• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

তন্ময়ত্ব

-অনুবাদঃ অঞ্জন শৰ্মা

by Anjan Sarma
June 23, 2021
in Special Report
Reading Time: 3 mins read
0
তন্ময়ত্ব
Share on FacebookShare on TwitterShare on LinkedIn

-অনুবাদঃ অঞ্জন শৰ্মা |

[সচল বিশ্বনাথ শ্ৰীত্ৰৈলঙ্গস্বামীৰ তত্ত্ববোধ]

[ শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজ আছিল অসাধাৰণ মহাপুৰুষ। অসামান্য ত্ৰিকালদৰ্শী। সেই অসাধাৰণ মহাপুৰুষজনাৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ আছে।  তেওঁৰ শ্ৰীমুখনিঃসৃত অমৃতময়  কথাসমূহৰ যৎকিঞ্চিৎ তেওঁৰ অন্যতম তথা অন্তিম গৃহস্থ  শিষ্য উমাচৰণ মুখোপাধ্যায়ে সংগ্ৰহ কৰি লিখি উলিয়াইছিল। তাৰে এক দুৰ্লভ লেখা ‘তন্ময়ত্ব’ অধ্যায়টোৰ অসমীয়া ভাঙনি তলত ডাঙি ধৰিলো]

                       || তন্ময়ত্ব ||

জীৱনৰ প্ৰত্যেক সময় এটি এটি কাৰ্যৰ বাবে নিৰ্দিষ্ট কৰা আছে। মানৱ জীৱনৰ সেই সময় অনুসৰি কাৰ্যৰ অনুষ্ঠান কৰা উচিত। অৱশ্যে এক নিৰ্দিষ্ট সময়ৰ কাৰ্য যে অইন সময়ত নহয়, তেনে কথাও নাই। এক বয়সত যি কাৰ্য নিৰ্দিষ্ট কৰা আছে, সেই কাৰ্য অইন বয়সতো সম্পন্ন হ’ব পাৰে। সময় অনুযায়ী  কাৰ্য কৰিলে সেই কাৰ্য কেতিয়াও বিফল নহয়, কিন্তু অসময়ত কাৰ্য কৰিলে সেই কাৰ্য প্ৰায়েই বিফল হয়, দুই – এটা সফল হ’লেও সম্পূৰ্ণ নহয়, কিয়দংশ মাত্ৰ হয়। যোগৰ সময় বাৰ্দ্ধক্য, যেতিয়া চিত্তত কোনো কুভাৱ উদিত নহয়, মানুহৰ ইন্দ্ৰিয়বোৰ শিথিল হৈ পৰে, আৰু সেই সময়ত যোগৰ বাবে বা উপাসনাৰ বাবে উপযুক্ত হয়। যৌৱনত উত্তেজিত বৃত্তিসমূহ প্ৰতিনিবৃত্ত কৰাৰ ক্ষমতা যাৰ আছে, তেওঁও যোগশিক্ষাৰ বাবে উপযুক্ত। যৌৱনত প্ৰবৃত্তিক নিবৃত্ত কৰিব পাৰিলেই যোগশিক্ষাৰ উপযুক্ত হৈ পৰে।

যোগ সাধন কৰা মুঠেও সহজ কথা নহয়, যোগ শব্দই তন্ময়। এই তন্ময়ত্ব ভাব হৃদয়ত নহ’লে যোগশিক্ষা নহয়, হ’লেও কোনোপ্ৰকাৰৰ কাৰ্যকৰী নহয়। যদি তন্ময় হ’ব পৰা যায়, যদি ঈশ্বৰ আৰু তোমাৰ মাজত কোনো প্ৰভেদ পৰিলক্ষিত নহয়, তেনেহ’লে তুমি যোগশিক্ষাৰে সুফল পাবা আৰু তুমিয়েই যোগশিক্ষাৰ প্ৰকৃত অধিকাৰী। যোগ সম্বন্ধীয় যিমান নিয়ম আছে, তাৰে ভিতৰত ষট্-চক্ৰ ভেদ সৰ্বপ্ৰধান। ষট্-চক্ৰ ভেদ কৰিব পাৰিলে অইন কোনো সাধনাৰ প্ৰয়োজন নাই। কেৱলমাত্ৰ ষট্-চক্ৰ ভেদ কৰিব পাৰিলে স্বৰ্গৰাজ্য অধিকাৰ কৰিবলৈ সমৰ্থ হয়। ষট্-চক্ৰ যোগ শাস্ত্ৰৰ সৰ্বপ্ৰধান। যিসকলে ষট্-চক্ৰ ভেদ কৰিব পাৰে, নিৰ্বাণমুক্তি তেওঁলোকৰ বাবে অতি সহজ। ষট্-চক্ৰ ভেদ কৰি সেই চিদানন্দ স্বৰূপ পৰমব্ৰহ্মক সাক্ষাৎ কৰিবলৈ হ’লে, মানসিক যিমানবোৰ বৃত্তিৰ প্ৰয়োজন – তাৰে বিন্দুমাত্ৰ ব্যতিক্ৰমতো সেয়া সাধিত নহয়। উপযুক্ত ব্যক্তিয়ে বিনা চেষ্টাৰেই ষট্-চক্ৰ ভেদ কৰিব পাৰে। আগতে ষট্-চক্ৰ কি, সে‌য়া গম পোৱা আৱশ্যক, তাৰ পিছত হে ষট্-চক্ৰ ভেদ কৰিবলৈ চেষ্টা কৰা উচিত আৰু তেতিয়াহে তাৰ মহত্ব তথা আৱশ্যকতা বুজিব পৰা যায়।

জীৱদেহত অন্নময় কোষ অৱলম্বন কৰি মনোময় কোষ ; মনোময় কোষ অৱলম্বন কৰি প্ৰাণময় কোষ ; প্ৰাণময় কোষ অৱলম্বন কৰি বিজ্ঞানময় কোষ ; বিজ্ঞানময় কোষ অৱলম্বন কৰি আনন্দময় কোষৰ অৱস্থান। আঙুলিৰ সদৃশ জীৱাত্মাই এই আনন্দময় কোষক অৱলম্বন কৰি অৱস্থান কৰে। এই অৱস্থান চাৰিটা অৱস্থাত নিষ্পন্ন হয়। প্ৰথম বৈশ্বানৰ, ই শৰীৰস্থ হৈ চালনা কৰে, ইয়েই জীৱৰ চেতনাৱস্থা; দ্বিতীয় অৱস্থা তৈজস, ই জীৱৰ স্বপ্নাৱস্থা; তৃতীয় প্ৰজ্ঞা, ই জীৱৰ নিদ্ৰাৱস্থা; চতুৰ্থ ব্ৰহ্ম, সকলো প্ৰাণীতে সৰ্বাৱস্থাতে ব্ৰহ্ম জীৱৰ শৰীৰত যে থাকে সেয়া জ্ঞাত হোৱা। এই চতুৰ্বিধ অৱস্থা অ, উ, ম আৰু ওম্ মন্ত্ৰৰে সাধিত হয়। নাড়ীবোৰৰ মাজত নিৰন্তৰ যি বায়ুৰাশি প্ৰবাহিত হৈ থাকে, তাকেই অৱলম্বন কৰি পঞ্চবায়ুৰ অৱস্থান। এইবোৰৰ মাজেৰে নাড়ীৰ প্ৰধান সুষুন্মা অন্তৰৰ ঊৰ্দ্ধৰ পৰা উৎপন্ন হৈ মস্তিষ্কৰ ভিতৰেৰে কেশমূল পৰ্যন্ত প্ৰলম্বিত। এই নাড়ীত প্ৰৱেশ কৰি জ্ঞান আৰু আনন্দময় অন্তৰাকাশত পদুমৰ দৰে গুহাৰ মাজত আত্মাই বাস কৰে। ভূৰ্ভূবঃ প্ৰভৃতি তাতেই অৱস্থিত। এই ষট্-চক্ৰ ভেদ কৰি নাড়ীপ্ৰধান সুষুন্মাৰ মাজত সংযমিত আত্মাক প্ৰৱেশ কৰাই সেই সচ্চিদানন্দৰ সৈতে মিলন ঘটোৱা হয় আৰু ইয়াকেই ষট্-চক্ৰভেদ বোলা হয়।

কঠিন যোগতকৈ আপেক্ষিকভাবে সৰল যোগে সহজে আৰু অধিক ফল প্ৰদান কৰে। কঠিন যোগ শাৰীৰিক আৰু মানসিক শিক্ষা ; সৰল যোগ কেৱলমাত্ৰ মানসিক শিক্ষা। মানসিক শিক্ষা সমাধা হ’লে শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা নাই। কঠিন যোগ কুম্ভক, বিকুম্ভক, আনুমীন, উৎক্ৰান্তি আৰু দাষ্টি। সৰল যোগ সত্য, সৎ আৰু নিৰ্বিকাৰ। সৰল যোগ সহজসাধ্য আৰু সাধাৰণৰ বাবে গ্ৰহণযোগ্য। কঠিন যোগ সাধন সাধাৰণৰ ভাগ্যত নঘটে। সৰল যোগ শিক্ষাৰ বাবে অৰণ্যবাস, কায়িক ক্লেশ আদি গ্ৰহণ কৰিব নালাগে, কেৱলমাত্ৰ চিত্তবৃত্তি নিজৰ বশীভূত আৰু সৎমাৰ্গত অনুগমন কৰাবৰ ক্ষমতা হ’লেই তাৰ দ্বাৰা মহাফল লাভ কৰিব পাৰি। কায়িক ক্লেশ, তীৰ্থ পৰিভ্ৰমণ, উপবাস আদিৰ প্ৰয়োজন নহয়, যদিহে চিত্তত চিন্ময় মূৰ্তি প্ৰতিফলিত কৰিব পৰা যায়। সদবৃত্তিৰ আলোচনাৰ দ্বাৰা আৰু সদবৃত্তিৰ অনুশীলনৰ যি সুফল, তীৰ্থস্থান পৰিভ্ৰমণৰ দ্বাৰা সেয়া নহয়। মন পৰিশুদ্ধ হ’লে, জীৱ আত্মশুদ্ধ হ’লে, চিত্ত নিৰ্মল হ’লে, নিজৰ হৃদয়তে সকলো তীৰ্থস্থান পৰিদৰ্শন কৰিবলৈ সমৰ্থ হয়। যাবতীয় তীৰ্থস্থান মানৱৰ শৰীৰতে আছে। গঙ্গা নাকত, যমুনা মুখত, বৈকুণ্ঠ হৃদয়ত, বাৰাণসী কপালত, হৰিদ্বাৰ নাভিত ইত্যাদি স্বৰ্গ, মৰ্ত্ত্যৰ যাৱতীয় তীৰ্থস্থান মানৱশৰীৰতে আছে।  যি পুৰীত প্ৰৱেশ কৰিলে কোনো প্ৰকাৰৰ কুন্ঠা, অৰ্থাৎ সংকোচ নহয়, সেয়াই বৈকুণ্ঠ। পাপ আশংকাৰ মূল। যি পাপী, সি সকলো কৰ্মতেই সঙ্কুচিত হৈ থাকে, যি নিষ্পাপ – তেওঁৰ কোনো শংকা নাই। সৰ্বদাই যি কুন্ঠাশূণ্য, তেওঁ বৈকুণ্ঠপুৰী গমনৰ অধিকাৰী। তেওঁৰ হৃদয়ত চিৎস্বৰূপ আনন্দময় সৎস্বৰূপ বৈকুন্ঠনাথ বিৰাজিত।

বৈকুণ্ঠ, অৰ্থাৎ হৃদয়ৰ নিম্নত, ইড়া আৰু পিঙ্গলা নাড়ী অথবা চন্দ্ৰ আৰু সূৰ্য অৰ্থাৎ গঙ্গা আৰু যমুনাৰ সঙ্গম। এই সঙ্গমত স্নান কৰিব পাৰিলে জীৱৰ সকলো পাপ ধ্বংস হয়। গঙ্গা-যমুনা সঙ্গম হৃদয়ৰ নিম্নত, ইড়া আত্মজ্ঞান আৰু পিঙ্গলা বিবেক নামেৰে কথিত। গঙ্গাৰ সৈতে যমুনাৰ যিধৰণৰ সম্পৰ্ক, ইড়া আৰু পিঙ্গলাৰো একেধৰণৰ সম্পৰ্ক; পিঙ্গলা, অৰ্থাৎ বিবেকৰ পৰা ইড়া বা আত্মজ্ঞানৰ উৎপত্তি, মনক এই পিঙ্গলা পথত প্ৰৱেশ কৰাই ক্ৰমশঃ নিবৃত্তিৰ দ্বাৰা ইড়াত সন্মিলিত কৰাব লাগে। পিছলৈ, ইড়া আৰু পিঙ্গলাৰ য’ত সংযোগ হৈছে, অৰ্থাৎ যি স্থানত আত্মজ্ঞান আৰু বিবেক একত্ৰিত হৈছে, মনক সেই স্থানত স্নান কৰালে , অৰ্থাৎ মনক আত্মজ্ঞানৰূপী সলিলত নিমজ্জিত কৰালেই মহাফল লাভ কৰিব পাৰি।যাৰ আত্মজ্ঞান জন্মে, তেওঁৰ বাবে যোগ অতিশয় সহজসাধ্য। আত্মজ্ঞান লাভেই যোগৰ মূল কাৰণ। এই আত্মজ্ঞান লাভৰ বাবেই যোগশিক্ষা কৰিব লাগে। তাৰবাবে গৃহত্যাগ বা অৰণ্যবাসৰ কোনো আৱশ্যক নাই। এনে কিছুমান নিয়ম আছে যিবোৰ কেৱলমাত্ৰ চিন্তা আৰু সেইমতে আচৰণ কৰিব পাৰিলে যোগৰ ফল আৰু আত্মজ্ঞান লাভ কৰিব পৰা যায়। আত্মজ্ঞান লাভে কৰিবলৈ অইন কোনো কঠিন সাধনাৰ প্ৰয়োজন নহয়, কেৱল সেইবোৰৰ অনুধ্যান কৰিলে যোগৰ ফল লাভ কৰিব পাৰি, এইবোৰকেই সৰল যোগ বোলা হয়। যোগৰ ফল লাভ কৰিবলৈ হ’লে, যিবোৰ বৃত্তি নিৰোধ কৰিবলৈ একান্ত প্ৰয়োজন হয়, সেইবোৰ সংসাধিত নহ’লে যোগৰ ফল প্ৰাপ্ত নহয়। সেই নিয়ম আৰু আকাৰসমূহ নিয়মাৱলীত স্থান পাইছে। তেনেদৰে আচৰণ আৰু হৃদয়ত সেইদৰে ভাব গ্ৰহণত সমৰ্থ হ’লে নিশ্চয় যোগৰ ফল লাভ কৰিব পাৰি।

নিয়মাৱলী এনেধৰণৰঃ

১.  অসন্তুষ্ট ব্যক্তিয়ে কাকো সন্তুষ্ট কৰিব নোৱাৰে; সৰ্বদাই যিয়ে সন্তুষ্ট হৈ থাকে, তেওঁ সকলোকে প্ৰফুল্ল কৰিব পাৰে।

২.  পাপ-কথা ক’বলৈ জিভা সততে তৎপৰ হেতুকে জিভাক সংযত কৰি ৰাখিব লাগে।

৩.   সকলো অনৰ্থৰ মূল হ’ল এলাহ, যত্নপূৰ্বক এলাহ ত্যাগ কৰিবা।

৪.   সংসাৰ হ’ল ধৰ্ম-অধৰ্মৰ পৰীক্ষাৰ স্থল, সাৱধান হৈ ধৰ্মাধৰ্ম পৰীক্ষা কৰি কাৰ্য অৱলম্বন কৰিবা।

৫.   কোনো ধৰ্মক অশ্ৰদ্ধা নকৰিবা, সকলো ধৰ্মই সাৰ আৰু অৱশ্যেই সত্য নিহিত হৈ থাকে।

৬.   দুখীয়াক দান কৰিবা, ধনীক দান কৰা বৃথা, কাৰণ তাৰ আৱশ্যকেই নাই, আৰু সেইবাবে ধনী আনন্দিত নহয়।

৭.   সৎ ব্যক্তি – সাধু ব্যক্তি সহবাসেই স্বৰ্গ, অসৎ সঙ্গ নৰকবাসৰ মূল।

৮.   আত্মজ্ঞান, সৎপাত্ৰত দান আৰু সন্তোষ আশ্ৰয় কৰিলেই মোক্ষপ্ৰাপ্তি হয়।

৯.   যিজনে শাস্ত্ৰ পাঠ কৰি শাস্ত্ৰৰ মৰ্ম উপলব্ধি কৰা সত্বেও শাস্ত্ৰানুষ্ঠান নকৰে, তেওঁ পাপীতকৈও অধম।

১০.   যিকোনো কাৰ্যৰ মূলতে ধৰ্ম থাকিলেহৈ সিদ্ধি লাভ কৰিব পাৰি।

১১.   কেতিয়াও কাকো হিংসা নকৰিবা, সৎ আৰু অসৎ উদ্দেশ্য লৈ কোনো প্ৰাণী বধ নকৰিবা।

১২.  যি ব্যক্তিয়ে পাপ-কলঙ্ক প্ৰক্ষালিত নকৰি, মিতাচাৰী আৰু সত্যানুৰাগী নহৈ, ৰঙীণ বস্ত্ৰ পিন্ধি ব্ৰহ্মচাৰী হয় – তেনে ব্যক্তি ধৰ্মৰ কলঙ্কস্বৰূপ।

১৩.   চাল বা ছাদ নোহোৱা ঘৰত যিদৰে বৰষুণৰ পানী পৰে, চিন্তাহীন মনতো সেইদৰে ৰিপুসমূহে প্ৰৱেশ কৰে।

১৪.   পাপী লোকে ইহকালত অনুতাপত দগ্ধ হয়, যেতিয়াই নিজৰ কুকাৰ্যৰ বিষয়ে মনত পৰে – তেতিয়াই পাপীৰ প্ৰাণত অনুতাপ জাগি উঠে।

১৫.   (ক) চিন্তাশীলতা অমৰত্ব লাভৰ পথ, চিন্তাহীনতা মৃত্যুৰ পথ; (খ) গৰ্বিত ন’হবা, কাম উপভোগৰ চিন্তা নকৰিবা।

১৬.   শত্ৰুই শত্ৰুৰ যিমান ক্ষতিসাধন কৰিব নোৱাৰে, কুপথগামী মনে তাতকৈ বহু বেছি অনিষ্ট কৰিব পাৰে।

১৭.   মৌ-মাখিয়ে যিদৰে ফুলৰ সৌন্দৰ্য আৰু সুগন্ধিৰ অপচয় নকৰি মৌ সংগ্ৰহ কৰে, তুমিও সেইদৰে পাপত লিপ্ত নোহোৱাকৈ জ্ঞান লাভ কৰিবা।

১৮.   এই পুত্ৰ সন্তান মোৰ, এই ঐশ্বৰ্য মোৰ – অতি অজ্ঞানী লোকে এনেদৰে চিন্তা কৰি ক্লেশ পায়। তেওঁ নিজেই নিজৰ নহয়, পুত্ৰ বা সম্পত্তি কিদৰে নিজৰ হ’ব পাৰে?

১৯.   অতি কম মানুহেই সিপাৰলৈ যাব পাৰে, অধিকাংশ মানুহে ধৰ্মৰ ঢং ধৰি পাৰত দৌৰা দৌৰি কৰি থাকে।

২০.   সংগ্ৰামত যি ব্যক্তিয়ে লক্ষজনক জয় কৰিছে সেই ব্যক্তি প্ৰকৃত বিজয়ী নহয়। যিজনে নিজকে জয় কৰিব পাৰিছে, তেওঁহে  প্ৰকৃত বিজয়ী।

২১.    পাপে তোমাক আক্ৰমণ নকৰে বুলি ভাবি নিশ্চিন্ত হৈ নাথাকিবা। টোপ টোপ পানী পৰি পৰি কলহ পানীৰে পূৰ্ণ হয়, নিৰ্বোধ লোকেও সেইদৰে পাপী হৈ পৰে।

২২.   কাকো কৰ্কশ কথা নকবা; কৰ্কশ কথা ক’লে কৰ্কশ কথা শুনিব লাগিব। আঘাত কৰিলে আঘাত সহ্য কৰিবও লাগিব। কন্দুৱালে কান্দিবও লাগিব।

২৩.   যিসকলে বাসনা জয় কৰিব পৰা নাই –  উলঙ্গ দেহ, জঁটা ধাৰণ, ভস্ম লেপন, উপবাস, মাটিত শয্যা আদিয়ে তেওঁলোকৰ মন পৱিত্ৰ কৰিব নোৱাৰে।

২৪.   অইনক যেনে সদুপদেশ দিয়া, তুমি নিজেও তেনে হোৱা। যি নিজকে বশীভূত কৰিব পাৰিছে, তেওঁ অইনকো বশীভূত কৰিব পাৰে, কেৱল নিজক বশীভূত কৰাহে কঠিন।

২৫.   পাপ আৰু পূণ্য নিজৰ কৃতকৰ্ম, এজন ব্যক্তিয়ে অইন এজনক পৱিত্ৰ কৰিব নোৱাৰে।

২৬.  এই জগৎ হ’ল পানীৰ বুদ্বুদ, মৰীচিকা, যিজনে এই জগতক তুচ্ছ বুলি জ্ঞান কৰিব পাৰে, মৃত্যুই সেইজনক দেখা নাপায়।

২৭.   প্ৰচন্ড বেগত গতি কৰা গাড়ীৰ দৰে উত্তেজিত ক্ৰোধক যিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ প্ৰকৃত সাৰথি; অইন লোকে কেৱল লেকামদাল হে হাতত লৈ থাকে।

২৮.   প্ৰেমৰ বলেৰে ক্ৰোধ জয় কৰা, মঙ্গলৰ দ্বাৰা অমঙ্গল জয় কৰা, নিঃস্বাৰ্থতাৰ দ্বাৰা স্বাৰ্থ জয় কৰা আৰু সত্যৰ দ্বাৰা মিছাক জয় কৰা।

২৯.   গুৰুৱে যি উপদেশ দিয়ে, মনোযোগে দি শুনিবা আৰু পালন কৰিবা।

৩০.   বৃথা বাক্যব্যয় নকৰিবা। যিজনে অধিক কথা কয়, সেইজনে নিশ্চয় অধিক মিছা কথা কয়। যিমান পাৰা, কথা কমকৈ ক’বলৈ চেষ্টা কৰিবা, লগে লগেই শান্তি পাবা।

        যোগশিক্ষাৰ বাবে অৰণ্যত বাস কৰিব নালাগে, অনাহাৰীও হ’ব নালাগে। চিত্তবৃত্তিৰ নিৰোধৰ নাম হ’ল যোগ। চিত্তৰ বশীভূত ইন্দ্ৰিয় সমূহক ইষ্ট সাধনত নিযুক্ত কৰিবলৈ যাৰ ক্ষমতা আছে, তেওঁৰ বাবে লোকালয় বা অৰণ্য একে সমান। একাগ্ৰতা হ’ল যোগৰ প্ৰাণ, এই একাগ্ৰতা নিৱন্ধন যেতিয়া জীৱাত্মা আৰু পৰমাত্মাত একীভূত হ’ব,  জীৱাত্মা আৰু পৰমাত্মাৰ মাজত কোনো প্ৰভেদ পৰিলক্ষিত নহ’ব, সেয়াই প্ৰকৃত যোগ। ঈশ্বৰক লাভ কৰিবলৈ যোগৰ ব্যয়ামৰ অঙ্গী-ভঙ্গী কৰি থকাৰ প্ৰয়োজন নাই, যোগাঙ্গ অৱলম্বন কৰাৰো প্ৰয়োজন নাই, ভক্তিৰ দ্বাৰাই ভক্তই ঈশ্বৰত সমাহিত হ’ব পাৰে। ভক্তই ভক্তিৰ দ্বাৰা ঈশ্বৰক প্ৰসন্ন কৰি যেতিয়া ঈশ্বৰত সমাহিত হয়, তাকেই সমাধি বোলা হয়।

       সমাধিৰ অৰ্থ হ’ল ব্ৰহ্মত মন স্থিৰকৰণ, পৰমাত্মাত আৰু জীৱাত্মাত একীকৰণ, গতিকে সমাধি যোগৰ ফলস্বৰূপ। চিত্ত বশীভূত কৰি সকলো কাৰ্যত নিস্পৃহ হৈ কেৱল আত্মাতেই যেতিয়া অৱস্থান কৰা হয়, তাকেই সমাধি বোলে। যি অৱস্থাত বিশুদ্ধ অন্তঃকৰণৰ দ্বাৰা আত্মাক অৱলোকন কৰি আত্মাতেই পৰিতৃপ্ত, বুদ্ধি মাত্ৰ লভ্য, অতীন্দ্ৰিয়, আত্যন্তিক সুখ উপলব্ধ হয় ; যি অৱস্থাত অৱস্থান কৰিলে আত্মতত্ত্বৰ পৰা পৰিচ্যুত হ’ব নালাগে, যি অৱস্থা লাভ কৰিলে অইন লাভক লাভ বুলি বোধ নহয়, যি অৱস্থাত উপস্থিত হ’লে গুৰুতৰ দুঃখেও বিচলিত কৰিব নোৱাৰে, সেই অৱস্থাৰ নামেই যোগ। মনক আত্মাত নিহিত কৰি স্থিৰ বুদ্ধিৰ দ্বাৰা কিছু কিছু বিৰতি লৈ অভ্যাস কৰিবা, অইন বেলেগ একো চিন্তা নকৰিবা। চঞ্চল স্বভাৱৰ মনে যি যি বিষয়ত বিচৰণ কৰিব, সেই সেই বিষয়ৰ পৰা মনক প্ৰত্যাহৰণ কৰি আত্মাত বশীভূত কৰিবা। ৰজঃ আৰু তমঃ বিহীন যোগীসকলে এইদৰে মনক সদায় বশীভূত কৰি অনায়াসে ব্ৰহ্মসাক্ষাৎকাৰৰ দৰে সৰ্বোৎকৃষ্ট সুখ লাভ কৰে ; সৰ্বত্ৰ ব্ৰহ্মদৰ্শী, সমাহিত চিত্তৰে সকলো ভূতত আত্মাক আৰু আত্মাত সকলো ভূতক অৱলোকন কৰে। কামনা শূণ্য হৈ যিজনে যোগ অভ্যাস কৰে, তেৱেঁই সমাধিস্থ বা মুক্ত হোৱাৰ যোগ্য। ঈশ্বৰলীন হৈ জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ নাম মুক্তি।

      সমাধি হ’ল তন্ময় ভাৱ। যেতিয়া জীৱাত্মা আৰু পৰমাত্মাৰ পৃথক জ্ঞান নাথাকে, যেতিয়া জীৱ বাহ্যিক জ্ঞান শূণ্য হয়, যেতিয়া বৰ্হিন্দ্ৰিয়সমূহ অচল হৈ পৰে, সেই সময়ৰে নাম সমাধি। মনক ইন্দ্ৰিয়ৰ বশীভূত নকৰি ইন্দ্ৰিয় সমূহক মনৰ বশীভূত কৰাই হ’ল যোগ শিক্ষাৰ প্ৰধান উপায়। প্ৰথমে ইন্দ্ৰিয় উৎপন্ন চিত্তৰ বৃত্তিসমূহক সংযত আৰু চিত্তৰ বশীভূত কৰিব লাগিব, ইয়াৰ পিছত চিত্তক চিত্তৰ বশীভূত কৰিব লাগিব, অৰ্থাৎ সাংসাৰিক আৰু ইন্দ্ৰিয়বৃত্তিৰ বশীভূত চিত্তক কামনা শূণ্য চিত্তত সমাহিত কৰিব লাগিব ; বিবিধ লক্ষ্যৰ পৰা চিত্তক বিচ্যুত কৰি কাম্য লক্ষ্যৰ পন্হাগামী কৰিব লাগিব, বিভিন্ন চিন্তাৰ পৰা ক্ৰমে ক্ৰমে সংযত কৰাই সৰ্বদা আত্মচিন্তাত নিযুক্ত কৰিব লাগিব। যোগ হ’ল দুই ধৰণৰ – সকাম আৰু নিষ্কাম। সকাম যোগীৰ মোক্ষপ্ৰাপ্তি নহয়, নিষ্কামযোগীৰ মোক্ষপ্ৰাপ্তি হয়। নিষ্কাম ধৰ্ম পালনেই যোগৰ মূল।

      তন্ময়ত্ব যোগৰ অইন এক প্ৰধান অঙ্গ আৰু যোগৰ ফলস্বৰূপ। তন্ময়ত্ব ভাব উপস্থিত হ’লে অইন কোনো অনুষ্ঠানৰ প্ৰয়োজন নহয় ; যোগৰ সিদ্ধি হ’ল এই তন্ময়ত্ব ভাব ; এই ভাব উপলব্ধি হ’লে কাম্য বস্তুৰ প্ৰতিহে কেৱলমাত্ৰ দৃষ্টি থাকে, অইন কোনো বস্তুৰ প্ৰতি দৃষ্টি নাথাকে, অইন চিন্তাৰ প্ৰতি ধাৰণা নাথাকে, হৃদয়ত কেৱল সেই বস্তুৰ অস্তিত্বহে উপলব্ধি হয়। মন আৰু অভীষ্ট বস্তুৰ মাজত কোনো পাৰ্থক্য নাথাকে, মনত সেই কাম্য বস্তু আৰু সেই কাম্য বস্তুত কেৱল মাত্ৰ মনটো থাকে। কাম্য বস্তুৰ বাহিৰে মনৰ অইন চিন্তা নাথাকে, জগতৰ অইন একোৱেই দেখা নাপায়, সেই অভীষ্ট বস্তুৱেই হৃদয় পৰিপূৰ্ণ কৰি ৰাখে আৰু তেতিয়া জগতত থাকিও তেওঁ জগৎবাসী হৈ নাথাকে। কাম্য বস্তুতেই তেওঁৰ অস্তিত্ব, কাম্য বস্তুৰ অবৰ্তমানত যেন তেওঁৰ অস্তিত্বই নাই এনে বোধ হয়, কাম্য বস্তুৰ সৈতেই মিলি যায় — ইয়াৰেই নাম তন্ময়ত্ব। যি কোনো কাৰ্যানুষ্ঠান কৰাৰ সময়ত সৰ্বাগ্ৰে সেই কাৰ্যত তন্ময় হোৱাটো আৱশ্যক, তেনে হ’লে সেই কাৰ্যত বিফল – মনোৰথ হোৱাৰ সম্ভাৱনা নাথাকে, তেওঁৰ সিদ্ধি নিশ্চিত হৈ পৰে। যাৰ যি ধৰণৰ ভাব, তেওঁ কাৰ্যতো সেইধৰণে সিদ্ধি লাভ কৰিব। যিব্যক্তিয়ে অভীষ্ট বিষয়ত যিমান পৰিমাণে মন দিব, সেই ব্যক্তিয়ে সেই কামত সিমানেই সিদ্ধি লাভ কৰিব। কোনো কাৰ্যত সম্পূৰ্ণ সিদ্ধি লাভ কৰিবলৈ হ’লে সেই কাৰ্যত সম্পূৰ্ণ তন্ময় হোৱাটো প্ৰয়োজন। একাগ্ৰতা নহ’লে তন্ময়ত্ব সম্ভৱ নহয়, কোনো কাৰ্যত প্ৰস্তুত হ’বলৈ হ’লে একাগ্ৰতা শিক্ষা লভিব লাগে। অন্যথাই তন্ময়ত্ব ভাব নজন্মে। কাৰ্যত বিশ্বাস নকৰিলে বা কাৰ্যত বিশ্বাস নজন্মিলে , সিদ্ধিলাভত কৃতনিশ্চয় নহ’লে, সেই কাৰ্যত কেতিয়াও অগ্ৰসৰ নহ’বা, কাৰণ তেতিয়া সিদ্ধি নহ’ব। আগতে কাৰ্যত বিশ্বাস স্থাপন কৰা, কাৰণ বিশ্বাসেই সিদ্ধি লাভৰ মূল। তন্ময়ত্ব, একাগ্ৰতা, সিদ্ধিলাভ – সকলোৰে মূলতে হ’ল বিশ্বাস।

সৃষ্টিকালত ভগৱানে সৰ্বপ্ৰথমে মায়া প্ৰকাশ কৰিছিল। সেই মায়া জ্ঞতা, জ্ঞেয় আৰু জ্ঞানৰূপী, তথা কাৰ্যকাৰণৰূপী সত্ত্ব, ৰজঃ, তমঃ – এনে তিনি গুণ বিশিষ্ট। ইয়াৰ দুবিধ শক্তি, এক হ’ল আৱৰণ, অৰ্থাৎ মায়াৰ দ্বাৰা জীৱ আচ্ছন্ন হোৱা হেতুকে নিত্য নিত্য পৰমাত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰি নিজকে অসঙ্কাৰৰ সাহায্যৰে পৰমাত্মাৰ পৰা স্বতন্ত্ৰ বুলি ভাবে; অইনটো হ’ল বিক্ষেপ, যাৰ দ্বাৰা জীৱই অসত্য বস্তুত সত্যাৰোপ কৰে – জগতক নিত্য আৰু সত্য বুলি ভাবি, আৰু পৰমাত্মাক পাহৰি অনিত্য বিষয়বস্তুত মত্ত হৈ থাকে।

তন্ত্ৰমতে ষট্-চক্ৰ ভেদ — ইড়া আৰু পিঙ্গলা নাড়ীৰ মধ্যত স্থিত, সত্ত্ব‌ ৰজঃ তমঃ গুণ বিশিষ্ট , চন্দ্ৰ, সূৰ্যৰ অগ্নিৰূপা, ধতুৰা ফুলৰ দৰে শুভ্ৰ, সুষুন্মা নাড়ী আছে ; এই নাড়ী চাৰিদল বিশিষ্টা, মূলাধাৰ পদ্মৰ পৰা মূৰৰ ব্ৰহ্মৰন্ধ্ৰ পৰ্যন্ত গৈছে। এই সুষুন্মা নাড়ীত সংযুক্ত হৈ থকা গুহ্য, লিঙ্গ, নাভি, হৃদয়ত, কন্ঠ, ভ্ৰুমধ্য, শিৰত যথাক্ৰমে মূলাধাৰ, স্বাধিস্থান, মণিপুৰ, অনাহত, বিশুদ্ধ, আজ্ঞাচক্ৰ আৰু সহস্ৰাৰ নামেৰে সাতটা পদ্ম থাকে। এই সুষুন্মা নাড়ীৰ মাজত মণিৰ দৰে প্ৰভাবিশিষ্ট দেদীপ্যমানা বজ্ৰা নামেৰে নাড়ী আছে, আৰু তাৰে অভ্যন্তৰত চন্দ্ৰ সূৰ্য অগ্নি স্বৰূপ ব্ৰহ্মা বিষ্ণু শিৱ যুক্ত ঊৰ্ণনাভ (মকৰাৰ জালৰ দৰে) সুতাৰ দৰে চিত্ৰা নাড়ী আছে। নিৰ্মল জ্ঞান উদয় নহ’লে এই নাড়ীক কোনেও জানিবলৈ সক্ষম নহয়। আকৌ, এই চিত্ৰা নাড়ীৰ মাজত ব্ৰহ্ম নাড়ী নামৰ অতি সুক্ষ্ম বিদ্যুতমালা সদৃশ উজ্জ্বল অইন এবিধ নাড়ী আছে, ইয়াৰে ছিদ্ৰৰে ব্ৰহ্মৰন্ধ্ৰস্থ পদ্মৰ পৰা সুধা ক্ষৰিত হয় ; যোগীসকলে সেই সুধা মূলাধাৰ পদ্মস্থ কুন্ডলিনীশক্তিৰে পান কৰি সিদ্ধানন্দ ভোগ কৰে।

১)  মূলাধাৰ চক্ৰ গুহ্যত আছে, ই চতুৰ্দল, ৰক্তবৰ্ণ, স্বৰ্ণাভ, অধোমুখ পদ্ম ( সাধকে ধ্যান কৰা সময়ত ঊৰ্দ্ধমুখে চিন্তা কৰিবা)। ইয়াৰ চাৰিটা দলত বং, শং, ষং, সং – এই চাৰিটা বৰ্ণ আছে, কৰ্ণিকাত চতুষ্কোণ পৃথ্বী চক্ৰ আছে, এই চক্ৰ উদ্দীপ্ত পীত বৰ্ণৰ অষ্টশূলযুক্ত, আৰু তাৰে মাজত লং অৰ্থাৎ পৃথিৱী বীজ আছে তথা তাৰে সৈতে লক্ষ্মীবীজ আছে। এই চক্ৰৰ দেৱতা ইন্দ্ৰ, তেওঁৰ কোলাত চতুৰ্ভূজ ব্ৰহ্মাই ভৌতিক পদাৰ্থ আদি সৃষ্টি কৰিছে আৰু চতুৰ্বেদ পাঠ কৰিছে। এই চক্ৰত ৰক্তবৰ্ণ, চতুৰ্বাহু, দ্বাদশ সূৰ্যতুল্য, ডাকিনী শক্তি আছে। বজ্ৰা নাড়ীৰ মুখত কামৰূপ নামৰ পীঠ আছে আৰু সেই পীঠৰ মাজত ত্ৰিকোণ যন্ত্ৰ আছে। সেই যন্ত্ৰৰ পৰা উদ্ভুত কন্দৰ্প বায়ুৱে জীৱাত্মাক আয়ত্ব কৰি ৰাখিছে। সেই ত্ৰিকোণ যন্ত্ৰৰ মাজত শৰদিন্দুসন্নিভ লিঙ্গৰূপী স্বয়ম্ভু আছে। এই লিঙ্গৰ গাত সাৰ্ধ- ত্ৰিপিক বেষ্টন কৰি ব্ৰহ্ম নাড়ীৰ মুখৰ কাষত মুখ দি কুন্ডলিনী শক্তি নিদ্ৰিত হৈ আছে- এয়াই বিদ্যুৎৰূপিনী মহামায়া, এৱেঁই ভোমোৰাৰ দৰে মধুৰ গুণ গুণ নাদ কৰি আছে, এৱেঁই শব্দজননী, এৱেঁই শ্বাস-প্ৰশ্বাস বিভাগৰ দ্বাৰা প্ৰাণীকুলৰ জীৱন ৰক্ষা কৰিছে। এই কুন্ডলিনী দেহৰ মাজত পৰমাকলা ত্ৰিঅংশৰূপা প্ৰকৃতি নিখিল ব্ৰহ্মান্ড প্ৰকাশ কৰিছে।

২)   স্বাধিষ্ঠান চক্ৰ লিঙ্গ মূলত। ষড়দল অৰুণবৰ্ণ পদ্ম আছে এই চক্ৰত। ইয়াৰ ষড়দলত ষড় বৰ্ণ, বং, ভং,ধং, ৰং, লং আছে। তাৰে মাজত শ্বেতপদ্মাকাৰ বৰুণ দেৱতাৰ চক্ৰ আছে, এই চক্ৰৰ মাজত শৰচ্চন্দ্ৰদ্যুতি, শিৰত অৰ্ধচন্দ্ৰধাৰী, মকৰাৰোহী, বং বীজ ৰূপী বৰুণ দেৱতা আছে। এই দেৱতাৰ কোলাত চতুৰ্বিংশতি লক্ষণযুক্ত পীতাম্বৰ নাৰায়ণ আছে। এই চক্ৰৰ শক্তি লক্ষ্মীৰূপা ৰাকিণী।

৩)    মণিপুৰ চক্ৰ নাভিমূলত। দহটা দল নীলা বৰ্ণৰ পদ্ম আছে। দহ দলত ডং, ঢং, ণং, তং, থং, দং, ধং, নং, পং, ফং  – এনে দহটা অক্ষৰযুক্ত বৰ্ণ আছে। তাৰেই ঠিক সোমাজত ৰং-কাৰাত্মক ত্ৰিকোণ বহ্নি বীজ আছে। স্বস্তিমন্ডলে তাক বেঢ়ি ৰাখিছে বা বেষ্টন কৰিছে। এই বহ্নি দেৱতা চতুৰ্বাহু, আৰক্ত সূৰ্য সম আৰু মেষ বাহন। এওঁৰ কোলাত ইষ্টদাতা আৰু সংহাৰকাৰী মহাকাল আছে। এই চক্ৰৰ শক্তি লাকিনী, এওঁ শ্যামবৰণীয়া।

৪)   অনাহত চক্ৰ হৃদয়ত। এই চক্ৰত সেন্দুৰ বৰণৰ দ্বাদশ দল পদ্ম আছে। দ্বাদশ দলত কং, খং, গং, ঘং, ঙং, চং, ছং, জং, ঝং, ঞং, টং, ঠং বৰ্ণযুক্ত পদ্ম আছে ; ইয়াৰ মাজত ষটকোণ ধূম্ৰবৰ্ণ বায়ুমন্ডল আছে, তাৰে মাজত যং – কাৰাত্মক বায়ু বীজ দেৱতা, কৃষ্ণসাৰ মৃগাৰঢ়া হৈ আছে। এই বীজৰ মাজত শুকুলা হাঁহৰ পাখিৰ বৰণৰ অভয় বৰদাতা ঈশান মহাদেৱ আছে। এই চক্ৰৰ শক্তি কাকিনী, এওঁ পীতবৰ্ণা আনন্দময়ী। এই পদ্মৰ কৰ্ণিকাৰ মাজত অতি কোমল ত্ৰিকোণ শক্তি আছে। এই শক্তিৰ মাজত সুবৰ্ণবৰ‌ণৰ বাণলিঙ্গ মহাদেৱ আছে। তাৰোপৰি এই পদ্মৰ মাজত অইন এটা (দ্বিতীয়) অষ্টদল পদ্ম আছে আৰু তাত এক কল্পতৰু আছে তথা তাৰ তলৰ মণিপীঠত হংসৰূপী জীৱাত্মা আছে। সাধকে এই স্থানত গুৰুই দিয়া উপদেশ অনুসৰি ইষ্টদেৱতাক ধ্যান কৰিলে আত্মদৰ্শন হ’ব।

৫)    বিশুদ্ধ চক্ৰ কন্ঠদেশত। ধূম্ৰাভ ষোড়শ দলত বৰ্ণ অ আ ই ঈ উ ঊ ঋ ঋ্ ৯ ৯⁹ এ ঐ ও ঔ অং অঃ ষোড়শ- স্বৰযুক্ত পদ্ম আছে। কৰ্ণিকাৰ মাজত সুধা কৰ্ষণ উজ্জ্বল শৰীৰধাৰী শুভ্ৰবৰ্ণ, শুক্লাম্বৰ – পৰিধৃত, গোলাকাৰ আকাশ চক্ৰধাৰী আছে। এই চক্ৰৰ মাজত হংসাকাৰ, পাশাঙ্কুশধাৰী দ্বিভুজ আৰু অভীতিবৰপ্ৰদ আকাশবীজ আছে। তেওঁৰ কোলাত পঞ্চমুখ, ত্ৰিনেত্ৰ, দহবাহুৰ হৰগৌৰী আছে। সেই কৰ্ণিকাৰ মাজত চন্দ্ৰমন্ডলৰ সুধাপানাসক্তা পীতবৰ্ণা চতুৰ্ভুজা সাকিনী শক্তি আছে।

৬)    আজ্ঞাচক্ৰ ভ্ৰুযুগলৰ মাজত অৱস্থিত। ধ্যানৰ নিকেতন শুক্লবৰ্ণ দ্বিদল  হ – ক্ষ বৰ্ণযুক্ত। এই স্থানত ইড়া, পিঙ্গলা, বৰুণা মিলিত হৈ বাৰাণসী তীৰ্থস্থান হৈ পৰিছে। এই পদ্মত শুক্লবৰ্ণা ষড়মুখী হাকিনী শক্তি আছে। তেওঁৰ চতুৰ্ভুজত পুথি, লাওখোলা, ডম্বৰু আৰু জপমালা আছে। এই পদ্মধ্যানৰ দ্বাৰা ব্ৰহ্মজ্ঞান হয়। এই পদ্মৰ মাজত মন আৰু কৰ্ণিকাত ত্ৰিকোণ যন্ত্ৰ আছে। এই স্থান পৰম লয়ৰ স্থান, আৰু এই স্থানত শক্ল নামেৰে মহাকাল তথা সিদ্ধলিঙ্গ বিৰাজমান। এই শিৱ অৰ্ধনাৰীশ্বৰ নামে প্ৰখ্যাত। আজ্ঞাচক্ৰৰ জ্ঞান জন্মিলে জীৱ অদ্বৈতবাদী হয়।

আজ্ঞাচক্ৰৰ কিঞ্চিৎ ঊৰ্ধ্বত শুদ্ধ, জ্ঞান, জ্ঞেয়, প্ৰদীপৰ শিখাসম, জ্যোতিৰ্ময়, ওঁকাৰাত্মক অন্তৰাত্মা নিৰন্তৰ বাস কৰে। তাৰে ওপৰত অৰ্দ্ধচন্দ্ৰ, তাৰো ওপৰত বিন্দুৰূপী নাদ, তাতেই শক্তিৰূপাধাৰ স-কাৰাত্মক পূৰ্ণচন্দ্ৰসদৃশ উজ্জ্বল শিৱলিঙ্গ। আছে। এই ওঁ-কাৰৰ উপৰিভাগত আকাশ আৰু নিম্নভাগত পৃথিৱী, আৰু তাৰে মাজত স্বয়ং নিৰলম্ব ভগৱান আছে। এই ওঁ- কাৰৰ ওপৰে ওপৰে দ্বিভূজ মহানাদ নামে শিৱাকাৰ বায়ুৰ লয় স্থান আছে। উক্ত আজ্ঞাচক্ৰৰ ঊৰ্দ্ধদেশত শঙ্খিনী নামৰ নাড়ীৰ আগভাগৰ আকাশত বিসৰ্গৰূপী যুগল বিন্দু আছে। তাৰ অধঃস্থলত পুৰ্ণেন্দুৰ দৰে শুভ্ৰবৰ্ণ , তৰুণতপন- ৰশ্মিসদৃশ কেশৰযুক্ত সহস্ৰদল পদ্ম অধোমুখী হৈ আছে। তাৰে যথাস্থানত পঞ্চাশটা মাতৃকাবৰ্ণ আছে। এই স্থানত নিৰ্মল শশঃ আৰু চন্দ্ৰ বিৰাজ কৰিছে। এই চন্দ্ৰ-অভ্যন্তৰত বিদ্যুত-আকাৰৰ ত্ৰিকোণ যন্ত্ৰ আছে; সেই যন্ত্ৰৰ মাজত গুহ্যতম চিদ্ৰুপাকাৰ শূণ্য স্থখন আছে আৰু তাতে পৰমাত্মাৰ স্বৰূপ পৰম শিৱ বিৰাজ কৰিছে। তেওঁ যোগানন্দ জ্ঞান আৰু মঙ্গলদাতা। ইয়াক পৰমহংসও বোলা হয়। এই স্থানতেই শিৱৰ কৈলাশ, বৈষ্ণৱৰ গোলক, শাক্তৰ মহাশক্তিৰ নিজাবাস। এই সহস্ৰদল পঙ্কজৰ অভ্যন্তৰত প্ৰাতঃ তপনৰ দৰে লোহিতবৰ্ণ , মৃণালৰ সুতাৰ দৰে অতি সুক্ষ্ম আৰু বিদ্যুতৰ মালাৰ দৰে জ্যোতিবিশিষ্টা , শুদ্ধ বিকাৰবৰ্জিত আৰু নিত্য – প্ৰকাশক , ক্ষয়োদয়ৰহিতা, অধোমুখী, পূৰ্ণানন্দ শ্ৰেণীৰ পৰা যি অমৃতধাৰা ক্ষৰণ হৈছে সেয়া ধাৰণশীলা, একদ্ভুতা অমা নামৰ শশীকলা আছে। তাৰে মাজত কেশাগ্ৰৰ সহস্ৰাংশ পৰিমিত আৰু অৰ্ধ চন্দ্ৰকাৰ, দ্বাদশাদিত্য – প্ৰভা – বিশিষ্টা, প্ৰাণীবোৰৰ ইষ্ট দেৱতা, নিৰ্বাণ নামৰ কলাৰ মাজত কোটিসূৰ্য – কান্তিমতী শিৱলিঙ্গৰ পৰা প্ৰেমধাৰা বিলাসিনী কৰ্মফলদায়িনী নিৰ্বাণ শক্তি আছে। এই নিৰ্বাণ শক্তিৰ মাজভাগত যোগী আৰু মহাত্মাসকলৰ চিন্তনীয় পৰম সুখময় নিত্যানন্দ স্বৰূপ শাশ্বত তুৰীয় ব্ৰহ্ম আছে। নিয়ম, আসন, প্ৰাণায়াম, তপস্যা আদিৰ দ্বাৰা যোগীয়ে দীৰ্ঘ জীৱন, ব্যোম- গমন ক্ষমতা, অন্তৰ্দ্ধান শক্তি, অইন দেহত প্ৰৱেশ পটুতা, দূৰদৰ্শন তথা ভূত ভৱিষ্যত বৰ্তমান ত্ৰিকাল দৰ্শন আৰু অষ্টসিদ্ধি, অণিমা, লঘিমা, মহিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু কামবশায়িতা লাভ কৰিব পাৰে। অণিমা, অৰ্থাৎ অণু তুল্য ক্ষুদ্ৰ দেহ ধাৰণ ক্ষমতা। লঘিমা, অৰ্থাৎ লঘুত্ব হেতু ঊৰ্দ্ধলৈ গমন ক্ষমতা। মহিমা, অৰ্থাৎ বৃহৎ আৰু মাহাত্ম্যযুক্ত হোৱা ক্ষমতা। প্ৰাপ্তি, অৰ্থাৎ বিশ্বৰ সকলো বস্তু কৰতলস্থ হোৱা ক্ষমতা।প্ৰাকাম্য, অৰ্থাৎ যথেচ্ছাকাৰিত্ব। ঈশিত্ব, অৰ্থাৎ প্ৰভুত্ব। বশিত্ব, অৰ্থাৎ সকলোকে বশ কৰি ৰখা ক্ষমতা। কামাবশায়িতা, অৰ্থাৎ সকলো প্ৰকাৰৰ কামৰ পৰিপূৰক কৰি অৱশেষত নিষ্কাম হোৱা। ভক্তি নজন্মিলে সাধক পুৰুষে সাধনৰ দ্বাৰা যিমানেই উন্নতি নকৰক কিয়, তথাপি তেওঁৰ পতন হোৱাৰ সম্ভাৱনা থাকে। তপস্যাৰ উচ্চ সোপানত উঠিও তপস্বীৰ কেতিয়াবা কেতিয়াবা অবিশ্বাস আৰু নৈৰাশ্য ভাব হয়, কিন্তু একেলগে এবাৰ ভক্তিও জন্মিলে অবিশ্বাস কেতিয়াও আহিব নোৱাৰে। যোগীসকলে তেতিয়া অনায়াসে মুক্তিলাভ কৰে। আত্মাৰ সৈতে পৰমাত্মাৰ যি যোগ, সেয়াই তন্ময়ত্ব। কোনো বিষয়ত গভীৰ মনোযোগ দি অন্যমনস্কা হ’লেই তন্ময়ত্ব। তন্ময়ত্ব হ’লেই বন্ধনমুক্তি হৈ মুক্তিলাভ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: তন্ময়ত্ববিশ্বনাথ শ্ৰীত্ৰৈলঙ্গস্বামী
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d