ্যা বা লোক তথ্য-গোপনীয়তা আইনৰ আওতাত থাকিলেও তথ্য-শোষণ আৰু বিতৰণৰ যুদ্ধখন, কিম্বা আন্তৰ্জাতিক ব্যৱসায়খন এতিয়াও ভালদৰেই চলি আছে৷
ভাৰতৰ পৰিৱৰ্তশীল ডিজেটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন আইন (UPDPA) পৰা আমেৰিকাৰ ইউটা (Utah)ৰ ২০২৫ চনৰ নতুন গোপনীয়তা আইনখনলৈ, বিভিন্ন বিধি-বিধানে নাগৰিকসকলক শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে, ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰি আছে ৷

কিন্তু এতিয়া সময় সমাগত–নাগৰিকে, নতুন ডিজিটেল বিশ্বৰ নাগৰিকে নিজৰ ডিজিটেল অধিকাৰৰ বাবে যুঁজিব লাগিব; সকলোৱে নিজৰ স্বাধিকাৰ ৰক্ষা কৰিবলৈ যুঁজিব লাগিব৷
আমাৰ তথ্য কিয় গুৰুত্বপূৰ্ণ? এনে প্ৰশ্নৰ উত্তৰ হিচাবে ক’ব লাগিব যে আমাৰ সকলোৰে ব্যক্তিগত তথ্য–যেনে স্বাস্থ্য সম্পৰ্কীয় তথ্য, আৰ্থিক তথ্য, ব্যক্তিগত তথ্য, আৰু ব্যক্তিগত বিশ্বাস, সপোন, পৰিকল্পনা–আজিকালি ডিজিটেল চন্দুকত সোমাই থাকে; আৰু আমি বিশ্বাস কৰো যে সেইসমূহ অতি নিৰাপদে আছে ৷ কিন্তু আছেনে?
“সামাজিক মাধ্যমৰ এলগ’ৰিদম (ক’লন গণিতৰ অন্তৰ্গত)ৰ তীব্ৰবেগী ছন্দময় অদৃশ্য নৃত্যৰ তালে তালে তাল মিলাওতে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ মন-মগজুত ড’পানিমেও নৃত্য কৰিবলৈ ধৰে আৰু তাৰ ফলত বিশ্বৰ প্ৰতি ৪ জনৰ ভিতৰত এজন উদ্বেগ-হতাশা আদিৰ চিকাৰ হয়৷ ২০২৫ চনৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ (World Health Organisation বা WHO)ৰ প্ৰতিবেদনত সেয়াই প্ৰতিফলিত হৈছে ৷
“এয়াও প্ৰতিফলিত হৈছে যে দুৰ্বল তথ্য পদ্ধতিয়ে আমেৰিকাৰ পৰা ভাৰত উপ-মহাদেশ পৰ্যন্ত নিৰ্বাচন আদিত অপ্ৰীতিকৰ সংঘৰ্ষ, বিদ্বেষ, পাৰস্পৰিক অবিশ্বাস আদি ক্ষেত্ৰত অকল্পনীয় অৰিহণা যোগায়৷”
শক্তিশালী সুৰক্ষা অবিহনে আমাৰ তথ্যসমূহ বিশাল বিশাল কোম্পানীসমূহক যোগান ধৰা হয় ধনৰ বিনিময়ত, আৰু সেই তথ্যসমূহৰ দ্বাৰা আমাৰ পছন্দক প্ৰভাৱিত কৰা হয়, চৰকাৰৰ নিৰীক্ষণ বৃদ্ধি তথা গভীৰ হয়, আৰু ‘হেকাৰ’ৰ বাবে শোষণৰ হাতিয়াৰ হৈ পৰে ৷
২০২৫ চনত ‘পিউ ৰিচাৰ্ছ চেণ্টাৰ’ (Pew Research Centre)ৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছে যে বিশ্বৰ ৭৯% ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে নিজৰ তথ্যৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কম বুলি অনুভৱ কৰে, ৫৯% ব্যৱহাৰকাৰীয়ে পৰিচয় চুৰি হ’ব বুলি আশংকা কৰে ৷
ভাৰতৰ ৯০ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী বা ইউটা (Utah)ৰ ৩০ লাখ ইণ্টাৰনেট ব্যৱহাৰকাৰী অথবা টাইৱানৰ ২২ নিযুত ব্যৱহাৰকাৰীৰ বাবে এয়া এক গভীৰ উদ্বেগৰ বিষয়৷ সামাজিক মাধ্যমৰ এলগ’ৰিদম (ক’লন গণিতৰ অন্তৰ্গত)ৰ তীব্ৰবেগী ছন্দময় অদৃশ্য নৃত্যৰ তালে তালে তাল মিলাওতে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ মন-মগজুত ড’পামিনেও নৃত্য কৰিবলৈ ধৰে আৰু তাৰ ফলত বিশ্বৰ প্ৰতি ৪ জনৰ ভিতৰত এজন উদ্বেগ-হতাশা আদিৰ চিকাৰ হয়৷
২০২৫ চনৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ (World Health Organisation বা WHO)ৰ প্ৰতিবেদনত সেয়াই প্ৰতিফলিত হৈছে৷ এয়াও প্ৰতিফলিত হৈছে যে দুৰ্বল তথ্য পদ্ধতিয়ে আমেৰিকাৰ পৰা ভাৰত উপ-মহাদেশ পৰ্যন্ত নিৰ্বাচন আদিত অপ্ৰীতিকৰ সংঘৰ্ষ, বিদ্বেষ, পাৰস্পৰিক অবিশ্বাস আদি ক্ষেত্ৰত অকল্পনীয় অৰিহণা যোগায়৷
২০২৫ চনৰ এডেলমেন ট্ৰাষ্ট বেৰ’মিটাৰ অনুসৰি (Edelman Trust Barometer) কেৱল ৩০% লোকেহে ‘টেক্ কোম্পানীৰ তথ্যসমূহক বিশ্বাস কৰে৷ এয়া আজিৰ সময়ৰ দাবী যে গোপনীয়তা কেৱল অধিকাৰ নহয়–ই হল আজিৰ ডিজিটেল যুগত স্বাধীনতা আৰু বিশ্বাসৰ ভিত্তি৷
২০২৩ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতত কাৰ্যকৰী কৰা ‘ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন আইন’ (DPDPA) ভাৰত উপ-মহাদেশৰ ১৪০ কোটি মানুহৰ বাবে এক ঐতিহাসিক পদক্ষেপ৷ ২০১৭ চনৰ পুট্টাস্বামী ৰায় (২০১৭ Puttaswamai Judgement) ৰ দ্বাৰা গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা ভিত্তিত–সেই ৰায়ে ভাৰত উপমহাদেশৰ বাসিন্দাক আইনৰ আওতাত সুমুৱাই লৈ প্ৰক্ৰিয়াকৃত সকলো ডিজিটেল ব্যক্তিগত তথ্যক ৰক্ষণাবেক্ষণ দিয়ে৷

আমি ইয়াৰ আধাৰত নিজৰ তথ্য সংশোধন কৰা, মচি পেলোৱা, বা মৃত্যুৰ পিছত তথ্য পৰিচালনাৰ বাবে অইন কাৰোবাক মনোনীত কৰিব পাৰে৷ টেক্ কোম্পানীবোৰে ভাৰতবৰ্ষৰ ২২টা সাংবিধানিক ভাষাৰ যিকোনো এটা ভাষাৰ ক্ষেত্ৰত স্পষ্ট সন্মতি লাভ কৰিব লাগিব, তথ্য ব্যৱহাৰ সীমিত কৰিব লাগিব, আৰু ৭২ ঘণ্টাৰ ভিতৰত তথ্যৰ গোপনীয়তা ভংগৰ বিষয়ে ‘ডাটা প্ৰটেকশ্যন বোৰ্ড অফ ইণ্ডিয়া’ (DPBI)ক জনাব লাগিব; প্ৰতিটো ভংগৰ বাবে ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে৷
২০২৫ চনৰ ৩ জানুৱাৰী তাৰিখে প্ৰকাশিত খচৰা DPOP নিয়মে এই পৰিকাঠামো উন্নত কৰি ‘ডাৰ্ক পেটাৰ্ণ’ নিষিদ্ধ কৰে (In the context of the Digital Personal Data Protection Act (DPDP), ‘dark patterns’ are deceptive design practices that manipulate user behaviour in online interfaces. These patterns aim to mislead users …) আৰু ১৮ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰী কিশোৰ-কিশোৰীৰ বাবে অভিভাৱকৰ সন্মতি বাধ্যতামূলক কৰে৷
অইন আইনৰ দৰে নহয়, DPDP-এ কেৱল ডিজিটেল তথ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু সন্মতিক অগ্ৰাধিকাৰ দিয়ে তথা আন্তঃৰাষ্ট্ৰীয় তথ্য স্থানান্তৰৰ ক্ষেত্ৰত নমনীয় নিয়ম প্ৰৱৰ্তন কৰে৷ ২০২৫ চনৰ এটা X সমীক্ষাত দেখা গৈছে যে ভাৰতবৰ্ষৰ ৭৮ণ ব্যৱহাৰকাৰীয়ে শক্তিশালী গোপনীয়তা আইনৰ সমৰ্থন কৰে৷ কিন্তু কিছুমানে DPBI ৰ স্বাধীনতা আৰু RTI আইনৰ সংশোধনীৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে৷
এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি যে আমেৰিকাৰ ইউটা (Utah) ৰ ২০২৫ চনৰ নতুন গোপনীয়তা ৰক্ষা আইনখনেৰে সমগ্ৰ বিশ্বক নেতৃত্ব প্ৰদান কৰিছে ৷
ইউটাৰ SB 142 আইন (This Utah Bill ১৪২ enacts provisions governing App store operations and creates requirements for age verification and parental consent. Utah Gov. Spencer Cox signed the bill) অনুসৰি ‘‘এপ ষ্ট’ৰ’’বোৰৰ ক্ষেত্ৰত বয়স পৰীক্ষা আৰু অভিভাৱকৰ সন্মতিৰ দায়িত্ব অৰ্পণ কৰি সামাজিক মাধ্যমৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোগ কৰিছে ৷

তাৰোপৰি HB 418 ৰ জৰিয়তে ইউটাৰ গ্ৰাহক তথ্য গোপনীয়তা আইনত ‘সংশোধনৰ অধিকাৰ’ যোগ কৰিছে আৰু নাবালকৰ বাবে ‘ডিফল্ট গোপনীয়তা ছেটিং’-অৰ দৰে কঠোৰ ছ’চিয়েল মেডিয়া ভিত্তিক বাধ্যবাধকতা প্ৰৱৰ্তন কৰিছে ৷
২০২৪ চনৰ ৰ অক্টোবৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা সামাজিক মাধ্যম সংশোধনী (SB 194, HB 464) ৰ দ্বাৰা বয়স নিশ্চিতকৰণৰ প্ৰয়োজন আৰু নাবালকৰ পৰা তথ্য-সংগ্ৰহৰ ক্ষেত্ৰত সীমাৱদ্ধতা আৰোপ কৰা হৈছে – মানসিক স্বাস্থ্যৰ ক্ষতিৰ বাবে ব্যক্তিগতভাৱে অভিযোগ ৰুজু কৰিব পৰা অধিকাৰৰ সৈতে৷
ওপৰত উল্লেখ কৰা ইউটাৰ পদক্ষেপ বা অন্যান্য দেশৰ এনে ধৰণৰ গোপনীয়তা ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ অনন্য; কিন্তু সকলোৰে লক্ষ্য একেই– আমাৰ তথ্যৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ৷ এইক্ষেত্ৰত ইউৰোপৰ HDPR (২০১৮ চনৰ], আমেৰিকাৰ CCPA/CPRA [২০২০/২০২৩], চীনৰ PIPL [২০১৮], ব্ৰাজিলৰ LGPD [২০২০] উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে৷
গতিকে নিজৰ তথ্যৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ তথা অধিকাৰৰ বাবে সজাগ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ তথ্য, আমাৰ অধিকাৰ৷
নিজৰ শক্তি সম্পৰ্কে অৱহিত হৈ আমি আজি অধিক স্বচ্ছতাৰ দাবী কৰা উচিত৷ নতুন সাম্ৰাজ্যবাদী টেক্ কোম্পানীবোৰৰ ধন আছে, কিন্তু আমাৰ হাতত অধিকাৰ আছে, সংকল্প আছে৷ ইণ্টাৰনেট জনসাধাৰণৰ সম্পদ হ’ব লাগে, কৰ্পৰেটৰ উপনিৱেশ নহয়৷ আমাৰ তথ্যক লৈ অইনে ব্যৱসায় চলাই যাব নোৱাৰিব–সজাগ হওক৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.