• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, November 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

তপন পাটগিৰিৰ আত্মহনন বিকল্পহীনতাৰ বিপৰীতে এক বিদ্ৰোহ গাঁথা

হৰ কুমাৰ গোস্বামী

by Admin
August 14, 2021
in News, Special Report
Reading Time: 1 min read
0
তপন পাটগিৰিৰ আত্মহনন বিকল্পহীনতাৰ বিপৰীতে এক বিদ্ৰোহ গাঁথা
Share on FacebookShare on TwitterShare on LinkedIn

–হৰ কুমাৰ গোস্বামী |

আচম্বিতে হেৰাই থাকিল, সংবাদ মাধ্যমৰ বাবে এটা সৰু খবৰত পৰিণত হল তপন পাটগিৰি। শাৰীৰিক ভাবে সুস্থ সুঠাম,ঋজু দেহৰ প্ৰচণ্ড উদ্যমী তথা আত্ম প্রত্যয়ৰে ভৰপুৰ এক ষুবক। তপন, আমাৰ অনুজ, যাক লগ পাইছোঁ বহুবাৰ, মোৱাইলতো চেভ আছে তেওঁৰ নম্বৰ। এতিয়া সেই নম্বৰৰ আৰু প্ৰয়োজন নহব। প্ৰবল আত্মবিশ্বাসী তথা পৰিশ্ৰমী তপন পাটগিৰি নামৰ উদ্যোগী জনৰ উত্থানো আছিল আমাৰ চকুৰ সন্মুখতে, নিঃসন্দেহে সি আছিল বহুতৰ বাবে আৰ্হি স্বৰূপ। তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান ইগ্নিচনৰ লগত আমাৰ যে কিবা বিশেষ ব্যৱসায়িক সম্পৰ্ক আছিল, তেনে নহয়। সৰু একোটা কাম  কিম্বা আমাৰ দৰকাৰী কোনো কাম সম্পৰ্কত পৰামৰ্শ লবলৈয়ে ইগ্নিচনলৈ গৈছিলোঁ, কথা পতিছিলো। দৰকাৰ পৰিলে ফোনত কথা পাতিয়েই সংগ্ৰহ কৰিছিলোঁ যাবতীয় ইনফৰ্মেচন। তেনে এজন সৰবৰাহী তথা উদ্যমী যুৱক এনেদৰে গুচি যাব, সেয়া বহুতৰ দৰে আমাৰো আছিল কল্পনাৰ অগোচৰ, যদিও এই মুহূৰ্তত সি এক নিৰ্মম বাস্তৱ।
অমৰ- তপনহত, আমিবোৰ এণ্টাৰপ্ৰিনিঙৰ ক্ষেত্ৰখনত ভৰি থোৱা প্ৰথম প্ৰজন্ম। স্ব ইচ্ছাৰে এই ক্ষেত্ৰখনত আমি ভৰি ৰাখিছিলো, জীৱনক গ্ৰহণ কৰিছিলোঁ এক প্ৰত্যাহ্বান হিচাপে। হেজাৰ প্ৰত্যাহ্বানৰ মাজতো সংগোপনে মনৰ গহনত ক্ৰিয়াশীল আছিল  বিৰাট এক আত্মসন্তুষ্টিৰ মনোভাৱ। আত্মসন্তুষ্টি-গাঁৱৰ পৰা কৰ্ম সংস্থাপন বিচাৰি গুৱাহাটীলৈ ঢাপলি মেলা অযুত জনৰ ভিতৰৰ কোনোবা যদু, মধু, চাইফুল, নিজামুদ্দিন, বলেন, হিতেশ্বৰৰ পৰিয়ালৰ ভাতমুঠিৰ দিহা আমিয়েই কৰিছো বুলি। পূজাত, বিহুত কৰ্মচাৰীৰ দা-দৰমহা- বোনাচ কিম্বা উপহাৰ আদি দিয়াৰ পিছত নিজৰ সন্তানৰ বাবে কাপোৰ এযোৰ কিনিবলৈ পকেটত যেতিয়া ফুটা কড়ি এটাও নাথাকে, যদিও জানো ঘৰত অপেক্ষমান প্রবল এক অশান্তি, তথাপি তাকো  মানি লৈছোঁ হাঁহি হাঁহিয়েই। মই ডাঠি কব পাৰো, এই অভিজ্ঞতা কেৱল মোৰেই নহয়, তপন হতকে ধৰি শত সহস্ৰ এণ্টাৰপ্ৰিণাৰৰ। সমাজৰ সন্মুখত আৰ্হি হোৱাৰ এক সংগোপন বাসনাই তাড়িত কৰিছিল আমিবোৰক, প্ৰথম প্ৰজন্মৰ প্ৰতিজন এণ্টাৰপ্ৰিণাৰক। উদ্যম, আত্ম প্ৰত্যয়, ঐকান্তিকতা আৰু অমানুষিক পৰিশ্ৰমৰ বিনিময়ত আমি স্ব প্ৰতিষ্ঠিত হব বিচাৰিছিলো। এয়া জানো আছিল অন্যায়?
অনুসন্ধান কৰক, দেখিব আজিও  ভাৰতৰ উৎপাদনী শিপ্লৰ মুঠ ঘৰুৱা উৎপাদনৰ সিংহভাগ নিয়ন্ত্রণ কৰে অতি ক্ষুদ্ৰ তথা ক্ষুদ্ৰ উদ্যোগ সমূহে। সিংহভাগ কৰ্ম সংস্থাপনো দিছে এই উদ্যোগ সমূহেই।
এই উদ্যোগ সমূহৰ কঁকাল ভাঙি দিয়া হল বিমুদ্ৰাকৰণ তথা অপৰিকল্পিত, আচম্বিত জি এছ টি ব্যৱস্থাৰ জৰিয়তে। আপুনি জানেনে, যি এইচ এছ এন কোডৰ ভিত্তিত কোন সামগ্ৰীৰ ওপৰত কিমান জি এছ টি আৰোপিত হব সেয়া নিৰূপিত হয়, তাক  ঠিৰাং কৰোতেই জি এছ টি আইন কাৰ্যকৰী হোৱাৰ পিছতো তৎকালীন অৰ্থমন্ত্ৰী প্রয়াত অৰুণ জেটলিৰ নেতৃত্বাধীন অৰ্থ মন্ত্ৰকে সময় ললে সাত মাহতকৈয়ো অধিক কাল!?
নগদ অৰ্থতেই আমাৰ দেশত সৰহভাগ লেন দেন সম্পন্ন হয়। বিমুদ্ৰাকৰণৰ আগতেও হৈছিল আৰু এতিয়াও হয়, ব্যতিক্ৰম মাথো বিমুদ্ৰাকৰণৰ সময়ছোৱা । হেজাৰ হেজাৰ উদ্যোগত তলা ওলমিল, লক্ষ লক্ষ মানুহে কৰ্ম সংস্থাপন হেৰুৱালে, ব্যৱসায়িক কৰ্ম কাণ্ড স্তব্ধ হৈ পৰিল…. মোডীজিৰ সন্মোহনী ভাষণৰ মায়াজালত আচ্ছন্ন হৈ থকাৰ সেই পৰ্বটোতেই কিদৰে আমাৰ অৰ্থনীতিৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ থাকিল, তাক আমি তলকিবই নোৱাৰিলোঁ। এজন উদ্যোগী হিচাপে বিমুদ্ৰা কৰণ পূৰ্বৰ অৱস্থাটো আমাৰ নিজৰেই এতিয়া সপোন সপোন যেন লাগে।
বিমুদ্ৰাকৰণে সোধোৱা থিয় গোৰটোক পাহৰি কঁকাল পোনাবলৈ লোৱাৰ সময়তে কঁকালৰ ওপৰত পৰিল জি এছ টি নামক আন এটা থিয় গোৰ।
ধৰি লওক, এই লেখাও ভৱিষ্যতৰ কোনো এটা দিনত তপন পাটগিৰিৰ লেখীয়াকৈ আত্ম হননৰ সিদ্ধান্ত লবলৈ গৈ থকা এজন উদ্যমীৰ চুইছাইড নোটৰ অংশ বিশেষ। সেয়ে অনুৰোধ থাকিব অকণ সংবেদনশীলতাৰে ধৈৰ্য সহকাৰে আমাৰ লেখীয়া অযুত এণ্টাৰপ্রিণাৰৰ বেদনা ভৰা কথাবোৰ হৃদয়ঙ্গম কৰাৰ বাবে। এই প্ৰসংগতেই  জি এছ টি য়ে সোধোৱা গোৰটো এণ্টাৰপ্ৰিণাৰ সকলৰ কঁকালত কেনেকৈ পৰিল, তাৰেই এটা থুলমূল আভাস দিব বিচাৰিছো, ব্যক্তিগত অথচ তিক্ত এক অভিজ্ঞতাৰ আলমত।
আমাৰ প্ৰতিষ্ঠানটো অইলৰ পঞ্জীয়নকৃত এটা প্ৰতিষ্ঠান। জি এছ টি আইন কাৰ্যকৰী হোৱাৰ পূৰ্বেই অইলৰ পৰা লাভ কৰিছিলো এটা কনচাইনমেণ্টৰ অৰ্ডাৰ, তেতিয়ালৈকে কাৰ্যকৰী হৈ থকা চেল টেক্স সহ কনচাইনমেণ্টটোৰ তোটাল ভেলু আছিল ১৫ লক্ষাধিক টকা। আটাইয়ে জানে, কনচাইনমেণ্ট এটাৰ অৰ্ডাৰ পোৱাৰ লগে লগে তাক কাৰ্যকৰী কৰিব পৰা নাযায়, যদিও সকলো অৰ্ডাৰৰ ক্ষেত্ৰতেই এটা সময়সীমা কৰ্তৃপক্ষৰ ফালৰ পৰা বান্ধি দিয়া থাকে। ক্লায়েণ্টৰ সৈতে থকা আনুষংগিক পেপাৰ ৱাৰ্ক খিনি সম্পন্ন কৰালৈকে কাৰ্যকৰী কৰণৰ বাবে বান্ধি দিয়া সময় সীমাৰ প্ৰায় খিনিয়েই উকলি যায়। এনেবোৰ ক্ষেত্ৰত বিভাগীয় ৰঙা ফিটাৰ মেৰপেচেই মূলত দায়ী। আমাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। কনচাইনমেণ্টটো পঠোৱাৰ বাবে সাজু হোৱাৰ সময়তেই কাৰ্যকৰী হল জি এছ টি আইন। প্ৰয়োজন পৰিল পাৰ্চেজ অৰ্ডাৰৰ ৰি- ম’ডিফিকেচনৰ। পাৰ্চেজ ডিপাৰ্টমেণ্টক জনালোঁ। পাৰ্চেজ ডিপাৰ্টমেন্টে ফাইল পঠিয়ালে একাউন্টছ ডিপাৰ্টমেণ্টলৈ। একাউন্টছ ডিপাৰ্টমেন্টত ফাইল গেঠেলা মাৰি বহি ৰল ৬ মাহলৈ।
কিয়?
যিটো প্ৰডাক্টৰ বাবে  আগৰ অৰ্ডাৰটো ইছ্যু হৈছিল, সেই প্ৰডাক্টৰ সদ্য জাৰি হোৱা জি এছ টি আইন অনুযায়ী এইচ এছ এন কোড কি,  সেয়া আমি তেওঁলোকক জনাব লাগে। নহলে ফাইল প্রচেচ নহয়। কি কৰিম? ইজনৰ পিছত সিজনকৈ চাৰ্টাৰ্ড একাউণ্টটেণ্টৰ তালৈ দৌৰিলোঁ। অজস্ৰ সময় ব্যয় হল, অথচ জানিব নোৱাৰিলোঁ আমাৰ প্ৰডাক্টৰ এইচ এছ এন কোড কি? অৰ্ডাৰ লাভ কৰা প্ৰডাক্টটোৰ উদ্ভাৱক আমি, বনাওতা আমি, ব্ৰেণ্ড নেইম আমাৰ নিজৰ, অৰ্ডাৰ কপিতো উল্লেখ হৈছে ব্ৰেণ্ড নেইম, মেটছ কৰিছে টেকনিকেল স্পেচিফিকেচনৰ প্ৰতিটো পেৰামিটাৰ, তাৰেই এইচ এছ এন কোড বিচাৰি হাহাকাৰ কৰিছো মাহৰ পিছত মাহ! বাদক কথাটো!  ষ্ট্ৰাকছাৰেল, মেকানিকেল, ইলেক্ট্রিকেল, ইলেক্ট্ৰনিক্স, এস্থেটিকেল  তথা চিভিলকে ধৰি ইঞ্জিনীয়াৰিঙৰ প্ৰত্যেকটো বিভাগৰ কাম সংপৃক্ত থকা প্ৰডাক্ট এটাৰ এইচ এছ এন কোডৰ সন্ধানত যেতিয়া মূৰ আফলিয়াইছোঁ, তেতিয়া সুহৃদ চি এ এজনে পৰামৰ্শ দিলে আগৰ জি এছ টি নম্বৰটো সলনি কৰি কম্পজিত ডীলাৰ হিচাপে  জি এছ টিত ফাৰ্মখন নতুনকৈ পঞ্জীয়ন কৰোৱাৰ। জানিব পাৰিলো, জি এছ টিৰ বিধি অনুযায়ী কম্পজিত ডীলাৰ হিচাপে পঞ্জীয়ন কৰা সকলে নাপায় কোনো ইনপুত বেনিফিট, ক্লায়েন্টক জি এছ টি চার্জ কৰিব নোৱাৰে আৰু তেওঁলোকে ব্যৱসায়ৰ তোটাল টাৰ্ন অভাৰৰ ১% জি এছ টি হিচাপে জমা দিন লাগে।
এক প্ৰকাৰ বাধ্য হৈয়েই কম্পজিত ডীলাৰ হিচাপে পুনৰাই জি এছ টি পঞ্জীয়ন কৰালোঁ। সন্মুখীন হলো প্ৰভূত লোকচানৰ। কেনেকৈ?  অইলে যেতিয়া জি এছ টি অনুযায়ী ৰি-মোডিফাইড পাৰ্চেজ অৰ্ডাৰ বনালে, তেওঁলোকে চিধাচিধি পূৰ্বৰ তোটাল এমাউন্টৰ পৰা ১৪.৫ %(যি এমাউন্ট চেল টেক্স হিচাপে বেচিক প্রাইচৰ ওপৰত ধাৰ্য আছিল) বিয়োগ কৰিলে আৰু তাৰেই ভিত্তিত প্ৰস্তুত হল মোডিফাইড পাৰ্চেজ অৰ্ডাৰ।  মানি লব লগা হল। কথা সীমানতেই শেষ নহল, তাৰে ওপৰত আকৌ কটা গল ১০% লিকুইডিটি দেমেজ বাবদ পেনাল্টি। ভাবি চাওক, পেনাল্টি ভৰাৰ বাবে আমাৰ প্ৰতিষ্ঠানটো প্ৰকৃততে জগৰীয়া আছিল জানো? দুবছৰ মানলৈ লিকুইডিটি দেমেজ বাবদ কটা যোৱা ধন খিনি উভতাই পোৱাৰ বাবে মেইল দি দি ভাগৰি পৰি অবশেযত সেই চেষ্টাৰ পৰা নিবৃত হলো। সময়তো সময়েই, মূল ইনভেষ্টমেণ্টৰো কেই লাখ মান টকা বতাহত মিলি গল।
ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ সমূহে উৎপাদন কৰা সামগ্ৰী সমূহৰ এক বৃহৎ অংশ ক্ৰয় কৰে অইল, অ এন জি চি ইত্যাদিৰ লেখীয়া ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহে। অতি কম মাৰ্জিনত উৎপাদন ব্যয়তকৈ সামান্য বেছি দামত এই উদ্যোগ সমূহে বজাৰত সামগ্ৰী এৰি দিয়ে। ওপৰত বৰ্ণিত আমাৰ অভিজ্ঞতাৰ আলমত বিচাৰ কৰি চাওক জি এছ টি নামক আইন খনে পূৰাইছে কাৰ স্বাৰ্থ? দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ দিশটো আছিল জানো অগ্রাধিকাৰত?? নিজকে প্রশ্ন কৰক, ক্ষুদ্ৰ শিল্পৰ উন্নয়ন  নে ধ্বংসৰ পৰিকল্পিত অভিপ্ৰায় আগত ৰাখি প্রণয়ন হৈছিল এই আইন ???
কোভিড মহামাৰীয়ে এখনৰ পিছত এখনকৈ দেশ যেতিয়া আগ্ৰাসী ৰূপত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে,  বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰংবাৰ সকীয়নীৰ পিছতো আমাৰ দেশত লোৱা নহল কোনো সতৰ্কতামূলক ব্যৱস্থা, যাৰ ওপৰত ন্যস্ত আছিল সেই দায়িত্ব, তেওঁলোক তেতিয়া ব্যস্ত থাকিল ‘হাউদি ট্ৰাম্প’ জাতীয় অনুষ্ঠান পতাত; ব্যস্ত থাকিল মধ্য প্ৰদেশৰ নিৰ্বাচিত চৰকাৰক পিছ দুৱাৰেদি পতন ঘটোৱাত। জোৰৰ জুই আহি যেতিয়া হাত পালেহি, দেশবাসীক ২৪ ঘণ্টাৰো সময় নিদিয়াকৈ ঘোষণা কৰা হল দেশব্যাপী লকডাউন। স্তব্ধ হৈ পৰিল জনজীৱন। লক্ষ লক্ষ প্ৰবাসী শ্ৰমিকৰ  শ শ মাইল জোৰা পদব্ৰজে কৰা গাঁওমুখী পথ পৰিক্ৰমা আমি দেখিছোঁ।
বন্ধ হল কল কাৰখানা, উদ্যোগ, ব্যৱসায় বাণিজ্য। উপাৰ্জন হীনতাৰ নিৰ্মম আঁচোৰত দিক বিদিক হেৰুওৱাৰ অৱস্থা হল প্ৰায়ভাগ প্ৰথম প্ৰজন্মৰ এণ্টাৰপ্ৰিনাৰৰ….। ভুক্তভোগী আমিও। আত্ম সন্মানৰ কথা পাহৰি ঋণৰ বাবে হাত পাতিব লগীয়া হলো বন্ধু বান্ধৱৰ ওচৰত, যাৰ জেৰ আজিও অন্ত পৰা নাই।
নিৰ্মলা চিতাৰমনৰ ক্ষুদ্ৰ শিল্পৰ পুনৰোজ্জীবনৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকীয়া আৰ্থিক পেকেজৰ কথা আমি শুনিছোঁ, শুনিছোঁ মোডীজিৰ মুখত ‘ ভোকেল ফৰ লোকেল’ শ্লোগান। প্ৰচণ্ড অনিশ্চয়তাৰ মাজতো ক্ষীণ আশাৰ ৰেঙনি দেখিবলৈ পাইছিলোঁ, ভাবিছিলোঁ পৰিস্থিতিৰ বাধ্য বাধকতা মানি লৈ দেশে ঘৰুৱা চাহিদা পূৰণৰ অৰ্থে উৎপাদনী শিল্পত মনোনিবেশ কৰিব বুলি। আশান্বিত হৈছিলো, ২০ লাখ কোটি টকীয়া আৰ্থিক পেকেজৰ পৰা সামান্য ভাবে হলেও উপকৃত হম বুলি! পিছে বাস্তৱৰ ছবিখন কি?
কোৱা হৈছিল বেংক লোনৰ  বাবদ দিবলগীয়া সুদ লকডাউন পিৰিয়ডটোৰ ক্ষেত্ৰত মাফ কৰা হৈছে বুলি। এণ্টাৰপ্ৰিণাৰ সকলৰ প্ৰায় ভাগৰেই বেংকত চি চি লোন একাউণ্ট একোটা আছে। বেংকে কৰিলে কি? চি চি লোন একাউন্টৰ বিপৰীতে এবছৰৰ বাবে সুকীয়া লোন একাউণ্ট একোটা খুলি তাৰ পৰা চি চি একাউন্টৰ লোনৰ সুদ প্ৰদান কৰি চি চি একাউন্ট সমূহ সাময়িক ভাৱে এন পি এ হোৱাৰ পৰা ৰক্ষা কৰিলে। ২০২১ৰ এপ্ৰিলত সেই একাউন্ট সমূহ বন্ধ কৰি তাৰ পৰা দিয়া ধন ৰাশি যোগ কৰিলে চি চি একাউন্টৰ দিব লগীয়া সুদৰ সৈতে। আমাৰ লেখীয়া প্ৰায় ভাগেই পৰিশোধ কৰিব পৰা নাই সেই সুদ। ফলত একাউন্ট সমূহ ঘোষিত হৈছে  এন পি এ হিচাপে। বহুতলৈ আহিব আৰম্ভ কৰিছে লিগেল নোটিছ। নেছনেলাইজ্দ বেংকে সমূহে এতিয়ালৈ লিগেল নোটিছ পঠোৱাতেই ক্ষান্ত আছে, পিছে প্ৰাইভেট বেংকৰ গ্ৰাহক এণ্টাৰপ্ৰিণাৰ সকলে কেৱল নোটিছেই নহয়, সন্মুখীন লবলগীয়া হৈছে দাবী ধমকিৰো।
মোডীজিৰ ‘ভোকেল ফৰ লোকেল’ শ্লোগান শ্রেফ এক জুমলা, প্ৰতাৰণাৰ এক দস্তাবেজ।এণ্টাৰপ্ৰিণাৰ সকলৰ বাবে ই এক ভেঙুচালি, বিৰাট এক প্ৰহসন। ৰাজহুৱা খণ্ডকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগ সমূহে আলপিনটোৰ পৰা আৰম্ভ কৰি গাড়ীএখনলৈকে প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰিব লাগে GEM  নামক গভৰমেণ্ট ই প্ৰকিওৰমেণ্ট পৰ্টেলটোৰ যোগেদি। অৰ্থাৎ স্থানীয় অতি ক্ষুদ্ৰ কিম্বা ক্ষুদ্ৰ এণ্টাৰপ্ৰিণাৰ সকলৰ বাবে দুৱাৰখন আগতেই বন্ধ কৰি থোৱা হৈছে।
মনলৈ আনক কোভিড-১৯ৰ প্ৰথমটো ঢৌৰ সময়ত কিদৰে দেশজুৰি চেনিটাইজিং ডিফাইছৰ পৰা আৰম্ভ কৰি মাস্ক বনোৱালৈকে, কোভিড মোকাবিলাৰ বাবে বিভিন্ন সা-সঁজুলি নিৰ্মাণৰ এক স্বতঃস্ফূৰ্ত জোৱাৰ আহিছিল। ডেৰটা বছৰ অতিক্রন্ত হল, এতিয়াও মাৰ যোৱা নাই কোভিড সংক্ৰমণৰ ঘটনা, কোভিডৰ তৃতীয়টো ঢৌৰ দুঃসম্ভাৱনাৰ আশংকাই ত্ৰস্ত ৰাখিছে সমগ্ৰ দেশক। অথচ বজাৰত কৰবাত স্থানীয় উৎপাদকৰ দ্বাৰা নিৰ্মিত মাস্ক কিম্বা চেনিটাইজিং ডিফাইছৰ উপস্থিতি আপোনাৰ চকুত পৰে নে? যিসমূহ ঠাইত চেনিটাইজিং ডিভাইচৰ অস্তিত্ব আছে, বিশেষকৈ পি এছ ইউ সমূহত, তাত দেখিব চাইনীজ উৎপাদকৰ প্ৰডাক্ট। দেশ ইমানেই অসমৰ্থ নে, যত মামুলি টেনিটাইজিং ডিভাইছ এটাও থলুৱা ভাৱে নিৰ্মান কৰিব নোৱাৰে? পাৰে, নিশ্চয় পাৰে। দেশত লাখ লাখ সমৰ্থবান এণ্টাৰপ্ৰিণাৰ আছে। কিন্তু বজাৰখনৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতত নাই। বজাৰখন নিয়ন্ত্ৰণ কৰে দিল্লীৰ আশীষ ধন্য মুষ্টিমেয় ব্যবসায়িক মহলে, যিসকলৰ ব্যৱসায়িক স্বাৰ্থ জড়িত হৈ আছে চীনা উৎপাদকৰ সৈতে। দেশীয় উদ্যোগৰ বিকাশৰ প্ৰতি চৰকাৰৰ ন্যূনতম সদিচ্ছা থকা হলে, জাৰি কৰিলেহেঁতেন নতুন নীতি নিৰ্দেশনা, যত স্থানীয় ভাবে উৎপাদিত সমগ্ৰীয়ে অগ্ৰাধিকাৰ পায়, তেনে নীতি নিৰ্দেশনা। নাই, সেইবোৰ একো নাই; আছে কেৱল জুমলা। ‘ভোকেল ফৰ লোকেল’ শ্লোগানত উৎপাদক সকলৰ যি অংশটো উদ্বুদ্ধ হৈছিল, তেওঁলোক আকৌ এবাৰ প্ৰতাৰিত হল, ধাৰ ঋণ কৰি কৰা উৎপাদনে মুখ থেকেছা খালে বজাৰৰ অভাৱত। দিল্লীৰ পৰা গুৱাহাটী, আজমীৰৰ পৰা কন্যা কুমাৰীলৈকে সৰ্বত্ৰ একেই চিত্ৰ। ব্যক্তিগত ভাবে আমিও তেনে প্ৰতাৰণাৰ বলি, চিনাকি জনে জানে সেই কথা।
ব্যতিক্ৰম বাদ দি অসমৰ প্ৰায় প্ৰতিজন প্ৰথম প্ৰজন্মৰ উদ্যোগীৰ ইতিবৃত্ত।সাধাৰণীকৃত, কিন্তু  প্ৰতাৰিত হোৱাৰেই দলিল, কাহিনীৰ হেৰ ফেৰ হয়তো আছে আৰু থাকিবও। এই প্ৰেক্ষাপট টোৱেই তপন পাটগিৰিৰ নিচিনা মানুহক আত্ম হননৰ ফালে ঠেলি দিয়াৰ বাবে যথেষ্ঠ।
কিডনী কাণ্ডই ৰাজ্য কঁপাই গৈছে। তিনি লাখ টকাৰ বিনিময়ত এইখন ৰাজ্যৰ মানুহ বাধ্য হৈছে দালালৰ যোগেদি কিডনী বিক্ৰী কৰিবলৈ। মই ন দি কব পাৰো, তিনি লাখৰ সলনি অংকটো যদি ১০/১৫ লাখৰ হয় আৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত যদি নাথাকে কোনো আইনী হকা-বধা, তেনে বিক্রেতাৰ শাৰীত থিয় হব অতি ক্ষুদ্ৰ উদ্যোগী সকলৰ মাজেৰেই এচাম, যাৰ সংখ্যাই অনায়াসে অতিক্রম কৰিব সহস্ৰাধিকৰ সংখ্যা। এই সকল কোন? যিসকলে এদিন স্ব নিৰ্ভৰশীল  হৈ স্বাৱলম্বী অসম গঢ়াৰ সপোনৰ হাত বাউলিত নিজকে উজাৰ কৰি জপিয়াই পৰিছিল, এক বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ প্ৰথম প্ৰজন্মৰ উদ্যোগী। এয়া ‘স্বাৱলম্বী অসম’ৰ এক নিৰ্মম দস্তাবেজ।
তপন পাটগিৰি প্ৰথম জন। পিছফালে ৰৈ আছে আৰু বহুজন। ‘শেষ সিদ্ধান্ত’ই অগা-দেৱা কৰিছে বহুতৰে মন মগজুত। কোনে কেতিয়া কোন মুহূৰ্ত্বত সিদ্ধান্তটো লৈ পেলায়, সেয়া সময়ৰ দৰ্পনত। এয়া কোনো অতি কথন নহয়, এক নিৰ্মম বাস্তৱতা, বাহ্যিকতাত যাৰ অস্তিত্ব আপুনি দেখা নাপায়। তপন পাটগিৰিৰ অতি ঘনিষ্ঠ জনেও জানো জানিছিল, তেওঁৰ মনৰ আচল খবৰ?
মই নিশ্চিত, অসমৰ অযুত উদ্যমী যুৱকৰ সন্মূখত কাল অমানিশাৰ হাত বাউলি।চৰম অনিশ্চয়তা আৰু ভাগি পৰা সপোনৰ মৰ্ম বেদনাত ভাৰাক্রান্ত এই সকলৰ বহূতেই অনাগত ভৱিষ্যতত  অনুসৰণ কৰিব তপন পাটগিৰিয়ে লোৱা পথ, মাথো সময়ৰ অপেক্ষা। নিঃসন্দেহে প্ৰতিটো ঘটনাৰ পিছত আত্মহত্যাৰ কাৰণ হিচাপে পুলিচ ৰিপোৰ্টত পাৰিবাৰিক আশান্তিকেই জগৰীয়া কৰা হব।হঠাৎ খহি পৰা পৰিয়ালৰ আৰ্থিক বুনিয়াদটো, যাৰ মাজত নিহিত পাৰিবাৰিক অশান্তিৰ কাৰণ, তাক সচেতন ভাবেই আওকাণ কৰা হব। নিশ্চিত ভাবেই তপন পাটগিৰিক অনুসৰণ কৰা সকল পৰিয়াল পৰিজন, বন্ধু বান্ধবৰ দ্বাৰা ধিকৃত হব, হয়তো সমাজৰ চকুত চিহ্নিত হব কাপুৰুষ কিম্বা হাৰি যোৱা মানুহ হিচাপে।কিন্তু এই সকলোবোৰক আওকাণ কৰিয়েই অচিৰেই হয়তো আৰম্ভ হব এক মৃত্যু মিচিলৰ।নাগৰিকত্ব হেৰুওৱাৰ আতংকই খেদা সেই মানুহবোৰৰ লেখীয়াকৈ, চৰম অনি্শ্চিত ভবিশ্যতৰ আতংকত ভোগা বন্ধ হৈ যোৱা কাগজ কলৰ শ্রমিক কৰ্মচাৰীৰ লেখীয়াকৈ এইবাৰৰ এই মৃত্যু মিচিল হব স্বাবলম্বী অসম গঢ়াৰ শপথ লোৱা এচাম উদ্যোগীৰ।সপোন যেতিয়া ভাগে, যেতিয়া পদে পদে হেয় প্রতিপন্ন হবলগীয়া হয়, আনৰ অনুকম্পাৰ পাত্র হোৱা যায়, তেতিয়া কাল অমানিশাৰ সেই হাত বাউলিক উপেক্ষা কৰাতো সচাকৈ বৰ কঠিন।
কাইলৈ হয়তো আমিও লব পাৰো একেই পথ, বিকল্প পথৰ সন্ধানহীনতাই খোলা থকা একমাত্র পথটোলৈকেই আঙুলিয়ায় আৰু এয়াই ৰূঢ় বাস্তব।মই জীয়াই থাকো বা নাথাকো, এইটোৱো নিশ্চিত  উদ্যোগীৰ আত্মহত্যাৰ পৰিসংখ্যান লৈ এন ডি টিভিৰ প্ৰাইম টাইমত ৰবিশ কুমাৰ এদিন উপস্থিত হব, তাত অসমৰ উদ্যোগীৰ আত্মহত্যাৰ প্ৰসংগও আহিব আৰু প্রশ্ন উত্থাপন কৰিব, এইবোৰ আত্মহত্যা নে ৰাষ্ট্ৰ কতৃক পৰিকল্পিত হত্যা?????…..

RelatedPosts

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

November 30, 2023
Climate Change: Individual Action Versus Collective Action

COP28 Commences in Dubai: Urgent Call for Global Climate Action

November 30, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023


[ লেখকৰ ফোন নম্বৰঃ ৮৬৩৮০৫৯৫২২ ]

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ইগ্নিচনতপন পাটগিৰি
Admin

Admin

Related Posts

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা
Women

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

by Admin
November 30, 2023
0

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা হেমেন দাস হেমেন দাস ১৯৮২ চন ৷ ইৰাণৰ জেনজান চহৰ ৷ ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদ...

Read more
Climate Change: Individual Action Versus Collective Action

COP28 Commences in Dubai: Urgent Call for Global Climate Action

November 30, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023
COP28: Trophic Cascading Climate Solutions

COP28: Trophic Cascading Climate Solutions

November 30, 2023
ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

ডo দীনেশ চন্দ্ৰ গোস্বামী: ব্যক্তিত্ব আৰু সান্নিধ্য

November 30, 2023
MAHABAHU : AN EXTRAORDINARY JOURNEY

MAHABAHU : AN EXTRAORDINARY JOURNEY

November 30, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

বন্দীশালত নাৰী, জীৱন আৰু স্বাধীনতা

November 30, 2023
COP28: The Global Stocktake and Climate Change Action

COP28: The Global Stocktake and Climate Change Action

November 30, 2023
Climate Change: Individual Action Versus Collective Action

COP28 Commences in Dubai: Urgent Call for Global Climate Action

November 30, 2023
Henry Kissinger Is Dead at 100

Henry Kissinger Is Dead at 100

November 30, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1718 shares
    Share 687 Tweet 430
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2084 shares
    Share 834 Tweet 521
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1530 shares
    Share 612 Tweet 383
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    928 shares
    Share 371 Tweet 232
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2439 shares
    Share 975 Tweet 610
  • FREEDOM FIGHTERS OF ASSAM

    3009 shares
    Share 1204 Tweet 752
  • অসমৰ লোকসংস্কৃতি

    1263 shares
    Share 505 Tweet 316
  • মাজুলী আৰু ৰাস

    401 shares
    Share 160 Tweet 100
  • ইতিহাসৰ জলঙাইদি হাজো

    1047 shares
    Share 419 Tweet 262
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    1253 shares
    Share 501 Tweet 313
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: