–দিলীপ দৈমাৰী |
কাবুল বেছি দূৰৈত নাই। তালিবানৰ দখল অভিযানে সকলোৰে চকুৰ টোপনি, মনৰ শান্তি নোহোৱা কৰি পেলাইছে। আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰ আৰম্ভ হোৱাৰ পিছত যোৱা দুমাহৰ ভিতৰত এখনৰ পিছত এখনকৈ চহৰ দখল কৰিছে তালিবানে। ৮০০০০ তালিবান জেহাদীৰ মোকাবিলা কৰিবলৈ গৈ থাকে মুখে পানী খাইছে প্ৰায় ৩০০০০০( তিনি লাখ) সেনা আৰু পুলিচে। এই লেখাৰ সময়লৈকে কাবুলে পৰা মাত্ৰ কিছু কিলোমিটাৰ দূৰত্বত আছে তালিবান। ইতিমধ্যে যিবোৰ অঞ্চল তালিবানে দখল কৰিছে, সেইবোৰ অঞ্চলত তালিবানে মৃত্যুলীলা চলাইছে, মানুহৰ ঘৰ-বাৰী লুন্ঠন কৰিছে, মানুহক বন্দী কৰি অকথ্য নিৰ্যাতন চলাইছে, ছোৱালীবোৰক বলপূৰ্বক ভাৱে টানি লৈ গৈছে তথা যৌনদাসীত পৰিণত কৰিবলৈ বন্দী কৰিছে – এনেবোৰ দাবী কৰিছে আফগান প্ৰশাসনে। বৃহস্পতিবাৰে গজনী, তাৰপিছত কান্দাহাৰ, লস্কৰগাহ, হেৰাট বিমানবন্দৰ দখল কৰিছে তালিবানে। শনিবাৰে মাজাৰ-ঈ-শ্বৰিফ দখললৈ নিয়াৰ পিছত দেওবাৰৰ দিনটোত জালালাবাদো বিনাবাধাই দখল কৰিছে তালিবানে। আমেৰিকাৰ সেনাবাহিনীয়ে আফগানিস্তান ত্যাগ কৰিবলৈ ধৰাৰ তিনি সপ্তাহৰো কম সময়তে উত্তৰ, পশ্চিম আৰু দক্ষিণ আফগানিস্তান দখল কৰিছে তালিবানে। তালিবানৰ মুখপাত্ৰ সুহেল শ্বাহিনে সংবাদ মাধ্যমৰ আগত কৈছে যে “যদি ভাৰতৰ সৈন্যই আফগানিস্তানৰ সৈন্যক সহায় কৰিবলৈ অগ্ৰসৰ হয়, ভাৰতৰ বাবে সেয়া ভাল নহ’ব।” ইতিমধ্যে আফগানিস্তান বিষয়ক কাটাৰ-জোট পক্ষৰ পৰা ( ভাৰত, জাৰ্মানী, তাজিকিস্তান-সহ বহুকেইখন দেশ ইয়াৰ সদস্য) কোৱা হৈছে যে সামৰিক শক্তিৰে আফগানিস্তানত চৰকাৰ গঠন কৰিলে সেই চৰকাৰক মান্যতা দিয়া নহ’ব। কিন্তু তালিবানে এনেবোৰ বিষয় গুৰুত্ব দিয়া নাই তথা নিজৰ লক্ষ্যত উপনীত হবলৈ আগবাঢ়ি আছে। আন্তৰ্জাতিক পৰ্যবেক্ষকসকল নিশ্চিত যে ২০ বছৰৰ পিছত তালিবানৰ এনে উত্থানৰ মূলতে হ’ল চীন আৰু ৰাছিয়া। তাৰোপৰি তালিবানৰ সৈতে আছে পাকিস্তান। গতিকে বিপাঙত পৰিছে মোডী, জয়শংকৰ, ডোভাল। সকলোবোৰ অংকৰ বাহিৰত সংঘটিত হ’ল আৰু ইতিপূৰ্বে যিবোৰ অংক কৰা হ’ল- সেইবোৰ ব্যৰ্থ হৈ পৰিল। ৰাছিয়া, ইৰাণ, বৃটেইন আদি দেশৰ সৈতেও আফগানিস্তানৰ প্ৰসঙ্গ লৈ এঘৰীয়া হৈছে মোডীৰ চৰকাৰ।
তালিবানৰ এনে উত্থানৰ মূলতে চীন, ৰাছিয়া, পাকিস্তানৰ লগতে ধৰ্মীয় উন্মাদনাই আৰু বিপুল অৰ্থশক্তিয়ে সহায় কৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ফোৰ্বচ আলোচনীৰ মতে ২০১৬ চনত বিশ্বৰ পঞ্চম ধনী জঙ্গীগোষ্ঠী আছিল তালিবান, ২০১৮ চনত হৈ পৰে দ্বিতীয় ( প্ৰথম স্থানত লেবাননৰ হিজবুল্লা, তৃতীয় হামাচ, চতুৰ্থ অল-কায়দা, পঞ্চম আই-এছ)! ২০১৮ চনত তালিবানৰ আনুমানিক সম্পদ আছিল ৮০ কোটি ডলাৰ ( প্ৰায় ৬০০০ কোটি টকা), আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন মতে এতিয়া সেই সম্পদ হৈ পৰিছে ১৫০ কোটি ডলাৰ ( প্ৰায় ১১১০০ কোটি টকা)! সেই বছৰত আফগানিস্তানৰ চৰকাৰৰ মুঠ ৰাজহৰ পৰিমাণ আছিল ৫৫০ কোটি ডলাৰ ( ৪১০০০ কোটি টকা), আৰু তাৰে মাত্ৰ ২% বৰাদ্দ হৈছিল প্ৰতিৰক্ষা শিতানত ( আমেৰিকাৰ সাহায্য সুকীয়া, যোৱাবছৰ আমেৰিকাই ৯০০০০ কোটি টকাৰ সাহায্য কৰিছিল আফগানিস্তানৰ চৰকাৰক)। তালিবানৰ অৰ্থ আমদানিৰ মূল উৎস হ’ল খনি। বছৰেকত প্ৰায় ৩৫০০ কোটি টকা আহৰণ কৰে। দক্ষিণ আফগানিস্তানৰ অধিকৃত অঞ্চলৰ পৰা নিকেল, টাংষ্টেন, সোণ, মূল্যবান পাত্থৰ, প্ৰাকৃতিক গেছ আদি তালিবানে উত্তোলন কৰে। আফগানিস্তানৰ ৮০০ বৈধ খনিৰ আধাতকৈও বেছি তালিবানৰ হাতত। যিবোৰ হাতত নাই, সেইবোৰৰ পৰাও কৰে আদায় কৰে তালিবানে। ড্ৰাগ, চোৰাং বেহা-বেপাৰৰ পৰা আহে বছৰত প্ৰায় ৩২০০ কোটি টকা। তালিবান নিয়ন্ত্ৰিত অঞ্চলত ভালেকেইটা আন্তৰ্জাতিক চক্ৰৰ ড্ৰাগ তৈয়াৰ কৰা কাৰখানা আছে। তাৰেপৰাও পায় বিপুল পৰিমাণৰ ধন। পশ্চিম এছিয়াতো আছে তালিবানৰ বেনামী ব্যৱসায়, তাৰপৰাও আহে বিপুল ধন। তাৰোপৰি তালিবানৰ এলেকাত বাস কৰা জনসাধাৰণেও দিব লাগে বিভিন্ন কৰ-কাটল। বছৰেকত তেনে কৰ – কালৰ পৰা আহে প্ৰায় ২০০ কোটি টকা। দেশী বিদেশী ব্যৱসায়িক সংস্থাৰ পৰাও পায় বছৰেকত বহু ধন। চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰ-শ্বাহি, কাতাৰ আদিৰ পৰাও ‘চৰকাৰী বেচৰকাৰী’ অনুদান লাভ কৰে তালিবানে। আৰ্থিক সাহায্য আহে পাকিস্তানৰ পৰাও। গতিকে, তালিবানক ৰোধ কৰিব কিদৰে? আমেৰিকাও কাষত নাই!! গতিকে কাবুল পতনৰ মুখত। তালিবানৰ জয় অনিবাৰ্য। মাথো সময়ৰ অপেক্ষা আফগানিস্তানৰ চৰকাৰৰ পতন ঘটাৰ!