• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

পুষ্পাঞ্জলি শিৱম শৰ্মা

by Anjan Sarma
February 26, 2023
in Literature
Reading Time: 6 mins read
0
close up photography of cherry blossom tree

Photo by Bagus Pangestu on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

“তানকা’’

পুষ্পাঞ্জলি শিৱম শৰ্মা

Pushpanjali Shivam Sarma
পুষ্পাঞ্জলি শিৱম শৰ্মা

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা…..

জাপান, যাক কোৱা হয় হ্ৰস্বতম

কবিতাৰ দেশ, অৰ্থাৎ “হাইকু’’ কবিতাৰ দেশ।

RelatedPosts

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 7, 2025
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 30, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025

দেশেবিদেশে পৃথিৱীৰ চুকেকোণে অলেখ অযুত কবিতাৰ সৃষ্টি হৈ থাকে অহৰহ।

তাৰে মাজত জাপানৰ “হাইকু’’ কবিতাৰ কথা কমবেছি পৰিমাণে সকলোৰে জ্ঞাত।

উদীয়মান সূৰ্যৰ দেশ জাপান আৰু মৰমলগা চেৰী ফুলৰ দেশৰ

কবিতাবোৰ অধিকাংশই অন্যান্য দেশৰ কবিতাৰ দৰে নহয় ।

ইহঁতৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে।

এওঁলোকৰ কবিতাত চীনৰ কবিতাৰ সামান্যতম প্ৰভাৱ দেখা যায় যদিও তাত জাতীয় মানসিকতাৰ ছবিহে বেছি সুন্দৰকৈ পৰিস্ফুট হয়।

কবিতাবোৰে কিন্তু চীন দেশৰ কবিতাবোৰৰ সংযত বৈশিষ্ট্যতকো কঢ়িয়াই।

তেওঁলোকৰ কবিতাত জীৱনবোধ, জীৱনৰ সৰু সৰু কিন্তু গুৰুত্বপুৰ্ণ দিশবোৰ প্ৰতিফলিত হয়।  তেওঁলোকে এইবোৰৰ মাজেৰে জীৱনটোক যোগাত্মক আৰু সূক্ষ্ম নিৰীক্ষণৰে তুলি ধৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে।

   জাপানত কবিতাৰ চৰ্চা সমাজৰ প্ৰায় সকলো লোকেই কম বেছি পৰিমাণে কৰা দেখা যায়।

কবিতা চৰ্চা তেওঁলোকৰ এটা অন্যতম প্ৰিয় বিষয়।

যদিও হাইকু জাপানৰ এক উল্লেখনীয় কবিতাৰ এক ধাৰা তথাপিও জাপানৰ অন্যতম এক প্ৰকাৰৰ অতি জনপ্ৰিয় কবিতাও আছে।

জীৱন অন্বিষ্ট কবিতাৰ এই ধাৰাৰ নাম হৈছে “তানকা’।

ই কবিতাৰ এনে এক ধাৰা যত বেছিকৈ জীবন-সম্পৃক্ত বিষয়বস্তুৰ ব্যাখ্যা থাকে তাকো ক্ষুদ্ৰভাবে।

অতি কম কথাত অথচ গভীৰ অৰ্থবহ বহন কৰি এই কবিতাসমূহ সৃষ্টি কৰা হ’য়।

জাপানি এই “তানকা’’ কবিতা তেনেকুৱাই বৈশিষ্ট্যসম্পন্ন কবিতা যি মানব-অন্বিষ্ট বৈশিষ্ট্যক বহন কৰে।

জীৱন যাপনত নিহিত তথা সন্নিবিষ্ট সকলো বিষয়েই ইয়াত উপস্থাপিত হোৱা দেখা যায়।

 মানবীয় আবেগ, অনুভব, সুখ দুঃখ, হাঁহি কান্দোন, আনন্দ বা যন্ত্ৰণা, আশা আশাভঙ্গ এই সকলোবোৰ প্ৰতিফলিত হয় “তানকা’ ত।

তানকা

কেইটামান “তানকা’’ৰ উদাহৰণ হিচাপে তলত দিয়া কেইটা উল্লেখ কৰিব পাৰি। 

১)

ক্লান্তি বিহীন

গীত জুৰি কুলিটি।

একেটি বছৰতে

দুবাৰকৈ জানো

বসন্ত আহে কোৱা?

(ফুজিয়ানা নো ওকিকাজে – ৯১০)

২)

বিবৰ্ণ ফুলত

আনমনা হৃদয়ে

জগৎ দেখে,

সুবিশাল আকাশত

বসন্ত আহি নামে।

(ৰাজকুমাৰী শিকুশি – ১২০১)

৩)

এপ্ৰিল দূৰতে

মে মাহত বৃক্ষশাখা

ফুল শয্যায়

দিশাহাৰা নয়নে

অপেক্ষাত থাকে যে।

( মায়েদা য়ুউগুৰে – ১৯৫১)

৪)

অ’কী ন’ তা ন’/ কৰিহ’ ন’ আয়’ ন’// ত’মা ব’ অ’ৰমী/ বাগা ক’ৰ’ম’ড বা/ ত্সু নী নুৰত্সুসু।

শৰত ঋতুত ধানৰ খেতিত

অস্থায়ী শস্য-জুপুৰীত আশ্ৰয়

মোটা ৰ’চৰ চিলিঙ

মোৰ আবৰণ তিতি যায়

বৰষুণৰ টোপালৰ সতে।

তানকা

গতিকে এনেকুৱা ধৰণৰ জাপানী ক্লাচিকেল কবিতাৰ ই এক উল্লেখনীয় ধাৰা।

ই জাপানী সাহিত্যক তাৰ লয়লাস আৰু গতিৰে এক উল্লেখনীয় দিশ প্ৰদান কৰিছিল।

 জাপানৰ বেছি ভাগ কবিতাই ‘তানকা’ বা ‘ওয়াকা’ বুলি কব পাৰি।

এইবোৰক মাত্ৰ পাঁচটা পংক্তিতে (৫-৭-৫-৭-৭) মুঠ একত্ৰিশ মাত্ৰাত ৰচনা কৰা হয়।

উল্লেখনীয় যে ‘হাইকু’ ৰ(৫-৭-৫) মুঠ সোতৰ মাত্ৰাত, লেখাও প্ৰচলন আছে।  জাপানৰ প্ৰাচীনতম কবিতা সংগ্ৰহ ‘কোজিকি’ (৭১২ খ্ৰীষ্টাব্দত সংকলিত)ত।

ইয়াৰ আগেও কবিতা মৌখিক ভাবে প্ৰচলিত আছিল, তাৰপিছত লিপিৰ অভাবত সময়ৰ গৰাহত সেইবোৰ হেৰাই গৈছিল। 

৭৫৯ খ্ৰীষ্টাব্দত সংগৃহীত ‘মানয়োও শুউ’ (দহ হাজাৰ পত্ৰ সংগ্ৰহ) পৃথিবীৰ অন্যতম কবিতা সংগ্ৰহৰ এক বৃহৎ উদাহৰণ।

 তানকা ৰ গঠন প্ৰণালী যিটো (৫-৭-৫-৭-৭) হয়, প্ৰধানতঃ ওয়াকা (waka) গাঁথনিৰ পৰা অনা হৈছে।

জাপানিলোক সকলে গীতি-কাব্য হিচাপে তানকাৰ ব্যৱহাৰত, ধ্বনিবিন্যাসত গুৰুত্ব দিয়ে।

জীবনৰ সুখ দুঃখ, আশা-আকাংক্ষা, হতাশা, প্ৰতিবাদ, আনন্দ, উল্লাস, নৈতিক অবক্ষয়, ইত্যাদিকে  সামৰি “তানকা’’ৰ স্বকীয়তাৰ ধাৰা অক্ষুণ্ণ আছে বুলি কব পাৰি।

Tanka2

তদুপৰি “তানকা’’ কবিতাত  প্ৰকৃতি, ঋতুৰ অনুপম সৌন্দৰ্য অতি সূক্ষ্ম বৰ্ণনাৰে আঁকি পেলোৱা থাকে। ই সন্মোহিত কৰে আকৰ্ষণ কৰে পাঠকক আৰু এক নিৰ্মল আনন্দ প্ৰদান কৰে।

ইয়াৰ বেছিভাগতে সুন্দৰকৈ চিত্ৰিত আছে বিদ্ৰোহ, বিক্ষোভ, প্ৰতিবাদ, জাগ্ৰত চৈতন্যেৰ বিস্ফোৰণৰ দৰে বিষয়বস্তুবোৰো।

বহল অৰ্থত যদি কবলৈ যোৱা হয় মানবীয় তথা জৈবিক বিস্তীৰ্ণ পটভূমিৰ সকলো বিষয়ে “ তানকা’’ত উপস্থাপন কৰাৰ প্ৰয়াস কৰে কবিসকলে।

সাধাৰণতে কবিতাৰ সংজ্ঞা বুলি কলে ই মানব মনৰ ভাবনাক কল্পনাৰ সহায়েৰে অনুভূতিৰ ৰঙত ৰঞ্জিত কৰে।  যথাযথ শব্দসম্ভাৰৰে বাস্তব, সুষমামণ্ডিত, চিত্ৰাত্মক তথা ছন্দোময় ৰূপ লাভ কৰাৰ অনুপম সাহিত্যই হৈছে কবিতা।

ইয়াৰ সংজ্ঞাৰ আদি অন্ত নাই।

যিমান সংজ্ঞাৰেই তাক ব্যাখ্যা কৰা নহওক কিয় সেয়া কমেই হব।

সাহিত্যৰ ই এক উৎকৃষ্টতম আৰু অভিন্ন অংগ।

কবিয়ে কবিতাবোৰৰ সৃষ্টিৰ আঁৰত এটি সাধাৰণ উদ্দেশ্যক বহন কৰি লৈ গৈ থাকে আৰু সেয়া হৈছে যে এইবোৰ জীবন অন্বিষ্ট।

 জীৱনৰ বিভিন্ন উপাদানৰাজিৰ অহৰহ সন্ধান আৰু তাৰ ব্যাখ্যাক সামৰি ই বাট বুটলে কবিৰ কলমেদি।

জাপানী তানকা সমূহ মূলতঃ ৫ শাৰীৰ ক্ষুদ্ৰ কবিতা।

এই কবিতাত মুঠতে ৩১টা চিলেবল থাকে।

প্ৰথমতে “তানকা’’ এশাৰীতে লিখা হৈছিল।

কিন্তু পিছলৈ ইংৰাজীলৈ অনুবাদ কৰোঁতে তানকা ৫ শাৰীত লিখাৰ পৰম্পৰা আৰম্ভ হয়।

তানকা

সপ্তম শতিকাৰ কবিতা হিচাপে প্ৰথমচোৱাত ৫-৭-৫-৭-৭ হিচাপে দুজন কবিয়ে লগ হৈ “তানকা’’ লিখিছিল। ৫-৭-৫ ৰে প্ৰথম কাব্যাংশ ৰচনা কৰা হৈছিল। জাপানী ভাষাত ইয়াক “ কামি নো কু” বা আপাৰ ফ্ৰেজ বুলি কোৱা হয়।

ইয়াত বিষয়বস্তু সাধাৰণতে দ্বিতীয় কবিয়ে শেষৰ ৭- ৭ দ্বিতীয় কাব্যাংশ ৰচনা কৰে, যাক কোৱা হয় “ চিমো নো কু” আৰু ইয়াত সাৰমৰ্ম থাকে।

অৰ্থাৎ প্ৰথম শাৰীত ৫টা চিলেবল বা জিভাৰ একেটা দোৰোলতে উচ্চাৰণ কৰিব কৰা শব্দ বা শব্দাংশ থাকে।

দ্বিতীয় শাৰীত ৭, তৃতীয়ত ৫ চতুৰ্থ আৰু পঞ্চম শাৰীত সাতোটাকৈ চিলেবল ব্যৱহাৰ হয়।  তানকাত মুঠ ৩১টা চিলেবল ব্যৱহাৰ হয়।

তানকা বৰ্ণবিন্যাস বা ধ্বনিবিন্যাস উভয়ভাবেই লিখিব পাৰি।

“ক’জিকী ‘’আৰু “নিহ’নশোকী’’ ৰ দিনত “তানকা’’ই এটা ভাল গতি লৈছিল আৰু ইয়াক সুন্দৰকৈ পৰিভাষিত কৰি তাক সুন্দৰ ৰূপ প্ৰদান কৰিছিল বুলি জনা যায়।

 য়’চান’ তেককান আৰু তেওঁৰ “মায়’জ’’’ পত্ৰিকাৰ লগত জড়িত কবি এটা উদাহৰণ আছিল কিন্তু সেইখনো কমসময়ৰ বাবেহে থাকিল।

এজন হাইস্কুলৰ ছাত্ৰ “অ’ট’ৰী য়ু’ (যাক পিছলৈ অ’কীক’ য়’চান’ বুলি জনাজাত হৈছিল ), আৰু ইশিকাৱা তাকুব’কু য়ে “মায়’জ’’ত যোগদান কৰিছিল।

তাতেই তেওঁলোকে “তানকা’’ ক এক উল্লেখনীয় মাত্ৰা প্ৰদান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু কিছু পৰিমাণে সফলো হৈছিল ইয়াক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত।

কিন্তু কমসময়লৈ ই টিকি থকাৰ বাবে এই যাত্ৰাৰ  সম্পূৰ্ণ সফলতা প্ৰাপ্ত কৰিব পৰা নাছিল।

ইয়াৰ এটা বৈশিষ্ট্য হৈছে যে জাপানত তানকা লিখা হয় মূলতঃ গীতিকাব্য হিচাপে। সেই বাবে তানকা লিখিবলৈ ধ্বনিবিন্যাসেই শ্ৰেয় বুলি বিবেচিত হয়।

tanka4

এগৰাকী কবিয়ে তানকা কি ধৰণে লিখি প্ৰকাশ কৰিব তাত তেওঁৰ সম্পূৰ্ণ নিজস্ব স্বাধীনতা থাকে।

গাথাঁৰ দৰেই “তানকা’’ ই এটি কেকুঁৰিৰ প্ৰয়োগ কৰে য’ত এক নিৰ্নায়ক দৃশ্য হিচাপে ব্যৱহাৰ কৰা হ’য়।

“তানকা’’ এনে এক প্ৰতিচ্ছবি  যি ছবিৰ পৰীক্ষাৰ দ্বাৰা ব্যক্তিগত প্ৰতিক্ৰিয়াৰ পৰীক্ষাৰ পৰিৱৰ্তনক চিহ্নিত কৰা হয়।

এই ভাগ তৃতীয় পংক্তিৰ ভিতৰতে স্থিত। যাক “কামী-ন’-কু’’ বা ওপৰৰ কবিতাক “শিম’-ন’-কু’’ মানে তলৰ কবিতাফাঁকিৰ লগত জড়িত কৰে।

“তানকা’’ ৰ মহান তথা বিখ্যাত কবিতাৰ স্ৰষ্টাসকলৰ মাজত মহিলাও আছিল আৰু তেওঁলোকৰ ভিতৰত “লেডী অ’কাজ’নএম’ন, য়’চান’ অকীক’ আৰু লেডী মুৰাচাকী শিকিবু যিসকলে “দ্যা টেল অফ জেনজী’’লিখিছিল।

একক বিখ্যাত জাপানী গদ্যপাঠ য’ত চাৰিশতকৈও অধিক “তানকা’’ সন্নিৱিষ্ট আছিল।

 উল্লেখ কৰিব পাৰি যে ইংৰাজী ভাষাৰ লেখকসকলে কিন্তু “তানকা’’ ক সেইধৰণৰে লোৱা নাছিল যিদৰে তেওঁলোকে“হাইকু’’ক গ্ৰহণ কৰিছিল।

এই সম্পৰ্কত এয়া এক প্ৰচলিত অপবাদ বুলিও কিছুমানে মতামত ব্যক্ত কৰে।

ৰেক্স’থ ৰ অনুবাদ যত নেকি জাপানী এশ কবিতা সন্নিবিষ্ট আছে সেইবোৰক “ক্লাছিকেল’’ বুলি গণ্য কৰা হয় আৰু “দা ইংক ডাৰ্ক মুন, অ’ন’ ন’ ক’মাচী আৰু ইজুমী শিকিবু ৰ দ্বাৰা ৰচিত প্ৰেমৰ কবিতা, মাৰিক’ অৰাতানী ৰ লগত জেনৰ দ্বাৰা অনুবাদিত কৰি ইয়াক আগবঢ়াই লৈ গৈছিল।

যদিও হাইকু জাপানৰ পৰম্পৰাগত কবিতা হিচাপে পৃথিৱীখ্যাত, কিন্তু “তানকা’’ যি “হাইকু’’ ৰ তুলনাত ১০০০বৰ্ষতকৈয়ো আগৰ ইতিহাস আছে বুলি জনা যায় তাৰো এক সুকীয়া ঐতিহ্য আছে।

tanka5

এই ক্ষেত্ৰত কোৱা হয় যে,

“তানকা’’ মানুহৰ সাধাৰণ জীৱনৰ লগত অতি নিবিভাবে জড়িত আৰু মানুহৰ মৰম আৰু প্ৰেমতে ই লালিতপালিত হৈছে। ’’

 সেয়েহে আজিকোপতি প্ৰতিজন জাপাানী মানুহৰ লগতে কবিতাপ্ৰেমী প্ৰতিজন লোকৰ মনতে ই ঘৰ কৰিব পৰাৰ সামৰ্থ্য বহন কৰে।

তানকাৰ ক্ষেত্ৰত মনকৰিবলগীয়া এটি মূল বৈশিষ্ট্য হৈছে , ইযাৰ কোনো মিল বিন্যাস নাথাকে অৰ্থাৎ ৰাইমিঙ নাথাকে।

আদৰ্শ“ তানকা’ এটি দৃশ্যপট থাকে আৰু এই দৃশ্যপটক কেন্দ্ৰ কৰি কবিতাটোৰ উত্তৰণ ঘটাই লৈ গৈ থাকে কবিয়ে।

 মানে, প্ৰথম তিনিশাৰীত যি কথা উল্লেখ হয় তাৰ লগত সংগতি মিলাই শেষৰ দুই শাৰীতহে মুখ্য কথা উপস্থাপন কৰা হয়।

ইয়াৰ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত এগৰাকী কবিয়ে প্ৰেমৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীবন প্ৰবাহৰ চিত্ৰন, সামাজিক বিষয়, শিশুৰ বিকাশ আৰু কাল্পনিক দিশবোৰো সুন্দৰকৈ অঙ্কন কৰে।

তদুপৰি গুৰুত্বপূৰ্ণ কথাটো হৈছে ই একপ্ৰকাৰৰ “চনেট’’ৰ দৰেও দেখা যায়।

সাধাৰণতে জাপানি লোকে মনৰ ভাব অনুভৱ সংক্ষেপে প্ৰকাশ কৰিবলৈ বেছি ভালপায় গতিকে’কথা কম কাম বেছি, ‘’এই নীতিতেই তেওঁলোকেে জীৱনধাৰা আগুৱাই নিয়াত বিশ্বাসী।

 কম কথাত ভাবৰ ব্যাপক বিস্তাৰ কৰাত বিশ্বাসী তেওঁলোক লগতে গীতি-কাব্যৰ ক্ষেত্ৰতো একেই পন্থা অৱলম্বন কৰে।

থিয়োডৰ ৱাট্ছ-ডাণ্টনে কৈ গৈছিল, কবিতা হ’ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। “

আৰু তানকাত এই সকলোবোৰ প্ৰতিফলিত হয়। কম কথাত কম শাৰীত, যাক সুন্দৰকৈ সজাইপৰাই জাপানি লোকসকলে অতি আগ্ৰহৰে তেওঁলোকৰ সৃষ্টিশীল মনক এক সুন্দৰ দিশলৈ পৰ্যবেসিত কৰে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা
History

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

by Editor
June 7, 2025
0

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা মূল ইংৰাজীঃ মনজিত নাৰায়ণ ডেকা অনুবাদঃ তপনজিৎ ডেকা মনজিত...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 30, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

May 23, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025
প্ৰাক্তন বিধায়ক প্ৰয়াত কামেশ্বৰ দাস: এক ব্যতিক্ৰমী জনপ্ৰতিনিধি

Assam’s Identity Struggle

May 21, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

খাঁ চৌধুৰী আমানত উল্লা আহমদ: কোচবিহাৰৰ এক অনন্য ব্যক্তিত্ব

May 8, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
A “Nice Wake-Up Call” for Plastics Pollution Treaty

A “Nice Wake-Up Call” for Plastics Pollution Treaty

June 13, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

June 12, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Dreamliner Crash in Ahmedabad Claims Over 290 Lives

June 12, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11906 shares
    Share 4762 Tweet 2976
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1377 shares
    Share 551 Tweet 344
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2859 shares
    Share 1144 Tweet 715
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7218 shares
    Share 2887 Tweet 1805
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5507 shares
    Share 2203 Tweet 1377
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3058 shares
    Share 1223 Tweet 765
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    867 shares
    Share 347 Tweet 217
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    177 shares
    Share 71 Tweet 44
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    170 shares
    Share 68 Tweet 43
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3150 shares
    Share 1260 Tweet 788
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d