• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

ASSAMESE SECTION / Culture / Bihu

by Editor
April 15, 2025
in Cultural, ASSAMESE SECTION, Dance, History
Reading Time: 5 mins read
0
bihu
Share on FacebookShare on TwitterShare on LinkedIn

তাই আহোম সমাজত  বিহুৰ আৰম্ভনি

জ্যোতি ভাৰ্গৱ

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস
জ্যোতি ভাৰ্গৱ

   বিহু অসমীয়াৰ জাতীয় উৎসৱ।

বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন ভিন ঋতুত বিহু উদযাপন কৰা হয়।

বসন্ত ঋতুৰ আৰম্ভনিতে উদযাপন কৰা ৰঙালী বিহু অসমীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ।

অসমত বিহুৰ প্ৰচলন আহোম সকলেই কৰে।

Bijoy 6 Bihu
Image : Bijoylakshmi Bora

আহোমসকলে বিহুত গায়-

“লাহে লাহে ঐ  

বিহু  কোন ঢালে আহে ?

পূবে পশ্চিমে উত্তৰে দক্ষিণে

বিহু কোনে ঢালে আহে ?

মানদেশত আছিলে মানতৰা এযুৰি 

 আছিলে নৰিয়াত পৰি,

যেতিয়া শুনিলে বিহুৰে বতৰা

 আহিলে কাছুৰি ধৰি।“

ইয়াৰ পৰা বুজা যায় যে মানদেশ অৰ্থাৎ দক্ষিন পূব এচিয়াৰ ব্ৰহ্মদেশৰ পৰা অসমলৈ প্ৰব্ৰজিত হৈ আহোম সকলে বিহু লগত লৈ আহিছিল। বুৰঞ্জীয়েও একে কথাই কয় ।

 দেও বুৰঞ্জী মতে,তাই আহোম সকলৰ আদি পুৰুষ খুন্লুং খুনলায়ে  ৫৬৮খ্ৰীষ্টাব্দত  য়ুন্নান দেশৰ ম্য়ুংৰি-ম্য়ুংৰামত প্ৰথম ৰাজ্য় স্থাপন কৰোতে লেংদনৰ পৰা চোম ফ্ৰাৰুঙছেংম্য়ুঙ (চোমদেও),হেংদান,কাইছেংমুঙ (কুকুৰা) আৰু এযোৰ ঢোল পাইছিল।সেই দিন ধৰি আহোম সমাজৰ এই চাৰিপদ বস্তু অপৰিহাৰ্য অংগ হৈ পৰিছে।

বুৰঞ্জীত উল্লেখ থকা মতে,এটা সময়ত খুনলুঙে কিবা কথাত মতান্তৰ ঘটাত ম্য়ুংৰি-ম্য়ুংৰামৰ শাসন ভাৰ খুনলাইৰ হাতত দি য়ুন্নানৰ নাময়াং উপত্য়কাত নতুন ৰাজ্য় স্থাপন কৰে।এই ৰাজ্য়ৰ নাম আছিল ম্য়ুংকং । এই সময়ত এই ৰাজ্য়ই তাই সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ আছিল বুলি বুৰঞ্জীয়ে কয়। সেই ৰাজ্য়ত ঢোলৰ চৰ্চা ইমানেই আছিল যে সেই ৰাজ্য় ঢোলৰ দেশ বোলা হৈছিল। ম্য়ুংকংৰ অৰ্থও ঢোলৰ দেশেই।

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস
১১৫০ শকৰ  ১৬ আঘোনৰ দিনা ছ্য়ুকাফা অসমত প্ৰবেশ কৰে

  আহোমসকলৰ প্ৰনালীবদ্ধ বুৰঞ্জী মতে ১১৫০ শকৰ  ১৬ আঘোনৰ দিনা ছ্য়ুকাফা অসমত প্ৰবেশ কৰে। মান দেশৰ ৰজা খুত্য়াংখাঙৰ পুত্ৰ ছ্য়ুকাফাই  সসৈন্য় অসমলৈ আহোতে লগতে ঢোল আৰু ঢুলীয়া লৈ যে আহিছিল সেই কথা সহজে অনুমেয় ,কাৰণ ঢোল হৈছে লেংদন প্ৰদত্ত বাদ্য় আৰু উপৰি পুৰুষৰ পূজা আৰু আজ্ঞা পালন কৰাতো আহোম সমাজৰ অন্য়তম সামাজিক বিধান।

        সোধন ঢুলীয়া নামৰ ওজাই ছ্য়ুকাফাৰ ৰাজসভাত ঢোলবাদন কৰিছিল বুলি ঢোল মালিতাত পোৱা যায়। এই সোধন মালিতা আৰু তেওঁৰ সংগীবৃন্দ সকলে হেনো সৰ্বপ্ৰথমে পাটকাই পৰ্বতৰে বাট কাটি অসমলৈ অহা মহা তাই কোঁৱৰ চুকাফা আৰু ডাউফাক ঢোল মৃদং কৰতাল আদি নানা বাদ্য বজাই স্বৰ্গদেও ৰূপে আদৰনি জনাই অসম দেশলৈ নমাই আনিছিল।

সেই সোধন ঢুলীয়াৰ পৰাই অসমত ঢোল সংস্কৃতি বহুল প্ৰচাৰ অসম দেশত হয়। কাৰন স্বৰ্গদেও চুকাফাই শিল্পীজনাক ৰাজ মৰ্যাদা প্ৰদান কৰি ঢোল সংস্কৃতি প্ৰচাৰ ও প্ৰসাৰৰ ব্য়ৱস্থা কৰিছিল। সেয়েহে আজিও ঢুলীয়া শিল্পী সকলে ঢোলত চাপৰ মাৰি ৰাজ বুলনি গায়।

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

       আহোম সমাজত ঢোলক মাংগলিক বাদ্য় হিচাপে মান্যতা প্ৰদান কৰা হয়। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে,পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰ কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম সমাজত জনবিশ্বাস আছে।

     আগৰ দিনত ব’হাগ বিহুক কোনোৱে কোনোৱে চ’তৰ বিহুহে বুলিছিল। অস্বীকাৰ কৰক বা নকৰক চ’তৰ বিহুৱে হওঁক বা ব’হাগ বিহুৱে বোলক কিন্তু ৰঙালী বিহুৰ আদিম উৎস হৈছে কিছু লোক বিশ্বাসৰ আধাৰিত ধৰ্মীয় ভিত্তিহে।তাই আহোম সকলে বিহুত দেওধাই মহন সকলৰ দ্বাৰা কুকুৰা বলি দি মৃতকৰ তৰ্পন অনুষ্ঠান দাম পূজা কৰে। তাই আহোম সকলে বছৰৰ শেষৰটো মাহত অনুষ্ঠান পালন কৰাৰ বিশেষ কাৰণ আছে।

তাই আহোম বাবে এই বিষয়ত আছে উপৰিপুৰুষৰ আজ্ঞা।এই সমাজৰ পৰম্পৰা অনুযায়ী শিক্ষা-সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে জাছিংফা। জাছিংফাই তাই আহোম সকলৰ আদি পুৰুষ খুনলুং আৰু খুনলাইক দিয়া নিৰ্দেশৰ গোলাপচন্দ্ৰ বৰুৱাৰ আক্ষৰিক অনুবাদ এনেধৰণৰ-

“When the month of Dinha(Chaitra) comes and all sorts of flowers, the wild orchids and Shengpha (now known as Sinkara) begin to blow  you must select a day and offer annual sacrifice to the gods and worship them.(Ahom Buranji)

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

   খুনলুং খুনলায়ে লেংদন আৰু জাছিংফাৰ আজ্ঞা আখৰে আখৰে মানিছিলি বুলি বুৰঞ্জীয়ে কয়।চুকাফায়ো পূৰ্ব পুৰুষৰ বিধি বিধান আন্তৰিকতাৰে মানিছিল।চুকাফাৰ পিছৰ স্বৰ্গদেও সকলে ও বহুযুগলৈ এই বিধি বিধান মানিছিল যদিও পিছলৈ হিন্দু ধৰ্মৰ প্ৰভাৱান্বিত হোৱাৰ পিছত এই অনুষ্ঠানবোৰৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাইছিল।যদিও দেওধাই ,মহন ,বাইলুঙকে ধৰি কিছুমান ফৈদে পূৰ্বৰ ৰীতি-নীতি মানি থাকিল।

     চুমফ্ৰাৰুঙছেংমুঙক চুমচেঙ্গ বোলা হৈ যদিও পিছলৈ চোমদেও নামেৰেই জনাজাত হয়। চোমদেওৰ পূজা চ’তৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়।এই পূজাত চোমদেওক চাৰিওফালে ঘূৰি ঘূৰি নৃত্য় গীত কৰাতো অন্য়তম নিয়ম আছিল। চোমদেওৰ গুণ গৰিমা বৰ্ণনা কৰি ঢোলৰ চেৱে চেৱে নচা এই নৃত্য়ানুষ্ঠানক আহোম ভাষাত ৰুছেংৰী বোলা হয়। এই ৰুছেংৰি নৃত্য়ানুষ্ঠানেই পিছলৈ হুঁচৰিলৈ ৰূপান্তৰ ঘটে বুলি কোৱাৰ নিশ্চয় যুক্তি আছে।

উল্লেখযোগ্য় যে ৰুছেংৰিত চোমদেওৰ গুনানুকীৰ্ত্তন কৰা হৈছিল । আৰু ঠিক তেনেদৰে হুঁচৰিতো “প্ৰথমে প্ৰনামো আই সৰস্বতী,দ্বিতীয়তে প্ৰনামো হৰি”আদি দেব-দেৱী বন্দনামূলক গীত-পদ গোৱা হয়।বোধহয় ৰূপান্তৰৰ প্ৰলেপ ইয়াকেই বোলা হয়।

   আদিতে ব’হাগ বিহুত নৃত্য় গীত অপৰিহাৰ্য হোৱা নাছিল যদিও মৃতকৰ তৰ্পন বাধ্য়তামূলক আছিল। এই নিয়ম পালন নকৰিলে সমাজত অপায় অমঙ্গল ঘটে বুলি গভীৰ জনবিশ্বাস প্ৰচলিত হৈ আহিছে।গাঁৱত কাৰোবাৰ মৃত্য়ু, বা গাঁৱত বেমাৰ আজাৰে পালে বা তেনে কোনো বিশেষ কাৰণত ব’হাগৰ ৰং-ৰহইচ সেই বছৰৰ বাবে বন্ধ কৰাতো পাৰম্পৰিক নিয়ম ,যদিও মৃতকৰ তৰ্পন অনুষ্ঠান পালন কৰিবই লাগিব।

bihu2

এই বিষয়ত কনফুচিয়াছৰ দৰ্শনৰ প্ৰভাৱ আৰু মতবাদৰ কথা আহিব পাৰে। বৰ্তমানৰ চীনদেশৰ চান্তু প্ৰদেশত খ্ৰীষ্টপূৰ্ব ৫৫১ চনতে কুংফুং-ৎজে-কুং নামেৰে জন্মা আৰু পিছলৈ কুফচিয়াছ নামেৰে বিখ্য়াত হোৱা এই গৰাকী দাৰ্শনিকে উপৰিপুৰুষৰ পৰা চলি অহা ৰীতি নীতি সমূহৰ মাজত সভ্য়তা আৰু জ্ঞানৰ চানেকি আছে বুলি মত পোষণ কৰিছিল আৰু সেই ৰীতি নীতি সমূহ মানি চলিবলৈ উপদেশ দিছিল।

তাই জাতি ও সংস্কৃতিক আজীৱন প্ৰভাৱান্বিত কৰা  কনফুচিয়াছৰ পাঁচখন গ্ৰন্থক “মহান তাই জাতিৰ পুৰণি নথিপত্ৰ” (Collection of the ancient records of the great Tais) বোলা হয়। ম্য়ুৰিম্য়ুংৰাম,য়ুনান ,ম্য়ুাংকং আদি গচকি অহা আহোম সকলে লগত কনফুচিয়াছৰ বাণী অসমলৈ কঢ়িয়াই আনিছিল যেন সন্দেহ হয়।

তাহানিৰ দিনৰ তাই -মংগোলীয় সাহিত্য়ৰ ৰচনা শৈলীৰ চুটি চুটি পংক্তিৰ পুৰনি দিনৰ গীত পদৰ সুৰে সুৰে নাচি বাগি গাই কৰা  বিহুৰ নৃত্য়ানুষ্ঠান আৰু মৃতকৰৰ প্ৰতি তৰ্পন জনোৱা অনুষ্ঠান হয়তো সময়ৰ পৰিবৰ্তনত মূল ৰূপটোৰ ৰূপান্তৰ ঘটিছে।

সেই সময়ৰ “মানদেশৰ আছিল এযুৰি তৰা “ আদি পুৰনি গীত মাতেই এই কথা সোঁৱাৰাই দিয়ে যে আহোম স্বৰ্গদেও চ্য়ুকাফাই ম্য়ুংকং দেশৰ পৰা বিহু লৈ আহিছিল ।

Bijoy 4 Bihu
Image : Bijoylakshmi Bora

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d