• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

তিৰুআন্নামলই ডায়েৰী

TRAVEL / Spiritual

by Editor
January 6, 2026
in Travel, Spirituality, Spirituality
Reading Time: 6 mins read
0
তিৰুআন্নামলই ডায়েৰী
Share on FacebookShare on TwitterShare on LinkedIn

তিৰুআন্নামলই ডায়েৰী

Ramanasaramam Compound

অনিতা নাথ

তিৰুআন্নামলই ডায়েৰী

তিৰুআন্নামলই…

তামিল নাডুৰ এখন চহৰ তিৰুআন্নামলই। বিশেষভাৱে প্ৰসিদ্ধ তাত থকা অতি পবিত্ৰ পাহাৰ “অৰুণাচলা”, “অৰুণাচলেশ্বৰ মন্দিৰ” আৰু “ৰমণাশ্ৰম“ৰ বাবে। বহু বছৰ ধৰি ইয়ালৈ প্ৰায় প্ৰতি বছৰতেই এবাৰ আহিবলৈ চেষ্টা কৰোঁ। পিছে বিভিন্ন কাৰণত আজি দুই তিনি বছৰ অহা হোৱা নাছিল। নবেম্বৰৰ মাজভাগত মানুহজনে হঠাতে ক’লে যে ১ ৰ পৰা ১০ ডিচেম্বৰলৈ গৈ আহিব পৰা যাব আৰু লৰালৰিকৈ উৰাজাহাজৰ টিকট, তিৰুঅন্নামলইৰ ৰমণাশ্ৰমত থকাৰ ব্যৱস্থা আদি সকলো ঠিক কৰিলে। দেশ বিদেশৰ পৰ্যটকেৰে ভৰি থকা ৰমণাশ্ৰমৰ অতিথিশালাত থাকিবলৈ হ’লে দুই/তিনি মাহৰ আগতেই বুক কৰিব লগীয়া হয়। ইমান কম সময়ৰ ভিতৰত, খৰখেদাকৈ খবৰ কৰি থাকিবলৈ পোৱাটো এক প্ৰকাৰ অসম্ভৱ কথা, বিশেষকৈ দীপম, ৰমণ মহৰ্ষিৰ জন্ম জয়ন্তী আদিৰ সময়ত। এতিয়া খবৰ কৰাত জনা গ’ল যে তেওঁলোকৰ অতিথিশালা সমূহ সম্পূৰ্ণ বুক হৈ আছে, ক’তো খালী নাই। কিন্তু আমি আগৰেপৰা গৈ থকা চিনাকি লোক বুলি বুজি পাই ব্যৱস্থা কৰি দিলে। ৰমণাশ্ৰমত থাকিবলৈ পাম বুলি জানিব পাৰি মনটো উৎফুল্লিত হৈ উঠিল। 

১ ডিচেম্বৰ, ২০২৫। চেন্নাই মেট্ৰো যাত্ৰা… 

পুৱা ৪-৩০ বজাৰ আগতেই ঘৰৰপৰা ওলালো আৰু ৭ বজাত গুৱাহাটীৰপৰা যাত্ৰা চেন্নাইলৈ। চেন্নাই এয়াৰপৰ্টৰ পৰা কোইমবেডোৰলৈ মেট্ৰো ট্ৰেইনত আহিলোঁ। মই আগতে মেট্ৰো ট্ৰেইনত যাত্ৰা কৰি পোৱা নাই। এওঁ টেক্সি লৈ হোটেললৈ অহাৰ কথা কৈছিল, পিছে মেট্ৰো ট্ৰেইনত উঠিবৰ বাবে কৰা মোৰ নেৰানেপেৰা আমনিত মেট্রো ট্ৰেইনত আহিবলৈ বাধ্য হ’ল; পিছে বৰ ভাল লাগিল। দুপৰীয়াৰ সময় বাবে অলপো ভিৰ নাই। বৰ নিয়াৰি, দক্ষ আৰু পৰিস্কাৰ যাতায়তৰ ব্যৱস্থা। তাৰ পৰা অলপ দূৰ অট’ এখনত গৈ বন্দবস্ত কৰি থোৱা হোটেলখন পালোগৈ। এতিয়াহে আচল সমস্যা। আমি থকা হোটেলখনত bed & breakfast ৰ ব্যৱস্থা… দূপৰীয়াৰ আহাৰৰ বাবে ওলাই যাব লাগিব। ওচৰতে ভাল খোৱা ঠাই আছে, শাকাহাৰী ৰেষ্টুৰেণ্ট “সঙ্গীতা”। পিছে গোটেই দক্ষিণ ভাৰততে এই সময়ত শ্ৰীলংকাত হৈ থকা ঘূৰ্ণী বতাহ Ditwahৰ প্ৰভাৱত দোপালপিটা বৰষুণ। গোটেই ৰাষ্টা ঘাট পানীৰে ভৰি পৰিছে, হোটেলখনৰ চাৰিওফালেও পানী। ইফালে ভোকো লাগিছে… পুৱাই ঘৰত খাই অহা, ফ্লাইটত খোৱা সকলো আহাৰ হজম হ’ল। ভাগ্য ভাল লগত দুটা ছাটি আনিছিলো। জোতা খুলি চেণ্ডেল পিন্ধি, কাপোৰ কোচাই পানীৰ মাজে মাজে চলৌপ চলৌপকৈ ওলালোঁ আৰু অট’ এখন লৈ “সঙ্গীতা”ত সোমাই বঢ়িয়াকৈ খাই ললোঁ। এতিয়াহে শান্তি। পিছে মোৰ ৰাতিৰ বাবে চিন্তা হ’লেই নহয়। এওঁক কলোঁ, ইমান বৰষুণ আৰু পানীৰ মাজত আকৌ ওলাই আহিব নোৱাৰি … কিবা অলপ pack কৰাই লওঁ। গধূলি মাইলাপুৰত থকা ৰামকৃষ্ণ মঠলৈ যাম বুলি ভাবিছিলো, কিন্তু বৰষুণৰ বাবে যাব পৰা নহ’ল। দূৰো আছে, গতিকে সন্ধিয়া হোটেলৰ তললৈ নামি আহি মুকলি ছাদৰ তলত গান গাই গাই বাহিৰৰ বৰষুণ চাই বহু সময় খোজ কাঢ়িলো। ধাৰাষাৰ বৰষুণৰ কাৰণে মোৰ সুৰ বেসুৰ হ’লেও কোনেও নুশুনে। বৰষুণ পৰি লাইটৰ পোহৰত জিলিকি উঠা ডাঙৰ ডাঙৰ নিমগছবোৰ দেখিবলৈ বৰ শুৱনি লাগিছিল।

২ ডিচেম্বৰ। চেন্নাইৰ পৰা তিৰুআন্নামলই…

থকা হোটেলখনতে complementary breakfast সুন্দৰকৈ খালো। আহাৰ যতনাই দিয়া ল’ৰাজনৰ নাম ৰাহুল। মোৰ “ৰাউল” বুলি মনলৈ আহিছিল… কিয় বাৰু? সকলোৱে নিশ্চয় বুজিব পাৰিছে কিয়। উত্তৰ ভাৰতীয় ল’ৰা ৰাহুলে হিন্দীৰ ওপৰি তামিলো ভালকৈ ক’ব পাৰে।

তিৰুআন্নামলই যাবৰ বাবে চেন্নাইৰ স্থানীয় টেক্সি সেৱা “ৰেড টেক্সি” বুক কৰা আছিল। তেওঁলোকে সময়মতে Toyota Etios এখন পঠিয়ালে। ৮-৩০ বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ড্ৰাইভাৰ জনে কৈছিল, তিনি ঘণ্টাত আমি তিৰুআন্নামলই পাই যাম, কিন্তু পূৰ্বৰ অভিজ্ঞতাৰ পৰা মই জানো যে কমেও পাঁচ ঘণ্টাতো লাগিবই। বতৰ কালিৰ দৰে বেয়া নহয় যদিও পাতলীয়া বৰষুণ আছেই। দুঘণ্টামান যোৱাৰ পিছত ডাবৰ পানী খাবলৈ ৰ’লো। দক্ষিণ ভাৰতলৈ আহিলেই ডাবৰ পানী খোৱাত মোৰ বৰ হেঁপাহ… বতৰ ঠাণ্ডা গৰম বুলি কথা নাই। টেক্সি চালকজনে ক’লে, ডাব নাৰিকলক তামিলত “ইলনীৰ” বুলি কয়। নীৰ মানে পানী, ইলনীৰ ডাবৰ পানী। সেমেকা, পাতল কুঁৱলী যেন বৰষুণৰ মাজতে ছাতি এটাৰ তলত ৰৈ ডাব খালো। বতাহে বৰষুণৰ কনিকা উৰুৱাই আনি কিছু তিয়ালেও। ঠাণ্ডা লাগিছে, দৌৰি গৈ গাড়ীত উঠি পুনৰ যাত্ৰা। বতৰো লাহে লাহে মুকলি হ’বলৈ ধৰিলে। গাড়ীৰ পিছৰফালে অকলে বহি দুয়োকাষৰ দৃশ্য উপভোগ কৰি গৈ থাকিলোঁ। দক্ষিণ ভাৰতৰ বহুত ঠাইতে বিস্তীৰ্ণ অঞ্চলত কেৱল নাৰিকল গছৰ খেতি দেখিবলৈ পোৱা যায়। তথাপি কেৰেলাত যাওঁতে গম পাইছিলো যে তেওঁলোকে ইমান নাৰিকলৰ খেতি কৰে যদিও নাৰিকলৰ প্ৰয়োগো বহুত বেছি বাবে ইয়াৰ চাহিদা পূৰ্ণ নহয় আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা নাৰিকল আমদানি কৰিব লগা হয়। এই পথচোৱা মোৰ চিনাকি চিনাকি লাগে। ডাঙৰ ডাঙৰ পাথৰৰ পাহাৰবোৰ দেখিলে “শ্বোলে” চিনেমাখনৰ কথা মনলৈ আহে। কৰ্নাটকৰ এনে এক শিলাময় পাহাৰকে গব্বৰ সিঙৰ ঘাটি হিচাপে দেখুৱাই শ্বোলে চিনেমাৰ শ্বুটিং কৰা হৈছিল আৰু সেই পাহাৰৰ তলত উৎকত গৰমৰ পকা ৰ’দত বসন্তিয়ে নাচিব লগা হৈছিল,

অ’… যব তক হেয় জান

জান এ জাঁহান

মেই নাচুংগী…।

এনেদৰে মনটোত বিভিন্ন কথাৰ পাকঘূৰণি খাই লাহে লাহে কলমটিয়াবলৈ ধৰিলোঁ। হঠাতে মানুহজনে চিঞৰিলে, “জু চোৱা, সেইয়া অৰুণাচলা!” খকমককৈ উঠি দেখিলোঁ দূৰৈত ৰাষ্টাৰ একেবাৰে সন্মুখত অৰুণাচলা পাহাৰ সৰুকৈ দেখা গৈছে। দুচকু মেলি অৰুণাচলাক এনেদৰে চালো যেন পলকো নেপেলাম। লাহে লাহে পথৰ এঁকা বেঁকা ভাজত অৰুণাচলা এবাৰ আমাৰ সোঁফালে, এবাৰ বাওঁফালে আৰু কেতিয়াবা একেবাৰে সন্মুখত স্পষ্ট আৰু ডাঙৰ হৈ আহিবলৈ ধৰিলে। এক আপুৰুগীয়া সময়। এই অৰুণাচলাক আগতেও বহুবাৰ দেখিছোঁ আৰু এতিয়াও এই অৰুণাচলাৰ বুকুতেই থাকিমগৈ… তথাপি প্ৰতিবাৰ আহিলেই এই প্ৰথম দৰ্শনৰ আনন্দটো বৰ বিশেষ।

তিৰুআন্নামলই ডায়েৰী

ডেৰ মান বজাত ৰমণাশ্ৰমত উপস্থিত হলোঁ। অফিচৰ পৰা চাবি লৈ আমাক থাকিবলৈ দিয়া “অচলম” অতিথিশালা পালোহি। এতিয়াহে বুজিলোঁ অতিথিশালা সমূহ বুক হৈ থকা বুলি কোৱাৰ পিছতো কেনেকৈনো আমাক থাকিবলৈ দিবলৈ সক্ষম হ’ল। এই “অচলম” অতিথিশালা আগৰেপৰাই আছে আৰু আমি ইয়াত আগতেও আছোঁ। কিন্তু দিনে দিনে বাঢ়ি অহা দেশ বিদেশৰ ভক্তসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সন্মুখতে খালী হৈ থকা লনৰ দৰে অংশত নতুনকৈ এক বিল্ডিং সাজি সংযোজন কৰিছে। এসপ্তাহৰ আগতে এই অংশ মুকলি কৰিছে যদিও সৰু সুৰা অলপ কাম বাকী থকাৰ বাবে সকলোকে এতিয়াও থাকিবলৈ দিয়া হোৱা নাই। ইয়াত আমাকেই প্ৰথম থাকিবলৈ দিছে। আমাক দিয়া কোঠাটোত সোমায়েই দেখিলোঁ ৰমণ মহৰ্ষিৰ মৰমসনা চকুহালেৰে এখন সুন্দৰ ফটো। দূৰৈত থকা সন্তান বহু দিনৰ মূৰত ঘৰলৈ আহিলে পিতৃ মাতৃৰ দুচকুত যি মৰম দেখা যায় সেই মৰম মহৰ্ষিৰ দুচকুত। আশ্ৰমৰ প্ৰতিটো অতিথিশালাৰ প্ৰতিটো কোঠাতেই মহৰ্ষিৰ এখন ফটো থাকে যিখন দেখিলেই অনুভৱ হয় যেন নিজৰ ঘৰ আহি পালো। মন কৰিলোঁ ইয়াৰ বাথৰুমকে আদি কৰি সকলোতে কামবোৰ অতি নিয়াৰি আৰু উন্নত মানৰ কৰিছে। আগৰ গেষ্ট হাউচসমূহত লিফ্টৰ ব্যৱস্থা নথকাৰ বাবে কেতিয়াবা ওপৰৰ মহলাত থাকিব লগা হ’লে অলপ অসুবিধা হৈছিল। কিন্তু ইয়াত সুন্দৰকৈ লিফ্টৰ ব্যৱস্থাও কৰা হৈছে। কেৱল আমি অতি লৰালৰিকৈ বিচৰাৰ বাবে অলপমান আচবাব আদিৰ কাম সম্পূৰ্ণ নহওঁতেই আমাক থাকিবলৈ দিলে।

তিৰুআন্নামলই ডায়েৰী

আশ্ৰমৰ দুপৰীয়াৰ আহাৰৰ সময় পাৰ হৈ গ’ল। কাষতে থকা শেষাদ্ৰী স্বামীৰ আশ্ৰমৰ কেন্টিনত খাবলৈ গ’লো। সেই কেন্টিনৰ মানুহখিনিও আমাৰ পুৰণি চিনাকি। বহুদিনৰ পিছত দেখা পাই ইংৰাজী, হিন্দী প্ৰায় একোৱেই বুজি নোপোৱা মানুহখিনিয়ে এটা আপোনত্বৰ হাঁহিৰে সম্ভাষণ জনাই বৰ মৰমেৰে ভাতসাজ খাবলৈ দিলে। এগৰাকী বয়সস্থ আম্মাই কলপাতত সজাই পৰাই দিয়া ভাতসাজ কি যে তৃপ্তিদায়ক! তামিল ভাষাতে মোক কিবাকিবি সোধেও আৰু মই বুজি পোৱাৰ দৰে মূৰ জোকাৰি হয় নহয় কওঁ। আচলতে হাঁহিটোৱেই হ’ল সকলোৰে সাৰ্বজনীন ভাষা। হাঁহিয়েই মানুহক আপোন কৰে, এটা হাঁহিয়ে দুটা হাঁহিৰ সৃষ্টি কৰে।

ৰমণাশ্ৰম…

কোঠাত আহি অকণমান জিৰাই সন্ধিয়াটো ৰমণাশ্ৰমতেই পাৰ কৰিলোঁ। ইয়াত দুটা মূল মন্দিৰ আছে। ৰমণ মহৰ্ষিৰ মাতৃ অড়গাম্মাৰ সমাধিত এক গোসানী মন্দিৰ সজা হৈছিল। এই মন্দিৰৰ লগতে সংলগ্ন এটা হল (hall) যিটো এতিয়া old hall বুলি কোৱা যায়। ৰমণ মহৰ্ষি থকা সময়ত তাতেই পূজা, প্ৰাৰ্থনা আদি হৈছিল। মহৰ্ষিৰ মহানিৰ্বাণৰ পিছত এই পুৰণা মন্দিৰৰ কাষতে তেখেতৰ সমাধিত আৰু এটা মন্দিৰ সজা হ’ল যিটো new hall বা main shrine বুলি কোৱা হয়। ইয়াত শিৱ লিংগ প্ৰতিষ্ঠা কৰা আছে। দুয়োটা মন্দিৰতে প্ৰতিদিনে নিৰ্ধাৰিত সময়মতে পূজা, বেদ পাঠ, অৰ্চনা আদি নিয়াৰিকৈ চলি থাকে। দৰ্শনাৰ্থীসকলে কোনে কেতিয়া ক’ত ভাগ ল’ব সম্পূৰ্ণ নিজৰ কথা… কোনো ধৰাবন্ধা নিয়ম নাই। পূজা, প্ৰাৰ্থনা অথবা ধ্যানকক্ষৰ (meditation hall) ৰ নীৰৱতা।

সাত বজাত নিশাৰ আহাৰৰ সময়। কেবাশ লোকে একেলগে খাব পৰাকৈ দুটা ডাঙৰ ডাঙৰ ডাইনিং হল আছে। এটা পুৰণা, ৰমণ মহৰ্ষি থকা সময়তে সজা আৰু প্ৰয়োজন বাঢ়ি অহাত এটা পিছত সজা হৈছে। তাৰ লগতেই আছে বৃহৎ ৰান্ধনীশাল। এই দুয়োটা হলতে ভগৱান ৰমণ মহৰ্ষি, মাদুৰাইৰ ৰমণ মন্দিৰম, অৰুণাচলা মন্দিৰ, মীনাক্ষী মন্দিৰ, ভূমিনাথ মন্দিৰ আদিৰ বিভিন্ন ফটো ভৰি আছে। মহৰ্ষি থকা সময়ৰ পৰাই নিয়ম আছিল যে দূৰৰ পৰা তেওঁক লগ কৰিবলৈ অহা সকলো লোককেই প্ৰথমে আহাৰ খাবলৈ দিয়া হয়। এতিয়াও আশ্ৰমৰ অতিথিশালাত থকা সকলোকে দিনটোৰ প্ৰতিসাজ আহাৰেই ইয়াত বিনামূলীয়াকৈ খাবলৈ দিয়া হয়। তদুপৰি আশ্ৰমত গেটৰ ওচৰত প্ৰতিদিনে দুপৰীয়া “নাৰায়ণ সেৱা” হয় য’ত যি কোনো লোকেই আহি আহাৰ গ্রহণ কৰিব পাৰে। আশ্ৰমৰ আহাৰ মই খুব ভাল পাওঁ। প্ৰতিসাজ আহাৰেই যেন প্ৰসাদ। তামিলত “সাদম” মানে হ’ল ভাত আৰু যেতিয়া কোনো আহাৰ ভগৱানৰ ওচৰত আগবঢ়াই দিয়া হয় তেতিয়া সেয়া হৈ পৰে “প্ৰসাদম”।

Ramana Maharshi3

খাই উঠি আশ্ৰমৰ ধ্যানকক্ষত (meditation hall) কিছু সময়ৰ বাবে বহিলো। এই কোঠাটোত ৰমণ মহৰ্ষি থাকিছিল আৰু ইয়াতে এখন সৰু বিচনাত তেখেত জিৰাইছিল। মহৰ্ষিয়ে ব্যৱহাৰ কৰা বিছনাখন সুন্দৰকৈ সজাই তাত তেওঁৰ এখন সুবিশাল (life size) ফটো ৰখা হৈছে। কাষতে ওপৰৰ পৰা ওলোমাই জ্বলাই ৰখা হয় এগছ ডাঙৰ চাকি। ফটোখনৰ পৰা কৰুণা ভৰা এযুৰি উজ্জ্বল চকুৰে আৰু এটা মৰমসনা হাঁহিৰে তেওঁ সকলোকে সম্ভাষণ জনায়। বিছনাৰ কাষতে এখন খিড়িকী য’ৰ পৰা অৰুণাচলা পাহাৰ চাই থাকিব পৰা যায়। মহৰ্ষিয়ে হেনো বহু সময়ত এই খিৰিকীৰে ঘন্টাৰ পিছত ঘন্টা জুৰি অৰুণাচলাক চাই তন্ময় হৈ পৰিছিল। খিড়িকীৰ ওপৰৰ বেৰত সুন্দৰকৈ চিত্ৰ অঙ্কন কৰা আছে। বিছনাখনৰ কাষতে এটা সৰু আলমাৰীত তেখেতে ব্যৱহাৰ কৰা কিছুমান কিতাপ আৰু কিছু দৰকাৰী বস্তু ৰখা হৈছিল। বেৰত আঁৰি থোৱা আছে এটা ঘড়ী। আশ্ৰমৰ এই কোঠাটো ইমান বছৰৰ পাছতো অলপো সালসলনি নকৰাকৈ ঠিক মহৰ্ষি থকা সময়ত যেনেকুৱা আছিল তেনেদৰেই ৰাখিবলৈ চেষ্টা কৰা হৈছে আৰু এতিয়া ইয়াক ধ্যানকক্ষ হিচাপে ব্যৱহাৰ কৰা হয়। কোঠাটোত সোমালে এক গভীৰ শান্তি অনুভৱ কৰা যায়। স্নীগ্ধ পোহৰৰ এই কক্ষত বহু লোকে ভগৱান ৰমণৰ সান্নিধ্যত নীৰৱে বহি থাকে। ১৯৫০ চনত ৰমণ মহৰ্ষিৰ মহানিৰ্বাণ ঘটিছে। তথাপি সান্নিধ্য এইবাবেই বুলিছোঁ যে ইয়াত বহি থকা প্ৰতিজন ব্যক্তিয়ে মহৰ্ষিৰ উপস্থিতিৰ অনাবিল শান্তিৰ অনুভৱ অনবৰতে কৰিব পাৰে। (বিখ্যাত ইংৰাজ সাংবাদিক, লেখক পল ব্ৰান্টন ইয়ালৈ আহোঁতে কৈছিল যে ইয়াত হোৱা শান্তিৰ অনুভূতি ইমানেই স্পষ্ট আৰু গভীৰ (palpable) যে যেন তাক কটাৰীৰে টুকুৰা কৰি কাটিব পৰা যায়)।

নিশাটোৰ বাবে “অচলম”লৈ অহাৰ সময়ত অলপ ফলমূল আৰু দুই এটা প্ৰয়োজনীয় সামগ্ৰী কিনি এতিয়া এয়া লিখিবলৈ বহিছোঁ।

ৰমণ মহৰ্ষি 

ramana 1

অদ্বৈত বেদান্ত পৰম্পৰাত আধুনিক কালৰ সৰ্বশ্ৰেষ্ঠ মনিষী হ’ল ৰমণ মহৰ্ষি (১৮৭৯-১৯৫০)। তামিল নাডুৰ তিৰুচুড়ী নামৰ ঠাইত ১৮৭৯ চনত এটা ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ নাম আছিল ভেঙ্কটৰমণ আইয়াৰ। ১২ বছৰ বয়সত পিতৃ সুন্দৰম আইয়াৰৰ বিয়োগ ঘটাত তেওঁ আৰু তেওঁৰ ককায়েক মাদুৰাইত থকা খুৰাকৰ লগত থাকিবলৈ ল’লে। তাত থাকোঁতেই মাত্ৰ ১৬ বছৰ বয়সত তেওঁৰ এবাৰ এনে এক আচৰিত অভিজ্ঞতা হ’ল যি তেওঁক এজন সাধাৰণ ল’ৰাৰ পৰা মনিষীলৈ ৰূপান্তৰিত কৰিলে। এদিন ঘৰত কোনো নথকা সময়ত তেওঁ ওপৰ মহলাৰ এটা কোঠাত অকলশৰে আছিল। হঠাতে মৃত্যুৰ ভয়ে তেওঁক আবৰি ধৰিলে। খেলা-ধূলা কৰি ভাল পোৱা, সম্পূর্ণ ভাল স্বাস্থ্যৰ ল’ৰাটোৰ মনত আচম্বিতে “মই মৰিম”-এই ভাৱটোৱে অতি গভীৰ আৰু তীব্র ভাৱে ক্রিয়া কৰিবলৈ ধৰিলে। কিন্তু তেওঁ কতো নপলাই বা কাৰো সহায় নিবিচাৰি নিজেই বুজিবলৈ চেষ্টা কৰিলে যে এই মৃত্যু কি আৰু কাৰ মৃত্যু হয়? শৰীৰটোৰ মৃত্যু হয়। শৰীৰটো মৃত হ’লে কি হ’ব? উশাহ নাথাকিব, তেজ চলাচল বন্ধ হৈ পৰিব…..। নিজতে শৰীৰত মৰণৰ স্থিতি অনুভৱ কৰি তেওঁ সম্পূর্ণ নিথৰ হৈ পৰি থাকিল আৰু নিমিষতে তেওঁ অতি ফটফটীয়াকৈ বুজি উঠিল যে শৰীৰৰ মৃত্যু আছে, কিন্তু তেওঁ শৰীৰ নহয়। নচিকেতাই যমৰাজক মৃত্যুৰ সিপাৰে কি আছে সোধাৰ দৰে ভেঙ্কটৰমণে “মৃত্যু কি” তাৰ এক বিস্ময়কৰ অনুসন্ধান কৰি প্রত্যক্ষ অনুভৱ কৰিলে যে শৰীৰ আৰু আত্মা দুটা পৃথক বস্তু। শৰীৰ নশ্বৰ, কিন্তু আত্মা অমৰ, নিত্য, শুদ্ধ, শাশ্বত।

এই ঘটনাটোৰ পিছতে তেওঁ সম্পূৰ্ণ সলনি হৈ পৰিল। আগেয়ে খেল ধেমালিত সময় কটাই ভাল পোৱা ল’ৰাটোৱে এতিয়া বহু সময় মৌন হৈ ধ্যান কৰিবলৈ ল’লে। ঘৰৰ ওচৰতে থকা মীনাক্ষি মন্দিৰলৈ তেওঁ আগেয়ে আনৰ সৈতে কেতিয়াবা গৈছিল, কিন্তু মন্দিৰৰ প্রতি তেওঁৰ কোনো বিশেষ আকর্ষণ নাছিল। এতিয়া তেওঁ মন্দিৰত মীনাক্ষি দেৱী, সুন্দৰেশ্বৰ শিৱ আৰু ৬৩ জন শৈৱ নৈনাৰ সন্তৰ বিগ্রহৰ সমুখত প্রার্থনা কৰি, চকুলো টুকিবলৈ ধৰিলে। কিছুদিনৰ পিছত তেওঁ ঘৰ ত্যাগ কৰি ৰেলেৰে মাদুৰাইৰ পৰা তিৰুৱন্নামলাইৰ অৰুণাচলেশ্বৰ মন্দিৰলৈ গুছি গ’ল। তিৰুৱন্নামলইৰ বিভিন্ন ঠাইত তেওঁ প্রায়ে সমাধি অৱস্থাত থাকিল। খাব লাগে নে শুব লাগে তেওঁৰ একো খবৰ নাই। জৰাজীৰ্ণ শৰীৰৰ অৱস্থা। কোনো কোনো লোকে এই কোমল বয়সীয়া ল’ৰাটোৰ এনে অৱস্থা দেখি মুখত জোৰ কৰি খোৱা বস্তু ভৰাই জীয়াই ৰাখিব লগা হ’ল। ঘৰৰ মানুহেও বিচাৰি আহিল, কিন্তু তেওঁ নিস্তব্ধ, মৌন। লাহে লাহে মানুহৰ মাজত তেওঁ “ব্ৰাহ্মণ স্বামী” বুলি জনাজাত হ’ল। 

ramana5

১৯০৭ চনত ব্রাহ্মণ স্বামী অৰুণাচলা পাহাৰৰ বিৰুপাক্ষ নামৰ এটা গুহাত বাস কৰি আছিল। তালৈকে গৈ মহান তপস্বী, বিদগ্ধ সংস্কৃত পণ্ডিত কাব্যকণ্ঠ বশিষ্ঠ গণপতি মুনিয়ে ব্রাহ্মণ স্বামীক প্রশ্ন কৰিছিল যে “বেদ, বেদান্ত সকলো শাস্ত্রৰ মই গভীৰ অধ্যয়ন কৰিছোঁ; বহুতো জপ, ধ্যান কৰিছোঁ, কিন্তু আজিলৈকে মই ‘তপস্যা কি?’ এই বিষয়ে নিশ্চিত হ’ব পৰা নাই। অনুগ্রহ কৰি মোক কওক যে তপস্যা প্রকৃততে কি?” 

মহর্ষিয়ে ভালেমন পৰ গণপতি মুনিক নীৰৱে নীৰিক্ষণ কৰি উত্তৰ দিলে, “যদি কোনোৱে নিজৰ ‘মই’ ভাৱটো ক’ৰ পৰা উৎপন্ন হৈছে বুজিবলৈ যত্ন কৰে আৰু সেই ‘মই’ ভাৱটোৰ গভীৰ নীৰিক্ষণ কৰে, তেন্তে মনটো তাতে (অর্থাৎ ‘মই’ ভাৱটোতে) লীন হৈ যাব। সেইটোৱেই তপস্যা। মন্ত্র জপ কৰোঁতাই যদি সেই জপৰ উৎস কি তাৰ গভীৰ বিচাৰ কৰে, তেন্তে মনটো সেই জপৰ উৎসতে লীন হৈ যাব। সেইটোৱেই তপস্যা”।

কাব্যকণ্ঠ বশিষ্ঠ গণপতি মুনিয়ে এই উত্তৰ শুনি ইমানেই অভিভূত হ’ল যে তেওঁ তেতিয়াৰ পৰা ব্রাহ্মণ স্বামীক সকলোৱে “ৰমণ মহর্ষি” বুলি সম্বোধন কৰিব লাগে বুলি ক’লে, আৰু নিজৰ শিষ্য সকলকো সকলো কথাতে মহর্ষিক শ্রেষ্ঠ গুৰু বুলি মানিবলৈ ক’লে। মন কৰিব লগীয়া কথা যে মহর্ষিয়ে “মই” ভাৱৰ নিৰীক্ষণৰ যি শিক্ষা দিছে সেয়া প্রকৃততে বেদান্তৰ মূল সিদ্ধান্ত, আৰু আদি শংকৰাচার্যক তেওঁৰ গুৰু গোবিন্দ ভগৱদ্পাদে কৰা প্রশ্ন “তুমি কোন” আৰু আদি শংকৰাচার্যই তেওঁৰ শিষ্য হস্তামলকক সোধা প্রশ্ন “তুমি কোন”ৰ উত্তৰ আৰু মহর্ষিয়ে শিকোৱা “মই” ভাৱৰ নীৰিক্ষণে (অর্থাৎ “মই কোন/কি” প্রশ্নৰ উত্তৰৰ প্রকৃত সন্ধানে) প্রকৃততে একেটা আধ্যাত্মিক সত্যৰে সন্ধান দিয়ে—যে মোৰ এই শৰীৰ “মই” নহয়; নশ্বৰ শৰীৰৰ পৰা পৃথক অমৰ আত্মাহে প্রকৃত “মই”। বেদান্তৰ মহাবাক্য “অহম ব্রহ্মাস্মি” (“মই ব্রহ্ম”)ৰ দ্বাৰাও একেই সত্যৰ আভাস দিয়া হৈছে। বেদান্তৰ সাৰ স্বৰূপ এই আধ্যাত্মিক পৰম্পৰাক আত্ম বিচাৰ (Self Inquiry) বুলি কোৱা হয়। মাদুৰাইত ভেঙ্কটৰমণৰ যি “মৃত্যু অভিজ্ঞতা” হৈছিল, সেয়াও মূলতে অতি গভীৰ আত্ম-বিচাৰ আছিল।

Ramana maharshi

৩ ডিচেম্বৰ ২০২৫: মহাদীপম…

আজি কাৰ্তিগই দীপম। অতিকৈ পবিত্ৰ এক দিন। আজি অৰুণাচলা পাহাৰৰ শিখৰত “দীপম” জ্বলোৱা হয়… এক বৃহৎ অগ্নিশিখা। আজিৰ পৰা ১০ৰ পৰা ১২ দিন পৰ্যন্ত এই দীপম জ্বলাই ৰখা হ’ব। সাধাৰণতে এই সময়ত ইয়াত বতৰ ডাৱৰীয়া হৈয়েই থাকে, বৰষুণ আহে… কিন্তু তথাপি দীপম জ্বলাই ৰখা হয়। অৰুণাচলা পাহাৰৰ বহুত ওপৰত জ্বলোৱা এই দীপম দিনৰ পোহৰত অস্পষ্ট হৈ থাকে, কিন্তু নিশা হৈ অহাৰ লগে লগে পুনৰ স্পষ্ট হৈ পৰে। আকৌ ডাৱৰ আৰু বৰষুণেও দীপম লুকুৱাই দিয়ে। বতাহ বৰষুণ আওকান কৰি তিতি-বুৰিও সকলো মানুহে উৎকণ্ঠাৰে পাহাৰৰ ওপৰলৈ চাই থাকে… হঠাতে আকৌ এন্ধাৰ আৰু ডাৱৰ ফালি দূৰৈত পোহৰৰ অগ্নিশিখা উজ্বলি উঠে। তলত লাখ লাখ ভক্তই সমস্বৰে “অৰুণাচল শিৱ”, “ঔঁম নমঃ শিৱায়” আদি ধ্বনিৰে মুখৰিত কৰি তুলি বুজাব নোৱাৰা এক মাঙ্গলিক পৰিবেশৰ সৃষ্টি কৰি তোলে। যেন ভগৱানৰ সাক্ষাৎ দিব্য দৰ্শন।

এই অৰুণাচলানো কি আৰু কিয় ইমান বিশেষ?

অৰুণাচলা এক পবিত্ৰ পাহাৰ। অৰুণাচলা নামটোৰ বিষয়ে অলপ কওঁ। অৰুণা হ’ল গোঁসানীৰ নাম — যাৰ শৰীৰৰ বৰ্ণ নিচেই পুৱাৰ উদিত সুৰুজৰ একেবাৰে প্ৰথম ৰাঙলী আভাৰ দৰে। আৰু অচল হ’ল ভগৱান শিৱ যি সদায় স্থিৰ, নিশ্চল। এই পাহাৰৰ দুটা চুড়াৰ এটাই “অন্নামলই” অৰ্থাৎ ভগৱান শিৱ (অচল) আৰু আন এটা চুড়াই “উন্নামলই” অৰ্থাৎ শক্তিক (অৰুণা) প্ৰতিনিধিত্ব কৰে। সেয়ে অৰুণা আৰু অচল একেলগে মিলি নাম হ’ল অৰুণাচলা। ভগৱান শিৱৰ যি অৰ্ধনাৰীশ্বৰ ৰূপ দেখা পোৱা যায় সেয়াই হ’ল অৰুণাচলা। 

অৰুণাচলা পাহাৰৰ পূৱ পাদদেশত আছে পৃথিৱীৰ ভিতৰতেই ডাঙৰ আৰু পুৰণি এক শিৱ মন্দিৰ… “অৰুণাচলা মন্দিৰ” যাৰ মূল বিগ্ৰহ হ’ল অৰুণাচলেশ্বৰ (শিৱ) নামৰ এক শিৱ লিংগ আৰু সেই শিৱৰ শক্তি অপীতকুচাম্বা (পাৰ্ৱতী)। পাহাৰৰ দক্ষিণ পশ্চিম পাদদেশত আছে ভগৱান ৰমণ মহৰ্ষিৰ আশ্ৰম… “ৰমণাশ্ৰম“।

Ramanashram 1

অৰুণাচলাৰ কথা লিখিব বিচাৰিলে বহুত কেইটা লিখিব লগীয়া কথা মনলৈ আহি যায়। ক’ত আৰম্ভ কৰিম আৰু ক’ত, কি বুলি শেষ কৰিম ভাবি পোৱা নাযায়… ঠিক যেন দীপমৰ সেই জ্যোতিৰ্লিংগৰ দৰে যাৰ আদি আৰু অন্ত ভগৱান ব্ৰহ্মা আৰু বিষ্ণুৱেও বিচাৰি নাপালে। সেয়াও এক কাহিনী… লিখিম বাৰু।

আমি ভগৱানৰ কৃপাত বহুবাৰ অৰুণাচলালৈ আহিছোঁ। কিন্তু নিজে অহা নাই… অৰুণাচলাই টানি আনে। এই বিষয়েও লিখিম বাৰু। কিন্তু এতিয়া আন এটা কথাহে কৈ ল’ব বিচাৰিছোঁ। দীপম দেখা পোৱাকৈ আমি ইয়ালৈ এয়া দ্বিতীয়বাৰ আহিছোঁ। দীপম মোৰ বাবে আন এটা কাৰণতো অতিকৈ পবিত্ৰ দিন কাৰণ এই দিনটোতেই মোৰ দেউতাৰ মৃত্যুৰ বছেৰেকীয়া তিথিও পৰে। ২০১১ চনৰ আঘোণ মাহৰ শুক্লা চতুৰ্দশীৰ দিনা ঠিক এই দীপমৰ দিনটোতেই দেউতা যেন এই পবিত্ৰ জ্যোতিৰ্লিংগৰ লগত বিলীন হৈ গৈছিল। আৰু আজি এই মহাদীপমৰ দিনা স্বচক্ষে দীপম দৰ্শন কৰি দেউতাৰ হৈ সেৱা জনাবলৈ পাই মই ভগৱানৰ ওচৰত কৃতকৃত্য অনুভৱ কৰিছোঁ। কাইলৈ পুৱা চতুৰ্দশী চলি থকা সময়তে মন্দিৰত অলপ প্ৰসাদ আগবঢ়াম।

মহাদীপম

অৰুণাচলা পাহাৰ আৰু মহাদীপমৰ বিষয়ে দাক্ষিণাত্যৰ শৈৱপন্থাৰ এটা কাহিনী আছে। 

       এবাৰ হেনো ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাৰ মাজত কোন শ্ৰেষ্ঠ সেই লৈ ভীষণ বাক-বিতণ্ডা আৰম্ভ হ’ল। কোনোমতেই তেওঁলোকৰ কাজিয়াৰ অন্ত নপৰা হ’ল। তেনেতে হঠাৎ তেওঁলোকৰ মাজত এক ডাঙৰ জ্যোতিৰ্স্তম্ভৰ আৱিৰ্ভাৱ হ’ল, যাৰ আদি আৰু অন্ত একো ঠাৱৰ কৰিব পৰা নাযায়। তেতিয়া তেওঁলোকে ঠিক কৰিলে যে যিয়ে আগতে এই স্তম্ভৰ আদি বা অন্ত বিচাৰি পাব তেওঁকেই শ্ৰেষ্ঠ বুলি গণ্য কৰা হ’ব। 

       সেইমতে ব্ৰহ্মাই এক ৰাজহাঁহৰ ৰূপ লৈ এই স্তম্ভৰ ওপৰলৈ যাত্ৰা আৰম্ভ কৰিলে আৰু বিষ্ণুৱে বৰাহৰ ৰূপ লৈ স্তম্ভৰ তললৈ। হাজাৰ হাজাৰ বছৰ অতিক্ৰম হৈ গ’ল, কিন্তু তেওঁলোকে স্তম্ভৰ কোনো আদি বা অন্ত বিচাৰি উলিয়াব নোৱাৰি শেষত দুয়ো ঘূৰি আহিল। পিছে ব্ৰহ্মাই ওপৰলৈ গৈ থাকোঁতে আৰু ওপৰৰ পৰা এপাহ কেতেকী ফুল তললৈ নামি আহি থকা দেখা পালে আৰু ফুলপাহক ক’লে যে মই এই স্তম্ভৰ একেবাৰে ওপৰটো দেখি আহিছো বুলি ক’ম আৰু তুমি মোৰ সাক্ষী হ’বা। সেই মতে ব্ৰহ্মাই আহি ওপৰফালে জ্যোতিৰ্স্তম্ভৰ অন্ত হোৱা দেখি আহিছো বুলি ক’লে আৰু কেতেকী ফুল মিছা সাক্ষী হ’ল। কিন্তু বিষ্ণুৱে তললৈ গৈ কোনো আদি-অন্ত বিচাৰি নাপালে বুলি জনালে। তেতিয়া সেই জ্যোতিৰ্স্তম্ভৰ পৰা ভগৱান শিৱ প্ৰকট হৈ জনালে যে তেৱেঁই হৈছে দেৱাদিদেৱ মহাদেৱ শিৱ, যাৰ আদি অন্ত বিচাৰি উলিওৱা অসম্ভৱ। ভগৱান বিষ্ণুৱে সঁচা কথা কোৱাৰ বাবে শিৱই আশীৰ্বাদ কৰিলে যে তুমিও জগতত সদাই মোৰ দৰেই সৰ্বত্ৰ পূজিত হৈ ৰ’বা। কিন্তু মিছা মতাৰ বাবে ভগৱান ব্ৰহ্মাৰ কেতিয়াও পূজা নহ’ব আৰু কেতেকী ফুল শিৱ পূজাত ব্যৱহৃত নহ’ব।

Keteki flower

     ইয়াৰ পিছত সকলো দেৱ দেৱতাই সেই জ্যোতিৰ্স্তম্ভক প্ৰাৰ্থনা কৰিলে যাতে তেওঁ আঁতৰি নগৈ তাতেই এক জ্যোতিৰ্লিংগ ৰূপে থাকি যায়। তেতিয়া সেই জ্যোতিৰ্স্তম্ভই অৰুণাচলা পৰ্বতৰ ৰূপ লৈ তাতেই থাকি গ’ল। সেয়ে এই অৰুণাচলা পৰ্বতক স্বয়ং ভগৱান শিৱ বুলি গণ্য কৰা হয়। তামিল কেলেণ্ডাৰৰ মতে কার্তিগই মাহৰ আজিৰ দিনটোতেই এই জ্যোতিৰ্স্তম্ভ প্ৰকাশিত হৈছিল আৰু সেই বাবে এই ঘটনাক সুঁৱৰি অৰুণাচলা পৰ্বতৰ শিখৰত আজি এক বৃহৎ অগ্নি প্ৰজ্বলিত কৰা হয়। এয়াই কাৰ্তিকই দীপম বা মহাদীপম। লাখ লাখ শ্ৰদ্ধালু ভক্তই এই দিনটোত অৰুণাচলা পৰ্বতৰ চতুৰ্দিশে পৰিক্ৰমা কৰে। এই পৰিক্ৰমাকেই কোৱা হয় গিৰিবলম।

       পবিত্ৰ অগ্নিৰ পৰা সৃষ্টি হোৱা বাবে এই পৰ্বতক অগ্নিলিঙ্গম আৰু সোণৰ দৰে জিলিকিছিল বাবে সোণগিৰি বুলিও জনা যায়।

৪ ডিচেম্বৰ 

(ভগ্নীলৈ চিঠি, পুৱা ৮ বাজি ১০ মিনিট)

সুপ্ৰভাত 🙏🏻

সকলো বৰ সুন্দৰকৈ হৈ গ’ল জানা! মনটো বৰ ভাল লাগিছে।

খুব পুৱাই গৈ আশ্ৰমৰ মূল মন্দিৰত এআঁশি পাহাৰীয়া মালভোগ কল আৰু ফুলৰ মালা আগবঢ়ালোঁ। প্ৰাৰ্থনা, বেদ পাঠ আদি চলিয়েই আছিল, তাতে বহিলোঁ। 

ভগৱানৰ মূল মণ্ডপ আজি কি যে অপূৰ্ব সুন্দৰ সজাইছে, কি ক’ম আৰু! পূজা কৰাৰ পদ্ধতি, আৰতি আদিও কি লাস্যময় আৰু সুন্দৰ! সেয়াও যে এক কলা! বৰ মন আছিল ফটো এখন তুলি তোমাক দেখুৱাবলৈ। কিন্তু আশ্ৰমৰ ভিতৰত আজিকালি ক’তো ফটো তুলিব নিদিয়ে। মানুহৰ সংখ্যা বহুত বাঢ়ি যোৱাৰ বাবে এইবোৰ নিয়ম কৰিব লগা হৈছে। তথাপি কামখিনি অতি পবিত্ৰ ভাৱে হৈ গ’ল। ভগৱানেই যেন সকলো কৰাই নিলে। ৬-৪৫ ত গাখীৰৰ অঞ্জলি (milk offering) দিয়া হয়। ভগৱানৰ ওচৰত আগবঢ়াই পূজা কৰি অনা এচামুচ স্বৰ্গীয় সোৱাদযুক্ত গাখীৰৰ অঞ্জলিৰে দিনটোৰ আৰম্ভণি। সকলোৱে শাৰীপাতি গৈ সেই অঞ্জলি গ্ৰহণ কৰি পুৱাৰ আহাৰৰ বাবে ডাইনিং হললৈ যায়। আহাৰ খাই এতিয়া ৰুমলৈ আহিছোঁ। ৯ বজাত গিৰিবলমৰ বাবে যাম। 

গিৰিবলম

আজি আমি গিৰিবলম কৰি আহিলোঁ। অৰুণাচলা পাহাৰক নিজৰ সোঁফালে ৰাখি পাহাৰৰ চাৰিওফালে ১৪ কিলোমিটাৰ খোজ কাঢ়ি ঘূৰাকে তামিল ভাষাত গিৰিবলম (অর্থাৎ গিৰি-প্রদক্ষিণা) বুলি কোৱা হয়। আগতে আমি গিৰিবলম কৰোঁতে ৫-৩০ ঘন্টা, ৬ ঘন্টা লগা মনত আছে। সন্ধিয়া আৰম্ভ কৰি প্ৰায় মাজনিশা আহি অতিথিশালাত সোমাওঁ। আজি পিছে পুৱা ৯-১৫ ত ৰমণাশ্ৰমৰ পৰা আৰম্ভ কৰি ১-৪৫ মানত আকৌ আহি আশ্ৰম পালোহি। বাটত দুপৰীয়াৰ আহাৰ খায়ো ৪-৩০ ঘন্টাত শেষ কৰিব পাৰিলোঁ। ভৰি বিষাইছে আৰু তলুৱাত পানী জোলাও উঠিছে, তথাপিও এই বয়সত ইমানখিনি কৰিব পৰাটো ভগৱানৰেই কৃপা। আৰম্ভণিতে ৰ’দ কোমল আছিল যদিও পিছলৈ মাজে মাজে ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰে। তাতে আজি মহাদীপমৰ পূৰ্ণিমাৰ দিন… গোটেই ৰাষ্টাত গিৰিবলম কৰা লাখ লাখ লোক। ভাগ্য ভাল প্ৰশাসনে এই কেইদিনমানৰ বাবে পথটোত গাড়ী মটৰ চলা নিষেধ কৰি দিছে। বাটত ৰৈ “ইলনীৰ”, তৰমুজ আৰু আন এঠাইত দুপৰীয়াৰ আহাৰো খাই ললোঁ। আমাৰ লগত অষ্ট্ৰেলিয়াৰ নিবাসী এহাল তামিল বাপেক জীয়েক গৈছিল… আমাৰ আগৰ চিনাকি। দেউতাকজনৰ বয়স হয়তো ৭৫ ৰ ওচৰা ওচৰি হ’ব। কিন্তু বঢ়িয়াকৈ আমাৰ লগত খোজ কাঢ়িলে। এই গিৰি প্ৰদক্ষিণা কেৱল দীপমৰ দিনা বুলি নহয়, প্ৰতি দিনেই বহু লোকে ইয়াত প্ৰদক্ষিণ কৰি থাকে আৰু প্ৰতি পূৰ্ণিমাত বিশেষভাৱে কৰে।

(তথ্য অনুসৰি আজিৰ দীপমৰ পূৰ্ণিমাৰ সম্পূৰ্ণ দিনটোত প্ৰায় ৪৫ লাখ মানুহে গিৰি প্ৰদক্ষিণ কৰিলে।)

Ramana Maharshi Ashram

৫ ডিচেম্বৰ। কৃপা…

কোৱা হয় যে ভগৱানে যেতিয়া কৃপা কৰিব বিচাৰে তেতিয়া আমাৰ যোগ্যতা বিচাৰ নকৰে।

আৰম্ভণিতে কৈছিলো যে আমি ইয়াত হঠাতে আহিছিলো। কোনদিনা কি আছে একো নাজানিছিলো, কেৱল এই কেইদিনত দীপম হ’ব বুলি জানিছিলোঁ। যোৱা সন্ধিয়া আমাৰ চিনাকি আয়্য়া (ছাৰ) এজনে জনালে যে আজি হেনো পুৱাই অৰুণাচলেশ্বৰা, অপীতকুচাম্বা, গণেশ, কাৰ্তিকেয়, নন্দী আদি সকলোৱে গিৰি প্ৰদক্ষিণা কৰিব। অৰ্থাৎ অৰুণাচলা মন্দিৰত থকা গোঁসায়ে নিজে অৰুণাচলা পাহাৰক প্ৰদক্ষিণ কৰিব। এইটো ইয়াৰ এটা অতি পবিত্ৰ পৰম্পৰা। বছৰত এবাৰ বা দুবাৰহে মন্দিৰৰ প্ৰতিমা (উৎসৱ মূৰ্তি) ৰাজপথলৈ ওলাই আহে আৰু তেতিয়া সকলো লোকেই দৰ্শন লাভ কৰিবলৈ সক্ষম হয়। দীপম প্ৰজ্বলিত কৰাৰ তৃতীয়দিনা বস্ত্ৰ, ধূপ, দ্বীপ, ফুল, আ- অলঙ্কাৰ আদিৰে সুসজ্জিত বাহনত তেওঁলোকক গিৰিপ্ৰদক্ষিণা কৰোৱাহয়। সকলোৱে প্ৰভূৰ দৰ্শনলাভৰ আশাৰে বিভিন্ন স্থানত পথৰ কাষত ৰৈ থাকে আৰু ফুল, ধূপ, বস্ত্ৰ আদি অৰ্পণ কৰে। আমিও ৮-৩০ মান বজাত ৰমণাশ্ৰমৰ গেটৰ সন্মুখতে ৰ’লো। কিছু সময়ৰপাছতে দূৰৈত দেখা গ’ল সু-সজ্জিত বাহন সমূহ আহি থকা। পথৰ দুয়োকাষে ভক্তৰ ভিৰ। সকলো উদ্গ্ৰীৱ… স্বচক্ষে প্ৰভূৰ দৰ্শন লাভ কৰিবলৈ। ৰথ আহি ৰমণাশ্ৰমৰ সন্মুখ পালেহি। ৰমণাশ্ৰমৰ সন্মুখত সদায় এই ৰথ কিছু সময় ৰয় আৰু আশ্ৰমৰ প্ৰেছিডেন্ট আৰু কৰ্মকৰ্তাসকলে প্ৰভূক সুন্দৰকৈ ফুল, ধূপ, আৰতি কৰি সেৱা জনায়। তেখেতসকলৰ লগতে আমিও নিচেই কাষৰপৰা প্ৰভূৰ দৰ্শন লাভ কৰি কৃতাৰ্থ হ’লো। এইবাৰ সময়ৰ টনাটনিৰ বাবে আমি অৰুণাচলা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ কথা ভবা নাছিলো, কিন্তু গোসাঁই আহি নিজেই দৰ্শন দি গ’ল। এয়াই কৃপা আৰুপ্ৰভূৱে কৃপা কৰিলে আমাৰ যোগ্যতা বিচাৰ নকৰে।

অনিতানাথ; ৯৬৭৮৫৫০৫৮০

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Transcend Ethnic Barriers, Build Social Bridges

August 29, 2026
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 23, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d