তালিবানৰ অধীনত আফগান মহিলা
ছোনিয়া আহমদী

তালিবানে নাটকীয়ভাৱে অধিগ্ৰহণ কৰাৰ পূৰ্বে কেইবাগৰাকীও বিশিষ্ট আফগান মহিলা আৰু মহিলা অধিকাৰ কৰ্মীয়ে তালিবানৰ দমন, অত্যাচাৰ, নাৰীবিদ্বেষ আদি বিষয়ে আফগান মহিলাৰ জীৱনত সেইবোৰৰ ভয়ংকৰ প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল।
কিন্তু কোনেও সেইবোৰ বিশ্বাস নকৰিলে।
এবছৰৰ পাছত আমি নৃশংস ধ্বংসৰ সাক্ষী হৈছো।
তালিবানে মহিলাৰ স্বাধীনতা, শিক্ষা, সামাজিক অংশগ্ৰহণ, আৰু ঘূৰি ফুৰা আৰু কাম কৰাৰ সুযোগত বাধা আৰোপ কৰে। তালিবানে মহিলা আৰু ছোৱালীৰ অধিকাৰ আটাইতকৈ গুৰুতৰভাৱে উলংঘা কৰে। ঘৰত বা ঘনিষ্ঠ সম্পৰ্কত হিংসাৰ সন্মুখীন হোৱা মহিলা আৰু ছোৱালীয়ে ইয়াৰ পৰা সাৰি যাব নোৱাৰে, কাৰণ তেওঁলোকক সুৰক্ষা আৰু সমৰ্থন কৰিব পৰা ব্যৱস্থা আৰু নাই।
দৰিদ্ৰতা আৰু অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হৈছে দেশ। মানুহৰ বাবে পৰিস্থিতি হতাশজনক। বাঢ়িছে সন্তান আৰু বলপূৰ্বক বিবাহৰ সংখ্যা।
২৭ জুলাই ২০২২ তাৰিখে প্ৰকাশিত এমেনেষ্টি ইণ্টাৰনেশ্যনেলৰ নতুন প্ৰতিবেদনত দেখা গৈছে যে তালিবানে লাখ লাখ আফগান মহিলা আৰু ছোৱালীক নিৰাপদ, মুক্ত আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। তেওঁলোকৰ স্বেচ্ছাচাৰী আইন আৰু নীতিয়ে নাৰী আৰু ছোৱালীক জীৱনৰ প্ৰায় প্ৰতিটো দিশতে অত্যাচাৰ আৰু বৈষম্যৰ সৃষ্টি কৰে।
তালিবানৰ নৃশংস নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস কৰা একমাত্ৰ মহিলা প্ৰতিবাদকাৰী গোটৰ সৈতে থকাসকলক গ্ৰেপ্তাৰ কৰা হৈছে, নিৰুদ্দিষ্ট কৰা হৈছে, অত্যাচাৰ কৰা হৈছে। “নৈতিক দুৰ্নীতি”ৰ বাবে তেওঁলোকক আটক কৰা হৈছে।

দুৰ্ভাগ্যজনকভাৱে এই প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ আমাৰ বাবে নতুন কথা নহয়- কিয়নো আমি যিসকলে আফগান মহিলাৰ অধিকাৰৰ বাবে যুঁজ দি আছো আৰু যিসকলে তেওঁলোকৰ সৈতে দৈনিক যোগাযোগত থাকে। তালিবানে দায়িত্ব লোৱাৰ পাছৰে পৰা মই কাবুল, কুণ্ডুজ, বালখ, মাজাৰে শ্বৰীফ, পাকতিকা, লগাৰ, জালালাবাদকে ধৰি বিভিন্ন প্ৰদেশৰ কেইবাগৰাকীও ছোৱালী-মহিলাৰ সৈতে যোগাযোগ কৰি আহিছো। বেছিভাগেই তালিবানৰ অত্যাচাৰৰ কথা কয় আৰু তেওঁলোকে কেনেকৈ পদ্ধতিগতভাৱে প্ৰতিটো ক্ষেত্ৰৰ পৰা নাৰীক আঁতৰাই পেলাবলৈ চেষ্টা কৰে সেইবিষয়ে ডাঙি ধৰে।
ইয়াত তেতিয়া প্ৰশ্নটো হৈ পৰে, আমি কি কৰিব পাৰো?
এনে লাগিব পাৰে যেন আমি একো কৰিব নোৱাৰো, যেন আফগানিস্তান বহুত দূৰত আৰু আফগান মহিলাসকল আমাৰ বাবে অতি অদ্ভুত হৈ পৰে নিজৰ অধিকাৰৰ বাবে কোনোধৰণৰ স্থিতি ল’ব নোৱাৰা সম্পূৰ্ণ অসহায়!
তালিবানৰ সৈতে আলোচনা আৰু তেওঁলোকৰ ক্ষমতা দখলে ইতিমধ্যে আন সন্ত্ৰাসবাদী গোটসমূহলৈও এক বিপজ্জনক সংকেত প্ৰেৰণ কৰিছে: যদি তেওঁলোকে নিজৰ সন্ত্ৰাসবাদী কাৰ্য্য আৰু নিৰীহ লোকক হত্যা কৰাৰ কাৰ্য্য অব্যাহত ৰাখে, তেন্তে তেওঁলোকে ক্ষমতা, স্বীকৃতি, আৰু “ৰেড কাৰ্পেট” দুয়োটাকে লাভ কৰিব। হয়তো ব্যক্তিগত বিমানেৰে ইউৰোপৰ এখন দেশলৈও ভ্ৰমণ সম্ভৱ হব! ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে, যিটো দীৰ্ঘকালীনভাৱে সমগ্ৰ বিশ্বৰ বাবে অতি বিপদজনক হ’ব পাৰে। আমি ইতিহাসক পুনৰাবৃত্তি হ’বলৈ দিয়া উচিত নহয়। আমি আফগানিস্তানক পুনৰ সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল হ’বলৈ দিব নালাগে।
আফগান নাৰীৰ অধিকাৰৰ কথা আহিলে নৰৱেত আফগান- নৰৱেৰ মহিলাৰ শ শ উদাহৰণ আছে যিয়ে দেখুৱাইছে যে যেতিয়া আমি নিজকে শিক্ষিত কৰাৰ আৰু বিকশিত কৰাৰ সুযোগ পাওঁ, তেতিয়া আমি উজলি উঠো আৰু সমাজকো অৰিহণা যোগাবলৈ সক্ষম হৈ পৰো। তদুপৰি সকলো নাৰী মুক্ত নোহোৱালৈকে কোনো নাৰী মুক্ত নহয়। সমতাত বিশ্বাস কৰা সকলো পুৰুষ-মহিলাই আফগানিস্তানৰ নাৰীক সমৰ্থন কৰিব লাগিব আৰু তেওঁলোকক অকলে এৰি নাযাব! আমি তেওঁলোকৰ সৈতে একাত্মতাৰে থিয় দিব লাগিব।

কিন্তু আমি কেনেকৈ কৰিব পাৰো?
নৰৱেৰ দৰে গণতান্ত্ৰিক দেশত সৌভাগ্যক্ৰমে জনসাধাৰণৰ হাতত ক্ষমতা আছে। আমি কৰ্তৃপক্ষৰ ওপৰত হেঁচা দিব পাৰো, যিয়ে তালিবানক হেঁচা দিব পাৰে। আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ, আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সহযোগত নৰৱে চৰকাৰে এনে এক কৌশল প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব পাৰে যিয়ে তালিবানক হেঁচা প্ৰয়োগ কৰি আফগান মহিলাসকলক মুক্ত আৰু মৰ্যদাপূৰ্ণ জীৱন যাপন কৰিবলৈ অনুমতি দিয়ে।
যদি তালিবানে তেনে নকৰে, তেন্তে তেওঁলোকৰ ওপৰত পৰিণতি আৰু ভ্ৰমণ নিষেধাজ্ঞাৰ দৰে লক্ষ্য নিষেধাজ্ঞা আৰোপ কৰিব লাগিব। আফগানিস্তানত ছোৱালী আৰু মহিলাৰ প্ৰতি কৰা অমানৱীয় ব্যৱহাৰৰ বাবে তালিবানে জবাবদিহি কৰিব লাগিব। এমেনেষ্টি ইণ্টাৰনেশ্যনেলেও ইয়াক উৎসাহিত কৰিছে!

আজি তালিবানে আফগান ছোৱালী আৰু মহিলাসকলক এক আহিলা হিচাপে ব্যৱহাৰ কৰে যাতে আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু তেওঁলোকক সমৰ্থন কৰা ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনা কৰি বৈধ চৰকাৰ হিচাপে স্বীকৃতি লাভ কৰিব পাৰে।
গতিকে আহক, আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰু আফগান মহিলাৰ সৈতে একেলগে থিয় দিওঁ- যিসকলৰ বিৰুদ্ধে পদ্ধতিগতভাৱে বৈষম্যমূলক ব্যৱহাৰ কৰা হৈছে, ক্ষমতাহীন কৰা হৈছে, আৰু ইচ্ছাকৃতভাৱে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই পেলোৱা হৈছে।
আহক আমি তেওঁলোকৰ লগত থিয় দিওঁ, যাতে তেওঁলোকে ক্ষমতাশালী অনুভৱ কৰে আৰু এই পদ্ধতিগত অন্যায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখে আৰু এবাৰ আৰু চিৰদিনৰ বাবে শেষ কৰে!
04-08-2022
[ Writer SONIA AHMADI is the CEO and Founder at Afghan-Norwegian Women for Change Research Advisor at NTNU]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)